15.11.20    Avyakt Bapdada     Assame Murli     18.01.87     Om Shanti     Madhuban


*কৰ্মাতীত স্থিতিৰ লক্ষণসমূহ*


আজি অব্যক্ত বাপদাদাই নিজৰ অব্যক্ত স্থিতি ভৱৰ বৰদানী সন্তানসকলক বা অব্যক্ত ফৰিস্তাসকলক সাক্ষাৎ কৰিবলৈ অহিছেহঁক। এই অব্যক্ত মিলন এই গোটেই কল্পত এতিয়া এবাৰেই সংগমত হয়। সত্যযুগতো দেৱমিলন হব কিন্তু অব্যক্ত ফৰিস্তাৰ মিলন, অব্যক্ত মিলন এই সময়তহে হয়। নিৰাকাৰ পিতাইও অব্যক্ত ব্ৰহ্মা পিতাৰ দ্বাৰা মিলন মনায়। নিৰাকাৰৰো এই ফৰিস্তাৰ ৰঙ্গমঞ্চ অতি প্ৰিয় হয়, সেইবাবে নিজৰ ধাম এৰি আকাৰী বা সাকাৰী জগতত মিলন মনাবলৈ আহিছে। ফৰিস্তা সন্তানসকলৰ স্নেহৰ আকৰ্ষণত পিতাইও ৰূপ সলনি কৰি, বেশ সলনি কৰি সন্তানসকলৰ সংসাৰত আহিবলগীয়াই হয়। এই সংগমযুগ পিতা আৰু সন্তানসকলৰ অতি মৰমৰ আৰু অতি উপৰাম সংসাৰ হয়। স্নেহ সকলোতকৈ অধিক আকৰ্ষিত কৰাৰ শক্তি হয় যিয়ে পৰম-আত্মা, বন্ধনমুক্তজনকো, শৰীৰৰ পৰা মুক্তজনকো স্নেহৰ বন্ধনত বান্ধি লয়, অশৰীৰীজনকো ধাৰলৈ লোৱা শৰীৰধাৰী বনাই দিয়ে। এয়াই হৈছে সন্তানসকলৰ স্নেহৰ প্ৰত্যক্ষ প্ৰমাণ।

