16.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক হৈছা ত্ৰিমূৰ্তি পিতাৰ সন্তান, তোমালোকে নিজৰ তিনিটা কৰ্তব্য স্মৃতিত ৰাখিবা - স্থাপনা, বিনাশ আৰু পালনা

প্ৰশ্ন:
দেহ-অভিমানৰ কাঢ়া বেমাৰৰ কাৰণে কি-কি লোকচান হয়?

উত্তৰ:
1) দেহ-অভিমানীসকলৰ ঈৰ্ষা উৎপন্ন হয়, ঈৰ্ষাৰ কাৰণে লুণীয়া পানী (সম্পৰ্ক তিক্ত) হৈ পৰে, মৰম-চেনেহেৰে সেৱা কৰিব নোৱাৰে। ভিতৰি-ভিতৰি জ্বলি থাকে। 2) অমনোযোগী হৈ থাকে। মায়াই তেওঁলোকক বহুত প্ৰবঞ্চনা কৰি থাকে। পুৰুষাৰ্থ কৰি-কৰি নিৰাশ হৈ যায়, যাৰ কাৰণে পঢ়িবলৈয়ে এৰি দিয়ে। 3) দেহ-অভিমানৰ কাৰণে অন্তৰ স্বচ্ছ নহয়, অন্তৰৰ স্বচ্ছ নোহোৱাৰ কাৰণে পিতাৰ অন্তৰত অধিষ্ঠিত হব নোৱাৰে। 4) মন বেয়া হৈ থাকে। তেওঁলোকৰ চেহেৰাই সলনি হৈ যায়।

ওঁম্শান্তি।
কেৱল পিতাকেই স্মৰণ কৰা নে অন্য কিবাও স্মৃতিলৈ আহে? সন্তানসকলৰ স্থাপনা, বিনাশ আৰু পালনা - তিনিওটাৰে স্মৃতি থাকিব লাগে কিয়নো তিনিওটা একেলগে নচলে জানো। যেনেকৈ কোনোবাই বেৰিষ্টাৰী পঢ়িলে তেতিয়া তেওঁ এইটো জানে যে মই বেৰিষ্টাৰ হ'ম, ওকালতি কৰিম। বেৰিষ্টাৰীৰ পালনাও কৰিব। যি পঢ়িব সেই লক্ষ্যতো আগত থাকিব। তোমালোকে জানা আমি এতিয়া কনষ্ট্ৰাকশ্বন্ (নিৰ্মাণ, স্থাপনা) কৰি আছোঁ। পবিত্র নতুন সৃষ্টি স্থাপনা কৰি আছোঁ, ইয়াত যোগৰ বহুত প্ৰয়োজন। যোগৰ দ্বাৰাহে আমি আত্মা যি পতিত হৈ গলো, সেয়া পাৱন হ'ব। গতিকে আমি পবিত্ৰ হৈ আকৌ পবিত্র সৃষ্টিত গৈ ৰাজ্য কৰিম, এইটো বুদ্ধিত উদয় হোৱা উচিত। এয়া হৈছে সকলো পৰীক্ষাতকৈ ডাঙৰ পৰীক্ষা বা সকলো শিক্ষাতকৈ উচ্চ শিক্ষা। শিক্ষাতো অনেক প্ৰকাৰৰ আছে নহয় জানো। সেয়াতো সকলো মনুষ্যই, মনুষ্যক পঢ়ায় আৰু সেই পঢ়া এইখন সৃষ্টিৰ কাৰণেই। পঢ়ি উঠি তাৰ ফল ইয়াতেই পাব। তোমালোক সন্তানসকলে জানা এই বেহদৰ পঢ়াৰ ফল আমি নতুন সৃষ্টিত পাম। সেই নতুন সৃষ্টি বেছি দূৰৈত নাই। এতিয়া হৈছে সংগমযুগ। নতুন সৃষ্টিতহে আমি ৰাজ্য কৰিব লাগিব। ইয়াত বহি আছা যদিও বুদ্ধিত এইটো স্মৃতি থাকিব লাগে। পিতাৰ স্মৃতিৰেহে