14.05.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে বহুত ভাল সংগ লব লাগে, বেয়া সংগৰ ৰং লাগিলে (প্ৰভাৱ পৰিলে) বাগৰি পৰিবা (অৱনতি হব), কুসংগই বুদ্ধিক তুচ্ছ কৰি দিয়ে

প্ৰশ্ন:
এতিয়া তোমালোক সন্তানসকলৰ কেনেধৰণৰ উদ্দীপনাৰ জোৱাৰ উঠিব লাগে?

উত্তৰ:
তোমালোকৰ উদ্দীপনাৰ জোৱাৰ উঠিব লাগে যে গাঁৱে-গাঁৱে গৈ সেৱা কৰোঁ। তোমালোকৰ ওচৰত যি কিছু আছে সেয়া সেৱাৰ অৰ্থে। পিতাই সন্তানসকলক ৰায় দিয়ে - সন্তানসকল, এই পুৰণি সৃষ্টিৰ পৰা নিজৰ পল্লৱ মুক্ত কৰা (আলম্বনসমূহৰ অধীনতাৰ পৰা নিজক মুক্ত কৰা)। কোনো বস্তুৰ প্ৰতি মমত্ব নাৰাখিবা, ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা।

গীত:
ইস পাপ কি দুনীয়া সে ..

ওঁম্শান্তি।
পাপ আত্মাসকলৰ সৃষ্টি আৰু পুণ্য আত্মাসকলৰ সৃষ্টি, নাম আত্মাসকলৰহে ৰখা হয়। এতিয়া ইয়াত দুখ আছে সেইবাবে আহ্বান কৰে। পুণ্য আত্মাসকলৰ সৃষ্টিত আহ্বান নকৰে যে ক'ৰবালৈ লৈ যোৱা। তোমালোক সন্তানসকলে বুজি পোৱা, এয়া কোনো পণ্ডিত বা সন্ন্যাসী শাস্ত্ৰবাদী আদিয়ে নুশুনায়। এওঁ (ব্ৰহ্মা বাবাই) নিজেও কয় - মই এই জ্ঞান নাজানিছিলোঁ, ৰামায়ণ আদি শাস্ত্ৰতো অনেক পঢ়িছিলোঁ। বাকী এই জ্ঞান মই তোমালোকক শুনাওঁ। এৱোঁ (ব্ৰহ্মায়ো) শুনে। এতিয়া এইখন হৈছে পাপ আত্মাসকলৰ সৃষ্টি। পুণ্য আত্মাসকলৰ কাৰণে কেৱল ক'ব যে এওঁলোক হৈ গৈছে। বচ্, পূজা কৰি গুচি আহিব, শিৱৰ পূজা কৰি আহিব। তোমালোক সন্তানসকলে এতিয়া কাৰ পূজা কৰিবা? তোমালোকে জানা উচ্চতকৈও উচ্চ হৈছে ভগৱান শিৱ, তেওঁ হৈছে অবিডিয়েণ্ট (আজ্ঞাকাৰী) পিতা, শিক্ষক, অবিডিয়েণ্ট প্ৰিচেষ্টৰ (গুৰু)। লগত লৈ যোৱাৰ গেৰাণ্টি (প্ৰতিশ্ৰুতি) অন্য কোনো গুৰু আদিয়ে দিব নোৱাৰে। সেয়াও তেওঁলোকে জানো সকলোকে লৈ যাব। এতিয়া তোমালোক সন্মুখত বহি আছা, ইয়াৰ পৰা নিজৰ ঘৰলৈ গলে তোমালোকে সকলো পাহৰি যাবা। ইয়াত সন্মুখত শুনিলে আনন্দিত হবা। পিতাই বাৰে বাৰে কয় - সন্তানসকল, ভালদৰে পঢ়িবা। এই ক্ষেত্ৰত গাফিলতি নকৰিবা, কুসংগত আবদ্ধ নহবা। নহলে আৰু বেছিকৈহে তুচ্ছ বুদ্ধিৰ হৈ যাবা। সন্তানসকলে জানে - আমি কি আছিলোঁ, কি পাপ কৰিলোঁ। এতিয়া