16.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক কোনো দেহধাৰীৰ নাম ৰূপত আবদ্ধ হ'ব নালাগে, তোমালোকে অশৰীৰী হৈ পিতাক স্মৰণ কৰা তেতিয়া আয়ুস বৃদ্ধি হ'ব, নিৰোগী হৈ গৈ থাকিবা

প্ৰশ্ন:
বিচাৰ বুদ্ধি সম্পন্ন সন্তানসকলৰ মুখ্য লক্ষণসমূহ কি হ'ব?

উত্তৰ:
যিসকল বিচাৰ বুদ্ধি সম্পন্ন হ'ব তেওঁলোকে প্ৰথমে স্বয়ং ধাৰণা কৰি তাৰপাছত অন্যক কৰাব। ডাৱৰ ভৰপূৰ হৈ বৰ্ষা কৰিবগৈ। পঢ়াৰ সময়ত হামিয়াই নাথাকিব। ব্ৰাহ্মণীসকলৰ ওপৰত দায়িত্ব আছে 1) ইয়ালৈ তেওঁলোককহে লৈ আহিব লাগে যিসকল সজীৱ হৈ গৈ আকৌ বৰ্ষা কৰে। 2) ইয়ালৈ তেওঁলোকহে আহিব লাগে যিসকলে ভালদৰে যোগত থাকি বায়ুমণ্ডল শক্তিশালী কৰি তোলাত সহায় কৰে। বিঘিনি নানে। ইয়াত আশে-পাশে বহুত শান্তি থকা উচিত। কোনো প্ৰকাৰৰ কোলাহল যাতে নহয়।

গীত:-
ওঁম্‌ নমঃ শিৱায়ে...

ওঁম্শান্তি।
ওঁম্ শান্তিৰ অৰ্থতো বুজোৱা হৈছে নহয় - পিতাই কয়, আত্মা আৰু পৰমাত্মা শান্ত স্বৰূপ হয়। যেনেকুৱা পিতা তেনেকুৱা সন্তান। গতিকে পিতাই সন্তানসকলক বুজায় - তোমালোক শান্ত স্বৰূপতো হোৱাই। বাহিৰত কোনো শান্তি পোৱা নাযায়। ৰাৱণৰাজ্য নহয় জানো। এতিয়া এই সময়ত কেৱল তোমালোকে পিতাক স্মৰণ কৰা, মই এওঁৰ শৰীৰত বিৰাজমান হৈ আছোঁ। তোমালোকক যি মত দিওঁ সেইমতে চলা। বাবাই কোনো নাম ৰূপত আবদ্ধ নকৰায়। এই নাম ৰূপ হৈছে বাহ্যিক। এই ৰূপত তোমালোক আবদ্ধ হ'ব নালাগে। গোটেই জগতে নাম ৰূপত আবদ্ধ কৰায়। বাবাই কয় - এই সকলোৰে নাম ৰূপ আছে, ইয়াক স্মৰণ নকৰিবা। নিজৰ পিতাক স্মৰণ কৰা তোমালোকৰ আয়ুসো স্মৃতিৰ দ্বাৰাই বৃদ্ধি হ'ব, নিৰোগীও হ'বা। লক্ষ্মী-নাৰায়ণো তোমালোকৰ দৰে আছিল, কেৱল শোভিত। এনেকুৱা নহয় যে ছাদৰ সমান ওখ-পাখ হয়। মনুষ্যতো মনুষ্যই হয়। সেয়েহে পিতাই কয় কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। দেহক পাহৰিব লাগে। নিজক আত্মা বুলি বুজা - এই শৰীৰতো এৰিব লাগিব। দ্বিতীয় কথা - গাফিলতি নকৰিবা, বিকৰ্মৰ বোজা শিৰত বহুত আছে। বহুত গধুৰ বোজা। কেৱল এজন পিতাৰ স্মৃতি অবিহনে আঁতৰিব নোৱাৰে। পিতাই বুজাইছে - যিসকল সকলোতকৈ উচ্চ পাৱন হয়, তেওঁলোকেই আকৌ সকলোতকৈ পতিত হয়, এইক্ষেত্ৰত আচৰিত হব নালাগে। নিজক চাব লাগে। পিতাক বহুত স্মৰণ কৰিব লাগে। যিমান সম্ভৱ পিতাক স্মৰণ কৰা, বহুত সহজ। যিজন ইমান মৰমৰ পিতা হয় তেওঁক উঠোঁতে-বহোঁতে স্মৰণ কৰিব লাগে। যাক আহ্বান কৰে যে পতিত-পাৱন আহক, কিন্তু গভীৰ মৰম নাথাকে। মৰম তথাপি স্বামী, পুত্ৰ আদিৰ প্ৰতি থাকে। কেৱল কৈছিল - পতিত-পাৱন আহক। পিতাই কয় - সন্তানসকল, মই কল্পই কল্পই, কল্পৰ সংগমত আহোঁ। গায়নো কৰা হৈছে - ৰুদ্ৰ জ্ঞান যজ্ঞ। কৃষ্ণতো হয়েই সত্যযুগৰ ৰাজকুমাৰ। তেওঁ আকৌ সেইটো নাম ৰূপ দেশ কালৰ বাহিৰে অন্যত আহিব নোৱাৰে। নেহৰুও সেইটো ৰূপত, সেইটো পদত আকৌ কল্পৰ পাছত আহিব। তেনেকৈয়ে শ্ৰীকৃষ্ণও সত্যযুগত আহিব। তেওঁৰ চেহেৰা সলনি হ'ব নোৱাৰে। এই যজ্ঞৰ নামেই হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। ৰাজস্ব অশ্বমেধ যজ্ঞ। বাদশ্বাহীৰ কাৰণে উৎসৰ্গিত অৰ্থাৎ তেওঁৰ হৈ যোৱা। পিতাৰ হৈছা গতিকে এজনকে স্মৰণ কৰিব লাগে। বুদ্ধিৰ যোগসূত্ৰ হদৰ পৰা ছিঙি বেহদৰ সৈতে গঢ়িব লাগে, বহুত উচ্চ পিতা। তোমালোকে জানা যে পিতাই আহি কি দিয়ে। বেহদৰ পিতাই তোমালোকক বেহদৰ উত্তৰাধিকাৰ দি আছে, যিটো কোনেও দিব নোৱাৰে। মনুষ্যইতো সকলোৱে ইজনে সিজনক মাৰে, কাটি থাকে, আগতে জানো এনেকুৱা হৈছিল।

