16.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এই সংগমযুগ বিকৰ্ম বিনাশ কৰাৰ যুগ, এই যুগত কোনো ধৰণৰ বিকৰ্ম তোমালোকে কৰিব নালাগে, পবিত্ৰ নিশ্চয় হ'ব লাগে

প্ৰশ্ন:
অতিন্দ্ৰীয় সুখৰ অনুভৱ কোনসকল সন্তানৰ হব পাৰে?

উত্তৰ:
যিসকল সন্তান অবিনাশী জ্ঞান ৰত্নেৰে ভৰপূৰ হয়, তেওঁলোকৰে অতিন্দ্ৰীয় সুখৰ অনুভৱ হব পাৰে। যিয়ে যিমানে জ্ঞান জীৱনত ধাৰণ কৰে সিমানে চহকী হয়। যদি জ্ঞান ৰত্ন ধাৰণ নকৰে তেন্তে দৰিদ্ৰ হয়। পিতাই তোমালোকক পাষ্ট (অতীত), প্ৰেজেণ্ট (বৰ্তমান) আৰু ফিউচাৰৰ (ভৱিষ্যতৰ) জ্ঞান দি ত্ৰিকালদৰ্শী কৰি আছে।

গীত:
ওঁম্ নমঃ শিৱায়ে......

