15.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকল সকলোৰেসৎগতিদাতাহৈছেএজনপিতা, পিতাৰনিচিনাকৈনিষ্কামসেৱাআৰুকোনেওকৰিবনোৱাৰে

প্ৰশ্ন:
নতুনবিশ্বস্থাপনাকৰিবলৈপিতাইকিকিপৰিশ্ৰমকৰিবলগীয়াহয়?

উত্তৰ:
একেবাৰে অজামিলৰ দৰে পাপীসকলকো পুনৰ লক্ষ্মী-নাৰায়ণৰ নিচিনা পূজ্য দেৱতা কৰি তুলিবলৈ পিতাই পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই তোমালোক সন্তানসকলক দেৱতা কৰি তুলিবলৈ পৰিশ্ৰম কৰে। বাকী সকলো আত্মাই শান্তিধামলৈ উভতি যায়। প্ৰত্যেকেই নিজৰ হিচাপ-নিকাচ নিষ্পত্তি কৰি লায়ক (যোগ্য) হৈ ঘৰলৈ উভতি যাব লাগিব।

গীত:
ইচপাপকিদুনীয়াসে (এইপাপৰজগতৰপৰা)

ওঁম্শান্তি।
মিঠা মিঠা আত্মিক সন্তানসকলে গীতটি শুনিলা। সন্তানসকলে জানে এইখন হৈছে পাপৰ সংসাৰ। নতুন সৃষ্টি হৈছে পূণ্যৰ জগত। তাত পাপ নহয়। সেইয়া হল ৰাম ৰাজ্য, এইয়া হল ৰাৱণ ৰাজ্য। এই ৰাৱণৰ ৰাজ্যত সকলোৱে পতিত, দুখী হৈ আছে, সেয়েহে মাতে- হে পতিত -পাৱন তুমি আহি আমাক পাৱন কৰি তোলা। সকলো ধৰ্মাৱলম্বীৰ লোকে আহ্বান কৰে- অ গড ফাদাৰ আহি আমাক মুক্ত কৰা, পথ প্ৰদৰ্শক হোৱা। ইয়াৰ অৰ্থ হৈছে পিতা যেতিয়া আহে তেতিয়া যিমানবোৰ ধৰ্ম আছে গোটেই সৃষ্টিতে, সকলোকে লৈ যায়। এই সময়ত সকলো ৰাৱণ ৰাজ্যত আছে। সকলো ধৰ্মৰ লোককে শান্তিধামলৈ উভতাই লৈ যায়। বিনাশতো সকলোৰে হবই। পিতা ইয়ালৈ আহি সন্তানসকলক সুখধামৰ উপযুক্ত কৰি তোলে। সকলোৰে কল্যাণ কৰে, সেয়েহে এজনেই সকলোৰে সৎগতি দাতা, সকলোৰে কল্যাণ কৰোঁতা বুলি কোৱা হয়। পিতাই কয়, এতিয়া তোমালোক উভতি যাব লাগিব। সকলো ধৰ্মাৱলম্বীয়ে শান্তিধাম, নিৰ্বাণধামলৈ যাব লাগিব, যত সকলো আত্মাই শান্তিত থাকে। বেহদৰ পিতা যি ৰচয়িতা হয়, তেওঁৱেই আহি সকলোকে মুক্তি আৰু জীৱনমুক্তি দিয়ে। তেন্তে মহিমাও সেই এজন গড ফাদাৰৰে কৰিব লাগে। যিয়ে আহি সকলোৰে সেৱা কৰে, তেওঁকে স্মৰণ কৰিব লাগে। পিতাই নিজে বুজায়, মই দূৰৈৰ দেশ, পৰমধামৰ নিবাসী। সৰ্বপ্ৰথমে যি আদি সনাতন দেৱী-দেৱতাৰ ধৰ্ম আছিল, সেইয়া এতিয়া নাই, সেয়েহে মোক আহ্বান কৰে। মই আহি সকলো সন্তানক উভতাই লৈ যাওঁ। এতিয়া হিন্দু বুলি কোনো ধৰ্ম নাই। প্ৰকৃততে হৈছে দেৱী-দেৱতা ধৰ্ম। কিন্তু পবিত্ৰ নোহোৱাৰ কাৰণে নিজকে দেৱতাৰ সলনি হিন্দু বুলি কৈ দিলে। হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰোঁতা কোনো নাই। গীতাই হল সৰ্বশাস্ত্ৰৰ শিৰোমণি। সেইয়া ভগৱানৰ দ্বাৰা শুনোৱা হৈছে। ভগৱান এজনকেই কোৱা হয়-গড ফাদাৰ। শ্ৰীকৃষ্ণ বা লক্ষ্মী-নাৰায়ণক গড ফাদাৰ বা পতিত পাৱন বুলি কোৱা নহয়। এওঁলোক হৈছে ৰজা-ৰাণী। তেওঁলোকক এনেকৈ কোনে