14.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল যোগবলৰ দ্বাৰা বিকাৰ ৰূপী ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰি সঁচা দশহৰা (বিজয়া দশমী) পালন কৰা

প্ৰশ্ন:
ৰামায়ণ আৰু মহাভাৰতৰ পৰস্পৰৰ মাজত কি সম্পৰ্ক আছে? দশহৰাই কোনটো কথাক সিদ্ধ কৰে?

উত্তৰ:
দশহৰা পালন কৰা মানে ৰাৱণৰ নাশ হোৱা আৰু সীতাসকলে মুক্তি প্ৰাপ্ত কৰা। কিন্তু দশহাৰা পালন কৰিলেতো ৰাৱণৰ পৰা উদ্ধাৰ নাপায়। যেতিয়া মহাভাৰত হয় তেতিয়া সকলো সীতাৰ উদ্ধাৰ হৈ যায়। মহাভাৰতৰ যুদ্ধৰ দ্বাৰা ৰাৱণ ৰাজ্য নাশ হয় গতিকে ৰামায়ণ মহাভাৰত আৰু গীতাৰ পৰস্পৰৰ মাজত বহুত গভীৰ সম্পৰ্ক আছে।

গীত:
মহফিল মে জ্বল উঠি শমা. (ৰঙ্গসভাত জ্বলি উঠিল বন্তিশিখা.)

ওঁম্শান্তি।
পিতাই কয় যে তোমালোক হৈছা ব্ৰাহ্মণ সম্প্ৰদায়, তোমালোকক এতিয়া দৈৱী সম্প্ৰদায় বুলি কব নোৱাৰি। তোমালোক এতিয়া হৈছা ব্ৰাহ্মণ সম্প্ৰদায়, পাছলৈ দৈৱী সম্প্ৰদায় হবলৈ গৈ আছা। এয়া যি ৰামায়ণ আছে, আজি (দশহৰাৰ দিনা) যেন ইয়াৰ (ৰাৱণৰ) ৰামায়ণ পূৰা হবলৈ ওলাইছে কিন্তু পূৰা নহয়েই। যদি ৰাৱণ মৰে তেন্তে ৰামায়ণৰ কথা (কাহিনী) পূৰা হোৱা উচিত, কিন্তু নহয়েই। উদ্ধাৰ হয় মহাভাৰতৰ পৰা। এতিয়া এইটোও বুজিবলগীয়া কথা। ৰামায়ণ কি আৰু মহাভাৰত কি? জগতেতো এই কথাবোৰ নাজানেই। ৰামায়ণ আৰু মহাভাৰত দুয়োটাৰ মাজত সম্পৰ্ক আছে। মহাভাৰতৰ যুদ্ধৰ দ্বাৰা ৰাৱণ ৰাজ্যৰ নাশ হয়। তাৰপাছত এই দশহৰা আদি পালন কৰিবই নালাগে। গীতা অথবা মহাভাৰতো হৈছে ৰাৱণ ৰাজ্য নাশ কৰোঁতা। এতিয়াতো সময় আছে, প্ৰস্তুতিও চলি আছে - সেয়া হৈছে হিংসক, তোমালোকৰ হৈছে অহিংসক। তোমালোকৰ হৈছে গীতা, তোমালোকে গীতাৰ জ্ঞান শুনা। তাৰ দ্বাৰা কি হবলগীয়া আছে? ৰাৱণ ৰাজ্য নাশ হবলগীয়া আছে। তেওঁলোকে যদিওবা ৰাৱণক বধ কৰে কিন্তু ৰাম ৰাজ্যতো নহয়। এতিয়া ৰামায়ণ আৰু মহাভাৰত আছে নহয় জানো। গতিকে মহাভাৰত হৈছে ৰাৱণক নাশ কৰিবৰ বাবে। এইটো অতি গূঢ় বুজিবলগীয়া কথা এই ক্ষেত্ৰত বিশাল বুদ্ধিৰ হব লাগে। পিতাই বুজায় - মহাভাৰতৰ যুদ্ধৰ দ্বাৰা ৰাৱণ ৰাজ্য নাশ হয়। এনেকুৱা নহয় যে কেৱল ৰাৱণক মাৰিলেই ৰাৱণ ৰাজ্য নাশ হৈ যায়। তাৰ বাবেতো সংগম (কলিযুগৰ অন্ত আৰু সত্যযুগৰ আৰম্ভণীৰ সময়) লাগিব। এতিয়া হৈছে সংগম। এতিয়া তোমালোকে প্ৰস্তুতি চলাই আছা, ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ। এই ক্ষেত্ৰত জ্ঞানৰ অস্ত্ৰ-শস্ত্ৰ লাগে। সেয়া নাই। যেনেকৈ দেখুৱায় ৰাৱণ আৰু ৰামৰ যুদ্ধ হল। এই সকলো শাস্ত্ৰ হৈছে ভক্তিমাৰ্গৰ। এতিয়া তোমালোকে ৰাৱণ ৰাজ্যৰ ওপৰত যোগবলৰ দ্বাৰা বিজয় প্ৰাপ্ত কৰা। এয়া হৈ গল গুপ্ত কথা। 5 বিকাৰ ৰূপী ৰাৱণৰ ওপৰত তোমালোকৰ বিজয় হয়। কাৰ দ্বাৰা? গীতাৰ দ্বাৰা। বাবাই তোমালোকক গীতা শুনাই আছে। ভাগৱততো নাই। ভাগৱতত কৃষ্ণৰ চৰিত্ৰ দেখুৱায়। কৃষ্ণৰ চৰিত্ৰ বুলিতো একো নাই। তোমালোকে জানা যেতিয়া বিনাশ হব, ভয়ানক যুদ্ধ লাগিব, তাৰ দ্বাৰাহে ৰাৱণ ৰাজ্য নাশ হৈ যাব। ছিৰিৰ চিত্ৰতো দেখুওৱা হৈছে। যেতিয়াৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হল তেতিয়াৰ পৰা ভক্তিমাৰ্গ হল। এয়া তোমালোকেহে জানা। গীতাৰ সম্পৰ্ক মহাভাৰতৰ যুদ্ধৰ সৈতে আছে। তোমালোকে গীতা শুনি ৰাজ্য লাভ কৰা আৰু যুদ্ধ লাগে নিকা কৰিবৰ বাবে। বাকী ভাগৱতৰ চৰিত্ৰ আদি অমূলক। শিৱ পুৰাণত একোৱেই নাই। নহলেতো গীতাৰ নাম শিৱপুৰাণ হব লাগে। শিৱবাবাই বহি জ্ঞান দিয়ে - সকলোতকৈ উচ্চ হৈছে গীতা। গীতা সকলো শাস্ত্ৰৰ ভিতৰত সৰু অন্য সকলো শাস্ত্ৰ ডাঙৰ আকাৰত ছপাইছে। মনুষ্যৰ জীৱন কাহিনীও ডাঙৰ আকাৰত ছপাইছে। নেহেৰুৱে শৰীৰ ত্যাগ কৰিলে, তেওঁৰ জীৱন কাহিনী কিমান ডাঙৰ আকাৰত ছপাইছে। শিৱবাবাৰ এই গীতাৰ আকাৰ কিমান ডাঙৰ হব লাগে। কিন্তু গীতা কিমান সৰু কিয়নো পিতাই শুনায়েই এটি কথা যে মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব আৰু চক্ৰক বুজা। বচ্, সেই বাবেই গীতা সৰুকৈ ৰচনা কৰি দিছে। এয়া জ্ঞান হৈছে কণ্ঠস্থ কৰাৰ। তোমালোকে গম পোৱা গীতাৰ লকেট (ডিঙিৰ অলংকাৰ) সাজে। তাত সৰু আখৰ থাকে। এতিয়া বাবায়ো তোমালোকৰ ডিঙিত লকেট পিন্ধায় ত্ৰিমূৰ্তিৰ আৰু বাদশ্বাহীৰ। বাবাই কয় - গীতা হৈছে দুটি শব্দৰ অল্ফ (পৰমাত্মা) আৰু বে (বাদশ্বাহী)। এয়া হৈছে মনমনাভৱ গুপ্ত মন্ত্ৰৰ লকেট। মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব। তোমালোকৰ কাম হৈছে যোগবলেৰে বিজয় লাভ কৰা আকৌ তোমালোকৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাও (অপবিত্ৰতাৰ সমাপ্তি) লাগে। পিতাই বুজায় যে তোমালোকৰ যোগবলেৰেহে ৰাৱণ ৰাজ্য বিনাশ হয়। ৰাৱণ ৰাজ্য কেতিয়া আৰম্ভ হল, এইটোও নাজানে। এই জ্ঞান বৰ সহজ। চেকেণ্ডৰ কথা নহয় জানো। 