15.05.22    Avyakt Bapdada     Assame Murli     18.01.91     Om Shanti     Madhuban


*বিশ্ব কল্যাণকাৰী হ'বৰ বাবে সৰ্ব স্মৃতিৰে সম্পন্ন হৈ সকলোকে সহযোগ দিয়া*


আজি সমৰ্থ পিতাই নিজৰ স্মৃতি স্বৰূপ সন্তানসকলক দেখি হৰ্ষিত হৈ আছেহঁক। বিশ্বৰ দেশ তথা বিদেশৰ সকলো সন্তানে স্মৃতি দিৱস পালন কৰি আছে। আজিৰ স্মৃতি দিৱসে সন্তানসকলক নিজৰ ব্ৰাহ্মণ জীৱন অৰ্থাৎ সমৰ্থ জীৱনৰ স্মৃতি সোঁৱৰাই দিয়ে কিয়নো পিতা ব্ৰহ্মাৰ জীৱন কাহিনীৰ লগতে ব্ৰাহ্মণ সন্তানসকলৰো জীৱন কাহিনী আছে। নিৰাকাৰ পিতাই সাকাৰ ব্ৰহ্মাৰ লগতে ব্ৰাহ্মণ ৰচিলে। সেইবাবেই ব্ৰাহ্মণসকলৰ দ্বাৰা অবিনাশী যজ্ঞৰ ৰচনা হল। পিতা ব্ৰহ্মাই তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ লগতে স্থাপনাৰ নিমিত্ত হল, গতিকে পিতা ব্ৰহ্মাৰ লগত আদি ব্ৰাহ্মণসকলৰো জীৱন কাহিনী আছে। যজ্ঞ স্থাপনাত আদি দেৱ ব্ৰহ্মা আৰু আদি ব্ৰাহ্মণ দুয়োৰে মহত্ত্ব আছে। অনাদি পিতাই আদি দেৱ ব্ৰহ্মাৰ দ্বাৰা আদি ব্ৰাহ্মণসকলৰ ৰচনা কৰিলে। আৰু আদি ব্ৰাহ্মণসকলে অনেক ব্ৰাহ্মণৰ বৃদ্ধি কৰিলে। এয়াই স্থাপনাৰ, পিতা ব্ৰহ্মাৰ কাহিনী আজিৰ স্মৃতি দিৱসত বৰ্ণনা কৰা। স্মৃতি দিৱস বুলি কোৱা তেন্তে কেৱল পিতা ব্ৰহ্মাক স্মৰণ কৰিলা নে পিতা ব্ৰহ্মাৰ দ্বাৰা পিতাই যি স্মৃতি সোঁৱৰাই দিছে সেই সকলো স্মৃতি স্মৃতিলৈ আহিল? আদিৰ পৰা এতিয়ালৈকে কি কি আৰু কিমান স্মৃতি সোঁৱৰাই দিছে - স্মৃতিত আছেনে? অমৃতবেলাৰ পৰা ৰাতিলৈকে সকলো স্মৃতি সন্মুখত আনা - এদিনত পূৰা হৈ যাব! দীঘলীয়া তালিকা নহয় জানো! স্মৃতি সপ্তাহো যদি পালন কৰা তথাপিও বিস্তাৰ অধিক, কিয়নো কেৱল পুনৰাবৃত্তি কৰিব নালাগে কিন্তু উপলব্ধি কৰা সেইবাবে এনেকৈ কোৱাই যে স্মৃতি স্বৰূপ। স্বৰূপ অৰ্থাৎ সকলো স্মৃতিৰেই অনুভূতি। তোমালোক স্মৃতি স্বৰূপ হোৱা, আৰু ভক্তসকলে কেৱল সোঁৱৰে। তেন্তে কি কি স্মৃতি অনুভৱ কৰিছা - ইয়াৰ বিস্তাৰতো বৰ বিশাল। যিদৰে পিতাৰ পৰিচয় কিমান বিশাল কিন্তু তোমালোকে সাৰ ৰূপত পাঁচটা কথাৰে পৰিচয় দিয়া। সেইদৰে স্মৃতিৰ বিস্তাৰকো 5টা কথাৰেও সাৰ ৰূপত আনা যে আদিৰ পৰা এতিয়ালৈ বাপদাদাই কিমান নামৰ স্মৃতি সোঁৱৰাই দিলে! কিমান নাম হ'ব! বিস্তাৰ আছে নহয়। এটি এটি নাম স্মৃতিলৈ আনা আৰু স্বৰূপ হৈ অনুভৱ কৰা, কেৱল পুনৰাবৃত্তি নকৰিবা। স্মৃতি স্বৰূপ হোৱাৰ আনন্দ বৰ উপৰাম আৰু মৰমৰ। যিদৰে পিতাই তোমালোক সন্তানসকলক নয়নৰ মণি নামটিৰ স্মৃতি সোঁৱৰাই দিয়ে। পিতাৰ নয়নৰ জ্যোতি। জ্যোতিৰ কি বিশেষত্ব থাকে, জ্যোতিৰ কৰ্তব্য কি, জ্যোতিৰ শক্তি কি? এনেকৈ অনুভূতি কৰা অৰ্থাৎ স্মৃতি স্বৰূপ হোৱা। সেইদৰে প্ৰতিটো নামৰ স্মৃতি অনুভৱ কৰি থাকা। এয়া এটা দৃষ্টান্ত ৰূপত শুনালোঁ। সেইদৰে শ্ৰেষ্ঠ স্বৰূপৰ স্মৃতি কিমান আছে? তোমালোক ব্ৰাহ্মণৰ কিমান ৰূপ আছে যি পিতাৰ ৰূপ সেয়াই ব্ৰাহ্মণৰ ৰূপ। সেই সকলো ৰূপৰ স্মৃতিৰ অনুভূতি কৰা। নাম, ৰূপ, গুণ - অনাদি, আদি আৰু এতিয়া ব্ৰাহ্মণ জীৱনৰ সৰ্বগুণৰ স্মৃতি স্বৰূপ হোৱা।