গঢ়ি তুলিলে? পিতাই। পিতাই প্ৰথমে নতুন সৃষ্টি ৰচে, যাৰ এওঁলোক মালিক হয়গৈ। কেনেকৈ হল, এইয়া কোনো মনুষ্য মাত্রই নাজানে। ডাঙৰ-ডাঙৰ লাখপতিয়ে মন্দিৰ আদি সাজে। তেওঁলোকক সুধিব লাগে-এওঁলোকে এই বিশ্বৰ ৰাজ্য কেনেকৈ প্ৰাপ্ত কৰিলে। কেনেকৈ গৰাকী হলগৈ? কোনেও কেতিয়াও উত্তৰ দিব নোৱাৰিব। কি কৰ্ম কৰিলে যাৰ বাবে ইমান শ্ৰেষ্ঠ ফল পালে? এতিয়া পিতাই বুজায়-তোমালোকে নিজৰ ধৰ্মক পাহৰি গৈছা। আদি সনাতন দেৱী-দেৱতা ধৰ্মক নজনাৰ কাৰণে সকলো বেলেগ বেলেগ ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে। তেওঁলোক পুনৰ উভতি আহিব নিজৰ নিজৰ ধৰ্মলৈ। যি আদি সনাতন দেৱী-দেৱতাৰ ধৰ্মৰ হয়, তেওঁলোক পুনৰ নিজৰ ধৰ্মলৈ আহি যাব। যদি খ্ৰীষ্টিয়ান ধৰ্মৰ হয় তেন্তে পুনৰ খ্ৰীষ্টিয়ান ধৰ্মলৈ আহি যাব। এইয়া আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ কলম লাগি আছে। যিয়ে যিটো ধৰ্মৰ আছিল, তেওঁলোক নিজৰ নিজৰ ধৰ্মলৈ আহিব লাগিব। এইয়া হৈছে বৃক্ষ, ইয়াৰ তিনিটা শাখা আছে আকৌ ইয়াৰ পৰা বৃদ্ধি হৈ গৈ থাকে। আন কোনেও এই জ্ঞান দিব নোৱাৰে। এতিয়া পিতাই কৈছে - তোমালোক নিজৰ ধৰ্মলৈ গুচি আহা। কোনোৱে কয় - মই সন্ন্যাস ধৰ্মত যাওঁ, ৰামকৃষ্ণ পৰমহংস সন্ন্যাসীৰ অনুগামী হওঁ। এতিয়া সেইয়া হল নিবৃত্তি মাৰ্গৰ লোক, তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ। গৃহস্থ মাৰ্গত থকা সকলে নিবৃত্তি মাৰ্গত থকাসকলৰ অনুগামী কেনেকৈ হব পাৰে! তোমালোক প্ৰথমে প্ৰবৃত্তি মাৰ্গত পবিত্ৰ আছিলা। পুনৰ ৰাৱণৰ দ্বাৰা তোমালোক অপবিত্ৰ হৈ গলা। এই কথাবোৰ পিতাই বুজায়। তোমালোক হৈছা গৃহস্থ আশ্ৰমৰ, ভক্তিও তোমালোকেই কৰিব লাগে। পিতা আহি ভক্তিৰ ফল সৎগতি দিয়ে। কোৱা হয়-ৰিলীজন ইজ মাইট (ধৰ্মই হৈছে শক্তি)। পিতাই ধৰ্ম প্ৰতিষ্ঠা কৰে। তোমালোকে গোটেই বিশ্বৰ মালিক হৈ যোৱা। পিতাৰ পৰা তোমালোকে কিমান শক্তি পোৱা। এজন সৰ্বশক্তিমান পিতাহে আহি সকলোৰে সৎগতি কৰে আৰু আন কোনেও সৎগতি দিবও নোৱাৰে, আৰু সৎগতি পাবও নোৱাৰে। ইয়াতেই বৃদ্ধি হৈ থাকে। উভতি কোনেও যাব নোৱাৰে। পিতাই কয় - মই সকলো ধৰ্মৰে সেৱক হওঁ, সকলোকে আহি সৎগতি দিওঁ। সৎগতি বুলি কোৱা হয় সত্যযুগক। মুক্তি হৈছে শান্তিধামত। তেন্তে সকলোতকৈ ডাঙৰ কোন হল? পিতাই কয়- হে আত্মাসকল, তোমালোক সকলো ভাই ভাই, সকলোৱে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। সকলোকে আহি নিজৰ নিজৰ শাখা (শ্ৰেণী) লৈ যোৱাৰ বাবে উপযুক্ত কৰি তোলো। উপযুক্ত (যোগ্য) নহলে শাস্তি খাবলগীয়া হয়। হিচাপ-নিকাচ নিষ্পত্তি কৰি পুনৰ উভতি যায়। সেয়া হৈছে শান্তিধাম আৰু সেয়া সুখধাম।

