15.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল শান্তিৰ গুণ হৈছে সকলোতকৈ ডাঙৰ গুণ, সেইবাবে শান্তিৰে কোৱা, অশান্তি বিয়পাই দিয়াটো বন্ধ কৰা

প্ৰশ্ন:
সংগমযুগত পিতাৰ পৰা সন্তানসকলে কেনেধৰণৰ সম্পত্তি লাভ কৰে? গুণৱান সন্তানসকলৰ লক্ষণ কি হব?

উত্তৰ:
প্ৰথম সম্পত্তি লাভ কৰে জ্ঞানৰ, 2. শান্তিৰ, 3. গুণৰ। গুণৱান সন্তান সদায় আনন্দিত হৈ থাকিব। কাৰো অৱগুণ নাচাব, কাৰো বিৰুদ্ধে ওজৰ-আপত্তি নকৰিব, যাৰ অৱগুণ আছে তেওঁৰ সংগও নলব। কোনোবাই কিবা কলে শুনিও নুশুনা হৈ নিজৰ আনন্দত থাকিব।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়। প্ৰথমে তোমালোকে পিতাৰ পৰা জ্ঞান ৰূপী সম্পত্তি প্ৰাপ্ত কৰি আছা। পিতাৰ পৰাও গুণ গ্ৰহণ কৰিব লাগে আকৌ এই চিত্ৰবোৰৰ (লক্ষ্মী নাৰায়ণৰ) পৰাও গুণ গ্ৰহণ কৰিব লাগে। পিতাক শান্তিৰ সাগৰ বুলি কোৱা হয়। সেই বাবে শান্তিও ধাৰণ কৰিব লাগে। শান্তিৰ বাবেই পিতাই বুজায় ইজনে সিজনৰ সৈতে শান্তিৰে বাৰ্তালাপ কৰা। এই গুণটি গ্ৰহণ কৰা। জ্ঞানৰ গুণটো গ্ৰহণ কৰিয়েই আছা। এই জ্ঞান পঢ়িব লাগে। এই জ্ঞান কেৱল এই বিচিত্ৰ পিতাইহে পঢ়ায়। বিচিত্ৰ আত্মা (সন্তান) সকলে পঢ়ে। এয়া হৈছে ইয়াৰ নতুন বিশেষত্ব, যাৰ বিষয়ে আন কোনেও নাজানে। কৃষ্ণৰ নিচিনা দৈৱীগুণো ধাৰণ কৰিব লাগে। পিতাই বুজাইছে মই শান্তিৰ সাগৰ হওঁ সেই বাবে ইয়াত শান্তি স্থাপন কৰিব লাগে। অশান্তি শেষ হব লাগে। নিজৰ চলন নিৰীক্ষণ কৰিব লাগে - মই কিমানলৈকে শান্ত হৈ থাকো। বহুত পুৰুষলোক আছে যিসকলে শান্তি পছন্দ কৰে। এইটো বুজি পায় যে শান্ত হৈ থকাটো ভাল। শান্তি গুণটিও বহুত মহান। কিন্তু শান্তি কেনেকৈ স্থাপন হব, শান্তিৰ অৰ্থ কি এইতো ভাৰতবাসী সন্তানসকলে নাজানে। পিতাই ভাৰতবাসীসকলৰ বাবেই কব। পিতা আহেও ভাৰততে। এতিয়া তোমালোকে বুজি পোৱা যে আন্তৰিক শান্তিও থকা উচিত। এনেকুৱা নহয় যে কোনোবাই অশান্তিৰ সৃষ্টি কৰিলে নিজেও অশান্ত হৈ যাবা। নহয়, অশান্ত হোৱা এইটোও হৈছে অৱগুণ। অৱগুণ আঁতৰাব লাগে। প্ৰত্যেকৰ পৰা গুণ গ্ৰহণ কৰিব লাগে। অৱগুণৰ ফালে চাবও