আমি এই দেৱতা হম, এই পুৰণি সৃষ্টি শেষ হৈ যাব তেন্তে ইয়াত ঘৰ আদিৰ কি চিন্তা কৰিব লাগে। এই সৃষ্টিত যি কিছু আছে সেয়া সকলো পাহৰি যাব লাগে। নহলে বিঘিনি আনিব। এইবোৰৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। আমি নতুন সৃষ্টিত গৈ নিজৰ হীৰা-মুকুতাৰ মহল সাজিম। ইয়াৰ পইচা আদি কিবা বস্তু ভাল লাগিলে শৰীৰ ত্যাগ কৰাৰ সময়ত সেইবোৰৰ প্ৰতি মোহ জাগি উঠিব। মোৰ মোৰ বুলি যদি কোৱা তেন্তে সেয়া অন্তিম সময়ত সন্মুখত আহি যাব। এয়াতো সকলো ইয়াত নাশ হৈ যাব। আমি নিজৰ ৰাজধানীত আহি যাম, ইয়াৰ প্ৰতি কি অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে। তাত বহুত সুখ থাকে। নামেই হৈছে স্বৰ্গ। এতিয়া আমি নিজৰ ধামলৈ যাওঁ, এয়াতো হৈছে ৰাৱণৰ ধাম, আমাৰ নহয়। ইয়াৰ পৰা মুক্ত হবলৈ পুৰুষাৰ্থ কৰিব লাগে। বাবাই পুৰণি সৃষ্টিৰ পৰা পল্লব মুক্ত কৰায় (আলম্বনসমূহৰ অধীনতাৰ পৰা মুক্ত কৰায়) সেইবাবে পিতাই কয় কোনো বস্তুৰ প্ৰতি মোহ নাৰাখিবা। পেটে বেছিকৈ নিবিচাৰে, ফাল্টু (অপ্ৰয়োজনীয়) বস্তুৰ নামত বহুত খৰচ হয়। তোমালোক সন্তানসকলৰ ছাৰ্ভিচ (সেৱা) কৰিবলৈ উদ্দীপনাৰ জোৱাৰ উঠিব লাগে। বহুত সন্তান আছে যিসকলৰ গাঁৱে গাঁৱে সেৱা কৰাৰ চখ (ৰুচি) আছে। বাকী যিসকলৰ ছাৰ্ভিচৰ চখ নাই, তেওঁলোকক কি কামৰ বুলি কোৱা হব। যেনেকুৱা পিতা সন্তানসকলো তেনেকুৱা হোৱা উচিত। পিতাৰহে পৰিচয় দিব লাগে। পিতাক স্মৰণ কৰা আৰু পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। সন্তানসকলৰ যদি চখ থাকে যে আমি বাবাৰ ছাৰ্ভিচ কৰিবলৈ যাওঁ। তেতিয়া পিতায়ো সাহস বঢ়ায়। পিতা ছাৰ্ভিচ কৰিবলৈ আহিছে, ছাৰ্ভিচৰ কাৰণে সকলো আছে। এয়াতো পিতাৰ পৰিচয় সকলোকে দিব লাগে। পিতা এজনেই। ভাৰতত আহিছিল, ভাৰতত দেৱতাসকলৰ ৰাজ্য আছিল। কালিৰ কথা, লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তাৰ পাচত ৰাম-সীতাৰ। পুনৰ বাম মাৰ্গত অৱনতি হল। ৰাৱণ ৰাজ্য আৰম্ভ হল, ছিৰি তললৈ নামিল এতিয়া পুনৰ আৰোহণ কলা, চেকেণ্ডৰ কথা।