পিতাই কয় - মই আহি নতুন বিশ্ব স্থাপনা কৰোঁ, ইয়াৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হয়। একেবাৰে অজামিলৰ দৰে পাপীকো আহি এনেকুৱা দেৱী-দেৱতা কৰি তোলো। যেতিয়াৰ পৰা তোমালোকে বাম (বিকাৰী) মাৰ্গলৈ গ'লা তেতিয়াৰ পৰা চিৰি তললৈ নামি আহিছা। এয়া 84 জন্মৰ চিৰি হৈছেই তললৈ নমাৰ। সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমো...এতিয়া এয়া হৈছে সংগম। পিতাই কয় মই এবাৰেই আহোঁ। মই কোনো ইব্ৰাহিম-বুদ্ধৰ শৰীৰত প্ৰৱেশ নকৰোঁ। মই পুৰুষোত্তম সংগম যুগতহে আহোঁ। এতিয়া কোৱা হয় পিতাক অনুসৰণ কৰা। পিতাই কয় - তোমালোক সকলো আত্মাই মোকেই অনুসৰণ কৰিব লাগে। মামেকম (মনে মনে কেৱল মোকেই) স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ যোগৰ অগ্নিত ভস্ম হৈ যাব। ইয়াক কোৱা হয় যোগ অগ্নি। তোমালোক হৈছা প্ৰকৃত ব্ৰাহ্মণ। তোমালোক কাম চিতাৰ পৰা নামি জ্ঞান চিতাত বহিছা। এইয়া এজন পিতাইহে বুজায়। যীশুখ্ৰিষ্ট, বুদ্ধ আদি সকলোৱে এজনকেই স্মৰণ কৰে। কিন্তু তেওঁক যথাৰ্থভাৱে কোনেও নাজানে। এতিয়া তোমালোক আস্তিক হৈছা। ৰচয়িতা আৰু ৰচনাক তোমালোকে পিতাৰ দ্বাৰা জানিলা। ঋষি-মুনি সকলোৱে নেতি-নেতি (নাজানো-নাজানো) বুলি কৈছিল, আমি নাজানো। স্বৰ্গ হৈছে সত্যখণ্ড, দুখৰ নাম নাই। ইয়াত কিমান দুখ। আয়ুসো বহুত কম। দেৱতাসকলৰ আয়ুস কিমান দীঘলীয়া হয়। তেওঁলোক হৈছে পবিত্ৰ যোগী। ইয়াত হৈছে অপবিত্ৰ ভোগী। চিৰিৰে তললৈ নামোতে-নামোতে আয়ুস কম হৈ গৈ থাকে। অকাল মৃত্যুও হৈ থাকে। পিতাই তোমালোকক এনেকৈ গঢ়ি তোলে যে তোমালোক 21 জন্মৰ কাৰণে কেতিয়াও ৰোগী নোহোৱা। গতিকে এনেকুৱা পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। আত্মা কিমান বুদ্ধিমান হ'ব লাগে। বাবাই এনেকুৱা উত্তৰাধিকাৰ দিয়ে যে তাত কোনো ধৰণৰ দুখ নহয়। তোমালোকৰ কন্দা-কটা বন্ধ হৈ যায়। সকলো ভাওৰীয়া হয় হয়। আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়। এয়াও ড্ৰামা। বাবাই কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতিৰ বিষয়েও বুজায়। কৃষ্ণৰ আত্মাই 84 জন্ম ভোগ কৰি এতিয়া অন্তিমত সেই জ্ঞানেই শুনি আছে। ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি বুলি গায়ন কৰা হয়। ব্ৰহ্মাৰ দিন-ৰাতি মানে ব্ৰাহ্মণৰো দিন-ৰাতি। এতিয়া তোমালোকৰ দিন হ'বৰ হৈছে। মহাশিৱৰাত্ৰী বুলি কয়। এতিয়া ভক্তিৰ ৰাতি সম্পূৰ্ণ হৈ জ্ঞানৰ উদয় হয়। এতিয়া হৈছে সংগম। এতিয়া তোমালোকে পুনৰাই স্বৰ্গবাসী হবলৈ গৈ আছা। অন্ধকাৰ ৰাতিত ঠেলা-গতাও খালা, কপালো ঘঁহালা, পইচাও শেষ কৰিলা। এতিয়া পিতাই কৈছে - মই আহিছোঁ তোমালোকক শান্তিধাম আৰু সুখধামলৈ লৈ যাবলৈ। তোমালোক সুখধামৰ নিবাসী আছিলা। 84 জন্মৰ পিছত দুখধামত আহি গলা। আকৌ আহ্বান কৰা - বাবা আহক, এই পুৰণি সৃষ্টিত। এইখন তোমালোকৰ সৃষ্টি নহয়। তোমালোকে এতিয়া যোগ বলৰ দ্বাৰা নিজৰ সৃষ্টি স্থাপনা কৰি আছা। তোমালোক এতিয়া ডৱল অহিংসক হ'ব লাগে। কাম-কটাৰীও চলাব নালাগে আৰু কাজিয়া-পেচালো কৰিব নালাগে। পিতাই কয় মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহোঁ। এই কল্প 5 হাজাৰ বছৰৰ হয়, লাখ বছৰৰ নহয়। যদি লাখ বছৰৰ হয় তেন্তে ইয়াত বহুত জনসংখ্যা হলহেঁতেন। মিছা কথাৰ মহলা মাৰি থাকে সেই কাৰণে পিতাই কয় - মই কল্পই-কল্পই আহোঁ, মোৰো নাটকত ভূমিকা আছে। ভূমিকাত নাথাকিলে মই একোৱেই কৰিব নোৱাৰো। ময়ো ড্ৰামাৰ বন্ধনত বান্ধ খাই আছো। একেবাৰে সময়ত আহোঁ, মনমনাভৱ। কিন্তু ইয়াৰ অৰ্থ কোনেও বুজি নাপায়। পিতাই কয় দেহৰ সকলো সম্বন্ধ এৰি মামেকম স্মৰণ কৰা তেতিয়া সকলোৱে পাৱন হৈ যাবা। সন্তানসকলে পিতাক স্মৰণ কৰাৰ যত্ন কৰি থাকে।

