15.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল স্পৰ্শকাতৰ হোৱাটোও দেহ-অভিমান হয়, ঠেহ ধৰা, কন্দা এই সকলোবোৰ আসুৰিক সংস্কাৰ তোমালোক সন্তানসকলৰ থকা উচিত নহয়, দুখ-সুখ, মান-অপমান সকলো সহ্য কৰিব লাগে

প্ৰশ্ন:
সেৱাত ঢিলা হোৱাৰ মুখ্য কাৰণ কি?

উত্তৰ:
যেতিয়া দেহ-অভিমানৰ কাৰণে ইজনে সিজনৰ দোষ-ক্ৰটি চাবলৈ ধৰে তেতিয়া সেৱাত ঢিলা ভাৱ আহে। পৰস্পৰ মিলিব নোৱাৰাটোও দেহ-অভিমান হয়। মই অমুকৰ লগত চলিব নোৱাৰোঁ, মই ইয়াত থাকিব নোৱাৰোঁ.. এই সকলবোৰ হৈছে স্পৰ্শকাতৰতা। এনেকুৱা বচন মুখৰ পৰা ওলোৱা মানে কাঁইট হোৱা, আবাধ্য হোৱা। বাবাই কয় - সন্তানসকল, তোমালোক আত্মিক সেনা হোৱা সেইকাৰণে আদেশ পোৱা মাত্ৰেই উপস্থিত হোৱা উচিত। কোনো কথাতে অজুহাত নেদেখুৱাবা।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। সন্তানসকলে প্ৰথমতে এইটো শিক্ষা পায় যে নিজক আত্মা বুলি নিশ্চয় কৰা। দেহ-অভিমান এৰি আত্মা-অভিমানী হব লাগে। আমি আত্মা হওঁ, দেহী-অভিমানী হলেহে পিতাক স্মৰণ কৰিব পাৰিবা। সেয়া হৈছে অজ্ঞান কাল। এয়া হৈছে জ্ঞান কাল। জ্ঞানতো একমাত্ৰ পিতাইহে দিয়ে যিজনে সকলোৰে সৎগতি কৰে। আৰু তেওঁ হৈছে নিৰাকাৰ অৰ্থাৎ তেওঁৰ কোনো মনুষ্য আকাৰ নাই। যিসকলৰ মনুষ্য আকাৰ আছে তেওঁলোকক ভগৱান বুলি কব নোৱাৰি। এতিয়া আত্মাতো সকলো নিৰাকাৰেই হয়। কিন্তু দেহ-অভিমানত অহা বাবে নিজক আত্মা বুলি পাহৰি গৈছে। এতিয়া পিতাই কয় - তোমালোক উভতি যাব লাগে। নিজক আত্মা বুলি বুজা, আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যাব অন্য কোনো উপায় নাই। আত্মাই পতিত আৰু আত্মাই পাৱন হয়। পিতাই বুজাইছে পাৱন আত্মা সত্যযুগ-ত্ৰেতাত থাকে। আকৌ ৰাৱণ ৰাজ্যত আত্মা পতিত হৈ যায়। ছিৰিৰ চিত্ৰতো বুজোৱা হৈছে যে যিসকল পাৱন আছিল, সেইসকলেই পতিত হৈছে। 5 হাজাৰ বছৰ পূৰ্বে তোমালোক সকলো আত্মা শান্তিধামত পাৱন আছিলা। সেইখনক কোৱাই হয় নিৰ্বাণধাম। আকৌ কলিযুগত পতিত হয় তেতিয়া চিঞৰে- হে পতিত পাৱন আহা। বাবাই বুজায় সন্তানসকল, মই তোমালোকক পতিতৰ পৰা পাৱন হোৱাৰ যি জ্ঞান দি আছোঁ, সেয়া কেৱল মইহে দিওঁ যি আকৌ প্ৰায় লোপ হৈ যায়। পিতাহে আহি শুনাবলগীয়া হয়। ইয়াত মনুষ্যই অনেক শাস্ত্ৰ ৰচিছে। সত্যযুগত কোনো শাস্ত্ৰ নাথাকেই। তাত ভক্তিমাৰ্গ কিঞ্চিতো নাথাকে।