সেইদৰেই কৰ্তব্যও। কিমান শ্ৰেষ্ঠ কৰ্তব্যৰ নিমিত্ত হৈছা! সেই কৰ্তব্যসমূহৰ স্মৃতি জাগ্ৰত কৰা। পঞ্চম কথা বাপদাদাই অনাদি-আদি দেশৰ স্মৃতি সোঁৱৰাই দিলে। দেশৰ স্মৃতিৰে পুনৰাই ঘৰলৈ যোৱাৰ সামৰ্থ্য আহি গল, নিজৰ ৰাজ্যত ৰাজ্য অধিকাৰী হোৱাৰ সাহস আহি গল আৰু বৰ্তমান সংগমযুগী ব্ৰাহ্মণ সংসাৰত আনন্দৰ জীৱন জীয়াই থকাৰ কলা স্মৃতিত আহি গল। জীয়াই থকাৰ কলা ভালদৰে আহৰণ হৈ গৈছে নহয়? জগতখন মৃত্যুৰ কলাত তীব্ৰতাৰে গৈ আছে আৰু তোমালোক ব্ৰাহ্মণ সুখময় আনন্দময় জীৱনৰ কলাত উৰি আছা। কিমান পাৰ্থক্য আছে!

গতিকে স্মৃতি দিৱস অৰ্থাৎ সৰ্ব স্মৃতিৰ আত্মিক নিচা অনুভৱ কৰিবা। এই স্মৃতি দিৱসত জগতৰ দৰে তোমালোক সকলোৱে এনেকৈ ক'ব নোৱাৰা যে এনেকুৱা আমাৰ পিতা ব্ৰহ্মা আছিল। তেওঁ এনেকৈ কৈছিল, এইটো কৰিছিল, জগতৰ লোকসকলে কৰিছিল আছিল আছিল বুলি কয় আৰু দুখৰ লহৰ বিয়পায় কিন্তু তোমালোক ব্ৰাহ্মণসকলৰ এইটো বিশেষত্ব আছে - তোমালোকে ক'বা এতিয়াও লগত আছে। লগত থকাৰ অনুভৱ কৰোঁ। গতিকে তোমালোকৰ এইটো বিশেষত্ব আছে। তোমালোকে এনেকৈ নোকোৱা যে পিতা ব্ৰহ্মা গুচি গ'ল। যি প্ৰতিশ্ৰুতি দিছে - লগত থাকিম, লগত যাম। যদি আদি আত্মাই প্ৰতিশ্ৰুতি পালন নকৰে তেন্তে কোনে প্ৰতিশ্ৰুতি পালন কৰিব? কেৱল ৰূপ আৰু সেৱাৰ বিধি পৰিৱৰ্তন হৈছে। তোমালোক সকলোৰে লক্ষ্য হৈছে ফৰিস্তাৰ পৰা দেৱতা। ফৰিস্তা ৰূপৰ নিদৰ্শন পিতা ব্ৰহ্মা হল। সকলো সন্তানৰ প্ৰতিপালন এতিয়াও ব্ৰহ্মাৰ দ্বাৰাই হৈ আছে সেইবাবে ব্ৰহ্মাকুমাৰ আৰু ব্ৰহ্মাকুমাৰী বুলি কোৱা। বুজিলা? স্মৃতি দিৱসৰ মহত্ত্ব কি? এই স্মৃতিবোৰত সদায়েই স্নেহত লীন হৈ থাকা। ইয়াকে পিতাৰ সমান হোৱাৰ অনুভূতি বুলি কোৱা হয়। তোমালোক আত্মাসকলে পিতাৰ সমান অনুভৱ কৰিলা। এই 'সমান' শব্দটিকে জগতৰ লোকে 'সমাহিত হোৱা' বুলি কৈ দিছে। আত্মা পৰমাত্মাত সমাহিত হৈ নাযায়, কিন্তু পিতাৰ সমান হয়। সকলো সন্তানে নিজৰ নিজৰ নামেৰে স্মৃতি