14.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সংগমযুগতে তোমালোকে আত্মা-অভিমানী হোৱাৰ মেহনত কৰিবলগীয়া হয়, সত্যযুগ অথবা কলিযুগত এই মেহনত নহয়

প্ৰশ্ন:
শ্ৰীকৃষ্ণৰ নাম তেওঁৰ মা-পিতাতকৈও অধিক প্ৰসিদ্ধ হয়, কিয়?

উত্তৰ:
কিয়নো (1) শ্ৰীকৃষ্ণৰ আগতে যাৰেই জন্ম হয় তেওঁলোকৰ জন্ম যোগবলেৰে নহয়। কৃষ্ণৰ মা-পিতাই কোনো যোগবলেৰে জন্ম লোৱা নাই। (2) সম্পূৰ্ণ কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰোঁতা ৰাধা-কৃষ্ণই হয়, তেওঁলোকেই সৎগতি পায়। যেতিয়া সকলো পাপ আত্মা নোহোৱা হৈ যায় তেতিয়া গুল গুল (পাৱন) নতুন সৃষ্টিত শ্ৰীকৃষ্ণৰ জন্ম হয়, তাকে বৈকুণ্ঠ বুলি কোৱা হয়। (3) সংগমত শ্ৰীকৃষ্ণৰ আত্মাই সকলোতকৈ অধিক পুৰুষাৰ্থ কৰিছে সেইবাবে তেওঁৰ নাম প্ৰসিদ্ধ।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলক আত্মিক পিতাই বহি বুজায়। 5 হাজৰ বছৰ পাচত এবাৰহে সন্তানসকলক আহি পঢ়ায়, আহ্বানো কৰে যে আমাক পতিতসকলক আহি পাৱন কৰি তোলা। গতিকে এইটো সিদ্ধ হয় যে এইখন পতিত সৃষ্টি। নতুন সৃষ্টি, পাৱন সৃষ্টি আছিল। নতুন ঘৰ সুন্দৰ হয়। পুৰণি যেন ফটা-ফুটা হৈ যায়। বৰষুণত বাগৰি পৰে। এতিয়া তোমালোক সন্তানসকলে জানা পিতা আহিছে নতুন সৃষ্টি স্থাপন কৰিবলৈ। এতিয়া পঢ়াই আছে। আকৌ 5 হাজাৰ বছৰ পাচত পঢ়াব। কোনো সাধু-সন্ত আদিয়ে এনেকৈ কেতিয়াও নিজৰ অনুগামীসকলক (ফলৱাৰ্চক) নপঢ়ায়। তেওঁলোকে এয়া গমেই নাপায়। খেলৰ বিষয়েও নাজানে কিয়নো নিবৃত্তি মাৰ্গৰ হয়। পিতাৰ বাহিৰে কোনেও সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজাব নোৱাৰে। আত্মা-অভিমানী হোৱাতেই সন্তানসকলৰ মেহনত (পৰিশ্ৰম) হয় কিয়নো আধা কল্পত তোমালোকে কেতিয়াও আত্মা-অভিমানী হোৱা নাই। এতিয়া পিতাই কয় নিজক আত্মা বুলি বুজা। এনেকুৱা নহয় যে আত্মাই পৰমাত্মা। নহয়, নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰিব লাগে। স্মৃতিৰ যাত্ৰা হৈছে মুখ্য, যাৰ দ্বাৰা তোমালোকে পতিতৰ পৰা পাৱন হোৱা। ইয়াত কোনো স্থূল কথা নাই। কোনো নাক-কাণ আদি বন্ধ কৰিব নালাগে। মূল কথা হল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰাতো। তোমালোকৰ আধাকল্পৰ পৰা দেহ-অভিমানত থকাৰ অভ্যাস হৈ গৈছে। প্ৰথমে নিজক আত্মা বুলি বুজিলে