এইয়া হৈছে ঈশ্বৰীয় বিশ্ব-বিদ্যালয়। এনেকুৱা বিদ্যালয় আৰু থাকিব নোৱাৰে। ইয়াত ঈশ্বৰ পিতা আহি গোটেই সৃষ্টিকে পৰিৱৰ্তন কৰে। নৰকৰ পৰা স্বৰ্গ কৰি তোলে, য'ত তোমালোকে ৰাজ্য কৰা। এতিয়া পিতাই কয় মোক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। এওঁ হৈছে পিতাৰ ভাগ্যশালী ৰথ য'ত পিতাই আহি প্ৰৱেশ কৰে। শিৱ জয়ন্তীক কোনেও নাজানে। তেওঁলোকেতো কৈ দিয়ে যে পৰমাত্মা নাম-ৰূপৰ পৰা উপৰাম। হেৰ, নাম-ৰূপৰ পৰা উপৰামতো কোনো বস্তু নাথাকে। কয় এইয়া আকাশ, তেন্তে এইয়া নামতো হয় নহয় জানো। লাগিলে শূণ্যই হওঁক, কিন্তু তথাপিও নামতো আছে। গতিকে পিতাৰ নাম হৈছে কল্যাণকাৰী। আকৌ ভক্তি মাৰ্গত বহুত নাম ৰাখিছে। বাবুৰীনাথ বুলিও কয়। তেওঁ আহি কাম কটাৰীৰ পৰা মুক্ত কৰি পাৱন কৰি তোলে। নিবৃত্তি মাৰ্গৰ লোকসকলে ব্ৰহ্মকেই পৰমাত্মা বুলি মানে, তাকেই স্মৰণ কৰে। ব্ৰহ্ম যোগী, তত্ত্ব যোগী বুলি কয়। কিন্তু সেইয়া হৈছে থকাৰ স্থান, যাক ব্ৰহ্মাণ্ড বুলি কোৱা হয়। তেওঁলোকে আকৌ ব্ৰহ্মকেই ভগৱান বুলি ভাবি লয়। ভাবে যে আমি লীন হৈ যাম। অৰ্থাৎ আত্মাক বিনাশী কৰি দিয়ে। পিতাই কয় মইহে আহি সকলোৰে সৎগতি কৰোঁ, সেই কাৰণে এজন শিৱবাবাৰ জয়ন্তী হীৰা তুল্য বাকী সকলো জয়ন্তী কড়ি তুল্য। শিৱবাবাইহে সকলোৰে সৎগতি কৰে। গতিকে তেওঁ হৈছে হীৰাৰ নিচিনা। তেওঁৱেই তোমালোকক সোণালী যুগলৈ লৈ যায়। এই জ্ঞান তোমালোকক পিতাহে আহি শুনায় যাৰ দ্বাৰা তোমালোক দেৱী-দেৱতা হৈ যোৱা। আকৌ এই জ্ঞান প্ৰায় লোপ হৈ যায়। এই লক্ষ্মী-নাৰায়ণৰ ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নাই।

সন্তানসকলে গীতটি শুনিলে- কয় এনেকুৱা ঠাইলৈ লৈ যোৱা, যত শান্তি আৰু আৰাম আছে। সেইয়া হল শান্তিধাম, পুনৰ সুখধাম। তাত অকালতে মৃত্যু নহয়। গতিকে পিতা আহিছে সন্তানসকলক সেই সুখ-আৰামৰ দুনিয়ালৈ লৈ যাবলৈ। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাত্ৰি ক্লাছ
এতিয়া তোমালোকৰ সূৰ্যবংশী, চন্দ্ৰবংশী দুয়োটা ৰাজবংশ ৰচিত হয়। যিমানে তোমালোকে জানা আৰু পৱিত্ৰ হোৱা সিমান আন কোনেও জানিব নোৱাৰিব নতুবা পবিত্ৰ হব পাৰিব। বাকী যেতিয়া শুনিব যে পিতাৰ আগমন হৈছে তেতিয়া পিতাক স্মৰণ কৰিবলৈ লাগি যাব। এইয়াও তোমালোকে আগলৈ দেখিবলৈ পাবা- লাখ, কৌটি সংখ্যকে আহি বুজিব। বায়ুমণ্ডলেই এনেকুৱা হব। অন্তিম সময়মৰ যুদ্ধত সকলো নিৰাশ হৈ যাব। সকলোৱে বুদ্ধিত প্ৰেৰণা পাব। তোমালোকৰ আৱাজো (প্ৰভাৱ বিস্তাৰ) হব। স্বৰ্গৰ স্থাপনা হৈ আছে। বাকী সকলোৰে মৃত্যু সমাগত। কিন্তু সেই সময় এনেকুৱা হব যে অলপো আৰাম কৰিবলৈও সময় নাথাকিব। যি হব সেয়া আগলৈ গৈ বুজিবা। এনেকুৱাও নহয় - এতিয়া যিসকল আছা সেই সকলো সেই সময়ত থাকিবা। কিছুমানৰ মৃত্যুও হব। সেইসকলেই থাকিব যি কল্পৰ আগতে আছিল। সেই সময়ত এজন পিতাৰ স্মৃতিত থাকিব। আৱাজো কম হৈ যাব। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিবলৈ লাগি যাব। তোমালোকে সকলো সাক্ষী হৈ প্ৰত্যক্ষ কৰিবা। বহুত পীড়াদায়ক ঘটনা ঘটি থাকিব। সকলোৱে জানি যাব যে এতিয়া বিনাশ হব। সৃষ্টি পৰিৱৰ্তন হব। বিবেকে কয় বিনাশ তেতিয়া হব যেতিয়া বোমা পৰিব। এতিয়া নিজৰ মাজত কৈ থাকে ব্যৱস্থা কৰা, প্ৰতিশ্ৰুতি দিয়া আমি বোমা নেপেলাওঁ। কিন্তু এই সকলোবোৰ তৈয়াৰ কৰা হৈছে বিনাশৰ কাৰণে।

