15.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল কৰ্ম কৰি নিজক প্ৰেমিকা বুলি বুজি একমাত্ৰ মোক প্ৰেমিকক স্মৰণ কৰা, স্মৃতিৰেহে তোমালোক পাৱন হৈ পাৱন সৃষ্টিলৈ যাবা

প্ৰশ্ন:
মহাভাৰতৰ যুদ্ধৰ সময়ত তোমালোক সন্তানসকলে পিতাৰ কোনটো হুকুম (আজ্ঞা) পাইছা?

উত্তৰ:
সন্তানসকল, পিতাৰ হুকুম বা আজ্ঞা হৈছে দেহী-অভিমানী হোৱা। সকলোকে বাৰ্তা দিয়া যে এতিয়া পিতা আৰু ৰাজধানীক স্মৰণ কৰা। নিজৰ চাল-চলন শুধৰোৱা। অতি মিঠা (অমায়িক) হোৱা। কাকো দুখ নিদিবা। স্মৃতিত থকাৰ অভ্যাস কৰা আৰু স্বদৰ্শন চক্ৰধাৰী হোৱা। আগবাঢ়ি যোৱাৰ পুৰুষাৰ্থ কৰা।

ওঁম্শান্তি।
সন্তানসকল পিতাৰ স্মৃতিত বহি আছে। এনেকুৱাতো কোনো সৎসংগ নাই, যত কোনোবা বহে আৰু কয় যে সকলো সন্তান পিতাৰ স্মৃতিত বহি আছে। এনেকুৱা এটাই স্থান আছে। সন্তানসকলে জানে বাবাই নিৰ্দেশনা দিছে যে যেতিয়ালৈকে জীয়াই থাকা তেতিয়ালৈকে পিতাক স্মৰণ কৰি থাকা। এনেকৈ পাৰলৌকিক পিতাইহে কয় হে সন্তানসকল। সকলো সন্তানে শুনি আছে। কেৱল তোমালোক সন্তানসকলকেই নহয় কিন্তু সকলোকে কয়। সন্তানসকল পিতাৰ স্মৃতিত থাকিলে তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ যি পাপ আছে, যাৰ কাৰণে মামৰ (বিকাৰৰ লেপ) লাগিছে, সেই সকলোবোৰ আঁতৰি যাব আৰু তোমালোক আত্মা সতোপ্ৰধান হৈ যাবা। তোমালোক আত্মা আচলতে সতোপ্ৰধান আছিলাই আকৌ ভূমিকা পালন কৰি কৰি তমোপ্ৰধান হৈ গৈছা। এইষাৰ মহাবাক্য পিতাৰ বাহিৰে আন কোনেও কব নোৱাৰে। লৌকিক পিতাৰ হয়তো দুই-চাৰিটা সন্তান হব। তেওঁলোকক কব ৰাম ৰাম বুলি কোৱা বা পতিত-পাৱন সীতাৰাম বুলি কোৱা অথবা কব কৃষ্ণক স্মৰণ কৰা। এনেকৈ নকব হে সন্তানসকল, এতিয়া মোক পিতাক স্মৰণ কৰা। পিতাতো ঘৰত আছে। স্মৰণ কৰাৰ কথাই নাই। এয়া বেহদৰ পিতাই কয় জীৱৰ আত্মাসকলক। আত্মাসকলেই পিতাৰ সন্মুখত বহি আছে। আত্মাসকলৰ পিতা এবাৰেই আহে। 5 হাজাৰ বছৰৰ পাছত আত্মাসকল আৰু পৰমাত্মা মিলিত হয়। পিতাই কয় - মই কল্পই কল্পই আহি এই পাঠ পঢ়াওঁ। হে সন্তানসকল, তোমালোকে মোক স্মৰণ কৰি আহিছা হে পতিত-পাৱন আহক। মই নিশ্চয় আহোঁ। নহলে কিমানলৈকে স্মৰণ কৰি থাকিব। সীমাতো নিশ্চয় থাকিব নহয় জানো! মনুষ্যই এইটো নাজানে যে কলিযুগৰ সময় সীমা কেতিয়া পূৰা হয়। এইটোও পিতাইহে কব লাগে। পিতাৰ বাহিৰেতো কোনেও নকব যে হে সন্তানসকল, মোক স্মৰণ কৰা। মুখ্য হৈছেই স্মৃতিৰ কথা। ৰচনাৰ চক্ৰকো স্মৰণ কৰাতো কোনো ডাঙৰ কথা নহয়। কেৱল পিতাক স্মৰণ কৰিবলৈ পৰিশ্ৰম হয়। পিতাই কয় আধাকল্প হৈছে ভক্তিমাৰ্গ, আধাকল্প হৈছে জ্ঞানমাৰ্গ। জ্ঞানৰ প্ৰালব্ধ তোমালোকে আধাকল্প পাইছা পুনৰ আধাকল্প ভক্তিৰ প্ৰালব্ধ। সেয়া হৈছে সুখৰ প্ৰালব্ধ, সেয়া হৈছে দুখৰ প্ৰালব্ধ। দুখ আৰু সুখৰ খেল ৰচি থোৱা আছে। নতুন সৃষ্টিত সুখ, পুৰণি সৃষ্টিত দুখ। মনুষ্যই এই কথাবোৰ একো গম নাপায়। কয়ো আমাৰ দুখ হৰণ কৰক, সুখক দিয়ক। আধাকল্প ৰাৱণ ৰাজ্য চলে। এইটোও কোনেও গম নাপায় পিতাৰ বাহিৰে অন্য কোনেও দুখ দূৰ কৰিব নোৱাৰে। শৰীৰৰ বেমাৰ আদি চিকিৎসকে দূৰ কৰে, সেয়া হৈ গল অল্পকালৰ বাবে। এয়াতো হল স্থায়ী, আধাকল্পৰ বাবে। নতুন সৃষ্টিক স্বৰ্গ বুলি কোৱা হয়। নিশ্চয় তাত সকলো সুখী হব। আকৌ বাকী ইমানবোৰ আত্মা কত থাকিব? এইটো কাৰো খেয়ালত নাহে। তোমালোকে জানা এয়া নতুন পঢ়া, পঢ়াওঁতাজনো নতুন। ভগৱানুবাচ, মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। যথাযথ এইটোও হয় যে সত্যযুগত এটাই ধৰ্ম থাকে তেন্তে নিশ্চয় বাকী সকলোবোৰ বিনাশ হৈ যাব। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি বুলি কাক কোৱা হয়, সত্যযুগত কোন থাকে এইটোও এতিয়া তোমালোকে জানা। সত্যযুগত এক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ ৰাজ্য আছিল। কালিৰহে কথা। এইটো কাহিনী 5 হাজাৰ বছৰৰ। পিতাই কয় 5 হাজাৰ বছৰ পূৰ্বে ভাৰতত এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। তেওঁলোকে 84 জন্ম লৈ লৈ এতিয়া পতিত হৈছে সেইবাবে এতিয়া আহ্বান কৰে যে আহি পাৱন কৰি তোলক। নিৰাকাৰী সৃষ্টিততো সকলো পাৱন আত্মা থাকে। পুনৰ তললৈ আহি ভূমিকা পালন কৰে তেতিয়া সতো, ৰজো, তমোত আহে। সতোপ্ৰধানক নিৰ্বিকাৰী বুলি কোৱা হয়। তমোপ্ৰধানে নিজক বিকাৰী বুলি কয়। বুজি পায় এই দেৱী-দেৱতাসকল নিৰ্বিকাৰী আছিল, আমি বিকাৰী সেইবাবে পিতাই কয় যিসকল দেৱতাসকলৰ পূজাৰী তেওঁলোকৰ এই জ্ঞান তৎক্ষণাৎ বুদ্ধিত ধাৰণ হব কিয়নো দেৱতা ধৰ্মাৱলম্বী হয়। এতিয়া তোমালোকে জানা আমি যিসকল পূজ্য আছিলোঁ, তেওঁলোকেই পূজাৰী হৈছে। যিদৰে খ্ৰীষ্টিয়ানসকলে যীশুখ্ৰীষ্টৰ পূজা কৰে কিয়নো সেই ধৰ্মাৱলম্বী হয়। তোমালোকো দেৱতাসকলৰ পূজাৰী গতিকে সেই ধৰ্মাৱলম্বী হলা। দেৱতাসকল নিৰ্বিকাৰী আছিল, তেওঁলোক এতিয়া বিকাৰী হৈছে। বিকাৰৰ বাবেই কিমান অত্যাচাৰ হয়।

