14.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এই শৰীৰৰ ভেল্যু (মূল্য) তেতিয়া হয় যেতিয়া ইয়াত আত্মা প্ৰৱেশ কৰে, কিন্তু অলংকৰণ শৰীৰৰ হয়, আত্মাৰ নহয়

প্ৰশ্ন:
তোমালোক সন্তান সকলৰ কৰ্তব্য কি? তোমালোকে কোনটো সেৱা কৰিব লাগে?

উত্তৰ:
তোমালোকৰ কৰ্তব্য হ'ল নিজৰ সমপৰ্যায়ৰসকলক নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱাৰ বাবে যুক্তি (উপায়) শুনোৱা। তোমালোকে এতিয়া ভাৰতৰ সঁচা আত্মিক সেৱা কৰিব লাগে। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা গতিকে তোমালোকৰ বুদ্ধি আৰু চলন বহুত ৰিফাইন (পৰিশোধিত) হোৱা উচিত। কাৰো প্ৰতি যাতে অলপো মোহ নাথাকে।

গীত:
নয়নহীন কো ৰাহ দিখাও প্ৰভূ (নয়নহীনক মাৰ্গ-দৰ্শন কৰা প্ৰভূ)

ওঁম্শান্তি।
ডবল (দুবাৰ) শান্তি। তোমালোক সন্তানসকলে ৰেচপণ্ড কৰিব (সঁহাৰি জনাব) লাগে ওঁম্ শান্তি। আমাৰ স্বধৰ্ম হৈছে শান্তি। তোমালোকে জানো এতিয়া শান্তি বিচাৰি ক'ৰবালৈ যাবা। মনুষ্যই মনৰ শান্তিৰ বাবে সাধু-সন্তসকলৰ ওচৰলৈও যায় নহয় জানো। এতিয়া মন-বুদ্ধিতো হ'ল আত্মাৰ অৰগেন্স (ইন্দ্ৰিয়)। যেনেকৈ এই শৰীৰৰ অৰগেন্স আছে তেনেকৈ মন, বুদ্ধি আৰু চক্ষু। এতিয়া চক্ষু যেনেকুৱা এই দুটি নয়ন, তেনেকুৱা সেইটো নহয়। এনেকৈ কয় - হে প্ৰভূ, নয়নহীনক মাৰ্গ-দৰ্শন কৰা। এতিয়া প্ৰভূ বা ঈশ্বৰ বুলি ক'লে সেই পিতাৰ স্নেহ নাজাগে। পিতাৰ পৰাতো সন্তানসকলে উত্তৰাধিকাৰ পায়। ইয়াততো তোমালোক পিতাৰ সন্মুখত বহি আছা। পঢ়িও আছা। তোমালোকক কোনে পঢ়ায়? তোমালোকে এনেকৈ নোকোৱা যে পৰমাত্মা বা প্ৰভূৱে পঢ়ায়। তোমালোকে ক'বা শিৱবাবাই পঢ়ায়। বাবা শব্দটিতো একেবাৰে চিম্পুল (সৰল) হয়। হয়ো বাপদাদা। আত্মাক আত্মা বুলিয়েই কোৱা হয়, তেনেদৰে তেওঁ পৰমাত্মা হয়। তেওঁ কয় - মই পৰম আত্মা অৰ্থাৎ পৰমাত্মা তোমালোকৰ পিতা হওঁ। আকৌ মোৰ পৰমাত্মাৰ ড্ৰামা অনুসৰি শিৱ নাম ৰখা হৈছে। ড্ৰামা (নাটক)ত সকলোৰে নামো লাগে নহয় জানো। শিৱৰ মন্দিৰো আছে। ভক্তিমাৰ্গৰ সকলেতো এটাৰ সলনি অনেক নাম ৰাখি দিছে। আকৌ অনেক মন্দিৰ নিৰ্মাণ কৰি থাকে। বস্তু এটাই। সোমনাথৰ মন্দিৰ কিমান ডাঙৰ, কিমান অলংকৰণ কৰে। মহল আদিৰো কিমান অলংকৰণ কৰি ৰাখে। আত্মাৰতো কোনো অলংকৰণ নাই, তেনেকৈ পৰম আত্মাৰো অলংকৰণ নাই। তেওঁতো বিন্দু হয়। বাকী যি অলংকৰণ আছে