এবিধ হৈছে ৰীয়েল লভ (প্ৰকৃত মৰম), দ্বিতীয়বিধ হৈছে আৰ্টীফিচিয়েল লভ (কৃত্ৰিম মৰম)। ৰীয়েল লভ পিতাৰ সৈতে তেতিয়া হ'ব যেতিয়া নিজকে আত্মা বুলি বুজিব। এতিয়া তোমালোক সন্তানসকলৰ এই জগতৰ প্ৰতি আৰ্টীফিচিয়েল লভ আছে। এইখনতো নাশ হৈ যাব। ছাৰ্ভিচ কৰোঁতাসকল কেতিয়াও ভোকত মৰিব নোৱাৰে। গতিকে সন্তানসকলৰ ছাৰ্ভিচৰ প্ৰতি চখ (আগ্ৰহ) থাকিব লাগে। তোমালোকৰ ঈশ্বৰীয় মিছন (অভিযান) অতি সহজ। কোনোৱে বুজি নাপায় যে ধৰ্ম কেনেকৈ প্ৰতিষ্ঠা হয়। ক্ৰাইষ্ট (যীশুখ্ৰীষ্ট) আহিল, খ্ৰীষ্টিয়ান ধৰ্ম প্ৰতিষ্ঠা কৰিলে, ধৰ্ম বাঢ়ি গ'ল। তেওঁৰ মতত চলি চলি অৱনমিত হৈ আহিল, এতিয়া তোমালোক সন্তানসকল দেহী-অভিমানী হ'ব লাগে। আধাকল্প ৰাৱণ ৰাজ্যত আমি পিতাক পাহৰি গলোঁ, এতিয়া পিতা আহি জাগ্ৰত কৰিছে। বাবাই কয় - ড্ৰামা অনুসাৰে তোমালোক অৱনমিত হ'বলগীয়াই আছিল। তোমালোকৰো দোষ নাই। ৰাৱণ ৰাজ্যত সৃষ্টিৰ এনেকুৱা অৱস্থা হৈ যায়। পিতাই কয় এতিয়া মই পঢ়াবলৈ আহিছোঁ। তোমালোকে পুনৰ নিজৰ ৰাজ্য লৈ লোৱা। মই অন্য কোনো কষ্ট নিদিওঁ। এটাতো, বজাৰৰ ছিঃ ছিঃ (অশুদ্ধ) বস্তু নাখাবা আৰু মামেকম্‌ (মনেৰে কেৱল মোক) স্মৰণ কৰিবা। এতিয়া তোমালোক সন্তানসকলে জানা - এয়া ড্ৰামাৰ চক্ৰ, যিটো আকৌ ৰিপিট (পুনৰাবৃত্তি) হব, তোমালোকৰ বুদ্ধিত ড্ৰামাৰ আদি, মধ্য, অন্তৰ জ্ঞান আছে। তোমালোকে যিকোনো লোককে বুজাব পাৰা। প্ৰথমেতো পিতাৰ স্মৃতি থাকিব লাগে। ছাৰ্ভিচৰ কাৰণে পৰস্পৰ মিলি সহযোগী তৈয়াৰ কৰি লোৱা উচিত। মাতাসকলো ওলাই আহিব লাগে। এই ক্ষেত্ৰত ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই। চিত্ৰ আদি সকলো তোমালোকে পাবা। তোমালোকৰ সেৱা বহুত হব। এনেকৈ কব - আপোনালোক গুচি গলে আমাক কোনে শিকাব? তেতিয়া কবা, আমি সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। ঘৰ আদিৰ ব্যৱস্থা কৰা। বহুতৰ কল্যাণৰ কাৰণে নিমিত্ত হৈ যাব। বাবাই ছাৰ্ভিচৰ বাবে উৎসাহিত কৰে। সন্তানসকলে সাহস কৰিলে তেতিয়া সেৱাৰো বৃদ্ধি হয়। এয়া কোনো মেলা নহয় যে 10-15 দিন চলাৰ পাচত সমাপ্ত হৈ যাব। এই মেলাতো চলিয়েই থাকে। ইয়াত আত্মাসকল আৰু পৰমাত্মাৰ মিলন হয়, যাক প্ৰকৃত মেলা বুলি কোৱা হয়। সেয়াতো এতিয়া চলিয়ে আছে। মেলা সমাপ্ত তেতিয়াহে হব যেতিয়া