14.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল দেহী-অভিমানী হৈ সেৱা কৰা তেতিয়া প্ৰতিটো খোজতে সফলতা প্ৰাপ্ত হৈ থাকিব

প্ৰশ্ন:
কোনটো স্মৃতিত থাকিলে দেহ-অভিমান নাহিব?

উত্তৰ:
সদায় স্মৃতি থাকিব লাগে যে আমি ঈশ্বৰীয় সেৱাধাৰী হয়। সেৱাধাৰীৰ কেতিয়াও দেহ-অভিমান আহিব নোৱাৰে। যিমান যোগত থাকিবা সিমান দেহ অভিমান আঁতৰি গৈ থাকিব।

প্ৰশ্ন:
দেহ-অভিমানীসকলে ড্ৰামা অনুসৰি কেনে ধৰণৰ দণ্ড পায়?

উত্তৰ:
তেওঁলোকৰ বুদ্ধিত এই জ্ঞান ধাৰণেই নহয়। ধনৱান লোকসকলৰ ধনৰ কাৰণে দেহ-অভিমান থাকে সেয়েহে তেওঁলোকে এই জ্ঞান বুজি নাপায়, এয়াও দণ্ড পায়। দুখীয়াই সহজে বুজি লয়।

ওঁম্শান্তি।
আত্মিক পিতাই ব্ৰহ্মাৰ দ্বাৰা ৰায় দি আছে। স্মৰণ কৰা যদি এনেকুৱা হ'বা। সতোপ্ৰধান হৈ নিজৰ স্বৰ্ণিম ৰাজ্যত প্ৰৱেশ কৰিবা। এনেকৈ কেৱল তোমালোকক নকয় কিন্তু এই আৱাজতো গোটেই ভাৰত আনকি বিদেশলৈও সকলোৰে ওচৰলৈ যাব। বহুতৰে সাক্ষাৎকাৰো হ'ব। কাৰ সাক্ষাৎকাৰ হ'ব উচিত? সেয়াও বুদ্ধিৰে বুজিব লাগে। পিতাই ব্ৰহ্মা বাবাৰ দ্বাৰাই সাক্ষাৎকাৰ কৰাই কয় - ৰাজকুমাৰ হ'ব খোজা যদি ব্ৰহ্মা বা ব্ৰাহ্মণৰ ওচৰলৈ যোৱা। ইউৰোপবাসীয়েও এওঁলোকক বুজিবলৈ বিচাৰে। ভাৰত স্বৰ্গ আছিল যদি কাৰ ৰাজ্য আছিল? এইটো সম্পূৰ্ণকৈ কোনেও নাজানে। ভাৰতেই হেভেন স্বৰ্গ আছিল। এতিয়া তোমালোকে সকলোকে বুজাই আছা। এয়া হৈছে সহজ ৰাজযোগ, যাৰ দ্বাৰা ভাৰত স্বৰ্গ অথবা হেভেন হয়। বিদেশীসকলৰ তথাপিও বুদ্ধি অলপ ভালেই। তেওঁলোকে তৎক্ষণাৎ বুজি পাব। গতিকে এতিয়া সেৱাধাৰী সন্তানসকলে কি কৰা উচিত? তেওঁলোককে নিৰ্দেশনা দিবলগীয়া হয়। সন্তানসকলে প্ৰাচীন ৰাজযোগ শিকাব লাগে। তোমালোকৰ ওচৰত ম্যুজিয়াম (সংগ্ৰাহলয়), প্ৰদৰ্শনী আদিলৈ বহুত আহে। মতামত লিখে এওঁলোকে বহুত ভাল কাৰ্য কৰি আছে। কিন্তু নিজে বুজি নলয়। অলপমান উপলব্ধি হলে তেতিয়া আহে তথাপিও দুখীয়াই নিজৰ ভাগ্য ভালকৈ গঢ়িব আৰু বুজিবলৈ পুৰুষাৰ্থ কৰিব। ধনৱানসকলেতো পুৰুষাৰ্থ কৰিব নালাগে। দেহ-অভিমান বহুত আছে। গতিকে ড্ৰামা অনুসৰি যেন বাবাই দণ্ড দি দিলে। তথাপিও তেওঁলোকৰ দ্বাৰা আৱাজ কৰাবলগীয়া হয়। বিদেশীসকলেতো এই জ্ঞান বিচাৰে। শুনি বহুত আনন্দিত হৈ পৰে। চৰকাৰী অফিচাৰ সকলৰ পিছত কিমান কষ্ট কৰে, কিন্তু তেওঁলোকৰ সময় নাই। তেওঁলোকৰ লাগিলে ঘৰত বহি সাক্ষাৎকাৰো হৈ যায় তথাপিও বুদ্ধিত নাহিব। গতিকে সন্তান সকলক পিতাই ৰায় দিয়ে, ৰায় ভাল-ভালবোৰ একত্ৰিত কৰি তাৰ এখন ভাল কিতাপ প্ৰকাশ কৰিব লাগে। ৰায় দিব পাৰে - চোৱা, কিমান সকলোৱকে এয়া ভাল লাগে। বিদেশী সকলেওবা ভাৰতবাসী সকলেও সহজ ৰাজযোগৰ বিষয়ে জানিব বিচাৰে। স্বৰ্গৰ দেৱী-দেৱতাৰ ৰাজত্ব যি সহজ ৰাজযোগৰ দ্বাৰা ভাৰতে প্ৰাপ্ত কৰে তেন্তে কিয়নো বাৰু এই সংগ্ৰাহলয় চৰকাৰৰ ঘৰৰ ভিতৰত লগাই দিয়া নহয়। য'ত সন্মিলন আদি হৈ থাকে। এই চিন্তা সন্তান সকলৰ চলিব লাগে। এতিয়া সময় লাগিব। ইমান সোনকালে কোমল বুদ্ধি নহ'ব। গ'ডৰেজৰ তলা বুদ্ধিত লাগি আছে। এতিয়া শব্দ ওলাই তেন্তে আন্দোলন হৈ যাব। অঁ, হ'ব নিশ্চয়। কোৱা, চৰকাৰী আবাসতো সংগ্ৰাহলয় হয় তেন্তে বহুত বিদেশীও আহি চাব। বিজয়তো সন্তানসকলৰ নিশ্চয় হ'ব। গতিকে চিন্তন চলিব লাগে। দেহী-অভিমানী সকলৰহে এনেকুৱা-এনেকুৱা চিন্তন আহিব যে কি কৰিব লাগে। যি বেচেৰা সকলে গম পায় আৰু পিতাৰ পৰা আশীৰ্বাদ লয়। আমি লিখোঁ বিনা কিবা খৰচ......গতিকে ভাল-ভাল যিসকল সন্তান আহে, ৰায় দিয়ে। উপ-প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিবলৈ আহে আকৌ প্ৰধানমন্ত্ৰী, চেক্ৰেটৰীও আহিব কিয়নো তেওঁলোককো গৈ কয় এয়াতো বিস্ময়কৰ জ্ঞান। সঁচা শান্তিতো এনেকৈয়ে স্থাপন হ'ব লাগে। মিল আছে। বুজনিও মিল খাব লাগে। আজি নিমিলে যদি কালিলৈ মিলিব। বাবাই কৈ থাকে ডাঙৰ-ডাঙৰ মানুহৰ ওচৰলৈ যোৱা। আগলৈ গৈ তেওঁলোকেও বুজিব। মনুষ্যৰ বুদ্ধি তমোপ্ৰধান হয় সেয়েহে ওলোটা কাম কৰি থাকে। দিন-প্ৰতিদিন আৰুহে তমোপ্ৰধান হৈ গৈ থাকে।