দিৱসৰ স্মৃতি (সোঁৱৰণ) পঠিয়াইছে। বহুতে বাৰ্তাবাহক হৈ স্নেহপূৰ্ণ স্মৃতি লৈ আহিল আৰু প্ৰত্যেকেই কয় বিশেষভাৱে মোৰ স্মৃতি দিবা। গতিকে এজন এজনক বেলেগে স্মাৰক পত্ৰ লিখাৰ সলনি অন্তৰেৰে পত্ৰ লিখি আছে। প্ৰত্যেকৰে অন্তৰৰ মৰম বাপদাদাৰ নয়নত, অন্তৰত সমাহিত হৈ আছে আৰু এতিয়া বিশেষভাৱে সমাহিত হৈ আছে। বিশেষভাৱে স্মৰণ কৰোঁতাসকলক বাপদাদাই বিশেষভাৱে এতিয়াও প্ৰকট কৰি স্নেহপূৰ্ণ স্মৰণ কৰি আছে। প্ৰত্যেকৰে অন্তৰৰ উৎসাহ আৰু অন্তৰৰ বাৰ্তালাপ, অন্তৰৰ খা-খবৰ, দিলাৰাম পিতাৰ ওচৰলৈ আহি গৈছে। বাপদাদাই সকলো সন্তানক এইটোৱে স্মৃতি সোঁৱৰাই আছে যে সদায় অন্তৰৰ কাষত আছা, সেৱাত লগত আছা আৰু স্থিতিত সদায় সাক্ষী হোৱা। গতিকে সদায়েই মায়াজিতৰ পতাকা উৰুৱাই থাকিবা। সকলো সন্তানৰে একো নতুন নহয় (নাথিং নিউ) এইটো পাঠ সকলো পৰিস্থিতিতে সদায় যাতে স্মৃতিত থাকে। ব্ৰাহ্মণ জীৱন অৰ্থাৎ প্ৰশ্নবোধক (?) চিন আৰু আশ্চৰ্যৰ (!) ৰেখা থাকিব নোৱাৰে। কিমান বাৰ এইটো বাতৰিও শুনিছা চাগৈ। নতুন খবৰ কি আছে? নাই। ব্ৰাহ্মণ জীৱন অৰ্থাৎ প্ৰতিটো খবৰ শুনি কল্প পূৰ্বৰ স্মৃতিত সমৰ্থ হৈ থকা - যি হ'বলগীয়া আছে সেয়া হৈ আছে, সেইবাবে কি হ'ব এইটো প্ৰশ্ন উদয় হব নোৱাৰে। ত্ৰিকালদৰ্শী হোৱা, ড্ৰামাৰ আদি-মধ্য-অন্তক জানোঁতা হোৱা তেন্তে কি বৰ্তমানক নাজানা জানো? ভয়ভীততো নোহোৱা নহয়! ব্ৰাহ্মণ জীৱনত প্ৰতিটো খোজত কল্যাণ আছে। ভয়ভীত হ'বলগীয়া কথা নাই। তোমালোক সকলোৰে কৰ্তব্য হৈছে নিজৰ শান্তিৰ শক্তিৰে অশান্ত আত্মাসকলক শান্তিৰ কিৰণ দিয়া। নিজৰেই ভাই-ভনী হয়, গতিকে নিজৰ ঈশ্বৰীয় পৰিয়ালৰ সম্বন্ধেৰে সহযোগী হোৱা। যুদ্ধত যিমানেই তীব্ৰগতিৰে গৈ আছে, তোমালোক যোগী আত্মাসকলৰ যোগে তেওঁলোকক শান্তিৰ সহযোগ দিব, সেইবাবে বিশেষ সময় উলিয়াই শান্তিৰ সহযোগ দিয়া - এয়া হৈছে তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ কৰ্তব্য। বাৰু।