ছাৰ্ভিচ সম্পূৰ্ণ হব। ড্ৰামা অনুসৰি সন্তানসকলৰ ছাৰ্ভিচৰ প্ৰতি বহুত চখ থাকিব লাগে। বেহদৰ পিতাৰ যি নলেজ (জ্ঞান) আছে, সেয়া সন্তানসকলৰ বুদ্ধিত আছে। উচ্চৰো উচ্চ পিতাৰ দ্বাৰা আমি কিমান উচ্চ হৈ আহিছোঁ। এনেকৈ নিজৰ সৈতে কথা পাতিব লাগে। পৰস্পৰ চেমিনাৰ (আলোচনা চক্ৰ) কৰিব লাগে। বাবাৰ পৰা ৰায় লৈ ছাৰ্ভিচত লাগি যোৱা। যদি কিবা সহায়ৰ প্রয়োজন হয় তেন্তে বাবা দুল্‌হেলাল (বিশাল অন্তৰৰ গৰাকী) বহি আছে। এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। চিন্তাৰ কোনো কথা নাই। নহলে স্থাপনা কেনেকৈ হব। দ্বিতীয়তে এইটো কথাও আছে যে যিয়ে কৰিব তেৱেঁ পাব। এতিয়া তোমালোক সন্তানসকল পাথৰবুদ্ধিৰ পৰা হীৰা তুল্য হৈ যোৱা। পিতাই জ্ঞানৰ দ্বাৰা তোমালোকক ইমান চিধা (শ্ৰেষ্ঠাচাৰী) কৰি তোলে, মায়াই আকৌ নাকত ধৰি পিচমুৱা কৰি দিয়ে।

তোমালোক সন্তানসকলে বহুত ভাল সংগ লব লাগে। বেয়া সংগৰ ৰং লাগিলে অৱনমিত হৈ যাবা। পিতাই বায়স্কোপ (চিনেমা) আদি চাবলৈ মানা কৰে। যিসকলৰ বায়স্কোপ চোৱাৰ অভ্যাস হৈ যায় তেওঁলোক পতিত নোহোৱাকৈ থাকিব নোৱাৰিব। ইয়াত প্ৰত্যেকৰে এক্টিভিটি (কৰ্মকাণ্ড) ডাৰ্টী (লেতেৰা), নামেই হৈছে বেশ্যালয়। পিতাই শিৱালয় স্থাপন কৰি আছে। বেশ্যালয়ত পূৰা জুই লাগিব। কুম্ভকৰ্ণৰ নিচিনাকৈ আসুৰিক নিদ্ৰাত শুই আছে। তোমালোকে বুজি পোৱা যে আমি শিৱালয়লৈ গৈ আছোঁ। প্ৰথমতে আমিও বান্দৰ সদৃশ আছিলোঁ, ইয়াৰ ওপৰত ৰামায়ণতো এটা কাহিনী আছে। এতিয়া তোমালোক পিতাৰ সহযোগী হৈছা। তোমালোকে নিজৰ শক্তিৰ দ্বাৰা ৰাজ্য স্থাপন কৰি আছা। পুনৰ এই ৰাৱণ ৰাজ্য নাশ হৈ যাব। তোমালোক সন্তানসকলক অনেক প্ৰকাৰৰ যুক্তি শুনাই থাকে। কাকোৱে যদি দান নকৰা তেন্তে ফলনো কেনেকৈ পাবা। পোন প্ৰথমে 10-15 জনক মাৰ্গ-দৰ্শন কৰাৰ পাচতহে আহাৰ গ্ৰহণ কৰিব লাগে। প্ৰথমে শুভ কৰ্ম কৰি আহা, ইয়াতহে তোমালোকৰ কল্যাণ আছে। কোনো দেহধাৰীক স্মৰণ নকৰিবা। এইখনতো পতিত সৃষ্টি। পতিত-পাৱন এজন পিতাক স্মৰণ কৰিবা তেতিয়া পাৱন সৃষ্টিৰ মালিক হৈ যাবা। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। সেয়েহে কাৰোবাক নহয় কাৰোবাক জ্ঞান শুনাই তাৰ পাচত আহি আহাৰ গ্ৰহণ কৰিব লাগে। তোমালোকে সকলোকে এয়াই কৈ থাকা যে পিতাক স্মৰণ কৰিলে এনেকুৱা উচ্চ হৈ যাবাগৈ। বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাতিৰ ক্লাচ : 17-03-1968

