15.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক সঁচা বৈষ্ণৱ হ'ব লাগে, সঁচা বৈষ্ণৱ ভোজনৰ ক্ষেত্ৰত সংযমী হোৱাৰ লগতে পবিত্র হৈও থাকে

প্ৰশ্ন:
কোনটো অৱগুণ গুণলৈ পৰিৱৰ্তন হৈ গলে নাও পাৰ হ'ব পাৰে?

উত্তৰ:
সকলোতকৈ বেয়া অৱগুণ হৈছে মোহ। মোহৰ কাৰণে সম্বন্ধীয়সকলৰ স্মৃতিয়ে আমনি কৰি থাকে। (বান্দৰীৰ দৃষ্টান্ত) কাৰোবাৰ কোনো সম্বন্ধীয়ৰ মৃত্যু হলে তেতিয়া 12 মাহলৈকে তেওঁক স্মৰণ কৰি থাকে। মুখ ঢাকি কান্দি থাকিব, স্মৃতি আহি থাকিব। এনেকৈয়ে যদি পিতাৰ স্মৃতিয়ে আমনি কৰে, দিন-ৰাতিয়ে তোমালোকে পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ নাও পাৰ হৈ যাব। যেনেকৈ লৌকিক সম্বন্ধীয়ক স্মৰণ কৰা তেনেকৈ পিতাক স্মৰণ কৰিলেতো অতি সৌভাগ্যৰ কথা।