সৰ্ব স্মৃতি স্বৰূপ শ্ৰেষ্ঠ আত্মাসকলক সদায় পিতাৰ সমান হোৱাৰ লক্ষ্য আৰু লক্ষণ ধাৰণ কৰোঁতা আত্মাসকলক, সদায় নিজক পিতাৰ সান্নিধ্যত অনুভৱ কৰোঁতা সমীপৰ আত্মাসকলক, সদায় একো নতুন নহয় এইটো পাঠ সহজে স্বৰূপত আনোতা, সদায় বিশ্ব কল্যাণকাৰী হৈ বিশ্বৰ আত্মাসকলক সহযোগ দিওঁতা - এনেকুৱা সৰ্বদা বিজয়ী ৰত্নসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

দাদীসকলৰ লগত অব্যক্ত বাপদাদাৰ সাক্ষাৎকাৰ: আদি ব্ৰাহ্মণসকলৰ মালা পিতা ব্ৰহ্মাৰ লগত আদি ব্ৰাহ্মণ নিমিত্ত হৈছা নহয়। আদি ব্ৰাহ্মণসকলৰ বহুত শ্ৰেষ্ঠ মহত্ত্ব আছে। স্থাপনা, প্ৰতিপালন আৰু পৰিৱৰ্তন। বিনাশ শব্দটি অলপ কৃত্ৰিম যেন লাগে গতিকে স্থাপনা, প্ৰতিপালন, আৰু বিশ্ব পৰিৱৰ্তন কৰাত আদি ব্ৰাহ্মণসকলৰ বিশেষ ভূমিকা আছে। শক্তিসকলৰ পূজা বহুত ধুমধামেৰে হয়। নিৰাকাৰ পিতা আৰু পিতা ব্ৰহ্মাৰ পূজা ইমান ধুমধামেৰে নহয়। ব্ৰহ্মাৰ মন্দিৰো বহুত গুপ্তভাৱেহে আছে। কিন্তু শক্তিসেনা ভক্তিতো নামজ্জ্বলা, সেইবাবে অন্তলৈকে মঞ্চত বিশেষ সন্তানসকলৰ ভূমিকা আছে। পিতা ব্ৰহ্মাৰো গুপ্ত ভূমিকা আছে - অব্যক্ত ৰূপ অৰ্থাৎ গুপ্ত। ব্ৰাহ্মণসকলক তৈয়াৰ কৰিলে আৰু ব্ৰহ্মাৰ ভূমিকা গুপ্ত হৈ গ'ল। সৰস্বতীকো গুপ্তভাৱে দেখুৱায় কিয়নো তেওঁৰো ড্ৰামাত গুপ্ত ভূমিকা চলি আছে। আদি ব্ৰাহ্মণ আত্মাসকল সকলোৱে পৰস্পৰ সমীপৰ আৰু শক্তিশালী হয়। শৰীৰো দুৰ্বল নহয়, শক্তিশালী হয়। (দাদী জানকীৰ প্ৰতি) এয়াতো অলপ মাজতে জিৰণী দিয়াৰ সাধন হৈ গ'ল। বাকী একো হোৱা নাই। এনেয়েতো জিৰণি নোলোৱা। জিৰণি লোৱাৰ কিবা কাৰণ হয়। দাদীসকলৰ সকলোৰে মাজত বহুত মৰম আছে নহয়! পিতাৰ লগতে নিমিত্ত আদি ব্ৰাহ্মণসকলৰ প্ৰতিও মৰম আছে। গতিকে তোমালোক সকলোৰে মৰমৰ আশীৰ্বাদ, শুভভাৱনাই আদি ব্ৰাহ্মণ আত্মাসকলক স্বাস্থ্যৱান কৰি ৰাখে। ভাল, মৌনতাৰ সেৱাৰ ভাল ভূমিকা পাইছা। কিমান আত্মা অশান্ত হৈ আছে, কিমান প্ৰাৰ্থনা কৰি আছে! তেওঁলোকক কিবা নহয় কিবা অঞ্জলিতো দিবা নহয়? দেৱীসকলৰ ওচৰত গৈ শান্তি বিচাৰে নহয়! গতিকে শক্তি দিয়াতো তোমালোক বিশেষ আত্মাসকলৰ কৰ্তব্য নহয় জানো? দিনে-প্ৰতিদিনে এইটো অনুভৱ কৰিব যে ক'ৰ পৰা শান্তিৰ কিৰণ আহি আছে। তেতিয়া বিচাৰিব, সকলোৰে দৃষ্টি ভাৰত ভূমিত পৰিব। বাৰু।