পিতাই কয় মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হব আৰু তোমালোক সৰ্বদা সুখী হবা। ইয়াত হল সৰ্বদা দুখী। অল্পকালৰ সুখ আছে। তাততো সকলো সুখী হব। তথাপিও পদমৰ্যাদাত পাৰ্থক্য আছে নহয় জানো। সুখৰো ৰাজধানী আছে, দুখৰো ৰাজধানী আছে। পিতা যেতিয়া আহে তেতিয়া বিকাৰী ৰজাসকলৰ ৰাজত্বও শেষ হৈ যায় কিয়নো ইয়াৰ প্ৰালব্ধ পূৰা হৈ গল। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতাৰ শ্ৰীমতত চলিব লাগে। পিতাই কয় - যেনেদৰে মই শান্তিৰ সাগৰ হওঁ, প্ৰেমৰ সাগৰ হওঁ, তোমালোককো এনেকুৱা কৰি গঢ়ি তোলোঁ। এই মহিমা এজন পিতাৰ। কোনো মনুষ্যৰ মহিমা নহয়। তোমালোক সন্তানসকলে জানা পিতা পৱিত্ৰতাৰ সাগৰ হয়। আমি আত্মাসকলো যেতিয়া পৰমধামত থাকোঁ তেতিয়া পৱিত্ৰ হৈ থাকোঁ। এই ঈশ্বৰীয় জ্ঞান তোমালোক সন্তানসকলৰেই আছে অন্য কোনেও জানিব নোৱাৰে। যেনেকৈ ঈশ্বৰ জ্ঞানৰ সাগৰ, স্বৰ্গৰ উত্তৰাধিকাৰ দিওঁতা। তেওঁ সন্তানসকলক নিশ্চয় নিজৰ সমান কৰিও গঢ়ি তুলিব লাগিব। প্ৰথমে তোমালোকৰ ওচৰত পিতাৰ পৰিচয় নাছিল। এতিয়া তোমালোকে জানা পৰমাত্মা যাৰ ইমান মহিমা আছে তেওঁ আমাক এনেকুৱা উচ্চ কৰি গঢ়ি তোলে, গতিকে নিজক এনেকুৱা উচ্চ (শ্ৰেষ্ঠ) কৰি তুলিব লাগিব। কয় নহয় এওঁৰ বহুত ভাল দৈৱীগুণ আছে, যেন দেৱতা। কাৰোবাৰ স্বভাৱ শান্ত হলে, কাকো গালি আদি নিদিলে তেতিয়া তেওঁক ভাল ব্যক্তি বুলি কোৱা হয়। কিন্তু তেওঁ পিতাক, সৃষ্টি চক্ৰক নাজানে। এতিয়া পিতা আহি তোমালোক সন্তানসকলক অমৰলোকৰ মালিক কৰি তোলে। পিতাৰ বাহিৰে আন কোনেও নতুন সৃষ্টিৰ মালিক কৰি তুলিব নোৱাৰে। এয়া হৈছে পুৰণি সৃষ্টি, সেয়া হৈছে নতুন সৃষ্টি। তাত (সত্যযুগত) দেৱী-দেৱতাসকলৰ ৰাজধানী থাকে। কলিযুগত সেই ৰাজধানী নাই। বাকী অনেক ৰাজধানী আছে। এতিয়া পুনৰ অনেক ৰাজধানীৰ বিনাশ হৈ আৰু এখন ৰাজধানীৰ স্থাপন হব লাগে। নিশ্চয় যেতিয়া ৰাজধানী নাথাকে তেতিয়া পিতা আহি স্থাপনা কৰিব। সেয়াতো কেৱল পিতাৰ বাহিৰে অন্য কোনেও কৰিব নোৱাৰে। তোমালোক সন্তানসকলৰ পিতাৰ প্ৰতি কিমান মৰম থকা উচিত। যি পিতাই কব সেয়া নিশ্চয় কৰিম। এটাতো পিতাই কয় - মোক স্মৰণ কৰা আৰু সেৱা কৰা, অন্যক মাৰ্গ-দৰ্শন কৰা। যিসকল দেৱী-দেৱতা ধৰ্মাৱলম্বী হব তেওঁলোকৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব। আমি মহিমা কৰোৱেই এজন পিতাৰ। পিতাৰ গুণ আছে বাবেই পিতাহে আহি আমাক গুণৱান কৰি তোলে। পিতাই কয় - সন্তানসকল, অতি মিঠা (অমায়িক) হোৱা। সকলোকে মৰমেৰে বহি বুজোৱা। ভগৱানুবাচ মামেকম্ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰিলে তেতিয়া মই তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিম। তোমালোক এতিয়া ঘৰলৈ উভতি যাব লাগে। পুৰণি সৃষ্টিৰ মহাবিনাশ সন্মুখত থিয় হৈ আছে। আগতেও ভয়ানক মহাভাৰতৰ যুদ্ধ লাগিছিল। ভগৱানে ৰাজযোগ শিকাইছিল। এতিয়া অনেক ধৰ্ম আছে। সত্যযুগত এটা ধৰ্ম আছিল, যি এতিয়া প্ৰায় লোপ হৈ গৈছে। এতিয়া পিতা আহি অনেক ধৰ্মৰ বিনাশ কৰি, এক ধৰ্মৰ প্ৰতিষ্ঠা কৰে। পিতাই বুজায় - মই এই যজ্ঞ ৰচনা কৰোঁ, অমৰপুৰীলৈ যাবৰ বাবে তোমালোকক অমৰ কথা (কাহিনী) শুনাওঁ। অমৰলোকলৈ যাবলৈ হলে মৃত্যুলোকৰ নিশ্চয় বিনাশ হব। পিতা হয়েই নতুন সৃষ্টিৰ ৰচয়িতা। গতিকে পিতা নিশ্চয় ইয়ালৈ আহিব লাগে। এতিয়াতো বিনাশ জ্বালা সন্মুখত থিয় হৈ আছে। আকৌ তেতিয়া বুজিব আপোনালোকে সঁচা কথা কয় যথাযথ এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। এয়া প্ৰসিদ্ধ হয় গতিকে নিশ্চয় এই সময়ত ভগৱানো আছে। ভগৱান কেনেকৈ আহে, এইটোতো তোমালোকে কব পাৰা। তোমালোকে সকলোকে কোৱা যে আমাকতো পোনপটীয়াকৈ ভগৱানে বুজায়। তেওঁ কয় - তোমালোকে মোক স্মৰণ কৰা। সত্যযুগততো সকলো সতোপ্ৰধান, এতিয়া তমোপ্ৰধান। এতিয়া পুনৰ সতোপ্ৰধান হোৱা তেতিয়া মুক্তি-জীৱনমুক্তিত যাবা।

