15.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল আত্মা ৰূপী জ্যোতিত জ্ঞান-যোগৰ ঘৃত ঢালা তেতিয়া জ্যোতি জাগি থাকিব, জ্ঞান আৰু যোগৰ কণ্ট্ৰাস্ট (পাৰ্থক্য) যথা ৰীতি বুজিব লাগে

প্ৰশ্ন:
পিতাৰ কাৰ্য প্ৰেৰণাৰ দ্বাৰা চলিব নোৱাৰে, তেওঁ ইয়ালৈ আহিবই লাগে কিয়?

উত্তৰ:
কাৰণ মনুষ্যৰ বুদ্ধি একেবাৰে তমোপ্ৰধান। তমোপ্ৰধান বুদ্ধিয়ে প্ৰেৰণা গ্ৰহণ কৰিব নোৱাৰে। পিতা আহিলে তেতিয়াহে কোৱা হয় - এৰি দিয়া আকাশ সিংহাসন....।

গীত:
ছোৰ ভি দে আকাশ চিংহাচন.. (এৰি দিয়া আকাশ সিংহাসন....).

ওঁম্শান্তি।
ভক্তসকলে এই গীতটি ৰচিছে। এতিয়া ইয়াৰ অৰ্থ কিমান ভাল হয়। এনেকৈ কয় যে আকাশ সিংহাসন ত্যাগ কৰি আহা। এতিয়া আকাশতো হৈছে এইখন। এয়া হৈছে থকা স্থান। আকাশৰ পৰাতো কোনো বস্তু নাহে। আকাশ সিংহাসন বুলি কয়। আকাশ তত্ত্বততো তোমালোক থাকা আৰু পিতা থাকে মহাতত্ত্বত। সেইখনক ব্ৰহ্ম বা মহতত্ত্ব বুলি কোৱা হয়, য'ত আত্মাসকলে নিবাস কৰে। পিতা নিশ্চয় তাৰ পৰাই আহিব। কোনোবাতো আহিব নহয় জানো। এনেকৈ কয় যে আহি আমাৰ জ্যোতি জগোৱা। গায়নো আছে - এজন হৈছে অন্ধৰ সন্তান অন্ধ আৰু আনজন সজ্জনৰ সন্তান সজ্জন। প্ৰতীক হিচাপে ধৃতৰাষ্ট্ৰ আৰু যুধিষ্ঠিৰক দেখুৱায়। এতিয়া এইসকলতো হৈছে ৰাৱণৰ সন্তান। মায়া ৰূপী ৰাৱণ নাই জানো। সকলো ৰাৱণ বুদ্ধিৰ, এতিয়া তোমালোক হৈছা ঈশ্বৰীয় বুদ্ধিৰ। পিতাই তোমালোকৰ বুদ্ধিৰ এতিয়া তলা খুলি আছে। ৰাৱণে তলা বন্ধ কৰি দিয়ে। কোনোবাই কিবা কথা বুজি নাপালে তেতিয়া কয় যে এওঁতো পাথৰবুদ্ধিৰ হয়। পিতা আহি ইয়াত জ্যোতি জগাব নহয় জানো। প্ৰেৰণাৰে জানো কাম হয়। আত্মা যি সতোপ্ৰধান আছিল, সেই আত্মাৰ এতিয়া শক্তি কম হৈ গৈছে। তমোপ্ৰধান হৈ গৈছে। একেবাৰে নিষ্প্ৰভ হৈ গৈছে। কোনোবা মনুষ্য মৰিলে তেতিয়া দীপক জ্বলায়। এতিয়া দীপক কিয় জ্বলায়? এনেকৈ ভাবে যে জ্যোতি নুমাই গ'লে অন্ধকাৰ যাতে হৈ নাযায় সেইবাবে জ্যোতি জ্বলায়। এতিয়া ইয়াত দীপক জ্বলালে তাত কেনেকৈ পোহৰ হ'ব? একো বুজি নাপায়। এতিয়া তোমালোক বিচাৰ বুদ্ধি সম্পন্ন হৈ যোৱা। পিতাই কয় - মই তোমালোকক স্বচ্ছ বুদ্ধিৰ কৰি তোলো। জ্ঞান ঘৃত