নালাগে। আৱাজ আদি শুনিলেও নিজে শান্ত হৈ থাকিব লাগে কিয়নো বাপ আৰু দাদা দুয়ো শান্ত হৈ থাকে। কেতিয়াও উত্তেজিত নহয়। চিঞৰ বাখৰ নকৰে। এওঁ ব্ৰহ্মাইও এইটো শিকিলে নহয় জানো। যিমানেই শান্ত হৈ থাকিবা, সিমানেই ভাল। শান্তিৰেহে স্মৰণ কৰিব পৰা যায়। অশান্তিত থকাসকলে স্মৰণ কৰিব নোৱাৰে। প্ৰত্যেকৰে পৰা গুণ গ্ৰহণ কৰিবই লাগে। দতাত্ৰয় (এজন হিন্দু সন্ত, তেওঁ সকলোৰে পৰা গুণ গ্ৰহণ কৰিছিল আৰু সকলোকে নিজৰ গুৰু বুলি জ্ঞান কৰিছিল) আদিৰ দৃষ্টান্তও এতিয়াৰে। দেৱতাসকলৰ নিচিনা গুণৱানতো কোনো নাথাকে। এটাই বিকাৰ হৈছে মুখ্য, তাৰ ওপৰত তোমালোক বিজয়ী হৈ আছা, বিজয়ী হৈয়ে থাকা। কৰ্মেন্দ্ৰিয়ৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। অৱগুণ বিলাক ত্যাগ কৰিব লাগে। চাবও নালাগে, কবও নালাগে। যাৰ গুণ আছে তেওঁৰ ওচৰতহে যাব লাগে। বহুত শান্ত মধুৰ হৈ থাকিব লাগে। অলপ কথাৰেই তোমালোকে বহুত কাম কৰিব পাৰা। সকলোৰে পৰা গুণ গ্ৰহণ কৰি গুণৱান হব লাগে। যিসকল বিচাৰ বুদ্ধি সম্পন্ন, জ্ঞানী তেওঁলোকে শান্তিত থকাতো পছন্দ কৰে। কিছুমান ভক্তলোক জ্ঞানীসকলতকৈও বিচাৰ বুদ্ধি সম্পন্ন আৰু বিনয়ী হয়। বাবাতো অনুভৱী নহয় জানো। এওঁ (ব্ৰহ্মা বাবা) যি গৰাকী লৌকিক পিতাৰ সন্তান আছিল, তেওঁ শিক্ষক আছিল, বহুত বিনয়ী আৰু শান্ত আছিল। কেতিয়াও ক্ৰোধৰ বশৱৰ্তী নহৈছিল। যেনেকৈ সাধু লোক হলে তেওঁৰ মহিমা কৰা হয়, ভগৱানক পাবৰ বাবে পুৰুষাৰ্থ কৰি নাথাকে জানো। কাশীত, হৰিদ্বাৰত গৈ থাকিবলৈ লয়। সন্তানসকল বহুত শান্ত আৰু মধুৰ হৈ থাকিব লাগে। ইয়াত যদি কোনোবা অশান্ত হৈ থাকে তেন্তে শান্তি বিলোৱাৰ নিমিত্ত হব নোৱাৰে। অশান্তিত থকাসকলৰ সৈতে কথাও পাতিব নালেগে। দূৰৈত থাকিব লাগে। পাৰ্থক্য নাই জানো। সেয়া বগলী আৰু সেয়া হংস। হংসই সদায় মুকুতা গ্ৰহণ কৰি থাকে। উঠোঁতে, বহোঁতে, চলোঁতে জ্ঞান মন্থন কৰি থাকিবা। গোটেই দিন বুদ্ধিত যাতে এইটোৱে থাকে - কাৰোবাক কেনেকৈ বুজাব পৰা যায়, পিতাৰ পৰিচয় কেনেকৈ দিব পৰা যায়।

