16.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকল পিতাইযিশিক্ষাদিয়েতাকধাৰণাকৰা, তোমালোকেপ্ৰতিজ্ঞাকৰিনিজৰবচনৰপৰাঘুৰিবনালাগে, আজ্ঞাৰউলংঘনকৰিবনালাগে

প্ৰশ্ন:
তোমালোকৰপঢ়াৰসাৰকি? তোমালোকেকোনটোঅভ্যাসঅৱশ্যেকৰিবলাগে?

উত্তৰ:
তোমালোকৰ পঢ়া হৈছে বানপ্ৰস্থলৈ যাবৰ বাবে। এই পঢ়াৰ সাৰ হৈছে বাণীৰ পৰা উপৰাম হৈ যোৱা। পিতাইহে সকলোকে ওভতাই লৈ যায়। তোমালোক সন্তানসকল ঘৰলৈ যোৱাৰ আগতে সতোপ্ৰধান হ'ব লাগিব। ইয়াৰ বাবে একান্তত গৈ দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰা। অশৰীৰী হৈ থকাৰ অভ্যাসেই আত্মাক সতোপ্ৰধান কৰি তুলিব।

ওঁম্শান্তি।
নিজকে আত্মা বুলি ভাবি পিতাক স্মৰণ কৰিলে তোলালোকে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা আৰু পুনৰ এনেকুৱা বিশ্বৰ মালিক হৈ যাবা। কল্প-কল্পই তোমালোকে এনেদৰেই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা পুনৰ 84 জন্মত তমোপ্ৰধান হৈ পৰা। পুনৰ পিতায়ে শিক্ষা দিয়ে, নিজকে আত্মা বুলি ভাবি পিতাক স্মৰণ কৰা। ভক্তি মাৰ্গতো তোমালোকে স্মৰণ কৰিছিলা, কিন্তু সেই সময়ত ভোটা বুদ্ধিৰ জ্ঞান আছিলে। এতিয়া তীক্ষ্ণ বুদ্ধিৰ জ্ঞান হৈছে। কাৰ্য্যতঃ পিতাক স্মৰণ কৰিব লাগে। এইটোও বুজাব লাগে যে- আত্মাও তৰাৰ দৰে পিতাও তৰাৰ দৰে। মাত্ৰ তেওঁ পুনৰ জন্ম নলয়, তোমালোকে লোৱা সেই বাবেই তোমালোকেই তমোপ্ৰধান হ'বলগীয়া হয়। আকৌ সতোপ্ৰধান হবলৈ যত্ন কৰিবলগীয়া হয়। মায়াই ক্ষণে-ক্ষণে পাহৰাই দিয়ে। এতিয়া অভূল হোৱা, ভূল নকৰিবা। যদি ভূলেই কৰি থাকা তেতিয়াহলে তোমালোকে আৰু বেছিহে তমোপ্ৰধান হৈ পৰিবা। নিৰ্দ্দেশ পাইছা যে নিজকে আত্মা বুলি ভাবি পিতাক স্মৰণ কৰা, বেটাৰীক চাৰ্জ কৰা তেতিয়া তোমালোকে সতোপ্ৰধান বিশ্বৰ মালিক হৈ পৰিবা। শিক্ষকেতো সকলোকে পঢ়ায়। ছাত্ৰসকলে একাদিক্ৰমে উত্তীৰ্ণ হয়। একাদিক্ৰমে পুনৰ উপাৰ্জন কৰে। তোমালোকে একাদিক্ৰমে উত্তীৰ্ণ হোৱা আৰু পুনৰ একাদিক্ৰমে পদ পোৱা। কৰ বিশ্বৰ মালিক, কৰ প্ৰজা দাস-দাসী সকল। যিবোৰ ছাত্ৰ ভাল, সুপুত্ৰ, আজ্ঞাকাৰী, বিশ্বাসী, নিষ্ঠাৱান হয় তেওঁলোকে নিশ্চয়কৈ শিক্ষকৰ মতত চলিব। যিমানেই ৰেজিষ্টাৰ ভাল হব সিমানেই নম্বৰ বেছি পাব- সেইবাবেই পিতায়েও সন্তানসকলক বাৰে-বাৰে বুজাই থাকে, গাফিলতি নকৰিবা। এনেদৰেও নাভাবিবা যে কল্পৰ আগতেও উত্তীৰ্ণ হোৱা নাছিলো। বহুতৰেই এইটো মনলৈ আহে হবলা যে মই সেৱা কৰা নাই গতিকে নিশ্চয়কৈ অনুতীৰ্ণ হম। পিতাইতো সাৱধান কৰি দিয়ে, তোমালোকে সত্যযুগী সতোপ্ৰধানৰ পৰা কলিযুগী তমোপ্ৰধান হৈ গৈছা পুনৰ বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হব। সতোপ্ৰধান হবলৈ পিতায়ে বহুত সহজ পথ দেখুৱায় - মোক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হব। তোমালোকে আগবাঢ়ি-আগবাঢ়ি সতোপ্ৰধান হৈ যাবা। লাহে - লাহে আগবাঢ়িবা গতিকে নাপাহৰিবা। কিন্তু মায়ায়ে পাহৰাই দিয়ে। আজ্ঞাহীন বনাই দিয়ে। পিতায়ে যি নিৰ্দ্দেশ দিয়ে, সেইটো মানি চলে, প্ৰতিজ্ঞা কৰে কিন্তু সেইমতে নচলে। গতিকে পিতাই কব আজ্ঞা উলংঘন কৰি নিজৰ কথা নৰখা জন। পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰি পুনৰ ধাৰণা কৰা যায়। বেহদৰ পিতাই যেনেকুৱা শিক্ষা দিয়ে এনে শিক্ষা আৰু কোনেও দিব নোৱাৰে। পৰিৱৰ্তনো নিশ্চয় হব। চিত্ৰ কিমান যে ভাল। ব্ৰহ্মাবংশী হৈ পুণৰ বিষ্ণু বংশী হবা। এইটো হৈছে নতুন ঈশ্বৰীয় ভাষা, এইটোও (ভালকৈ) বুজিব লাগে। এই আত্মিক (ৰূহানী) জ্ঞান কোনেও নিদিয়ে। কিছুমান সংস্থা ওলাইছে যিয়ে নেকি ৰূহানী সংস্থা নাম ৰাখিছে। কিন্তু তোমালোকৰ বাহিৰে ৰূহানী সংস্থা আন কাৰো হব নোৱাৰে। নকল (imitation) বহুত হৈ গৈছে। এইটো হৈছে নতুন কথা, তোমালোক একেবাৰে কম (সংখ্যক) আৰু কোনেও এই কথা বুজিব নোৱাৰে। গোটেই বৃক্ষ এতিয়া থিয় হৈ হৈছে। বাকী গছৰ থোৰ নাই, পুণৰ থোৰ থিয় হৈ উঠিব। বাকী ঠাল-ঠেঙুলী নাথাকিব, সেইবোৰ সকলো শেষ হৈ যাব। বেহদৰ পিতায়েহে বেহদৰ বুজনি দিয়ে। এতিয়া গোটেই সৃষ্টিতে ৰাৱণৰ ৰাজ্য। এয়া হৈছে লংকা। সেয়া লংকাতো সমুদ্ৰৰ পাৰত আছে। বেহদৰ সৃষ্টিও সমুদ্ৰৰ পাৰত আছে। চাৰিওফালে পানী। সেইবোৰ হৈছে হদৰ কথা, পিতায়ে বেহদৰ কথা বুজায়। বুজোৱাজন একমাত্ৰ পিতাহে। এয়া হৈছে পঢ়া। যেতিয়া চাকৰি পাই, পঢ়াৰ ৰিজাল্ট ওলায় তেতিয়ালৈকে পঢ়া-শুনাত লাগি থাকিব লাগে। তাতেই বুদ্ধি চলি থাকে। ছাত্ৰৰ কাম হৈছে পঢ়াত মনোযোগ দিয়াটো। উঠোতে-বঁহোতে, চলাফুৰা কৰোঁতে স্মৰণ কৰিব লাগে। ছাত্ৰ সকলৰ বুদ্ধিত এই পঢ়া চলি থাকে। পৰীক্ষাৰ সময়ত বহুত কষ্ট কৰে যাতে অনুত্তীৰ্ণ (fail) নহয়। বিশেষকৈ বাগিচাত গৈ পঢ়ে, কিয়নো ঘৰৰ হলস্থুলৰ কম্পন (vibration) বেয়া হয়।

পিতায়ে বুজাইছে যে দেহী-অভিমানী হবলৈ অভ্যাস কৰিলে পুণৰ নাপাহৰা। একান্ত হ'বলৈতো বহুত ঠাই আছে। প্ৰথম অৱস্থাত তোমালোকে ক্লাছৰ পিছত সকলোৱে পাহাৰলৈ গৈছিলা। এতিয়া জ্ঞান দিনে-প্ৰতিদিনে গুঢ় (deep) হৈ গৈ আছে। ছাত্ৰসকলৰ লক্ষ্য উদ্দেশ্য (Aim Object) মনত থাকে। এইটো হৈছে বানপ্ৰস্থ অৱস্থালৈ যোৱাৰ বাবে পঢ়া। এজনৰ বাহিৰে কোনেও এই পঢ়া পঢাব নোৱাৰে। সাধু সন্ত আদি সকলোৱে ভক্তিহে শিকায়। বাণীৰ পৰা নিলগলৈ যোৱাৰ ৰাস্তা এজন পিতায়েহে কয়। এজন পিতায়েহে সকলোকে উভতাই লৈ যায়।

এতিয়া হৈছে তোমালোকৰ বেহদৰ বাণপ্ৰস্থ অৱস্থা, যাক নেকি কোনেও নাজানে। পিতায়ে কৈছে যে সন্তানসকল, তোমালোক সকলো বাণপ্ৰস্থী। গোটেই সৃষ্টিৰ এতিয়া বাণপ্ৰস্থ অৱস্থা। কোনোবাই পঢ়ে বা নপঢ়ে, সকলোৱে উভতি যাবই লাগিব। যিবোৰ আত্মাই মূলবতনলৈ যাব, তেওঁলোকে নিজৰ নিজৰ শাখালৈ গুচি যাব। আত্মাবোৰৰ বৃক্ষও আঁচৰিত ধৰণেৰে বনাই থোৱা আছে। এই গোটেই ড্ৰামাৰ চক্ৰ একেবাৰে শুদ্ধ (সঠিক)। অলপো হীনডেঢ়ি (পাৰ্থক্য) নাই। লিভাৰ (libra watch) আৰু চিলিণ্ডাৰ (cylinder watch) ঘড়ী আছে নহয়। লিভাৰ ঘড়ী একেবাৰে শুদ্ধ থাকে। ইয়াতো কিছুমান বুদ্ধিযোগ লিভাৰ, কাৰোবাৰ চিলিণ্ডাৰ থাকে। কিছুমানৰ একেবাৰে (বুদ্ধিয়েই) নালাগে। ঘড়ী যেন একেবাৰেই নচলে। তোমালোক একেবাৰে লিভাৰ ঘড়ী হব লাগে তেতিয়াহে ৰজা হব পাৰিবা। চিলিণ্ডাৰ প্ৰজালৈ যাব। পুৰুষাৰ্থ লিভাৰ হবলৈ কৰিব লাগিব। ৰজা পদ পাওঁতা জনক কোটিৰ মাজত কোনোবা বুলি কোৱা হয়। তেওঁলোকেই বিজয়মালাত গুঠা যায়। সন্তানসকলে বুজে- চেষ্টা কৰিবই লাগিব। কয় যে বাবাক বাৰে-বাৰে (ঘড়ী-ঘড়ী) পাহৰি যাওঁ। পিতাই বুজায়- সন্তানসকল যিমানে পালোৱান হবা