আত্মা পবিত্র হ'ব। আকৌ এইটোও স্মৃতিত ৰাখিব লাগে যে আমি পবিত্র হৈ যাম তেতিয়া এই অপবিত্ৰ সৃষ্টিৰ বিনাশো নিশ্চয় হ'ব। সকলোৱেতো পবিত্র নহ'ব। তোমালোক বহুত কম সংখ্যক আছা যাৰ শক্তি আছে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি শক্তি অনুসৰিহে সূৰ্যবংশী-চন্দ্ৰবংশী হোৱাগৈ। শক্তিতো সকলো কথাতেই লাগে। এয়া হৈছে ঈশ্বৰীয় শক্তি, ইয়াক যোগবলৰ শক্তি বুলি কোৱা হয়। বাকী সকলো হৈছে শাৰীৰিক শক্তি। এয়া হৈছে আত্মিক শক্তি। বাবাই কল্পই-কল্পই কয় - হে সন্তানসকল, মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। সৰ্বশক্তিমান পিতাক স্মৰণ কৰা। তেওঁতো এজনেই পিতা, তেওঁক স্মৰণ কৰিলে আত্মা পবিত্র হ'ব। এয়া ধাৰণ কৰিবলগীয়া বহুত ভাল কথা, যাৰ এইটো নিশ্চয়েই নাই যে আমি 84 জন্ম লৈছোঁ, তেওঁলোকৰ বুদ্ধিত এই কথাবোৰ ধাৰণ নহব। যিসকল সতোপ্ৰধান সৃষ্টিলৈ আহিছিল, তেওঁলোকেই এতিয়া তমোপ্ৰধান অৱস্থা পাইছে। তেওঁলোকেই আহি ততালিকে নিশ্চয় বুদ্ধিৰ হ'ব। যদি একোৱেই বুজি নাপায় তেন্তে সুধিব লাগে। পুৰা ৰীতিয়ে বুজি পালে তেতিয়া পিতাকো স্মৰণ কৰিব। যদি বুজিয়েই নাপায় তেন্তে স্মৰণো কৰিব নোৱাৰিব। এয়াতো চিধা কথা। আমি আত্মাসকল যিসকল সতোপ্ৰধান আছিলোঁ সেইসকলেই পুনৰ তমোপ্ৰধান হ'লো, যাৰ এইটো সংশয় হ'ব যে কেনেকৈ বুজিম যে মই 84 জন্ম লওঁ বা পিতাৰ পৰা কল্পৰ আগতেও উত্তৰাধিকাৰ লৈছিলোঁ, তেওঁতো পঢ়াৰ প্ৰতি পুৰা ধ্যানেই নিদিব। বুজি পোৱা যায় এওঁৰ ভাগ্যত নাই। কল্পৰ আগতেও বুজি পোৱা নাছিল সেয়েহে স্মৰণ কৰিব নোৱাৰে। এই পঢ়া হৈছেই ভৱিষ্যতৰ কাৰণে। যদি নপঢ়ে তেন্তে বুজি পোৱা যায় যে কল্পই-কল্পই পঢ়া নাছিল অথবা অলপ নম্বৰ লৈ পাছ কৰিছিল। স্কুলত বহুত ফেলো হয়। পাছো ক্ৰমানুসৰিহে হয়। এয়াও হৈছে পঢ়া, ইয়াত ক্ৰমানুসৰি পাছ হ'ব। যিসকল বুদ্ধিয়ক তেওঁলোকেতো পঢ়ি উঠি আনকো পঢ়াই থাকিব। পিতাই কয় - মই তোমালোক সন্তানসকলৰ সেৱক হওঁ। সন্তানসকলেও কয় - আমিও সেৱক। প্ৰতি গৰাকী ভাই-ভনীৰ কল্যাণ কৰিব লাগে। পিতাই আমাৰ কল্যাণ কৰে, আমি আকৌ অন্যৰ কল্যাণ কৰিব লাগে। সকলোকে এইটোও বুজাব লাগে, পিতাক স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হব। যিয়ে যিমানে বহুতকে বাৰ্তা দিয়ে, তেওঁক ডাঙৰ পয়গম্বৰ (বাৰ্তাবাহক) বুলি কোৱা হব। তেওঁকে মহাৰথী বা অশ্বাৰোহী বুলি কোৱা হয়। পদাতিকসকল আকৌ প্ৰজালৈ গুচি যায়। এই ক্ষেত্ৰতো সন্তানসকলে বুজি পায় কোন-কোন ধনৱান হ'ব পাৰিব। এই জ্ঞান বুদ্ধিত থাকিব লাগে। তোমালোক সন্তানসকল যিসকল সেৱাৰ বাবে নিমিত্ত হৈছা, সেৱাৰ কাৰণেই জীৱন দিছা গতিকে পদো তেনেকুৱাই পাবা। তেওঁলোকৰ কাৰো প্ৰতি ভ্ৰূক্ষেপ নাথাকে। মনুষ্যৰ নিজৰ হাত-ভৰি আছে। বান্ধি থোৱাতো নাই। নিজক স্বতন্ত্ৰ কৰি ৰাখিব পাৰে। এনেকৈ কিয় বন্ধনত আৱদ্ধ হওঁ? কিয়নো বাৰু পিতাৰ পৰা অমৃত লৈ অমৃত দান নকৰোঁ। মইতো ছাগলী বা ভেড়া নহয় যে কোনোবাই মোক বান্ধি ৰাখিব। আৰম্ভণিতে তোমালোক সন্তানসকলে কেনেকৈ নিজকে মুক্ত কৰিছিলা, চিঞৰ-বাখৰ কৰিছিলা, হায়-হায় কৰি ইয়াতে বহি গলা। তোমালোকে ক'বা তাক লৈ আমি কি চিন্তা কৰিব লাগে, আমিতো স্বৰ্গৰ স্থাপনা কৰিব লাগে নে বহি এই কাম কৰিব লাগে। সেই নিচা বাঢ়ি যায়, যিটোক ঈশ্বৰীয় নিচা বুলি কোৱা হয়। আমি হৈছো ঈশ্বৰীয় নিচাত থাকোঁতা। তোমালোকে জানা যে মৌলাৰ পৰা আমাৰ কি প্ৰাপ্ত হৈ আছে। মৌলাই আমাক পঢ়াই থকা নাই জানো। তেওঁৰ নামতো বহুত আছে কিন্তু কোনো-কোনো নাম বহুত মধুৰ। এতিয়া আমি ঈশ্বৰীয় আনন্দত থাকোঁতা হৈ গৈছো। পিতাই নিৰ্দেশনাতো বহুত সহজ দিয়ে। বুদ্ধিয়েও বুজি পায় - যথাযথ আমি পিতাক স্মৰণ কৰি-কৰি সতোপ্ৰধান হৈ যাম আৰু বিশ্বৰ মালিকো হমগৈ। এইটো ধুন লাগি থাকে। পিতাক সকলো সময়তে স্মৰণ কৰা উচিত। সন্মুখত বহি আছা নহয় জানো। ইয়াৰ পৰা বাহিৰলৈ ওলালে পাহৰি যাবা। ইয়াত যিমান নিচা থাকে বাহিৰত সিমান নাথাকে, পাহৰি যোৱা। তোমালোকে পাহৰি যোৱা উচিত নহয়। কিন্তু ভাগ্যত নাথাকিলে ইয়াত বহি থাকিও পাহৰি যায়।