অব্যক্ত মহাবাক্য - দলসমূহৰ লগত

1) নিশ্চয় বুদ্ধিৰ বিজয়ী আত্মা হওঁ - এনেকুৱা অনুভৱ কৰানে? নিশ্চয় সদায় অটল হৈ থাকেনে? নে কেতিয়াবা বিচলিত হয়? নিশ্চয় বুদ্ধিৰ চিন হৈছে তেওঁলোক প্ৰতিটো কাৰ্যত, ব্যৱহাৰিকেই (সাংসাৰিকেই) হওঁক বা পৰমাৰ্থই হওঁক, কিন্তু প্ৰতিটো কাৰ্যত বিজয়ৰ অনুভৱ কৰিব। যেনেকুৱাই সাধাৰণ কৰ্ম নহওঁক, কিন্তু বিজয়ৰ অধিকাৰ তেওঁলোকৰ অৱশ্যে প্ৰাপ্ত হব, কিয়নো ব্ৰাহ্মণ জীৱনৰ বিশেষ জন্ম সিদ্ধ অধিকাৰ হৈছে বিজয়। যিকোনো কাৰ্যত নিজক লৈ নিৰাশ নহ'ব, কিয়নো তেওঁলোকৰ নিশ্চয়তা আছে যে বিজয় জন্ম সিদ্ধ অধিকাৰ হয়। গতিকে ইমান অধিকাৰৰ নিচা থাকে। ভগৱান যাৰ সহায়কাৰী হয় যদি তেওঁৰ বিজয় নহয় তেন্তে কাৰ হ'ব! কল্পৰ পূৰ্বৰ স্মাৰকো দেখুৱায় যে য'ত ভগৱান আছে ত'ত বিজয় আছে। যদিও পাঁচ পাণ্ডৱ দেখুৱায়, কিন্তু বিজয় কিয় হল? ভগৱান লগত আছে, গতিকে যেতিয়া কল্প পূৰ্বৰ স্মাৰকত বিজয়ী হৈছা তেন্তে এতিয়াও বিজয়ী নহ'বা জানো? কেতিয়াও কোনো কাৰ্যত সংকল্প কৰিব নালাগে যে এইটো হ'ব নে নহ'ব, বিজয় হ'ব নে নহব এনেকুৱা প্ৰশ্ন উদয় হব নোৱাৰে। কেতিয়াও পিতাৰ লগত থকাসকলৰ পৰাজয় হ'ব নোৱাৰে। এইটো কল্প কল্পৰ বিধান নিশ্চিত হৈ আছে। এই নিয়তিক কোনেও সলনি কৰিব নোৱাৰে। ইমান দৃঢ় নিশ্চয়ে সদায় আগলৈ উৰুৱাই লৈ গৈ থাকিব। গতিকে সদায় বিজয়ৰ আনন্দত নাচি গাই থাকা।