ওঁম্শান্তি।
পিতাই নিতৌ সন্তানসকলক বুজায় যে নিজকে আত্মা বুলি বুজি পিতাৰ স্মৃতিত বহা। আজি তাত এড্‌ (সংযোজন) কৰিছোঁ - কেৱল পিতা নহয় অন্য বুলিও বুজিব লাগে। মুখ্য কথাই হৈছে এইটো - পৰমপিতা পৰমাত্মা শিৱ, তেওঁক গড ফাদাৰ বুলিও কয়, জ্ঞান সাগৰো হয়। জ্ঞান সাগৰ হোৱাৰ কাৰণে শিক্ষকো হয়, ৰাজযোগ শিকায়। এইটো বুজালে বুজিব যে সত্য পিতাই এওঁলোকক পঢ়াই আছে। প্ৰেক্টিকেল (ব্যৱহাৰিক) কথা এইটো শুনায়। তেওঁ সকলোৰে পিতাও হয়, শিক্ষকো হয়, সৎগতি দাতাও হয় আকৌ তেওঁক নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) বুলি কোৱা হয়। পিতা, শিক্ষক, পতিত-পাৱন, জ্ঞান সাগৰ হয়। পোন-প্ৰথমেতো পিতাৰ মহিমা শুনাব লাগে। তেওঁ আমাক পঢ়াই আছে। আমি হৈছোঁ ব্ৰহ্মাকুমাৰ-কুমাৰী। ব্ৰহ্মাও হৈছে শিৱবাবাৰ ৰচনা আৰু এতিয়া হয়ো সংগমযুগ। এইম অবজেক্টো (লক্ষ্য-উদ্দেশ্যও) হৈছে ৰাজযোগৰ, আমাক ৰাজযোগ শিকায়। গতিকে শিক্ষক হিচাপেও সিদ্ধ হল। আৰু এই পঢ়া হৈছেই নতুন সৃষ্টিৰ কাৰণে। ইয়াত বহি এইটো দৃঢ় কৰা - আমি কি কি বুজাব লাগে। এইটো ভিতৰত ধাৰণ হ'ব লাগে। এইটোতো জানে যে কাৰোবাৰ বেছিকৈ ধাৰণা হয়, কাৰোবাৰ কম। ইয়াতো যিসকল জ্ঞানত বেছি তীব্ৰতাৰে আগবাঢ়ে তেওঁলোকৰ নাম হয়। পদো উচ্চ হয়। নীতি-নিয়মো বাবাই শুনাই থাকে। তোমালোক সম্পূৰ্ণ বৈষ্ণৱ হোৱা। বৈষ্ণৱ অৰ্থাৎ যি ভেজিটেৰিয়ান (নিৰামিষাহাৰী) হয়। মাংস মদ আদি গ্ৰহণ নকৰে। কিন্তু বিকাৰততো যায়, বাকী বৈষ্ণৱ হ'লে তেন্তে কি হ'ল। বৈষ্ণৱ কুলৰ বুলি কয় অৰ্থাৎ পিয়াঁজ আদি তমোগুণী বস্তু গ্ৰহণ নকৰে। তোমালোক সন্তানসকলে জানা - তমোগুণী বস্তু কি কি হয়। কোনো কোনো ভাল মনুষ্যও আছে, যাক ৰিলিজিয়াচ মাইণ্ডেড (ধৰ্মনিষ্ঠ) বা ভক্ত বুলি কোৱা হয়। সন্যাসীসকলক পবিত্র আত্মা বুলি কোৱা হব আৰু যিসকলে দান আদি কৰে তেওঁলোকক পুণ্য আত্মা বুলি কোৱা হব। ইয়াৰ দ্বাৰাও সিদ্ধ হয় - আত্মাইহে দান-পুণ্য কৰে সেইবাবে পুণ্য আত্মা, পবিত্র আত্মা বুলি কোৱা হয়। আত্মা কোনো নিৰ্লেপ নহয়। এনেকুৱা ভাল ভাল কথাবোৰ স্মৃতিলৈ আনিব লাগে। সাধুসকলকো মহান আত্মা বুলি কয়। মহান পৰমাত্মা বুলি কোৱা নহয়। গতিকে সৰ্বব্যাপী বুলি কোৱাতো ৰং (ভুল)। সকলো আত্মা হয়, যিসকল আছে সকলোতে আত্মা আছে। যিসকল পঢ়া-লিখা কৰা আছে তেওঁলোকে সিদ্ধ কৰি কয় যে বৃক্ষতো আত্মা আছে। কয় যে 84 লাখ যোনি যি আছে তাতো আত্মা আছে। আত্মা যদি নাই তেন্তে বৃদ্ধি কেনেকৈ হ'ব পাৰে! মনুষ্যৰ যি আত্মা আছে সেয়াতো জড়লৈ যাব নোৱাৰে। শাস্ত্ৰত এনেকুৱা এনেকুৱা কথাবোৰ লিখি দিছে। ইন্দ্ৰপ্ৰস্থৰ পৰা গঁতিয়াই দিলে তেতিয়া পাথৰ হৈ গল। এতিয়া পিতাই বহি বুজায়, পিতাই সন্তানসকলক কয় - দেহৰ সম্বন্ধ ছিঙি নিজকে আত্মা বুলি বুজা। মামেকম্ (মনেৰে কেৱল মোক) স্মৰণ কৰা। বচ্ তোমালোকৰ 84 জন্ম এতিয়া পূৰ্ণ হল। এতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। দুখধাম হৈছে অপৱিত্ৰ ধাম। শান্তিধাম আৰু সুখধাম হৈছে পবিত্র ধাম। এইটোতো বুজি পোৱা নহয়। সুখধামত থাকোঁতা দেৱতাসকলৰ আগত মূৰ দোঁৱায়। সিদ্ধ হয় যে ভাৰতত নতুন সৃষ্টিত পবিত্র আত্মাসকল আছিল, উচ্চ পদবীধাৰী আছিল। এতিয়াতো গায় মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। হয়ো এনেকুৱাই। কোনো গুণ নাই। মনুষ্যৰ মোহো বহুত থাকে, মৰি যোৱাজনৰো স্মৃতি থাকে। বুদ্ধিত উদয় হয় যে এয়া মোৰ সন্তান। স্বামী অথবা সন্তান মৰিলে তেওঁক স্মৰণ কৰি থাকে। স্ত্ৰীয়ে 12 মাহলৈকেতো ভালদৰে স্মৰণ কৰে, মুখ ঢাকি কান্দি থাকে। এনেকৈ মুখ ঢাকি যদি তোমালোকে দিনে-ৰাতিয়ে পিতাক স্মৰণ কৰা তেতিয়া নাৱেই পাৰ হৈ যাব। পিতাই কয় - যেনেকৈ স্বামীক তোমালোকে স্মৰণ কৰি থাকা তেনেকৈ মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। পিতাই যুক্তি শুনায় এনেকৈ এনেকৈ কৰা।