84 জন্মৰ ছিৰিতো ইমান ইমান জন্ম লৈছে। কিমান সহজ। পিতা হৈছে জ্ঞানৰ সাগৰ। জ্ঞান শুনায়েই আহিছে। তোমালোকে সকলো মুৰুলীৰ কাগজ একত্ৰিত কৰা তেতিয়া ঢেৰ হৈ যাব। পিতাই বিস্তাৰত বুজায়। সংক্ষেপেতো কয় অল্ফক (পৰমাত্মাক) স্মৰণ কৰা। বচ্ বাকী সময় কিহত লগোৱা? তোমালোকৰ শিৰত পাপৰ বোজা বহুত আছে। সেয়া স্মৃতিৰ দ্বাৰাহে আঁতৰাব লাগে, এই ক্ষেত্ৰত পৰিশ্ৰম হয়। বাৰে বাৰে তোমালোকে পাহৰি যোৱা। তোমালোকে যদি বাবাক স্মৰণ কৰি থাকা তেন্তে কেতিয়াও বিঘিনি নাহিব। দেহ-অভিমানী হোৱা বাবেই বিঘিনি আহে। দেহী-অভিমানী হোৱা অন্তত। পুনৰ আধাকল্প কোনো বিঘিনি নাহে। এয়া বুজিবলগীয়া কিমান গূঢ় কথা। বাবাই আৰম্ভণিৰে পৰা কিমান শুনাই আহিছে তথাপিও কয় কেৱল অল্ফক (পৰমাত্মাক) আৰু বেক (বাদশ্বাহীক) স্মৰণ কৰা। বচ্‌। বৃক্ষৰ বিস্তাৰ আছে। বীজতো অতি সৰু হয়। কিমান ডাঙৰ বৃক্ষ অংকুৰিত হৈ যায়।

আজি দশহৰা (বিজয়া দশমী) নহয় জানো। এতিয়া বাবাই বুজায় - ৰামায়ণৰ মহাভাৰতৰ লগত কি সম্পৰ্ক আছে। ৰামায়ণতো হৈছে ভক্তিমাৰ্গৰ। আধাকল্পৰ পৰা চলি আহিছে। অৰ্থাৎ এতিয়া ৰাৱণৰাজ্য চলি আছে। পুনৰ মহাভাৰতৰ যুদ্ধ হলে তেতিয়া ৰাৱণৰাজ্য নাশ হৈ ৰামৰাজ্য আৰম্ভ হৈ যাব। ৰামায়ণ আৰু মহাভাৰতৰ মাজত কি পাৰ্থক্য আছে। ৰামৰাজ্যৰ স্থাপনা আৰু ৰাৱণ ৰাজ্যৰ বিনাশ হব লাগে। গীতা শুনি তোমালোক বিশ্বৰ মালিক হোৱাৰ লায়ক হোৱা। গীতা আৰু মহাভাৰতো হৈছে এতিয়াৰ কাৰণে। ৰাৱণৰাজ্য নাশ হবৰ কাৰণে। বাকী তেওঁলোকে যি যুদ্ধ দেখুৱাইছে সেয়া ভুল। যুদ্ধ হৈছে 5 বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ। তোমালোকক পিতাই গীতাৰ দুটি শব্দ শুনায় - মনমনাভৱ-মধ্যাজীভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক আৰু বাদশ্বাহীক স্মৰণ কৰা)। গীতাৰ আৰম্ভণিত আৰু অন্তত এই দুটা শব্দ আছে। সন্তানসকলে বুজি পায় - যথাযথ গীতাৰ আখ্যান চলি আছে। কিন্তু কাৰোবাক যদি