সন্তানসকলৰ কাৰণে মিউজিয়ামত আৰু গাঁৱে-ভূঞে সেৱা কৰিবলৈ প্ৰবন্ধ হৈ আছে। যিমান সময় পাইছা, পিতাইতো কয় শীঘ্ৰতাৰে কৰা। কিন্তু ড্ৰামাত শীঘ্ৰতাৰে হব নোৱাৰে। পিতাইতো কয় - এনেকুৱা যন্ত্ৰ হব লাগে যে হাত লগালেই বস্তু তৈয়াৰ হৈ যায়। এয়াও পিতাই বুজাই থাকে - ভাল-ভাল সন্তানসকলক মায়াই নাক আৰু কানত ভালকৈ ধৰে। যিয়ে নিজকে মহাবীৰ বুলি ভাবে তেওঁলোকৰে মায়াৰ বহুত ধুমুহা লাগে তেতিয়া তেওঁলোকে কাৰোৱে ভ্ৰূক্ষেপ নকৰে। লুকুৱাই লয়। ভিতৰি অন্তৰ শুদ্ধ নহয়। শুদ্ধ অন্তৰৰ সকলেহে স্কলাৰশ্বিপ (বৃত্তি) পায়। আসুৰি অন্তৰৰ সকল চলিব নোৱাৰে। আসুৰি অন্তৰেৰে নিজৰেই নাওঁ ডুবাই দিয়ে। সকলোৰে কাম শিৱবাবাৰ সৈতে। এয়াতো তোমালোকে সাক্ষাৎকাৰ কৰা। ব্ৰহ্মাকো গঢ়োঁতাজন হৈছে শিৱবাবা। শিৱবাবাক স্মৰণ কৰিলে তেতিয়া এনেকুৱা হব পাৰিবা। বাবাই বুজি পায় যে মায়া বহুত বলবান হয়। যেনেকৈ নিগনিয়ে কামুৰিলে তেতিয়া গমেই পোৱা নায়ায়, মায়াও এনেকুৱা অতি সিয়ান নিগনি। মহাৰথীসকলেই সাৱধান হৈ থাকিব লাগে। তেওঁলোকে নিজেই বুজি নাপায় যে মায়াই মোক অধঃপতিত কৰি দিলে। লুণীয়া পানী (সম্পৰ্ক তিক্ত হোৱা) কৰি দিলে। বুজি পাব লাগে যে লুণীয়া পানী হলে আমি পিতাৰ সেৱা কৰিব নোৱাৰিম। ভিতৰি জ্বলি থাকিব। দেহ-অভিমান আছে সেইবাবে জ্বলে। সেই অৱস্থাতো হোৱা নাই। স্মৃতিৰ ধাৰ নাথাকে, সেই কাৰণে বহুত সাৱধান হৈ থকা উচিত। মায়া বহুত চোকা, যিহেতু তোমালোক যুদ্ধক্ষেত্ৰত আছা সেয়েহে মায়াইও এৰি নিদিয়ে। আধা-আধাতকৈও বেছিতো শেষ কৰি দিয়ে, কোনেও গমেই নাপায়। কেনেকৈ ভাল-ভাল, নতুন- নতুন সন্তানেও পঢ়া এৰি ঘৰত বহি যায়। ভাল-ভাল প্ৰখ্যাতসকলকো মায়াই প্ৰহাৰ কৰে। বুজিও অমনোযোগী হৈ যায়। অলপ কথাতে তৎক্ষণাৎ লুণীয়া পানী হৈ যায়। পিতাই বুজায় দেহ-অভিমানৰ কাৰণেই লুণীয়া পানী হয়। নিজকে প্ৰবঞ্চনা কৰে। পিতাই এয়াও ড্ৰামা বুলিয়ে কব। যিয়েই দেখিবলৈ পোৱা সকলো কল্পৰ আগৰ দৰে ড্ৰামা চলি থাকে। অৱস্থা তল-ওপৰ হৈ থাকে। কেতিয়াবা গ্ৰহচাৰী বহে, কেতিয়াবা বহুত ভাল সেৱা কৰি আনন্দৰ সংবাদ দিয়ে। তল-ওপৰ হৈ থাকে। কেতিয়াবা পৰাজয়, কেতিয়াবা