15.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এয়া তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা, ঘৰলৈ উভতি যাব লাগে সেইকাৰণে পিতা আৰু ঘৰক স্মৰণ কৰা, পৱিত্ৰ হোৱা, সকলো হিচাপ সমাপ্ত কৰা

প্ৰশ্ন:
পিতাইহে সন্তানসকলক কোনটো ধৈৰ্য ধৰিবলৈ কয়?

উত্তৰ:
সন্তানসকল, এতিয়া এই ৰুদ্ৰ জ্ঞান যজ্ঞত অনেক প্ৰকাৰৰ বিঘিনি আহে, কিন্তু ধৈৰ্য ধৰা, যেতিয়া তোমালোকৰ প্ৰভাৱ বিস্তাৰ হব, অনেক আহিবলৈ ধৰিব তেতিয়া সকলোৱে আহি তোমালোকৰ আগত মূৰ দোৱাব। বান্ধোনত থকাসকলৰ বন্ধন সমাপ্ত হৈ যাব। যিমানে তোমালোকে পিতাক স্মৰণ কৰিবা, বন্ধন ছিঙি গৈ থাকিব। তোমালোক বিকৰ্মাজিৎ হৈ যাবা।

গীত:-
ভোলেনাথ চে নিৰালা (ভোলানাথতকৈ অনন্য)