তোমালোকে জানা পিতা আকৌ আহিছে। তেওঁ কয় কল্প কল্পৰ সংগমযুগত, যেতিয়া নতুন সৃষ্টিৰ স্থাপনা কৰিব লাগে তেতিয়া মই আহোঁ। বিচাৰেও নতুন সৃষ্টি, নতুন ৰামৰাজ্য। তাত সুখ সম্পত্তি সকলো আছে, কাজিয়া কৰোঁতা কোনো নাথাকে। শাস্ত্ৰবোৰত সত্যযুগ, ত্ৰেতাকো নৰক কৰি দিছে। এয়া ভুল নহয় জানো। তেওঁলোকে অসত্য শুনায়, পিতাই সত্য শুনায়। পিতাই কয় - তোমালোকে মোক সত্য বুলি কোৱা নহয়। মই আহি সত্য কথা শুনাওঁ। 5 হাজাৰ বছৰ পূৰ্বে ভাৰতত কাৰ ৰাজ্য আছিল। সন্তানসকলে জানে - যথাযথ 5 হাজাৰ বছৰ পূৰ্বে এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এনেকৈ কয়ো যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। হিচাপতো একেবাৰে চিধা। কয় - কল্পৰ আয়ুস ইমান (5 হজাৰ বছৰ) কিয় ৰাখি দিছে! হেৰৌ হিচাপ নকৰা কিয়। যীশুখ্ৰীষ্টৰ ইমান সময় হ'ল। যুগেই হৈছে এই 4 টা। আধাকল্প দিন, আধাকল্প ৰাতিত লাগি যায়। বুজাওঁতাগৰাকী বহুত ভাল হ'ব লাগে। পিতাই বুজায় - সন্তানসকল, কাম মহাশত্ৰু হয়। ভাৰতবাসীয়েহে দেৱতাসকলৰ মহিমা গায় - সৰ্বগুণ সম্পন্ন, 16 কলা সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী আকৌ 16108 গৰাকী ৰাণী কৰপৰা আহিল! তোমালোকে জানা ধৰ্মশাস্ত্ৰ একোৱেই নাই। ধৰ্মশাস্ত্ৰ সেইখনকে কোৱা হয় - যি ধৰ্ম প্ৰতিষ্ঠাপকে উচ্চাৰিত কৰে (শুনায়)। ধৰ্ম প্ৰতিষ্ঠাপকৰ নামত শাস্ত্ৰ ৰচনা হল। এতিয়া তোমালোক সন্তানসকল নতুন সৃষ্টিলৈ যোৱা। এয়া সকলো পুৰণা তমোপ্ৰধান, সেইবাবে পিতাই কয় - পুৰণা বস্তুৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাই মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা - তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব।

