14.04.19    Avyakt Bapdada     Assame Murli     07.05.84     Om Shanti     Madhuban


ভাৰসাম্যতাৰাখিলেইআশীৰ্বাদৰপ্ৰাপ্তি


আজি প্ৰেম স্বৰূপ, স্মৃতি স্বৰূপ সন্তানসকলক প্ৰেম আৰু স্মৃতিৰ প্ৰতিদান দিবৰ বাবে প্ৰেমৰ সাগৰ পিতা এই প্ৰেমৰ মেহফিললৈ (ৰঙ্গমঞ্চলৈ) আহিছেহঁক। এই আত্মিক প্ৰেমৰ মেহফিল আত্মিক সম্বন্ধৰ মিলনৰ মেহফিল হয়, যি গোটেই কল্পত এতিয়াহে অনুভৱ কৰা। কেৱল এইটো জন্মৰ বাহিৰে আৰু কেতিয়াও আত্মিক পিতাৰ স্নেহ পাব নোৱাৰি। এই আত্মিক স্নেহে আত্মাক সঁচা সকাহ প্ৰদান কৰে। সঁচা পথ দেখুৱায়। সঁচা অৰ্থত সৰ্ব প্ৰাপ্তি কৰোৱায়। এনেকুৱা কেতিয়াবা সংকল্পতো আহিছিল জানো যে সাকাৰ সৃষ্টিত এই জন্মত আৰু এনেকুৱা সহজ বিধিৰে এনেকুৱা আত্মা আৰু পৰমাত্মাৰ আত্মিক মিলন সন্মুখত হব? যিদৰে পিতাৰ বাবে শুনিছিলা যে উচ্চতকৈ উচ্চ বহুত তেজোময়, ডাঙৰতকৈ ডাঙৰ, সেইদৰে মিলনৰ বিধিও কঠিন আৰু বহুত অভ্যাস কৰিবলগীয়া হব - এয়া ভাবি-ভাবি আশাহীন হৈ গৈছিলা কিন্তু পিতাই আশাহীন সন্তানসকলক আশাবাদী কৰি তুলিলে। দুখী সন্তানসকলক শক্তিশালী কৰি তুলিলে। কেতিয়া পাম, সেয়া এতিয়া মিলনৰ অনুভৱ কৰাই দিলে। পুৰা সম্পত্তিৰ অধিকাৰী কৰি তুলিলে। এতিয়া অধিকাৰী আত্মাসকলে নিজৰ অধিকাৰৰ কথা জানা নহয়! ভালদৰে জানি ললা নে জানিবলৈ আছে?

আজি বাপদাদাই সন্তানসকলক দেখি আত্মিক বাৰ্তালাপ কৰি আছিল যে সকলো সন্তানৰ নিশ্চয়ো সদায় আছে, স্নেহো আছে, স্মৃতিৰ লগনো আছে, সেৱাৰ উৎসাহো আছে। লক্ষ্যও শ্ৰেষ্ঠ হয়। যাকেই সোধা হয় যে কি হবা? তেতিয়া সকলোৱে কব লক্ষ্মী-নাৰায়ণ হম। ৰাম-সীতা হম বুলি কোনেও নকয়। 16 হাজাৰৰ মালাও অন্তৰেৰে পচন্দ নকৰে। 108ৰ মালাৰ মণি হম। এয়াই উৎসাহ সকলোৰে থাকে। সেৱাত, অধ্যয়নত প্ৰত্যেকে নিজকে অন্য কোনোতকৈ কম যোগ্য বুলি নাভাবে। তথাপিও সদায় একৰস স্থিতি, সদায় উৰন্ত কলাৰ অনুভূতি, সদায় এজনতে সমাহিত হৈ, দেহ আৰু দেহৰ অল্পকালৰ প্ৰাপ্তিৰ পৰা সদায় উপৰাম, বিনাশী চেতনা পাহৰি থকা এনেকুৱা সদাকালৰ স্থিতি অনুভৱ কৰাৰ ক্ষেত্ৰত ক্ৰম অনুসৰি হৈ যায়। এনেকুৱা কিয়? বাপদাদাই ইয়াৰ বিশেষ কাৰণ চাই আছিল। কাৰণ কি দেখিলে? এটাই শব্দৰ কাৰণ দেখিলে।

