14.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক এতিয়া সঁচা পাঠশালাত বহি আছা, এয়া সৎসঙ্গও হয়, ইয়াত তোমালোকে সৎ (সত্য) পিতাৰ সঙ্গ পাইছা, যিজনে পাৰ কৰাই দিয়ে

প্ৰশ্ন:
হিচাপ-নিকাচৰ খেলত মনুষ্যৰ বোধ আৰু তোমালোকৰ বোধৰ মাজত কোনটো পাৰ্থক্য আছে?

উত্তৰ:
মনুষ্যই বুজে - এয়া যি দুখ-সুখৰ খেল চলে, এই দুখ-সুখ সকলো পৰমাত্মাই দিয়ে আৰু তোমালোক সন্তানসকলে বুজি পোৱা যে এয়া প্রত্যেকৰে কৰ্মৰ হিচাপৰ খেল হয়। পিতাই কাকোৱেই দুখ নিদিয়ে। তেওঁতো আহেই সুখৰ ৰাস্তা দেখুৱাবলৈ। বাবাই কয় সন্তানসকল, মই কাকোৱেই দুখী কৰা নাই। এয়াতো তোমালোকৰেই কৰ্মৰ ফল।

গীত:
এই পাপৰ সৃষ্টিৰ পৰা.... (ইচ পাপ কী দুনিয়া চে....)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলা। কাক আহ্বান কৰে। পিতাক। বাবা, আহি এই কলিযুগী পাপৰ সৃষ্টিৰ পৰা সত্যযুগী পুণ্যৰ সৃষ্টিলৈ লৈ ব'লা। এতিয়া জীৱ-আত্মা সকলো কলিযুগী হয়। তেওঁলোকৰ বুদ্ধি ওপৰলৈ যায়। পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, সেইধৰণে (মোক) কোনেও নাজানে। ঋষি-মুনি আদিয়েও কয় আমি ৰচয়িতা মালিক অৰ্থাৎ বেহদৰ পিতাক আৰু তেওঁৰ বেহদৰ ৰচনাৰ আদি-মধ্য-অন্তক নাজানো। আত্মাসকল য'ত থাকে সেই ঠাই হ'ল ব্রহ্ম মহতত্ত্ব, য'ত সূৰ্য, চন্দ্র নাথাকে। মূলবতনত নাইবা সূক্ষ্মবতনত নাথাকে। বাকী এই মঞ্চততো বিজুলী আদি সকলো লাগে নহয়। সেয়েহে এই মঞ্চই বিজুলী লাভ কৰে - ৰাতি চন্দ্র-তৰাৰ, দিনত সূৰ্যৰ। এইবোৰ হ'ল চাকি। এই চাকিবোৰ থকা সত্বেও অন্ধকাৰ বুলি কোৱা হয়। ৰাতিতো তথাপিও চাকি জ্বলাব লাগে। সত্যযুগ-ত্রেতাক কোৱা হয় দিন আৰু ভক্তিমাৰ্গক কোৱা হয় ৰাতি। এয়াও বুজিবলগীয়া কথা। নতুন সৃষ্টি পুনৰ পুৰণি নিশ্চয় হ'ব। পুনৰ নতুন হ'ব তেতিয়া পুৰণিৰ বিনাশ নিশ্চয় হ'ব। এয়া হৈছে বেহদৰ সৃষ্টি। ৰজাসকলৰ ঘৰো বহুত ডাঙৰ ডাঙৰ হয় । এয়া হ'ল বেহদৰ ঘৰ। মঞ্চ অথবা ষ্টেজ। ইয়াক কৰ্মক্ষেত্র বুলিও কোৱা হয়। কৰ্মতো নিশ্চয় কৰিব লাগে। সকলো মনুষ্যৰ বাবে এয়া কৰ্মক্ষেত্র। সকলোৱে কৰ্ম কৰিবই লাগে। ভূমিকা পালন কৰিবই লাগে। প্রত্যেক আত্মাই ভূমিকা প্রথমৰ পৰাই প্রাপ্ত কৰি থৈছে। তোমালোকৰ মাজতো কোনোবাজন আছে যিজনে এই কথাবোৰ ভালদৰে বুজিব পাৰে। বাস্তৱত