কেতিয়াবা কিবা ভাষণ আদি দিবলৈ হলে পৰস্পৰ মিলি দুই-চাৰিবাৰ ৰিহাৰ্চেল (আখৰা) কৰিবা, পইণ্টচ এডিশ্বন (সংযোজন) কাৰেক্‌শ্বন (শুধৰণি) কৰি তৈয়াৰ কৰিবা তেতিয়া ৰিফাইন (পৰিশোধিত) ভাষণ দিব পাৰিবা। মূল এটা কথাৰ ওপৰতে (গীতাৰ ভগৱানৰ ওপৰত) তোমালোক বিজয়ী হব পাৰিলে বাকী সকলো কথাতে বিজয় হৈ যাব, ইয়াৰ বাবে কনফাৰেন্সতো হব নহয় জানো! বুজি গৈ থাকিবা বৃক্ষ জোপাৰতো বৃদ্ধি নিশ্চয় হব। মায়াৰ ধুমুহাতো সকলোৰে লাগে। প্ৰায়ে লিখে - বাবা মই কাম বিকাৰ চৰ খালো, ইয়াক কোৱা হয় উপাৰ্জন কৰা সকলো শেষ। ক্ৰোধ আদি কৰিলে কোৱা হব যে কিছু লোকচান হল। ইয়াৰ বাবে বুজাবলগীয়া হয়, কাম বিকাৰক জয় কৰি জগতজিৎ হয়। কাম বিকাৰত পৰাজিত হলেই পৰাজয় হয়। কাম বিকাৰত পৰাজিত হোৱাজনৰ উপাৰ্জন শেষ হৈ যায়, শাস্তিৰ ভাগীদাৰ হৈ যায়। লক্ষ্য বহুত উচ্চ সেয়েহে বহুত সাৱধান হবলগীয়া হয়।তোমালোক সন্তানসকলে জানা যে 5000 বছৰ আগতেও আমি বাদশ্বাহী (সাম্ৰাজ্য) পাইছিলোঁ। এতিয়া পুনৰ দৈৱী ৰাজধানী স্থাপন হৈ আছে। এই পঢ়াৰ দ্বাৰা আমি সেই ৰাজধানীলৈ যাওঁ, সকলো পঢ়াৰ ওপৰতে নিৰ্ভৰ কৰে। পঢ়া আৰু ধাৰণাৰ দ্বাৰাহে আমি পিতাৰ সমান হমগৈ। ৰেজিষ্টাৰৰো প্ৰয়োজন নহয় জানো যাৰ দ্বাৰা জানিব পৰা যায় কিমানক নিজৰ সমান কৰি গঢ়িলোঁ। যিমান বেছি ধাৰণা কৰিবা সিমান বেছি মিঠা (মধুৰ) হবা। বহুত লভলী (মৰমীয়াল) সন্তানৰ প্ৰয়োজন। তোমালোক সন্তানসকলৰ কাৰণেই সেই দিন পুনৰ আজি আহিল, যাৰ কাৰণে মনুষ্যই বহুত চেষ্টা কৰে যে মুক্তিলৈ যাওঁ। পিতাই সকলোকে একেলগে মুক্তি জীৱনমুক্তি দিয়ে। যিসকলে দেৱতা হোৱাৰ পুৰুষাৰ্থ কৰে তেওঁলোকেই জীৱনমুক্তিত আহিব। বাকী সকলো মুক্তিত যাব। হিচাপ এক্যুৰেট (নিখুঁতকৈ) উলিয়াব নোৱাৰি। কিছুমানতো থাকিও যাব। বিনাশৰ সাক্ষাৎকাৰ কৰিব। এই সোণালী সময়ো দেখিবলৈ পাবা। প্ৰতিটো কথাত পুৰুষাৰ্থ কৰিবলগীয়া হয়। এনেকুৱাও নহয় যে