পিতাই বুজাইছে - যিসকল সন্তান ইয়ালৈ আহে তেওঁলোকৰ দ্বাৰা ফৰ্ম (প্ৰপত্ৰ) পূৰোৱা হয়। সেৱাকেন্দ্ৰত যেতিয়া কোনোৱে কোৰ্চ কৰিবলৈ আহে তেতিয়া তেওঁৰ দ্বাৰা ফৰ্ম (প্ৰপত্ৰ) পূৰাব লাগে, কোৰ্চ নকৰিলে ফৰ্ম পূৰোৱাৰ দৰকাৰ নাই। ফৰ্ম এই কাৰণেই পূৰ কৰিব দিয়া হয় যাতে তোমালোকে এইটো জানিব পাৰা যে তেওঁলোকে কি ভাবে? তোমালোকে কি-কি বুজাবা? কিয়নো জগতত এই কথাবিলাক কোনেও বুজি নাপায়। গতিকে ফৰ্মৰ পৰা তেওঁলোকৰ বিষয়ে সকলো জানিব পাৰি। পিতাৰ সৈতে কোনোবা লগ কৰিব আহিলেও ফৰ্ম পূৰাব লাগে। তেতিয়া বুজিব পৰা যায় পিতাক কিয় লগ কৰিব বিচাৰে? কোনোবা আহিলে তেতিয়া তেওঁক হদ আৰু বেহদৰ পিতাৰ পৰিচয় দিব লাগে কিয়নো তোমালোকক বেহদৰ পিতা আহি নিজৰ পৰিচয় দিছে সেইবাবে তোমালোকে আকৌ আনকো পিতাৰ পৰিচয় দিয়া। তেখেতৰ নাম হৈছে শিৱবাবা। শিৱ পৰমাত্মায়ে নমঃ বুলি নকয় জানো। তেওঁলোকে কৃষ্ণক দেৱতায়ে নমঃ বুলি কব। শিৱক শিৱ পৰমাত্মায়ে নমঃ বুলি কব। পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোকৰ পাপ খণ্ডন হব। মুক্তি-জীৱন মুক্তিৰ উত্তৰাধিকাৰ পাবলৈ পবিত্ৰ আত্মা নিশ্চয় হবলগীয়া হয়। সেইখন হৈছেই পবিত্ৰ সৃষ্টি, যিখনক সতোপ্ৰধান সৃষ্টি বুলি কোৱা হয়। পিতাই কয় - তালৈ যদি যাব বিচৰা তেন্তে মোক স্মৰণ কৰা। এয়াতো বহুত সহজ। যিকোনো লোককে ফৰ্ম পূৰ কৰোৱাই তোমালোকে কোর্চ কৰোৱা। এদিন পূৰ কৰোৱা তাৰ পাছত বুজোৱা আকৌ ফৰ্ম পূৰোৱা, তেতিয়া বুজি পাবা যে তোমালোকে তেওঁক যি বুজালা সেয়া স্মৃতিত আছে নে নাই। তোমালোকে দেখিবা যে দুয়োটি দিনৰ ফৰ্মত পাৰ্থক্য নিশ্চয় থাকিব। তৎক্ষণাৎ তোমালোকে বুজিবা কি বুজি পালে? আমি যি বুজালোঁ তাৰ ওপৰত বিচাৰ কৰিলনে নে নাই? এই ফৰ্ম সকলোৰে লগত থাকিব লাগে। পিতাই মুৰুলীত নিৰ্দেশনা দিয়ে গতিকে ডাঙৰ-ডাঙৰ সেৱা কেন্দ্ৰসমূহে সেয়া তৎক্ষণাৎ কাৰ্যত ফলপ্ৰসূ কৰিব লাগে। ফৰ্ম ৰাখিব লাগে। নহলেনো কেনেকৈ জানিব পৰা যাব। নিজেও অনুভৱ কৰিব - কালি কি লিখিছিলোঁ, আজি কি লিখিছোঁ? ফৰ্মতো অতি আৱশ্যক। বেলেগ-বেলেগকৈ ছপালেও একো অসুবিধা নাই। নহলে এঠাইতে ছপা কৰি সকলো ফালে বিতৰণ কৰিব লাগে। এয়া হৈছে আনৰ কল্যাণ কৰা।