সিমানে মায়ায়েও নিশ্চয় যুদ্ধ কৰিব। মল্ল যুদ্ধ হয় - নহয় জানো। তাত বহুত সাৱধানতা ৰাখে। পালোৱানক পালোৱানেহে জানে। ইয়াতো একেই, মহাবীৰ সন্তানো আছে। তাতো আকৌ একাদিক্ৰম আছে। ভাল-ভাল মহাৰথী সকলকো মায়ায়ে ভালদৰে ধুমুহালৈ লৈ আনে। বাবাই বুজাইছে - মায়ায়ে যিমানেই হায়ৰাণ কৰে, ধুমুহা আনে, তোমালোক সাৱধান হৈ থাকিবা। কোনো কথাতে হাৰি নাযাবা। মনলৈ ধুমুহা আহিলেও, কৰ্মেন্দ্ৰীয়ৰ দ্বাৰা নকৰিবা, ধুমুহা আহে বগৰাবলৈ। মায়াৰ যুদ্ধ নহ'লে পালোৱান বুলি কেনেকৈ ক'বা। মায়াৰ ধুমুহাক লৈ চিন্তা কৰিব নালাগে। কিন্তু চলোঁতে-ফুৰোঁতে কৰ্মেন্দ্ৰীয়ৰ বশ হৈ হাৰি যায়। এই পিতাইতো সদায় বুজায় - কৰ্মেন্দ্ৰীয়ৰ দ্বাৰা বিকৰ্ম নকৰিবা। নকৰিব লগীয়া কাম কৰিবলৈ নেৰিলে পাই-পইচাৰ পদ পাবা। অন্তৰেৰে নিজেও বুজে, মই অনুতীৰ্ন হৈ যাম। যাবতো সকলোৱেই লাগিব। পিতায়ে কয় যে - মোক যদি স্মৰণ কৰা তেতিয়া সেই স্মৰণো বিনাশ নহয়। অলপ মানো স্মৰণ কৰিলেই স্বৰ্গলৈ আহি যাব। অলপ স্মৰণ কৰিলে অথবা বহুত স্মৰণ কৰিলে কি কি পদ পোৱা যায় - এইটোও তোমালোকে বুজিব পাৰিছা। একো লুকাই নাথাকে। কোনে কি-কি হ'ব। নিজেই বুজিব পাৰা। যদি মই এতিয়া হাৰ্ট ফেইল হৈ যাওঁ তেতিয়া কি পদ পাম? বাবাক সুধিবও পাৰা। আগলৈ গৈ নিজেই বুজিব পাৰিবা। বিনাশ সন্মুখত থিয় হৈ আছে, ধুমুহা, বৰষুণ, প্ৰাকৃতিক দুৰ্যোগে তোমালোকক সুধি নাহে। ৰাৱণতো বহিয়েই আছে। এইটো বহুত ডাঙৰ পৰীক্ষা। যিয়েই উত্তীৰ্ণ হ'ব সিয়েই উচ্চ পদ পাব। ৰজা নিশ্চয়কৈ জ্ঞানী হ'ব লাগে যিয়েই নেকি প্ৰজাক চম্ভালিব পাৰে। আই. চি. এচ. (I.C.S) পৰীক্ষাত অলপহে উত্তীৰ্ণ হয়। পিতায়ে তোমালোকক পঢ়াই স্বৰ্গৰ মালিক সতোপ্ৰধান কৰি তোলে। তোমালোকে জানা যে সতোপ্ৰধানৰ পৰা পুনৰ তমোপ্ৰধান হৈছো, এতিয়া পিতাৰ স্মৰণত থাকি সতোপ্ৰধান হব লাগিব। পতিত-পাৱন পিতাক স্মৰণ কৰিব লাগে। পিতাই কৈছে- মনমনাভৱ। এইটো হৈছে সেই গীতাৰেই উপাখ্যান (episode) । দ্বি-মুকুট (ডৱল সিৰতাজ) ধাৰী হোৱাৰেই গীতা। বনাবতো পিতায়েহে নহয় জানো। তোমালোকৰ বুদ্ধিত সমস্ত জ্ঞান আছে। যিসকল ভাল বুদ্ধিমান, তেওঁলোকৰ ধাৰণাও ভাল হয়। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাত্ৰি ক্লাছ