এতিয়া পিতাই কয় - তোমালোক মোৰ দ্বাৰাহে পতিতৰ পৰা পাৱন হব পাৰা। পাৱন সৃষ্টি নিশ্চয় স্থাপনা হব। মইতো সন্তানসকলকহে আহি ৰাজযোগ শিকাওঁ। দৈৱীগুণো ধাৰণ কৰিব লাগে। ঠেহ পতা, কন্দা এই সকলোবোৰ আসুৰিক স্বভাৱ। পিতাই কয় দুখ-সুখ, মান-অপমান সকলো সন্তানসকলে সহ্য কৰিব লাগে। স্পৰ্শকাতৰ হব নালাগে। মই অমুক স্থানত থাকিব নোৱাৰোঁ - এয়াও স্পৰ্শকাতৰতা হয়। এওঁৰ স্বভাৱ এনেকুৱা, এওঁ এনেকুৱা, তেনেকুৱা - এয়া একোৱে থাকিব নালাগে। মুখেৰে সদায় ফুলহে বৰষিব লাগে। কাঁইট উলিয়াব নালাগে। বহুত সন্তানৰ মুখেৰে কাঁইট ওলায় (কটু বচন কয়)। কাৰোবাক ক্ৰোধ কৰাতোও কাঁইট হয়। সন্তানসকলৰ পৰস্পৰৰ মাজত মনোমালিন্য বহুত হয়। দেহ-অভিমানী হোৱাৰ কাৰণে ইজনে সিজনৰ দোষ-ক্ৰটিবোৰ চাই থাকোঁতে নিজৰ মাজত অনেক প্ৰকাৰৰ দুৰ্বলতা থাকি যায়। সেইকাৰণে আকৌ সেৱাত ঢিলা হৈ যায়। বাবাই বুজি পায় - এয়াও নাটক (ড্ৰামা) অনুসৰি হয়। শুধৰণিওতো হব লাগে। সৈনিকসকল যেতিয়া যুদ্ধলৈ যায়, তেওঁলোকৰ কামেই হৈছে শত্ৰুৰ সৈতে যুদ্ধ কৰা। বানপানী হলে বা অন্য কোনো হুলস্থুল হলে তেতিয়াও সৈনিকসকলক মাতে। আকৌ সৈনিকসকলে শ্ৰমিক আদিৰো কামো কৰিবলৈ লাগি যায়। চৰকাৰে সৈনিকসকলক আদেশ দিয়ে - এই মাটিখিনি ভৰোৱা। যদিহে কোনোবা নাহে তেওঁক গুলিয়াই দিয়ে। চৰকাৰৰ আদেশ পালন কৰিবই লাগিব। পিতাই কয় তোমালোকো সেৱাৰ কাৰণে বান্ধ খাই আছা। পিতাই যতেই সেৱাৰ কাৰণে যাবলৈ কয়, তৎক্ষণাৎ উপস্থিত হব লাগে। যদি পালন নকৰা তেন্তে সৈনিক বুলি কোৱা নহব। তেওঁ তেতিয়া অন্তৰত অধিষ্ঠিত হব নোৱাৰে। সকলোকে বাৰ্তা দিয়াত তোমালোক পিতাৰ সহায়কাৰী হোৱা। এতিয়া ধৰি লোৱা কৰবাত ডাঙৰ সংগ্ৰহালয় (মিউজিয়াম) মুকলি কৰিছে, কয় যে 10 মাইল দূৰ হয়, সেৱাততো যাব লাগিব নহয় জানো। খৰচৰ কথা চিন্তা কৰিব লাগে জানো। ডাঙৰতকৈ ডাঙৰ চৰকাৰ বেহদৰ পিতাৰ আদেশ পোৱা যায়, যিজনৰ সোঁ-হাত আকৌ ধৰ্মৰাজ হয়। তেওঁৰ শ্ৰীমতত নচলিলে আকৌ অৱনমিত হৈ যায়। শ্ৰীমতে কয় নিজৰ দুচকুক মাৰ্জিত কৰা। কাম বিকাৰৰ ওপৰত বিজয়ী হবলৈ সাহস কৰিব লাগে। পিতাৰ হুকুম যদি আমি নামানো তেন্তে একেবাৰে চূৰ্ণাকৃত হৈ যাম। 