16.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে সংগমত সেৱা কৰি গায়ন যোগ্য হ'ব লাগে তেতিয়া ভৱিষ্যতে পুৰুষোত্তম হোৱাৰ বাবে তোমালোক পূজ্য হৈ যাবাগৈ

প্ৰশ্ন:
কোনটো বেমাৰ শিপাৰে সৈতে সমাপ্ত হ'লে তেতিয়াহে পিতাৰ অন্তৰত অধিষ্ঠিত হবা?

উত্তৰ:
1) দেহ-অভিমানৰ বেমাৰ। এই দেহ-অভিমানৰ বাবেই সমস্ত বিকাৰে মহাৰোগী কৰি তুলিছে। এই দেহ-অভিমান সমাপ্ত হৈ গলে তেতিয়া তোমালোক পিতাৰ অন্তৰত অধিষ্ঠিত হবা। 2) অন্তৰত অধিষ্ঠিত হবলৈ হলে বিশাল বুদ্ধিৰ হোৱা, জ্ঞান চিতাত বহা। আত্মিক সেৱাত লাগি যোৱা আৰু বাণী চলোৱাৰ (জ্ঞান শুনোৱাৰ) লগতে পিতাক যথা ৰীতি স্মৰণ কৰা।

গীত:
জাগ চজনীয়া জাগ.. (জাগা প্ৰিয়তমাসকল জাগা.....)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলে - আত্মিক পিতাই এই সাধাৰণ পুৰণা শৰীৰৰ দ্বাৰা মুখেৰে কলে। পিতাই কয় - মই পুৰণা শৰীৰত পুৰণা ৰাজধানীত আহিবলগীয়া হ'ল। এতিয়া এয়া হৈছে ৰাৱণৰ ৰাজধানী। শৰীৰো আনৰ কিয়নো এই শৰীৰততো আগৰে পৰাই আত্মা আছে। মই আনৰ শৰীৰত প্ৰৱেশ কৰোঁ। নিজৰ শৰীৰ থকাহেঁতেন তাৰ নাম থাকিলহেঁ‌তেন। মোৰ নাম সলনি নহয়। মোক তথাপিও শিৱবাবা বুলি কয়। গীততো সন্তানসকলে নিতৌ শুনে। নৱযুগ অৰ্থাৎ নতুন সৃষ্টি সত্যযুগ সমাগত। এতিয়া কাক কয় যে জাগা? আত্মাসকলক কিয়নো আত্মাসকলেই ঘোৰ অন্ধকাৰত শুই আছে। অলপো বোধশক্তি নাই। পিতাকেই চিনি নাপায়। এতিয়া পিতা জগাবলৈ আহিছে। এতিয়া তোমালোকে বেহদৰ পিতাক জানা। তেওঁৰ পৰা নতুন যুগত বেহদৰ সুখ পোৱা যায়। সত্যযুগক নতুন বুলি কোৱা হয়, কলিযুগক পুৰণি যুগ বুলি কোৱা হ'ব। বিদ্বান, পণ্ডিত আদি কোনেও নাজানে। যিকোনো লোককে সোধা যে নতুন যুগ আকৌ পুৰণি কেনেকৈ হয়, তেতিয়া কোনেও ক'ব নোৱাৰিব। ক'ব যে এয়াতো লাখ লাখ বছৰৰ কথা। এতিয়া তোমালোকে জানা আমি নতুন যুগৰ পৰা পুৰণি যুগলৈ কেনেকৈ আহিলোঁ অৰ্থাৎ স্বৰ্গবাসীৰ পৰা নৰকবাসী কেনেকৈ হলোঁ। মনুষ্যইতো একোয়েই নাজানে, যাৰ পূজা কৰে তেওঁলোকৰ জীৱনবৃত্তান্তও (বায়'গ্ৰাফীও) নাজানে। উদাহৰণ স্বৰূপে জগদম্বাৰ পূজা কৰে কিন্তু সেই অম্বা কোন, সেয়া নাজানে। বাস্তৱত অম্বা বুলি মাতাসকলক কোৱা হয়। কিন্তু পূজাতো এগৰাকীৰে হ'ব লাগে। শিৱবাবাৰো এটাই অব্যভিচাৰী স্মাৰক আছে। অম্বাও এগৰাকী। কিন্তু জগত অম্বাক নাজানে। এয়া হৈছে জগত অম্বা আৰু লক্ষ্মী হ'ল জগতৰ মহাৰাণী। তোমালোকে জানা যে জগত অম্বা কোন আৰু জগতৰ মহাৰাণী কোন হয়। এই কথাবোৰ কোনেও কেতিয়াও জানিব নোৱাৰে। লক্ষ্মীক দেৱী আৰু জগত অম্বাক ব্ৰাহ্মণী বুলি কোৱা হ'ব। ব্ৰাহ্মণ সংগমতে থাকে। এই সংগমযুগক কোনেও নাজানে। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা নতুন পুৰুষোত্তম সৃষ্টি ৰচা হয়। পুৰুষোত্তম তোমালোকে তাত দেখিবলৈ পাবা। এই সময়ত তোমালোক ব্ৰাহ্মণসকল গায়নৰ যোগ্য হোৱা। সেৱা কৰি আছা পাচত পূজাৰ যোগ্য হ'বাগৈ। ব্ৰহ্মাক ইমান ভূজা দিয়ে তেন্তে অম্বাকো কিয় নিদিব। তেওঁৰোতো সকলো সন্তান হয় নহয় জানো। ম-পিতায়েই প্ৰজাপিতা হয়। সন্তানসকলক প্ৰজাপিতা বুলি কোৱা নহয়। লক্ষ্মী-নাৰায়ণক কেতিয়াও সত্যযুগত জগত পিতা জগত মাতা বুলি নকব। প্ৰজাপিতাৰ নাম প্ৰসিদ্ধ। জগত পিতা আৰু জগত মাতা এজনেই। বাকী তেওঁলোকৰ সন্তানসকল। আজমিৰত প্ৰজাপিতা ব্ৰহ্মাৰ মন্দিৰলৈ গ'লে তেতিয়া বাবা বুলি ক'ব কিয়নো হয়েই প্ৰজাপিতা। হদৰ পিতাসকলে সন্তান ৰচনা কৰে গতিকে তেওঁলোক হদৰ প্ৰজাপিতা হ'ল। এয়া হ'ল বেহদৰ। শিৱবাবাতো সকলো আত্মাৰ বেহদৰ পিতা হয়। এয়াও তোমালোক সন্তানসকলে পাৰ্থক্য লিখিব লাগে। জগত অম্বা সৰস্বতী এগৰাকী। নাম কিমান ৰাখি দিছে - দূৰ্গা, কালী আদি। অম্বা আৰু বাবাৰ তোমালোক সকলো সন্তান হোৱা। এয়া ৰচনা হয় নহয় জানো। প্ৰজাপিতা ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী, তেওঁক অম্বা বুলি কয়। বাকী সকলো হৈছে পুত্ৰ-কন্যা। হওতে সকলো তোলনীয়া (এডপ্টেড্)। ইমানবিলাক সন্তান ক'ৰ পৰা আহিব পাৰে। এয়া সকলো হৈছে মুখ বংশাৱলী। মুখেৰে স্ত্ৰীক ৰচনা কৰিলে গতিকে ৰচয়িতা হৈ গ'ল। এনেকৈ কয় যে এওঁ‌ মোৰ। মই এওঁৰ দ্বাৰা সন্তান ৰচনা কৰিছোঁ‌। এয়া সকলো হৈছে তুলি লোৱা কাৰ্য (এডাপশ্চন)। এয়া আকৌ হৈছে ঈশ্বৰীয়, মুখৰ দ্বাৰা ৰচনা। আত্মাতো হয়েই। তেওঁলোকক তুলি লোৱা নহয়। পিতাই কয় - তোমালোক আত্মাসকল সদায় মোৰ সন্তান। আকৌ এতিয়া মই আহি প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা সন্তানসকলক তুলি লওঁ‌। সন্তানসকলক (আত্মাসকল)ক তুলি নলয়, পুত্ৰ-কন্যাসকলক তুলি লয়। এয়াও অতি সূক্ষ্ম বুজিবলগীয়া কথা। এই কথাবিলাক বুজিলে তোমালোক এই লক্ষ্মী-নাৰায়ণ হোৱা। তেওঁলোক কেনেকৈ হল সেয়া আমি বুজাব পাৰোঁ। এনেকুৱা কি কৰ্ম কৰিলে যে তেওঁলোক বিশ্বৰ মালিক হৈ গ'ল। তোমালোকে প্ৰদৰ্শনী আদিতো সুধিব পাৰা। তোমালোকে জানা তেওঁলোকে এই স্বৰ্গৰ ৰাজধানী কেনেকৈ ল'লে। তোমালোকৰ ভিতৰতো যথা ৰীতি প্ৰত্যেকেই বুজাব নোৱাৰে। যাৰ দৈৱীগুণ থাকিব, এই আত্মিক সেৱাত ব্ৰতী হৈ থাকিব তেওঁলোকে বুজাব পাৰে। বাকীসকলতো মায়াৰ বেমাৰত আৱদ্ধ হৈ থাকে। অনেক প্ৰকাৰৰ ৰোগ আছে। দেহ-অভিমানৰো ৰোগ আছে। এই বিকাৰ বিলাকেই তোমালোকক ৰোগী কৰি তুলিছে।