ওঁম্শান্তি।
পাষ্টেই (অতীতেই) এতিয়া প্ৰেজেণ্ট (বৰ্তমান) আকৌ এয়া যি প্ৰেজেণ্ট সেয়া পাষ্ট হৈ যাব। এয়া গায়ন কৰা হয় পাষ্টৰ। এতিয়া তোমালোক পুৰুষোত্তম সংগমযুগত আছা। পুৰুষোত্তম শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে। তোমালোকে প্ৰেজেণ্ট দেখি আছাঁ, যি পাষ্টৰ গায়ন আছে সেয়া এতিয়া প্ৰেক্টিকেলত (বাস্তৱত) হৈ আছে, এই ক্ষেত্ৰত কোনো সংশয় উদয় হব নালাগে। সন্তানসকলে জানে যে এতিয়া সংগমযুগো হয়, কলিযুগৰ অন্তও হয়। যথাযথ সংগমযুগ 5 হাজাৰ বছৰ পূৰ্বে পাষ্ট হৈ গৈছে, এতিয়া আকৌ প্ৰেজেণ্ট। এতিয়া পিতা আহিছে, ফিউচাৰো (ভৱিষ্যতেও) সেয়াই হ'ব যি পাষ্ট (অতীত) হৈ গ'ল। পিতাই ৰাজযোগ শিকাই আছে, আকৌ সত্যযুগত গৈ ৰাজ্য পাবাগৈ। এতিয়া হৈছে সংগমযুগ। এইটো কথা তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে। তোমালোকে প্ৰেক্টিকেলত ৰাজযোগ শিকি আছা। এইটো অতি সহজ হয়। যিয়েই সৰু বা ডাঙৰ সন্তান আছে, সকলোকে এটা মুখ্য কথা নিশ্চয় বুজাব লাগে যে পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। যিহেতু এতিয়া বিকৰ্ম বিনাশ হোৱাৰ সময় হয়, তেন্তে এনেকুৱা কোন থাকিব যিয়ে বিকৰ্ম কৰিব। কিন্তু মায়াই বিকৰ্ম কৰাই দিয়ে, বুজি পায় যে চৰ খালোঁ। মোৰ দ্বাৰা এইটো ডাঙৰ ভুল হৈ গ'ল। যিহেতু পিতাক আহ্বান কৰে যে হে পতিত-পাৱন আহা। এতিয়া পিতা পাৱন কৰি তুলিবলৈ আহিছে গতিকে পাৱন হ'ব লাগে নহয় জানো। ঈশ্বৰৰ হৈ আকৌ পতিত হব নালাগে। সত্যযুগত সকলো পবিত্ৰ আছিল। এই ভাৰতখনেই পবিত্ৰ আছিল। গায়নো কৰে ৱাইচলেচ ৱৰ্ল্ড (নিৰ্বিকাৰী বিশ্ব) আৰু ভিচিয়াচ ৱৰ্ল্ড (কলুষিত বিশ্ব)। তেওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী, আমি বিকাৰী কিয়নো আমি বিকাৰত যাওঁ। বিকাৰ নামটিয়েই কলুষিত হয়। পতিতই আহ্বান কৰে যে আহি পাৱন কৰি তোলা। ক্ৰোধীয়ে আহ্বান নকৰে। পিতাও আকৌ ড্ৰামা প্লেন (নাটকৰ পৰিকল্পনা) অনুসৰি আহে। অলপো ইফাল-সিফাল হব নোৱাৰে। যি পাষ্ট হৈ গল সেয়াই প্ৰেজেণ্ট হৈ আছে। পাষ্ট, প্ৰেজেণ্ট, ফিউচাৰক জনাজনকেই ত্ৰিকালদৰ্শী বুলি কোৱা হয়। এইটো স্মৃতিত ৰাখিব লাগে। এইটো বহুত পৰিশ্ৰমৰ কথা। বাৰে বাৰে পাহৰি যায়। নহ'লেতো তোমালোক সন্তানসকল কিমান অতিন্দ্ৰীয় সুখত থাকিব লাগে। তোমালোক ইয়াত অৱিনাশী জ্ঞান ধনেৰে বহুত চহকী হৈ আছা। যাৰ যিমান ধাৰণা আছে, তেওঁলোক বহুত চহকী হৈ গৈ আছে, কিন্তু নতুন সৃষ্টিৰ বাবে। তোমালোকে জানা যে আমি যি কিছু কৰোঁ সেয়া ফিউচাৰ নতুন সৃষ্টিৰ বাবে। পিতা আহিছেই নতুন সৃষ্টিৰ স্থাপনা কৰিবলৈ। পুৰণি সৃষ্টিৰ বিনাশ কৰিবলৈ। হুবহু কল্পৰ আগৰদৰেই হ'ব। তোমালোক সন্তানসকলেও দেখিবা। নেচাৰেল কেলেমিটিচো (প্ৰাকৃতিক দুৰ্যোগো) হ'ব। আৰ্থকোৱেক (ভূমিকম্প) আহিল আৰু শেষ। ভাৰতত কিমান আৰ্থকোৱেক হ'ব। মইতো কওঁ - এয়াতো হবই। কল্পৰ আগতেও হৈছিল সেইবাবেতো কয় যে সোণৰ দ্বাৰকা তললৈ গুচি গ'ল। সন্তানসকলে এইটো ভালদৰে বুদ্ধিত ধাৰণ কৰিব লাগে যে আমি 5 হাজাৰ বছৰ পূৰ্বেও এই নলেজ (জ্ঞান) লৈছিলোঁ। এই ক্ষেত্ৰত অলপো ইফাল-সিফাল নহয়। বাবা, 5 হাজাৰ বছৰৰ পূৰ্বেও আমি আপোনাৰ পৰা উত্তৰাধিকাৰ লৈছিলোঁ। আমি অনেক বাৰ আপোনাৰ পৰা উত্তৰাধিকাৰ লৈছোঁ। তাৰ গণনা হ'ব নোৱাৰে। কিমানবাৰ তোমালোক বিশ্বৰ মালিক হোৱা, আকৌ ফকিৰ হোৱা। এই সময়ত ভাৰত সম্পূৰ্ণ ফকিৰ হয়। তোমালোকে লিখাও যে ড্ৰামাৰ প্লেন অনুসৰি। তেওঁলোকে ড্ৰামা শব্দটি নকয়। তেওঁলোকৰ প্লেনেই নিজৰ।