আজিৰ দিনটো চাৰিওফালৰ অনেক সন্তানৰ স্নেহৰ ধাৰা, স্নেহৰ সাগৰত সমাহিত হোৱাৰ দিন। সন্তানসকলে কয় আমি বাপদাদাক সাক্ষাৎ কৰিব আহিছোঁ। সন্তানসকল সাক্ষাৎ কৰিব আহিছা? নে সন্তানসকলক পিতাই সাক্ষাৎ কৰিব আহিছে? নে উভয়ে মধুবনত সাক্ষাৎ কৰিব আহিছে। সন্তানসকল স্নেহৰ সাগৰত স্নান কৰিব আহিছে কিন্তু পিতা হাজাৰ হাজাৰ গংগাত স্নান কৰিবলৈ আহিছে সেইবাবে গংগা-সাগৰৰ মেলা বিচিত্ৰ মেলা হয়। স্নেহৰ সাগৰত সমাহিত হৈ সাগৰৰ সমান হৈ যায়। আজিৰ দিনটোক পিতাৰ সমান হোৱাৰ স্মৃতি অৰ্থাৎ সমৰ্থ-দিৱস বুলি কোৱা হয়। কিয়? আজিৰ দিনটো ব্ৰহ্মা পিতাৰ সম্পন্ন আৰু সম্পূৰ্ণ পিতাৰ সমান হোৱাৰ স্মৃতি দিৱস হয়। ব্ৰহ্মা সন্তান তথা পিতা, কিয়নো ব্ৰহ্মা সন্তানো হয়, পিতাও হয়। আজিৰ দিনটোত ব্ৰহ্মাই সন্তানৰ ৰূপত সু-সন্তান হোৱাৰ প্ৰমাণ দিলে স্নেহৰ স্বৰূপৰ, সমান হোৱাৰ প্ৰমাণ দিলে; অতি মৰমৰ আৰু অতি উপৰামৰ প্ৰমাণ দিলে; পিতাৰ সমান কৰ্মাতীত অৰ্থাৎ কৰ্মৰ বন্ধনৰ পৰা মুক্ত, উপৰাম হোৱাৰ প্ৰমাণ দিলে; গোটেই কল্পৰ কৰ্মৰ হিচাপ-নিকাচৰ পৰা মুক্ত হোৱাৰ প্ৰমাণ দিলে। কেৱল সেৱাৰ বাহিৰে অন্য কোনো বন্ধন নাই। সেৱাতো সেৱাৰ বন্ধনত বান্ধ খাওঁতা সেৱাধাৰী নহয় কিয়নো সেৱাত কোনোবাই বন্ধনমুক্ত হৈ সেৱা কৰে আৰু কোনোবাই বন্ধনযুক্ত হৈ সেৱা কৰে। সেৱাধাৰী ব্ৰহ্মা পিতাও হয়। কিন্তু সেৱাৰ দ্বাৰা হদৰ (সীমিত) মাৰ্জিত (ৰয়েল) ইচ্ছাবোৰে সেৱাতো হিচাপ-নিকাচৰ বন্ধনত বান্ধে। কিন্তু সঁচা সেৱাধাৰী এই হিচাপ-নিকাচৰ পৰাও মুক্ত হয়। ইয়াকেই কৰ্মাতীত স্থিতি বুলি কোৱা হয়। যিদৰে দেহৰ বন্ধন, দেহৰ সম্বন্ধৰ বন্ধন, সেইদৰে সেৱাত স্বাৰ্থ - এই বন্ধনেও কৰ্মাতীত হোৱাত বিঘ্ন আনে। কৰ্মাতীত হোৱা অৰ্থাৎ এই ৰয়েল হিচাপ-নিকাচৰ পৰাও মুক্ত।