ওঁম্শান্তি।
ভোলানাথ বুলি সদায় শিৱকে কোৱা হয়, শিৱ-শংকৰৰ পাৰ্থক্যতো ভালদৰে বুজিছাই। শিৱতো উচ্চতকৈও উচ্চ মূলবতনত থাকে। শংকৰতো হৈছে সূক্ষ্মবতনবাসী, তেওঁক ভগৱান বুলি কেনেকৈ কব পাৰি। উচ্চতকৈও উচ্চত নিবাস কৰোঁতা হৈছে একমাত্ৰ পিতা। আকৌ দ্বিতীয় স্তৰত আছে 3 গৰাকী দেৱতা। তেওঁ হৈছে পিতা, উচ্চতকৈও উচ্চ নিৰাকাৰ। শংকৰতো আকাৰী হয়। শিৱ হৈছে ভোলানাথ, জ্ঞানৰ সাগৰ। শংকৰক জ্ঞানৰ সাগৰ বুলি কব নোৱাৰি। তোমালোক সন্তানসকলে জানা শিৱবাবা ভোলানাথ আহি আমাৰ বুদ্ধিৰূপী জোলোঙা ভৰপূৰ কৰে। আদি, মধ্য, অন্তৰ ৰহস্য শুনাই আছে। ৰচয়িতা আৰু ৰচনাৰ ৰহস্য বহুত সৰল। ডাঙৰ ডাঙৰ ঋষি-মুনি আদিয়েও এই সহজ কথাটি জানিব নোৱাৰে। যেতিয়া সেই ৰজোগুণীসকলেই জনা নাছিল তেন্তে আকৌ তমোগুণীসকলে কেনেকৈ জানিব। গতিকে এতিয়া তোমালোক সন্তানসকল পিতাৰ সন্মুখত বহি আছা। পিতাই অমৰকথা শুনাই আছে। এইটোতো সন্তানসকলৰ নিশ্চয় জন্মিছে যথাযথ আমাৰ বাবাই (শিৱবাবাই) সঁচা অমৰকথা শুনাই আছে, ইয়াত কোনো সংশয় জন্মা উচিত নহয়। কোনো মনুষ্যই আমাক এয়া শুনাই থকা নাই। ভোলানাথ হৈছে শিৱবাবা, তেওঁ কয় - মোৰ নিজৰ শৰীৰ নাই। মই হৈছোঁ নিৰাকাৰ, পূজাও মোক নিৰাকাৰকেই কৰে। শিৱ জয়ন্তীও পালন কৰে, এতিয়া পিতাতো হৈছে জন্ম-মৃত্যু ৰহিত। তেওঁ হৈছে ভোলানাথ। নিশ্চয় আহি সকলোৰে জোলোঙা ভৰপূৰ কৰিব। কেনেকৈ ভৰপূৰ কৰিব, এয়া তোমালোক সন্তানসকলেহে বুজি পোৱা। অবিনাশী জ্ঞান ৰত্নৰে জোলোঙা ভৰপূৰ কৰে। এয়াই জ্ঞান, জ্ঞান সাগৰ আহি জ্ঞান দিয়ে। গীতাতো সেই এখনেই কিন্তু সংস্কৃত শ্লোকতো নাই। হোজা মাতাসকলে সংস্কৃত আদি কি জানে! তেওঁলোকৰ কাৰণেই ভোলানাথ বাবা আহে। এই বেচেৰী মাতাসকলতো ঘৰৰ কামতেই লাগি থাকে। এয়াতো এতিয়া ফেশ্বন হৈ গৈছে যে চাকৰি কৰে। গতিকে বাবাই এতিয়া সন্তানসকলক উচ্চতকৈও উচ্চ পাঠ পঢ়াই আছে, যিসকলে মুঠেই একোৱেই পঢ়া নাছিল তেওঁলোকৰ ওপৰত পোন প্ৰথমে পঢ়াৰ (জ্ঞানৰ) কলহ ৰাখে। এনেয়েতো ভক্ত, সীতা সকলো হয়। ৰাম আহিছে ৰাৱণৰ লংকাৰ পৰা মুক্ত কৰিবলৈ অৰ্থাৎ দুখৰ পৰা মুক্ত কৰিবলৈ। তাৰপাছততো পিতাৰ সৈতে ঘৰলৈকে যাব আৰু কলৈ যাব। স্মৰণো ঘৰকেই কৰে, আমি যাতে দুখৰ পৰা মুক্তি পাওঁ। সন্তানসকলে জানে মাজতে কোনেও মুক্তি পাব নোৱাৰে। সকলো তমোপ্ৰধান হবই লাগে। মুখ্য যি আধাৰ সেয়া জ্বলি যায়, সেই ধৰ্মটিয়েই প্ৰায় লোপ হৈ যায়। বাকী মাথো কিছু চিত্ৰ আদি থাকেগৈ। লক্ষ্মী-নাৰায়ণৰ চিত্ৰও যদি নাইকিয়া হৈ যায় তেন্তে স্মাৰক কেনেকৈ পাব? যথাযথ জানে দেৱী-দেৱতাসকলে ৰাজত্ব কৰিছিল। তেওঁলোকৰ চিত্ৰও এতিয়ালৈকে আছে। সন্তানসকলে ইয়াৰ ওপৰত বুজাব লাগে। তোমালোকে জানা লক্ষ্মী-নাৰায়ণ শৈশৱত ৰাজকুমাৰ-ৰাজকুমাৰী, ৰাধা-কৃষ্ণ আছিল। আকৌ মহাৰজা মহাৰাণী হল। তেওঁলোক হয়েই সত্যযুগৰ মালিক। দেৱতাসকলে কেতিয়াও পতিত সৃষ্টিত পদাপৰ্ণ কৰিব নোৱাৰে। শ্ৰীকৃষ্ণতো হয়েই বৈকুণ্ঠৰ ৰাজকুমাৰ। তেওঁতো গীতা শুনাব নোৱাৰে। ভুলো কিমান ভীষণ কৰি দিলে। কৃষ্ণক ভগৱান বুলি কব নোৱাৰি। তেওঁতো মনুষ্য হয়, দেৱী-দেৱতা ধৰ্মৰ হয়। বাস্তৱত দেৱতাসকল ব্ৰহ্মা, বিষ্ণু, শংকৰতো সূক্ষ্মবতনতহে থাকে, ইয়াত মনুষ্য থাকে। মনুষ্যক সূক্ষ্মবতনবাসী বুলি কব নোৱাৰে, ব্ৰহ্মা দেৱতায়ে নমঃ, বিষ্ণু দেৱতায়ে নমঃ বুলি কৈ দিয়ে নহয় জানো। সেয়া হৈছে দেৱী-দেৱতা ধৰ্ম। শ্ৰী লক্ষ্মী দেৱী, শ্ৰী নাৰায়ণ দেৱতা। মনুষ্যইহে 84 জন্ম লবলগীয়া হয়। এতিয়া তোমালোক সন্তানসকলে জানা আচলতে আমি দেৱতা ধৰ্মৰ আছিলোঁ, সেই ধৰ্মটি বহুত সুখ দিওঁতা হয়। এনেকৈ কোনেও কব নোৱাৰে যে তাত আমি কিয় নাই! এয়াতো জানা নহয় যে তাত এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল বাকী অন্য ধৰ্মবোৰ ক্ৰমানুসৰি আহে। এয়া তোমালোক সন্তানসকলে বুজাব পাৰা। এইখন অনাদি পূৰ্ব ৰচিত খেল। তাত আকৌ সত্যযুগ হব। ভাৰততেই হব কিয়নো ভাৰতেই অবিনাশী খণ্ড। ইয়াৰ বিনাশ নহয়।