সকলো জানে আৰু সকলোৰে সকলো প্ৰাপ্তিও হৈছে, বিধিৰো জ্ঞান আছে, সিদ্ধিৰো জ্ঞান আছে। কৰ্ম আৰু ফল দুয়োৰে জ্ঞান আছে কিন্তু সদায় বেলেঞ্চত (সমতা বজাই ৰাখি) থাকিব নাজানে। এই বেলেঞ্চৰ ঈশ্বৰীয় নিয়ম সময়ত পালন কৰিব নাজানে সেয়েহে প্ৰত্যেক সংকল্পত, প্ৰত্যেক কৰ্মত বাপদাদা তথা সৰ্বশ্ৰেষ্ঠ আত্মাসকলৰ শ্ৰেষ্ঠ আশীৰ্বাদ, ব্লেচিং প্ৰাপ্ত নহয়। পৰিশ্ৰম কৰিবলগীয়া হয়। সহজ সফলতাৰ অনুভৱ নহয়। কোনটো কথাৰ বেলেঞ্চ পাহৰি যায়? এটাতো হল স্মৰণ আৰু সেৱা। স্মৃতিত থাকি সেৱা কৰা এয়া হল স্মৃতি আৰু সেৱাৰ বেলেঞ্চ। কিন্তু সেৱাত থাকি সময় অনুসৰি স্মৰণ কৰা, সময় পালা স্মৰণ কৰিলা, নহলে সেৱাকে স্মৰণ বুলি ভাবা ইয়াকে কোৱা হয় আনবেলেঞ্চ (ভাৰসাম্যহীনতা)।কেৱল সেৱাই স্মৃতি আৰু স্মৃতিতে সেৱা আছে। এই অলপ বিধিৰ পাৰ্থক্যই সিদ্ধিক সলনি কৰি দিয়ে। আকৌ যেতিয়া ৰিজাল্ট সোধা হায় যে স্মৃতিৰ পাৰচেণ্টেজ (শতকৰা হাৰ) কেনে আছিল? তেতিয়া কি কয়? সেৱাত ইমান ব্যস্ত আছিলো, কোনো কথাই স্মৃতিত নাছিল। সময়ে নাছিল নাইবা কয় সেৱাও পিতাৰেই আছিল, পিতাতো স্মৃতিত আছিল। কিন্তু যিমান সেৱাত সময় আৰু লগন আছিল সিমানে স্মৃতিৰ শক্তিশালী অনুভূতি হল নে? যিমান সেৱাত স্বমান আছিল সিমানেই নিৰ্মাণ (অভিমান ৰহিত) ভাৱ আছিল? এইটো বেলেঞ্চ আছিল? বহুত ডাঙৰ, বহুত ভাল সেৱা কৰিলা - এই স্বমানতো ভাল হয় কিন্তু যিমান স্বমান সিমান নিৰ্মাণ ভাৱ থাকিল নে। কৰাৱনহাৰ পিতাই নিমিত্ত হৈ সেৱা কৰোৱালে। এয়া হল নিমিত্ত, নিৰ্মাণ ভাৱ। নিমিত্ত হলা, সেৱা ভাল হল, বৃদ্ধি হল, সফলতা স্বৰূপ হলা, এই স্বমানতো ভাল হয় কেৱল স্বমান নহয়, নিৰ্মাণ ভাৱৰো বেলেঞ্চ হওক। এই বেলেঞ্চে সদায়েই সহজ সফলতা স্বৰূপ কৰি তোলে। স্বমানৰো প্ৰয়োজন আছে। দেহ ভাৱ নহয়, স্বমান। কিন্তু স্বমান আৰু নিৰ্মাণ দুয়োৰে বেলেঞ্চ নথকাৰ কাৰণে স্বমান, দেহ-অভিমানলৈ ৰূপান্তৰিত হয়। সেৱা হল, সফলতা হল, ইয়াৰ আনন্দতো হব লাগে। বাহ! বাবা তুমি নিমিত্ত কৰিলা! মই কৰা নাই, এই মই-ভাৱে স্বমানক দেহ-অভিমানলৈ লৈ আহে। স্মৃতি আৰু সেৱাৰ বেলেঞ্চ ৰাখোতাসকলে স্বমান আৰু নিৰ্মাণৰো বেলেঞ্চ ৰাখে। গতিকে বুজিলা বেলেঞ্চ কি কথাত তল ওপৰ হয়।