বেছিসংখ্যকেই নিমিত্ত গীতা-পাঠশালাৰ সেৱাধাৰী আহিছা নহয়। গতিকে সেৱা অৰ্থাৎ আনকো মুক্ত কৰি তোলা। আনক মুক্ত কৰোঁতে নিজক বন্ধনততো বান্ধি নেপেলোৱা? নষ্টোমোহা হোৱাৰ সলনি, লৌকিক সন্তান আদি সকলোৰে পৰা মোহ ত্যাগ কৰি বিদ্যাৰ্থীৰ (ষ্টুডেণ্টৰ) প্ৰতিটো মোহ নাজাগে? এওঁ বহুত ভাল, বহুত ভাল, ভাল ভাল বুলি ভাবি মোৰ বোধৰ ইচ্ছাৰ বন্ধনততো বান্ধ খাই নোযোৱা? সোণৰ শিকলিটো ভাল নালাগে নহয়নে? গতিকে আজিৰ দিনটো হদৰ মোৰ মোৰৰ পৰা মুক্ত হোৱাৰ অৰ্থাৎ কৰ্মাতীত হোৱাৰ অব্যক্ত দিৱস পালন কৰা। ইয়াকেই স্নেহৰ প্ৰমাণ বুলি কোৱা হয়। কৰ্মাতীত হোৱা এইটো লক্ষ্যতো সকলোৰে ভাল। এতিয়া পৰীক্ষা কৰা - কিমানলৈকে কৰ্মৰ বন্ধনৰ পৰা উপৰাম হৈছা? প্ৰথম কথা - লৌকিক আৰু অলৌকিক, কৰ্ম আৰু সম্বন্ধ দুয়োটিৰে পৰা স্বাৰ্থ ভাৱৰ পৰা মুক্ত। দ্বিতীয় কথা - পূৰ্বৰ জন্মৰ কৰ্মৰ হিচাপ-নিকাচ বা বৰ্তমান পুৰুষাৰ্থৰ দুৰ্বলতাৰ কাৰণে যিকোনো ব্যৰ্থ স্বভাৱ-সংস্কাৰৰ বশীভূত হোৱাৰ পৰা মুক্ত হৈছানে? কেতিয়াবা কোনো দুৰ্বল স্বভাৱ-সংস্কাৰে বা পূৰ্বৰ সংস্কাৰ-স্বভাৱে যদি বশীভূত কৰে তেন্তে বন্ধনযুক্ত হয়, বন্ধনমুক্ত নহয়। এনেদৰে নাভাবিবা যে নিবিচাৰোঁ কিন্তু স্বভাৱ বা সংস্কাৰে কৰাই দিয়ে। এইটোও বন্ধনমুক্তৰ চিন নহয়, বন্ধনযুক্তৰহে হয়। দ্বিতীয় কথা - কোনো সেৱাৰ, সংগঠনৰ, প্ৰকৃতিৰ পৰিস্থিতিয়ে যদি স্ব-স্থিতি বা শ্ৰেষ্ঠ স্থিতিক অস্থিৰ কৰায় - এয়াও বন্ধনমুক্ত স্থিতি নহয়। এই বন্ধনৰ পৰাও মুক্ত। আৰু তৃতীয় কথা - পুৰণি জগতত পুৰণি অন্তিম শৰীৰত কোনো প্ৰকাৰৰ ব্যাধিয়ে নিজৰ শ্ৰেষ্ঠ স্থিতিক অস্থিৰ কৰি তোলাৰ পৰাও মুক্ত। এটা হৈছে ব্যাধি অহা আৰু এটা হৈছে ব্যাধিয়ে অস্থিৰ কৰা। গতিকে অহাতো- এয়া নাটক অনুসৰি হবলগীয়া কিন্তু স্থিতি লৰচৰ হৈ যোৱা - এয়া বন্ধনযুক্তৰ চিন। স্ব-চিন্তন, জ্ঞান চিন্তন, শুভচিন্তক হোৱাৰ চিন্তনৰ সলনি শৰীৰৰ ব্যাধিৰ চিন্তন চলা - ইয়াৰ পৰা মুক্ত কিয়নো বেছিকৈ প্ৰকৃতিৰ চিন্তন চিন্তাৰ ৰূপলৈ সলনি হৈ যায়। গতিকে ইয়াৰ পৰা মুক্ত হোৱা- ইয়াকেই কৰ্মাতীত স্থিতি বুলি কোৱা হয়। এই সকলো বন্ধনক এৰা, এয়াই কৰ্মাতীত স্থিতিৰ লক্ষণ। ব্ৰহ্মা পিতাই এই সকলো বন্ধনৰ পৰাই মুক্ত হৈ কৰ্মাতীত স্থিতি প্ৰাপ্ত কৰিলে। গতিকে আজিৰ দিনটো ব্ৰহ্মা পিতাৰ সমান কৰ্মাতীত হোৱাৰ দিন। আজিৰ দিনটোৰ মহত্ব বুজিলানে? বাৰু।

আজিৰ সভা বিশেষ সেৱাধাৰীৰ অৰ্থাৎ পুণ্য আত্মা হওঁতাসকলৰ সভা। গীতা পাঠশালা খোলা অৰ্থাৎ পুণ্য আত্মা হোৱা। সকলোতকৈ শ্ৰেষ্ঠ পুণ্য সকলো আত্মাক চিৰদিনৰ কাৰণে অৰ্থাৎ অনেক জন্মৰ কাৰণে পাপৰ পৰা মুক্ত কৰা - এয়াই পুণ্য। নাম বহুত ভাল - গীতা পাঠশালা। গতিকে গীতা পাঠশালা খোলাসকল অৰ্থাৎ সদায় নিজে গীতাৰ পাঠ পঢ়োঁতা আৰু পঢ়াওঁতা। গীতা-জ্ঞানৰ প্ৰথম পাঠ - অশৰীৰী আত্মা হোৱা আৰু অন্তিম পাঠ- নষ্টোমোহা, স্মৃতি স্বৰূপ হোৱা। গতিকে প্ৰথম পাঠ হৈছে বিধি আৰু অন্তিম পাঠ হৈছে বিধিৰ দ্বাৰা সিদ্ধি। গতিকে গীতা-পাঠশালা খোলাসকলে সকলো সময়তে এইটো পাঠ পঢ়া নে কেৱল মুৰুলী শুনোৱা? কিয়নো সঁচা গীতা-পাঠশালাৰ বিধি হৈছে - প্ৰথমতে নিজে পঢ়া অৰ্থাৎ তেনেকুৱা হোৱা তাৰপাচত আনকো নিমিত্ত হৈ পঢ়োৱা। গতিকে সকলো গীতা-পাঠশালা খোলাসকলে এইটো বিধিৰে সেৱা কৰানে? কিয়নো তোমালোক সকলো এই বিশ্বৰ আগত পৰমাত্ম-পঢ়াৰ আৰ্হি হোৱা। গতিকে আৰ্হিৰ মহত্ব থাকে। আৰ্হিয়ে অনেক আত্মাক এনেকুৱা হবলৈ প্ৰেৰণা দিয়ে। গতিকে গীতা পাঠশালা খোলাসকলৰ ওপৰত গুৰু দায়িত্ব আছে। যদি অলপো আৰ্হি হোৱাৰ ক্ষেত্ৰত অভাৱ দেখা দিয়ে তেন্তে অনেক আত্মাৰ ভাগ্য গঢ়াৰ সলনি, ভাগ্যৰ গঢ়াৰ পৰা বঞ্চিত কৰাৰ নিমিত্তও হৈ যাব কিয়নো দেখোঁতা, শুনোঁতাসকলে সাকাৰ ৰূপত তোমালোক নিমিত্ত আত্মাসকলক চায়। পিতাতো গুপ্ত হয় সেইবাবে এনেকুৱা শ্ৰেষ্ঠ কৰ্ম কৰি দেখুওৱা যাতে তোমালোকৰ শ্ৰেষ্ঠ কৰ্মক দেখি, অনেক আত্মাই শ্ৰেষ্ঠ কৰ্ম কৰি নিজৰ ভাগ্যৰ ৰেখা শ্ৰেষ্ঠ কৰি তুলিব পাৰে। গতিকে এটাতো নিজক সদায় আৰ্হি বুলি ভাবিবা আৰু দ্বিতীয়তে, সদায় নিজৰ চিহ্ন স্মৃতিত ৰাখিবা। গীতা-পাঠশালা খোলাসকলৰ চিহ্ন কোনটো, জানানে? কমল পুষ্প। বাপদাদাই শুনাইছে যে কমল হোৱা আৰু অমল কৰা (কাৰ্যত ৰূপায়িত কৰা)। কমল হোৱাৰ সাধনেই হৈছে অমল কৰা। যদি অমল কৰিব নোৱাৰা তেন্তে কমল হব নোৱাৰা সেইবাবে আৰ্হি হওঁ আৰু কমল পুষ্পৰ চিহ্ন সদায় স্মৃতিত ৰাখিবা। সেৱা যিমানেই বৃদ্ধি প্ৰাপ্ত নহওঁক কিন্তু সেৱা কৰি উপৰাম হৈ স্নেহী হবা। কেৱল স্নেহী নহবা, উপৰাম হৈ স্নেহী হবা কিয়নো সেৱাৰ প্ৰতি স্নেহ ভাল কথা কিন্তু স্নেহ আসক্তিৰ ৰূপলৈ সলনি হৈ যাতে নাযায়। ইয়াকেই কোৱা হয় উপৰাম হৈ স্নেহী হোৱা। সেৱাৰ নিমিত্ত হলা, এয়াতো বহুত ভাল কৰিলা। পুণ্য আত্মাৰ উপাধিতো পাই গলা সেইবাবে চোৱা বিশেষভাৱে নিমন্ত্ৰণ দিয়া হৈছে, কিয়নো পুণ্যৰ কাম কৰিছা। এতিয়া আগলৈ যি সিদ্ধিৰ পাঠ পঢ়ালোঁ, গতিকে সিদ্ধিৰ স্থিতিৰ দ্বাৰা বৃদ্ধি প্ৰাপ্ত কৰি থাকিবা। বুজিলা, আগলৈ কি কৰিব লাগিব? বাৰু।