জয়। পাণ্ডৱৰ মায়াৰ লগত কেতিয়াবা পৰাজয়, কেতিয়াবা জয় হৈ থাকে। ভাল-ভাল মহাৰথীও অস্থিৰ হৈ যায়, কোনোবা মৰিও যায় সেই কাৰণে যতেই নাথাকা কিয় পিতাক স্মৰণ কৰি থাকা আৰু সেৱা কৰি থাকা। তোমালোক সেৱাৰ কাৰণে নিমিত্ত হৈছা। তোমালোক যুদ্ধক্ষেত্ৰত নাই জানো। যিসকল বাহিৰত ঘৰ-সংসাৰত থাকে তেওঁলোক ইয়াত থকা সকলতকৈও বহুত তীব্ৰতাৰে যাব পাৰে। মায়াৰ লগত পুৰা যুদ্ধ চলি থাকে। চেকেণ্ডৰ পাছত চেকেণ্ড তোমালোকৰ কল্পৰ আগৰ দৰে ভূমিকা চলি থাকে। তোমালোকে কবা ইমান সময় পাৰ হৈ গল, কি-কি হল সেয়াও বুদ্ধিত আছে। গোটেই জ্ঞান বুদ্ধিত আছে। যেনেকৈ পিতাৰ জ্ঞান আছে, এই দাদাৰো থকা উচিত। বাবাই শুনায় যেতিয়া নিশ্চয় দাদাইও শুনায়। তোমালোকেও জানা কোন-কোন শুদ্ধ অন্তৰৰ হয়। শুদ্ধ অন্তৰৰ সকলেই অন্তৰত অধিষ্ঠিত হয়। তেওঁলোকৰ লুণীয়া পানীৰ স্বভাৱ নাথাকে, সদায় হৰ্ষিত হৈ থাকে। তেওঁলোকৰ মানসিক স্থিতি কেতিয়াও সলনি নহয়। ইয়াততো বহুতৰে মানসিক স্থিতি সলনি হৈ যায়। তাৰ কথাই নুসুধিবা। এই সময়ত সকলোৱে কয়ো যে মই পতিত। এতিয়া পতিত-পাৱন পিতাক আহ্বান কৰিছে যে আহি পাৱন কৰি তোলা। পিতাই কয় - সন্তানসকল মোক স্মৰণ কৰি থাকা তেতিয়া তোমালোকৰ কাপোৰ (আত্মা) পৰিস্কাৰ হব। মোৰ শ্ৰীমতত চলা। শ্ৰীমতত নচলাসকলৰ কাপোৰ পৰিস্কাৰ নহয়। আত্মা শুদ্ধ নহয়েই। পিতাইতো দিনে-ৰাতিয়ে ইয়াৰ ওপৰতে জোৰ দিয়ে - নিজকে আত্মা বুলি বুজা। দেহ-অভিমানত আহিলেই তোমালোক শ্বাসৰুদ্ধ হৈ যোৱা। যিমানেই উন্নতিৰ পথত আগবাঢ়ি যোৱা, আনন্দময় হৈ যোৱা আৰু হৰ্ষিত মুখৰ হৈ থাকা। বাবাই জানে যে ভাল-ভাল প্ৰথম শ্ৰেণীৰ সন্তান আছে কিন্তু আন্তৰিক অৱস্থা চালে দেখিবা গলি আছে। দেহ-অভিমানৰ অগ্নিয়ে যেন গলাই আছে। বুজি নাপায়, এইটো বেমাৰ আকৌ কৰ পৰা আহিল। পিতাই কয় - দেহ-অভিমানৰ পৰাই এই বেমাৰ আহে। দেহী-অভিমানীৰ কেতিয়াও বেমাৰ নহয়। বহুতে ভিতৰি জ্বলি থাকে। পিতাই কয় সন্তানসকল, দেহী-অভিমানী হোৱা। সোধে - এইটো বেমাৰ কিয় হল? পিতাই কয় - এই দেহ-অভিমানৰ বেমাৰ এনেকুৱা