তেতিয়া পিতাক স্মৰণ কৰিব পাৰিবা। ভক্তি মাৰ্গতো বাবা বাবা বুলি কৈ আহিছে। সন্তানসকলে জানে যে সত্যযুগত এজনে লৌকিক পিতা থাকে। তাত পাৰলৌকিক পিতাক স্মৰণ নকৰে কিয়নো সুখ থাকে। ভক্তি মাৰ্গত আকৌ দুজন পিতা হৈ যায়। লৌকিক আৰু পাৰলৌকিক। দুখত সকলোৱে পাৰলৌকিক পিতাক স্মৰণ কৰে। সত্যযুগত ভক্তি নাথাকে। তাততো হয়েই জ্ঞানৰ প্ৰালব্ধ। এনেকুৱা নহয় যে জ্ঞান থাকে। এই সময়ৰ জ্ঞানৰ প্ৰালব্ধ পোৱা যায়। পিতাতো এবাৰেই আহে। আধাকল্প বেহদৰ পিতাৰ সুখৰ উত্তৰাধিকাৰ থাকে। আকৌ লৌকিক পিতাৰ পৰা অল্পকালৰ উত্তৰাধিকাৰ পোৱা যায়। এয়া মনুষ্যই বুজাব নোৱাৰে। এয়া হল নতুন কথা, 5 হাজাৰ বছৰত সংগমযুগত এবাৰে পিতা আহে। যেতিয়া কলিযুগৰ অন্ত, সত্যযুগৰ আদিৰ সংগম হয় তেতিয়াহে নতুন সৃষ্টি পুনৰাই স্থাপন কৰিবলৈ পিতা আহে। নতুন সৃষ্টিত এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল তাৰপাচত ত্ৰেতাত ৰামৰাজ্য আছিল। বাকী দেৱতা আদিৰ যি ইমান চিত্ৰ তৈয়াৰ কৰিছে সেই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ সামগ্ৰী। পিতাই কয় এই সকলোবোৰ পাহৰি যোৱা। এতিয়া নিজৰ ঘৰ আৰু নতুন সৃষ্টিক স্মৰণ কৰা।

জ্ঞান মাৰ্গ হৈছে বোধৰ মাৰ্গ, যাৰ দ্বাৰা তোমালোক 21 জন্ম বিচাৰ বুদ্ধি সম্পন্ন হৈ যোৱা। কোনো দুখ নাথাকে। সত্যযুগত কেতিয়াও কোনেও এনেকৈ নকয় যে আমাক শান্তি লাগে। কোৱা হয় নহয় খোজাতকৈ মৰাই ভাল। পিতাই তোমালোকক এনেকুৱা ধনৱান কৰি তোলে যে দেৱতাসকলে ভগৱানৰ পৰা কোনো বস্তু খোজাৰ প্ৰয়োজন নাথাকে। ইয়াততো আশীৰ্বাদ বিচাৰে নহয় জানো। পোপ আদি আহিলে তেতিয়া কিমানে আশীৰ্বাদ লবলৈ যায়। পোপে কিমানৰ বিয়া পাতি দিয়ে। বাবাইতো এইটো কাম নকৰে। ভক্তি মাৰ্গত যি অতীত (পাষ্ট) হৈ গল সেয়া এতিয়া হৈ আছে সেয়া আকৌ পুনৰাবৃত্তি (ৰিপিট) হব। দিনে-প্ৰতিদিনে ভাৰত কিমান অৱনমিত হৈ যায়। এতিয়া তোমালোক সংগমত আছা। বাকী সকলো হৈছে কলিযুগী মনুষ্য। যেতিয়ালৈকে ইয়ালৈ নাহে তেতিয়ালৈকে একো বুজিব নোৱাৰে যে এতিয়া সংগম নে কলিযুগ? এখন ঘৰতে সন্তানে ভাবে মই সংগমত আছোঁ, পিতাকে কব মই কলিযুগত আছোঁ গতিকে কিমান কঠিনতা আহি পৰে। খোৱা-বোৱা আদিতো জঞ্জাল আহি পৰে। তোমালোক শুদ্ধ পবিত্ৰ ভোজন খাওঁতা সংগমযুগী হোৱা। দেৱতাসকলে কেতিয়াবা পিঁয়াজ আদি খায় জানো। এই দেৱতাসকলক কোৱাই হয় নিৰ্বিকাৰী। ভক্তি মাৰ্গত সকলো তমোপ্ৰধান হৈ গৈছে। এতিয়া পিতাই কয় সতোপ্ৰধান হোৱা। কোনো এনেকুৱা নাই যিয়ে ভাবে যে আত্মা প্ৰথমে সতোপ্ৰধান আছিল পাচত তমোপ্ৰধান হল কিয়নো তেওঁলোকেতো আত্মাক নিৰ্লেপ বুলি ভাবে। আত্মাই পৰামাত্মা, এনেকৈ এনেকৈ কৈ দিয়ে।