ঢালোঁ। এয়াও বুজাবলগীয়া কথা। জ্ঞান আৰু যোগ দুয়োটা বেলেগ বস্তু। যোগক জ্ঞান বুলি কোৱা নহব। কিছুমানে ভাবে যে ভগৱানে আহি এয়াও জ্ঞান দিছে নহয় যে মোক স্মৰণ কৰা। কিন্তু ইয়াক জ্ঞান বুলি কোৱা নহয়। এয়াতো হৈছে পিতা আৰু সন্তান। সন্তানসকলে জানে যে এওঁ আমাৰ পিতা হয়, ইয়াক জ্ঞানৰ কথা বুলি কোৱা নহয়। জ্ঞানতো হৈছে বিস্তাৰ। এয়াতো কেৱল স্মৃতি। পিতাই কয় - মোক স্মৰণ কৰা, বচ্‌। এইটোতো সাধাৰণ কথা। ইয়াক জ্ঞান বুলি কোৱা নহয়। সন্তানে জন্ম লৈছে যেতিয়া নিশ্চয় পিতাক স্মৰণ কৰিব। জ্ঞানৰ বিস্তাৰ আছে। পিতাই কয় - মোক স্মৰণ কৰা - এয়া জ্ঞান নহয়। তোমালোকে নিজেই জানা, আমি আত্মা হওঁ, আমাৰ পিতা পৰম আত্মা, পৰমাত্মা হয়। ইয়াক জানো জ্ঞান বুলি ক'ব? পিতাক আহ্বান কৰে। জ্ঞানতো হৈছে নলেজ্‌, যেনেকৈ কোনোৱে এম. এ. পঢ়ে, কোনোৱে বি.এ. পঢ়ে, কিমান অনেক কিতাপ পঢ়িবলগীয়া হয়। এতিয়া পিতাইতো কয় - তোমালোক মোৰ সন্তান নোহোৱা জানো, মই তোমালোকৰ পিতা হওঁ। মোৰ লগত যোগ লগোৱা অৰ্থাৎ স্মৰণ কৰা। ইয়াক জ্ঞান বুলি কোৱা নহয়। তোমালোকতো সন্তান হয়েই। তোমালোক আত্মাসকল কেতিয়াও বিনাশ হৈ নোযোৱা। কোনোবা মৰি গ'লে তেতিয়া তেওঁৰ আত্মাক মাতে, এতিয়া এই শৰীৰতো নাশ হৈ গল। আত্মাই ভোজন কেনেকৈ খাব? ভোজনতো তথাপিও ব্ৰাহ্মণে খাব। কিন্তু এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ নিয়ম। এনেকুৱা নহয় যে আমি কোৱা বাবেই সেই ভক্তি মাৰ্গ বন্ধ হৈ যাব। সেয়াতো চলিয়ে থাকে। আত্মাইতো এটা শৰীৰ এৰি গৈ আকৌ আন এটা লয়।

সন্তানসকলৰ বুদ্ধিত জ্ঞান আৰু যোগৰ পাৰ্থক্য স্পষ্ট হ'ব লাগে। পিতাই যি কয় যে মোক স্মৰণ কৰা, এয়া জ্ঞান নহয়। এয়াতো পিতাই ডায়ৰেক্সন (নিৰ্দেশনা) দিয়ে, ইয়াক যোগ বুলি কোৱা হয়। জ্ঞান হৈছে সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে - তাৰ নলেজ্‌। যোগ অৰ্থাৎ স্মৃতি। সন্তানসকলৰ দায়িত্ব হৈছে পিতাক স্মৰণ কৰা। সেয়া হৈছে লৌকিক, এয়া হৈছে পাৰলৌকিক। পিতাই কয় - মোক স্মৰণ কৰা। তেন্তে জ্ঞান বেলেগ বস্তু হৈ গল। সন্তানসকলক ক'বলগীয়া হয় জানো যে পিতাক স্মৰণ কৰা। লৌকিক পিতাতো