পিতাই কয় - মই তোমালোকক পবিত্ৰ দেৱতা কৰি তোলোঁ। তোমালোক সৰ্বগুণ সম্পন্ন...... পবিত্ৰ আছিলা। এতিয়া পতিত হৈ গলা। বেহদৰ পিতাই এইদৰে ক'ব। ইয়াত নিন্দাৰ কোনো কথা নাই, এয়া বুজাবলগীয়া কথা। ভাৰতবাসীক বেহদৰ পিতাই কয় - মই ইয়াত ভাৰতলৈ আহোঁ। ভাৰতৰ মহিমাতো অপৰমঅপাৰ হয়। ইয়ালৈ আহি নৰকক স্বৰ্গ কৰি তোলে, সকলোকে শান্তি দিয়ে। সেয়েহে এনেকুৱা পিতাৰো মহিমা অপৰমঅপাৰ। পাৰাপাৰ নাই। জগত অম্বা আৰু তেওঁৰ মহিমাক কোনেও নাজানে। তেওঁলোকৰো পাৰ্থক্য তোমালোকে ক'ব পাৰা। এয়া জগত অম্বাৰ জীৱন বৃত্তান্ত, এয়া লক্ষ্মীৰ জীৱন বৃত্তান্ত। সেই জগত অম্বাই আকৌ লক্ষ্মী হয়। পুনৰ লক্ষ্মীৰ পৰা 84 জন্মৰ অন্তত জগত অম্বা হ'ব। চিত্ৰও বেলেগ বেলেগ ৰাখিব লাগে। দেখুৱায় যে লক্ষ্মীয়ে কলহ পালে কিন্তু লক্ষ্মী আকৌ সংগমত ক'ৰ পৰা আহিল। তেওঁতো (লক্ষ্মীতো) সত্যযুগত হৈছে। এই সকলোবোৰ কথা পিতাই বুজায়। চিত্ৰ তৈয়াৰ কৰা কাৰ্য যাৰ ওপৰত ন্যস্ত কৰা হৈছে তেওঁলোকে বিচাৰ সাগৰ মন্থন কৰিব লাগে। তেতিয়া বুজাবলৈ সহজ হ'ব। ইমান বিশাল বুদ্ধিৰ প্ৰয়োজন তেতিয়াহে অন্তৰত অধিষ্ঠিত হবা। যেতিয়া বাবাক যথাৰীতি স্মৰণ কৰিবা, জ্ঞান চিতাত বহিবা তেতিয়াহে অন্তৰত অধিষ্ঠিত হবা। এনেকুৱা নহয় যে যিয়ে বহুত ভালকৈ ভাষণ দিয়ে, তেওঁ অন্তৰত অধিষ্ঠিত হয়। নহয়, পিতাই কয় - অন্তৰত অন্তিমত অধিষ্ঠিত হব, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি যেতিয়া দেহ-অভিমান নাইকিয়া হৈ যাব।

