15.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতা আহিছে তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ দিবলৈ যাৰ দ্বাৰা তোমালোকে সৃষ্টিৰ আদি-মধ্য-অন্তক জানা

প্ৰশ্ন:
সিংহী শক্তিসকলেহে কোনটো কথা সাহসেহেৰে বুজাব পাৰে?

উত্তৰ:
অন্য ধৰ্মাৱলম্বীসকলক এইটো কথা বুজাব লাগে যে, পিতাই কয় - তোমালোকে নিজক আত্মা বুলি বুজা, পৰমাত্মা নহয়। আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব আৰু আপোনালোক মুক্তিধামলৈ গুচি যাব। পৰমাত্মা বুলি ভাবিলে আপোনালোকৰ বিকৰ্ম বিনাশ হব নোৱাৰে। এইটো কথা বহুত সাহসেৰে সিংহী শক্তিসকলেহে বুজাব পাৰে। বুজোৱাৰো অভ্যাস থাকিব লাগে।

গীত:
নয়নহীনক মাৰ্গ-দৰ্শন কৰা....... (নয়নহীন কো ৰাহ দিখাও.)

ওঁম্শান্তি।
সন্তানসকলে অনুভৱ কৰি আছে - আত্মিক স্মৃতিৰ যাত্ৰাত কঠিনতা দেখা পোৱা যায়। ভক্তিমাৰ্গত দুৱাৰে দুৱাৰে ঠেকা-খুন্দা খাবলগীয়া হয়েই। বহুত প্ৰকাৰৰ জপ-তপ-যজ্ঞ কৰে, শাস্ত্ৰ আদি পঢ়ে, যি কাৰণে ব্ৰহ্মাৰ ৰাতি বুলি কোৱা হয়। আধাকল্প ৰাতি, আধাকল্প দিন। ব্ৰহ্মাতো অকলে নহব নহয় জানো। প্ৰজাপিতা ব্ৰহ্মা আছে যেতিয়া নিশ্চয় তেওঁৰ সন্তান কুমাৰ-কুমাৰীসকলো থাকিব। কিন্তু মনুষ্যই নাজানে। পিতাইহে সন্তানসকলক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা তোমালোকে আদি-মধ্য-অন্তৰ জ্ঞান পাইছা। তোমালোক কল্পৰ পূৰ্বেও ব্ৰাহ্মণ আছিলা আৰু দেৱতা হৈছিলা, যিসকল হৈছিল তেওঁলোকেই আকৌ হব। তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হোৱা। তোমালোকেই পূজ্য আৰু পূজাৰী হোৱা। ইংৰাজীত পূজ্যক ওৱৰ্শ্বিপ-ওৱৰ্থি আৰু পূজাৰীক ওৱৰ্শ্বিপাৰ বুলি কোৱা হয়। ভাৰতেই আধাকল্প পূজাৰী হয়। আত্মাই মানি লয় যে আমিয়ে পূজ্য আছিলোঁ আকৌ আমিয়ে পূজাৰী হৈছোঁ। পূজ্যৰ পৰা পূজাৰী আকৌ পূজ্য হওঁ। পিতাতো পূজ্য পূজাৰী নহয়। তোমালোকে কবা - আমি সেই পূজ্য পাৱন তথা দেৱী-দেৱতা আছিলোঁ আকৌ 84 জন্মৰ পাচত সম্পূৰ্ণৰূপে পতিত পূজাৰী হৈ যাওঁ। এতিয়া ভাৰতবাসী যিসকল আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিল, তেওঁলোকে নিজৰ ধৰ্মৰ বিষয়ে একো নাজানে। তোমালোকৰ এই কথাবোৰ সকলো ধৰ্মাৱলম্বীয়ে বুজি নাপাব, যিসকল এই ধৰ্মৰ পৰা কোনো বেলেগ ধৰ্মত ধৰ্মান্তৰিত হৈ গৈছে তেওঁলোকেই আহিব। এনেকৈ ধৰ্মান্তৰিততো হৈ গৈছে। পিতাই কয় - যিসকল শিৱ আৰু দেৱতাসকলৰ পূজাৰী হয়, তেওঁলোকৰ বাবে সহজ। অন্য ধৰ্মাৱলম্বীয়ে মগজ নষ্ট কৰিব। যিসকল ধৰ্মান্তৰিত হৈছে তেওঁলোক প্ৰেৰিত হব আৰু আহি বুজিবলৈ চেষ্টা কৰিব। নহলেতো নামানিব। আৰ্যসমাজীসকলৰ মাজৰ পৰাও বহুত আহিছে। শিখলোকো আহিছে। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ যিসকল ধৰ্মান্তৰিত হৈ গৈছে তেওঁলোক নিজৰ ধৰ্মত নিশ্চয় আহিব লাগিব। বৃক্ষতো বেলেগ বেলেগ শাখা আছে। আকৌ আহিবও ক্ৰম অনুসৰি। ঠাল-ঠেঙুলি ওলাই থাকিব। তেওঁলোক পবিত্ৰ হোৱাৰ কাৰণে তেওঁলোকৰ ভাল প্ৰভাৱ পৰে। এইসময়ত দেৱী-দেৱতা ধৰ্মৰ ভেটি নাই যিটো আকৌ স্থাপন কৰিবলগীয়া হয়। ভাই-ভনীতো হবলগীয়াই হয়। আমি এজন পিতাৰ সন্তান সকলো আত্মা ভাই ভাই হওঁ। আকৌ ভাই-ভনী হওঁ। এতিয়া যেনেকৈ নতুন সৃষ্টিৰ স্থাপনা হৈ আছে, পোন প্ৰথমে হৈছে ব্ৰাহ্মণ। নতুন সৃষ্টিৰ স্থাপনাত প্ৰজপিতা ব্ৰহ্মাকতো নিশ্চয় লাগিব। ব্ৰহ্মাৰ দ্বাৰাহে ব্ৰাহ্মণ হব। ইয়াক ৰুদ্ৰ জ্ঞান যজ্ঞ বুলিও কোৱা হয়, ইয়াত ব্ৰাহ্মণ নিশ্চয় লাগে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান নিশ্চয় লাগে। তেওঁ হৈছে গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ (প্ৰপিতা)। ব্ৰাহ্মণ আছে এক নম্বৰত টিকনিধাৰী (আটাইতকৈ শ্ৰেষ্ঠ)। আদম বীবী, এদম ইভক মানেও। এই সময়ত তোমালোক পূজাৰীৰ পৰা পূজ্য হৈ আছা। তোমালোকৰ সকলোতকৈ উত্তম স্মাৰক হৈছে দেলৱাৰা মন্দিৰ। তলত তপস্যাত বহি আছে, ওপৰত ৰাজ্য-ভাগ্য আৰু ইয়াত তোমালোক চৈতন্য ৰূপত বহি আছা। এই মন্দিৰ ধ্বংস হৈ যাব আকৌ ভক্তিমাৰ্গত সাজিব।