সন্তানসকলে ইয়াত শ্ৰেণীত বহি আছে আৰু জানে যে আমাৰ শিক্ষক কোন হয়। এতিয়া এইটোৱেই স্মৃতিত ছাত্ৰসকলৰ গোটেই সময় থাকে যে আমাৰ শিক্ষক কোন হয়। ইয়াত পাহৰি যায়। শিক্ষকে জানে যে সন্তানসকলে মোক ক্ষণে-ক্ষণে পাহৰি যায়। এনে আত্মিক পিতাতো কেতিয়াও পোৱা নাই, সংগমযুগতে পোৱা যায়। সত্যযুগ আৰু কলিযুগততো শাৰীৰিক পিতা পোৱা যায়। এইটো মনত পেলায় দিয়ে যে সন্তানসকল যাতে নিশ্চয় হৈ যায় যে এইটো সংগমযুগ হয়, যত আমি সন্তানসকল এনেকুৱা পুৰুষোত্তম হব ওলাইছো। গতিকে পিতাক স্মৰণ কৰিলে তিনি জনেই মনত পৰিব লাগে। শিক্ষকক স্মৰণ কৰিলেও তিনিওকে মনত পৰিব, গুৰুক যদি স্মৰণ কৰা তেতিয়া তিনিও মনলৈ অহা উচিত। এইটো নিশ্চয়কৈ স্মৰণ কৰিব লাগে। মূখ্য কথা হল পৱিত্ৰ হব লাগে। পৱিত্ৰক (জনক) সতোপ্ৰধান বুলি কোৱা হয়। সেইয়া থাকে সত্যযুগত। এতিয়া চক্ৰ লগাই আহিলা। সংগমযুগ হয়। কল্প-কল্পই পিতাও আহে, পঢ়াই। পিতাৰ ওচৰত তোমালোকে থাকা নহয় জানো? এইটো জানা যে এইয়া সত্য সৎগুৰু হয়। আৰু সঁচাকৈ মুক্তি-জীৱনমুক্তি ধামৰ পথ বুজায় দিয়ে। ড্ৰামাৰ আঁচনি অনুসৰি আমি পুৰুষাৰ্থ কৰি পিতাক অনুকৰণ (follow) কৰিছো। এই শিক্ষা প্ৰাপ্ত কৰি অনুকৰণ কৰে। যেনেকৈ এওঁ শিকিছে তেনেকৈ তোমলোকেও পুৰুষাৰ্থ কৰিছা। দেৱতা হব বিচৰা যদি শুদ্ধ কৰ্ম কৰিব লাগিব। লেতেৰা একো যাতে নাথাকে। আৰু মূল কথা হৈছে- পিতাক স্মৰণ কৰাতো। বুজি পায় পিতাক পাহৰি যায়, শিক্ষাকো পাহৰি যায় আৰু স্মৰণৰ যাত্ৰাকো পাহৰি যায়। পিতাক পাহৰিলে জ্ঞানো পাহৰি যায়। মই ছাত্ৰ হওঁ, এইটোও পাহৰি যায়। মনতো তিনিওকে পৰিব লাগে। পিতাক স্মৰণ কৰিলে শিক্ষক, সৎগুৰু নিশ্চয় মনত পৰিব। শিৱবাবাক স্মৰণ কৰাৰ লগতে দেৱীগুণো থাকিব লাগিব। পিতাৰ স্মৰণত আছে চমৎকাৰ। পিতায়ে সন্তানসকলক যিমান চমৎকাৰ শিকায় আৰু আন কোনেও সিমানখিনি কৰিব নোৱাৰে। আমি এই জন্মতেই তমোপ্ৰধান পৰা সতোপ্ৰধান হব ধৰিছোঁহি। তমোপ্ৰধান হবলৈ পূৰা কল্প লাগে। এতিয়া এই এক জন্মতেই সতোপ্ৰধান হব লাগিব, ইয়াত যিয়ে যিমান যত্ন কৰিব (সিমানেই হব পাৰিব)। গোটেই বিশ্বইতো চেষ্টা নকৰে। অন্য ধৰ্মৰ লোকে চেষ্টা নকৰিব। সন্তানসকলে সাক্ষাৎকাৰ কৰিছে। ধৰ্মস্থাপক আহে। বেলেগ বেলেগ পোছাকত ভূমিকা পালন কৰে। তেওঁলোকে তমোপ্ৰধানত (সময়ত) আহে।