জন্মৰ পৰাই স্মৃতিত থাকে। ইয়াত পিতাৰ স্মৃতি সোঁৱৰাই দিবলগীয়া হয়। ইয়াত পৰিশ্ৰম কৰিবলগীয়া হয়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা - এইটো বহুত পৰিশ্ৰমৰ কাম হয়। সেইবাবে পিতাই কয় - যোগত নিৰন্তৰ থাকিব নোৱাৰে। সন্তানসকলে লিখে বাবা, স্মৃতি পাহৰি যাওঁ। এনেকৈ নকয় যে জ্ঞান পাহৰি যাওঁ। জ্ঞানতো বহুত সহজ হয়। স্মৃতিক জ্ঞান বুলি কোৱা নহয়, স্মৃতিৰ ক্ষেত্ৰত মায়াৰ ধুমুহা বহুত আহে। যদিও জ্ঞানত কিছুমান বহুত চোকা, মুৰুলী বহুত ভালকৈ শুনায় কিন্তু পিতাই সোধে - স্মৃতিৰ খতিয়ন উলিওৱা, কিমান সময় স্মৰণ কৰা? পিতাক স্মৃতিৰ খতিয়ন যথাৰ্থ ৰীতি উলিয়াই দেখুওৱা। স্মৃতিৰে হৈছে মুখ্য কথা। পতিতেহে আহ্বান কৰে যে আহি পাৱন কৰি তোলা। মুখ্য হৈছে পাৱন হোৱাৰ কথা। ইয়াতে মায়াৰ বিঘিনি আহে। শিৱ ভগৱানুবাচ স্মৃতিত সকলোৱে বহুত কেঁচা। ভাল-ভাল সন্তানসকল যিয়ে মুৰুলী বহুত ভালকৈ শুনায় কিন্তু স্মৃতিত একেবাৰে দুৰ্বল হয়। যোগৰ দ্বাৰাই বিকৰ্ম বিনাশ হয়। যোগৰ দ্বাৰাই কৰ্মেন্দ্ৰিয় একেবাৰে শান্ত হ'ব পাৰে। এজন পিতাৰ বাহিৰে আৰু কোনো যাতে স্মৃতিত নাহে, কোনো দেহো যাতে স্মৃতিত নাহে। আত্মাই জানে যে এই গোটেই জগতখন নাশ হৈ যাব, এতিয়া আমি নিজৰ ঘৰলৈ যাওঁ। আকৌ ৰাজধানীত আহিমগৈ। এয়া সদায় বুদ্ধিত থাকিব লাগে। যি জ্ঞান পোৱা যায় সেয়া আত্মাত থাকিব লাগে। পিতাতো হৈছে যোগেশ্বৰ, যিয়ে স্মৰণ কৰিবলৈ শিকায়। বাস্তৱত ঈশ্বৰক যোগেশ্বৰ বুলি কোৱা নহয়। তোমালোক হৈছা যোগেশ্বৰ। ঈশ্বৰ পিতাই কয় - মোক স্মৰণ কৰা। এওঁ স্মৰণ কৰিবলৈ শিকাওঁতা ঈশ্বৰ পিতা হয়। সেই নিৰাকাৰ পিতাই শৰীৰৰ দ্বাৰা শুনায়। সন্তানসকলেও শৰীৰৰ দ্বাৰা শুনে। কিছুমানতো যোগত বহুত কেঁচা। একেবাৰে স্মৰণ নকৰে। জন্ম-জন্মান্তৰ যি পাপ আছে সকলোৰে শাস্তি খাব। ইয়াত আহি যিয়ে পাপ কৰে সেইসকলেতো আৰুহে এশগুণ বেছি শাস্তি পাব। জ্ঞান বহুত শুনায়, যোগ একেবাৰে নাই যাৰ বাবে পাপ ভস্ম নহয়, কেঁচা হৈয়ে থাকি যায় সেইবাবে সঁচা মালা 8 (আঠ)ৰহে হয়। 9 ৰত্নৰ গায়ন কৰা হয়। 108 ৰত্নৰ গায়ন কেতিয়াবা শুনিছানে? 