এনকৈয়ে দ্বায়িত্বৰ মুকুটধাৰী হোৱাৰ কাৰণে প্ৰত্যেক কাৰ্যত দ্বায়িত্বও পুৰা পালন কৰিব লাগিব। লৌকিক হওক বা অলৌকিক প্ৰবৃত্তি হওক নতুবা ঈশ্বৰীয় সেৱাৰ প্ৰবৃত্তি হওক দুয়োটা প্ৰবৃত্তিত নিজৰ নিজৰ দ্বায়িত্ব পালন কৰাত যিমানে উপৰাম সিমানে স্নেহী। এইটো বেলেঞ্চ যাতে থাকে। প্ৰত্যেক দ্বায়িত্ব পালন কৰা, ইয়াৰো প্ৰয়োজন কিন্তু যিমানেই ডাঙৰ দ্বায়িত্ব সিমানেই ডবল লাইট। দ্বায়িত্ব পালন কৰি দ্বায়িত্বৰ বোজাৰ পৰা উপৰাম, ইয়াকেই কোৱা হয় পিতাৰ প্ৰিয়। ভয় নকৰে কি কৰো, বহুত দ্বায়িত্ব আছে। এয়া কৰো নে নকৰো, কি কৰো, এইটোও কৰো সেইটোও কৰো, বহুত কঠিন! এনেকৈ অনুভৱ কৰা অৰ্থাৎ বোজা আছে। তেন্তে ডবল লাইটতো নহলা নহয়। ডবল লাইট অৰ্থাৎ উপৰাম। কোনো দ্বায়িত্বৰ কৰ্মৰ অস্থিৰতাৰ বোজা নাই। ইয়াকে কোৱা হয় উপৰাম আৰু স্নেহৰ বেলেঞ্চ ৰাখোতা।