স্মৰণ কৰিবলৈ বহিলে কাম হৈ যাব। ঘৰ পাই যাবা। নহয়। সেয়াতো ড্ৰামাত যি আছে সেয়াই হয়, আশা ৰাখিব নালাগে। পুৰুষাৰ্থ কৰিব লাগে। বাকী সেয়াই হয় যি ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আগলৈ গৈ তোমালোকৰ বৃত্তিও ভাই ভাইৰ হৈ যাব। যিমান পুৰুষাৰ্থ কৰিবা সিমানে ভাই ভাইৰ বৃত্তি থাকিব। আমি অশৰীৰী হৈ আহিছিলোঁ। 84 জন্মৰ চক্ৰ পূৰা কৰিলোঁ। এতিয়া পিতাই কয় - কৰ্মাতীত অৱস্থাত যাব লাগে।

তোমালোকে বাস্তৱত কাৰো সৈতে শাস্ত্ৰ আদিৰ ওপৰত বিবাদ কৰাৰ দৰকাৰ নাই। মূল কথা হৈছেই স্মৃতিত থকাৰ আৰু সৃষ্টিৰ আদি মধ্য অন্তক বুজি পোৱাৰ। চক্ৰৱৰ্তী ৰজা হব লাগে। এই চক্ৰকে কেৱল বুজিব লাগে। ইয়াৰে গায়ন আছে ছেকেণ্ডত জীৱনমুক্তি। তোমালোক সন্তানসকল আচম্বিত হোৱা চাগে, আধা কল্প ভক্তি চলে। জ্ঞান অলপো নাই। জ্ঞান পিতাৰহে আছে। পিতাৰ দ্বাৰাই জানিব লাগে। এই পিতা কিমান আনকমন (অসাধাৰণ), সেইবাবে কোটিৰ মাজত কোনোবাহে ওলায়। সেই শিক্ষকসকলে জানো এনেকৈ কব। এওঁতো কয় - ময়েই পিতা, শিক্ষক, গুৰু হওঁ। গতিকে মনুষ্যই শুনি আচম্বিত হৈ যাব। ভাৰতক মাদাৰকাণ্ট্ৰী (মাতৃ দেশ) বুলি কোৱা হয় কিয়নো অম্বাৰ নাম অতি বিখ্যাত। অম্বাৰ মেলাও বহুত অনুষ্ঠিত কৰা হয়। অম্বা শব্দটি মিঠা। শিশুৱেও মাকক মৰম কৰে কিয়নো মাকে খুৱায়-বুৱায় তত্বাৱধান লয়। এতিয়া অম্বাৰ বাবাও থাকিব লাগিব নহয় জানো। এওঁতো এডপ্টেড (তুলি লোৱা) কন্যা, এওঁৰ স্বামীতো নাই। এয়া নতুন কথা নহয় জানো। প্ৰজাপিতা ব্ৰহ্মাই নিশ্চয় এডপ্ট কৰিব (তুলি লব)। এই সকলো কথা পিতাহে আহি তোমালোক সন্তানসকলক বুজায়। কিমান মেলা লাগে পূজা হয়, কিয়নো তোমালোক সন্তানসকলে ছাৰ্ভিচ কৰা। মম্মাই যিমানক পঢ়ালে সিমান আৰু অন্য কোনেও পঢ়াব নোৱাৰে। মম্মাৰ নাম বহুত বিখ্যাত, মেলাও বহুত অনুষ্ঠিত কৰে। এতিয়া তোমালোক সন্তানসকলে জানা, পিতাহে আহি ৰচনাৰ আদি, মধ্য, অন্তৰ সকলো ৰহস্য তোমালোক সন্তানসকলক বুজাইছে। তোমালোকে পিতাৰ ঘৰৰ বিষয়েও জানিছা। পিতাৰ প্ৰতিয়ে লভ (মৰম) আছে, ঘৰৰ প্ৰতিও লভ আছে। এই জ্ঞান তোমালোকে এতিয়া পোৱা। এই পঢ়াৰ দ্বাৰা কিমান উপাৰ্জন