108 ৰত্নৰ কোনো বস্তু বনোৱা নহয়। বহুত আছে যিয়ে এই কথাবোৰ পুৰা বুজি নাপায়। স্মৃতিক জ্ঞান বুলি কোৱা নহয়। জ্ঞান সৃষ্টি চক্ৰক কোৱা হয়। শাস্ত্ৰবোৰত জ্ঞান নাই, সেই শাস্ত্ৰ হৈছে ভক্তি মাৰ্গৰ। পিতাই নিজে কয় - মোক এনেকৈ পোৱা নাযায়। সাধু আদি সকলোৰে উদ্ধাৰ কৰিবলৈ মই আহোঁ। তেওঁলোকে ভাবে যে ব্ৰহ্মত লীন হৈ যাব লাগে। আকৌ পানীৰ বুৰবুৰণিৰ দৃষ্টান্ত দিয়ে। এতিয়া তোমালোকে এনেকৈ নোকোৱা। তোমালোকেতো জানা যে আমি আত্মাসকল পিতাৰ সন্তান হয়। "মামেকম্‌ স্মৰণ কৰা" এনেকৈ কয়ো কিন্তু অৰ্থ বুজি নাপায়। যদিও কৈ দিয়ে যে আমি আত্মা হয়, কিন্তু আত্মা কি হয়, পৰমাত্মা কি হয় - এই জ্ঞান একেবাৰে নাই। এয়া পিতাহে আহি শুনায়। এতিয়া তোমালোকে জানা যে সেইখন হৈছে আমাৰ আত্মাসকলৰ ঘৰ। তাত গোটেই বংশবৃক্ষ আছে। প্ৰত্যেক আত্মাই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। সুখ কোনে দিয়ে, দুখ কোনে দিয়ে - এয়াও কোনেও নাজানে।

ভক্তি হৈছে ৰাতি, জ্ঞান হৈছে দিন। 63 জন্ম তোমালোকে হাবাথুৰি খাইছা। আকৌ যেতিয়া জ্ঞান দিওঁ তেতিয়া কিমান সময় লাগে? চেকেণ্ড। এয়াতো গায়ন কৰা হৈছে যে চেকেণ্ডত জীৱনমুক্তি। এয়া তোমালোকৰ পিতা নহয় জানো, তেৱেঁই পতিত-পাৱন হয়। তেওঁক স্মৰণ কৰিলে তোমালোক পবিত্ৰ হৈ যাবা। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ - এয়া হৈছে চক্ৰ। নামো জানে কিন্তু ইমান পাথৰবুদ্ধিৰ যে সময়ৰ বিষয়ে কোনেও গমেই নাপায়। এনেকৈ ভাবে যে ঘোৰ কলিযুগ। যদি কলিযুগ আৰু চলে তেন্তে আৰু ঘোৰ অন্ধকাৰ হৈ যাব সেইবাবে গায়ন আছে কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছিল আৰু বিনাশ হৈ গ'ল। অকণমানো যদি জ্ঞান শুনে তেন্তে প্ৰজা হৈ যায়। ক'ত এই লক্ষ্মী-নাৰায়ণ, ক'ত প্ৰজা। পঢ়াওঁতাজনতো এজনেই। প্ৰত্যেকৰে নিজৰ-নিজৰ ভাগ্য আছে। কোনোৱেতো স্কলাৰশ্বিপ (বৃত্তি) লৈ লয়, কোনোবা ফেইল হৈ যায়। ৰামক কাঁড়ৰ চিহ্ন কিয় দিছে? কাৰণ ফেইল হল। এইখনো গীতা পাঠশালা হয়, কিছুমানতো অলপো নম্বৰ পোৱাৰ যোগ্য নহয়। মই আত্মা বিন্দু হওঁ, পিতাও বিন্দু হয়, এনেকৈ তেওঁক স্মৰণ কৰিব লাগে। যিয়ে এই কথাবোৰ বুজিয়েই নাপায়, তেওঁ কি পদ পাব! স্মৃতিত নাথাকিলে বহুত লোকচান হৈ যায়। স্মৃতিৰ বলে বহুত চমৎকাৰ কৰে। কৰ্মেন্দ্ৰিয় একেবাৰে শান্ত, শীতল হৈ যায়। জ্ঞানৰ দ্বাৰা শান্ত নহব, যোগৰ বলৰ দ্বাৰা শান্ত হব। ভাৰতবাসীয়ে আহ্বান কৰে যে আহি আমাক সেই গীতাৰ জ্ঞান শুনোৱা, এতিয়া কোন আহিব? কৃষ্ণৰ আত্মাতো ইয়াত আছে। কোনোবা সিংহাসনত বহি আছে জানো যাক আহ্বান কৰে। কোনোবাই কয় যে মই যীশুখ্ৰীষ্টৰ আত্মাক স্মৰণ কৰোঁ। হেৰ, তেওঁতো ইয়াতে আছে, তেওঁলোকে কি জানে যে যীশুখ্ৰীষ্টৰ আত্মা ইয়াতেই আছে, উভটি যাব নোৱাৰে। লক্ষ্মী-নাৰায়ণ, প্ৰথম নম্বৰৰ সকলেও 84 জন্ম ল'ব লাগে তেন্তে বাকীসকল আকৌ কেনেকৈ উভটি যাব পাৰে। সেই সকলো হিচাপ আছে। মনুষ্যইতো যি কয় সকলো মিছা। আধকল্প হৈছে মিছাখণ্ড, আধাকল্প হৈছে সত্যখণ্ড। এতিয়াতো প্ৰত্যেককে বুজাব লাগে - এই সময়ত সকলো নৰকবাসী, আকৌ স্বৰ্গবাসীও ভাৰতবাসীয়েই হয়। মনুষ্যই কিমান বেদ, শাস্ত্ৰ, উপনিষদ আদি পঢ়ে, কি এইবোৰ পঢ়িলে জানো মুক্তি পাব? অৱনমিত হবই লাগিব। সকলো বস্তু সতো, ৰজো, তমো অৱস্থালৈ নিশ্চয় আহে। ন্যু ৱল্ড্‌ (নতুন বিশ্ব) কাক কোৱা হয়, কাৰো এই জ্ঞান নাই। এয়াতো পিতাই সন্মুখত বহি বুজায়। দেৱী-দেৱতা ধৰ্ম কেতিয়া, কোনে প্ৰতিষ্ঠা কৰিলে - ভাৰতবাসীয়ে একোৱে নাজানে। সেয়েহে পিতাই বুজাইছে - জ্ঞানত যিমানেই ভাল নহওঁক কিন্তু যোগত বহুত সন্তান ফেইল হৈ যায়। যোগ নাথাকিলে বিকৰ্ম বিনাশ নহয়, উচ্চ পদ নাপাব। যিয়ে যোগত মগ্ন হৈ থাকে তেওঁলোকেই উচ্চপদ পাব। তেওঁলোকৰ কৰ্মেন্দ্ৰিয় একেবাৰে শীতল হৈ যায়। দেহ সহিত সকলো পাহৰি দেহী-অভিমানী হৈ যায়। আমি অশৰীৰী হওঁ এতিয়া ঘৰলৈ যাম। উঠোঁতে-বহোঁতে এনেকৈ বুজিবা যে এতিয়া এই শৰীৰ এৰিব লাগিব। আমি ভূমিকা পালন কৰিলোঁ, এতিয়া ঘৰলৈ যাওঁ। জ্ঞানতো পালোঁ, যেনেকৈ পিতাৰ জ্ঞান আছে, তেওঁতো কাকো স্মৰণ কৰিব নালাগে। স্মৰণতো তোমালোক সন্তানসকলে কৰিব লাগে। পিতাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। যোগৰ সাগৰ বুলিতো নকয়। চক্ৰৰ জ্ঞান শুনায় আৰু নিজৰো পৰিচয় দিয়ে। স্মৃতিক জ্ঞান বুলি কোৱা নহয়। স্মৃতিতো সন্তানসকলৰ আপোনাআপুনি আহি যায়। স্মৰণতো