দ্বিতীয় কথা - পুৰুষাৰ্থত চলি থাকোতে পুৰুষাৰ্থৰ পৰা যি প্ৰাপ্তি হয় তাৰ অনুভৱ কৰি-কৰি বহুত প্ৰাপ্তিৰ নিচা আৰু আনন্দত আহি যায়। কেৱল মই পাই গলো, অনুভৱ কৰিলো। মহাবীৰ, মহাৰথী হৈ গলো, জ্ঞানী হৈ গলো, যোগীও হৈ গলো, সেৱাধাৰীও হৈ গলো। এই প্ৰাপ্তি বহুত ভাল হয় কিন্তু এই প্ৰাপ্তিৰ নিচাত আলস্যও (এলাহ ভাৱো) আহি যায়। ইয়াৰ কাৰণ? জ্ঞানী হলা, যোগী হলা, সেৱাধাৰী হলা কিন্তু প্ৰত্যেক খোজত উৰন্ত কলাৰ অনুভৱ কৰানে? যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে প্ৰত্যেক খোজত উৰন্ত কলাত উৰিব লাগে। এইটো লক্ষ্যৰে যি আজি কৰা তাত আৰু নতুনত্ব আহিল নে যত আহি উপস্থিত হলা তাকেই সম্পূৰ্ণতাৰ সীমা বুলি ভাবি ললা? পুৰুষাৰ্থত প্ৰাপ্তিৰ নিচা আৰু আনন্দৰো প্ৰয়োজন কিন্তু প্ৰত্যেক খোজত উন্নতি বা উৰন্ত কলাৰ অনুভৱৰো প্ৰয়োজন। যদি এইটো বেলেঞ্চ নাথাকে তেন্তে আলস্যই আশীৰ্বাদ প্ৰাপ্ত কৰাব নোৱাৰে সেয়েহে পুৰুষাৰ্থী জীৱনত যিমান পালা, তাৰ নিচাও থাকক আৰু প্ৰত্যেক খোজত উন্নতিৰ অনুভৱো হওক, ইয়াকে কোৱা হয় বেলেঞ্চ। এই বেলেঞ্চ যাতে সদায় থাকে। এনেকৈ নাভাবিবা যে আমি সকলো জানি গলো। অনুভৱী হৈ গলো। বহুত ভাল ৰীতিৰে চলি আছো। ভাল হৈছা, এয়াতো বহুত ভাল কথা কিন্তু আৰু আগলৈ উন্নতি কৰিব লাগিব। এনেকৈ বিশেষ কৰ্ম কৰি সকলো আত্মাৰ আগত নিমিত্ত উদাহৰণ হব লাগিব। এইটো নাপাহৰিবা। বুজিলা কি কি কথাত বেলেঞ্চ ৰাখিব লাগে? এই বেলেঞ্চৰ দ্বাৰা স্বতঃ ব্লেচিং (আশীৰ্বাদ) পাই থাকিবা। গতিকে বুজিলা ক্ৰমানুসৰি কিয় হোৱা? কোনোৱে কোনোবা কথাৰ বেলেঞ্চত, কোনোৱে আন কোনোবা কথাৰ বেলেঞ্চত এলেহুৱা হৈ যায়।