ভুল কৰিলে তেতিয়া বাবাই বুজায়, এওঁৰ ভাগ্যই এনেকুৱা। হওতে একেবাৰে সহজ কথা। তোমালোকে জানো এইটো বুজিব নোৱাৰা? মোহৰ আঁত সকলোফালৰ পৰা আঁতৰাই একমাত্ৰ পিতাক স্মৰণ কৰা। 21 জন্মৰ বাবে তোমালোকৰ আৰু কোনো দুখ নাথাকিব। তোমালোক ইমান কুঁজা (প্ৰতিবন্ধী) আদিও নোহোৱা। তাততো বুজি পায় বচ্‌ আয়ুস পূৰা হ'ল, এইটো শৰীৰ এৰি অন্য এটা লব লাগে। যিদৰে সাপৰ দৃষ্টান্ত আছে, জন্তুৰ দৃষ্টান্ত দিয়ে। নিশ্চয় তেওঁলোকে জানিছিল। এই সময়ৰ মনুষ্যতকৈ অধিক জ্ঞান জন্তুৰো থাকে। ভোমোৰাৰ উদাহৰণো ইয়াৰেই। পোকবোৰ কেনেকৈ লৈ যায়। এতিয়া তোমালোকৰ সুখৰ দিন আহি আছে। কন্যাসকলে কয় - আমি পৱিত্ৰ হৈ থাকোঁ, সেয়েহে বহুত মাৰ খাবলগীয়া হয়। অৱশ্যে হয়, সন্তানসকলেতো কিছু সহ্য কৰিবই লাগিব। অবলাসকলৰ ওপৰত অত্যাচাৰ হয় এনেকৈও গায়ন আছে। অত্যাচাৰ কৰিলে তেতিয়াহে পাপৰ কলহ ভৰিব। ৰুদ্ৰ জ্ঞান যজ্ঞত বিঘিনিতো বহুত আহিব। অবলাসকলৰ ওপৰত অত্যাচাৰ হ'ব। এনেকৈ শাস্ত্ৰবোৰতো গায়ন আছে। কন্যাসকলে কয় - বাবা আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে আপোনাক লগ পাইছিলোঁ। স্বৰ্গৰ অধিকাৰ লৈছিলোঁ। মহাৰাণী হৈছিলোঁ। বাবাই কয় হয় কন্যাসকল, ইমান পুৰুষাৰ্থ কৰিব লাগিব। স্মৰণ শিৱবাবাক কৰিব লাগে, এওঁক নহয়। এওঁ গুৰু নহয়। এওঁৰ কাণেও শুনে। তেওঁ তোমালোকৰ পিতা, শিক্ষক, সৎগুৰু হয়। এওঁৰ দ্বাৰা শিকি আনক শিকায়। সকলোৰে পিতা সেই এজনেই। আমাকো শিকাওঁতা তেৱেঁই সেইবাবে বেহদৰ পিতাক স্মৰণ কৰিব লাগে। বিষ্ণু বা ব্ৰহ্মাক জানো পতিৰো পতি বুলি কব। শিৱবাবাকহে পতিৰো পতি বুলি কোৱা হয়। তেন্তে কিয়নো তেওঁৰ শৰণাপন্ন নহওঁ। তোমালোক সকলো প্ৰথমে মূলবতন নিজৰ মা-পিতাৰ ঘৰলৈ যাবা তাৰপাছত শহুৰৰ ঘৰলৈ আহিব লাগে। প্ৰথমে শিৱবাবাৰ সন্মুখত গৈ চালাম দিব লাগিব, তাৰপাছত সত্যযুগলৈ আহিম। কিমান সহজ পা-পইচাৰ কথা।