তোমালোক সন্তানসকল ইয়ালৈ দেৱী-দেৱতা হবলৈ আহিছা। দেৱতা শব্দটি অতি উচ্চ। দৈৱীগুণ ধাৰণ কৰাসকলক দেৱতা বুলি কোৱা হয়। এতিয়া তোমালোকে দৈৱীগুণ ধাৰণ কৰি আছাহঁক গতিকে যত প্ৰদৰ্শনী বা যাদুঘৰ আছে তাত বহুত ফৰ্ম থকা উচিত। তেতিয়া অৱস্থা কেনেকুৱা সেয়া জানিব পৰা যায়। বুজিলৈ পুনৰ বুজাব লাগে। সন্তানসকলেতো সদায় গুণৰহে বৰ্ণনা কৰিব লাগে, অৱগুণ কেতিয়াও নহয়। তোমালোক গুণৱান নোহোৱা জানো! যাৰ বহুত গুণ থাকিব তেওঁ আনকো বিলাব। অৱগুণ থকাসকলে কেতিয়াও গুণ বিলাব নোৱাৰে। সন্তানসকলে জানে যে এতিয়া বেছি সময় নাই। পুৰুষার্থ বহুত কৰিব লাগে। পিতাই বুজাইছে তোমালোকে নিতৌ ফুৰা-চকা কৰা, যাত্ৰা কৰি থাকা। এয়া যি গায়ন আছে অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপীসকলক সোধা এয়া শেষৰ ফালৰ কথা। এতিয়াতো ক্ৰমানুসৰি। কিছুমানেতো ভিতৰতে আনন্দৰ গীত গাই থাকে অহো! পৰমপিতা পৰমাত্মাক আমি পাইছো, তেওঁৰ পৰা আমি উত্তৰাধিকাৰ লওঁ। তেওঁলোকৰ ওচৰত কোনো ওজৰ-আপত্তি থাকিব নোৱাৰে। কোনোবাই কিবা কলে সেয়া শুনিও তালৈ ভ্ৰূক্ষেপ নকৰি নিজৰ আনন্দত মতলীয়া হৈ থাকিব লাগে। কোনো ৰোগ বা দুখ আদি হলে তোমালোক কেৱল স্মৃতিত থাকা। এই হিচাপ-নিকাচ এতিয়াই নিষ্পত্তি কৰিব লাগিব তেতিয়া তোমালোক 21জন্ম ফুল হৈ যোৱা। তাত দুখৰ কথাই নাথাকিব। গায়নো কৰা হয় - আনন্দৰ নিচিনা খোৰাক (পথ্য) নাই। তেতিয়া এলাহ আদি সকলো আঁতৰি যায়, এয়া হল সঁচা আনন্দ, সেয়া হল মিছা। ধন পালে, আ-অলংকাৰ পালে তেতিয়া আনন্দিত হৈ যাব। এয়া হৈছে বেহদৰ কথা। তোমালোকতো অপাৰ আনন্দিত হৈ থাকিব লাগে। এইটো জানা যে 21জন্মৰ বাবে সদায় সুখী হৈ থাকিম। এইটো স্মৃতিত থাকিবা - আমি কি হমগৈ। বাবা বুলি কোৱাৰ লগে লগে দুখ দূৰ হৈ যোৱা উচিত। এয়াতো হৈছে 21জন্মৰ আনন্দ। এতিয়া কেইটামান দিনহে বাকী আছে। আমি নিজৰ সুখধামলৈ যাওঁ। আৰু যাতে একোৱে স্মৃতিত নাথাকে। এই পিতাই নিজৰ অনুভৱ শুনায়। কিমান খবৰ আহে, হাইকাজিয়া চলি থাকে। পিতাৰ জানো কিবা কথাৰ বাবে দুখ হয়! শুনিলে, ঠিক আছে