বোম্বাই (মুম্বাই) নিবাসীতো এলেহুৱা নোহোৱা নহয়? প্ৰত্যেক কথাত বেলেঞ্চ ৰাখোতা হোৱা নহয়? বেলেঞ্চৰ কলাত হুচিয়াৰ হোৱা নহয়। বেলেঞ্চো এক প্ৰকাৰৰ কলা হয়। এই কলাত সম্পন্ন হোৱা নহয়! বোম্বাইক কোৱাই হয়- সম্পত্তি সম্পন্ন দেশ। গতিকে বেলেঞ্চৰ সম্পত্তিত, ব্লেচিঙৰ সম্পত্তিতো সম্পন্ন হোৱা নহয়! নৰদেসাৱৰৰ (সকলো ফালেৰে সম্পন্ন) ব্লেচিং আছে! বোম্বাইবাসীয়ে কি বিশেষত্ব দেখুৱাব? বোম্বাইত মাল্টিমিলিয়নিয়াৰচ বহুত আছে নহয়। গতিকে বোম্বাইবাসীয়ে এনেকুৱা আত্মাসকলক অনুভৱ কৰোৱাৰ আৱশ্যকতা আছে যে আত্মিক অবিনাশী পদমাপদম পতি সৰ্ব খাজনাৰ খনিৰ মালিক কি হয়, এয়া তেওঁলোকক অনুভৱ কৰোৱা। এওঁলোকতো কেৱল বিনাশী ধনৰ মালিক হয়, এনেকুৱা লোকসকলক এই অবিনাশী খাজনাৰ মহত্ব শুনাই অবিনাশী সম্পত্তি সম্পন্ন কৰি তোলা। তেওঁলোকে অনুভৱ কৰক যে এই খাজনা অবিনাশী শ্ৰেষ্ঠ খাজনা হয়। এনেকুৱা সেৱা কৰি আছা নহয়! সম্পত্তিবানসকলৰ দৃষ্টিত এওঁলোক অবিনাশী সম্পত্তিবান আত্মাসকল শ্ৰেষ্ঠ হয়, এনেকুৱা অনুভৱ কৰক। বুজিলা। এনেকৈ নাভাবিবা যে এওঁলোকৰ পাৰ্টতো (ভূমিকাতো) নায়েই। অন্তত তেওঁলোকৰো জাগ্ৰত হোৱাৰ পাৰ্ট আছে। সম্বন্ধত নাহিব, কিন্তু সম্পৰ্কত আহিব সেয়েহে এতিয়া এনেকুৱা আত্মাসকলকো জগোৱাৰ সময় আহি পৰিছে। গতিকে জগোৱা খুব ভালকৈ জগোৱা কিয়নো সম্পত্তিৰ নিচাৰ নিদ্ৰাত শুই আছে। নিচাত থকাসকলক বাৰে বাৰে জগাবলগীয়া হয়। এবাৰতে জাগি নুঠে। গতিকে এতিয়া এনেকুৱা নিচাত শুই থকা আত্মাসকলক অবিনাশী সম্পত্তিৰ অনুভৱৰ লগত পৰিচিত কৰোৱা। বুজিলা। বোম্বাইবাসী মায়াজীৎ হোৱা নহয়! মায়াক সমুদ্ৰত পেলাই দিলা নহয়। তলিত পেলালা নে ওপৰে-ওপৰে? যদি ওপৰত কিবা বস্তু থাকে তেন্তে ঢৌৱে দাঁতিলৈ লৈ আহে, তলিত পেলাই দিলা তেন্তে স্বাহা। তেন্তে মায়া আকৌ দাঁতিলৈতো আহি নাযায় নহয়? বোম্বাই নিবাসীসকলক প্ৰত্যেক কথাত উদাহৰণ হব লাগে। প্ৰতিটো বিশেষত্বতে উদাহৰণ। যিদৰে বোম্বাইৰ সৌন্দৰ্য চাবৰ বাবে সকলো দূৰ-দূৰণিৰ পৰাও আহে নহয় জানো! সেইদৰে দূৰ-দূৰণিৰ পৰা চাবলৈ আহিব। প্ৰত্যেক গুণৰ প্ৰেক্টিকেল (ব্যৱহাৰিক) স্বৰূপ উদাহৰণ হোৱা। সৰলতা জীৱনত চাব বিচাৰিলে এই সেৱাকেন্দ্ৰলৈ গৈ এই পৰিবাৰক চোৱা। সহনশীলতা চাব বিচাৰিলে এই সেৱাকেন্দ্ৰত এই পৰিবাৰত গৈ চোৱা। বেলেঞ্চ চাব বিচাৰিলে এই বিশেষ আত্মাসকলৰ মাজত চোৱা। এনেকুৱা চমৎকাৰ কৰোতা হোৱা নহয়। বোম্বাইবাসীসকলে ডবল ৰিটাৰ্ণ (প্ৰতিদান) কৰিব লাগে। এক জগত অম্বা মাৰ প্ৰতিপালনৰ আৰু দ্বিতীয়তে ব্ৰহ্মা বাবাৰ বিশেষ প্ৰতিপালনৰ। জগত অম্বা মাৰ প্ৰতিপালনো বোম্বাইবাসীয়ে বিশেষ ভাবে পাইছে। তেন্তে বোম্বাইবাসীয়ে ইমান ৰিটাৰ্ণ দিব লাগিব নহয় জানো। প্ৰত্যেক স্থান, প্ৰত্যেক বিশেষ আত্মাৰ দ্বাৰা পিতাৰ, মাৰ বিশেষ আত্মাসকলৰ বিশেষত্ব দেখা দিয়ক - ইয়াকে কোৱা হয় ৰিটাৰ্ণ কৰা। অচ্ছা আহিলা ভাল কৰিলা। পিতাৰ ঘৰলৈ বা নিজৰ ঘৰলৈ আহি ভাল কৰিলা।