21 জন্মৰ ৰাজ্য-ভাগ্যত লোকচান হৈ যাব। পিতাই কয় - মোক সন্তানসকলৰ বাহিৰেতো কেতিয়াও কোনেও জানিব নোৱাৰে। কল্পৰ পূৰ্বৰ সকলহে লাহে লাহে ওলাই থাকিব। এইবোৰ হৈছে একেবাৰে নতুন নতুন কথা। এয়া হৈছে গীতাৰ যুগ। কিন্তু শাস্ত্ৰত এই সংগমযুগৰ উল্লেখ নাই। গীতাকেই দ্বাপৰত লৈ গৈছে। কিন্তু যেতিয়া ৰাজযোগ শিকালে তেন্তে নিশ্চয় সংগম হব নহয় জানো। কিন্তু কাৰো বুদ্ধিত এই কথাবোৰ নাই। এতিয়া তোমালোকৰ জ্ঞানৰ নিচা বাঢ়ি আছে। মনুষ্যৰ হৈছে ভক্তি মাৰ্গৰ নিচা। তেওঁলোকে কয় - ভগৱানো যদি আহি যায় তথাপি আমি ভক্তি কৰিবলৈ এৰি নিদিওঁ। এই উত্থান আৰু পতনৰ ছিৰিৰ চিত্ৰখন বহুত ভাল, তথাপিও মনুষ্যৰ চকু মুকলি নহয়। মায়াৰ নিচাত একেবাৰে নিমগ্ন হৈ আছে। জ্ঞানৰ নিচা বহুত দেৰিকৈ লাগে। প্ৰথমেতো দৈৱীগুণো লাগে। পিতাৰ যিকোনো আদেশ পালে তেতিয়া কোনো অজুহাত দেখুৱাব নালাগে। এইটো মই কৰিব নোৱাৰোঁ, ইয়াক অবাধ্য হোৱা বুলি কোৱা হয়। শ্ৰীমত পোৱা যায় এনেকৈ এনেকৈ কৰিব লাগে, গতিকে বুজিব লাগে যে এয়া শিৱবাবাৰ শ্ৰেষ্ঠ মত। তেওঁ হয়েই সৎগতি দাতা। দাতাই কেতিয়াও ওলোটা মত নিদিব। পিতাই কয় - মই এওঁৰ বহুত জন্মৰ অন্তত প্ৰৱেশ কৰোঁ। এওঁতকৈও চোৱা লক্ষ্মী উচ্চত গুচি যায়। গায়নো আছে - স্ত্ৰীক আগত স্থান দিয়া হয়। প্ৰথমে লক্ষ্মী পিচত নাৰায়ণ। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা হৈ যায়। তোমালোকো এনেকুৱা শ্ৰেষ্ঠ হব লাগে। এই সময়ততো গোটেই জগতত ৰাৱণ ৰাজ্য। সকলোৱে কয় - ৰাম ৰাজ্য লাগে। এতিয়া হৈছে সংগম। যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল, তেতিয়া ৰাৱণ ৰাজ্য নাছিল, আকৌ কেনেকৈ পৰিৱৰ্তন হয় এয়া কোনেও নাজানে। সকলো ঘোৰ অন্ধকাৰত আছে। এনেকৈ ভাবে যে কলিযুগতো এতিয়া শিশু, বগুৱা বাই আছে। গতিকে মনুষ্য আৰুহে নিদ্ৰাত শুই আছে। এয়া আত্মিক জ্ঞান, আত্মিক পিতাইহে আত্মাসকলক দিয়ে। ৰাজযোগো শিকায়। কৃষ্ণক আত্মিক পিতা বুলি নকয়। তেওঁ এনেকৈ নকয় যে হে আত্মিক সন্তানসকল। এইটোও লিখা উচিত - আত্মিক জ্ঞানেৰে পৰিপূৰ্ণ পিতাই আধ্যাত্মিক জ্ঞান আত্মিক সন্তানসকলক দিয়ে।