কোৱা তেতিয়া কব কৃষ্ণ কত আছে? বাবাৰ বুজনি আৰু ভক্তি মাৰ্গৰ শাস্ত্ৰবোৰৰ মাজত কিমান পাৰ্থক্য আছে। এইটো কোনেও নাজানে যে এই ৰামায়ণ কি? মহাভাৰত কি? মহাভাৰতৰ যুদ্ধৰ পাছতহে স্বৰ্গৰ দ্বাৰ মুকলি হয়। কিন্তু মনুষ্যই এয়া নুবুজিব, সেয়েহে তোমালোকে পৰিচয়েই পিতাৰ দিয়া, পিতাই কয় - মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। পিতাই গোটেই জগতৰ বাবে এনেকৈ কয়। একমাত্ৰ গীতাখনকে খণ্ডন কৰিছে। গীতা সকলো ভাষাতে প্ৰচাৰ হৈছে। তোমালোকৰ ৰাজ্যত ভাষাই হব এটা। তাত কোনো শাস্ত্ৰ কিতাপ আদি নাথাকিব। তাত ভক্তি মাৰ্গৰ কোনো কথা নাথাকে। ভাৰতৰ সম্পৰ্ক ৰামায়ণ, মহাভাৰত আৰু গীতাৰ সৈতেই আছে। ভগৱানেতো সন্তানসকলক গীতা শুনায়, যাৰ দ্বাৰা তোমালোক স্বৰ্গৰ মালিক হোৱা। মহাভাৰতৰ যুদ্ধ নিশ্চয় লগা উচিত যাতে পতিত সৃষ্টি নাশ হৈ যায়। গীতাৰ দ্বাৰা তোমালোক পাৱন হোৱা। পতিত-পাৱন ভগৱান আহেই অন্তত। তেওঁ কয় - কাম মহাশত্ৰু, ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। কাম বিকাৰৰ লগত কেতিয়াও পৰাস্ত হব নালাগে, ইয়াৰ পৰা বহুত লোকচান হয়। বিকাৰৰ বাবে বহুত ডাঙৰ ডাঙৰ নাম-যশ থকা, মন্ত্ৰী আদিয়েও নিজৰ নাম বদনাম কৰে। কাম বিকাৰৰ বাবে বহুত বেয়া হৈ যায় সেয়েহে পিতাই বুজায় - বাবাৰ ওচৰলৈ ডেকা ডেকা সন্তানসকল আহে। এনেকুৱা বহুত আছে যিসকল ব্ৰহ্মচৰ্যত থাকে। গোটেই জীৱন বিয়া নাপাতে। নাৰীও থাকে। ভিক্ষুণীসকল কেতিয়াও বিকাৰত নাযায়। কিন্তু তাৰ দ্বাৰা কোনো প্ৰাপ্তি নহয়। ইয়াততো কথা হৈছে পৱিত্ৰ হৈ জন্ম-জন্মান্তৰ স্বৰ্গৰ মালিক হোৱাৰ। জন্ম-জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে। সেয়া যেতিয়া খণ্ডন হব তেতিয়া স্বৰ্গলৈ যাবা। ইয়াত মনুষ্যই পাপ কৰি থাকে। খুব বেছি এটা জন্ম কোনোবা সন্ন্যাসী হয়, জন্মতো বিকাৰৰ দ্বাৰাই লয়। ৰাৱণ ৰাজ্যত বিকাৰ অবিহনে জন্ম নহয়। সোধে - তাত জন্ম কেনেকৈ হব? যোগবল কাক কোৱা হয়। এইটো সোধাৰ দৰকাৰ নাই। হয়েই সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি। ৰাৱণ ৰাজ্যই নাই তেন্তে প্ৰশ্ন উঠিব নোৱাৰে। সকলোবোৰ সাক্ষাৎকাৰ হব। যেতিয়া বৃদ্ধ হয় তেতিয়া সাক্ষাৎকাৰ হয় যে গৈ শিশু হমগৈ। মাতৃ গৰ্ভত যাম। এইটো গম নাপায় যে অমুকৰ ঘৰলৈ যাম। কেৱল এতিয়া শিশু হব লাগে, মতা আৰু মাইকী ময়ুৰৰ দৃষ্টান্ত আছে। চকুৰ পানীৰে গৰ্ভধাৰণ কৰে। অমিতা গছৰ ক্ষেত্ৰতো পুং আৰু স্ত্ৰী গছ থাকে। এডাল আনডালৰ কাষত হলে ফল দিয়ে। এইটোও আচৰিত। যেতিয়া জড় বস্তুৰ ক্ষেত্ৰতো এনেকুৱা হয় তেন্তে চৈতন্য ৰূপত সত্যযুগত কি হব নোৱাৰে। এই সকলোবোৰ আগলৈ গৈ বিতংকৈ বুজি পাই যাবা। মুখ্য কথা হৈছে তোমালোকে পিতাক স্মৰণ কৰি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ উত্তৰাধিকাৰতো লৈ লোৱা। পাছত তাৰ যি ৰীতি হব সেয়া দেখিবা। তোমালোক যোগবলেৰে বিশ্বৰ মালিক হোৱা, তেন্তে সন্তান কিয় জন্ম হব নোৱাৰে। এনেকুৱা প্ৰশ্ন বহুত সোধে আকৌ কোনোবাতো কথাৰ উত্তৰ সম্পূৰ্ণকৈ নাপালে অৱনমিত হৈ যায়। অলপ কথাতে সংশয় আহি যায়। শাস্ত্ৰবোৰত এনেকুৱা কোনো কথা নাই। শাস্ত্ৰ হৈছে ভক্তি মাৰ্গৰ। পৰমপিতা পৰমাত্মা আহি ব্ৰাহ্মণ ধৰ্ম, সূৰ্যবংশী, চন্দ্ৰবংশী ধৰ্ম প্ৰতিষ্ঠা কৰে। ব্ৰাহ্মণ হৈছে সংগমযুগী। বাবা সংগমযুগত আহিবলগীয়া হয়। আহ্বানো কৰে হে পতিত-পাৱন আহক। সেইফালৰসকলে কয় - হে মুক্তিদাতা, দুখৰ পৰা মুক্ত কৰা। দুখ কোনে দিয়ে - এয়াও তেওঁলোকে গম নাপায়। তোমালোকে জানা ৰাৱণ ৰাজ্য এতিয়া নাশ হব। তোমালোকক বাবাই ৰাজযোগ শিকায়। যেতিয়া পঢ়া পূৰা হয় তেতিয়া বিনাশ হয়, যাৰ নাম মহাভাৰত ৰাখিছে। মহাভাৰতত ৰাৱণ ৰাজ্য নাশ হয়। দশহৰাত এজন ৰাৱণক নাশ কৰে। সেয়া হল হদৰ (সীমিত) কথা। এয়া হল বেহদৰ (অসীমৰ) কথা। এই গোটেই সৃষ্টি নাশ হৈ যাব। গতিকে ইমান সৰু সৰু কন্যাসকলে কিমান উচ্চ জ্ঞান লৈ আছে। সেই পাৰ্থিৱ জ্ঞান কেৰাচিনৰ দৰে, এয়া হল সঁচা ঘিউ। গতিকে ৰাতি-দিনৰ পাৰ্থক্য আছে নহয় জানো। ৰাৱণ ৰাজ্যত তোমালোকে কেৰাচিন খাবলগীয়া হয়। আগতে ইমান সস্তাত খাটি ঘিউ পোৱা গৈছিল, আকৌ দাম বাঢ়ি গল গতিকে কেৰাচিন (তেল) খাবলগীয়া হল। এই গেছ, বিজুলী আদি আগতে একো নাছিল। কেইটিমান বছৰৰ ভিতৰত কিমান পাৰ্থক্য হৈ গল। এতিয়া তোমালোকে জানা যে সকলো নাশ হৈ যাব। শিৱবাবাই আমাক লক্ষ্মী-নাৰায়ণৰ দৰে হবলৈ পঢ়াই আছে। এইটো নিচা এই বাবাৰতো (ব্ৰহ্মা বাবাৰ) বহুত থাকে। সন্তানসকলক