পিতাইতো সদায় সন্তানসকলক দেখি হৰ্ষিত হয়। প্ৰতিগৰাকী সন্তান বিশ্বৰ দীপক হয়। কেৱল কূলৰ দীপক নহয়, বিশ্বৰ দীপক হয়। প্ৰত্যেকে বিশ্বৰ কল্যাণৰ অৰ্থে নিমিত্ত হৈছে তেন্তে বিশ্বৰ দীপক হৈ নগলা জানো। এনেয়েতো সমগ্ৰ বিশ্বও বেহদৰ কূল হয়। সেইফালৰ পৰা বেহদৰ কূলৰ দীপক বুলিও কব পাৰা। কিন্তু হদৰ কূলৰ নহয়। বেহদৰ কূলৰ দীপক বুলি কোৱা বা বিশ্বৰ দীপক বুলি কোৱা। এনেকুৱা হোৱা নহয় জানো। সদায় জাগ্ৰত দীপক হোৱা নহয়? ঢিমিক-ঢামাককৰি থকাতো নোহোৱা নহয়! যেতিয়া লাইট ঢিমিক-ঢামাক কৰি থাকে তেতিয়া চালে চকু বেয়া হয়। ভাল নালাগে নহয় জানো। সদায় জাগ্ৰত দীপক হোৱা নহয়। এনেকুৱা দীপকক দেখি বাপদাদা সদায় হৰ্ষিত হয়। বুজিলা। অচ্ছা!

সদায় প্ৰত্যেক কৰ্মত বেলেঞ্চ ৰাখোতা, সদায় পিতাৰ দ্বাৰা ব্লেচিং লওতা, প্ৰত্যেক খোজত উৰন্ত কলাৰ অনুভৱ কৰোতা, সদায় প্ৰেমৰ সাগৰত সমাহিত হৈ, সমান স্থিতিত স্থিত হৈ থাকোতা, পদমাপদম ভাগ্যৱান শ্ৰেষ্ঠ আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