এয়াও বুজাবলগীয়া হয়। পিতাৰ জন্মও ইয়াতেই হয়, তেওঁৰ হৈছে দিব্য জন্ম যিটো মনুষ্য সদৃশ নহয়। পিতা আহিছে উদ্ধাৰ কৰিবলৈ। এতিয়া তোমালোকে কেৱল পিতা আৰু ঘৰক (পৰমধামক) স্মৰণ কৰা। তেতিয়া তোমালোক ৰাজধানীত আহি যাবা। এয়াতো হৈছে আসুৰি ৰাজস্থান, পিতাই দৈৱী ৰাজস্থানলৈ লৈ যায়। অন্য কোনো কষ্ট নিদিয়ে কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। এয়া হৈছে অজপাজপ মুখেৰে একো উচ্চাৰণ কৰিব নালাগে। সূক্ষ্ম ৰূপতো একো কব নালাগে। ঘৰত বহি মৌনতাত থাকি পিতাক স্মৰণ কৰিব লাগে। বান্ধোনত থকাসকলেও ঘৰত বহি শুনে। ছুটী নাপায়। কোনো কথা নাই ঘৰত বহি কেৱল পৱিত্ৰ হৈ থকাৰ চেষ্টা কৰা। কোৱা, মই সপোনত নিৰ্দেশনা পাইছোঁ যে পৱিত্ৰ হৈ থাকিব লাগে। এতিয়া মৃত্যু সন্মুখত থিয় হৈ আছে। তোমালোক এতিয়া বানপ্ৰস্থ অৱস্থাত আছা। বানপ্ৰস্থ অৱস্থাত জানো কেতিয়াবা বিকাৰৰ খেয়াল আহে। এতিয়া পিতাই গোটেই জগতৰ কাৰণে কয়, সকলোৰে বানপ্ৰস্থ অৱস্থা। সকলোৱে উভতি যাব লাগে গতিকে ঘৰক স্মৰণ কৰিব লাগে। আকৌ আহিবও ভাৰততেই লাগে। মুখতো ঘৰৰ ফালেই হব নহয় জানো। সন্তানসকলক অন্য কোনো কষ্ট দিয়া নহয়, বহুত সহজ। ঘৰত বহি লাগিলে শিৱবাবাৰ স্মৃতিত ভোজন ৰান্ধা। ঘৰত ভোজন ৰান্ধিলে তেতিয়া পতি স্মৃতিত থাকে নহয়। পিতাই কয় - এওঁতো পতিসকলৰো পতি। তেওঁক স্মৰণ কৰা যাৰ পৰা 21 জন্মৰ বাবে উত্তৰাধিকাৰ পোৱা যায়। বাৰু, কোনো ছুটী নোপোৱা নহয়। তাত থাকিও পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। নিজক মুক্ত কৰাৰ উপায় উলিয়াই লোৱা। পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ লব পাৰা। লাহে লাহেতো মুক্তি পাবাই। অৱশ্যে হয় ৰুদ্ৰ জ্ঞান যজ্ঞত বিঘিনিও নিশ্চয় আহে। অৱশেষত যেতিয়া তোমালোকৰ প্ৰভাৱ বিস্তাৰ হব তেতিয়া তোমালোকৰ চৰণত মূৰ দোৱাই থাকিব। বিঘিনিতো আহিয়েই থাকিব। এই ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগে, উত্ৰাৱল হব নালাগে। ঘৰত বহি পতি, মিত্ৰ-সম্বন্ধীয় আদিক এটাই কথা বুজোৱা যে পিতাৰ আদেশ হৈছে মোক স্মৰণ কৰা, উত্তৰাধিকাৰ লোৱা। কৃষ্ণতো হব নোৱাৰে যিয়ে এনেকৈ কব। পিতাকেই স্মৰণ কৰিব লাগে। পিতাৰেই পৰিচয় দিব লাগে, যাতে সকলোৱে জানি যায় যে আমাৰ বাবা হৈছে শিৱবাবা। তেওঁলোকো (বান্ধোনত থকাসকল) এতিয়া ভালকৈ স্মৃতিত থাকিব পাৰে। অলপ সময়ৰ বাবে এই বন্ধন মাৰ-পিট আদি আছে। আগলৈ গৈ এই সকলোবোৰ বন্ধ হৈ যাব। কিছুমান বেমাৰ আছে যিবোৰ সোনকালে আৰোগ্য হৈ যায়। কিছুমান এক-দুই বছৰলৈকেও চলে। ইয়াতো উপায় এইটোৱেই, বাবাক স্মৰণ কৰোঁতে কৰোঁতে বন্ধন ছিঙি যাব সেইকাৰণে প্ৰতিটো কথাত ধৈৰ্য ধৰিব লাগে। পিতাই কয় - যিমান তোমালোকে স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হব। (বন্ধনৰ পৰা) বুদ্ধি ছিগি গৈ থাকিব। এয়া বিকৰ্মৰো বন্ধন আছে। বিকাৰকে এক নম্বৰ বিকৰ্ম বুলি কোৱা হয়।