তোমালোকে জানা এতিয়া আমি ৰাজযোগ শিকি আছোঁ আকৌ নতুন সৃষ্টিলৈ যাম। সেয়া হৈছে জড় মন্দিৰ, তোমালোক চৈতন্য ৰূপত বহি আছা। মুখ্য মন্দিৰ এইটো সঠিককৈ সাজি থোৱা আছে। নহলে স্বৰ্গক কত দেখুৱাব সেইকাৰণে চাদত (মূধচত) স্বৰ্গক দেখুৱাইছে। ইয়াৰ ওপৰত বহুত ভালদৰে বুজাব পাৰা। কোৱা যে ভাৰতেই স্বৰ্গ আছিল এতিয়া আকৌ ভাৰত নৰক হল। এইটো ধৰ্মৰ লোকে তৎক্ষণাৎ বুজিব। হিন্দুসকলৰ মাজতো দেখিবা অনেক প্ৰকাৰৰ ধৰ্মত গুচি গৈছে। তোমালোকে বহুত পৰিশ্ৰম কৰিবলগীয়া হয় উলিয়াই আনিবৰ কাৰণে। পিতাই বুজাইছে - নিজক আত্মা বুলি বুজি মামেকম্‌ (মনেৰে কেৱল মোক) স্মৰণ কৰা, বচ আৰু একো কথাই পাতিব নালাগে। যাৰ অভ্যাস নাই তেওঁতো কথা পতাও উচিত নহয়। নহলে বি.কে.ৰ নাম বদনাম কৰি দিয়ে। যদি অন্য ধৰ্মৰ লোক হয় তেন্তে বুজোৱা উচিত যে, যদি তোমালোক মুক্তিধামলৈ যাব বিচৰা তেন্তে নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। নিজক পৰমাত্মা বুলি নাভাবিবা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব আৰু মুক্তিধামলৈ গুচি যাবা। তোমালোকৰ কাৰণে এই মনমনাভৱ মন্ত্ৰই যথেষ্ট। কিন্তু বাৰ্তালাপ কৰিবলৈ সাহসৰ প্ৰয়োজন। সিংহী শক্তিসকলেহে সেৱা কৰিব পাৰে। সন্ন্যাসীসকলে বাহিৰলৈ গৈ বিদেশীসকলক লৈ আহে যে বলক আপোনালোকক আধ্যাত্মিক জ্ঞান দিম। এতিয়া তেওঁলোকে পিতাকতো নাজানেই। ব্ৰহ্মকে ভগৱান বুলি বুজি কৈ দিয়ে- ইয়াক (ব্ৰহ্ম তত্ত্বক) স্মৰণ কৰা। বচ এইটো মন্ত্ৰ দি দিয়ে, যেনেকৈ কোনো পক্ষীক নিজৰ সজাত ভৰাই দিয়ে। গতিকে এনেকৈ বুজাবলৈও সময় লাগে। বাবাই কৈছিল - প্ৰত্যেক চিত্ৰৰ ওপৰতে লিখা থাকিব লাগে - শিৱ ভগৱানুবাচ।