তোমালোকে কোৱা যে ড্ৰামাৰ প্লেন অনুসৰি আমি পুনৰ 5 হাজাৰ বছৰ পূৰ্বৰ দৰে স্থাপনা কৰি আছোঁ। কল্পৰ আগতে যি কৰ্তব্য কৰিছিলোঁ সেয়া এতিয়াও শ্ৰীমতৰ দ্বাৰা কৰোঁ। শ্ৰীমতৰ দ্বাৰাই শক্তি লওঁ। শিৱ শক্তি নামো আছে নহয় জানো। গতিকে তোমালোক শিৱ শক্তি দেৱী হোৱা, যাৰ মন্দিৰতো পূজা হয়। তোমালোকেই দেৱী হোৱা যিসকলে পুনৰ বিশ্বৰ ৰাজ্য লাভ কৰা। জগত অম্বাক চোৱা, কিমান পূজা হয়। অনেক নাম ৰাখি দিছে। হওতেতো এগৰাকীয়েই। যেনেকৈ পিতাও এজনেই শিৱ হয়। তোমালোকেও বিশ্বক স্বৰ্গ কৰি গঢ়ি তোলা গতিকে তোমালোকৰ পূজা হয়। অনেক দেৱী আছে, লক্ষ্মীৰ কিমান পূজা কৰে। দীপমালাৰ (দীপাৱলীৰ) দিনা মহালক্ষ্মীক পূজা কৰে। তেওঁ হৈছে হেড (মুখ্য), মহাৰজা-মহাৰাণী একেলগ কৰি মহালক্ষ্মী বুলি কৈ দিয়ে। তাত দুয়ো আহি যায়। আমিও মহালক্ষ্মীৰ পূজা কৰিছিলোঁ, ধন বৃদ্ধি হ'লে ভাবিব যে মহালক্ষ্মীৰ কৃপা হল। বচ্‌ প্ৰত্যেক বছৰে পূজা কৰে। বাৰু, তেওঁৰ পৰা ধন বিচাৰে, দেৱীৰ পৰা কি বিচাৰিব? তোমালোক সংগমযুগী দেৱীসকল স্বৰ্গৰ বৰদান দিওঁতা হোৱা। মনুষ্যই এইটো গম নাপায় যে দেৱীসকলৰ দ্বাৰা স্বৰ্গৰ সকলো কামনা পূৰ্ণ হয়। তোমালোক দেৱী নোহোৱা জানো। মনুষ্যক জ্ঞান দান কৰা যাৰ দ্বাৰা সকলো কামনা পূৰ্ণ কৰি দিয়া। বেমাৰ আদি হ'লে তেতিয়া দেৱীসকলক কব আৰোগ্য কৰা। ৰক্ষা কৰা। অনেক প্ৰকাৰৰ দেৱী আছে। তোমালোক হৈছা সংগমযুগৰ শিৱ শক্তি দেৱী। তোমালোকেহে স্বৰ্গৰ বৰদান দিয়া। পিতায়ো দিয়ে, সন্তানসকলেও দিয়ে। মহালক্ষ্মীক দেখুৱায়। নাৰায়ণক গুপ্ত কৰি দিয়ে। পিতাই তোমালোক সন্তানসকলৰ কিমান প্ৰভাৱ বঢ়ায়। দেৱীসকলে 21 জন্মৰ বাবে সুখৰ সকলো কামনা পূৰ্ণ কৰে। লক্ষ্মীৰ ওচৰত ধন বিচাৰে। ধনৰ কাৰণেই মনুষ্যই ভাল ধান্দা (কাম-কাজ) আদি কৰে। তোমালোককতো পিতা আহি গোটেই বিশ্বৰ মালিক কৰি তোলে, প্ৰচুৰ ধন দিয়ে। শ্ৰী লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল। এতিয়া কঙাল (ভিকহু)। তোমালোক সন্তানসকলে জানা ৰাজ্যৰ আকৌ লাহে লাহে কেনেকৈ অৱনতিৰ কলা হয়। পুনৰ্জন্ম লওঁতে লওঁতে কলা কম হৈ হৈ এতিয়া চোৱা কেনেকুৱা অৱস্থা হৈ গৈছে! এয়াও নতুন কথা নহয়। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাচত চক্ৰ ঘূৰি থাকে। এতিয়া ভাৰত কিমান কঙাল। ৰাৱণ ৰাজ্য হয়। কিমান উচ্চ নাম্বাৰ ৱান (প্ৰথম নম্বৰত) আছিল, এতিয়া লাষ্ট (শেষৰ) নম্বৰত আছে। লাষ্টত নাহিলে তেতিয়া নাম্বাৰ ৱানত কেনেকৈ আহিব। হিচাপ আছে নহয় জানো। ধৈৰ্যসহকাৰে যদি বিচাৰ সাগৰ মন্থন কৰে তেন্তে সকলো কথা স্বতঃ বুদ্ধিত আহি যাব। কিমান মধুৰ কথা হয়। এতিয়াতো তোমালোকে গোটেই সৃষ্টি চক্ৰক জানি গলা। পাঠ কেৱল স্কুলতে পঢ়া নহয়। শিক্ষকে ঘৰত পঢ়িবলৈ লেচন (পাঠ) দিয়ে, যাক হোমৱৰ্ক (ঘৰৰ কাম) বুলি কোৱা হয়। পিতায়ো তোমালোকক ঘৰৰ বাবে পাঠ দিয়ে। দিনত বাৰু ধান্দা আদিও কৰা, শৰীৰ নিৰ্বাহতো কৰিবই লাগিব। অমৃতবেলাতো সকলোৰে আজৰি থাকে। ৰাতিপুৱাৰ দুই-তিনি বজাৰ সময়খিনি বহুত ভাল। সেই সময়ত উঠি পিতাক মৰমেৰে স্মৰণ কৰিবা। বাকী এই বিকাৰবোৰেই তোমালোকক আদি-মধ্য-অন্ত দুখী কৰিছে। ৰাৱণক জ্বলায় কিন্তু ইয়াৰো অৰ্থ একোৱে নাজানে। বচ, কেৱল পৰম্পৰাগতভাৱে ৰাৱণক জ্বলোৱাৰ নিয়ম চলি আহিছে। ড্ৰামা অনুসৰি এইটোও নিৰ্ধাৰিত হৈ আছে। ৰাৱণক বধ কৰি আহিছে কিন্তু ৰাৱণ নমৰেই। এতিয়া তোমালোক সন্তানসকলে জানা যে এই ৰাৱণক জ্বলোৱাতো কেতিয়া বন্ধ হ'ব। তোমালোক এতিয়া সঁচা সঁচা সত্য নাৰায়ণৰ কথা (আখ্যান) শুনা। তোমালোকে জানা যে আমি এতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰোঁ। পিতাক নজনাৰ কাৰণে সকলো গৰাকীবিহীন (মাউৰা) হৈ গল। পিতা যিজনে ভাৰতক স্বৰ্গ কৰি তোলে তেওঁকো নাজানে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ছিৰি নামি তমোপ্ৰধান হ'ল সেইবাবেতো পিতা পুনৰ আহিল। কিন্তু নিজক জানো তমোপ্ৰধান বুলি বুজে। পিতাই কয় - এই সময়ত গোটেই বৃক্ষৰ জৰ্জৰিত অৱস্থা হৈ গৈছে। এজনো সতোপ্ৰধান নাই। সতোপ্ৰধান শান্তিধাম আৰু সুখধামতহে হয়। এতিয়া হৈছে তমোপ্ৰধান। পিতাহে আহি তোমালোক সন্তানসকলক অজ্ঞান নিদ্ৰাৰ পৰা জগায়। তোমালোকে আকৌ অন্যসকলক জগোৱা। জাগি থাকে। যিদৰে মনুষ্য মৰিলে তেতিয়া তেওঁৰ প্ৰতি চাকি জ্বলায় যাতে প্ৰকাশত আহি যায়। এতিয়া এয়া হৈছে ঘোৰ অন্ধকাৰ, আত্মাসকল নিজৰ ঘৰলৈ উভতি যাব নোৱাৰে। যদিও অন্তৰে দুখৰ পৰা মুক্ত হবলৈ বিচাৰে কিন্তু এজনো মুক্ত হ'ব নোৱাৰে।