এতিয়া তোমালোক বিকৰ্মাজিৎ হবা। বিকৰ্মাজিৎ স্মৃতিৰেহে হোৱা যায়। সকলো হিচাপ সমাপ্ত হৈ যাব, আকৌ সুখৰ হিচাপ আৰম্ভ হব। বেপাৰীসকলৰ বাবেতো অতি সহজ। ভাবে যে পুৰণা হিচাপ সমাপ্ত কৰি পুনৰ নতুনকৈ আৰম্ভ কৰিব লাগে। স্মৰণ কৰি থাকিলে জমা হৈ গৈ থাকিব। স্মৰণ নকৰিলে জমা কেনেকৈ হব? এয়াও বেপাৰ নহয় জানো। পিতাইতো কোনো কষ্ট নিদিয়ে। ঠেলা-গঁতা আদি একোৱেই খাব নালাগে। সেয়াতো জন্ম-জন্মান্তৰ খায়েই আহিছা। এতিয়া সত্য পিতাই কিমান ভালদৰে বুজায়। ঈশ্বৰেহে সত্য শুনায়। বাকীতো সকলো হৈছে মিছা। পাৰ্থক্য চোৱা বাবাই কি বুজায় আৰু মনুষ্যই কি বুজায়। এয়া হৈছে ড্ৰামা। পুনৰ এনেকুৱাই হব। এতিয়া তোমালোকে জানা আমি শ্ৰীমতত চলিলে সৎগতি পাওঁ। নহলেতো ইমান উচ্চ পদ নাপাওঁ। তোমালোক স্বৰ্গলৈ যোৱাৰ বাবে নিমিত্ত হৈছা, তাত কোনো বিকৰ্ম নহয়। ইয়াত বিকৰ্ম হয় গতিকে শাস্তিও ভুগিবলগীয়া হয়। যিসকল শ্ৰীমতত নচলে তেওঁলোকক কি বুলি কোৱা হব? নাস্তিক। যদিওবা জানে যে বাবাই আস্তিক কৰি তোলে। কিন্তু তথাপিও যদি তেওঁৰ মতত নচলে তেন্তে নাস্তিক নহল জানো। জানেও যে শিৱবাবাৰ শ্ৰীমতত চলিব লাগে, কিন্তু জানিও যদি নচলে তেন্তে তেওঁক কি বুলি কোৱা হব! শ্ৰীমত হৈছে শ্ৰেষ্ঠ হবৰ বাবে। সকলোতকৈ উচ্চতকৈও উচ্চ হৈছে সেই সৎগুৰু। পিতাই বহি সন্তানসকলক সন্মুখত বুজায়। কল্পই কল্পই বুজাইছিল। বাকী শাস্ত্ৰতো সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ। অনেক শাস্ত্ৰ আছে। শাস্ত্ৰবোৰকো বহুত মান দিয়ে। যেনেদৰে শাস্ত্ৰ পৰিক্ৰমা লগায়, তেনেদৰে চিত্ৰৰো পৰিক্ৰমা লগায়। এতিয়া বাবাই কয় - এই সকলোবোৰ পাহৰি যোৱা। একদম বিন্দু (জিৰ) হৈ যোৱা। বিন্দু লগাই দিয়া, অন্য কোনো কথা নুশুনিবা। বেয়া নুশুনিবা, বেয়া নাচাবা, বেয়া নকবা। একমাত্ৰ পিতাৰ বাহিৰে অন্য কাৰো কথা নুশুনিবা। অশৰীৰী হৈ যোৱা, বাকী সকলোবোৰ পাহৰি যোৱা। তোমালোক আত্মাসকলে শৰীৰত থাকি শুনা। পিতা আহি ব্ৰহ্মাৰ দ্বাৰা বুজায়। সন্তানসকলক সৎগতিৰ মাৰ্গ দেখুৱায়। যদিওবা আগতেও বহুত প্ৰযত্ন কৰিলে, কিন্তু মুক্তি জীৱনমুক্তি কোনেও পাব নোৱাৰিলে। কল্পৰ আয়ুসেই দীঘলীয়া কৰি দিলে। যাৰ ভাগ্যত আছে তেন্তে শুনিব। যদি ভাগ্যত নাই তেন্তে আহিব নোৱাৰে। এয়াও ভাগ্যৰ কথা। পিতাই বুজায় কিমান সহজ, কোনোবাই কয় মোৰ মুখ নোখোলে। হেৰৌ ইমান সহজ কথা পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তাকেই সংস্কৃতত কয় মনমনাভৱ। শিৱবাবা হৈছে সকলো আত্মাৰ পিতা। কৃষ্ণক পিতা বুলি কব নোৱাৰে। ব্ৰহ্মাও পিতা হয় গোটেই প্ৰজাৰ। আত্মাৰ পিতা জ্যেষ্ঠ নে প্ৰজাৰ পিতা জ্যেষ্ঠ? জ্যেষ্ঠ বাবাক স্মৰণ কৰিলে প্ৰালব্ধ; স্বৰ্গৰ উত্তৰাধিকাৰ পাবা। আগলৈ তোমালোকৰ ওচৰলৈ বহুত আহিব। যাব কলৈ? আহি থাকিব। যত বহুত লোক যায় তেতিয়া ইজনে সিজনক দেখি বহুত আহি যায়। তোমালোকৰো বৃদ্ধি পাই থাকিব। বিঘিনি যিমানেই নাহক, সেই ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি নিজৰ ৰাজধানীতো স্থাপনা কৰিবই লাগিব। ৰামৰাজ্য স্থাপনা কৰি আছে। ৰামৰাজ্য হৈছে নতুন সৃষ্টি।

