14.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল - শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম লাগিলে কৰা কিন্তু অতি কমেও 8 (আঠ) ঘণ্টা পিতাক স্মৰণ কৰি বিশ্বক শান্তিৰ দান দিয়া, নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰা”

প্ৰশ্ন:
সূৰ্যবংশী কুলত উচ্চ পদ পোৱাৰ পুৰুষাৰ্থ কি?

উত্তৰ:
সূৰ্যবংশী কুলত উচ্চ পদ পাবলৈ হ’লে পিতাক স্মৰণ কৰা আৰু আনকো কৰোৱা। যিমানে স্বদৰ্শন চক্ৰধাৰী হ’বা আৰু আনকো কৰি তুলিবা সিমানে উচ্চ পদ পাবা। (2) পুৰুষাৰ্থ কৰি সন্মান সহকাৰে উত্তীৰ্ণ হোৱা। এনেকুৱা যাতে কোনো কৰ্ম নহয় যাৰ বাবে শাস্তি ভোগ কৰিবলগীয়া হ’ব। শাস্তি ভোগ কৰাসকলৰ পদ ভ্ৰষ্ট হৈ যায়।

গীত:
ইচ পাপ কি দুনীয়া ছে……. (এই পাপৰ সৃষ্টিৰ পৰা.......)