তোমালোকে বুজাবলৈ চেষ্টা কৰা যে এই বিকাৰী ধান্দা বন্ধ কৰা, নিজৰ উন্নতি কৰা। পিতা আহিছেই পবিত্র দেৱতা বনাবলৈ। অন্ততঃ সেই দিনো আহিব যি চৰকাৰী আবাসতো সংগ্ৰাহলয় হ'ব। কোৱা, খৰচতো আমি নিজৰ কৰোঁ। চৰকাৰেতো কেতিয়াও পইচা নিদিব। তোমালোক সন্তানসকলে ক'বা আমি নিজৰ খৰচত প্ৰত্যেক চৰকাৰী আবাসত এই সংগ্ৰাহলয় খুলিব পাৰোঁ। এজন ডাঙৰ চৰকাৰী আবাসত হৈ যায় তেন্তে আকৌ সকলোতে হৈ যাব। বুজাওঁতাও নিশ্চয় লাগিব। তেওঁক ক'ব সময় নিৰ্ধাৰিত কৰা, যি কোনোবা আহি ৰাস্তা দেখুৱাই। বিনা মূল্য খৰচত জীৱন বনোৱা ৰাস্তা দেখুৱাব। এইয়া আগলৈ হ'বলৈ আছে। কিন্তু পিতাই সন্তান সকলৰ দ্বাৰাহে কয়। ভাল-ভাল সন্তান যি নিজক মহাবীৰ ভাবে তেওঁকহে মায়াই ধৰে। বহুত ডাঙৰ শিখৰ হয়। বহুত ধ্যান ৰাখিব লাগে। বক্সিং কম নহয়। ডাঙতকৈও ডাঙৰ বক্সিং। ৰাৱণৰ ওপৰত বিজয়ী প্ৰাপ্ত কৰাৰ যুদ্ধৰ স্থলী হয়। অলপমানো দেহৰ অভিমান নাহে যেন "মই এনেকুৱা সেৱা কৰোঁ, এইটো কৰোঁ......"। আমিতো ঈশ্বৰীয় সেৱাধাৰী হয়। আমি বতৰা দিবই লাগিব, ইয়াত গুপ্ত কষ্ট বহুত আছে। তোমালোকে জ্ঞান আৰু যোগবলেৰে নিজক বুজোৱা। ইয়াত গুপ্ত হৈ থকি বিচাৰ সাগৰ মন্থন কৰে তেন্তে তেতিয়া নিচা বাঢ়িব। এনেকৈ স্নেহেৰে বুজাব, বেহদৰ পিতাৰ আশীৰ্বাদ প্ৰত্যেক কল্পত ভাৰতবাসীয়েহে প্ৰাপ্ত কৰে। ৫ হাজাৰ বছৰৰ আগতে এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এতিয়াতো কোৱা হয় বেশ্যালয়। সত্যযুগ হৈছে শিৱালয়। সেয়া হৈছে শিৱবাবাৰ স্থাপনা, এয়া হৈছে ৰাৱণৰ স্থাপনা। ৰাতি-দিনৰ পাৰ্থক্য। সন্তানসকলে অনুভৱ কৰে বৰাবৰ আমি কি হৈ গৈছিলোঁ। বাবাই নিজৰ সমান বনায়। মূল কথা হৈছে দেহী-অভিমানী হোৱাৰ।দেহী-অভিমানী হৈ বিচাৰ কৰিব লাগে যে আজি আমি অমুক প্ৰধানমন্ত্ৰীক গৈ বুজাব লাগিব। তেওঁক দৃষ্টি দিয়া তেন্তে সাক্ষাৎকাৰ হ'ব পাৰে। তোমালোকে দৃষ্টি দিব পাৰা। যদি দেহী-অভিমানী হৈ হৈ থাকা তেন্তে তোমালোকৰ বেটেৰী ভৰি গৈ থাকিব। দেহী-অভিমানী হৈ বহা, নিজক আত্মা বুজি পিতাৰ লগত যোগ লগাই তেতিয়া বেটেৰী ভৰিব পাৰে। দুখীয়াই হঠাৎ নিজৰ বেটেৰী ভৰাব পাৰে কিয়নো পিতাক বহুত স্মৰণ কৰে। জ্ঞান লাগিলে ভালেই যোগ কম হয় যদি বেটেৰী ভৰাব নোৱাৰে কিয়নো দেহৰ অহংকাৰ বহুত থাকে। যোগ একোৱেই নাই, সেয়েহে জ্ঞানৰ বাণত শক্তি নভৰে।তৰোৱালতো শক্তি আছে। সেই তৰোৱালেই 10 টকা, সেই তৰোৱালেই 50 টকা। গুৰু গোবিন্দ সিংৰ তৰোৱালৰ গায়ন আছে, ইয়াত হিংসাৰ কথা নাই। দেৱতা সকল হৈছে ডৱল অহিংসক। আজি ভাৰত এনেকুৱা, কালিলৈ ভাৰত এনেকুৱা হ'ব। গতিকে সন্তানসকলৰ কিমান আনন্দ হ'ব লাগে। কালি আমি ৰাৱণ ৰাজ্যত আছিলোঁ গতিকে বহুত অশান্তি/অৱস্থা বেয়া আছিল। আজি আমি পৰমপিতা পৰমাত্মাৰ লগত আছোঁ।