বুদ্ধিয়েও কয় যে যেনেকৈ আমি সতোপ্ৰধান হ'ব ওলাইছো আৰু বাকী সকলোবোৰেও হ'ব। পবিত্ৰতাৰ দান পিতাৰ পৰা ল'ব। সকলোৱে আহ্বান কৰে আমাক ইয়াৰ পৰা মুক্ত কৰি (উদ্ধাৰ কৰি) ঘৰলৈ লৈ যোৱা। গাইড হোৱা। এইটোতো নাটকৰ নিয়ম অনুসৰি সকলোৱে ঘৰলৈ যাব লাগিব। অনেক বাৰ ঘৰলৈ গৈছে। কোনোবাইতো সম্পূৰ্ণ 5000 বৰ্ষ ঘৰত নাথাকে। কোনোবাই আকৌ সম্পূৰ্ণ 5000 বৰ্ষ থাকে। শেষত যদি আহে তেতিয়া ক'ব যে 4999 বৰ্ষ শান্তিধামত আছিলে। আমি ক'ম যে 4999 বৰ্ষ এই সৃষ্টিত আছিলোঁ। এইটোতো সন্তানসকলৰ নিশ্চয় হৈছে যে 83-84 জন্ম লৈছো। যি সকল বহুত বুদ্ধিমান হ'ব তেওঁলোক নিশ্চয়কৈ প্ৰথমতে আহিব। আচ্ছা! মিঠা মিঠা আত্মিক সন্তানসকলৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু শুভৰাত্ৰি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সতোপ্ৰধান হ'বলৈ হ'লে স্মৃতিৰ যাত্ৰাত থাকি নিজৰ বেটেৰী চাৰ্জ কৰিব লাগে। ভুল কৰিব নালাগে। নিজৰ ৰেজিস্টাৰ (খতিয়ন) ভাল কৰি ৰাখিব লাগে। কোনো ধৰণৰ গাফিলতি কৰিব নালাগে।

(2) নিয়মৰ বাহিৰত কোনো কাম কৰিব নালাগে, মায়াৰ ধুমুহাক ভ্ৰূক্ষেপ নকৰি কৰ্মেন্দ্ৰিয় জীৎ হ'ব লাগে। লিভাৰ ঘড়ীৰ সমান একেবাৰে সঠিক পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
সম্বন্ধআৰুপ্ৰাপ্তিৰস্মৃতিৰদ্বাৰাসদায়আনন্দতথাকোঁতাসহজযোগীহোৱা

সহজযোগৰ আধাৰ হ'ল - সম্বন্ধ আৰু প্ৰাপ্তি। সম্বন্ধৰ আধাৰত স্নেহ উৎপন্ন হয় আৰু যত প্ৰাপ্তিৰ থাকে তালৈ সহজতেই মন-বুদ্ধি যায়। গতিকে সম্বন্ধত মোৰ ভাৱৰ অধিকাৰেৰে স্মৰণ কৰা, অন্তৰেৰে কোৱা মোৰ বাবা আৰু পিতাৰ দ্বাৰা যি শক্তিৰ, জ্ঞানৰ, গুণৰ, সুখ-শান্তি, আনন্দ, প্ৰেমৰ খাজনা পাইছা সেয়া স্মৃতিলৈ আনা, ইয়াৰ দ্বাৰা অপাৰ আনন্দিত হৈ থাকিবা আৰু সহজযোগী হৈ যাবা।

স্লোগান:
দেহ-ভাৱৰপৰামুক্তহোৱাতেতিয়াআনসকলোবন্ধনস্বতঃশেষহৈযাব।