পিতাই বুজাইছে - ব্ৰহ্ম জ্ঞানীয়ে ব্ৰহ্মত লীন হবৰ বাবে পৰিশ্ৰম কৰে কিন্তু এনেকৈ কোনেও লীন হ'ব নোৱাৰে। বাকী পৰিশ্ৰম কৰে, উত্তম পদবী পায়। এনেকুৱা মহাত্মা হৈ যায় যে প্লেটিনিয়ামত ওজন কৰা হয় কিয়নো ব্ৰহ্মত লীন হবৰ বাবে পৰিশ্ৰমতো কৰে নহয় জানো। গতিকে পৰিশ্ৰমৰো ফল পায়। বাকী মুক্তি-জীৱনমুক্তি পাব নোৱাৰে। তোমালোক সন্তানসকলে জানা এতিয়া এই পুৰণি সৃষ্টি সমাপ্তিৰ পথত। ইমান বোমা তৈয়াৰ কৰিছে - ৰাখি থবলৈ জানো তৈয়াৰ কৰিছে। তোমালোকে জানা পুৰণি সৃষ্টিৰ বিনাশৰ বাবে এই বোমাবিলাক কামত আহিব। অনেক প্ৰকাৰৰ বোমা আছে। পিতাই জ্ঞান আৰু যোগ শিকায় পাচত ৰাজ-ৰাজেশ্বৰ দ্বৈত (ডবল) মুকুটধাৰী দেৱী-দেৱতা হ'বাগৈ। কোনটো উচ্চ পদবী। ব্ৰাহ্মণৰ টিকণি উচ্চত। টিকণি (ব্ৰাহ্মণ) সকলোতকৈ উচ্চত। এতিয়া তোমালোক সন্তানসকলক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতা আহিছে। আকৌ তোমালোকো পতিত-পাৱনী হোৱাগৈ - এইটো নিচা আছেনে? আমি সকলোকে পাৱন কৰি ৰাজ-ৰাজেশ্বৰ কৰি গঢ়ি আছোঁনে? নিচা থাকিলেতো বহুত আনন্দিত হৈ থাকিব। নিজৰ অন্তৰক সোধা মই কিমানক নিজৰ সমান কৰি তোলোঁ? প্ৰজাপিতা ব্ৰহ্মা আৰু জগত-অম্বা দুয়ো একে নিচিনা। ব্ৰাহ্মণৰ ৰচনা ৰচে। শূদ্ৰৰ পৰা ব্ৰাহ্মণ হোৱাৰ যুক্তি (উপায়) পিতাইহে শুনায়। এয়া কোনো শাস্ত্ৰত নাই। এইটো হয়ো গীতাৰ যুগ। মহাভাৰতৰ যুদ্ধও যথাযথ হৈছিল। ৰাজযোগ জানো এজনক শিকাইছিল। মনুষ্যৰ বুদ্ধিত আকৌ অৰ্জুন আৰু কৃষ্ণই আছে। ইয়াততো বহুতে পঢ়ে। বহেও চোৱা কিমান সাধাৰণভাৱে। সৰু ল'ৰা-ছোৱালীয়ে অল্‌ফ (পিতা) আৰু বে (বাদশ্বাহী) পঢ়ে নহয় জানো। তোমালোক বহি আছা তোমালোককো অল্‌ফ আৰু বে পঢ়াই আছে। অল্ফ আৰু বে, এয়া হৈছে উত্তৰাধিকাৰ। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক বিশ্বৰ মালিক হ'বা। কোনো আসুৰিক কাম কৰিব নালাগে। দৈৱীগুণ ধাৰণ কৰিব লাগে। চাব লাগে মোৰ কোনো অৱগুণতো নাই? মই নিৰ্গুণহাৰীৰ কোনো গুণ নাই। এতিয়া নিৰ্গুণ আশ্ৰমো আছে কিন্তু অৰ্থ একোয়েই নাই। নিৰ্গুণ অৰ্থাৎ মোৰ কোনো গুণ নাই। এতিয়া গুণৱান কৰি তোলাতোতো পিতাৰেই কাম। পিতাৰ উপাধিৰ টুপী আকৌ নিজৰ ওপৰত ৰাখি দিছে। পিতাই কিমান কথা বুজায়। নিৰ্দেশনাও (ডাইৰেক্সনো) দিয়ে। জগত অম্বা আৰু লক্ষ্মীৰ পাৰ্থক্য শুনোৱা। ব্ৰহ্মা-সৰস্বতী সংগমৰ, লক্ষ্মী-নাৰায়ণ সত্যযুগৰ। এই চিত্ৰ হৈছে বুজাবৰ বাবে। সৰস্বতী ব্ৰহ্মাৰ জীয়ৰী। মনুষ্যৰ পৰা দেৱতা হ'বলৈ পঢ়ে। এতিয়া তোমালোক ব্ৰাহ্মণ। সত্যযুগী দেৱতাও মনুষ্যই হয় কিন্তু তেওঁলোকক দেৱতা বুলি কোৱা হয়, মনুষ্য বুলি ক'লে যেন তেওঁলোকক অপমান (ইনচাল্ট) কৰা হয় সেইবাবে দেৱী-দেৱতা বা ভগৱান-ভগৱতী বুলি কৈ দিয়ে। যদি ৰজা-ৰাণীক ভগৱান-ভগৱতী বুলি কোৱা হয় তেন্তে প্ৰজাকো ক'ব লাগিব, সেয়েহে দেৱী-দেৱতা বুলি কোৱা হয়। ত্ৰিমূৰ্তিৰ চিত্ৰও আছে। সত্যযুগত ইমান কম মনুষ্য, কলিযুগত ইমান অনেক মনুষ্য থাকে। সেইটো কেনেকৈ বুজাবা। ইয়াৰ বাবে আকৌ সৃষ্টি চক্ৰৰ চিত্ৰও নিশ্চয় লাগে। প্ৰদৰ্শনীলৈ ইমান অনেক লোকক মতা হয়। সীমা শুল্ক অধিকাৰীকতো (কাষ্টম কলেক্টৰকতো) কেতিয়াও কোনেও নিমন্ত্ৰণ দিয়া নাই। গতিকে এনে ধৰণৰ বিচাৰ কৰিব লাগে, এইক্ষেত্ৰত বহুত বিশাল বুদ্ধিৰ প্ৰয়োজন।