খতিয়ান উলিয়ায় আজি ইমান খৰচ হ'ল, ইমান লাভ হ'ল, বেলেন্স (জমা-খৰচৰ বাকী) সদায় উলিয়ায়। কোনোৱে এমাহৰ মূৰে মূৰে উলিয়ায়। ইয়াততো এইটো বহুত জৰুৰী হয়, পিতাই বাৰে বাৰে বুজাইছে। পিতাই কয় - তোমালোক সন্তানসকল সৌভাগ্যশালী, হাজাৰ ভাগ্যশালী, কোটি ভাগ্যশালী, পদম, আৰব (এশ কোটি), খৰব (এশ আৰব) ভাগ্যশালী হোৱা। যিসকল সন্তানে নিজকে সৌভাগ্যশালী বুলি ভাবে, তেওঁলোকে নিশ্চয় ভালদৰে পিতাক স্মৰণ কৰি থাকিব। তেওঁলোকেই গোলাপ ফুল হ'ব। এয়াতো চমুকৈ বুজাবলগীয়া হয়। হওতেতো সুগন্ধি ফুল হব লাগে। মুখ্য হ'ল স্মৃতিত থকাৰ কথা। সন্ন্যাসীসকলে যোগ বুলি কৈ দিছে। লৌকিক পিতাই এনেকৈ নকয় যে মোক স্মৰণ কৰা বা সুধিব জানো যে মোক স্মৰণ কৰানে? পিতা সন্তানসকলৰ, সন্তানসকল পিতাৰ স্মৃতিত থাকেই। এয়াইতো ল (নিয়ম) হয়। ইয়াত সুধিবলগীয়া হয় কিয়নো মায়াই পাহৰাই দিয়ে। ইয়ালৈ আহে, বুজি পায় যে আমি পিতাৰ ওচৰলৈ যাওঁ গতিকে পিতাৰ স্মৃতি থকা উচিত সেইবাবে বাবাই চিত্ৰও তৈয়াৰ কৰায় গতিকে সেয়াও লগত থাকক। প্ৰথমতে সদায় পিতাৰ মহিমাৰে আৰম্ভ কৰা। এওঁ আমাৰ বাবা হয়, এনেয়েতো সকলোৰে পিতা হয়। সকলোৰে সৎগতি দাতা, জ্ঞানৰ সাগৰ নলেজফুল হয়। বাবাই আমাক সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে, যাৰ দ্বাৰা আমি ত্ৰিকালদর্শী হৈ যাওঁ। এই সৃষ্টিত কোনো মনুষ্য ত্ৰিকালদর্শী হ'ব নোৱাৰে। পিতাই কয় - এই লক্ষ্মী-নাৰায়ণো ত্ৰিকালদর্শী নহয়। এওঁলোক ত্ৰিকালদর্শী হৈ কি কৰিব! তোমালোক হোৱা আৰু আনকো কৰি তোলা। এই লক্ষ্মী-নাৰায়ণৰ জ্ঞান থাকিলেতো পৰম্পৰা চলি আহিলহেঁতেন। মাজতেতো বিনাশ হৈ যায় সেয়েহে পৰম্পৰাতো চলিব নোৱাৰে। গতিকে সন্তানসকলে এই পঢ়া ভালদৰে স্মৰণ কৰিব লাগে। তোমালোকৰো উচ্চতকৈও উচ্চ পঢ়া এই সংগমযুগতহে হয়। তোমালোকে স্মৰণ নকৰা, দেহ-অভিমানত আহি যোৱা সেয়েহে মায়াই থাপৰ মাৰি দিয়ে। 16 কলা সম্পূৰ্ণ হ'লে তেতিয়া বিনাশৰো প্ৰস্তুতি চলিব। তেওঁলোকে বিনাশৰ কাৰণে আৰু তোমালোকে অবিনাশী পদৰ কাৰণে প্ৰস্তুতি চলাই আছা। কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ হোৱা নাই, কৌৰৱ আৰু যাদৱৰ যুদ্ধ হয়। ড্ৰামা অনুসৰি পাকিস্তানো হৈ গ'ল। সেয়াও তেতিয়াহে আৰম্ভ হল যেতিয়া তোমালোকৰ জন্ম হল। এতিয়া যিহেতু পিতা আহিছে গতিকে সকলো প্ৰেক্টিকেল (বাস্তৱত) হ'ব লাগে নহয় জানো। ইয়াৰ কাৰণেই কোৱা হয় ৰক্তৰ নদী বৈ যায় তেতিয়া আকৌ ঘিউৰ নদী ব'ব। এতিয়াও চোৱা যুদ্ধ কৰি থাকে। অমুক চহৰখন দিয়া নহ'লে যুদ্ধ কৰিম। এইফালেৰে নাযাবা, এইটো আমাৰ ৰাস্তা। এতিয়া তেওঁলোকে কি কৰিব। ষ্টীমাৰ (পানীজাহাজ) কেনেকৈ যাব! আকৌ ৰায় দিয়ে। নিশ্চয় ৰায় বিচাৰিব। সহায়ৰ যি আশা থাকে সেয়া পৰস্পৰেই শেষ কৰি দিব। ড্ৰামাত ইয়াত (দেশৰ ভিতৰত) আকৌ চিভিল ৱাৰ (গৃহযুদ্ধ) নিৰ্ধাৰিত হৈ আছে।