এয়া গীতা-পাঠশালা হয়। পাঠশালাত কেতিয়াবা বৃদ্ধসকলে পঢ়ে জানো? ইয়াততো বুঢ়া-ডেকা আদি সকলোৱে পঢ়ে। সেইবোৰক বেদৰ পাঠশালা বুলি কোৱা নহ'ব। তাত একোৱেই লক্ষ্য-উদ্দেশ্য নাথাকে। আমি ইমান বেদশাস্ত্র আদি পঢ়োঁ, ইয়াৰ দ্বাৰা কি হ'মগৈ - সেইটো নাজানে। যিকোনো ধৰণৰ সৎসঙ্গ যি আছে, লক্ষ্য-উদ্দেশ্য একো নাই। এতিয়াতো সেইবোৰক সৎসঙ্গ বুলি ক'বলৈ লাজ লাগে। সৎ তো (সত্যতো) এজন পিতাই হয়, যিজনৰ বাবে কোৱা হয় - সংগই তৰে (উদ্ধাৰ কৰে), কুসঙ্গই বুৰায় (অধঃপতিত কৰে)। কুসঙ্গ কলিযুগী মনুষ্যসকলৰ। সত্যৰ সঙ্গতো এজনৰেই। এতিয়া তোমালোকৰ আচৰিত যেন লাগে। গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান পিতাই কেনেকৈ দিয়ে, তোমালোকতো আনন্দিত হোৱা উচিত। তোমালোক সঁচা পাঠশালাত বহি আছা। বাকী সকলোবোৰ হৈছে মিছা পাঠশালা, সেই সৎসঙ্গ আদিৰ পৰা একোৱেই হৈ নোলায়গৈ। স্কুল-কলেজ আদিৰ পৰা তথাপিও কিবা হৈ ওলায় কিয়নো পঢ়ে। বাকী ক'তোৱেই পঢ়া নচলে। সৎসঙ্গক পঢ়া বুলি কোৱা নহব। শাস্ত্ৰ আদি পঢ়িতো পাচত দোকান খুলি বহে, পইচা অৰ্জন কৰে। অলপ গ্ৰন্থ পঢ়িবলৈ শিকি গুৰুদ্বাৰ খুলি বহি যায়। গুৰুদ্বাৰো কিমান খোলে। গুৰুৰ দ্বাৰ অৰ্থাৎ ঘৰ বুলি ক'ব নহয়। গুৰুদ্বাৰৰ দ্বাৰ খোলে, তাত গৈ শাস্ত্ৰ আদি পঢ়ে। তোমালোকৰ গুৰুদ্বাৰ হ'ল- মুক্তি আৰু জীৱনমুক্তি ধাম, সৎ (সত্য) গুৰুৰ দ্বাৰ। সৎগুৰুৰ নাম কি? অকালমূৰ্ত। সৎ গুৰুক অকালমূৰ্ত বুলি কোৱা হয়, তেওঁ আহি মুক্তি আৰু জীৱনমুক্তিৰ দ্বাৰ খোলে। অকাল-মূৰ্ত হয় নহয়, যাক কালেও খাব নোৱাৰে। আত্মা হয়েই বিন্দু, তাক কালে কেনেকৈ খাব। সেই আত্মাতো শৰীৰ এৰি পলাই যায়। মনুষ্যই বুজি পায় জানো যে এটা পুৰণা শৰীৰ এৰি আকৌ গৈ অন্য এটা লব, তেন্তে ইয়াত কন্দাৰ কি দৰকাৰ। এইটো তোমালোকে জানা- নাটক অনাদি ৰচি থোৱা আছে। প্ৰত্যেকেই ভূমিকা পালন কৰিবই লাগিব। পিতাই বুজাই আছে সত্যযুগত হ'ল নষ্টোমোহা। মোহজিতৰো কাহিনী আছে নহয়। পণ্ডিতসকলে শুনায়, মাতাসকলেও শুনি শুনি আকৌ গ্ৰন্থ লৈ বহি যায় - শুনাবৰ বাবে। বহুত সময় ধৰি শুনাই থাকে। তাক কোৱা হয় কনৰস (কানেৰে শুনি ৰস পোৱা)। নাটকৰ পৰিকল্পনা অনুসৰি মনুষ্যইতো ক'ব মোৰ দোষ কি। পিতাই কয় মোক তোমালোকে মোক মাতিছা যে দুখৰ সৃষ্টিৰ পৰা লৈ যোৱা। এতিয়া মই আহিছোঁ তেন্তে মোৰ কথা শুনিব লাগে নহয় জানো। পিতাই সন্তানসকলক বহি বুজাই আছে, ভাল মত পালে তেন্তে সেয়া গ্ৰহণ কৰিব লাগে নহয় জানো। তোমালোকৰো কোনো দোষ নাই। ৰাম ৰাজ্য, ৰাৱণ ৰাজ্যৰ খেল ৰচি থোৱা আছে। খেলত কোনোবাই হাৰি যায় তেনেহলে তেওঁৰ দোষ হয় জানো। জিকা আৰু হৰা হৈ থাকে, ইয়াত যুদ্ধৰ কথা নাই। তোমালোকৰ বাদশ্বাহী (সাম্ৰাজ্য) আছিল। এইটোও তোমালোকে আগতে গম পোৱা নাছিলা, এতিয়া তোমালোকে বুজি পোৱা, যিসকল সেৱাধাৰী হয়, যিসকলৰ নাম উজ্জ্বল হয়। দিল্লীত সকলোতকৈ নাম জ্বলা বুজাওঁতা কোন? তেতিয়া তৎক্ষণাৎ নাম লব জগদীশৰ। তোমালোকৰ কাৰণে আলোচনীও (মেগাজিনো) উলিয়ায়। তাত সকলোবোৰ আহি যায়। অনেক প্ৰকাৰৰ যুক্তি লিখে, বৃজমোহনেও লিখে। লিখাতো জানো কোনো মাহীৰ ঘৰ (ইমান উজু) হয়। নিশ্চয় বিচাৰ সাগৰ মন্থন কৰে। ভাল সেৱা কৰে। কিমান লোক পঢ়ি আনন্দত হয়। সন্তানসকলেও সজীৱতা লাভ কৰে। কোনো কোনোৱে প্ৰদৰ্শনীত বহুত মগজ খটুৱায়, কোনো কোনো কৰ্ম বন্ধনত আৱদ্ধ হৈ আছে, সেয়েহে ইমান কৰিব নোৱাৰে। এয়াও কোৱা হব নাটক, অৱলাসকলৰ ওপৰতো অত্যাচাৰ হোৱাতো নাটকত ভূমিকা আছে। এনেকুৱা ভূমিকা কিয় পালন কৰিছে, এইটো প্ৰশ্নই উঠিব নোৱাৰে। এয়াতো অনাদি পূৰ্ব নিৰ্ধাৰিত নাটক হয়। তাক জানো কিবা কৰিব পাৰে। কোনোৱে কয় মই কি ভুল কৰিছো যাৰ বাবে এনেকুৱা ভূমিকা ৰাখিছে। এতিয়াতো ভুলৰ কথাই নাই। এইটোতো ভূমিকা হয়। অৱলাসকল কোনোবাতো নিমিত্তি হব, যিসকলৰ দুখ হব। তেনেহলেতো সকলোৱে কব মোৰ এইটো ভূমিকা কিয়? নহয় এইখন পূৰ্ব নিৰ্ধাৰিত নাটক হয়। পুৰুষসকলৰ ওপৰতো অত্যাচাৰ হয়। এই কথাবোৰত কিমান সহনশীল হবলগীয়া হয়। বহুত সহনশীলতা লাগে। মায়াৰ বিঘ্নতো বহুত আহিব। বিশ্বৰ বাদশ্বাহী লোৱা তেন্তে কিছু পৰিশ্ৰম কৰিব লাগিব। ড্ৰামাত আপদ, সংঘাত আদি কিমান আছে। অৱলাসকলৰ ওপৰত অত্যাচাৰ লিখা হৈ আছে। তেজৰ নদীও বৈ যাব। কতোৱেই নিৰাপদ নহব। এতিয়াতো সেৱা কেন্দ্ৰত পুৱাৰ ক্লাচ আদিলৈ যোৱা। এনেকুৱাও সময় আহিব যেতিয়া তোমালোক বাহিৰলৈ ওলাবও নোৱাৰিবা। দিনে-প্ৰতিদিনে সময় বেয়া হৈ গৈ থাকে আৰু বেছি বেয়া হবলৈ গৈ আছে। দুখৰ দিন বহুত তীব্ৰতাৰে আহিব। বেমাৰ আদিত দুখ হলে তেতিয়া আকৌ ভগৱানক স্মৰণ কৰে। আহ্বান কৰে। এতিয়া