14.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল 21 জন্মৰ সম্পূৰ্ণ প্ৰালব্ধ ল'বৰ কাৰণে পিতাৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত হৈ যোৱা, আধা নহয়, উৎসৰ্গিত হোৱা অৰ্থাৎ পিতাৰ হৈ যোৱা

প্ৰশ্ন:
কোনটো গূঢ় কথা বুজিবৰ কাৰণে বেহদৰ বুদ্ধি লাগে?

উত্তৰ:
এইখন বেহদৰ পূৰ্ব নিৰ্ধাৰিত নাটক, যি অতীত হৈ গ'ল সেয়া নাটক। এতিয়া এই নাটক পূৰা হয়, আমি ঘৰলৈ যাম, পুনৰ নতুনকৈ ভূমিকা আৰম্ভ হ'ব... এইটো গূঢ় কথা বুজিবৰ কাৰণে বেহদৰ বুদ্ধি লাগে। বেহদৰ ৰচনাৰ জ্ঞান বেহদৰ পিতাইহে দিয়ে।

প্ৰশ্ন:
মনুষ্যই কোনটো কথাত হায় হায় কৰি চিঞৰ-বাখৰ কৰে আৰু তোমালোক সন্তানসকল আনন্দিত হোৱা?

উত্তৰ:
অজ্ঞানী মনুষ্যই অলপ বেমাৰ হলেই চিঞৰ-বাখৰ কৰে, তোমালোক সন্তানসকল আনন্দিত হোৱা কিয়নো বুজি পোৱা যে এয়াও পুৰণা হিচাপ-নিকাচ নিষ্পত্তি হৈ আছে।

গীত:-
তুনে ৰাত গৱায়ী চো কে, দিন গৱায়ী খা কে.... (তুমি ৰাতি শুই কটালা, দিন খাই কটালা...)