এয়া হবলগীয়া আছিল। এয়াতো একোৱেই নহয়, আমিতো অসীম খাজনাৰ মালিক হমগৈ। নিজৰ সৈতে বাৰ্তালাপ কৰিলেহে আনন্দ পোৱা যায়। যি অতি শান্ত হৈ থাকে তেওঁৰ চেহেৰা প্ৰফুল্লিত হৈ থাকিব। স্কলাৰশ্বিপ (বৃত্তি) আদি পালে তেতিয়া চেহেৰা কিমান হৰ্ষিত হৈ থাকে। এই লক্ষ্মীনাৰায়ণৰ নিচিনা হৰ্ষিত মুখৰ হবলৈ তোমালোকেও পুৰুষাৰ্থ কৰি আছা। তেওঁলোকৰতো জ্ঞান নাই। তোমালোকৰতো জ্ঞানো আছে গতিকে আনন্দিত হৈ থাকিব লাগে। হৰ্ষিত স্বভাৱৰ হব লাগে। এই দেৱতাসকলতকৈ তোমালোক বহুত উচ্চ। জ্ঞানৰ সাগৰ পিতাই আমাক কিমান উচ্চ জ্ঞান দিয়ে। অবিনাশী জ্ঞান ৰত্নৰ লটাৰি পাই আছা তেন্তে কিমান আনন্দিত হৈ থাকিব লাগে। তোমালোকৰ এইটো জন্ম হীৰা তুল্য বুলি গায়ন কৰা হয়। জ্ঞানেৰে পৰিপূৰ্ণ বুলি পিতাকহে কোৱা হয়। এই দেৱতাসকলক কোৱা নহয়। তোমালোক ব্ৰাহ্মণসকলহে জ্ঞানেৰে পূৰ্ণ হোৱা, সেই বাবেই তোমালোক জ্ঞানৰ আনন্দত থাকা। এফালেতো পিতাক পোৱাৰ আনন্দ থাকে। তোমালোকৰ বাহিৰে আন কাৰো এই আনন্দ থাকিব নোৱাৰে। ভক্তি মাৰ্গত আচল সুখ নাথাকে। ভক্তি মাৰ্গৰ সুখ কৃত্ৰিম আৰু খন্তেকীয়া। সেইখনৰ নামেই হৈছে স্বৰ্গ, সুখধাম আৰু হেভেন। তাত অপাৰ সুখ, ইয়াত অপাৰ দুখ। এতিয়া সন্তান সকলে জানিব পাৰে - ৰাৱণ ৰাজ্যত আমি কিমান ছিঃছিঃ হৈ গলো। লাহে-লাহে অৱনমিত হৈ আহিছোঁ। এইখন হৈছেই বিষয় সাগৰ। এতিয়া পিতাই এই বিহৰ সাগৰৰ পৰা উলিয়াই তোমালোকক ক্ষীৰ সাগৰলৈ লৈ যায়। সন্তানসকলৰ ইয়াত বহুত মিঠা লাগে কিন্তু পাহৰি গলে কি অৱস্থা হৈ যায়। পিতাই কিমান সীমাহীন আনন্দিত কৰি দিয়ে। এই জ্ঞান অমৃতৰে গায়ন আছে। জ্ঞান অমৃতৰ গিলাছ পান কৰি থাকিব লাগে। ইয়াত তোমালোকৰ বহুত ভাল নিচা থাকে আকৌ বাহিৰলৈ ওলাই গলে সেই নিচা কম হৈ যায়। বাবাই নিজেই অনুভৱ কৰে, ইয়াত সন্তানসকলৰ ভাল অনুভৱ হয় - আমি নিজৰ ঘৰলৈ যাওঁ, আমি পিতাৰ শ্ৰীমতত ৰাজধানী স্থাপনা কৰি আছোঁ। আমি অতি শক্তিশালী যোদ্ধা। এই সকলো জ্ঞান বুদ্ধিত আছে, যাৰ দ্বাৰা তোমালোকে ইমান পদ প্ৰাপ্ত কৰা। চোৱাচোন কোনে পঢ়ায়! বেহদৰ পিতাই একেবাৰে পৰিৱৰ্তন কৰি