তোমালোকে গম পোৱা বাকী অলপ দিন আছে। তাৰপচত আমি সুখধাম শান্তিধামলৈ নিশ্চয় যাম। জগতৰ লোকসকলেতো এইটোও নাজানে। এতিয়া তোমালোক সন্তানসকলে অনুভৱ কৰা নহয় জানো। এতিয়া পিতাক সম্পূৰ্ণকৈ জানি গলা। তেওঁলোক সকলোৱেতো ভাবে যে পৰমাত্মা লিংগ হয়। শিৱ লিংগৰ পূজাও কৰে। তোমালোক শিৱৰ মন্দিৰলৈ গৈছিলা, কেতিয়াবা এইটো খেয়াল কৰিছিলানে যে শিৱ লিংগ কি বস্তু হয়? নিশ্চয় এইটো জড় হয় তেন্তে চৈতন্যও হব। এইটো তেনেহলে কি হয়? ভগৱানতো ৰচয়িতা হয় ওপৰত। তেওঁৰ চিন আছে কেৱল পূজাৰ বাবে। পূজ্য হলেতো তেতিয়া এই বস্তুবোৰ নাথাকিব। শিৱ কাশীৰ মন্দিৰলৈ যায়, কোনোবাই গম পায় জানো যে ভগৱান নিৰাকাৰ হয়। আমিও তেওঁৰ সন্তান হওঁ। পিতাৰ সন্তান হৈ আকৌ আমি দুখী কিয় হৈছোঁ? বিচাৰ কৰিবলগীয়া কথা নহয় জানো। আত্মাই কয় মই পৰমাত্মাৰ সন্তান হওঁ তেন্তে আমি দুখী কিয় হৈছোঁ? পিতাতো হয়েই সুখ দিওঁতা। আহ্বানো কৰে- হে ভগৱান আমাৰ দুখ দূৰ কৰা। তেওঁ কেনেকৈ দুৰ কৰিব। দুখ-সুখ এয়াতো নিজৰ কৰ্মৰ হিচাপ হয়। মনুষ্যই ভাবে সুখৰ সলনি সুখ, দুখৰ সলনি দুখ পৰমাত্মাই দিয়ে। তেওঁৰ ওপৰত জাপি দিয়ে। পিতাই কয় - মই কেতিয়াও দুখ নিদিও। মইতো আধাকল্পৰ বাবে সুখ দি যাওঁ। এইখন আকৌ সুখ আৰু দুখৰ খেল। কেৱল সুখৰে খেল হলে এই ভক্তি আদি একোৱেই নাথাকিব, ভগৱানক পাবলৈয়ে এই ভক্তি আদি কৰে নহয় জানো। এতিয়া পিতাই বহি গোটেই খবৰ শুনাই আছে। পিতাই কয় - তোমালোক সন্তানসকল কিমান ভাগ্যশালী হোৱা। সেই ঋষি মুনিসকলৰ কিমান নাম আছে। তোমালোক হৈছা ৰাজঋষি, তেওঁলোক হৈছে হঠযোগী ঋষি। ঋষি অৰ্থাৎ পবিত্ৰ। তোমালোক স্বৰ্গৰ ৰজা হোৱা গতিকে পবিত্ৰ নিশ্চয় হব লাগে। সত্যযুগ-ত্ৰেতাত যাৰ ৰাজত্ব আছিল তেওঁলোকৰে পুনৰ হব। বাকী সকলো পাচত আহিব। তোমালোকে এতিয়া কোৱা যে আমি শ্ৰীমতত নিজৰ ৰাজ্য স্থাপন কৰি আছোঁ। পুৰণি সৃষ্টিৰ বিনাশ হবলৈতো সময় লাগিব নহয় জানো। সত্যযুগ আহিব, কলিযুগ আঁতৰিব।