দাদীসকলৰপ্ৰতি:- সকলো মুকুটধাৰী ৰত্ন হোৱা নহয়! সদায় যিমান ডাঙৰ মুকুট সিমানেই পাতলতকৈও পাতল। এনেকুৱা মুকুট ধাৰণ কৰিছা, এই মুকুট ধাৰণ কৰি প্ৰত্যেক কৰ্ম কৰিও মুকুটধাৰী হৈ থাকিব পাৰা। যি ৰত্নেৰে সজ্জিত মুকুট হব সেয়া তথাপিও সময় অনুসৰি ধাৰণ কৰে আৰু খোলে কিন্তু এই মুকুট এনেকুৱা হয় যে খুলি পেলোৱাৰ প্ৰয়োজনেই নাই। শুই থাকোতেও মুকুটধাৰী আৰু উঠোতেও মুকুটধাৰী। অনুভৱ আছে নহয়! মুকুট পাতল হয়নে? কোনোটো গধুৰ নহয়তো! নাম ডাঙৰ, ওজন কম। সুখদায়ী মুকুট হয়। আনন্দ দিওতা মুকুট হয়। এনেকুৱা মুকুটধাৰী পিতাই কৰি তোলে যাতে আজন্ম মুকুট পাই থাকা। এনেকুৱা মুকুটধাৰী সন্তানসকলক দেখি বাপদাদা হৰ্ষিত হয়। বাপদাদাই মুকুট পৰিধানৰ দিন এতিয়াৰ পৰাই উদযাপন কৰি চিৰকালৰ ৰীতিৰ নিয়ম বনাই দিলে। সত্যযুগতো মুকুট পৰিধানৰদিৱস উদযাপন কৰা হব। যি সংগমযুগত মুকুট পৰিধানৰদিৱস উদযাপন কৰিলে, তাৰেই সোঁৱৰণি অবিনাশী চলি থাকিব। অব্যক্ত বতনত সেৱাধাৰী হয় কিন্তু সাকাৰ বতনৰ পৰা বানপ্ৰস্থ হলা নহয়। স্বয়ং পিতাই সাকাৰ বতনৰ পৰা বানপ্ৰস্থ হৈ সন্তানসকলক মুকুট সিংহাসন দিয়ে আৰু স্বয়ং অব্যক্ত বতনলৈ গুছি যায়। গতিকে মুকুট পৰিধানৰদিৱসহৈ গল নহয়! বিচিত্ৰ নাটক নহয় জানো। যদি যোৱাৰ আগতে কৈ দিয়ে তেন্তে ৱাণ্ডৰফুল নাটক নহলহেঁতেন। এনে বিচিত্ৰ নাটক, যাৰ চিত্ৰ তুলিব নোৱাৰি। বিচিত্ৰ পিতাৰ বিচিত্ৰ ভূমিকা, যাৰ চিত্ৰ বুদ্ধিৰে সংকল্পৰ দ্বাৰাও তুলিব নোৱাৰি, ইয়াকে কোৱা হয় বিচিত্ৰ সেয়েহে বিচিত্ৰ মুকুট পৰিধানৰদিৱস হল।বাপদাদাই সদায় মহাবীৰ সন্তানসকলক মুকুট পৰিধান কৰোতা মুকুটধাৰী স্বৰূপত দেখে। বাপদাদাই সংগ দিয়াৰ পৰা গোপন যোৱা নাই কিন্তু সাকাৰ লোকৰ পৰা গোপন হৈ অব্যক্ত লোকত উদয় হৈ গল। লগত থাকিম, লগত যাম এইতো প্ৰতিশ্ৰুতিতো আছেই। এই প্ৰতিশ্ৰুতি কেতিয়াও ভংগ নহয় সেয়েহে ব্ৰহ্মা পিতাই অপেক্ষা কৰি আছে। নহলে কৰ্মাতীত হৈ গল তেন্তে যাব পাৰে। বন্ধনতো নাই নহয়। কিন্তু স্নেহৰ বন্ধন আছে। স্নেহৰ বন্ধনৰ কাৰণে লগত যোৱাৰ প্ৰতিশ্ৰুতি পালন কৰাৰ কাৰণে পিতাই অপেক্ষা কৰিবই লাগিব। একেলগে থাকিব লাগিব আৰু একেলগে যাব লাগিব। এনেকুৱাই অনুভৱ আছে নহয়। অচ্ছা প্ৰত্যেকেই বিশেষ হয়। এজন এজনৰ বিশেষত্ব বৰ্ণনা কৰিলে কিমান হব। মালা হৈ যাব সেয়েহে অন্তৰতে ৰাখে, বৰ্ণনা নকৰে। অচ্ছা!

বৰদান:
ব্যৰ্থবাবিৰক্তকৰাবাণীৰপৰামুক্তডবললাইটঅব্যক্তফৰিস্তাহোৱা

অব্যক্ত ফৰিস্তা হবলৈ হলে ব্যৰ্থ বচন যি কাৰোৱেই প্ৰিয় নহয় সেয়া সদাকালৰ বাবে সমাপ্ত কৰা। কথা হয় দুটা শব্দৰ কিন্তু তাক দীঘলীয়া কৰি কৈ থকা, এয়াও ব্যৰ্থ হয়। যত চাৰিটা শব্দত কাম হব পাৰে তাত 12-15টা শব্দ নকবা। কমকৈ কবা-ধীৰে কবা. এইটো শ্লোগান ডিঙিত সুমুৱাই ৰাখা। ব্যৰ্থ বা বিৰক্ত কৰা বাণীৰ পৰা মুক্ত হোৱা তেতিয়া অব্যক্ত ফৰিস্তা হোৱাত বহুত সহায় পাবা।

স্লোগান:
যিয়েনিজকেপৰমাত্মাপ্ৰেমৰপিছতকুৰ্বান (বলিহাৰ) কৰে, সফলতাতেওঁৰডিঙিৰমালাহৈযায়।