তোমালোকে জানা আমি শ্ৰীমতত নিজৰেই তন-মন-ধনেৰে ভাৰতক স্বৰ্গ কৰি গঢ়ি আছোঁ। কাৰোবাক তোমালোকে প্ৰথমে এইটো সোধা যে পৰমপিতা পৰমাত্মাৰ সৈতে আপোনাৰ সম্বন্ধ কি? প্ৰজাপিতা ব্ৰহ্মাৰ সৈতে আপোনাৰ সম্বন্ধ কি? এয়া হৈছে বেহদৰ পিতা। তাৰপাছত হৈছে বংশাৱলী। এজনৰ পৰাই ওলাইছে নহয় জানো। পৰমপিতা পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি ৰচনা কৰিছে অৰ্থাৎ পতিতৰ পৰা পাৱন কৰি তুলিছে। জগতে একোৱেই নাজানে আমিয়েই পূজ্য, আমিয়েই পূজাৰী গায়ন কৰে কিন্তু তেওঁলোকে আকৌ ভগৱানৰ কাৰণে কৈ দিয়ে। যদি ভগৱানেই পূজাৰী হয় তেন্তে আকৌ কোনে পূজ্য কৰি তুলিব এয়া সুধিব লাগে। সন্তানসকলক আমিয়েই সেয়াৰ অৰ্থ বুজাইছে। আমিয়েই শূদ্ৰ আছিলোঁ, এতিয়া আমিয়েই দেৱতা হৈ আছোঁ। চক্ৰকতো স্মৰণ কৰিব পাৰা নহয়! গায়নো কৰা হয় - পিতাই পুত্ৰক প্ৰত্যক্ষ কৰায়, আকৌ পুত্ৰই পিতাক প্ৰত্যক্ষ কৰায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিমান বেপাৰী হৈ পুৰণা সকলো হিচাপ সমাপ্ত কৰি সুখৰ হিচাপ আৰম্ভ কৰিব লাগে। স্মৃতিত থাকি বিকৰ্মৰ বন্ধন ছিঙিব লাগে। ধৈৰ্য ধৰিব লাগে, উত্ৰাৱল হব নালাগে।