পিতাৰতো সন্মান ৰাখিব লাগে। হুছেইনৰ ঘোঁৰাক কিমান সজায়। মূৰত বন্ধা পেটিপাত কিমান সৰু, ঘোঁৰা কিমান ডাঙৰ। আত্মাও কিমান সূক্ষ্ম বিন্দু, ইয়াৰ শোভা কিমান। এয়া অকালমূৰ্তৰ আসন হয় নহয় জানো। সৰ্বব্যাপীৰ ধাৰণাটোও গীতাৰ পৰা আনিছে। পিতাই কয় - মই আত্মাসকলক ৰাজযোগ শিকাওঁ তেন্তে সৰ্বব্যাপী কেনেকৈ হ'ম। পিতা-শিক্ষক-গুৰু সৰ্বব্যাপী কেনেকৈ হ'ব। পিতাই কয় - মইতো তোমালোকৰ পিতা হওঁ‌ আকৌ জ্ঞান সাগৰ হওঁ‌। তোমালোকে বেহদৰ ইতিহাস-ভূগোল বুজিলে বেহদৰ ৰাজ্য পাই যাবা। দৈৱীগুণো ধাৰণ কৰিব লাগে। মায়াই একেবাৰে নাকৰ পৰাই ধৰি লয়। চলন লেতেৰা হৈ যায় তেতিয়া লিখে এনেকুৱা এনেকুৱা ভুল হৈ গ'ল। মই মুখ ক'লা কৰি পেলালোঁ। ইয়াততো পবিত্ৰতা শিকোৱা হয় আকৌ যদি কোনোবা অধঃপতিতো হয় তেন্তে সেইক্ষেত্ৰত পিতাই কি কৰিব পাৰে। ঘৰত কোনো সন্তান কলুষিত হৈ গলে, মুখ ক'লা কৰি দিলে তেতিয়া পিতাকে কয় - তুমি মৰি যোৱা হ'লেই ভাল আছিল। বেহদৰ পিতাই যদিও নাটক (ড্ৰামা) খনক জানে তথাপিও ক'বতো নিশ্চয় নহয় জানো। তোমালোকে আনক শিক্ষা দি যদি নিজেই অধঃপতিত হোৱা তেন্তে হাজাৰ গুণে পাপ বাঢ়ি যায়। কয় - মায়াই থাপৰ মাৰি দিলে। মায়াই এনেকুৱা ঘোঁচা মাৰে যে একেবাৰে বুদ্ধিয়েই নোহোৱা কৰি দিয়ে।

পিতাই বুজাই থাকে, এই দুচকু বৰ প্ৰবঞ্চক হয়। কেতিয়াও কোনো বিকৰ্ম কৰিব নালাগে। ধুমুহাতো বহুত আহিব কিয়নো যুদ্ধক্ষেত্ৰত আছা নহয় জানো। গমেই পোৱা নাযায় যে কি হ'ব। মায়াই তৎক্ষণাৎ থাপৰ মাৰি দিয়ে। এতিয়া তোমালোক কিমান বিচাৰ বুদ্ধি সম্পন্ন হৈছা। আত্মাহে বিচাৰ বুদ্ধি সম্পন্ন হয় নহয় জানো। আত্মাই অবোধ আছিল। এতিয়া পিতাই বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে। বহুত দেহ-অভিমানত আছে। বুজি নাপায় যে আমি আত্মা হওঁ‌। পিতাই আমাক আত্মাসকলক পঢ়ায়। আমি আত্মাই এই কাণেৰে শুনি আছোঁ‌। এতিয়া পিতাই কয় - কোনো বিকাৰৰ কথা এই কাণেৰে নুশুনিবা। পিতাই তোমালোকক বিশ্বৰ মালিক কৰি তোলে, লক্ষ্য বহুত উচ্চ। মৃত্যু যেতিয়া সমীপত আহিব তেতিয়া তোমালোকৰ ভয় লাগিব। মনুষ্যৰ মৃত্যুৰ সময়তো মিতিৰ-কুটুম আদিয়ে কয় নহয় যে ভগৱানক স্মৰণ কৰা বা কোনোৱে নিজৰ গুৰু আদিক স্মৰণ কৰিব। শৰীৰধাৰীক স্মৰণ কৰিবলৈ শিকায়। পিতাইতো কয় - মামেকম্ (মনেৰে কেৱল মোক) স্মৰণ কৰা। এয়াতো তোমালোক সন্তানসকলৰহে বুদ্ধিত আছে। পিতাই আদেশ দিয়ে - মামেকম্ স্মৰণ কৰা। শৰীৰধাৰীক স্মৰণ কৰিব নালাগে। মা-পিতাও শৰীৰধাৰী নহয় জানো। মইতো বিচিত্ৰ হওঁ, বিদেহী হওঁ, এওঁ‌ৰ (ব্ৰহ্মাৰ) শৰীৰত বহি তোমালোকক জ্ঞান দিওঁ‌। তোমালোকে এতিয়া জ্ঞান আৰু যোগ শিকা। তোমালোকে কোৱা - জ্ঞান সাগৰ পিতাৰ দ্বাৰা আমি জ্ঞান শিকি আছোঁ, ৰাজ-ৰাজেস্বৰী হ'বৰ বাবে। জ্ঞানসাগৰে জ্ঞানো শিকায়, ৰাজযোগো শিকায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিমান হৈ মায়াৰ ধুমুহাত কেতিয়াও পৰাজিত হ'ব নালাগে। দুচকুৱে প্ৰৱঞ্চনা কৰে সেয়েহে নিজে সাৱধান হব লাগে। কোনো বিকাৰী কথা এই কাণেৰে শুনিব নালাগে।

(2) নিজৰ অন্তৰক সুধিব লাগে যে মই কিমানক নিজৰ সমান কৰি গঢ়ি তোলোঁ? মাষ্টৰ পতিত-পাৱনী হৈ সকলোকে পাৱন (ৰাজ-ৰাজেস্বৰ) কৰি তোলাৰ সেৱা কৰি আছোঁ‌নে? মোৰ কোনো অৱগুণতো নাই? দৈৱী গুণ কিমানলৈকে ধাৰণ কৰিছোঁ?

বৰদান:
সকলোকে ঠিকনা দিওঁতা (মাৰ্গ-দৰ্শন কৰোঁতা) দয়াশীল পিতাৰ সন্তান দয়াশীল হোৱা

দয়াশীল পিতাৰ দয়াশীল সন্তানে কাৰোবাক ভিক্ষাৰীৰ ৰূপত দেখিলে তেওঁৰ দয়া উপজিব যে এই আত্মাটিয়েও যাতে ঠিকনা পাই যায়, তেওঁৰো যাতে কল্যাণ হয়। তেওঁৰ সম্পৰ্কত যিয়েই আহিব তেওঁক পিতাৰ পৰিচয় নিশ্চয় দিব। যিদৰে কোনোবা ঘৰলৈ আহিলে প্ৰথমে পানী যচা হয়, এনেয়ে যদি গুচি যায় তেন্তে বেয়া বুলি ধৰি লয়, সেইদৰে যিয়েই সম্পৰ্কত আহে তেওঁক পিতাৰ পৰিচয়ৰ পানী অৱশ্যেই যাচিবা অৰ্থাৎ দাতাৰ সন্তান দাতা হৈ কিবা নহয় কিবা দিয়া যাতে তেৱোঁ ঠিকনা পাই যায়।

স্লোগান:
যথাৰ্থ বৈৰাগ্য বৃত্তিৰ সহজ অৰ্থ হৈছে যিমানেই উপৰাম (অনাসক্ত) সিমানেই মৰমৰ।