2) সদায় নিজক ভাগ্যবিধাতাৰ ভাগ্যৱান সন্তান হওঁ, এনেকৈ অনুভৱ কৰানে? পদমাপদম ভাগ্যৱান হোৱা নে সৌভাগ্যৱান হোৱা? যাৰ ইমান শ্ৰেষ্ঠ ভাগ্য আছে তেওঁ সদায় হৰ্ষিত হৈ থাকিব কিয়নো ভাগ্যৱান আত্মাৰ কোনো অপ্ৰাপ্তি নায়েই। গতিকে য'ত সৰ্ব প্ৰাপ্তি হব, ত'ত সদায় হৰ্ষিত হৈ থাকিব। কোনোবাই অল্পকালৰ লটাৰিও যদি পায় তেতিয়াও তেওঁৰ চেহেৰায়ো দেখুৱায় যে তেওঁ কিবা পাইছে। গতিকে যাৰ পদমাপদম ভাগ্য প্ৰাপ্ত হৈ যায় তেওঁ কেনেকৈ থাকিব? সদায় হৰ্ষিত। এনেকৈ হৰ্ষিত হৈ থাকা যাতে যিকোনো লোকে দেখি সোধে যে কি পাইছা।? যিমানে পুৰুষাৰ্থত আগবাঢ়ি গৈ থাকিবা সিমানে তোমালোকে কোৱাৰো আৱশ্যকতা নাথাকিব। তোমালোকৰ চেহেৰাই ক'ব যে এওঁ কিবা পাইছে, কিয়নো চেহেৰা দৰ্পণ হয়। যেনেকৈ দৰ্পণত যিটো বস্তু যেনেকুৱা তেনেকুৱাই দেখা পোৱা যায়। গতিকে তোমালোকৰ চেহেৰাই দৰ্পণৰ কাম কৰক। ইমানসংখ্যক আত্মাই যি বাৰ্তা পাইছে, ইমান সময় ক'ত পাবা যে তোমালোকে বহি শুনাবা। সময়ো স্পৰ্শকাতৰ হৈ গৈ থাকিব, তেতিয়া শুনাবলৈও সময় নাপাবা। তেন্তে আকৌ সেৱা কেনকৈ কৰিবা? নিজৰ চেহেৰাৰে। যিদৰে যাদুঘৰৰ চিত্ৰৰে সেৱা কৰা। চিত্ৰ দেখি প্ৰভাৱিত হয় নহয়। গতিকে তোমালোকৰ চৈতন্য চিত্ৰ সেৱাৰ নিমিত্ত হৈ যাওঁক, এনেকুৱা তৈয়াৰী চিত্ৰ হোৱানে? ইমান চৈতন্য চিত্ৰ তৈয়াৰ হৈ গ'লেতো আৱাজ শক্তিশালী কৰি দিব। সদায় চলোঁতে-ফুৰোঁতে, উঠোঁতে-বহোঁতে এইটো স্মৃতিত ৰাখা যে আমি চৈতন্য চিত্ৰ। গোটেই বিশ্বৰ আত্মাসকলৰ দৃষ্টি আমাৰ ওপৰত। চৈতন্য চিত্ৰত সকলোৰে আকৰ্ষণৰ কথা কোনটো হয় বাৰু? সদায় আনন্দিত হ'ব। তেন্তে সদায় আনন্দিত হৈ থাকা নে কেতিয়াবা দোধোৰ-মোধোৰ অৱস্থাত পৰা? নে তালৈ গৈ ক'বা - এইটো হৈ গ'ল সেইবাবে আনন্দ কম হৈ গ'ল। যিয়েই নহওঁক, আনন্দ নাইকিয়া হৈ যাব নালাগে। এনেকুৱা দৃঢ় হোৱানে? যদি ডাঙৰ কাকত (পৰিস্থিতি) আহে তেতিয়াও উত্তীৰ্ণ হৈ যাবানে? বাপদাদাই সকলোৰে ফটো উলিয়াই আছে যে কোনে কোনে হয় বুলি কৈ আছে। এনেকৈ নক'বা যে সেই সময়ত কৈ দিলোঁ। মাষ্টৰ সৰ্বশক্তিমানৰ আগত এনেকুৱা কোনো ডাঙৰ কথা নহয়। দ্বিতীয় কথা তোমালোকৰ নিশ্চয়তা আছে যে আমাৰ বিজয় হৈয়েই আছে, সেইবাবে কোনো ডাঙৰ কথা নহয়। যাৰ ওচৰত সৰ্বশক্তিৰ সম্পদ আছে গতিকে যিটো শক্তিকেই আদেশ কৰিবা সেইটো শক্তিয়ে সহায়কাৰী হ'ব। কেৱল আদেশ কৰোঁতাজন সাহসী হ'ব লাগে। গতিকে আদেশ কৰিব জানানে নে আদেশত চলিব জানা? কেতিয়াবা মায়াৰ আদেশততো নচলা? এনেকুৱাতো নহয় যে কিবা কথা আহিল আৰু সমাপ্ত হৈ গল, পাছত ভাবা - এনেকুৱা কৰাহেঁতেন বহুত ভাল হ'লহেঁতেন। এনেকুৱাতো নহয়? সময়ত সৰ্বশক্তি কামত আহে নে অলপ পাচত আহে? যদি মাষ্টৰ সৰ্বশক্তিমানৰ আসনত স্থিত হোৱা তেন্তে কোনোবাতো শক্তিয়ে আদেশ নামানিব এয়া হ'ব নোৱাৰে। যদি আসনৰ পৰা তললৈ নামি আহা আৰু তাৰপাছত আদেশ কৰা তেন্তে আদেশ নামানিব। লৌকিক ৰীতিৰেও যদি কোনোবাই চকীৰ পৰা নামি যায় তেন্তে তেওঁৰ আদেশ কোনেও নামানে। যদি কোনোবাতো শক্তিয়ে আদেশ নামানে তেতিয়াহ'লে নিশ্চয় পদমৰ্যাদাৰ আসনৰ পৰা তললৈ নামি আহা। গতিকে সদায় মাষ্টৰ সৰ্বশক্তিমানৰ আসনত স্থিত হৈ থাকা, সদায় অচল-অটল হৈ থাকা, অস্থিৰতাত আহোঁতা নহয়। বাপদাদাই কয় লাগিলে শৰীৰো ত্যাগ কৰা কিন্তু আনন্দ যাতে নাইকিয়া হৈ নাযায়। পইচাতো তাৰ আগত একোৱেই নহয়। যাৰ আনন্দ ৰূপী সম্পদ আছে তেওঁৰ আগত কোনো ডাঙৰ কথা নহয় আৰু বাপদাদা সদায় সহযোগী সেৱাধাৰী সন্তানসকলৰ লগত আছে। সন্তানসকল পিতাৰ লগত আছে তেন্তে কি ডাঙৰ কথা? সেইবাবে ভয়ভীত হোৱাৰ কোনো কথা নাই। পিতা বহি আছে, সন্তানসকলৰ কি চিন্তা। পিতাতো হয়েই মালামাল। যিকোনো যুক্তিৰে সন্তানসকলৰ প্ৰতিপালন কৰিবই, সেইবাবে নিচিন্ত। দুখধামত সুখধাম স্থাপন কৰি আছা তেন্তে দুখধামত অস্থিৰতাতো থাকিবই। গৰমৰ দিনত গৰম হ'বই নহয়! কিন্তু পিতাৰ সন্তানসকল সদায় সুৰক্ষিত, কিয়নো পিতাৰ সান্নিধ্য আছে।