তোমালোকে জানা এই জগতত গৰাকী (অভিভাৱক) অবিহনে সকলো মাউৰা। আহ্বান কৰে - তুমি পিতা মাতা. বাৰু ইয়াৰ অৰ্থ কি? এনেয়ে কৈ থাকে আপোনাৰ কৃপাতে অথাহ সুখ পাওঁ। এতিয়া পিতাই তোমালোকক স্বৰ্গৰ সুখৰ কাৰণে পঢ়াই আছে, যাৰ কাৰণে তোমালোকে পুৰুষাৰ্থ কৰি আছা। যিয়ে কৰিব তেৱেঁ পাব। এই সময়ততো সকলোৱে পতিত। পাৱন সৃষ্টিতো একমাত্ৰ স্বৰ্গই হয়, ইয়াত কোনোৱেই সতোপ্ৰধান হব নোৱাৰে। সত্যযুগত যিসকল সতোপ্ৰধান আছিল, তেওঁলোকেই তমোপ্ৰধান পতিত হৈ যায়। যীশুখ্ৰীষ্টৰ পিচত যিসকল তেওঁৰ ধৰ্মৰ লোক আহে, তেওঁলোকতো প্ৰথমে সতোপ্ৰধান হব নহয় জানো। যেতিয়া লাখৰ হিচাপত হয় তেতিয়া সৈন্য তৈয়াৰ হয়, যুদ্ধ কৰি বাদশ্বাহী লবলৈ। তেওঁলোকৰ সুখো কম, দুখো কম। তোমালোকৰ দৰে সুখতো কোনেও পাব নোৱাৰে। তোমালোক এতিয়া তৈয়াৰ হৈ আছা সুখধামলৈ আহিবৰ কাৰণে। বাকী সকলো ধৰ্ম জানো স্বৰ্গত আহে। ভাৰত যেতিয়া স্বৰ্গ আছিল, সেই ভাৰতৰ দৰে কোনো পাৱন খণ্ড নাথাকে। যেতিয়া পিতা আহে তেতিয়াহে ঈশ্বৰীয় ৰাজ্য স্থাপন হয়। তাত যুদ্ধ আদিৰ কথা নাই। যুদ্ধ-বিগ্ৰহতো বহুত পাচত আৰম্ভ হয়। ভাৰতবাসীয়ে ইমান যুদ্ধ কৰা নাই। অলপ পৰস্পৰ যুদ্ধ কৰি বেলেগ হৈ গৈছে। দ্বাপৰত ইজনে সিজনক আক্ৰমণ কৰে। এই চিত্ৰ আদি তৈয়াৰ কৰিবলৈও বিশাল বুদ্ধিৰ প্ৰয়োজন। এইটোও লিখা উচিত যে ভাৰত যি স্বৰ্গ আছিল সেই ভাৰতেই আকৌ নৰকৰ দৰে হৈ গল, আহি বুজক। ভাৰত সৎগতিত আছিল এতিয়া দুৰ্গতিত আছে। এতিয়া সৎগতি পাবৰ কাৰণে পিতাইহে জ্ঞান দিয়ে। মনুষ্যই এই আত্মিক (আধ্যাত্মিক) জ্ঞান নাই। এই জ্ঞান পৰমপিতা পৰমাত্মাৰহে থাকে। পিতাই এই জ্ঞান দিয়ে আত্মাসকলক। বাকীতো সকলো মনুষ্যই মনুষ্যকে দিয়ে। শাস্ত্ৰও মনুষ্যই লিখিছে, মনুষ্যই পঢ়িছে। ইয়াততো তোমালোকক আত্মিক পিতাই পঢ়ায় আৰু আত্মাসকলে পঢ়ে। পঢ়োঁতাতো আত্মা হয় নহয় জানো। সেয়া লিখোঁতা আৰু পঢ়োঁতা মনুষ্যই হয়। পৰমাত্মাইতো শাস্ত্ৰ আদি পঢ়াৰ দৰকাৰ নাই। পিতাই কয় - এই শাস্ত্ৰ আদিৰে কাৰো সৎগতি হব নোৱাৰে। মইহে আহি সকলোকে উভতাই লৈ যাব লাগে। এতিয়াতো জগতত কোটি কোটি মনুষ্য আছে। সত্যযুগত যেতিয়া লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল, তেতিয়া তাত 9 লাখ হয়। বহুত সৰু বৃক্ষ হব। তেন্তে বিচাৰ কৰা ইমানবোৰ আত্মা কলৈ গল? ব্ৰহ্মত বা পানীততো বিলীন হৈ যোৱা নাই। সেই সকলো আত্মা মুক্তিধামত থাকে। প্ৰতিটো আত্মাই অবিনাশী, আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে যিটো কেতিয়াও নাইকিয়া হৈ যাব নোৱাৰে। আত্মা বিনাশ হব নোৱাৰে। আত্মাতো বিন্দু হয়। বাকী নিৰ্বাণ আদিলৈ কোনেও নাযায়। সকলোৱে ভূমিকা পালন কৰিবই লাগে। যেতিয়া সকলোবোৰ আত্মা আহি যায়, তেতিয়া মই আহি সকলোকে লৈ যাওঁ। অন্তিমত পিতাৰে ভূমিকা থাকে। নতুন সৃষ্টিৰ স্থাপনা আকৌ পুৰণি সৃষ্টিৰ বিনাশ। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। তোমালোকে আৰ্যসমাজী দলক বুজালে তেতিয়া সেইসকলৰ মাজত যিসকল এই দেৱী দেৱতা ধৰ্মৰ হব তেওঁলোক প্ৰেৰিত হব। যথাযথ এই কথাবোৰতো ঠিকেই, পৰমাত্মা কেনেকৈ সৰ্বব্যাপী হব পাৰে। ভগৱানতো পিতা হয়, তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। কোনো কোনো আৰ্যসমাজীও তোমালোকৰ ওচৰত আহে নহয়। তেওঁলোককে পুলি বুলি কোৱা হয়। তোমালোকে বুজাই থাকা তেতিয়া তোমালোকৰ কুলৰ যিসকল হব তেওঁলোক আহি যাব। ভগৱান পিতায়ে পাৱন হোৱাৰ যুক্তি শুনায়। ভগৱানুবাচ মামেকম্‌ স্মৰণ কৰা, মই পতিত-পাৱন হওঁ, মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হব আৰু মুক্তিধামত আহি যাবা। এইটো বাৰ্তা সকলো ধৰ্মৰ লোকৰ বাবে। কোৱা, পিতাই কয় - দেহৰ সকলো ধৰ্ম এৰি মোক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। মই গুজৰাটী হওঁ, মই অমুক হওঁ- এই সকলোবোৰ ত্যাগ কৰা। নিজকে আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। এয়া হৈছে যোগ অগ্নি। সাৱধানে খোজ দিব লাগে। সকলোৱে নুবুজিব। পিতাই কয় পতিত-পাৱন ময়েই হওঁ। তোমালোক সকলো পতিত, পাৱন নোহোৱাকৈ নিৰ্বাণধামলৈও আহিব নোৱাৰে। ৰচনাৰ আদি-মধ্য-অন্তকো বুজিব লাগে। সম্পূৰ্ণকৈ বুজিলেহে উচ্চ পদ পাবা। যদি অলপ ভক্তি কৰিছে তেন্তে অলপ জ্ঞান বুজিব। যদি বহুত ভক্তি কৰিছে তেন্তে বহুত জ্ঞান আহৰণ কৰিব। পিতাই যি বুজায় সেয়া ধাৰণ কৰিব লাগে। বানপ্ৰস্থীসকলৰ কাৰণে আৰু সহজ। গৃহস্থ ব্যৱহাৰৰ পৰা আঁতৰি যায়। বানপ্ৰস্থ অৱস্থা 60 বছৰৰ পাচত হয়। তেতিয়াই গুৰুৰো শৰণাগত হয়। আজিকালিতো সৰু কালতে গুৰুৰ শৰণাপন্ন কৰাই দিয়ে। নহলেতো প্ৰথমে পিতা, পাচত শিক্ষক, আকৌ 60 বছৰৰ পাচত গুৰুৰ শৰণ লোৱা হয়। সৎগতি দাতাতো একমাত্ৰ পিতাহে হয়, এই অনেক গুৰুলোকসকল জানো হয়। এয়াতো সকলো হৈছে ধন উপাৰ্জনৰ উপায়, সৎগুৰু হৈছেই এজন - সকলোৰে সৎগতি কৰোঁতা। পিতাই কয় - মই তোমালোকক সকলো বেদ-শাস্ত্ৰৰ সাৰ বুজাও। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ সামগ্ৰী। ছিৰি নামিবলগীয়া হয়। জ্ঞান, ভক্তি আকৌ ভক্তিৰ প্ৰতি বৈৰাগ্য। যেতিয়া জ্ঞান পোৱা যায়, তেতিয়াহে ভক্তিৰ প্ৰতি বৈৰাগ্য জন্মে। এই পুৰণি সৃষ্টিৰ প্ৰতি তোমালোকৰ বৈৰাগ্য জন্মে। বাকী জগতখনক এৰি কলৈ যাবা? তোমালোকে জানা এই জগতখনেই নাশ হৈ যাব সেইকাৰণে এতিয়া বেহদৰ জগতৰ সন্ন্যাস কৰিব লাগে। পবিত্ৰ নোহোৱাকৈ ঘৰলৈ যাব নোৱাৰা। পবিত্ৰ হবৰ কাৰণে স্মৃতিৰ যাত্ৰাৰ প্ৰয়োজন। ভাৰতত ৰক্তৰ নদী বোৱাৰ পাচত গাখীৰৰ নদী বব। বিষ্ণুকো ক্ষীৰ সাগৰত দেখুৱায়। বুজোৱা হয় - এই যুদ্ধৰ দ্বাৰা মুক্তি-জীৱনমুক্তিৰ দ্বাৰ খোলে। যিমানে তোমালোক সন্তানসকল আগবাঢ়িবা সিমানে আৱাজ বিয়পিব। এতিয়া যুদ্ধ হোৱাৰ পথত। এটা ফিৰিঙতিৰ পৰা চোৱা আগতে কি হৈছিল। বুজি পায় যে নিশ্চয় যুদ্ধ কৰিব। যুদ্ধ চলিয়েই থাকে। ইজন সিজনৰ সহায়কাৰী হৈ থাকে। তোমালোককো যদি নতুন সৃষ্টি লাগে তেন্তে পুৰণি সৃষ্টি নিশ্চয় সমাপ্ত হোৱা উচিত। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি জগতখন এতিয়া নাশ হৈ যাব, সেইকাৰণে এইখন জগতৰ সন্ন্যাস কৰিব লাগে। জগতখনক এৰি কলৈকো যাব নালাগে, কিন্তু ইয়াক বুদ্ধিৰে পাহৰিব লাগে।