এতিয়া পিতাই কয় - মৰমৰ সন্তানসকল, বহুত বিচাৰ বুদ্ধি সম্পন্ন হোৱা। ইয়াৰ পৰা বাহিৰলৈ ঘৰলৈ গলে আকৌ পাহৰি নাযাবা। ইয়ালৈ তোমালোক উপাৰ্জন জমা কৰিবলৈ আহা। সৰু সৰু ল'ৰা-ছোৱালীক লৈ আহিলে তেতিয়া সিহঁতৰ বন্ধনত থাকিবলগীয়া হয়। ইয়াততো জ্ঞান সাগৰৰ পাৰলৈ আহা, যিমান উপাৰ্জন কৰিবা সিমান ভাল। উপাৰ্জন কৰাতে লাগি যাব লাগে। তোমালোক আহাই অবিনাশী জ্ঞান ৰত্নেৰে আঁচল ভৰপূৰ কৰিবলৈ। গায়নো কৰে নহয় ভোলানাথ আঁচল ভৰপূৰ কৰি দিয়া। ভক্তসকলেতো শংকৰৰ আগত গৈ কয় - আঁচল ভৰপূৰ কৰি দিয়া। তেওঁলোকে আকৌ শিৱ-শংকৰক একেই বুলি বুজি লয়। শিৱ-শংকৰ মহাদেৱ বুলি কয়। গতিকে মহাদেৱ ডাঙৰ হৈ গ'ল। এনেকুৱা সৰু সৰু কথাবোৰ অতিকৈ বুজিবলগীয়া হয়।