সকলোৱে বিশেষ এটি কথাৰ অপেক্ষাত আছে, সেয়া কি? (ফলাফল শুনাওঁক) ফলাফল তোমালোকে শুনাবা নে পিতাই শুনাব? বাপদাদাই কি কৈছিল - ফলাফল লবা নে দিবা? নাটকৰ পৰিকল্পনা অনুসৰি যি চলিল, যিদৰে চলিল তাক ভাল বুলিয়ে কোৱা হব। লক্ষ্য সকলোৱে ভাল ৰাখিলা, লক্ষণ যথাশক্তি কৰ্মত দেখুৱালা। বহুকালৰ বৰদান ক্ৰমিক নম্বৰ অনুযায়ী ধাৰণ কৰিছাও আৰু এতিয়াও যি বৰদান প্ৰাপ্ত কৰিলা, সেয়া বৰদানীমূৰ্ত হৈ পিতাৰ সমান বৰদান-দাতা হৈ থাকিবা। এতিয়া বাপদাদাই কি বিচাৰে? বৰদানতো পালা, এতিয়া এইটো বছৰত বহুকাল বন্ধনমুক্ত অৰ্থাৎ পিতাৰ সমান কৰ্মাতীত স্থিতিৰ বিশেষ অভ্যাস কৰি জগতক উপৰাম আৰু স্নেহী ভাৱৰ অনুভৱ কৰোৱা। কেতিয়াবা কেতিয়াবা অনুভৱ কৰা - এতিয়া এইটো বিধি সলনি কৰি বহুকালৰ অনুভূতিসমূহৰ প্ৰত্যক্ষ বহুকাল অচল, অটল, নিৰ্বিঘ্ন, নিৰ্বন্ধন (বন্ধনমুক্ত), নিৰ্বিকল্প (নেতিবাচক সংকল্পৰ পৰা মুক্ত), নিৰ্বিকৰ্ম (বিকৰ্মৰ পৰা মুক্ত) অৰ্থাৎ নিৰাকাৰী, নিৰ্বিকাৰী, নিৰহংকাৰী - এইটো স্থিতিক জগতৰ আগত প্ৰত্যক্ষ ৰূপত আনা। ইয়াক কোৱা হয় পিতাৰ সমান হোৱা। বুজিলা?

ফলাফলত প্ৰথমতে নিজে নিজৰ প্ৰতি সন্তুষ্ট, সেয়া কিমান দূৰ হৈ থাকিলা? কিয়নো এটা হৈছে নিজৰ সন্তুষ্টতা, দ্বিতীয়তে ব্ৰাহ্মণ পৰিয়ালৰ সন্তুষ্টতা, তৃতীয়তে পিতাৰ সন্তুষ্টতা। তিনিওটি ফলাফলত এতিয়া আৰু নম্বৰ লব লাগিব। গতিকে সন্তুষ্ট হোৱা, সন্তুষ্ট কৰা। পিতাৰ সন্তুষ্টমণি হৈ সদায় জিলিকি থাকা। বাপদাদাই সন্তানসকলৰ প্ৰতি সন্মান (ৰিগাৰ্ড) প্ৰদৰ্শন কৰে, সেইবাবে গুপ্ত খবৰ (ৰেকৰ্ড) শুনায়। হবলগীয়া হোৱা, সেইবাবে পিতাই সদায় সম্পন্নতাৰ স্থিতিত প্ৰত্যক্ষ কৰে। বাৰু।