পিতাই কয় জ্ঞানৰ সাগৰ ময়েই হওঁ, যিসকল এই দেৱী-দেৱতা ধৰ্মৰ হব তেওঁলোক সকলো আহি পুনৰাই নিজৰ উত্তৰাধিকাৰ লব। এতিয়া পুলি ৰোপণ কৰি থকা হৈছে। তোমালোকে বুজি পাই যাবা এওঁ ইমান উচ্চ পদ পোৱাৰ যোগ্য নহয়। ঘৰলৈ গৈ বিয়া আদি কৰাই ছিঃ ছিঃ হৈ থাকে। সেয়েহে বুজোৱা হয় উচ্চ পদ পাব নোৱাৰে। এয়া ৰাজ্য স্থাপন হৈ আছে। পিতাই কয় মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ গতিকে নিশ্চয় প্ৰজা তৈয়াৰ কৰিব লাগিব। নহলে ৰাজ্য কেনেকৈ পাবা! এয়া গীতাৰ শব্দ নহয় জানো ইয়াক কোৱাই হয় গীতাৰ যুগ। তোমালোকে ৰাজযোগ শিকি আছা জানা যে আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ ভেটি (ফাউণ্ডেচন) প্ৰতিষ্ঠা হৈ আছে। সূৰ্যবংশী আৰু চন্দ্ৰবংশী দুয়োখন ৰাজ্য প্ৰতিষ্ঠা হৈ আছে। ব্ৰাহ্মণ কুল প্ৰতিষ্ঠা হৈ গৈছে। ব্ৰাহ্মণেই আকৌ সূৰ্যবংশী-চন্দ্ৰবংশী হয়। যিসকলে ভালদৰে মেহনত কৰিব তেওঁলোক সূৰ্যবংশী হব। অন্য ধৰ্মাৱলম্বী যিসকল আহে তেওঁলোক আহেই নিজৰ ধৰ্ম প্ৰৱৰ্তন কৰিবলৈ। পাচলৈ সেই ধৰ্মৰ আত্মাসকল আহি থাকে, ধৰ্মৰ বৃদ্ধি হৈ গৈ থাকে। ধৰি লোৱা কোনোবা খ্ৰীষ্টান হয় তেন্তে তেওঁলোকৰ বীজৰূপ যীশুখ্ৰীষ্ট হল। তোমালোকৰ বীজৰূপ কোন হয়? পিতা, কিয়নো পিতাহে আহি ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা কৰে। ব্ৰহ্মাকে প্ৰজাপিতা বুলি কোৱা হয়। ৰচয়িতা বুলি কোৱা নহয়। এওঁৰ দ্বাৰা সন্তানসকলক তুলি লোৱা (এডপ্ট কৰা) হয়। ব্ৰহ্মাকোতো ৰচনা (ক্ৰিয়েট) কৰে নহয় জানো। পিতা আহি প্ৰৱেশ কৰি এয়া ৰচনা কৰে। শিৱবাবাই কয় তোমালোক মোৰ সন্তান হোৱা। ব্ৰহ্মাইয়ো কয় তোমালোক মোৰ সাকাৰ সন্তান হোৱা। এতিয়া তোমালোক কলা ছিঃ ছিঃ হৈ গৈছা। এতিয়া পুনৰ ব্ৰাহ্মণ হৈছা। এই সংগমতে তোমালোকে পুৰুষোত্তম দেৱী-দেৱতা হবলৈ মেহনত কৰা। দেৱতা আৰু শূদ্ৰসকলে কোনো মেহনত কৰিবলগীয়া নহয়, তোমালোক ব্ৰাহ্মণসকলে দেৱতা হবৰ বাবে মেহনত কৰিবলগীয়া হয়। পিতা আহেই সংগমত। এইটো