যিসকল সন্তানৰ পুৰুষোত্তম সংগমযুগৰ স্মৃতি থাকে তেওঁলোকে জ্ঞান ৰত্ন দান নকৰাকৈ থাকিব নোৱাৰে। যিদৰে মনুষ্যই পুৰুষোত্তম মাহত বহুত দান-পুণ্য কৰে, সেইদৰে এই পুৰুষোত্তম সংগমযুগত তোমালোকে জ্ঞান ৰত্নৰ দান কৰিব লাগে। এইটোও বুজি পোৱা যে স্বয়ং পৰমপিতা পৰমাত্মাই পঢ়াই আছে, কৃষ্ণৰ কথা নহয়। কৃষ্ণতো হৈছে সত্যযুগৰ প্ৰথম প্ৰিন্স (ৰাজকুমাৰ), গতিকে তেওঁ পুনৰ্জন্ম লৈ আহি থাকে। বাবাই পাষ্ট, প্ৰেজেণ্ট, ফিউচাৰৰো ৰহস্য বুজাইছে। তোমালোক ত্ৰিকালদৰ্শী হৈ যোৱা, পিতাৰ বাহিৰে আন কোনেও ত্ৰিকালদৰ্শী কৰি তুলিব নোৱাৰে। সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান পিতাৰহে আছে, তেওঁকহে জ্ঞানৰ সাগৰ বুলি কোৱা হয়। উচ্চতকৈও উচ্চ বুলি ভগৱানৰহে গায়ন কৰা হৈছে, তেৱেঁই ৰচয়িতা হয়। হেভেনলি গড ফাডাৰ (স্বৰ্গীয় ঈশ্বৰ পিতা) শব্দকেইটি বৰ ক্লীয়াৰ (স্পষ্ট) হয় - হেভেন স্থাপন কৰোঁতা। শিৱজয়ন্তীও পালন কৰে কিন্তু তেওঁ কেতিয়া আহিল, কি কৰিলে - এয়া একোৱেই নাজানে। জয়ন্তীৰ অৰ্থকে নাজানে তেন্তে আকৌ পালন কৰি কি কৰিব, এয়াও সকলো ড্ৰামাত আছে। এই সময়তহে তোমালোক সন্তানসকলে ড্ৰামাৰ আদি-মধ্য-অন্তক জানা আকৌ কেতিয়াও নাজানা। আকৌ যেতিয়া বাবা আহিব তেতিয়াহে জানিবা। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে - এই 84ৰ চক্ৰ কেনেকৈ ঘূৰে। ভক্তি মাৰ্গত কি আছে, তাৰ পৰাতো একো প্ৰাপ্তি নহয়। কিমান ভক্তসকলে ভিৰত ঠেকা-খুন্দা খাবলৈ যায়, বাবাই তোমালোকক তাৰ পৰা মুক্ত কৰি দিলে। এতিয়া তোমালোকে জানা যে আমি শ্ৰীমতত ভাৰতক পুনৰ শ্ৰেষ্ট কৰি গঢ়ি আছোঁ। শ্ৰীমতেৰেহে শ্ৰেষ্ঠ হয়। শ্ৰীমত সংগমতহে পোৱা যায়। তোমালোকে যথাৰ্থ ৰীতিৰে জানা যে আমি কোন আছিলোঁ আকৌ কেনেকৈ এয়া হৈ গলোঁ, এতিয়া পুনৰ পুৰুষাৰ্থ কৰি আছোঁ। পুৰুষাৰ্থ কৰি কৰি যদি সন্তানসকল কেতিয়াবা ফেইল (অকৃতকাৰ্য) হৈ যোৱা তেন্তে পিতাক খবৰ জনাবা, পিতাই পুনৰ থিয় হ'বৰ কাৰণে (উন্নতি কৰিবলৈ) সাৱধান কৰি দিব। কেতিয়াও ফেইলৰ (অসফল) হৈ থমকি ৰব নালাগে। পুনৰ থিয় হৈ যোৱা, দৰব লৈ লোৱা। চাৰ্জনতো বহি আছে নহয় জানো। বাবাই বুজায় পঞ্চম মহলাৰ পৰা বাগৰি পৰা আৰু দ্বিতীয় মহলাৰ পৰা বাগৰি পৰাৰ প্ৰভেদ কিমান। কাম বিকাৰ হল পঞ্চম মহলা, সেয়েহে বাবাই কৈছে - কাম মহাশত্ৰু, কাম বিকাৰে তোমালোকক পতিত কৰিছে, এতিয়া পাৱন হোৱা। পতিত-পাৱন পিতাহে আহি পাৱন কৰি তোলে। নিশ্চয় সংগমত পাৱন কৰি তুলিব। কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ এয়া হৈছে সংগম।