ওঁম্শান্তি।
এয়া হৈছে সন্তানসকলৰ প্ৰাৰ্থনা। কোনসকল সন্তানৰ? যিসকলে এতিয়ালৈকে জনা নাই। তোমালোক সন্তানসকলে জানি গৈছা যে এই পাপৰ জগতৰ পৰা বাবাই আমাক পুণ্যৰ জগতলৈ লৈ গৈ আছে। তাত সদায় আৰামেই আৰাম। দুখৰ নামেই নাই। এতিয়া নিজৰ অন্তৰক সোধা হয় যে আমি সেই সুখধামৰ পৰা আকৌ এই দুখধামলৈ কেনেকৈ আহি গ’লোঁ। এইটোতো সকলোৱে জানে যে ভাৰত প্ৰাচীন দেশ। ভাৰতেই সুখধাম আছিল। এখনেই ভগৱান ভগৱতীৰ ৰাজ্য আছিল। দেৱ কৃষ্ণ, দেৱী ৰাধা অথবা দেৱ নাৰায়ণ, দেৱী লক্ষ্মীয়ে ৰাজ্য কৰিছিল। সকলোৱে জানে এতিয়া পুনৰ ভাৰতবাসীয়েই নিজক পতিত ভ্ৰষ্টাচাৰী বুলি কিয় কয়? জানেও ভাৰত সোণৰ চৰাই (সমৃদ্ধিশালী) আছিল, পাৰসনাথ, পাৰসনাথিনীৰ ৰাজ্য আছিল আকৌ এই ভ্ৰষ্ঠাচাৰী অৱস্থা কেনেকৈ পালে? বাবাই বহি বুজায় - মোৰো ইয়াতেই জন্ম হয়। কিন্তু মোৰ হৈছে দিব্য জন্ম। তোমালোকে জানা আমি শিৱবংশী হওঁ আৰু প্ৰজাপিতা ব্ৰহ্মাকুমাৰ কুমাৰী হওঁ সেইকাৰণে বাবাই বুজাইছে পোন প্ৰথমে এইটো সোধা – ‘গড্‌ ফাদাৰ’ক জানেনে? তেতিয়া ক’ব - পিতা নহয় জানো তেন্তে আকৌ সম্বন্ধৰ কথা কিয় সোধে? পিতাতো হৈয়েই গ’ল। শিৱবংশীতো সকলো আত্মা হয় গতিকে সকলো ভাই ভাই হয়। আকৌ সাকাৰ প্ৰজাপিতা ব্ৰহ্মাৰ সৈতে কি সম্বন্ধ? তেতিয়া সকলোৱে ক’ব - পিতা হয় নহয় জানো। যাক আদি দেৱ বুলিও কোৱা হয়। শিৱ হৈ গ’ল নিৰাকাৰ পিতা, তেওঁ অমৰ নহ’ল জানো। আত্মাসকলো অমৰ। বাকী সাকাৰে এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয়। নিৰাকাৰ শিৱ বংশী। তাত আকৌ কুমাৰ কুমাৰী বুলি কোৱা নহ’ব। আত্মাসকলৰ কুমাৰ কুমাৰীৰ বোধ নাথাকে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হোৱা তেন্তে তাত কুমাৰ কুমাৰী হয়। শিৱবংশীতো আগৰ পৰাই হয়। শিৱবাবা পুনৰ্জন্মত নাহে। আমি আত্মাসকল পুনৰ্জন্মত আহোঁ। বাৰু তোমালোক যি পুণ্য আত্মা আছিলা পুনৰ পাপ আত্মা কেনেকৈ হ’লা? পিতাই কয় - তোমালোক ভাৰতৱাসীয়ে নিজে নিজক চৰ মাৰিছা। এনেকৈ কয়ো যে ‘পৰমপিতা’ আকৌ তেওঁক সৰ্বব্যাপী বুলি কৈ দিয়ে। পুণ্য আত্মা কৰি তোলোঁতা পিতাক তোমালোকে কুকুৰ, মেকুৰী, পাথৰ-শিলগুটি সকলোতে আছে বুলি কৈ দিছা। তেওঁ হৈছে বেহদৰ পিতা যিজনক তোমালোকে স্মৰণ কৰা। তেৱেঁই প্ৰজাপিতা ব্ৰহ্মাৰ মুখৰ দ্বাৰা ব্ৰাহ্মণ ৰচে। তোমালোক ব্ৰাহ্মণ পুনৰ দেৱতা হোৱা। পতিতৰ পৰা পাৱন কৰি তোলোঁতা একমাত্ৰ পিতাই হ’ল। তেওঁৰ সকলোতকৈ অধিক তোমালোকে গ্লানি কৰিছা সেইকাৰণে তোমালোকৰ ওপৰত ধৰ্মৰজাৰ দ্বাৰা মোকৰ্দমা চলিব। তোমালোকৰ সকলোতকৈ ডাঙৰ শত্ৰু হৈছে – 5 বিকাৰ ৰূপী ৰাৱণ। তোমালোকৰ হৈছে ৰামবুদ্ধি, বাকী সকলোৰে ৰাৱণবুদ্ধি। ৰামৰাজ্যত তোমালোক কিমান সুখী আছিলা। ৰাৱণৰাজ্যত তোমালোক কিমান দুখী হ’লা। তাত হৈছে পাৱন কুল। ইয়াত হৈছে পতিত কুল। এতিয়া কাৰ মতত চলিব লাগে? পতিত-পাৱনতো একমাত্ৰ নিৰাকাৰেই হয়। ঈশ্বৰ সৰ্বব্যাপী, ঈশ্বৰ সকলোতে বিৰাজমান, প্ৰতিজ্ঞাও এনেদৰে কৰায়। এইটো তোমালোক সন্তানসকলেহে জানা যে পিতা এই সময়ত উপস্থিত আছে। আমি দুচকুৰে দেখোঁ। আত্মাই গম পইছে যে পৰমপিতা পৰমাত্মাৰ এই শৰীৰত আগমন হৈছে। আমি জানো, চিনি পাওঁ। শিৱবাবাই পুনৰাই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি আমাক বেদ শাস্ত্ৰৰ সাৰ আৰু সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনাই ত্ৰিকালদৰ্শী কৰি আছে। স্বদৰ্শন চক্ৰধাৰীকেই ত্ৰিকালদৰ্শী বুলি কোৱা হয়। বিষ্ণুক এই চক্ৰ দিয়ে। তোমালোক ব্ৰাহ্মণেই আকৌ দেৱতা হোৱা। দেৱতাসকলৰ আত্মা আৰু শৰীৰ দুয়োটাই পৱিত্ৰ। তোমালোকৰ শৰীৰতো বিকাৰেৰে গঠিত হৈছে নহয় জানো। যদিওবা তোমালোক আত্মা অন্তিমত পৱিত্ৰ হৈ যোৱা, কিন্তু শৰীৰতো পতিত নহয় জানো সেইকাৰণে তোমালোকক স্বদৰ্শন চক্ৰ দিব নোৱাৰি। তোমালোক সম্পূৰ্ণ হোৱা তেতিয়া বিষ্ণুৰ বিজয় মালা হোৱা। ৰুদ্ৰ মালা আৰু পাছত বিষ্ণুৰ মালা। ৰুদ্ৰ মালা হৈছে নিৰাকাৰী আৰু তেওঁলোকে যেতিয়া সাকাৰত ৰাজ্য কৰে তেতিয়া মালা হৈ যায়। গতিকে এই সকলোবোৰ কথা তোমালোকে এতিয়া জানা, গায়নো কৰে – পতিত-পাৱন আহক তেন্তে নিশ্চয় এজন নহ’ল জানো। সকলো পতিতক পাৱন কৰি তোলোঁতা একমাত্ৰ পিতাই হয়, সেয়েহে পতিত-পাৱন, আটাইতকৈ মৰমৰ নিৰাকাৰী ঈশ্বৰ পিতা হ’ল। তেওঁ হ'ল জ্যেষ্ঠ বাবুল (পিতা)। কনিষ্ঠ বাবাকতো সকলোৱে ‘বাবা বাবা’ বুলি কৈ থাকে। যেতিয়া দুখ হয় তেতিয়া পৰমপিতা পৰমাত্মাক স্মৰণ কৰে। এয়া অতিকৈ বুজিবলগীয়া কথা। প্ৰথমতে এইটো কথা বুজাব লাগে। পৰমপিতা পৰমাত্মাৰ সৈতে আপোনাৰ কি সম্বন্ধ? শিৱ জয়ন্তীতো পালন কৰে। নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ মহিমা অতি শ্ৰেষ্ঠ। যিমান ডাঙৰ পৰীক্ষা সিমান ডাঙৰ উপাধি পোৱা যায় নহয়। বাবাৰ উপাধি অতি উচ্চ। দেৱতাসকলৰ মহিমাতো গতানুগতিক। সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ…… ডাঙৰ হিংসা হৈছে কাম কটাৰী চলাই আদি-মধ্য-অন্ত দুখ দিয়ে। এয়া হৈছে বৰ ডাঙৰ হিংসা। এতিয়া তোমালোক দ্বৈত অহিংসক হ’ব লাগে।