সকলো সন্তুষ্টমণি হোৱা নহয়? বৃদ্ধিক দেখি আনন্দিত হৈ থাকা। তোমালোক সকলোতো অপেক্ষাত আছা যে আবু ৰোডলৈকে শাৰী হৈ যাওঁক। গতিকে এতিয়াতো কেৱল হল (প্ৰেক্ষাগৃহ) ভৰপূৰ হৈছে, পাচলৈ কি কৰিবা? তেতিয়া শুবা নে অখণ্ড যোগ কৰিবা? এয়াও হবলৈ আছে সেইবাবে এতিয়া অলপতে সন্তুষ্ট হোৱা। তিনি খোজৰ সলনি এখোজ ভূমিও যদিও পোৱা তেতিয়াও সন্তুষ্ট হৈ থাকা। প্ৰথমতে এনেকুৱা হৈছিল - এনেকৈ নভাবিবা। পৰিয়ালৰ বৃদ্ধিৰ আনন্দোৎসৱ কৰা। আকাশ আৰু পৃথিৱীতো টুটি নাযায়। পাহাৰতো বহুত আছে। এয়াও হব লাগে, এয়াও পাব লাগে- এনেকৈ ডাঙৰ কথা কৰি দিয়া। এই দাদীসকলো চিন্তাত পৰি যায় - কি কৰোঁ, কেনেকৈ কৰোঁ? এনেকুৱাও দিন আহিব যে দিনত ৰদত শুই যাবা, ৰাতি সাৰে থাকিবা। তেওঁলোকে জুই জ্বলাই ওচৰে-পাজৰে বহি যায় তাপ লবলৈ, তোমালোকে যোগ অগ্নি জ্ব্লাই বহি যাবা। পচন্দ আছে নহয় নে বিচনা লাগিব? বহিবলৈ চকি লাগিব। এই পাহাৰৰ পিঠি চকী বনাই দিবা। যেতিয়ালৈ সাধন আছে সুখ লোৱা, নহলে পাহাৰক চকী বনাবা। পিঠিক আৰাম লাগে নহয়, আৰুতো একো নাই। পাঁচ হাজাৰ আহিলে চকীটো উঠাব লাগিব নহয়। আৰু যেতিয়া শাৰী লাগিব তেতিয়া বিচনাও এৰিব লগিব। সদাপ্ৰস্তুত (এভাৰেডি) হৈ থাকিবা। যদি বিচনা পোৱা তেতিয়াও হয়-হুজুৰ মাটি পালেও হয়-হুজুৰ। এনেকৈ আৰম্ভণিত বহুত অভ্যাস কৰাইছোঁ। 15-15 দিনলৈকে চিকিৎসালয় বন্ধ আছিল। হাঁপানি ৰোগীয়েও বাজৰাৰ ৰুটি আৰু লচ্চী পান কৰিছিল। কিন্তু বেমাৰ নহল সকলো স্বাস্থ্যৱান হৈ গল। গতিকে এয়া আৰম্ভণিত অভ্যাস কৰি দেখুৱাইছোঁ, গতিকে অন্ততো হব নহয়। নহলে ভাবা, হাঁপানি ৰোগী আৰু তেওঁক লাচ্চী দিলে প্ৰথমতেই ভয় খাব। কিন্তু আশীৰ্বাদৰ দৰব লগত থাকে, সেইবাবে মনোৰঞ্জন হৈ যায়। কাকত (পৰিস্থিতি) যেন নালাগে। কঠিন নালাগে। ত্যাগ নহয় ভ্ৰমণ (এস্কাৰচন) হৈ যায়। গতিকে সকলো তৈয়াৰ হৈছা নহয় নে প্ৰবন্ধ কৰোঁতাসকলৰ ওচৰলৈ শিক্ষকে তালিকা লৈ যাবা? সেইবাবেতো মতা নহয়। সময় আহিলে এই সকলো সাধনৰ পৰাও উপৰাম সাধনাৰ সিদ্ধি ৰূপত অনুভৱ কৰিবা। আত্মিক মিলিটেৰীও (সেনাও) হোৱা নহয়। মিলিটেৰীৰো ভূমিকাওতো পালন কৰিব লাগিব। এতিয়াও স্নেহী পৰিয়াল আছে, ঘৰ আছে- এয়াও অনুভৱ কৰি আছা। কিন্তু সময়ত আত্মিক মিলিটেৰী হৈ যি সময় আহিল তাক তেনেকৈ স্নেহেৰে পাৰ কৰা - এয়াও মিলিটেৰীৰ বিশেষত্ব। বাৰু।