তোমালোক সন্তানসকল বহুত আনন্দিতো হৈ থাকিব লাগে। তোমালোকে জানা নতুন সৃষ্টি ৰচি থকা হৈছে। বুজি পোৱা যে পিতাইহে নতুন সৃষ্টি স্থাপনা কৰিব। তাত দুখৰ নামেই নাথাকিব। তাৰ নামেই হৈছে পেৰাডাইজ (স্বৰ্গ)। যেনেকৈ তোমালোকৰ নিশ্চয় হৈছে তেনেকৈ আগলৈ গৈ বহুতৰে হব। যিসকল অনুভৱ কৰিবলগীয়া হব, তেওঁলোকে আগলৈ গৈ বহুত কৰিব। অন্তিম সময়ত স্মৃতিৰ যাত্ৰাতো বহুত থাকিব। এতিয়া সময় বাকী আছে, পুৰুষাৰ্থ পুৰা নকৰিলে পদ কম হৈ যাব। পুৰুষাৰ্থ কৰিলে পদো উচ্চ পাবা। সেই সময়ত তোমালোকৰ অৱস্থাও বহুত ভাল হব। সাক্ষাৎকাৰো কৰিবা। কল্প-কল্প যেনেকৈ বিনাশ হৈছিল, তেনেকৈ হব। যাৰ নিশ্চয় হব, চক্ৰৰ জ্ঞান থাকিব তেওঁ আনন্দিত হৈ থাকিব। ভাল বাৰু- আত্মিক সন্তানৰ প্ৰতি শুভৰাত্ৰি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ডৱল (দ্বৈত) অহিংসক হৈ যোগবলৰ দ্বাৰা এই হেল (নৰক) খনক হেভেন (স্বৰ্গ) কৰি তুলিব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।

(2) এজন পিতাক পুৰা-পুৰা অনুসৰণ কৰিব লাগে। সঁচা-সঁচা ব্ৰাহ্মণ হৈ যোগ অগ্নিৰে বিকৰ্ম দগ্ধ কৰিব লাগে। সকলোকে কাম চিতাৰ পৰা নমাই জ্ঞান চিতাত বহুৱাব লাগে।

বৰদান:
অল্ফক (ঈশ্বৰক) জানোতাআৰুপবিত্ৰতাৰস্বধৰ্মকনিজৰকৰিলওঁতাবিশেষআত্মাহোৱা

বাপদাদা আনন্দিত হয় যে মোৰ এটি-এটি সন্তান বিশেষ আত্মা হয়- লাগিলে বৃদ্ধ হওঁক, অশিক্ষিত হওঁক, শিশু হওঁক, যুৱক হওঁক অথবা প্ৰবৃত্তিগত হওঁক কিন্তু বিশ্বৰ আগত বিশেষ হয়। জগতত লাগিলে যিমানেই ডাঙৰ নেতা নহওঁক, অভিনেতা নহওঁক, বৈজ্ঞানিক নহওঁক কিন্তু অল্ফক (ঈশ্বৰক) যদি নাজানে তেন্তে কি জানিলে! তোমালোকে নিশ্চয়বুদ্ধি হৈ ততালিকে কৈ দিয়া যে তোমালোকে বিচাৰি থাকা, আমিতো পাই গলো। প্ৰবৃত্তিত থাকি পবিত্ৰতাৰ স্বধৰ্মক নিজৰ কৰি ললা গতিকে পবিত্ৰ আত্মা, বিশেষ আত্মা হৈ গলা।

স্লোগান:
যিসদায়আন্তৰিকসুখতথাকেতেওঁৱেইনিজৰআৰুসকলোৰেপ্ৰিয়হয়।