ভগৱানুবাচ - হে সন্তানসকল, তোমালোক হৈছা আত্মা, মই পৰমাত্মা। তোমালোকে 63 জন্ম বিষয় (বিকাৰৰ) সাগৰত আছিলা। এতিয়া মই তোমালোকক ক্ষীৰ সাগৰলৈ লৈ যাওঁ। বাকী অন্তিমৰ কিছু সময় তোমালোকে পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰা। এয়াতো ভাল মত নহয় জানো। এনেকৈ কয়ো যে আমাক পাৱন কৰি তোলক। পাৱন আত্মাসকল মুক্তিত থাকে। সত্যযুগত হৈছে জীৱনমুক্তি। পিতাই কয় - যদিহে সূৰ্যবংশী হ’ব বিচৰা তেন্তে পূৰা পুৰুষাৰ্থ কৰা। মোক স্মৰণ কৰা আৰু আনকো স্মৃতি সোঁৱৰাই দিয়া। যিমানে স্বদর্শন চক্ৰধাৰী হ’বা আৰু আনকো কৰি তুলিবা সিমানে উচ্চ পদ পাবা। এতিয়া চোৱা প্ৰেম কন্যাগৰাকী ডেহৰাডুনত থাকে। ইমানবিলাক ডেহৰাডুন নিবাসী স্বদৰ্শন চক্ৰধাৰীতো নাছিল। এয়া কেনেকৈ হ’ল? প্ৰেম কন্যাগৰাকীয়ে নিজৰ সমান কৰি তুলিলে। এনেকৈ নিজৰ সমান কৰি কৰি দৈৱী বৃক্ষৰ বৃদ্ধি হয়। অন্ধক দৃষ্টি দিয়াৰ পুৰুষাৰ্থ কৰিব লাগে নহয়। 8 (আঠ) ঘণ্টাতো তোমালোকৰ ছুটী। শৰীৰ নিৰ্বাহৰ অৰ্থে পেছাগত কাম-কাজ আদি কৰিব লাগে। য’লৈকে যোৱা চেষ্টা কৰি মোক স্মৰণ কৰা। যিমান তোমালোকে বাবাক স্মৰণ কৰা তাৰমানে তোমালোকে শান্তিৰ দান গোটেই সৃষ্টিক দিয়া। যোগেৰে শান্তিৰ দান দিয়াতো কোনো কঠিন নহয়। অৱশ্যে হয় কেতিয়াবা কেতিয়াবা যোগাভ্যাসত বহুওৱাও হয় কিয়নো সংগঠনৰ বল একত্ৰিত হৈ যায়। বাবাই বুজাইছে - শিৱবাবাক স্মৰণ কৰি তেওঁক কোৱা - বাবা এওঁ আমাৰ কুলৰ, এওঁৰ বুদ্ধিৰ তলা খুলি দিয়ক। এয়াও স্মৃতিত থকাৰ যুক্তি। নিজৰ অভ্যাসতো এইটো ৰাখিব লাগে, চলোঁতে-ফুৰোঁতে যাতে শিৱবাবাৰ স্মৃতি থাকে। বাবা এওঁক আশীৰ্বাদ কৰক। আশীৰ্বাদ দিওতা দয়াশীলতো একমাত্ৰ বাবাই হয়। হে ভগৱান এওঁক দয়া কৰক। ভগৱানকেই ক’ব নহয়। তেৱেঁই দয়াময় (মাৰ্চিফুল), ন’লেজফুল (জ্ঞানপূৰ্ণ), ব্লিছফুল (আনন্দময়) হয়। পৱিত্ৰতাতো সম্পূৰ্ণ, স্নেহতো সম্পূৰ্ণ। তেন্তে ব্ৰাহ্মণ কুল ভূষণসকলৰ পৰস্পৰ কিমান স্নেহ থকা উচিত। কাকোৱে দুখ দিব নালাগে। তাত জন্তু আদিয়েও কাকো দুখ নিদিয়ে। তোমালোক সন্তানসকল ভাই ভাই ঘৰত থাকি সৰু কথাতে পৰস্পৰ কাজিয়া কৰা। তাততো জন্তু আদিয়েও কাজিয়া নকৰে। তোমালোকেও শিকিব লাগে। নিশিকিলে পিতাই ক’ব - তোমালোকে বহুত শাস্তি ভোগ কৰিবা। পদ ভ্রষ্ট হৈ যাব। শাস্তিৰ লায়ক আমি কিয় হওঁ! সন্মান সহকাৰে উৰ্ত্তীৰ্ণ হ’ব লাগে নহয়। আগলৈ গৈ বাবাই সকলো সাক্ষাৎকাৰ কৰাই থাকিব। এতিয়া অলপ সময় আছে সেইবাবে সোনকালে কৰি থাকা। বেমাৰতো সকলোকে কয় নহয় যে ‘ৰাম ৰাম’ বুলি কোৱা। অন্তৰৰ পৰাও কয়। অন্তিমতো কোনো কোনো বহুত তীব্ৰতাৰে আগবাঢ়ি যাব। পৰিশ্ৰম কৰি আগবাঢ়ি যায়। তোমালোকে বহুত আশ্চৰ্য দেখি থাকিবা। নাটকৰ অন্তিমত ভূমিকা আশ্চৰ্যজনক হয় নহয়। অন্তিমতে বাঃ! বাঃ! হয়, সেই সময়ততো বহুত আনন্দিত হৈ থাকিবা। যাৰ জ্ঞান নাই তেওঁলোকতো তাতেই সংজ্ঞাহীন হৈ যাব। অপাৰেচন আদিৰ সময়ত ডাক্তৰে দুৰ্বল লোকসকলক থিয় নকৰায়। বিভাজনৰ সময়ত কি হ’ল, সকলোৱে দেখিলা নহয়! এয়াতো বহুত যন্ত্ৰণাৰ সময়। ইয়াক অনাহকতে তেজৰ নৈ বুলি কোৱা হয়। এয়া চাবলৈ বহুত সাহসৰ প্ৰয়োজন। তোমালোকৰ হৈছে 84 জন্মৰ কাহিনী। আমিয়েই দেৱী-দেৱতা হৈ ৰাজ্য কৰিছিলোঁ। আকৌ মায়াৰ বশীভূত হৈ বামমাৰ্গত গ’লোঁ, আকৌ এতিয়া দেৱতা হওঁ। এয়া সোঁৱৰি থাকা তেতিয়াও নাও পাৰ হ’ব। এয়াই স্বদৰ্শন চক্ৰ নহয় জানো। বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ সমান সৰ্বগুণেৰে সম্পূৰ্ণ হ'ব লাগে। পৰস্পৰ অতি স্নেহেৰে থাকিব লাগে। কেতিয়াও কাকো দুখ দিব নালাগে।