এতিয়া তোমালোক ঈশ্বৰীয় পৰিবাৰৰ হয়। সত্যযুগত তোমালোক হ'বা দৈৱিক পৰিবাৰৰ। এতিয়া স্বয়ং ভগৱানে আমাক পঢ়াই আছে, আমি কিমান মৰম প্ৰাপ্ত কৰোঁ ভগৱানৰ। আধাকল্প ৰাৱণৰ মৰম প্ৰাপ্ত কৰাৰ কাৰণে বান্দৰ হৈ পৰিলোঁ। এতিয়া বেহদৰ পিতাৰ মৰম প্ৰাপ্ত কৰাৰ কাৰণে তোমালোক দেৱতা হৈ পৰা। 5 হাজাৰ বছৰৰ কথা। তেওঁলোকে লাখ বছৰ লগাই দিলে। এৱোঁ তোমালোকৰ দৰে পূজাৰী আছিল। সকলোতকৈ শেষত বৃক্ষৰ অন্তিমত ঠিয় হৈ আছে। সত্যযুগত তোমালোকৰ কিমান অজস্ৰ সম্পত্তি আছিল। পিছত যি মন্দিৰ বনাইছিল তাতো ইমান অজস্ৰ ধন আছিল, যাক আহি লুটিছিল। মন্দিৰতো আৰু থাকিব। প্ৰজাও মন্দিৰ হ'ব। প্ৰজাতো আৰুহে ধনৱান হয়। প্ৰজাৰ পৰা ৰজা সকলে ঋণ লয়। এইয়া বহুত লেতেৰা সৃষ্টি। সকলোতকৈ লেতেৰা ঠাই হৈছে কলিকতা। ইয়াক পৰিৱৰ্তন কৰিবলৈ কাৰণে তোমালোকে কষ্ট কৰিব লাগে। যিয়ে কৰিব তেওঁ পাব। দেহ-অভিমান আহিল আৰু খহি পৰিল। মনমনাভৱৰ অৰ্থ বুজি নাপায়। কেৱল শ্লোক কণ্ঠস্বৰ কৰি লয়। জ্ঞানতো তেওঁলোকৰ হ'ব নোৱাৰে - কেৱল তোমালোক ব্ৰাহ্মণৰ অবিহনে। কোনো মঠ-পন্থাৰ লোক দেৱতা হ'ব নোৱাৰে। প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী ব্ৰাহ্মণ হোৱাৰ অবিহনে দেৱতা কেনেকৈ হ'ব পাৰিব। যি কল্পৰ আগতে হৈছিল তেওঁৱেই হ'ব। সময় লাগে। বৃক্ষ ডাঙৰ হৈ যায় যদি পিছত বৃদ্ধি হৈ গৈ থাকিব। পৰুৱা মাৰ্গৰ পৰা বৃহংগ মাৰ্গ হৈ পৰিব। পিতাই বুজায় - মিঠা সন্তানসকল, পিতাক স্মৰণ কৰা, স্বদৰ্শন চক্ৰ ঘূৰোৱা। তোমালোকৰ বুদ্ধিত গোটেই ৮৪ৰ চক্ৰ আছে। তোমালোক ব্ৰাহ্মণেই দেৱতা আৰু ক্ষত্ৰিয় পৰিয়ালৰ হোৱা। সূৰ্যবংশ-চন্দ্ৰবংশৰো অৰ্থ কোনেও নাজানে। কষ্ট কৰি বুজাব লগীয়া হয়। তথাপিও নোবোজে তেন্তে বুজি পোৱা যায় এতিয়া সময় হোৱা নাই। তথাপিও আহে। ভাবে ব্ৰহ্মাকুমাৰী সকলৰ বাহিৰত নাম এনেকুৱা। ভিতৰত আহি দেখা পায় কয় যে, এয়া বহুত ভাল কাম কৰি আছে। এয়াতো মনুষ্য মাত্ৰক চৰিত্র শুধৰাই।দেৱতা সকলৰ চৰিত্ৰ চোৱা কেনেকুৱা। সম্পূৰ্ণ নিৰ্বিকাৰী..... পিতাই কয় কাম মহাশত্ৰু। এই ভূতৰ কাৰণেই তোমালোকৰ চৰিত্র বেয়া হৈ গ'ল। যি সময়ত বুজাই সেই সময়ত ভাল হৈ যায়।