(2) নিৰ্বাণধামলৈ যাবৰ কাৰণে সম্পূৰ্ণ পাৱন হব লাগে। ৰচনাৰ আদি-মধ্য-অন্তক সম্পূৰ্ণকৈ বুজি নতুন সৃষ্টিত উচ্চপদ লব লাগে।

বৰদান:
অমনোযোগীতাৰ নিদ্ৰাক তালাক দিওঁতা (ত্যাগ কৰোঁতা) নিদ্ৰাজিৎ, চক্ৰৱৰ্তী হোৱা

সাক্ষাৎকাৰ মূৰ্ত হৈ ভক্তসকলক সাক্ষাৎকাৰ কৰাবৰ কাৰণে অথবা চক্ৰৱৰ্তী হবৰ কাৰণে নিদ্ৰাজিৎ হোৱা। যেতিয়া বিনাশ কালক পাহৰি যোৱা তেতিয়া অমনোযোগীতাৰ নিদ্ৰা আহে। ভক্তসকলৰ আহ্বান শুনা, দুখী আত্মাসকলৰ দুখৰ আহ্বান শুনা, তৃষ্ণাতুৰ আত্মাসকলকৰ প্ৰাৰ্থনাৰ আৱাজ শুনা তেতিয়া কেতিয়াও অমনোযোগীতাৰ নিদ্ৰা নাহিব। গতিকে এতিয়া সৰ্বদা জলন্ত জ্যোতি হৈ অমনোযোগীতাৰ নিদ্ৰাক তালাক দিয়া (ত্যাগ কৰা) আৰু সাক্ষাৎকাৰ মূৰ্ত হোৱা।

স্লোগান:
তন-মন-ধন, মন-বাণী-কৰ্ম যিকোনো প্ৰকাৰে পিতাৰ কৰ্তব্যত সহযোগী হলে তেতিয়া সহজযোগী হৈ যাবা।