হয়। তেন্তে আনন্দিত হোৱা উচিত নহয় জানো আৰু তোমালোক হৈছা একেবাৰে সাধাৰণ। জগতৰ লোকে নাজানে, পিতা আহি এই নলেজ (জ্ঞান) শুনায়। পিতাহে আহি সকলো নতুন নতুন কথা সন্তানসকলক শুনায়। নতুন সৃষ্টি বেহদৰ পঢ়াৰ দ্বাৰা স্থাপন হয়। পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মে। তোমালোক সন্তানসকলৰ ভিতৰত জ্ঞানৰ আনন্দ থাকে। পিতাক আৰু ঘৰক স্মৰণ কৰিব লাগে। ঘৰলৈতো সকলোৱে যাবই লাগিব। পিতাইতো সকলোকে কব নহয় জানো যে সন্তানসকল, মই তোমালোকক মুক্তি জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। আকৌ পাহৰি কিয় যোৱা! মই তোমালোকৰ বেহদৰ পিতা হওঁ, ৰাজযোগ শিকাবলৈ আহিছোঁ। তেন্তে কি তোমালোক শ্ৰীমতত নচলিবা নেকি। শ্ৰীমতত নচলিলেতো বহুত লোকচান হৈ যাব। এয়া হৈছে বেহদৰ (অসীমৰ) লোকচান। পিতাৰ হাত এৰি দিলে উপাৰ্জনত লোকচান হৈ যাব। ভাল বাৰু - গুডনাইট (শুভৰাত্ৰি)। ওঁম শান্তি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এইখন সৃষ্টিত যি কিছু আছে সেয়া পাহৰি যাব লাগে। পিতাৰ সমান অবিডিয়েণ্ট (আজ্ঞাকাৰী) হৈ সেৱা কৰিব লাগে। সকলোকে পিতাৰ পৰিচয় দিব লাগে।

(2) এই পতিত সৃষ্টিত নিজকে কুসুংগৰ পৰা ৰক্ষা কৰিব লাগে। বজাৰৰ লেতেৰা ভোজন খাব নালাগে, বায়স্কোপ (চিনেমা) চাব নালাগে।

বৰদান:
পৰমাত্ম স্মৃতিৰ কোলাত সমাহিত হওঁতা সংগমযুগী শ্ৰেষ্ঠ ভাগ্যৱান আত্মা হোৱা

সংগমযুগ সত্যযুগী স্বৰ্গতকৈও শ্ৰেষ্ঠ হয় কিয়নো এতিয়াৰ গায়ন আছে যে ব্ৰাহ্মণসকলৰ সংসাৰত কোনো বস্তুৰ অভাৱ নাই। এক পিতাক পালা গতিকে সকলো পালা। এতিয়া তোমালোক সন্তানসকলে কেতিয়াবা অতীন্দ্ৰিয় সুখৰ দোলনাত দুলি থাকা, কেতিয়াবা প্ৰসন্নতাৰ, কেতিয়াবা শান্তিৰ, কেতিয়াবা জ্ঞানৰ, কেতিয়াবা পৰমানন্দৰ আৰু কেতিয়াবা পৰমাত্ম কোলাৰ দোলনাত দুলি থাকা। পৰমাত্ম কোলা হৈছে - স্মৃতিৰ লভলীন (প্ৰেমত লীন) অৱস্থা। এই কোলাই ছেকেণ্ডত অনেক জন্মৰ দুখ-যন্ত্ৰণা পাহৰাই দিয়ে। সেয়েহে এই শ্ৰেষ্ঠ সংস্কাৰক সদায় স্মৃতিত ৰাখি ভাগ্যৱান আত্মা হবা।

স্লোগান:
এনেকুৱা সুসন্তান হোৱা যাতে বাবাই তোমালোকৰ গীত গায় আৰু তোমালোকে বাবাৰ গীত গোৱা।