হল বহুত সৰু যুগ সেইবাবে ইয়াক লীপ যুগ বুলি কোৱা হয়। ইয়াক কোনেও নাজানে। পিতাৰো মেহনত হয়। এনেকুৱা নহয় যে তৎক্ষণাৎ নতুন সৃষ্টি তৈয়াৰ হৈ যায়। তোমালোক দেৱতা হওঁতে সময় (টাইম) লাগে। যিয়ে ভাল কৰ্ম কৰে তেওঁ ভাল কুলত জন্ম লয়। এতিয়া তোমালোকে পুৰুষাৰ্থৰ ক্ৰমানুসৰি গুল গুল (ফুল) হৈ আছা। আত্মাহে হয়। এতিয়া তোমালোক আত্মাই ভাল কৰ্ম শিকি আছা। আত্মাইহে ভাল অথবা বেয়া সংস্কাৰ লৈ যায়। এতিয়া তোমালোক গুল গুল (ফুল) হৈ ভাল ঘৰত জন্ম লৈ থাকিবা। ইয়াত যিসকলে ভাল পুৰুষাৰ্থ কৰে, তেন্তে নিশ্চয় ভাল কুলত জন্ম লব। ক্ৰমানুসৰিতো হয়েই। যেনেকুৱা কৰ্ম কৰে তেনেকুৱা জন্ম লয়। যেতিয়া বেয়া কৰ্ম কৰোঁতাসকল একেবাৰে শেষ হৈ যায় তেতিয়া পদবী অনুসৰি নিৰ্বাচিত হৈ পুনৰ স্বৰ্গৰ স্থাপনা হৈ যায়। যিসকল তমোপ্ৰধান আছে তেওঁলোক নাশ হৈ যায়। তাৰপাচত নতুন দেৱতাসকল অহা আৰম্ভ হয়। যেতিয়া সকলো ভ্ৰষ্টাচাৰী নাশ হৈ যায় তেতিয়া কৃষ্ণৰ জন্ম হয়, তেতিয়ালৈকে অদল-বদল হৈ থাকে। যেতিয়া কোনো ছিঃ ছিঃ নাথাকিব তেতিয়া কৃষ্ণ আহিব, তেতিয়ালৈকে তোমালোক অহা-যোৱা কৰি থাকিবা। কৃষ্ণক আদৰণি জনাওঁতা (ৰিচিভ কৰোঁতা) মা-পিতাও আগৰে পৰা লাগিব নহয় জানো। তাৰপাচত সকলো ভালেই থাকিব। বাকীসকল গুচি যাব, তেতিয়াহে তাক স্বৰ্গ বুলি কোৱা হব। তোমালোক কৃষ্ণক আদৰণি জনাওঁতাসকল থাকিবা। যদিও তোমালোকৰ ছিঃ ছিঃ জন্ম হব কিয়নো ৰাৱণ ৰাজ্য হয় নহয় জানো। শুদ্ধ জন্মতো হব নোৱাৰে। গুল গুল (পবিত্ৰ) জন্ম কৃষ্ণৰহে প্ৰথমতে হয়। তাৰপাচত নতুন সৃষ্টি বৈকুণ্ঠ বুলি কোৱা হয়। কৃষ্ণ একেবাৰে গুল গুল নতুন সৃষ্টিত আহিব। ৰাৱণ সম্প্ৰদায় একেবাৰে নাশ হৈ যাব। কৃষ্ণৰ নাম তেওঁৰ মা-পিতাতকৈও বহুত প্ৰসিদ্ধ হয়। কৃষ্ণৰ মা-পিতাৰ নাম ইমান প্ৰসিদ্ধ নহয়। কৃষ্ণৰ আগতে যাৰ জন্ম হব তেওঁলোকৰ জন্ম যোগবলেৰে হোৱা বুলি কোৱা নহব। এনেকুৱা নহয় যে কৃষ্ণৰ মা-পিতাই যোগবলেৰে জন্ম লৈছে। নহয়, যদি এনেকুৱা হলহেঁতেন তেন্তে তেওঁলোকৰো নাম প্ৰসিদ্ধ হলহেঁতেন। গতিকে এইটো সিদ্ধ হয় তেওঁৰ মা-পিতাই ইমান পুৰুষাৰ্থ কৰা নাই যিমান কৃষ্ণই কৰিছে। এই সকলো কথা আগলৈ গৈ তোমালোকে বুজি গৈ থাকিবা। সম্পূৰ্ণ কৰ্মাতীত অৱস্থা পাওঁতা ৰাধা-কৃষ্ণই হয়। তেওঁলোকেই সৎগতিলৈ আহে। পাপ আত্মা সকলো নোহোৱা হৈ যায় তেতিয়া তেওঁলোকৰ জন্ম হয় তাৰপাচত কোৱা হব পাৱন সৃষ্টি সেইবাবে কৃষ্ণৰ নাম প্ৰসিদ্ধ। মা-পিতাৰ ইমান নহয়। আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হব। সময়তো বাকী আছে। তোমালোকে যিকোনো লোককে বুজাব পাৰা আমি এয়া (লক্ষ্মী-নাৰায়ণ) হবলৈ পঢ়ি আছোঁ। বিশ্বত এওঁলোকৰ ৰাজ্য এতিয়া স্থাপন হৈ আছে। আমাৰ বাবেতো নতুন সৃষ্টিৰ প্ৰয়োজন। এতিয়া তোমালোকক দৈৱী সম্প্ৰদায় বুলি কোৱা নহয়। তোমালোক হৈছা ব্ৰাহ্মণ সম্প্ৰদায়। দেৱতা হবলৈ গৈ আছা। দৈৱী সম্প্ৰদায়ৰ হৈ গলে তেতিয়া তোমালোক আত্মা আৰু শৰীৰ দুয়োটাই স্বচ্ছ হব। এতিয়া তোমালোক সংগমযুগী পুৰুষোত্তম হৈ আছা। এয়া সকলো মেহনতৰ কথা। স্মৃতিৰে বিকৰ্মাজিৎ হব লাগে। তোমালোকে নিজেই কোৱা স্মৃতি বাৰে বাৰে পাহৰি যাওঁ। বাবা (ব্ৰহ্মা) পিক্‌নিক্‌ত গলে তেতিয়াও বাবাৰ খেয়াল থাকে। আমি স্মৃতিত নাথাকিলে তেন্তে বাবাই কি বুলি কব! সেইবাবে বাবাই কয় তোমালোক স্মৃতিত বহি পিক্‌নিক্‌ কৰা। কৰ্ম কৰিও প্ৰেমিকক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব, এই ক্ষেত্ৰতে মেহনত হয়। স্মৃতিৰ দ্বাৰা আত্মা পবিত্ৰ হব, অবিনাশী জ্ঞান ধনো জমা হব। আকৌ যদি অপৱিত্ৰ হৈ যোৱা তেতিয়া গোটেই জ্ঞান বৈ যায়। পবিত্ৰতাই হৈছে মুখ্য। পিতাইতো ভাল ভাল কথাহে বুজায়। এই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আন কাৰো নাই। আন যিবোৰ সৎসংগ আদি আছে সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ।

বাবাই বুজাইছে ভক্তি বাস্তৱত প্ৰবৃত্তি মাৰ্গৰসকলেহে কৰিব লাগে। তোমালোকৰতো কিমান শক্তি থাকে। ঘৰতে বহি তোমালোকে সুখ পাই যোৱা। সৰ্বশক্তিমান পিতাৰ পৰা তোমালোকে ইমান শক্তি লোৱা। সন্ন্যাসীসকলৰো প্ৰথমতে শক্তি আছিল, জংঘলত বাস কৰিছিল। এতিয়া কিমান ডাঙৰ ডাঙৰ ফ্লেট নিৰ্মাণ কৰি বাস কৰে। এতিয়া সেই শক্তি নাই। যেনেকৈ তোমালোকৰো প্ৰথমতে সুখৰ শক্তি থাকে। পাচত নোহোৱা হৈ যায়। তেওঁলোকৰো প্ৰথমে শান্তিৰ শক্তি আছিল, এতিয়া সেই শক্তি নাই। আগতেতো সঁচা কথা কৈছিল যে ৰচয়িতা আৰু ৰচনাক আমি নাজানো। এতিয়াতো নিজকে শিৱহোম্‌ (ময়েই শিৱ) বুলি কৈ বহি থাকে। পিতাই বুজায় এই সময়ত গোটেই বৃক্ষজোপা তমোপ্ৰধান, সেইবাবে সাধু আদিৰো উদ্ধাৰ কৰিবলৈ মই আহোঁ। এই সৃষ্টিখনেই