তোমালোক সন্তানসকলক বুজোৱা হয় - এতিয়া তোমালোক ব্ৰাহ্মণ, নলেজ পাই আছা। পঢ়াৰ দ্বাৰা মনুষ্যৰ শুধৰণি হয়। চাল-চলনো ভাল হয়। তোমালোকে এতিয়া পঢ়া। যিয়ে সকলোতকৈ বেছিকৈ পঢ়ে আৰু পঢ়ায়, তেওঁলোকৰ মেনাৰ্চো (আচৰণো) ভাল হয়। তোমালোকে কবা সকলোতকৈ ভাল আচৰণ হৈছে মম্মা-বাবাৰ। এওঁ (ব্ৰহ্মা বাবা) আকৌ হৈ গ'ল ডাঙৰ মম্মা, যাৰ শৰীৰত প্ৰৱেশ কৰি সন্তানসকলক ৰচনা কৰে। মাতা-পিতা কম্বাইণ্ড হয় (একত্ৰিত হৈ আছে)। কিমান গুপ্ত কথা। যিদৰে তোমালোকে পঢ়া তেনেকৈ মম্মায়ো পঢ়িছিল। তেওঁক এডপ্ট কৰিলে (তুলি ললে)। বুধিয়ক আছিল গতিকে ড্ৰামা অনুসৰি সৰস্বতী নাম পালে। ব্ৰহ্মপুত্ৰ ডাঙৰ নদী হয়। সাগৰ আৰু ব্ৰহ্মপুত্ৰৰ মেলাও হয়। এওঁ ডাঙৰ নদী হল গতিকে মাও হ'ল নহয় জানো। তোমালোক মৰমৰ সন্তানসকলক কিমান উচ্চলৈ লৈ যায়। পিতাই তোমালোক সন্তানকলকহে চায়। তেওঁতো কাকো স্মৰণ কৰিব নালাগে। এওঁৰ (ব্ৰহ্মাৰ) আত্মাইতো পিতাক স্মৰণ কৰিব লাগে। পিতাই কয় - আমি দুয়ো, সন্তানসকলক চাওঁ। মই; আত্মাইতো সাক্ষী হৈ চাব নালাগে, কিন্তু পিতাৰ সংগত ময়ো এনেকৈ চাওঁ। পিতাৰতো লগত থাকো নহয় জানো। তেওঁৰ সন্তান হওঁ গতিকে একেলগে চাওঁ। মই বিশ্বৰ মালিক হৈ ঘূৰোঁ, যেন মইহে এয়া কৰোঁ। মই দৃষ্টি দিওঁ। দেহ সহিত সকলোবোৰ পাহৰিবলগীয়া হয়। বাকী সন্তান আৰু পিতা যেন এক হৈ যায়। গতিকে পিতাই বুজায় - খুব পুৰুষাৰ্থ কৰা। যথাযথ মম্মা-বাবাই সকলোতকৈ বেছি ছাৰ্ভিচ (সেৱা) কৰে। ঘৰতো মাতা-পিতাই বহুত ছাৰ্ভিচ কৰে নহয় জানো। ছাৰ্ভিচ কৰাসকলে নিশ্চয় পদো উচ্চ পাব গতিকে ফল কৰিব নালাগে জানো। যিদৰে পিতাই অপকাৰীৰো উপকাৰ কৰে, তেনেকৈ তোমালোকেও ফল ফাদাৰ কৰা। ইয়াৰো অৰ্থ বুজিব লাগে। পিতাই কয় - মোক স্মৰণ কৰা অন্য কাৰো কথা নুশুনিবা। কোনোবাই কিবা ক'লে, শুনিও নুশুনা যেন কৰি দিবা। তোমালোক মিচিকিয়াই থাকিলে তেতিয়া তেওঁলোক আপোনাআপুনি ঠাণ্ডা হৈ যাব। বাবাই কৈছিল কোনোবাই ক্ৰোধ কৰিলে তোমালোকে তেওঁক ফুল আগবঢ়াবা, কবা তোমালোকে অপকাৰ কৰা, আমি উপকাৰ কৰোঁ। পিতাই নিজেই কয় - গোটেই সৃষ্টিৰ মনুষ্য মোৰ অপকাৰী হয়, মোক সৰ্বব্যাপী বুলি কৈ কিমান গালি দিয়ে মইতো সকলোৰে উপকাৰী হওঁ। তোমালোক সন্তানসকলো সকলোৰে উপকাৰ কৰোঁতা হোৱা। তোমালোকে খেয়াল (বিচাৰ) কৰা - আমি কি আছিলোঁ, এতিয়া কি হৈ যাওঁ! বিশ্বৰ মালিক হৈ যাওঁ। খেয়াল বা সপোনতো নাছিল। বহুতৰে ঘৰত বহি সাক্ষাৎকাৰ হৈছে। কিন্তু সাক্ষাৎকাৰৰ পৰা কিবা হয় জানো। লাহে লাহে বৃক্ষৰ বৃদ্ধি হৈ গৈ থাকিব। এয়া নতুন দৈৱী বৃক্ষ স্থাপন হৈ আছে নহয় জানো। সন্তানসকলে জানে, আমাৰ দৈৱী ফুলৰ বাগিচা তৈয়াৰ হৈ আছে। সত্যযুগত দেৱতাসকলহে থাকে, আকৌ আহিব, চক্র ঘূৰি থাকে। 84 জন্মও তেওঁলোকেই লব। অন্য আত্মাসকল আকৌ ক'ৰপৰা আহিব। ড্ৰামাত যিসকল আত্মা আছে, কোনেও ভূমিকাৰ পৰা ৰেহাই পাব নোৱাৰে। এই চক্র ঘূৰিয়েই থাকে। আত্মা কেতিয়াও কমি নাযায়। সৰু-ডাঙৰ নহয়।