বাহিৰলৈ যোৱাৰ পাছত সকলোবোৰ পাহৰি যায়। তেতিয়া কোৱা হয় শ-শ কৰে অলংকাৰিত....। এয়া বাবাই গালি নিদিয়ে, বুজায়। দৈৱিক চলন চোৱা, ক্ৰোধত আহি ভোকা কিয়! স্বৰ্গত ক্ৰোধ নাথাকে। পিতাই যিয়েই সম্মুখত বুজাই, কেতিয়াও খং নুঠিছিল। বাবাই সকলো ৰিফাইন কৰি বুজায়। ড্ৰামা নিয়ম অনুসৰি চলি থাকে। ড্ৰামাত একো ভুল নাই। অনাদি-অবিনাশী বনাই থোৱা আছে। যি আসৰা ভাল দৰে চলে পুনৰ 5 হাজাৰ বছৰৰ পাছত চলিব। কোনোৱে কয় এই পাহাৰ ভাঙিল পুনৰ কেনেকৈ হ'ব। নাটক চোৱা, মহল ভাঙিল পুনৰ নাটক পুনৰাবৃত্তি হ'বতো সেয়াই বনাই থোৱা মহল দেখিবা। এয়া হুবহু পুনৰাবৃত্তি হয়। বুজিবলৈও বুদ্ধি লাগিব। কাৰোবাৰ বুদ্ধিত বহিবলৈ বহুত কঠিন হৈ পৰে। বিশ্বৰ ইতিহাস-ভূগোল আছে নহয়। ৰামৰাজ্যত এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, তেওঁলোকৰ পূজা হয়। পিতায়ে বুজায় তোমালোকেই পূজিত আৰু তোমালোকেই পূজাৰী হোৱা। আমিয়েই সেয়া অৰ্থও সন্তানসকলক বুজোৱা হৈছে। আমিয়েই সেই দেৱতা আমিয়েই ক্ষত্ৰিয়....বগৰা-বগৰী হয় নহয়। ইয়াক ভাল দৰে বুজিব লাগে আৰু বুজাবলৈ কাৰণে চেষ্টা কৰিব লাগে। বাবাই এনেকৈ নকয় ধান্দা এৰা। নকয়। কেৱল সতোপ্ৰধান হ'ব লাগে, ইতিহাস-ভূগোলৰ ৰহস্য বুজি বুজোৱা। মূল কথা হৈছে মনমনাভৱ। নিজক আত্মা বুজি পিতাক স্মৰণ কৰা তেন্তে সতোপ্ৰধান হ'বা। স্মৃতি যাত্ৰা হৈছে এক নম্বৰ। পিতাই কয় মই সকলো সন্তানকে লগত লৈ যাম। সত্যযুগত কিমান কম মনুষ্য থাকে। কলিযুগত ইমান ঢেৰ মনুষ্য আছে। কোনে সকলোকে পুনৰাই লৈ যাব। ইমানবোৰ জংঘল চাফা কোনে কৰিলে? মালী, উদ্ধাৰকাৰী পিতাকহে কয়। তেওঁৱে দুখৰ পৰা মুক্ত কৰি সিপাৰলৈ লৈ যায়। পঢ়া কিমান মিঠা লাগে কিয়নো জ্ঞান উপাৰ্জনৰ উৎস হয়। তোমালোকে অজস্ৰ সম্পত্তি প্ৰাপ্ত কৰা। ভক্তিত একোৱেই প্ৰাপ্ত নহয়। ইয়াত ভৰিত পৰাৰ কথা নাহয়। তাততো গুৰুৰ আগত শুই পৰে, ইয়াৰ পৰা পিতাই মুক্ত কৰে। এনে পিতাক স্মৰণ কৰিব লাগে। তেওঁ আমাৰ পিতা হয়, এইটো বুজি পালা নহয়। বাবাৰ পৰা আশীষ নিশ্চয় প্ৰাপ্ত হয়। তাৰ আনন্দ থাকে। লিখে ধনৱানৰ ওচৰলৈ যাওঁ যদি লাজ লাগে, আমি দুখীয়া হয়। বাবাই কয় দুখীয়া হয় আৰুহে ভাল। ধনৱান হোৱা হ'লে ইয়ালৈ নাহিল হয়। ভাল বাৰু।