পৰিৱৰ্তন হব। সকলো আত্মা উভতি গুচি যাব। এজনো নাই যিয়ে এইটো গম পায় যে আমাৰ আত্মাত অবিনাশী ভূমিকা (পাৰ্ট) ভৰি আছে যি আকৌ পুনৰাবৃত্তি (ৰিপিট) কৰিম। আত্মা ইমান সূক্ষ্ম, সেই আত্মাত অবিনাশী ভূমিকা ভৰি থাকে যি কেতিয়াও বিনাশ নহয়। এই ক্ষেত্ৰত বুদ্ধি বহুত ভাল পবিত্ৰ হোৱা উচিত। সেয়া তেতিয়া হব যেতিয়া স্মৃতিৰ যাত্ৰাত মতলীয়া হৈ থাকিবা। মেহনত নকৰাকৈ জানো পদ পাবা সেইবাবে গোৱা হয় ওপৰলৈ বগালে তেতিয়া স্বৰ্গৰ সোৱাদ পাবা... কত উচ্চতকৈও উচ্চ ৰজাৰো ৰজা দ্বৈত মুকুট, কত প্ৰজা। পঢ়াওঁতাতো এজনেই। এই ক্ষেত্ৰত ভাল বোধশক্তিৰ প্ৰয়োজন। বাবাই বাৰে বাৰে বুজায় স্মৃতিৰ যাত্ৰা হৈছে মুখ্য। মই তোমালোকক পঢ়াই বিশ্বৰ মালিক কৰি তোলোঁ। গতিকে শিক্ষক গুৰুও হব। পিতাতো হয়েই শিক্ষকৰো শিক্ষক, পিতাৰো পিতা। এয়াতো তোমালোক সন্তানসকলে জানা আমাৰ বাবা বহুত মৰমিয়াল হয়। এনেকুৱা পিতাকতো বহুত স্মৰণ কৰিব লাগে। সম্পূৰ্ণকৈ পঢ়িবও লাগে। পিতাক স্মৰণ নকৰিলে তেতিয়া পাপ নষ্ট নহব। পিতাই সকলো আত্মাক লগত লৈ যাব। বাকী শৰীৰ সকলো নাশ হৈ যাব। আত্মাসকলে নিজৰ নিজৰ ধৰ্মৰ শাখাত (চেক্সনত) গৈ নিবাস কৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিক পবিত্ৰ কৰি তুলিবলৈ স্মৃতিৰ যাত্ৰাত মতলীয়া হৈ থাকিব লাগে। কৰ্ম কৰিও যাতে এজন প্ৰেমিক স্মৃতিত থাকে তেতিয়া বিকৰ্মাজিৎ হবা।

(2) এই সৰু যুগটিত মনুষ্যৰ পৰা দেৱতা হোৱাৰ মেহনত কৰিব লাগে। ভাল কৰ্ম অনুসৰি ভাল সংস্কাৰ ধাৰণ কৰি ভাল কুলত যাব লাগে।

বৰদান:
জগতৰ জ্যোতি হৈ ভক্তসকলক দৃষ্টিৰে ভৰপূৰ কৰোঁতা দৰ্শনীয় মূৰ্ত হোৱা

গোটেই বিশ্ব তোমালোক জগতৰ নেত্ৰৰ দৃষ্টি লবলৈ অপেক্ষাত আছে। যেতিয়া তোমালোক জগতৰ জ্যোতি নিজৰ সম্পূৰ্ণ স্থিতিত (ষ্টেজত) উপনীত হবা অৰ্থাৎ সম্পূৰ্ণতাৰ নেত্ৰ মুকলি হব তেতিয়া চেকেণ্ডত বিশ্ব পৰিৱৰ্তন হব। তেতিয়া তোমালোক দৰ্শনীয় মূৰ্ত আত্মাসকলে নিজৰ দৃষ্টিৰে ভক্ত আত্মাসকলক ভৰপূৰ কৰিব পাৰিবা। দৃষ্টিৰে ভৰপূৰ হওঁতাসকলৰ দীঘল শাৰী (ক্যু) আছে সেইবাবে সম্পূৰ্ণতাৰ নেত্ৰ যাতে মুকলি হৈ থাকে। চকু মোহাৰি থকা আৰু সংকল্পৰ শ্বাসৰুদ্ধতা বা কলমটিয়াই থকাতো বন্ধ কৰা তেতিয়া দৰ্শনীয় মূৰ্ত হব পাৰিবা।

স্লোগান:
নিৰ্মল স্বভাৱ নম্ৰতাৰ লক্ষণ। নিৰ্মল হোৱা তেতিয়া সফলতা পাবা।