পিতাই বহি মৰমৰ সন্তানসকলক বুজায়, কয় - সন্তানসকল সুখদায়ী হোৱা। মায়ে কয় নহয় - নিজৰ মাজত হাই-কাজিয়া নকৰিবা। বেহদৰ পিতায়ো সন্তানসকলক কয় - স্মৃতিৰ যাত্রা বহুত সহজ। সেই যাত্রাতো জন্ম-জন্মান্তৰে কৰি আহিছা তথাপি ছিৰি নামি পাপ আত্মা হৈ যোৱা। পিতাই কয় - এয়া হৈছে আত্মিক যাত্রা। তোমালোক এই মৃত্যুলোকলৈ উভতি আহিব নালাগে। সেই যাত্রাৰ পৰাতো উভতি আহে আকৌ যেনেকুৱা আছিল তেনেকুৱাই হৈ যায়। তোমালোকেতো জানা যে আমি স্বৰ্গলৈ যাওঁ। স্বৰ্গ আছিল আকৌ হ'ব। এই চক্র ঘূৰিব। সৃষ্টি এখনেই বাকী ষ্টাৰ্চ (তৰা) আদিত কোনো সৃষ্টি নাই। ওপৰত গৈ চাবৰ কাৰণে কিমান মগজ খটুৱাই থাকে। মগজ খটুৱাওঁতে খটুৱাওঁতে মৃত্যু সন্মুখত আহি যাব। এয়া সকলো হ'ল চাইন্স (বিজ্ঞান)। ওপৰলৈ যাব তেতিয়া কি হ'ব? মৃত্যুতো সন্মুখত থিয় হৈ আছে। এফালে ওপৰত গৈ অনুসন্ধান কৰে, আনফালে মৃত্যুৰ বাবে বোমা সাজি আছে। মনুষ্যৰ বুদ্ধি চোৱা কেনেকুৱা। বুজিও পায় যে কোনোবা প্রেৰক আছে। নিজেই কয় যে ৱৰ্ল্ড ৱাৰ (বিশ্বযুদ্ধ) নিশ্চয় হ'ব। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ হয়। এতিয়া তোমালোক সন্তানসকলেও যিমান পুৰুষাৰ্থ কৰিবা সিমানেই কল্যাণ কৰিবা। খোদাৰ (ঈশ্বৰৰ) সন্তানতো হোৱাই। ভগৱানে নিজৰ সন্তান কৰি লয়, গতিকে তোমালোক ভগৱান-ভগৱতী হৈ যোৱা। লক্ষ্মী-নাৰায়ণক গড-গডেজ (ভগৱান-ভগৱতী) বুলি কয় নহয়। কৃষ্ণক গড বুলি মানে, ৰাধাক ইমান নামানে। সৰস্বতীৰ নাম আছে, ৰাধাৰ নাম নাই। কলহ আকৌ লক্ষ্মীৰ হাততে দেখুৱায়। এইটোও ভুল কৰি দিছে। সৰস্বতীৰো অনেক নাম ৰাখি দিছে। সেয়াতো তোমালোকেই হোৱা। দেৱীসকলৰো পূজা হৈ থাকে গতিকে আত্মাসকলৰ পূজা হয়। পিতাই সন্তানসকলক প্রতিটো কথা বুজাই থাকে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ পিতাই অপকাৰীৰো উপকাৰ কৰে, এনেকৈ ফল ফাদাৰ (পিতাক অনুসৰণ) কৰিব লাগে। কোনোবাই কিবা ক'লে শুনিও নুশুনা হৈ থাকিব লাগে, মিচিকিয়াই থাকিব লাগে। এজন পিতাৰ পৰাই শুনিব লাগে।

(2) সুখদায়ী হৈ সকলোকে সুখ দিব লাগে, পৰস্পৰ হাই-কাজিয়া কৰিব নালাগে। বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ আঁচল অবিনাশী জ্ঞান ৰত্নেৰে ভৰপূৰ কৰিব লাগে।

বৰদান:
শুদ্ধ সংকল্পৰ ব্রতৰ দ্বাৰা বৃত্তিৰ পৰিৱৰ্তন কৰোঁতা অন্তৰ আসনত অধিষ্ঠিত হোৱা

বাপদাদাৰ অন্তৰ আসন ইমান পিয়ৰ (পবিত্ৰ) হয় যে এই আসনত সদায় পিয়ৰ আত্মাহে অধিষ্ঠিত হব পাৰে। যিসকলৰ সংকল্পতো অপৱিত্রতা বা অমৰ্যাদা আহি যায় তেওঁলোক আসনত অধিষ্ঠিত হোৱাৰ সলনি অৱনতিৰ কলাত তললৈ আহি যায় সেইবাবে প্ৰথমে শুদ্ধ সংকল্পৰ ব্রতৰ দ্বাৰা নিজৰ বৃত্তিৰ পৰিৱৰ্তন কৰা। বৃত্তিৰ পৰিৱৰ্তনেৰে ভৱিষ্যত জীৱন ৰূপী সৃষ্টি সলনি হৈ যাব। শুদ্ধ সংকল্প আৰু দৃঢ় সংকল্পৰ ব্রতৰ প্রত্যক্ষ ফলেই হৈছে সদাকালৰ কাৰণে বাপদাদাৰ অন্তৰ আসন।

স্লোগান:
য'ত সৰ্বশক্তি লগত আছে তত নিৰ্বিঘ্ন সফলতা আছেই।