ওঁম্শান্তি।
বাস্তৱত ওঁম্ শান্তি বুলি কোৱাৰো প্ৰয়োজন নাই। কিন্তু কোনোবা নহয় কোনোবা সন্তানক বুজাবলগীয়া হয়েই, পৰিচয় দিবলগীয়া হয়। আজিকালি বহুত আছে যিয়ে ওঁম্ শান্তি ওঁম্ শান্তি বুলি জপ কৰি থাকে। অৰ্থতো বুজি নাপায়। ওঁম্ শান্তি, আমাৰ অৰ্থাৎ আত্মাসকলৰ স্বধৰ্ম হৈছে শান্তি। এইটোতো ঠিক কিন্তু আকৌ ওঁম্ শিৱোহম্ বুলিও কৈ দিছে, সেইটো আকৌ ভুল হৈ গ'ল। বাস্তৱত এই গীত আদিৰো প্ৰয়োজন নাই। জগতত আজিকালি কাণেৰে শুনি ৰসাস্বাদন কৰা বহুত আছে। এই কাণেৰে শুনি ৰসাস্বাদন কৰাৰ পৰা লাভ একো নহয়। মনৰ ৰসতো এতিয়াহে এটা কথাৰ পোৱা যায়। পিতাই সন্তানসকলক সন্মুখত বহি বুজায়, কয় - তোমালোকে ভক্তিতো বহুত কৰিলা, এতিয়া ভক্তিৰ ৰাত্ৰি পূৰা হৈ প্ৰভাত হৈ আছে। প্ৰভাতৰ বহুত মহত্ব আছে। প্ৰভাতৰ সময়ত পিতাক স্মৰণ কৰিব লাগে। প্ৰভাতৰ সময়ত ভক্তিও বহুত কৰে। মালাও জপে। এয়া ভক্তি মাৰ্গৰ প্ৰথা চলি আহিছে। পিতাই কয় সন্তানসকল, এইখন নাটক এতিয়া পূৰা হয়, এই চক্ৰ পুনৰাবৃত্তি হয়। তাততো ভক্তিৰ দৰকাৰ নাই। নিজেই কয় - ভক্তিৰ পাছত ভগৱানক পোৱা যায়। ভগৱানক স্মৰণ কৰে কিয়নো দুখী হয়। যেতিয়া কিবা বিপদ আহে বা বেমাৰত পৰে তেতিয়া ভগৱানক স্মৰণ কৰে, ভক্তইহে ভগৱানক স্মৰণ কৰে। সত্যযুগ ত্ৰেতাত ভক্তি নাথাকে। নহ'লেতো সকলো ভক্তি পন্থী হৈ যাব। ভক্তি, জ্ঞান আৰু পাছত হৈছে বৈৰাগ্য। ভক্তিৰ পাছত আকৌ হৈছে দিন। দিন বুলি কোৱা হয় নতুন সৃষ্টিক। ভক্তি, জ্ঞান, বৈৰাগ্য শব্দকেইটা ঠিক। বৈৰাগ্য কিহৰ? পুৰণি সৃষ্টিৰ, পুৰণি সম্বন্ধ আদিৰ পৰা বৈৰাগ্য। বিচাৰে আমি মুক্তিধামলৈ বাবাৰ ওচৰলৈ যাওঁ। ভক্তিৰ পাছত আমি ভগৱানক নিশ্চয় পাব লাগে। ভক্তসকলেহে ভগৱান পিতাক পায়। ভক্তসকলক সৎগতি দিয়াতো ভগৱানৰহে কাম। অন্য একো কৰিব নালাগে কেৱল পিতাক চিনিব লাগে। পিতা হৈছে এই মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ বীজ, ইয়াক ওলোটা বৃক্ষ বুলি কোৱা হয়। বীজৰ পৰা বৃক্ষ কেনেকৈ অংকুৰিত হয়, এয়াতো বহুত সহজ। এতিয়া তোমালোকে জানা - এই বেদ শাস্ত্ৰ, গ্ৰন্থ আদি পঢ়া, জপ-তপ কৰা এয়া সকলো হৈছে ভক্তি মাৰ্গ। এয়া কোনো ভগৱানক পোৱাৰ সঁচা মাৰ্গ নহয়। মুক্তি-জীৱনমুক্তিৰ সঁচা মাৰ্গতো ভগৱানেহে দেখুৱায়। তোমালোকে জানা এতিয়া নাটক পূৰা হ'ব, যি অতীত হৈ গ'ল সেয়া নাটক। এয়া বুজিবৰ কাৰণে বহুত বেহদৰ বুদ্ধি লাগে। বেহদৰ মালিকেহে গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ, বেহদৰ জ্ঞান দিয়ে। তেওঁক কোৱা হয় জ্ঞানেশ্বৰ, ৰচয়িতা। জ্ঞানেশ্বৰ অৰ্থাৎ ঈশ্বৰৰ জ্ঞান আছে, ইয়াক কোৱা হয় আত্মিক আধ্যাত্মিক জ্ঞান। ঈশ্বৰ পিতাৰ জ্ঞান। তোমালোকো ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী হৈছা। যথাযথ ভগৱানুবাচ (ভগৱানে কয়) - তোমালোকক ৰাজযোগ শিকাওঁ গতিকে ভগৱান শিক্ষকো হৈ গ'ল। তোমালোক বিদ্যাৰ্থীও হোৱা, সন্তানো হোৱা। সন্তানসকলে ককাৰ পৰা উত্তৰাধিকাৰ পায়। এইটোতো বহুত সহজ কথা। সন্তান যদি যোগ্য নহয় তেন্তে পিতাকে লঠিয়াই উলিয়াই দিয়ে, বেপাৰ আদিত যিসকল ভাল সহায়কাৰী হয় তেওঁলোকহে অংশীদাৰ হয়। গতিকে তোমালোক সন্তানসকলৰো ককাৰ সম্পত্তিৰ ওপৰত অধিকাৰ আছে। তেওঁ হৈছে নিৰাকাৰ। সন্তানসকলে জানে আমি নিজৰ ককাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। তেৱেঁই স্বৰ্গৰ স্থাপনা কৰে। জ্ঞানপূৰ্ণ হয়। ব্ৰহ্মা, বিষ্ণু, শংকৰক পতিত-পাৱন বুলি কোৱা নকব। তেওঁলোকতো হৈছে দেৱতা। তেওঁলোকক