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো আনন্দ বা নিচাত থাকিব লাগে যে এতিয়া আমি ঈশ্বৰীয় পৰিবাৰৰ হয়, স্বয়ং ভগৱানে আমাক পঢ়াই আছে, তেওঁ মৰম আমি প্ৰাপ্ত কৰি আছোঁ, যি মৰমৰ দ্বাৰা আমি দেৱতা হ'মগৈ।

(2) এই পূৰ্ব নিৰ্ধাৰিত ড্ৰামাক যথাযথ বুজিব লাগে, ইয়াত একো ভুল হ'ব নোৱাৰে। যি কৰ্মকাণ্ড হৈ গ'ল সেয়া পুনৰ পুনৰাবৃত্তি হ'ব। এই কথাটো সুস্থ মগজৰে বুজি চলিলে তেতিয়া কেতিয়াও খং নুঠিব।

বৰদান:
জ্ঞানৰ শ্ৰেষ্ঠ খাজনাক মহাদানী হৈ দান কৰোঁতা মাষ্টৰ জ্ঞান সাগৰ হোৱা

যেনেকৈ পিতা জ্ঞানৰ সাগৰ হয়, তেনেকৈ মাষ্টৰ জ্ঞান সাগৰ হৈ সদায় অন্যক জ্ঞান দান দি থাকা। জ্ঞানৰ কিমান শ্ৰেষ্ঠ খাজনা তোমালোক সন্তানসকলৰ ওচৰত আছে। সেই খাজনাৰে ভৰপূৰ হৈ, স্মৃতিৰ অনুভৱেৰে অন্যৰো সেৱা কৰা। যি খাজনা প্ৰাপ্ত কৰিছা মহাদানী হৈ সেয়া দান কৰি থাকা কিয়নো এই খাজনা যিমান দান কৰিবা সিমান আৰুহে বাঢ়ি গৈ থাকিব। মহাদানী হোৱা অৰ্থাৎ দিয়া নহয় আৰুহে ভৰপূৰ কৰা।
 

স্লোগান:
জীৱনমুক্তৰ লগতে দেহৰ পৰা উপৰাম বিদেহী হোৱা - এয়া হৈছে পুৰুষাৰ্থৰ অন্তিম অৱস্থা।