সেয়া শৰীৰৰ হয়। পিতাই কয় - মোৰো অলংকৰণ নাই আৰু আত্মাসকলৰো অলংকৰণ নাই। আত্মা হয়েই বিন্দু। ইমান সূক্ষ্ম বিন্দুৱেতো কোনো ভূমিকা পালন কৰিব নোৱাৰে। সেই সূক্ষ্ম আত্মা শৰীৰত প্ৰৱেশ কৰিলে তেতিয়া শৰীৰৰ কিমান প্ৰকাৰৰ অলংকৰণ হয়। মনুষ্যৰ কিমান নাম আছে। কিং কুইনৰ (ৰজা ৰাণীৰ) কেনেকুৱা অলংকৰণ হয়, আত্মাতো চিম্পুল বিন্দু হয়। এতিয়া তোমালোক সন্তানসকলে এইটোও বুজিছা। আত্মাইহে জ্ঞান ধাৰণ কৰে। পিতাই কয় - মোৰো জ্ঞান আছে নহয় জানো। শৰীৰত জানো জ্ঞান থাকে। মোৰ আত্মাত জ্ঞান আছে, তোমালোকক শুনাবলৈ মই এই শৰীৰ লবলগীয়া হয়। শৰীৰৰ অবিহনেতো তোমালোকে শুনিব নোৱাৰা। এতিয়া এইটো গীত ৰচনা কৰা হৈছে, নয়নহীনক মাৰ্গ-দৰ্শন কৰা শৰীৰক মাৰ্গ-দৰ্শন কৰিব লাগে নেকি? নালাগে। আত্মাক লাগে। আত্মাইহে আহ্বান কৰে। শৰীৰৰতো দুটি নেত্ৰ আছে। তিনিটাতো হ'ব নোৱাৰে। তৃতীয় নেত্ৰৰ ইয়াত (মস্তকত) তিলকো দিয়ে। কোনোবাই কেৱল বিন্দুৰ নিচিনাকৈ দিয়ে, কোনোৱে ৰেখা আঁকি দিয়ে। বিন্দুতো হ'ল আত্মা। বাকী জ্ঞানৰ তৃতীয় নেত্ৰ পায়। আত্মাৰ প্ৰথমতে এই জ্ঞানৰ তৃতীয় নেত্ৰ নাছিল। কোনো মনুষ্য মাত্ৰৰে এই জ্ঞান নাই, সেইবাবে জ্ঞান নেত্ৰহীন বুলি কোৱা হয়। বাকী এই চকুতো সকলোৰে আছে। গোটেই জগতত কাৰো এই তৃতীয় নেত্ৰ নাই। তোমালোক হ'লা সৰ্বোত্তম ব্ৰাহ্মণ কুলৰ। তোমালোকে জানা ভক্তিমাৰ্গ আৰু জ্ঞানমাৰ্গত কিমান পাৰ্থক্য আছে। তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানি চক্ৰৱৰ্তী ৰজা হৈ যোৱা। যেনেকৈ আই. চি. এচ. সকলেও বহুত উচ্চ পদবী পায়। কিন্তু ইয়াত কোনো পঢ়াৰ দ্বাৰা এম. পি. (সাংসদ) আদি নহয়। ইয়াততো নিৰ্বাচন হয়। ভোটৰ দ্বাৰা এম. পি., আদি হয়। এতিয়া তোমালোক আত্মাসকলে পিতাৰ শ্ৰীমত পোৱা। আৰু কোনেও এনেকৈ নকব যে মই আত্মাক মত দিওঁ। সেই সকলোৱেতো দেহ-অভিমানী হয়। পিতাহে আহি দেহী-অভিমানী হ'বলৈ শিকায়। সকলোৱে হ'ল দেহ-অভিমানী। মনুষ্যই শৰীৰৰ কিমান জাকজমকতা কৰে। ইয়াততো পিতাই আত্মাসকলকহে চায়। শৰীৰতো বিনাশী, ৱৰ্থ নট এ পেনী (একো মূল্য নাই)। জন্তুবোৰৰ তথাপি ছাল আদি বিক্ৰী হয়। মনুষ্যৰ শৰীৰতো কোনো কামত নাহে। এতিয়া পিতা আহি ৱৰ্থ পাউণ্ড (মূল্যবান) কৰি তোলে।

তোমালোক সন্তানসকলে জানা যে এতিয়া আমিয়ে দেৱতা হৈ আছোঁ গতিকে এইটো নিচা বাঢ়ি থাকিব লাগে। কিন্তু এইটো নিচাও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি থাকে। ধনৰো নিচা থাকে নহয় জানো। এতিয়া তোমালোক সন্তানসকল বহুত ধনৱান হৈ যোৱা। তোমালোকৰ বহুত উপাৰ্জন হৈ আছে। তোমালোকৰ মহিমাও অনেক প্ৰকাৰৰ হয়। তোমালোকে ফুলৰ বাগিচা তৈয়াৰ কৰা। সত্যযুগক কোৱা হয় গাৰ্ডেন অফ্‌ ফ্লাৱাৰ্চ (ফুলৰ বাগিচা)। ইয়াৰ চেপলিং কেতিয়া লাগে (পুলি কেতিয়া ৰোপণ কৰা হয়) - এইটোও কোনেও নাজানে। তোমালোকক পিতাই বুজায়। আহ্বানো কৰে - হে বাগিচাৰ গৰাকী আহা। তেওঁক মালী বুলি কোৱা নহব। মালী তোমালোক সন্তানসকল হোৱা যিসকলে চেণ্টাৰ্চ (সেৱাকেন্দ্ৰ)ৰ তত্ত্বাৱধান লোৱা। মালী অনেক প্ৰকাৰৰ থাকে। বাগিচাৰ গৰাকী এজনেই। মোগল গাৰ্ডেনৰ মালীয়ে দৰমহাও সিমানে বেছিকৈ পায় নহয় জানো। বাগিচা এনেকুৱা সুন্দৰকৈ নিৰ্মাণ কৰে যে সকলোৱে চাবলৈ আহে। মোগলসকল বহুত চৌখিন আছিল, তেওঁৰ স্ত্ৰীৰ মৃত্যু হোৱাত তাজমহল নিৰ্মাণ কৰিলে। তেওঁৰ নাম প্ৰচলিত হৈ আহি থাকে। কিমান ভাল ভাল স্মৃতি চিহ্ন (স্মাৰক) নিৰ্মাণ কৰিছে। সেয়েহে পিতাই বুজায়, মনুষ্যৰ কিমান মহিমা হয়। মনুষ্যতো মনুষ্যই হয়। যুদ্ধত অনেক মনুষ্য মৰে তেতিয়া কি কৰে। কেৰাচিন, প্ৰেট্ৰল ঢালি শেষ কৰি দিয়ে। কোনোবাতো এনেয়ে পৰি থাকে। কৱৰ দিয়ে জানো। একোৱেই মান নাই। গতিকে এতিয়া তোমালোক সন্তানসকলৰ কিমান নাৰায়ণী নিচা বাঢ়ি থাকিব লাগে। এয়া হৈছে বিশ্বৰ মালিক হোৱাৰ নিচা। সত্য নাৰায়ণৰ কথা (আখ্যান) হয় গতিকে নিশ্চয় নাৰায়ণেই হবগৈ। আত্মাই জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰে। দিওঁতা হৈছে পিতা। তীজৰীৰ (তৃতীয় নেত্ৰৰ) আখ্যানো আছে। এই সকলোবোৰৰ অৰ্থ পিতাই বহি বুজায়। আখ্যান শুনাওঁতাসকলে একোৱেই নাজানে। অমৰকথাও শুনায়। এতিয়া অমৰনাথত কিমান দূৰ-দূৰণিলৈ যায়। পিতাইতো ইয়ালৈ আহি শুনায়। ওপৰততো নুশুনায়। তাত জানো পাৰ্বতীক বহি অমৰকথা শুনালে। এই আখ্যান আদি যিবোৰ ৰচনা কৰিছে - এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আকৌ হব। পিতাই বহি তোমালোক সন্তানসকলক ভক্তি আৰু জ্ঞানৰ কনট্ৰাষ্ট (পাৰ্থক্য) বুজায়। এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। এনেকৈ কয় নহয় - হে প্ৰভু, অন্ধক মাৰ্গ-দৰ্শন কৰা। ভক্তিমাৰ্গত আহ্বান কৰে। পিতা আহি তৃতীয় নেত্ৰ দিয়ে যাৰ বিষয়ে তোমালোকৰ বাহিৰে কোনেও নাজানে। জ্ঞানৰ তৃতীয় নেত্ৰ নাথাকিলে কব প্ৰেত, ধুন্দকাৰী (ধুন্দকাৰীয়ে বহুত পাপ কৰ্ম কৰি মৃত্যুৰ পিছত প্ৰেত হৈছিল)। চকুও কাৰোবাৰ কেনেকুৱা, কাৰোবাৰ কেনেকুৱা হয় নহয় জানো। কাৰোবাৰ বহুত শোভনীয় চকু থাকে। আকৌ তাৰ ওপৰত পুৰস্কাৰো লাভ কৰে তেতিয়া নাম ৰাখে মিছ ইণ্ডিয়া, মিছ অমুকী। তোমালোক সন্তানসকলক পিতাই এতিয়া কিহৰ পৰা কি কৰি তোলে। তাততো নেচাৰেল বিউটি (স্বাভাৱিক সৌন্দৰ্য) থাকিব। কৃষ্ণৰ ইমান মহিমা কিয়? কিয়নো সকলোতকৈ বেছি বিউটিফুল (সুন্দৰ) হয়। নাম্বাৰ ৱানত (এক নম্বৰত) কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰে, সেইকাৰণে নাম্বাৰ ৱানত গায়ন আছে। এয়াও পিতাই বহি বুজায়। পিতাই বাৰে বাৰে কয় - সন্তানসকল, মনমনাভৱ। হে আত্মাসকল, নিজৰ পিতাক স্মৰণ কৰা। সন্তানসকলৰ ভিতৰতো ক্ৰমানুসৰিতো থাকে নহয় জানো। ধৰি লোৱা লৌকিক পিতাৰো 5 টা সন্তান আছে, তাৰ ভিতৰত যিজন অতি বুদ্ধিমান হব তেওঁক নাম্বাৰ ৱানত ৰাখিব। মালাৰ মণি হ'ল নহয় জানো। এনেকৈ ক'ব - এওঁ দ্বিতীয় নম্বৰৰ, এওঁ তৃতীয় নম্বৰৰ। একে নিচিনা কেতিয়াও নহয়। পিতাৰ মৰমো ক্ৰমানুসৰি হয়। এয়া হৈছে হদৰ (সীমিত) কথা। সেয়া হৈছে বেহদৰ (অসীমৰ) কথা।

যিসকল সন্তানে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছে তেওঁলোকৰ বুদ্ধি আৰু চলন আদি বহুত ৰিফাইন (পৰিশোধিত) হব। এটা কিং অফ্‌ ফ্লাৱাৰ (ফুলৰ ৰজা) থাকে গতিকে এই ব্ৰহ্মা আৰু সৰস্বতী কিং কুইন ফ্লাৱাৰ (ফুলৰ ৰজা ৰাণী) হল। জ্ঞান আৰু স্মৃতি দুয়োটাতে তীক্ষ্ণ। তোমালোকে জানা যে আমি দেৱতা হওঁগৈ। মুখ্য 8 (আঠ) ৰত্ন হয়। প্ৰথমে ফুল। তাৰপাচত যুগল মণি ব্ৰহ্মা-সৰস্বতী। মালা স্মৰণ কৰে নহয় জানো। বাস্তৱত তোমালোকৰ পূজন নহয়, স্মৰণ হয়। তোমালোকৰ ওপৰত ফুল অৰ্পণ কৰিব নোৱাৰে। ফুল তেতিয়াহে অৰ্পণ কৰিব যেতিয়া শৰীৰ পবিত্ৰ হব। ইয়াত কাৰো শৰীৰ পবিত্ৰ নহয়। সকলো বিহৰ পৰা জন্ম হয়, সেইবাবে বিকাৰী বুলি কোৱা হয়। এই লক্ষ্মী-নাৰায়ণক কোৱাই হয় সম্পূৰ্ণ নিৰ্বিকাৰী। সন্তানতো জন্ম হয় নহয় জানো। এনেকুৱাতো নহয় যে কোনোবা টিউবৰ পৰা সন্তান জন্ম হৈ যাব। এয়াও সকলো বুজিবলগীয়া কথা। তোমালোক সন্তানসকলক ইয়াত 7 দিন ভাটিত বহোৱা হয়। ভাটিত কোনোবাটো ইটা পূৰ্ণ ৰূপে পকি যায়, কোনোবাটো কেঁচা