সৎগতি দাতা বুলি কোৱা নহব। তেওঁ (সৎগতি দাতা) এজনেই। স্মৰণো সকলোৱে এজনকেই কৰে। পিতাৰ পৰিচয় নজনাৰ কাৰণে কৈ দিয়ে যে সকলোৰে মাজত পৰমাত্মা আছে। যদি কাৰোবাৰ সাক্ষাৎকাৰ হৈ যায় তেতিয়া ভাবে হনুমানে দৰ্শন কৰালে। ভগৱানতো সৰ্বব্যাপী হয়। যিকোনো বস্তুৰ প্ৰতি ভাৱনা ৰাখিলে তেতিয়া সাক্ষাৎকাৰ হৈ যায়। ইয়াততো হৈছে পঢ়াৰ কথা। পিতাই কয় - মই আহি সন্তানসকলক পঢ়াওঁ। তোমালোকে দেখিবলৈও পোৱা কেনেকৈ পঢ়ায়, যেনেকুৱা অন্য শিক্ষকসকল, একেবাৰে সাধাৰণ ৰীতিৰে পঢ়ায়। বেৰিষ্টাৰ হয় তেন্তে নিজৰ সমান বেৰিষ্টাৰ কৰি তুলিব। এয়াতো তোমালোকেহে জানা যে এই ভাৰতক স্বৰ্গ কোনে কৰি তুলিলে? আৰু ভাৰতত থকা সূৰ্যবংশী দেৱী-দেৱতাসকল ক'ৰপৰা আহিল? মনুষ্যই একেবাৰে গম নাপায়। এতিয়া হৈছে সংগম। তোমালোক সংগমত ঠিয় হৈ আছা, অন্য কোনো সংগমত নাই। এই সংগমৰ মেলা চোৱা কেনেকুৱা। সন্তানসকল পিতাক সাক্ষাৎ কৰিবলৈ আহিছে। এই মেলাই হৈছে কল্যাণকাৰী। বাকী অন্য যি কুম্ভমেলা আদি অনুষ্ঠিত হয়, তাৰ পৰা কোনো প্ৰাপ্তি নহয়। সঁচা কুম্ভৰ মেলা বুলি কোৱা হয় সংগমক। গায়ন কৰে - আত্মা পৰমাত্মা পৃথকে থাকিল বহুকাল আকৌ সুন্দৰ অপূৰ্ব মেলা কৰি দিলে। এই সময় কিমান ভাল। এই সংগমৰ সময় কিমান কল্যাণকাৰী হয় কিয়নো এই সময়তেই সকলোৰে কল্যাণ হয়। পিতা আহি সকলোকে পঢ়ায়, তেওঁ হৈছে নিৰাকাৰ, তৰা। লিংগ ৰূপ দিয়া হৈছে বুজাবৰ কাৰণে। বিন্দু ৰাখিলে একো বুজিব নোৱাৰে। তোমালোকে বুজাব পাৰা আত্মা হৈছে এটা তৰা। পিতাও তৰা। যেনেকুৱা আত্মা তেনেকুৱাই পৰমপিতা পৰমাত্মা। পাৰ্থক্য নাই। তোমালোক আত্মাসকলো ক্ৰমানুসৰি হোৱা। কাৰোবাৰ বুদ্ধিত বহুত জ্ঞান ভৰপূৰ হৈ আছে, কাৰোবাৰ বুদ্ধিত কম। এতিয়া তোমালোকে বুজি পোৱা যে আমি আত্মাসকলে কেনেকৈ 84 জন্ম ভোগ কৰোঁ। প্ৰত্যেকেই নিজৰ হিচাপ-নিকাচ ভোগ কৰিবই লাগিব। কোনোবা বেমাৰত পৰে, হিচাপ নিষ্পত্তি কৰিব লাগে। এনেকুৱা নহয় ঈশ্বৰীয় সন্তানে এয়া ভোগ কৰিবলগীয়া কিয় হয়! পিতাই বুজাইছে সন্তানসকল, জন্ম-জন্মান্তৰ পাপ আছে। যদিওবা কুমাৰী, কুমাৰীৰ দ্বাৰা কি পাপ হৈছে বাৰু? কিন্তু এয়াতো অনেক জন্মৰ হিচাপ-নিকাচ নিষ্পত্তি হ'ব লাগে নহয় জানো। বাবাই বুজাইছে - এইটো জন্মতো কৰা পাপ যদি নুশুনোৱা তেন্তে ভিতৰি বৃদ্ধি হৈ গৈ থাকিব। কৈ দিলে সেয়া পুনৰ বৃদ্ধি নহ'ব। সকলোতকৈ এক নম্বৰ পাৱন ভাৰত আছিল, এতিয়া ভাৰত সকলোতকৈ পতিত। গতিকে তেওঁলোকে পৰিশ্ৰমো বেছিকৈ কৰিবলগীয়া হয়। যিসকলে বহুত সেৱা কৰে, বুজিব পাৰে যে আমি উচ্চ স্থানত যাম। কিছু হিচাপ-নিকাচ যদি বাকী আছে তেন্তে কৰ্মভোগ ভূগিব লাগিব। সেই কৰ্মভোগো আনন্দেৰে ভোগ কৰা হয়। অজ্ঞানী মনুষ্যৰতো কিবা হলে তেতিয়া একদম হায় হায় কৰি চিঞৰ-বাখৰ কৰিবলৈ ধৰে। ইয়াততো আনন্দেৰে ভূগিব লাগে। আমিয়েই পাৱন আছিলোঁ, আমিয়ে সকলোতকৈ বেছি পতিত হওঁ। এই চোলা (শৰীৰ) আমি ভূমিকা পালন কৰিবলৈ পাইছোঁ। এতিয়া বুদ্ধিত উদয় হৈছে, আমি সকলোতকৈ অধিক পতিত হৈছোঁ। বহুত পৰিশ্ৰম কৰিবলাগীয়া হয়। আশ্চৰ্যান্বিত হ'ব নালাগে যে অমুকৰ এইটো বেমাৰ কিয় হল! হেৰৌ চোৱা কৃষ্ণৰো নাম শ্যাম বৰণীয়া, কলা বুলি গায়ন কৰা হৈছে। চিত্ৰ তৈয়াৰ কৰোঁতাসকলে বুজি নাপায়। তেওঁলোকেতো ৰাধাক বগা কৃষ্ণক শ্যাম বৰণীয়া দেখুৱায়। ভাবে ৰাধা কুমাৰী গতিকে তেওঁৰ মান ৰাখে। ভাবে তেওঁ কেনেকৈ ক'লা হ'ব। এই কথাবোৰ তোমালোকে বুজি পোৱা। যিসকল দেৱতা কুলৰ আছিল তেওঁলোকে এতিয়া নিজকে হিন্দু ধৰ্মৰ বুলি বুজি আছে।

তোমালোকে শ্ৰীমতত নিজৰ কুলৰ উদ্ধাৰ কৰা। গোটেই কুলক পাৱন কৰি তুলিব লাগে, উদ্ধাৰ কৰি ওপৰলৈ লৈ আহিব লাগে। তোমালোক মুক্তি বাহিনী হোৱা নহয় জানো। পিতাইহে দুৰ্গতিৰ পৰা উদ্ধাৰ কৰি সৎগতি কৰে, তেওঁকেই ৰচয়িতা, নিৰ্দেশক, মুখ্য ভাৱৰীয়া বুলি গায়ন কৰা হৈছে। ভাৱৰীয়া কেনেকৈ হয়, পতিত-পাৱন পিতা আহি পতিত সৃষ্টিত সকলোকে পাৱন কৰি তোলে, গতিকে মুখ্য (ভাৱৰীয়া) হ'ল নহয় জানো। ব্ৰহ্মা, বিষ্ণু শংকৰক কোনেও কৰণকৰাৱনহাৰ বুলি নকয়। এতিয়া তোমালোকে অনুভৱেৰে ক'ব পাৰা - বাবা যাক কৰণকৰাৱনহাৰ বুলি কয় তেওঁ এই সময়ত ভূমিকা পালন কৰে। তেওঁ ভূমিকা পালন কৰিবও সংগমত। তেওঁক কোনেও নাজানে। মনুষ্য 16 কলাৰ পৰা পুনৰ অৱনমিত হয়। লাহে লাহে কলা কম হৈ গৈ থাকে। প্ৰতিটো জন্মত কিছু নহয় কিছু কলা কম হয়। সত্যযুগত 8 (আঠ) জন্ম ল'বলগীয়া হয়। এটি এটি জন্মত নাটক অনুসৰি কিছু নহয় কিছু কলা কম হৈ যায়। এতিয়া হৈছে আৰোহণ কৰাৰ পাল। যেতিয়া পূৰা আৰোহণ কৰি লম তাৰপাছত লাহে লাহে অৱনমিত হম। সন্তানসকলে জানে এতিয়া এয়া ৰাজধানী স্থাপন হৈ আছে। ৰাজধানীততো সকলো প্ৰকাৰৰেই লাগে। যিসকল ভালদৰে শ্ৰীমতত চলে তেওঁলোকে উচ্চ পদ পায়, সেয়াও যেতিয়া সুধিব নহয় জানো! বাবালৈ সম্পূৰ্ণ খতিয়ানো পঠিয়াব, তেতিয়া বাবাই ৰায় দিব পাৰে। এনেকুৱা নহয় বাবাইতো সকলো জানে। তেওঁতো গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তক জানে। বহি এজন এজনৰ অন্তৰৰ কথাৰতো গম লৈ নাথাকিব, তেওঁ জ্ঞানপূৰ্ণ হয়। বাবাই কয় - মই আদি-মধ্য-অন্তক জানোঁ, সেইবাবেতো কওঁ যে তোমালোক এনেকৈ এনেকৈ অৱনমিত হোৱা। পুনৰ এনেকৈ আৰোহণ কৰা। এয়া ভাৰতৰ ভূমিকা। ভক্তিতো সকলোৱে কৰে। যিসকলে সকলোতকৈ বেছি ভক্তি কৰে তেওঁলোকে প্ৰথমে সৎগতি পাব লাগে। পূজ্য আছিল আকৌ 84 জন্মও তেওঁলোকে ললে। ভক্তিও তেওঁলোকে ক্ৰমানুসৰি কৰিছে। যদিওবা এই সময়ত জন্ম লৈছে কিন্তু আগৰ জন্মৰ পাপতো আছে নহয়। সেয়া স্মৃতিৰ বলেৰে খণ্ডিত হয়। স্মৃতিত থকাটোৱেই কঠিন। তোমালোকৰ কাৰণে বাবাই কয় - তোমালোক স্মৃতিত বহা তেতিয়া নিৰোগী হ'বা। বাবাৰ পৰা উত্তৰাধিকাৰ পোৱা যায় - সুখ, শান্তি, পৱিত্ৰতাৰ। নিৰোগী কায়া আৰু দীৰ্ঘায়ুও প্ৰাপ্ত হয় কেৱল স্মৃতিৰ দ্বাৰা। জ্ঞানেৰে তোমালোক ত্ৰিকালদৰ্শী হোৱা। ত্ৰিকালদৰ্শীৰ অৰ্থও কোনেও নাজানে। তন্ত্ৰ-মন্ত্ৰৰে সিদ্ধি লাভ কৰোঁতাও বহুত আছে। ইয়াত বহিও লণ্ডনৰ সাংসদ আদি প্ৰত্যক্ষ কৰি থাকে। কিন্তু এনেকুৱা তন্ত্ৰ-মন্ত্ৰৰে একো লাভ নহয়। সাক্ষাৎকাৰো হয় দিব্য দৃষ্টিৰে, এই নয়নেৰে নহয়। এই সময়ত সকলো ক'লা বৰণীয়া। তোমালোক উৎসৰ্গিত হোৱা অৰ্থাৎ পিতাৰ হোৱা। বাবাও পূৰা উৎসৰ্গিত হৈ গল, যিসকল আধা উৎসৰ্গিত হয় তেওঁলোকে পায়ো আধা। বাবাও (ব্ৰহ্মাও) উৎসৰ্গিত হৈ গ'ল নহয় জানো। যি কিছু আছিল উৎসৰ্গিত কৰি দিলে। ইমানবিলাক যি সমৰ্পিত হয়, তেওঁলোকৰ 21 জন্মৰ কাৰণে প্ৰাপ্তি হয়, ইয়াত জীৱঘাত কৰাৰ কথা নাই। জীৱঘাতীসকলক মহাপাপী বুলি কোৱা হয়। আত্মাই নিজৰ শৰীৰ ঘাত কৰে, এইটোতো ভাল কথা নহয়। মনুষ্যই অন্যৰ ডিঙি কাটি দিয়ে, এওঁলোকে নিজৰ কাটি দিয়ে সেয়েহে জীৱঘাতী, মহাপাপী বুলি কোৱা হয়।