সন্তানসকলে জানে - পিতাই এতিয়া পুলি ৰোপণ কৰি আছে পুনৰ গোটেই বৃক্ষ ইয়াত বাঢ়িব। ব্ৰাহ্মণসকলৰ বৃক্ষ বাঢ়িব পুনৰ সূৰ্যবংশী-চন্দ্ৰবংশীত গৈ সুখ ভোগ কৰিব। কিমান সহজকৈ বুজোৱা হয়। বাৰু, মুৰুলী যদি নোপোৱাও, পিতাক স্মৰণ কৰা। এইটো বুদ্ধিত দৃঢ় কৰা যে শিৱবাবাই ব্ৰহ্মা তনৰ দ্বাৰা আমাক কয় যে মোক স্মৰণ কৰা তেতিয়া বিষ্ণুৰ বংশলৈ গুচি যাবা। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। কল্পই কল্পই যি পুৰুষাৰ্থ কৰিলা, হুবহু সেয়াই চলিব। আধাকল্প দেহী-অভিমানী হৈ থাকিলা, এতিয়া দেহী-অভিমানী হবলৈ সম্পূৰ্ণ পুৰুষাৰ্থ কৰা, এই ক্ষেত্ৰত পৰিশ্ৰম আছে। পঢ়াতো সহজ হয়, মুখ্য হল পাৱন হোৱাৰ কথা। পিতাক পাহৰি যোৱা এইটোতো বহুত ডাঙৰ ভুল। দেহ- অভিমানত আহিলেই পাহৰি যোৱা। শৰীৰ নিৰ্বাহৰ অৰ্থে ধান্দা আদি বাৰু 8 (আঠ) ঘণ্টা কৰা বাকী 8 ঘণ্টা স্মৃতিত থাকিবৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগিব। সেইটো অৱস্থা সোনকালে নহব। অন্তত যেতিয়া এইটো অৱস্থা হব তেতিয়া বিনাশ হব। কৰ্মাতীত অৱস্থা হলে তেতিয়া এই শৰীৰ থাকিব নোৱাৰিব, এৰিব লাগিব কিয়নো আত্মা পবিত্ৰ হৈ গল নহয় জানো। যেতিয়া ক্ৰমানুসৰি কৰ্মাতীত অৱস্থা হৈ যাব তেতিয়া যুদ্ধ আৰম্ভ হব, তেতিয়ালৈকে ৰিহাৰ্চেল হৈ (আখৰা চলি) থাকিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰুষোত্তম মাহত (সংগমত) অবিনাশী জ্ঞান ৰত্ন দান কৰিব লাগে। অমৃতবেলা উঠি বিচাৰ সাগৰ মন্থন কৰিব লাগে। শ্ৰীমতত শৰীৰ নিৰ্বাহ কৰিও পিতাই যি হোমৱৰ্ক (ঘৰৰ কাম) দিছে, সেয়াও নিশ্চয় কৰিব লাগে।