গুজৰাটৰ এইটো বিশেষ বৰদান আছে যি সদাপ্ৰস্তুত হৈ থাকে। অজুহাত নেদেখুৱায় - কি কৰোঁ, কেনেকৈ আহোঁ, সংৰক্ষিত আসন (ৰিজাৰ্ভেচন) নাপাও - আহি উপস্থিত হৈ যায়। ওচৰত থকাৰ লাভ আছে। গুজৰাটৰ আজ্ঞাকাৰী হোৱাৰ বিশেষ আশীৰ্বাদ আছে কিয়নো সেৱাতো হয়-হুজুৰ কৰে নহয়। পৰিশ্ৰম থকা সেৱা সদায় গুজৰাটকে দিয়া হয় নহয়। ৰুটিৰ সেৱা কোনে কৰে? স্থান দিয়াৰ, দৌৰা-দৌৰি কৰাৰ সেৱা গুজৰাটে কৰে। বাপদাদাই সকলো প্ৰত্যক্ষ কৰে। এনেকুৱা নহয় যে বাপদাদাই গম নাপায়। পৰিশ্ৰম কৰাসকলে বিশেষ প্ৰিয়তমৰ স্নেহ প্ৰাপ্ত কৰে। ওচৰত থকাসকলৰ ভাগ্য আছে আৰু ভাগ্যক আগবঢ়াই লৈ যোৱাৰ ভাল উপায় অৱলম্বন কৰে। ভাগ্য বঢ়াবলৈ সকলোৱে নাজানে। কোনোবাই ভাগ্য প্ৰাপ্ত কৰে কিন্তু সিমানতে সীমাৱদ্ধ থাকে, বঢ়াব নাজানে। কিন্তু গুজৰাটৰ ভাগ্য আছে আৰু বঢ়াবও জানে সেইবাবে নিজৰ ভাগ্য বঢ়াই আছা- এয়া দেখি বাপদাদাও আনন্দিত হয়। গতিকে পিতাৰ বিশেষ আশীৰ্বাদ- এয়াও এক ভাগ্যৰ চিন। বুজিলা?