পিতাই বুজায় - জগতৰ সকলো মনুষ্যই দেহ-অভিমানী। মই আত্মা হওঁ, এইটো কোনেও নাজানে। পিতাই কয় - কোনো আত্মাই লীন হৈ নাযায়। এতিয়া তোমালোক সন্তানসকলক বুজোৱা হয়, দশহৰা, দীপাৱলীনো কি হয়। মনুষ্যইতো যি পূজা আদি কৰে, সেই সকলোবোৰ অন্ধ বিশ্বাসৰ, যাক পুতলাৰ পূজা বুলি কোৱা হয়, পাথৰৰ পূজা বুলি কোৱা হয়। এতিয়া তোমালোক পাৰসবুদ্ধিৰ হোৱা গতিকে পাথৰৰ পূজা কৰিব নোৱাৰা। চিত্ৰৰ আগত গৈ মূৰ দোৱায়। একোৱেই নুবুজে। কয়ো যে জ্ঞান, ভক্তি আৰু বৈৰাগ্য। জ্ঞান আধাকল্প চলিল আকৌ ভক্তি আৰম্ভ হল। এতিয়া তোমালোকে জ্ঞান পোৱা সেয়েহে ভক্তিৰ প্ৰতি বৈৰাগ্য জন্মে। এই জগতখনেই পৰিৱৰ্তন হব। কলিযুগত ভক্তি। সত্যযুগত ভক্তি নাথাকে। তাত হয়েই পূজ্য। পিতাই কয় সন্তানসকল, তোমালোক কিয় নতশিৰ হোৱা। আধাকল্প তোমালোক নতশিৰ হলা, পইচাও হেৰুৱালা, একো নাপালা। মায়াই একেবাৰে মূৰৰ চুলি নোহোৱা কৰি দিলে। কঙাল কৰি পেলালে। আকৌ পিতা আহি সকলোৰে মূৰ ঠিক কৰি দিয়ে। এতিয়া লাহে লাহে কিছুমান ইউৰোপিয়ান লোকেও বুজিছে। পিতাই বুজাইছে- এই ভাৰতবাসীতো একেবাৰে তমোগুণী হৈ গল। বাকী অন্য ধৰ্মৰ লোকসকল তথাপি পাচত আহে। গতিকে সুখো কম, দুখো কম পায়। ভাৰতবাসীৰ সুখো বহুত আৰু দুখো বহুত। আৰম্ভণিতেই কিমান ধনৱান একেবাৰে বিশ্বৰ মালিক হয়। অন্য ধৰ্মৰ লোকসকল জানো প্ৰথমতেই ধনৱান হয়। পাচত বৃদ্ধি হৈ হৈ এতিয়া আহি ধনৱান হৈছেহি। এতিয়া আকৌ সকলোতকৈ ভিক্ষাৰী ভাৰত হৈ গৈছে। অন্ধ শ্ৰদ্ধাশীল ভাৰতেই হয়। এয়াও নাটক (ড্ৰামা) ৰচি থোৱা আছে। পিতাই কয় - যিখনক মই স্বৰ্গ কৰি গঢ়িলোঁ, সেইখন নৰক হৈ গল। মনুষ্যৰ বুদ্ধি বান্দৰ দৰে হৈ গল। মই আহি তেওঁলোকক মন্দিৰৰ যোগ্য কৰি তোলোঁ। বিকাৰ অতি কাঢ়া হয়। ক্ৰোধ কিমান আছে। তোমালোকৰ কোনো ক্ৰোধ থাকিব নালাগে। একেবাৰে মিঠা, শান্ত, অতি মিঠা হব লাগে। এইটোও জানা যে ৰজাৰ পদ পাওঁতা কোটিৰ ভিতৰত কোনোবাহে ওলায়। পিতাই কয় - মই আহিছোঁ তোমালোকক নৰৰ পৰা নাৰায়ণ কৰি তুলিবলৈ। তাৰ ভিতৰতো 8 (আঠ) ৰত্নৰ মহিমা গায়। 