পিতাই মৰমৰ সন্তানসকলক কিমান ভালদৰে বুজায়। তোমালোকে জানা কল্পই কল্পই, কল্পৰ সংগমযুগত এই কুম্ভৰ মেলালৈ আহে। এয়া সেয়াই মাতা-পিতা। কয় - বাবা আপুনিয়েই আমাৰ সকলো। বাবায়ো কয় - হে সন্তানসকল, তোমালোক আত্মাসকল মোৰ হোৱা। তোমালোক সন্তানসকলে জানা শিৱবাবা আহিছে কল্পৰ পূৰ্বৰ দৰে। যিসকলে সম্পূৰ্ণ 84 জন্ম লৈছে তেওঁলোকক অলংকৃত কৰি আছে। তোমালোক আত্মাই জানা বাবা জ্ঞানপূৰ্ণ পতিত-পাৱন হয়। তেওঁ এতিয়া আমাক গোটেই জ্ঞান দিয়ে। তেৱেঁই জ্ঞানৰ সাগৰ হয়, ইয়াত শাস্ত্ৰৰ কোনো কথা নাই। ইয়াততো দেহ সহিত সকলো পাহৰি নিজক আত্মা বুলি বুজিব লাগে। এজন পিতাৰ হৈছা গতিকে বাকী সকলো পাহৰি যাব লাগে। অন্য সংগৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি এজনৰ লগত গঢ়িব লাগে। গায়নো কৰে - আমি তোমাৰ লগতে যোগসূত্ৰ গঢ়িম। বাবা মই সম্পূৰ্ণ উৎসৰ্গিত হৈ যাম। পিতায়ো কয় - মই তোমালোকৰ প্ৰতি উৎসৰ্গিত হৈ যাওঁ। মৰমৰ সন্তানসকল, তোমালোকক গোটেই বিশ্বৰ বাদশ্বাহীৰ মালিক কৰি তোলোঁ, মইতো নিষ্কামী হওঁ। মনুষ্যই যদিওবা নিষ্কাম সেৱা কৰে বুলি কয় কিন্তু ফলতো পায় নহয় জানো। পিতাই নিষ্কাম সেৱা কৰে, এয়াও তোমালোকে জানা। আত্মাই যি কয় যে আমি নিষ্কাম সেৱা কৰোঁ, এয়া ক'ৰপৰা শিকিছে! তোমালোকে জানা নিষ্কাম সেৱা বাবাইহে কৰে। আহেই কল্পৰ সংগমযুগত। এতিয়াও তোমালোকৰ সন্মুখত বহি আছে। পিতাই নিজেই কয় - মইতো নিৰাকাৰ হওঁ। মই তোমালোকক এই উত্তৰাধিকাৰ কেনেকৈ দিওঁ? সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান কেনেকৈ শুনাওঁ? ইয়াত প্ৰেৰণাৰ কথা নাই। শিৱ জয়ন্তী পালন কৰে গতিকে নিশ্চয় আহোঁ নহয় জানো। মই ভাৰতলৈ আহোঁ। ভাৰতৰ মহিমা শুনায়। ভাৰততো একেবাৰে মহান পৱিত্ৰ আছিল, এতিয়া পুনৰাই হৈ আছে। পিতাৰ সন্তানসকলৰ প্ৰতি কিমান স্নেহ আছে। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমতত নিজৰ কুলৰ উদ্ধাৰ কৰিব লাগে। গোটেই কুলক পাৱন কৰি তুলিব লাগে। পিতাক নিজৰ সঁচা খতিয়ান দিব লাগে।