বাবাই সকলোফালৰ সন্তানসকলক লক্ষ্য কৰে। কৰবাত কোনোবাই কলমটিয়াইতো নাথাকে। যদি কলমটিয়ালে, হামিয়ালে, বুদ্ধিযোগ অন্যফালে গল তেন্তে তেওঁলোকে বায়ুমণ্ডল নষ্ট কৰি দিয়ে, কিয়নো বুদ্ধিযোগ বাহিৰত ভ্ৰমি ফূৰে নহয়। সেইবাবে বাবাই সদায় কয় - ডাৱৰ এনেকুৱা লৈ আহা, যাতে সজীৱ হৈ গৈ বৰ্ষা কৰে। নহলেনো বাকী আহি কি কৰিব। লৈ আহোঁতাসকলৰ ওপৰতো দায়িত্ব আছে। কোনগৰাকী ব্ৰাহ্মণী বিচাৰ বুদ্ধি সম্পন্ন যিয়ে ভৰপূৰ হৈ গৈ বৰ্ষা কৰিব। তেনেকুৱাসকলক লৈ আনিব লাগে। বাকী অন্যক লৈ আহিলে লাভেই বা কি। শুনি, ধাৰণা কৰি আকৌ ধাৰণা কৰাব লাগে। পৰিশ্ৰমো কৰিব লাগে। যদি এই ভাণ্ডাৰৰ পৰা খোৱা তেন্তে দুখ-কষ্ট দূৰ হৈ যায়। গতিকে ইয়ালৈ তেওঁলোক আহিব লাগে - যিসকল যোগযুক্ত হৈও ভালদৰে থাকিব পাৰে। নহ'লে বায়ুমণ্ডল নষ্ট কৰি দিয়ে। এই সময়ত আৰুহে সাৱধানে থাকিব লাগে। ফটো আদি তোলাৰো কথা নাই। যিমান সম্ভৱ পিতাৰ স্মৃতিত থাকি যোগদান দিব লাগে। আশে-পাশে বহুত শান্তি বিৰাজ কৰিব লাগে। হস্পিতাল সদায় নিলগত একাষৰীয়া ঠাইত থাকে, য'ত কোলাহল নহয়। ৰোগীক শান্তি লাগে। তোমালোকে নিৰ্দেশনা পোৱা গতিকে সেই শান্তিত থাকিব লাগে। পিতাক স্মৰণ কৰা, এয়া হৈছে প্ৰকৃত শান্তি। বাকী হৈছে কৃত্ৰিম। তেওঁলোকে কয় নহয় - দুই মিনিট সম্পূৰ্ণ নিস্তব্ধতা (ডেড চাইলেন্স)। কিন্তু সেই দুই মিনিটত বুদ্ধি ক'ত কত গৈ থাকে। এজনৰো প্ৰকৃত শান্তি নাথাকে। তোমালোক উপৰাম হৈ যাবা। মই আত্মা, এয়া হৈছে নিজৰ স্বধৰ্মত থকা। বাকী শ্বাসৰোধ কৰি শান্ত হৈ থকা, সেয়া কোনো প্ৰকৃত শান্তি নহয়। কয় - তিনি মিনিট মৌনতা (শান্ত অৱস্থা), অশৰীৰী হোৱা কাৰো শক্তি নাই যিয়ে এনেকৈ কব পাৰে। পিতাৰে মহাবাক্য - মৰমৰ সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব। নহলে পদ ভ্রষ্ট হৈ যাব আৰু শাস্তিও খাব লাগিব। শিৱবাবাৰ নিৰ্দেশনা মতে চলিলেহে কল্যাণ হয়। পিতাক সদায় স্মৰণ কৰিব লাগে। যিমান সম্ভৱ অতিকৈ মৰমৰ পিতাক স্মৰণ কৰিব লাগে। বিদ্যাৰ্থীয়ে নিজৰ শিক্ষকৰ সন্মান ৰখাৰ বহুত খেয়াল ৰাখিবলগীয়া হয়। যদি গৰিষ্ঠসংখ্যক বিদ্যাৰ্থী উত্তীৰ্ণ নহয় তেন্তে শিক্ষকৰ বেতন বৃদ্ধি নহয়। ইয়াত কৃপা বা আশীৰ্বাদৰ কথা নাথাকে। প্ৰত্যেকে নিজৰ ওপৰত কৃপা বা আশীৰ্বাদ কৰিব লাগে। বিদ্যাৰ্থীয়ে নিজে নিজৰ ওপৰত কৃপা কৰে, পৰিশ্ৰম কৰে। এয়াও হৈছে পঢ়া। যিমানে যোগযুক্ত হবা সিমানে বিকৰ্মাজিৎ হ'বা, উচ্চ পদ পাবা। স্মৃতিৰে সৰ্বদা নিৰোগী হ'বা। মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা)। কৃষ্ণই এনেকৈ কব পাৰিব জানো। এনেকৈ নিৰাকাৰ পিতাই কয় - বিদেহী হোৱা। এয়া হৈছে ঈশ্বৰৰ বেহদৰ পৰিয়াল। মা-পিতা, ভাই-ভনী আছে বচ্‌, অন্য কোনো সম্বন্ধ নাই। অন্য সকলো সম্বন্ধত খুড়া, মামা, ক'কা থাকে। ইয়াত কেৱল ভাই-ভনীৰহে সম্বন্ধ। এনেকুৱা কেৱল সংগমৰ বাহিৰে কেতিয়াও নহয়। যিহেতু আমি মাতা-পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। অপাৰ সুখ পাওঁ নহয়। ৰাৱণৰাজ্যত হৈছে অপাৰ দুখ। ৰামৰাজ্যত অপাৰ সুখ, যাৰ বাবে তোমালোকে পুৰুষাৰ্থ কৰা। যিয়ে যিমান পুৰুষাৰ্থ কৰে সেয়া কল্প কল্পৰ বাবে সিদ্ধ হৈ যায়। প্ৰাপ্তি বহুত শ্ৰেষ্ঠ। যিসকল কোটিপতি, পদমপতি আছে, তেওঁলোকৰ সকলো ধন মাটিত মিলি যাব। অলপ যুদ্ধ লাগিবলৈ দিয়া তেতিয়া দেখিবা কি হয়। বাকী কাহিনী হৈছে তোমালোক সন্তানসকলৰ। সঁচা কাহিনী শুনি তোমালোক সন্তানসকল সত্যখণ্ডৰ মালিক হোৱা। এইটো দৃঢ় নিশ্চয় আছে নহয়। নিশ্চয় অবিহনে ইয়ালৈ কোনো আহিব নোৱাৰে। তোমালোক সন্তানসকলে কোনো গাফিলতি কৰিব নালাগে। পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লব লাগে, যিদৰে মম্মা-বাবাই লৈ আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শৰীৰৰ পৰা উপৰাম হৈ স্বধৰ্মত স্থিত হৈ থকাৰ অভ্যাস কৰিব লাগে। যিমান সম্ভৱ অতিকৈ মৰমৰ পিতাক স্মৰণ কৰিব লাগে। মোহৰ আঁত সকলো ফালৰ পৰা আঁতৰাই দিব লাগে।