(2) ঘৰত বহি ভোজন ৰান্ধোতে, প্ৰতিটো কৰ্ম কৰোতে পিতাৰ স্মৃতিত থাকিব লাগে। পিতাই যি অবিনাশী জ্ঞান ৰত্ন দিয়ে তাৰে নিজৰ বুদ্ধিৰূপী জোলোঙা ভৰপূৰ কৰি আনক দান দিব লাগে।

বৰদান:
সাক্ষী হৈ মায়াৰ খেলক মনোৰঞ্জন বুলি বুজি প্ৰত্যক্ষ কৰোঁতা মাষ্টৰ ৰচয়িতা হোৱা

মায়াই যিমানেই ৰং নেদেখুওৱাক, মই মায়াপতি হওঁ, মায়া ৰচনা হয়, মই মাষ্টৰ ৰচয়িতা হওঁ - এইটো স্মৃতিৰে মায়াৰ খেল চোৱা, খেলত পৰাজিত নহবা। সাক্ষী হৈ মনোৰঞ্জন বুজি বুজি প্ৰত্যক্ষ কৰি থাকা তেতিয়া প্ৰথম নম্বৰত আহি যাবা। তেওঁলোকৰ বাবে মায়াৰ কোনো সমস্যা, সমস্যা যেন নালাগিব। কোনো প্ৰশ্ন উদয় নহব। সদায় সাক্ষী আৰু সদায় পিতাৰ সংগৰ স্মৃতিৰে বিজয়ী হৈ যাব।

স্লোগান:
মনক শীতল, বুদ্ধিক দয়াশীল আৰু মুখক (বাণী) মৃদু (মধুৰ) কৰি তোলা।