কৰিবই লাগিব, নহলে উত্তৰাধিকাৰ কেনেকৈ পাবা? পিতা আছে যেতিয়া উত্তৰাধিকাৰ নিশ্চয় পোৱা যায়। বাকী হৈছে জ্ঞান। আমি 84 জন্ম কেনেকৈ লওঁ, তমোপ্ৰধানৰ পৰা সতোপ্ৰধান আৰু সতোপ্ৰধানৰ পৰা তমোপ্ৰধান কেনেকৈ হওঁ, এয়া পিতাই বুজায়। এতিয়া পিতাৰ স্মৃতিৰে সতোপ্ৰধান হ'ব লাগে। তোমালোক আত্মিক সন্তানসকল আত্মিক পিতাৰ ওচৰলৈ আহিছা, তেওঁক শৰীৰৰ আধাৰতো লাগে নহয় জানো। কয় যে মই বৃদ্ধ শৰীৰত প্ৰৱেশ কৰোঁ। বানপ্ৰস্থ অৱস্থাই হয়। এতিয়া পিতা আহে সেইবাবে গোটেই সৃষ্টিৰ কল্যাণ হয়। এয়া হৈছে ভাগ্যশালী ৰথ, ইয়াৰ দ্বাৰা কিমান সেৱা হয়। গতিকে এই দেহ ভাৱ এৰিবলৈ স্মৰণ কৰাৰ প্ৰয়োজন। ইয়াত জ্ঞানৰ কথা নাই। বেছিকৈ স্মৰণ কৰিবলৈ শিকাব লাগে। জ্ঞানতো সহজ হয়। সৰু ল'ৰা-ছোৱালীয়েও শুনাই দিব। বাকী স্মৰণতহে পৰিশ্ৰম কৰিবলগীয়া হয়। এজনৰ স্মৃতি থাকিব লাগে, ইয়াক অব্যভিচাৰী স্মৃতি বুলি কোৱা হয়। কাৰোবাৰ শৰীৰক স্মৰণ কৰা - সেয়া হৈছে ব্যভিচাৰী স্মৃতি। এই স্মৃতিৰে বাকী সকলো পাহৰি অশৰীৰী হ'ব লাগে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্মৃতিৰবলেৰে নিজৰ কৰ্মেন্দ্ৰিয় শীতল, শান্ত কৰিব লাগে। সম্পূৰ্ণ উত্তীৰ্ণ হবলৈ যথাৰ্থ ৰীতিৰে পিতাক স্মৰণ কৰি পবিত্ৰ হ'ব লাগে।

(2) উঠোঁতে-বহোঁতে বুদ্ধিত যাতে এইটো থাকে যে এতিয়া আমি এই পুৰণা শৰীৰ এৰি উভটি ঘৰলৈ যাম। যেনেকৈ পিতাৰ সকলো জ্ঞান আছে, তেনেকৈ মাষ্টৰ জ্ঞান সাগৰ হ'ব লাগে।

বৰদান:
লোহাৰ দৰে আত্মাক পাৰস (পবিত্ৰ) কৰি তোলোঁতা মাষ্টৰ পাৰসনাথ হোৱা

তোমালোক সকলো পাৰসনাথ পিতাৰ সন্তান মাষ্টৰ পাৰসনাথ হোৱা - তেন্তে যেনেকুৱাই লোহাৰ দৰে আত্মা নহওঁক কিন্তু তোমালোকৰ সংগত থাকি যাতে লোহাও পাৰস হৈ যায়। এয়া লোহা হয়- এনেকৈ কেতিয়াও নাভাবিবা। পাৰসৰ কামেই হৈছে লোহাক পাৰস কৰি তোলা। এইটো লক্ষ্য আৰু লক্ষণ সদায় স্মৃতিত ৰাখি প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম কৰিবা, তেতিয়া অনুভৱ হ'ব যে মোৰ আত্মাৰ লাইটৰ কিৰণে অনেক আত্মাক গল্ডেন (সোণালী) কৰি তোলাৰ শক্তি দি আছে।
 

স্লোগান:
প্ৰতিটো কাৰ্য সাহসেৰে কৰা তেতিয়া সকলোৰে সন্মান প্ৰাপ্তি হ'ব।