যিসকল চাৰিওফালৰ স্নেহী সন্তান আহিছে, বাপদাদাইও সেই সকলো দেশ, বিদেশ দুয়োৰে স্নেহী সন্তানসকলক স্নেহৰ প্ৰতিদান (ৰিটাৰ্ন) সদায় অবিনাশী স্নেহী হোৱাৰ বৰদান দি আছে। স্নেহত যেনেকৈ দূৰ-দূৰণিৰ পৰা আহি উপস্থিত হৈছা, তেনেকৈয়ে যেনেকৈ স্থূল ৰূপত দৌৰ লগালা, সমীপত আহিলা, সন্মুখত আহি উপস্থিত হলা, তেনেকৈ সদায় উৰন্ত কলাৰ দ্বাৰা পিতাৰ সমান হোৱা অৰ্থাৎ সদায় পিতাৰ সমীপত থাকা। যিদৰে ইয়াত সন্মুখত উপস্থিত হৈছা, সেইদৰে সদায় উৰন্ত কলাৰ দ্বাৰা পিতাৰ সমীপতে থাকিবা। বুজিলা কি কৰিব লাগিব? এই স্নেহ, অন্তৰৰ স্নেহ দিলাৰাম পিতাৰ ওচৰত তোমালোক আহি পোৱাৰ আগতেই আহি যায়। সন্মুখতেই থাকা বা আজিৰ দিনটোত দেশ-বিদেশত শৰীৰেৰে দূৰৈত আছা কিন্তু দূৰৈত থাকিও সকলো সন্তান অতি সমীপত অন্তৰাসনাধিকাৰী হয়। গতিকে সকলোতকৈ সমীপৰ স্থান হৈছে অন্তৰ। গতিকে বিদেশ বা দেশত বহি থকা নাই কিন্তু অন্তৰাসনত বহি আছা। গতিকে সমীপত হৈ গলা নহয়। সকলো সন্তানৰে স্নেহপূৰ্ণ স্মৰণ, অভিযোগ, মিঠা মিঠা বাৰ্তালাপ, উপহাৰ - সকলো পিতাৰ ওচৰত আহি গৈছে। বাপদাদাইও স্নেহী সন্তানসকলক সদায় পৰিশ্ৰমৰ পৰা মুক্ত হৈ প্ৰেমত মগন হৈ থাকা- এইটো বৰদান দি আছে। গতিকে সকলোৱে প্ৰতিদান পাই গলা নহয়। ভালবাৰু।

সকলো স্নেহী আত্মাসকলক, সদায় সমীপত থাকোঁতা আত্মাসকলক, সদায় বন্ধনমুক্ত, কৰ্মাতীত স্থিতিত বহুকাল অনুভৱ কৰোঁতা বিশেষ আত্মাসকলক, সকলো অন্তৰাসনাধিকাৰী সন্তুষ্টমণিসকলক বাপদাদাৰ অব্যক্ত স্থিতি ভৱ বৰদানৰ লগতে স্নেহপূৰ্ণ স্মৰণ, শুভৰাত্ৰি আৰু সুপ্ৰভাত।

বৰদান:
পুৰণি হিচাপ সমাপ্ত কৰি, নতুন সংস্কাৰ ৰূপী বস্ত্ৰ ধাৰণ কৰোঁতা পিতাৰ সমান সম্পন্ন হোৱা

যিদৰে দীপাৱলীত নতুন বস্ত্ৰ ধাৰণ কৰে, সেইদৰে তোমালোক সন্তানসকলে এই জীৱন্তে মৃত (মৰজীৱা) নতুন জন্মত, নতুন সংস্কাৰ ৰূপী বস্ত্ৰ ধাৰণ কৰি নৱবৰ্ষ পালন কৰা। নিজৰ দুৰ্বলতা, ত্ৰুতি, নিৰ্বলতা, কোমলতা আদি যি পুৰণি হিচাপ বাকী আছে, সেয়া সমাপ্ত কৰি সঁচা দীপাৱলী পালন কৰা। এই নতুন জন্মত নতুন সংস্কাৰ ধাৰণ কৰি লোৱা তেতিয়া পিতাৰ সমান সম্পন্ন হৈ যাবা।

স্লোগান:
শুদ্ধ সংকল্পৰ সম্পদ জমা হলে ব্যৰ্থ সংকল্পত সময় অপচয় নহব।


সূচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাই-ভনীসকলে সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈ বিশেষ যোগ অভ্যাসৰ সময়ত নিজৰ শুভ ভাৱনাৰ শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা মনেৰে মহাদানী হৈ সকলোকে নিৰ্ভয়তাৰ বৰদান দিয়াৰ সেৱা কৰে যেন।