(2) পঢ়াৰ প্ৰতি পূৰা ধ্যান দি নিজৰ ওপৰত নিজে কৃপা অথবা আশীৰ্বাদ কৰিব লাগে। বুদ্ধিৰ যোগসূত্ৰ হদৰ পৰা আঁতৰাই বেহদৰ সৈতে গঢ়িব লাগে। পিতাৰ হৈ পিতাৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত হৈ যাব লাগে।

বৰদান:
সদায় সত্যৰ সংগৰ দ্বাৰা দুৰ্বলতাসমূহ সমাপ্ত কৰোঁতা সহজ যোগী, সহজ জ্ঞানী হোৱা

যিকোনো দুৰ্বলতা তেতিয়া আহে যেতিয়া সত্যৰ সংগৰ পৰা কাষৰীয়া হৈ যায় আৰু অন্যৰ সংগ লৈ লয়। সেইবাবে ভক্তিত কোৱা হয় সদায় সৎসংগত থাকা। সৎসংগ অৰ্থাৎ সদায় সত্য পিতাৰ সংগত থাকা। তোমালোক সকলোৰে বাবে সত্য পিতাৰ সংগ অতি সহজ কিয়নো সমীপৰ সম্বন্ধ হয়। সেয়েহে সদায় সৎসংগত থাকি দুৰ্বলতাসমূহ সমাপ্ত কৰোঁতা সহজ যোগী, সহজ জ্ঞানী হোৱা।