দিয়ে। তেন্তে সন্তানসকলৰ অন্তৰ কিমান যে আনন্দিত হব লাগে। এইটোও অন্তৰত উদয় হব লগে যে আনকো আনন্দিত কৰি তোলোঁ। ৰাৱণৰ পৰা অভিশাপ আৰু পিতাৰ পৰা সম্পত্তি প্ৰাপ্ত হয়। তোমালোক ৰাৱণৰ অভিশাপৰ কাৰণে কিমান যে অশান্ত আৰু দুখী হৈ গলা। বহুত গোপো (ভ্ৰাতৃ) আছে যিয়ে অন্তৰেৰে সেৱা কৰিব বিচাৰে। কিন্তু (জ্ঞান) কলহ মাতাসকলেহে পায়। শক্তিৰ দল নহয় জানো। বন্দে মাতৰম্‌ বুলি গায়ন কৰা হয়। লগতে বন্দে পিতৰমতো আছেই। কিন্তু নাম মাতাসকলৰ। প্ৰথমে লক্ষ্মী পিছত নাৰায়ণ। প্ৰথমে সীতা পিছত ৰাম। ইয়াত প্ৰথমে পুৰুষৰ পিছতহে স্ত্ৰীৰ নাম লিখে। এয়াও খেল নহয় জানো। পিতাই বুজাওঁতেতো সকলো কথাই বুজায়। ভক্তি মাৰ্গৰ ৰহস্যও বুজায়। ভক্তিত যে কি কি হৈ থাকে। যেতিয়ালৈকে জ্ঞান পোৱা নাযায় তেতিয়ালৈকে বুজি নাপায়। এতিয়া তোমালোক সকলোৰে চৰিত্ৰৰ শুধৰণি হয়। তোমালোকৰ দৈৱী চৰিত্ৰ গঠন হৈ আছে। 5 বিকাৰৰ বাবে চৰিত্ৰ আসুৰী হৈ যায়। কিমান যে পৰিৱৰ্তন হয়। গতিকে পৰিৱৰ্তন হব নালাগে জানো। শৰীৰ এৰিবলগীয়া হলে পৰিৱৰ্তন হব পাৰিবা জানো। পিতাৰ শক্তি আছে কিমানক যে পৰিৱৰ্তন কৰায়। কিছুমান সন্তানে নিজৰ অনুভব শুনায় - মই বহুত কামী, মদাহী আছিলো মোৰ বহুত পৰিৱৰ্তন হৈ গল। এতিয়া মই বহুত স্নেহৰে থাকো। প্ৰেমৰ চকুলোও ওলাই আহে। পিতাই বহুত কথাই বুজায় কিন্তু এই সকলোবোৰ কথা পাহৰি যায়। নহলেতো সীমাহীন আনন্দৰ থাকিব। মই বহুতৰে কল্যাণ কৰিম। মনুষ্য বহুত দুখী, তেওঁলোকক মাৰ্গ-দৰ্শন কৰাওঁ। বুজাবলৈও কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। গালিও শুনিবলগীয়া হয়। প্ৰথমৰ পৰাই এইটো দৃষ্টিভংগী আছে যে ভ্ৰাতৃ-ভগ্নী কৰি দিয়ে। হেৰ ভ্ৰাতৃ-ভগ্নীৰ সমন্ধতো ভাল নহয় জানো। তোমালোক আত্মাসকলতো ভাই-ভাই হোৱা। কিন্তু তথাপিও জন্ম-জন্মান্তৰৰ দৃষ্টি যি দৃঢ় হৈ গৈছে সেয়া আঁতৰিয়ে নাযায়। বাবাৰ ওচৰলৈ খা-খবৰ বহুত আহে। পিতাই বুজায় - এই ছিঃছিঃ জগতৰ পৰা তোমালোকৰ অন্তৰৰ আকৰ্ষণ আঁতৰি যোৱা উচিত। গুল-গুল (ফুল) হব লাগে। কিমানে জ্ঞান শুনিও পাহৰি যায়। সকলো জ্ঞান উৰি