8 (আঠ) ৰত্ন আৰু মধ্যত বাবা। 8 (আঠ) গৰাকী হৈছে সন্মান সহকাৰে উত্তীৰ্ণ। সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। দেহ-অভিমান আঁতৰাবলৈ বৰ মেহনত হয়। দেহৰ বোধ একেবাৰে আঁতৰি যাব লাগে। কোনো কোনো যি দৃঢ় ব্ৰহ্ম জ্ঞানী আছে তেওঁলোকৰো এনেকুৱা হয়। বহি বহি দেহ ত্যাগ কৰে। বহি বহি এনেকৈ শৰীৰ ত্যাগ কৰে যে বায়ুমণ্ডল একেবাৰে শান্ত হৈ যায় আৰু প্ৰায়ভাগ ক্ষেত্ৰতে প্ৰভাতৰ শুদ্ধ সময়ত শৰীৰ ত্যাগ কৰে। ৰাতি মানুহে বহুত কুকৰ্ম কৰে, ৰাতিপুৱা স্নান আদি কৰি ভগৱান ভগৱান বুলি কবলৈ ধৰে। পূজা কৰে। পিতাই সকলো কথা বুজাই থাকে। প্ৰদৰ্শনী আদিতো তোমালোকে পোন প্ৰথমে অল্ফৰ (পিতাৰ) পৰিচয় দিবা। প্ৰথমে অল্ফ (পিতা) আৰু বে উত্তৰাধিকাৰ। পিতাতো এজনেই নিৰাকাৰ। ৰচয়িতা পিতায়ে বহি সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান বুজায়। সেইজন পিতায়ে কয় মামেকম্‌ স্মৰণ কৰা। দেহৰ সম্বন্ধ ত্যাগ কৰি নিজক আত্মা বুলি বুজি মামেকম্‌ স্মৰণ কৰা। পিতাৰ পৰিচয় তোমালোকে দিলে তেতিয়া কাৰো প্ৰশ্ন কৰাৰ সাহস নহব। প্ৰথমে পিতাৰ প্ৰতি নিশ্চয় দৃঢ় হৈ গলে তেতিয়া কবা যে এনেকৈয়ে 84 জন্ম লোৱা হয়। চক্ৰ বুজি পালে, পিতাক বুজি পালে তেতিয়া কোনো প্ৰশ্ন উত্থাপন নকৰিব। পিতাৰ পৰিচয় নিদিয়াকৈ বাকী তোমালোকে যদি টিক টিক কৰি থাকা তেতিয়া তোমালোকৰ বহুত সময় নষ্ট হৈ যায়। ডিঙিয়ে শুকাই যায়। পোন প্ৰথমে অল্ফৰ কথা কোৱা। টিক টিক কৰিলে জানো বুজি পাব। একেবাৰে সহজ ৰীতিৰে আৰু লাহে লাহে বুজাব লাগে, যিসকল দেহী-অভিমানী হব তেওঁলোকেই ভালকৈ বুজাব পাৰিব। ডাঙৰ ডাঙৰ সংগ্ৰহালয়ত (মিউজিয়ামত) ভালকৈ বুজাব পৰাসকলে সহায় কৰিব লাগে। কেইদিনমানৰ বাবে নিজৰ সেৱাকেন্দ্ৰ এৰি সহায় কৰিবলৈ আহি যাব লাগে। শেষলৈ সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লবলৈ কাৰোবাক বহুৱাই দিব লাগে। যদি কাকো নিজৰ সমানকৈ গাদীৰ তত্ত্বাৱধান লোৱাৰ যোগ্য কৰি তোলা নাই, তেন্তে পিতাই বুজিব যে কোনো কামৰ নহয়, সেৱা কৰা নাই। বাবালৈ লিখে সেৱা এৰি কেনেকৈ যাওঁ! হেৰ বাবাই হুকুম দিয়ে অমুক স্থানত প্ৰদৰ্শনী আছে সেৱাত যোৱা। যদি কাকো গাদীৰ তত্ত্বাৱধান লোৱাৰ যোগ্য কৰি তোলা নাই, তেন্তে তুমি কি কামৰ। বাবাই হুকুম দিলে তৎক্ষণাৎ দৌৰিব লাগে। মহাৰথী ব্ৰাহ্মণী বুলি তেওঁকেই কোৱা হয়। বাকীতো সকলো হৈছে অশ্বাৰোহী, পদাতিক। সকলোৱে সেৱাত সহায় কৰিব লাগে। ইমান বছৰত তুমি কাকো নিজৰ সমান কৰি তোলা নাই তেন্তে কি কৰিছিলা। ইমান সময়ে বাৰ্তাবাহক (মেচেঞ্জাৰ) তৈয়াৰ কৰা নাই, যিয়ে সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লব পাৰে। কেনেকুৱা কেনেকুৱা মনুষ্য আহে তেওঁলোকৰ সৈতে কথা পাতিবলৈও জ্ঞান থাকিব লাগে। মুৰুলীও নিশ্চয় নিতৌ পঢ়িব লাগে অথবা শুনিব লাগে। মুৰুলী নপঢ়িলা মানে অনুপস্থিত হৈ গলা। তোমালোক সন্তানসকলে বিশ্বত বেষ্টনী গঢ়ি তুলিব লাগে। তোমালোকে গোটেই বিশ্বৰ সেৱা কৰা নহয় জানো। পতিত সৃষ্টিক পাৱন কৰি তোলা মানে বেষ্টনী গঢ়ি তোলা হল নহয় জানো। সকলোকে মুক্তি-জীৱনমুক্তি ধামৰ ৰাস্তা দেখুৱাব লাগে, দুখৰ পৰা মুক্ত কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অতি মিঠা, শান্ত, অতি মিঠা স্বভাৱৰ হব লাগে। কেতিয়াও ক্ৰোধ কৰিব নালাগে। নিজৰ দুচকুক (দৃষ্টিক) বহুত বহুত মাৰ্জিত কৰিব লাগে।

(2) বাবাই যি আদেশ কৰে, তাক তৎক্ষণাৎ পালন কৰিব লাগে। গোটেই বিশ্বক পতিতৰ পৰা পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে অৰ্থাৎ বেষ্টনী গঢ়ি তুলিব লাগে।

বৰদান:
নিজৰ মহত্ব আৰু কৰ্তব্যক জানোঁতা সৰ্বদা জলন্ত জ্যোতি হোৱা

তোমালোক সন্তানসকল বিশ্বৰ জ্যোতি হোৱা, তোমালোকৰ পৰিৱৰ্তনৰ দ্বাৰা বিশ্বৰ পৰিৱৰ্তন হব সেয়েহে যি হৈ গল সেয়া হৈ গল এনেকৈ ভাবি নিজৰ মহত্ব আৰু কৰ্তব্যক জানি সৰ্বদা জলন্ত জ্যোতি হোৱা। তোমালোকে চেকেণ্ডত স্ব পৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তন কৰিব পাৰা। কেৱল অভ্যাস কৰা এতিয়াই কৰ্মযোগী, এতিয়াই কৰ্মাতীত স্থিতি। যিদৰে তোমালোকৰ ৰচনা কাছই চেকেণ্ডত সকলো অংগ সামৰি লয়। সেইদৰে তোমালোক মাষ্টৰ ৰচয়িতাই সামৰি লোৱাৰ শক্তিৰ আধাৰত চেকেণ্ডত সকলো সংকল্পক সামৰি এটা সংকল্পত স্থিত হৈ যোৱা।

স্লোগান:
স্নেহত লীন (লভলীন) স্থিতিৰ অনুভৱ কৰিবলৈ হলে স্মৃতি-বিস্মৃতিৰ যুদ্ধ সমাপ্ত কৰা।