(2) পুৰুষাৰ্থত কেতিয়াবা বাধা আহিলে পিতাক খবৰ জনাই শ্ৰীমত লব লাগে। ছাৰ্জনক (চিকিৎসকক) সকলো কথা শুনাব লাগে। বিকৰ্ম বিনাশ কৰাৰ সময়ত কোনো বিকৰ্ম কৰিব নালাগে।

বৰদান:
দেহ, সম্বন্ধ আৰু বৈভৱৰ বন্ধনৰ পৰা স্বতন্ত্ৰ পিতাৰ সমান কৰ্মাতীত হোৱা

যিসকল নিমিত্ত মাত্ৰ ডায়ৰেক্সন (নিৰ্দেশনা) অনুসৰি প্ৰবৃত্তিৰ (ঘৰ-সংসাৰৰ) তত্ত্বাৱধান লৈ আত্মিক স্বৰূপত থাকে, মোহৰ কাৰণে নহয়, তেওঁলোকক যদি এতিয়াই অৰ্ডাৰ (আদেশ) দিয়া হয় যে গুচি আহা তেন্তে গুচি আহিব। শিঙা বাজিল আৰু ভাবি থাকোতেই যাতে সময় গুচি নাযায় - তেতিয়া নষ্টোমোহা বুলি কোৱা হব সেইবাবে সদায় নিজক চেক (পৰীক্ষা) কৰিব লাগে যে দেহৰ, সম্বন্ধৰ, বৈভৱৰ বন্ধনে নিজৰ ফালে আকৰ্ষিততো নকৰে। যত বন্ধন থাকিব তত আকৰ্ষণ থাকিব। কিন্তু যিসকল স্বতন্ত্ৰ হয় তেওঁলোক পিতাৰ সমান কৰ্মাতীত স্থিতিৰ সমীপত থাকে।

স্লোগান:
স্নেহ আৰু সহযোগৰ লগতে শক্তি ৰূপ হোৱা তেতিয়া ৰাজধানীত আগত নম্বৰ পাই যাবা।