যায়। কাম মহা শত্ৰু নহয় জানো। বাবাতো বহুত অনুভৱী হয়। এই বিকাৰৰ বাবেই ৰজাসকলে নিজৰ ৰাজ্য হেৰুৱাইছে। কাম বিকাৰ বহুত বেয়া। সকলোৱেই কয়ো যে বাবা এই কাম অতি কাঢ়া শত্ৰু। পিতাই কয় - কাম বিকাৰৰ ওপৰত বিজয়ী হলে তোমালোক বিশ্বৰ মালিক হবাগৈ। কিন্তু এই কাম বিকাৰ ইমান কাঢ়া যে প্ৰতিজ্ঞা কৰিও আকৌ বাগৰি পৰে। কাচিৎহে কাৰোবাৰ শুধৰণি হয়। এই সময়ত গোটেই জগতৰে চৰিত্ৰৰ অধঃপতন হৈছে। পবিত্ৰ সৃষ্টি কেতিয়া আছিল, কেনেকৈ হল, এওঁলোকে ৰাজ্য-ভাগ্য কেনেকৈ পালে, এই কথাবোৰ কেতিয়াও কোনেও কব নোৱাৰে। এনেকুৱা সময় আহিব তোমালোক বিলাত আদিলৈও যাবা। তেওঁলোকেও শুনিব পেৰাদাইজ (স্বৰ্গ) কেনেকৈ স্থাপন হয়। তোমালোকৰ বুদ্ধিত এই সকলোবোৰ কথা ভালদৰে আছে। গতিকে তোমালোকৰ এতিয়া এইটোৱে চিন্তা থকা উচিত, অন্য সকলো কথা পাহৰি যাব লাগে।

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) উঠোঁতে, বহোঁতে, চলোঁতে জ্ঞান মন্থন কৰি মুকুতা গ্ৰহণ কৰোঁতা হংস হব লাগে। সকলোৰে পৰা গুণ গ্ৰহণ কৰিব লাগে। ইজনে সিজনক মাজত গুণৰহে আদান-প্ৰদান কৰিব লাগে।

(2) নিজৰ চেহেৰা সদায় প্ৰফুল্লিত কৰি ৰাখিবলৈ নিজে নিজৰ সৈতে কথা পাতিব লাগে অহো! মই অসীম খাজনাৰ মালিক হৈ আছো। জ্ঞান সাগৰ পিতাৰ দ্বাৰা মই জ্ঞান ৰত্নৰ লটাৰি প্ৰাপ্ত কৰি আছো।

বৰদান:
সদায় সন্তুষ্ট হৈ থাকি নিজৰ দৃষ্টি, বৃত্তি আৰু কৃতিৰ দ্বাৰা সন্তুষ্টতাৰ অনুভূতি কৰাওঁতা সন্তুষ্টমণি হোৱা

ব্ৰাহ্মণ কূলত সেইজনেই বিশেষ আত্মা হয় যিয়ে সদায় সন্তুষ্টতাৰ বিশেষত্বৰ দ্বাৰা নিজেও সন্তুষ্ট হৈ থাকে আৰু দৃষ্টি বৃত্তি আৰু কৃতিৰ দ্বাৰা আনকো সন্তুষ্টতাৰ অনুভৱ কৰায়, তেৱেঁই সন্তুষ্টমণি যি সদায় সংকল্প, বচন, সংগঠনৰ সমন্ধ-সম্পৰ্ক বা কৰ্মত বাপদাদাৰ দ্বাৰা নিজৰ ওপৰত সন্তুষ্টতাৰ সোণালী পুষ্পৰ বৰ্ষা অনুভৱ কৰে। এনেকুৱা সন্তুষ্ট মণিসকলেই বাপদাদাৰ ডিঙিৰ হাৰ হৈ যায়, ৰাজ্য অধিকাৰী হৈ যায় আৰু ভক্তসকলৰ জপ কৰা মালা হৈ যায়।
 

স্লোগান:
নিগেটিভ্ (নেতিবাচক) আৰু ৱেষ্ট (অদৰকাৰী) সমাপ্ত কৰি পৰিশ্ৰমৰ পৰা মুক্ত হোৱা।