(2) চলোঁতে-ফুৰোঁতে পিতাৰ স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। স্মৃতিত থাকি গোটেই বিশ্বক শান্তিৰ দান দিব লাগে।

বৰদান:
জ্ঞানৰ ৰহস্যক বুজি সদায় অবিচলিত হৈ থাকোঁতা নিশ্চয় বুদ্ধিৰ, বিঘ্ন-বিনাশক হোৱা

বিঘ্ন-বিনাশক স্থিতিত স্থিত হৈ থাকিলে যিমানেই ডাঙৰ বিঘ্ন নহওক খেল যেন অনুভৱ হ'ব। খেল বুলি ভবাৰ কাৰণে বিঘ্নলৈ কেতিয়াও ভয় নকৰিব বৰঞ্চ আনন্দেৰে বিজয়ী হ'ব আৰু ‘ডবল লাইট’ হৈ থাকিব। ড্ৰামাৰ জ্ঞানৰ স্মৃতিৰে সকলো বিঘ্ন “একো নতুন নহয়” (নাথিং নিউ) যেন লাগে। নতুন কথা যেন নালাগিব, বহুত পুৰণা কথা। অনেক বাৰ বিজয়ী হৈছোঁ - এনেকুৱা নিশ্চয় বুদ্ধিৰ, জ্ঞানৰ ৰহস্য বুজোঁতা সন্তানসকলৰেই স্মাৰক হৈছে ‘অচলঘৰ’।

স্লোগান:
দৃঢ়তাৰ শক্তি লগত থাকিলে সফলতা ডিঙিৰ হাৰ হৈ যাব।

“মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য”

আমি যিয়েই ভাল বা বেয়া কৰ্ম কৰোঁ তাৰ ফল অৱশ্যে পোৱা যায়। যেনেকৈ কোনোবাই দান পুণ্য কৰে, হোম-যজ্ঞ কৰে, পূজা-পাঠ কৰে তেতিয়া তেওঁলোকে ভাবে যে আমি ঈশ্বৰৰ অৰ্থে যি দান কৰিলোঁ সেয়া পৰমাত্মাৰ দৰবাৰত দাখিল হৈ যায়। যেতিয়া আমি মৰিম তেতিয়া সেই ফল নিশ্চয় পাম আৰু আমাৰ মুক্তি হৈ যাব, কিন্তু এয়াতো আমি জানিছোঁ যে এয়া কৰিলে চিৰদিনৰ বাবে কোনো লাভ নহয়। এয়াতো আমি যেনেকুৱা কৰ্ম কৰিম তাৰ দ্বাৰা অল্পকালৰ বাবে ক্ষণভঙ্গুৰ সুখৰ প্ৰাপ্তি অৱশ্যে হয়। কিন্তু যেতিয়ালৈকে এই ব্যৱহাৰিক জীৱন সদায় সুখী নহয় তেতিয়ালৈকে তাৰ প্ৰতিদান (ৰিটাৰ্ন) পাব নোৱাৰে। আমি লাগিলে যাকেই নোসোধো এয়া আপুনি যি কৰি আহিছে, সেয়া কৰি আপুনি সম্পূৰ্ণ ফল পাইছেনে? তেতিয়া তেওঁৰ ওচৰত কোনো উত্তৰ নাথাকে। এতিয়া পৰমাত্মাৰ ওচৰত দাখিল হ’ল নে নহ’ল, সেয়া আমি কি জানোঁ? যেতিয়ালৈকে নিজৰ ব্যৱহাৰিক জীৱনত কৰ্ম শ্ৰেষ্ঠ নহয় তেতিয়ালৈকে যিমানেই কষ্ট নকৰা তথাপি মুক্তি জীৱনমুক্তি প্ৰাপ্ত নহ'ব। বাৰু, দান পুণ্য কৰিলা কিন্তু সেয়া কৰা বাবে কোনো বিকৰ্মতো ভস্ম নহ'ল, তেন্তে মুক্তি জীৱনমুক্তি কেনেকৈ প্ৰাপ্ত হ'ব। যদিও ইমান সন্ত মহাত্মা আছে, যেতিয়ালৈকে তেওঁলোকৰ কৰ্মৰ জ্ঞান নাই, তেতিয়ালৈকে সেই কৰ্ম অকৰ্ম হ'ব নোৱাৰে আৰু মুক্তি জীৱনমুক্তিও প্ৰাপ্ত নকৰে। তেওঁলোকেও এইটো নাজানে যে সত্য-ধৰ্ম কি আৰু সত্য-কৰ্ম কি, কেৱল মুখেৰে ‘ৰাম’ ‘ৰাম’ বুলি কোৱা, ইয়াৰ দ্বাৰা কোনো মুক্তি নহয়। বাকী এনেকৈ ভাবি লয় যে মৃত্যুৰ পাছত আমাৰ মুক্তি হ'ব। তেওঁলোকে এইটো গমেই নাপায় যে মৃত্যুৰ পাছত কি লাভ হ'ব? একোৱেই নহয়। বাকীতো মনুষ্যই নিজৰ জীৱনত লাগিলে বেয়া কৰ্মই কৰক বা ভাল কৰ্মই কৰক তাৰ ফল এইটো জীৱনতে ভোগ কৰিব লাগে। এতিয়া এই গোটেই জ্ঞান আমি পৰমাত্মা শিক্ষকৰ দ্বাৰা পাই আছোঁ যে কেনেকৈ শুদ্ধ কৰ্ম কৰি নিজৰ ব্যৱহাৰিক জীৱন গঢ়িব লাগে। ভাল বাৰু - ওঁ‌ম্ শান্তি।