পিতাই কয় - কেৱল মোৰ স্মৃতিৰেই তোমালোক সতোপ্ৰধান হৈ সতোপ্ৰধান সৃষ্টিৰ মালিক হৈ যাবা। আমি আত্মিক পাণ্ডা, যাত্ৰা কৰোঁ মনমনাভৱৰ। পিতা আহি ব্ৰাহ্মণ ধৰ্ম, সূৰ্যবংশী চন্দ্ৰবংশী ধৰ্ম প্ৰতিষ্ঠা কৰে। পিতাই কয় যদি মোক স্মৰণ নকৰা তেন্তে জন্ম-জন্মান্তৰৰ পাপৰ বোজা আঁতৰি নাযাব। এইটো তোমালোকৰ অতিশয় মন দিবলগীয়া কথা। কৰ্ম কৰি, পেছাগত কাম-কাজ কৰি মোৰ প্ৰেমিকাসকল, তোমালোকে মোক প্ৰেমিকক স্মৰণ কৰা। প্ৰত্যেকেই নিজৰ পূৰা তত্ত্বাৱধান লব লাগে। পিতাক স্মৰণ কৰা। কোনো পতিত কৰ্ম নকৰিবা। ঘৰে ঘৰে পিতাৰ বাৰ্তা দি থাকা যে ভাৰত স্বৰ্গ আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এতিয়া হৈছে নৰক। নৰকৰ বিনাশৰ বাবে এয়া সেয়াই মহাভাৰত যুদ্ধ। এতিয়া দেহী-অভিমানী হোৱা। পিতাৰ আজ্ঞা মানক বা নামানক। মইতো আপোনালোকক বাৰ্তা শুনাবলৈ আহিছোঁ। পিতা হুকুম হৈছে - সকলোকে বাৰ্তা শুনোৱা। পিতাক সোধে কি সেৱা কৰোঁ, বাবাই কয় - বাৰ্তা দি থাকা। পিতাক স্মৰণ কৰা, ৰাজধানীক স্মৰণ কৰা। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। মন্দিৰবোৰলৈ যোৱা, গীতা পাঠশালাবোৰলৈ যোৱা। আগলৈ গৈ তোমালোকে বহুতক লগ পাই থাকিবা। তোমালোকে দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলৰ উন্নতিসাধন কৰিব লাগে।