মায়াই পাহৰাই দিয়ে। যিহেতু এনেকৈ কয় যে আমি বাবাৰ পৰা উত্তৰাধিকাৰ লবলৈ আহিছোঁ, তেন্তে সেইটো নিচা কিয় বাঢ়ি নাথাকে! মিঠা ঘৰ, মিঠা ৰাজধানী পাহৰি যায়। বাবাই জানে যিসকলে সৰ্বস্ব উজাৰি সেৱা কৰে তেওঁলোকেই মহা-ৰাজকুমাৰ হবগৈ। তোমালোকৰ এইটো নিচা কিয় নাথাকে? কিয়নো স্মৃতিত নাথাকা। সেৱাত পূৰা তৎপৰ হৈ নাথাকে। কেতিয়াবাতো সেৱাত উদ্যমেৰে লাগি যায়, কেতিয়াবা ঠাণ্ডা হৈ যায়। এইটো প্রত্যেকে নিজকে সোধা - এনেকুৱা হয় নহয়। কেতিয়াবা কেতিয়াবা ভুলো হৈ যায়, সেইবাবে বাবাই বুজায়। বাণী অতি মধুৰ হব লাগে, সকলোকে ৰাজী (সন্তুষ্ট) কৰিব লাগে। কোনো যাতে উত্তেজিত নহয়। পিতা কিমান প্ৰেমৰ সাগৰ হয়। এতিয়া গো-হত্যা বন্ধ কৰিবৰ বাবে কিমান মগজ খটুৱায়। পিতাই কয় - সকলোতকৈ ডাঙৰ হত্যা হৈছে কাম-কটাৰী চলোৱাতো। প্ৰথমেতো সেইটো বন্ধ কৰা। বাকী সেয়া (গো-হত্যা) যিমানেই মগজ নখটুৱাওক বন্ধ নহয়। এই কাম-কটাৰী কোনোটোৱেই চলাব নালাগে। কত মনুষ্যৰ কথা, কত পিতাৰ কথা। যিয়ে কাম বিকাৰক জয় কৰিব তেৱেঁই পৱিত্ৰ সৃষ্টি মালিক হবগৈ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ সমান প্ৰেমৰ সাগৰ হব লাগে। কেতিয়াও উত্তেজিত হব নালাগে। নিজৰ বাণী বহুত মধুৰ হব লাগে। সকলোকে ৰাজি (সন্তুষ্ট) কৰিব লাগে।

(2) সৰ্বস্ব উজাৰি সেৱা কৰিব লাগে। নিচাত থাকিব লাগে যে এতিয়া এই পুৰণা শৰীৰ এৰি ৰাজকুমাৰ-ৰাজকুমাৰী হমগৈ।

বৰদান:
সেৱাৰ প্ৰতি থকা নিষ্ঠাৰ দ্বাৰা লৌকিকক অলৌকিক প্ৰবৃত্তিলৈ পৰিৱৰ্তন কৰোঁতা নিৰন্তৰ সেৱাধাৰী হোৱা

সেৱাধাৰীৰ কৰ্তব্য হল নিৰন্তৰ সেৱাত ব্ৰতী হৈ থকা - লাগিলে মনৰে সেৱা হওঁক, বাণীৰে বা কৰ্মৰে সেৱা হওঁক। সেৱাধাৰীয়ে কেতিয়াও সেৱাক নিজৰ পৰা বেলেগ বুলি নাভাবে। যাৰ বুদ্ধিত সদায় সেৱাৰ প্ৰতি নিষ্ঠা থাকে তেওঁলোকৰ লৌকিক প্ৰবৃত্তি সলনি হৈ ঈশ্বৰীয় প্ৰবৃত্তি হৈ যায়। সেৱাধাৰীয়ে ঘৰক ঘৰ বুলি নাভাবে। কিন্তু সেৱা স্থান বুলি বুজি চলে। সেৱাধাৰীৰ মুখ্য গুণ হল ত্যাগ। ত্যাগ বৃত্তিধাৰীসকলে প্ৰবৃত্তিত তপস্যামূৰ্ত হৈ থাকে যাৰ দ্বাৰা সেৱা স্বতঃ হয়।

স্লোগান:
নিজৰ সংস্কাৰক দিব্য কৰি তুলিবলৈ হলে মন-বুদ্ধিক পিতাৰ প্ৰতি সমৰ্পণ কৰি দিয়া।