হৈয়ে থাকি যায়। ভাটিৰ দৃষ্টান্ত দিয়ে। এতিয়া ইটাৰ ভাটিৰ কথা জানো শাস্ত্ৰত বৰ্ণনা কৰিব পাৰে। আকৌ তাত মেকুৰীৰ কথাও আছে। গুলবকাৱলীৰ কাহিনীতো মেকুৰীৰ উল্লেখ কৰিছে। দীপক গছিক নুমাই দিছিল। তোমালোকৰো এনে অৱস্থা নহয় জানো। মায়া মেকুৰীয়ে বিঘ্ন আনি দিয়ে। তোমালোকৰ অৱস্থাকেই অৱনমিত কৰি দিয়ে। দেহ-অভিমান হৈছে প্ৰথম নম্বৰত তাৰপাচত অন্য বিকাৰ আহে। মোহো বহুত থাকে। কন্যাই কয় - মই ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ আত্মিক সেৱা কৰিম, মোহৰ বশীভূত হৈ পিতৃ-মাতৃয়ে কয় আমি এলাও নকৰোঁ (অনুমতি নিদিওঁ)। এয়াও কিমান মোহ। তোমালোক মোহৰ মেকুৰী হ'ব নালাগে। তোমালোকৰ এইম-অবজেক্টেই (লক্ষ্য-উদ্দেশ্যই) হৈছে এয়া (লক্ষ্মী-নাৰায়ণ)। পিতা আহি মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা নাৰায়ণ কৰি তোলে। তোমালোকৰো কৰ্তব্য হৈছে নিজৰ সমপৰ্যায়ৰসকলৰ সেৱা কৰা, ভাৰতৰ ছাৰ্ভিচ কৰা। তোমালোকে জানা যে আমি কি আছিলোঁ, কি হৈ গলো। এতিয়া পুনৰ ৰজাৰো ৰজা হবলৈপুৰুষাৰ্থ কৰা। তোমালোকে জানা যে আমি নিজৰ ৰাজ্য স্থাপন কৰোঁ। কোনো কষ্টৰ কথা নাই। বিনাশৰ কাৰণেও ড্ৰামাত যুক্তি ৰচি থোৱা আছে। আগতেও মিচাইলেৰে যুদ্ধ লাগিছিল। যেতিয়া তোমালোকৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ যাব, সকলো ফুল হৈ যাবা তেতিয়া বিনাশ হব। কোনোবা কিং অফ্‌ ফ্লাৱাৰ হয়, কোনোবা গোলাপ, কোনোবা নৱমল্লিকা (গুটিমালতী)। প্ৰত্যেকেই নিজক ভালদৰে বুজিব পাৰে যে মই আকন হওঁ নে ফুল হওঁ? বহুত সন্তান আছে যাৰ জ্ঞানৰ একো ধাৰণা নহয়। ক্ৰমানুসৰিতো হবগৈ নহয় জানো। হয়তো একেবাৰে হাইয়েষ্ট (আটাইতকৈ উচ্চ) নহলে একেবাৰে লয়েষ্ট (নিম্নতম)। ৰাজধানী ইয়াতেই স্থাপন হয়। শাস্ত্ৰততো দেখুৱাইছে, পাণ্ডৱ গলি মৰিল, তাৰপাচত কি হল, একোৱে গম নাপায়। কথাতো বহুত ৰচিছে, এনেকুৱা কোনো কথা নাই। এতিয়া তোমালোক সন্তানসকল কিমান স্বচ্ছ বুদ্ধিৰ হৈ যোৱা। বাবাই তোমালোকক বহুত প্ৰকাৰে বুজাই থাকে। কিমান সহজ। কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। পিতাই কয় - ময়েই পতিত-পাৱন হওঁ। তোমালোক আত্মা আৰু শৰীৰ দুয়োটাই পতিত। এতিয়া পাৱন হব লাগে। আত্মা পবিত্ৰ হলে শৰীৰো পবিত্ৰ হয়। এতিয়া তোমালোকে বহুত পৰিশ্ৰম কৰিব লাগে। পিতাই কয় - সন্তানসকল বহুত দুৰ্বল। স্মৃতি পাহৰি যায়। পিতাই (ব্ৰহ্মাই) নিজেই নিজৰ অনুভৱ শুনায়। ভোজনৰ সময়ত স্মৰণ কৰোঁ - শিৱবাবাই মোক খুৱায়, পুনৰ পাহৰি যাওঁ। পুনৰ স্মৃতিত আহে। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আছে। কোনোবাতো বন্ধনমুক্ত হৈও আকৌ আৱদ্ধ হৈ মৰে। ধৰ্ম সন্তানো কৰি লয়। এতিয়া তোমালোক সন্তানসকলে তৃতীয় নেত্ৰ প্ৰদান কৰোঁতা পিতাক পাইছা - ইয়াক আকৌ তীজৰীৰ কথা অৰ্থাৎ তৃতীয় নেত্ৰ পোৱাৰ কথা বুলি নাম দি দিছে । এতিয়া তোমালোক নাস্তিকৰ পৰা আস্তিক হোৱা। সন্তানসকলে জানে যে পিতা হৈছে বিন্দু। জ্ঞানৰ সাগৰ। তেওঁলোকেতো কৈ দিয়ে নাম-ৰূপৰ পৰা উপৰাম। হেৰ, জ্ঞানৰ সাগৰতো নিশ্চয় জ্ঞান শুনাওঁতা হব নহয় জানো। এওঁৰ ৰূপো লিঙ্গ দেখুৱায় আকৌ তেওঁক নাম ৰূপৰ পৰা উপৰাম বুলি কেনেকৈ কব পাৰে! কোটিৰ হিচাপত নাম ৰাখি দিছে। সন্তানসকলৰ বুদ্ধিত এই গোটেই জ্ঞান ভালকৈ থাকিব লাগে। এনেকৈ কয়ো যে পৰমাত্মা জ্ঞানৰ সাগৰ হয়। গোটেই জংঘলক কলম কৰি ললেও তাৰ অন্ত পাব নোৱাৰি। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া আমি পিতাৰ দ্বাৰা ৱৰ্থ পাউণ্ড (মূল্যবান) হৈছোঁ, আমিয়ে দেৱতা হবলৈ গৈ আছোঁ, এইটো নাৰায়ণী নিচাত থাকিব লাগে, বন্ধন-মুক্ত হৈ সেৱা কৰিব লাগে। বন্ধনত আবদ্ধ হব নালাগে।

(2) জ্ঞান-যোগত তীক্ষ্ণ হৈ মাতা-পিতাৰ সমান কিং অফ্‌ ফ্লাৱাৰ (ফুলৰ ৰজা) হব লাগে আৰু নিজৰ সমপৰ্যায়ৰসকলৰো সেৱা কৰিব লাগে।

বৰদান:
কিয়, কি ৰ কুৱেশ্বন (প্ৰশ্ন)ৰ জালৰ পৰা সদায় মুক্ত হৈ থাকোঁতা বিশ্ব সেৱাধাৰী চক্ৰৱৰ্তী হোৱা

যেতিয়া স্বদৰ্শন চক্ৰ ৰাইট (শুদ্ধ) দিশে ঘূৰাৰ সলনি ৰং (অশুদ্ধ) দিশে ঘূৰি যায় তেতিয়া মায়াজিৎ হোৱাৰ সলনি পৰদৰ্শনৰ খেলিমেলিৰ চক্ৰত আহি যায় যাৰ দ্বাৰা কিয় আৰু কি ৰ কুৱেশ্বনৰ জাল তৈয়াৰ হৈ যায় যিখন নিজেই ৰচনা কৰে আৰু নিজেই আবদ্ধ হৈ যায় সেইকাৰণে নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) হৈ স্বদৰ্শন চক্ৰ ঘূৰাই থাকা তেতিয়া কিয় কি ৰ কুৱেশ্বনৰ জালৰ পৰা মুক্ত হৈ যোগযুক্ত, জীৱনমুক্ত, চক্ৰৱৰ্তী হৈ পিতাৰ সৈতে বিশ্ব কল্যাণৰ সেৱাত পৰিক্ৰমা কৰি থাকিবা। বিশ্ব সেৱাধাৰী চক্ৰৱৰ্তী ৰজা হৈ যাবাগৈ।

স্লোগান:
প্লেইন (সৰল) বুদ্ধিৰে প্লেনক (পৰিকল্পনাক) প্ৰেক্টিকেলত (বাস্তৱত) আনা তেতিয়া সফলতা সমাহিত হৈয়ে আছে।