সকলো সন্তানৰ প্ৰতি বাপদাদাৰ বাৰ্তা:- সকলো তপস্বী সন্তানৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ। সন্তানসকল চোৱা, সময়ৰ বাতৰি শুনি উচ্চতকৈও উচ্চ সাক্ষীবোধৰ আসন আৰু নিচিন্ত বাদশ্বাহৰ সিংহাসনত বহি সকলো খেল চাই আছা নহয়? এই ব্ৰাহ্মণ জীৱনত সপোনতো ভয়ভীত হোৱাৰ সংকল্প উদয় হব নোৱাৰে। এয়াতো তপস্যা বৰ্ষৰ নিৰন্তৰ লগনৰ (নিষ্ঠাৰ) অগ্নিত বেহদৰ বৈৰাগ্য বৃত্তি প্ৰজ্জ্বলিত কৰাৰ ডেউকা লাগি আছে। তোমালোকে পিতাৰ সমান সম্পন্ন হোৱাৰ সংকল্প কৰিলা অৰ্থাৎ বিজয়ৰ পতাকা উৰুৱাৰ পৰিকল্পনা কৰিলা, গতিকে আনফালে সমাপ্তিৰ অস্থিৰতাওতো লগতে নিৰ্ধাৰিত হৈ আছে নহয় জানো? আখৰাই ড্ৰামাৰ ৰীল সমাপ্ত কৰাৰ সাধন, সেইবাবে একো নতুন নহয়।