পিতাই বুজায় - অতি মিঠা (অমায়িক) হোৱা। চলন বেয়া হলে তেতিয়া পদ ভ্ৰষ্ট হৈ যাব। কাকো দুখ নিদিবা, সময় বহুত কম। মৰমৰ প্ৰেমিক পিতাক স্মৰণ কৰা, যাৰ দ্বাৰা স্বৰ্গৰ ৰাজ্য-ভাগ্য পোৱা যায়। কোনোবাই যদি মুৰুলী শুনাব (জ্ঞান দিব) নোৱাৰে তেন্তে ছিৰিৰ চিত্ৰৰ আগত বহি কেৱল এইটো খেয়াল (চিন্তন) কৰা এনেকৈ এনেকৈ আমি জন্ম লওঁ, এনেকৈ চক্ৰ ঘূৰে তেতিয়া আপোনাআপুনি জ্ঞান শুনাব পৰা হৈ যাবা। যি কথা মনলৈ আহে, সেয়া বাহিৰলৈ নিশ্চয় ওলায়। স্মৰণ কৰিলে আমি পৱিত্ৰ হম আৰু নতুন সৃষ্টিত ৰাজত্ব কৰিম। এতিয়া আমাৰ আৰোহণ কলা। গতিকে অন্তৰ আনন্দিত হব লাগে। আমি মুক্তিধামলৈ গৈ আকৌ জীৱনমুক্তিত আহিম। বহুত শ্ৰেষ্ঠ উপাৰ্জন। পেছাগত কাম-কাজ লাগিলে কৰা - কেৱল বুদ্ধিৰে স্মৰণ কৰা। স্মৰণৰ অভ্যাস হৈ যাব লাগে। স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে। চলন বেয়া হলে তেতিয়া আকৌ ধাৰণা নহব। কাকো বুজাব নোৱাৰিবা। আগবাঢ়ি যোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। পিছুৱাই আহিব নালাগে। প্রদর্শনীত সেৱা কৰিলে বহুত আনন্দিত হবা। কেৱল কব লাগে যে পিতাই কয় - মোক স্মৰণ কৰা। দেহধাৰীসকলক স্মৰণ কৰিলে বিকৰ্ম হ'ব। উত্তৰাধিকাৰ দিওঁতা মই হওঁ। মই সকলোৰে পিতা হওঁ। ময়েই আহি তোমালোকক মুক্তি-জীৱনমুক্তিত লৈ যাওঁ। প্ৰদৰ্শনী মেলাত সেৱা কৰাৰ বহুত চখ থাকিব লাগে। সেৱাৰ প্ৰতি মনোযোগ দিব লাগে। সন্তানসকলৰ আপোনাআপুনি খেয়াল আহিব লাগে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) একমাত্ৰ পিতাৰ সৈতেই পূৰা প্ৰেম ৰাখিব লাগে। সকলোকে সঁচা মাৰ্গ দেখুৱাব লাগে। পেছাগত কাম-কাজ আদি কৰিও নিজৰ পূৰা তত্ত্বাৱধান লব লাগে। এজনৰ স্মৃতিত থাকিব লাগে।

(2) সেৱা কৰাৰ বহুত চখ থাকিব লাগে। নিজৰ চলন শুধৰাব লাগে, স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে।

বৰদান:
কৰণ-কৰাৱনহাৰৰ স্মৃতিৰ দ্বাৰা সহজযোগীৰ অনুভৱ কৰোঁতা সফলতামূৰ্ত হোৱা

যিকোনো কাৰ্য কৰোঁতে এইটোৱে যাতে স্মৃতি থাকে যে এইটো কাৰ্যৰ নিমিত্ত কৰি তোলোঁতা আধাৰ (বেকবোন) কোন। বিনা আধাৰেৰে কোনো কৰ্মত সফলতা পাব নোৱাৰি, সেয়েহে যিকোনো কাৰ্য কৰোঁতে কেৱল এইটোৱে ভাবা যে মই নিমিত্ত হওঁ, কৰাওঁতাজন স্বয়ং সৰ্ব সমৰ্থ পিতা। এইটো স্মৃতিত ৰাখি কর্ম কৰা তেতিয়া সহজ যোগৰ অনুভূতি হৈ থাকিব। তেতিয়া ইয়াৰ সহজ যোগে তাত সহজ ৰাজত্ব কৰাব। ইয়াৰ সংস্কাৰ তাত লৈ যাবা।

স্লোগান:
ইচ্ছাসমূহ প্ৰচ্ছায়াৰ সমান তোমালোকে পিঠি দি দিয়া তেতিয়া পিছে পিছে আহিব।