স্লোগান:
সদায় প্ৰসন্ন হৈ থাকিবলৈ হ'লে প্ৰশংসা শুনাৰ ইচ্ছা ত্যাগ কৰি দিয়া।

মাতেশ্বৰী জিৰ অমূল্য মহাবাক্য - "মুক্তি আৰু জীৱনমুক্তিৰ অৱস্থা"

মুক্তি আৰু জীৱনমুক্তি দুয়োটা অৱস্থা নিজা নিজা, এতিয়া যিহেতু আমি মুক্তি বুলি কওঁ তেন্তে মুক্তিৰ অৰ্থ হৈছে আত্মা শৰীৰৰ ভূমিকাৰ পৰা মুক্ত, তাৰমানে আত্মাৰ শৰীৰ সহিত এইখন সৃষ্টিত ভূমিকা নাই। যিহেতু আত্মাৰ মনুষ্যৰ শৰীৰত ভূমিকা নাই তাৰমানে আত্মা নিৰাকাৰী সৃষ্টিত আছে, সুখ-দুখৰ পৰা উপৰাম সৃষ্টিত আছে ইয়াকে মুক্ত অৱস্থা বুলি কোৱা হয়। ইয়াক কোনো মুক্তি পদ বুলি নকয় আৰু যিসকল আত্মা কৰ্ম বন্ধনৰ পৰা মুক্ত অৰ্থাৎ শৰীৰেৰে ভূমিকা পালন কৰা সত্ত্বেও আত্মা কৰ্ম বন্ধনৰ পৰা উপৰাম, তেন্তে তাক জীৱনমুক্ত পদ বুলি কোৱা হয় যিটো সকলোতকৈ উচ্চ অৱস্থা। সেয়া হৈছে আমাৰ দেৱতাৰ প্ৰালব্ধ, এইটো জন্মতে পুৰুষাৰ্থ কৰিলে এই সত্যযুগী দেৱতাৰ প্ৰালব্ধ পোৱা যায়, সেয়া হৈছে আমাৰ উচ্চ পদ কিন্তু যিসকল আত্মা ভূমিকাত নাই তেনে আত্মাৰ পদৰ কথা কেনেকৈ কোৱা হ'ব? যেতিয়া আত্মাৰ মঞ্চত ভূমিকা নাথাকে তেন্তে মুক্তি কোনো পদ নহয়। এতিয়া ইমানবোৰ যি মনুষ্য সম্প্ৰদায় আছে সেই সকলো সত্যযুগত নাথাকে কিয়নো তাত মনুষ্য সম্প্ৰদায় কমসংখ্যক হয়। গতিকে যিয়ে যিমান প্ৰভুৰ সৈতে যোগসূত্ৰ গঢ়ি কৰ্মাতীত হৈছে, তেওঁলোকে সত্যযুগী জীৱনমুক্ত দেৱী-দেৱতা পদ পায়। বাকী যিসকল ধৰ্মৰজাৰ দ্বাৰা শাস্তি খাই কৰ্মবন্ধনৰ পৰা মুক্ত হৈ শুদ্ধ হৈ মুক্তিধামলৈ যায়, তেওঁলোক মুক্তিত থাকে কিন্তু মুক্তিধামত কোনো পদ নাই, সেইটো অৱস্থাতো পুৰুষাৰ্থ অবিহনে আপোনাআপুনি এটা সময়ত পোৱাই যায়। দ্বাপৰৰ পৰা কলিযুগৰ অন্তলৈকে মনুষ্যৰ ইচ্ছা জাগি আহিছে যে আমি জন্ম-মৃত্যুৰ চক্ৰত নাহোঁ, সেই আশা এতিয়া পূৰ্ণ হয়। ইয়াৰ অৰ্থ সকলো আত্মাই মুক্তিধাম অৱশ্যে অতিক্ৰম কৰিব লাগে। ভাল বাৰু!