সময়ৰ পৰিস্থিতি অনুসৰি অহা-যোৱা কৰাত বা কোনো বস্তু পোৱাত কিবা টনা-আঁজোৰা হলেও, মনৰ সংকল্পৰ টনা-আঁজোৰাত নাহিবা। য'ত যি পৰিস্থিতিতেই থাকা, দিলখুচ মিঠাই খাই থাকা। আনন্দ মনে থাকা, ফৰিস্তাৰ চলনেৰে উৰা। লগতে এই সময়ত প্ৰত্যেক সেৱাকেন্দ্ৰত বিশেষ তপস্যাৰ কাৰ্যসূচী চলি থাকক। যিয়ে যিমান বেছি সময় উলিয়াব পাৰে, সিমান শান্তিৰ (মৌনতাৰ) সহযোগ দিয়া। ভাল বাৰু। ওঁম্‌ শান্তি।

বৰদান:
সৰ্ব সম্পদেৰে সম্পন্ন হৈ সকলো সময়ত সেৱাত ব্যস্ত হৈ থাকোঁতা বিশ্ব কল্যাণকাৰী হোৱা

বিশ্ব কল্যাণৰ নিমিত্ত হোৱা আত্মাই প্ৰথমে নিজে সৰ্ব সম্পদেৰে সম্পন্ন হ'ব। যদি জ্ঞান ৰূপী সম্পদ আছে তেন্তে সম্পূৰ্ণ জ্ঞান থাকক, একোৰে যদি অভাৱ নাথাকে তেতিয়া ভৰপূৰ বুলি কোৱা হব। কিছুমানৰ সম্পদ ভৰপূৰ হোৱা সত্ত্বেও সময়ত কাৰ্যত প্ৰয়োগ কৰিব নোৱাৰে, সময় পাৰ হৈ যোৱাৰ পাছত ভাবে, তেন্তে তেওঁলোককো সম্পূৰ্ণ বুলি কোৱা নহব। বিশ্ব কল্যাণকাৰী আত্মাসকলে মন, বাণী, কৰ্ম, সম্বন্ধ-সম্পৰ্কত সকলো সময়ত সেৱাত ব্যস্ত হৈ থাকে।

স্লোগান:
জ্ঞান আৰু যোগক স্বভাৱ কৰি লোৱা তেতিয়া প্ৰতিটো কৰ্ম স্বাভাৱিকতে শ্ৰেষ্ঠ আৰু যুক্তিযুক্ত হ'ব।

সূচনা: আজি মাহৰ তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাই-ভনীয়ে সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈ, বিশেষ যোগ অভ্যাসৰ সময়ত নিজৰ পূৰ্বজ বোধৰ স্বমানত স্থিত হৈ, কল্পবৃক্ষৰ মূলত বহি গোটেই বিশ্বক শক্তিশালী যোগ দান দি, নিজৰ বংশাৱলীৰ দিব্য প্ৰতিপালন কৰে যেন।