কিমান বিশাল জগত। এখন এখন চহৰ মনুষ্যৰে কিমান ভৰি আছে। ধনবান ব্যক্তিয়ে জগতৰ পৰিক্ৰমা লগায়। কিন্তু ইয়াত গোটেই জগতখনক কোনেও চাব নোৱাৰে। হয়, সত্যযুগত চাব পাৰে কিয়নো সত্যযুগত হয়েই এক ৰাজ্য, ইমান কমসংখ্যক ৰজা হব ইয়াতো চোৱা কিমান বিশাল জগত। ইমান বিশাল জগতখনৰ পৰিক্ৰমা কোনে লগাব। তাত তোমালোক সমূদ্ৰলৈ যাব লগা নহয়। তাত শ্ৰীলংকা, বৰ্মা আদি থাকিবনে? নাথাকে, একোৱেই নাথাকে। এই কৰাচি নাথাকিব। তোমালোক সকলো মিঠা নদীৰ দাঁতিত থাকিবা। খেতিবাতি আদি সকলো থাকে, সৃষ্টিতো ডাঙৰ হয়। মনুষ্য বহুত কম থাকে আকৌ পাচলৈ বৃদ্ধি হয়। আকৌ তাত গৈ নিজৰ ৰাজ্য স্থাপনা কৰিলে। লাহে লাহে অধীন কৰি গল। নিজৰ ৰাজ্য স্থাপন কৰি ললে। এতিয়াতো সকলোৱে এৰিব লাগিব। একমাত্ৰ ভাৰতেই আছে যিয়ে কাৰো ৰাজ্য কাঢ়ি লোৱা নাই কিয়নো ভাৰত প্ৰকৃততে অহিংসক হয় নহয় জানো। ভাৰতেই গোটেই সৃষ্টিৰ মালিক আছিল। বাকী সকলো পাচত আহিছে যি সকলে খণ্ড খণ্ড কৈ লৈ গৈ থাকিল। তোমালোকে কাকো অধীন কৰা নাই। ইংৰাজসকলে অধীন কৰি লৈছে। তোমালোক ভাৰতবাসীকতো পিতাই বিশ্বৰ মালিক কৰি তোলে। তোমালোক জানো কৰবালৈ গৈছা। তোমালোক সন্তানসকলৰ বুদ্ধিত এই সকলোবোৰ কথা আছে। বৃদ্ধা মাতাসকলেতো ইমানবোৰ কথা বুজিব নোৱাৰে। পিতাই কয় এয়া ভালেই যে তোমালোকে একোৱেই পঢ়া নাই। পঢ়ি অহা সকলোবোৰ বুদ্ধিৰ পৰা আঁতৰাই দিবলগীয়া হয়। কেৱল এইটো কথাই ধাৰণ কৰিব লাগে - মৰমৰ সন্তানসকল পিতাক স্মৰণ কৰা। তোমালোকে কৈছিলাও নহয় যে বাবা আপুনি আহিলে আমি উৎসৰ্গিত হৈ যাম, কুৰ্বান হম। তোমালোক তেনেহলে মোৰ প্ৰতি উৎসৰ্গিত হব লাগে। লেন-দেন হয় নহয়। বিয়াৰ সময়ত স্ত্ৰী পুৰুষে ইজনে সিজনৰ হাতত নিমখ দিয়ে। পিতাকো কয় - মই আপোনাক পুৰণা সকলো দিওঁ। মৰিবতো লাগিব। এই সকলোবোৰ শেষ হৈ যাব। আপুনি মোক পুনৰ নতুন সৃষ্টিত দিব। পিতা আহেই সকলোকে লৈ যাবলৈ। কাল হয় নহয় জানো। সিন্ধুত কৈছিল এয়া কোন কাল হয় যিয়ে সকলোকে পলুৱাই লৈ যায়। তোমালোক সন্তানসকলতো আনন্দিত হোৱা। পিতা আহেই লৈ যাবলৈ। আমিতো আনন্দৰে নিজৰ ঘৰলৈ যাম। সহ্যও কৰিব লাগে। ভাল ভাল ডাঙৰ ডাঙৰ ঘৰৰ মাতাসকলে মাৰ খায়। তোমালোকে সঁচা উপাৰ্জন কৰা। মনুষ্যই জানে জানো, তেওঁলোক হয়েই কলিযুগী শূদ্ৰ সম্প্ৰদায়। তোমালোক হৈছা সংগমযুগী পুৰুষোত্তম হৈ আছা। এইটো জানা যে প্ৰথম নম্বৰত পুৰুষোত্তম এই লক্ষ্মী-নাৰায়ণ হয়। পুনৰ ডিগ্ৰী কম হৈ গৈ থাকিব। ওপৰৰ পৰা তললৈ আহি থাকিব। পুনৰ লাহে লাহে অধঃপতিত হৈ থাকিব। এই সময়ত সকলো অৱনমিত হৈ গৈছে। বৃক্ষ জোপা পুৰণা হৈ গৈছে। শিপা পঁচি গৈছে। এতিয়া পুনৰ স্থাপনা হয়। ভেটি তৈয়াৰ হয় নহয় জানো। পুলি কিমান সৰু হয়, পাচত তাৰ পৰা কিমান ডাঙৰ বৃক্ষ বাঢ়ি যায়। এয়াও বৃক্ষ হয়। সত্যযুগত বহুত সৰু বৃক্ষ হয়। এতিয়া কিমান ডাঙৰ বৃক্ষ। মনুষ্য সৃষ্টিৰ বিভিন্ন ধৰণৰ ফুল কিমান আছে। এজোপা বৃক্ষতেই কিমান বৈচিত্ৰ আছে। মনুষ্য সৃষ্টিৰ অনেক ভিন্ন ধৰ্মৰ বৃক্ষ হয়। এজনৰ চেহেৰা আনজনৰ লগত নিমিলে। পূৰ্ব নিধাৰিত নাটক হয় নহয় জানো। একে ধৰণৰ ভূমিকা কাৰো হব নোৱাৰে। ইয়াকে কোৱা হয় প্ৰাকৃতিক পূৰ্ব নিৰ্ধাৰিত বেহদৰ (অসীমৰ) নাটক। ইয়াতো বহুত নকল আছে। যি বস্তু আচল হয় সেয়া শেষো হয়। পুনৰ 5 হাজাৰ বছৰ পাচত আচল ৰূপত আহিব। চিত্ৰ আদিও জানো আচল ৰূপত তৈয়াৰ হৈছে। ব্ৰহ্মাৰো চেহেৰা পুনৰ 5 হাজাৰ বছৰ পাচত তোমালোকে দেখিবা। এই নাটকৰ ৰহস্যক বুজি পাবলৈ বুদ্ধি বৰ বিশাল হোৱা উচিত। আৰু একো নুবুজিলেও কেৱল এটা কথা বুদ্ধিত ৰাখা - এজন শিৱবাবা দ্বিতীয় কোনো নাই। এয়া আত্মাই কলে বাবা, মই আপোনাকেই স্মৰণ কৰিম। এয়াতো সহজ হয় নহয় জানো। হাতেৰে কৰ্ম কৰি থাকা আৰু বুদ্ধিৰে পিতাক স্মৰণ কৰি থাকা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সহনশীলতাৰ গুণ ধাৰণ কৰি মায়াৰ বিঘিনিবোৰত উৰ্ত্তীণ হব লাগে। অনেক আপদ আহিব, অত্যাচাৰ হব -এনেকুৱা সময়ত সহ্য কৰি পিতাৰ স্মৃতিত থাকিব লাগে। সঁচা উপাৰ্জন কৰিব লাগে।

(2) বিশাল বুদ্ধিৰ হৈ এই পূৰ্ব নিৰ্ধাৰিত নাটকখনক ভালদৰে বুজিব লাগে। এইখন প্ৰাকৃতিক নাটক ৰচি থোৱা আছে। সেয়েহে প্ৰশ্ন উঠিব নোৱাৰে। পিতাই যি ভাল মত দিয়ে সেইমতে চলি থাকিব লাগে।

বৰদান:
পিতাৰ সমান বৰদানী হৈ প্ৰত্যেকৰে অন্তৰক আৰাম দিওঁতা মাষ্টৰ দিলাৰাম হোৱা

যিসকল পিতাৰ সমান বৰদানী মূৰ্ত সন্তান আছে তেওঁলোকে কেতিয়াও কাৰো দুৰ্বলতাক নাচায়, তেওঁলোক সকলোৰে প্ৰতি দয়াশীল হয়। যিদৰে পিতাই কাৰো দুৰ্বলতাক অন্তৰত নাৰাখে সেইদৰে বৰদানী সন্তানসকলেও কাৰো দুৰ্বলতাক অন্তৰত ধাৰণ নকৰে। তেওঁলোক প্ৰত্যেকৰে অন্তৰক আৰাম দিওঁতা মাষ্টৰ দিলাৰাম হয়। সেয়েহে সংগী হওঁক বা প্ৰজা সকলোৱে তেওঁলোকৰ গুণ গান কৰে। সকলোৰে অন্তৰৰ পৰা এয়াই আৰ্শীৱাদ ওলায় যে এওঁ আমাৰ সদায় স্নেহী, সহযোগী হয়।

স্লোগান:
সংগমযুগত শ্ৰেষ্ঠ আত্মা তেওঁ হয় যি সদায় নিচিন্ত বাদশ্বাহ হয়।