(2) স্মৃতিৰ বলেৰে নিজৰ শৰীৰ নিৰোগী কৰিব লাগে। পিতাৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত হৈ যাব লাগে। বুদ্ধিৰ যোগসূত্ৰ অন্য সংগৰ পৰা ছিঙি এজনৰ সৈতে গঢ়িব লাগে।

বৰদান:
একমাত্ৰ পিতা দ্বিতীয় কোনো নাই - এইটো স্মৃতিৰে নিমিত্ত হৈ সেৱা কৰোঁতা সৰ্ব আকৰ্ষণ মুক্ত হোৱা

যিসকল সন্তানে সদায় একমাত্ৰ পিতা দ্বিতীয় কোনো নাই - এইটো স্মৃতিত থাকে তেওঁলোকৰ মন-বুদ্ধি সহজে একাগ্ৰ হৈ যায়। তেওঁলোকে সেৱাও নিমিত্ত হৈ কৰে সেয়েহে তাত তেওঁলোকৰ আকৰ্ষণ নাথাকে। আকৰ্ষণৰ চিন হৈছে - য'ত আকৰ্ষণ থাকিব তালৈ বুদ্ধি যাব, মন দৌৰিব সেয়েহে সকলো দায়িত্ব পিতাক অপৰ্ণ কৰি ট্ৰাষ্টি বা নিমিত্ত হৈ তত্ত্বাৱধান লোৱা তেতিয়া আকৰ্ষণমুক্ত হৈ যাবা।

স্লোগান:
বিঘিনিয়েই আত্মাক শক্তিশালী কৰে, সেয়েহে বিঘিনিলৈ ভয় নকৰিবা।