যে তাৰ কথাই নুসুধিবা। কাৰোবাৰ যদি এই বেমাৰ হয় তেতিয়া একেবাৰে লিপিত খাই লাগি ধৰে, এৰিয়ে নিদিয়ে। শ্ৰীমতত নচলি নিজৰ দেহ-অভিমানত চলে তেতিয়া বৰকৈ আঘাত পায়। বাবাৰ ওচৰলৈতো সকলো বাতৰি আহে। মায়াই কেনেকৈ একেবাৰে নাকত ধৰি বগৰাই দিয়ে। বুদ্ধিক একেবাৰে মাৰি পেলায়। সংশয় বুদ্ধিৰ হৈ যায়। ভগৱানক আহ্বান কৰে যে আপুনি আহি আমাক পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ কৰি তোলক আকৌ যদি তাৰো বিৰুদ্ধে যায় তেন্তে কি গতি হব! একেবাৰে অধঃপতিত হৈ পাথৰ বুদ্ধিৰ হৈ যায়। সন্তানসকল ইয়াত বহি থাকোতে এইটো আনন্দ থাকিব লাগে, ষ্টুডেণ্ট লাইফ্‌ ইজ্‌ দ্য বেষ্ট্‌ লাইফ্‌ (বিদ্যাৰ্থী জীৱন শ্ৰেষ্ঠ জীৱন)। পিতাই কয় - ইয়াতকৈ আৰু কিবা উচ্চ পঢ়া আছে জানো? আতাইতকৈ ভাল এয়াই, 21 জন্মৰ ফল দিয়ে, তেন্তে এনেকুৱা পঢ়াৰ প্ৰতি কিমান মনোযোগ দিব লাগে। কিছুমানেতো একেবাৰে মনোযোগ নিদিয়ে। মায়াই নাক-কান একেবাৰে কাটি পেলায়। পিতাই নিজেই কয় - আধাকল্প মায়াৰ ৰাজ্য চলে সেইকাৰণে এনেকৈ ধৰি লয় যে তাৰ কথাই নুসুধিবা, সেইবাবে বহুত সাৱধান হৈ থাকিবা। ইজনে সিজনক সাৱধান কৰি থাকিবা। শিৱবাবাক স্মৰণ কৰা নহলে মায়াই নাক-কান কাটি দিব। তেতিয়া একো কামৰ হৈ নাথাকিবা। বহুতে এনেকৈ ভাবেও যে মই লক্ষ্মী-নাৰায়ণৰ পদ পাম এয়া অসম্ভৱ। ভাগৰি আঁতৰি গুচি যায়। মায়াৰ লগত হাৰি একেবাৰে আৱৰ্জনাৰ মাজত পৰেগৈ। চোৱা, আমাৰ বুদ্ধি যদি নষ্ট হয় তেতিয়া বুজিব লাগে যে মায়াই নাকত ধৰিছে। স্মৃতিৰ যাত্ৰাত বহুত বল আছে। বহুত আনন্দ সমাহিত হৈ আছে। কোৱাও হয় - সুখৰ নিচিনা খোৰাক (পথ্য) নাই। দোকানলৈ গ্ৰাহক আহি থাকিলে, উপাৰ্জন হৈ থাকিলে তেতিয়া কেতিয়াও তেওঁৰ ভাগৰ নালাগে। ভোকত নমৰে। বহুত আনন্দিত হৈ থাকে। তোমালোকেতো প্ৰচুৰ ধন পোৱা। তোমালোকতো বহুত আনন্দিত হৈ থাকিব লাগে। চাব লাগে - মোৰ চলন দৈৱী নে আসুৰি? সময় বহুত কম। অকাল মৃত্যুৰো যেন দৌৰ চলিছে। দুৰ্ঘটনা আদি কিমান হৈ থাকে। বুদ্ধি তমোপ্ৰধান হৈ যায়। মুষলধাৰে বৰষুণ হলে তাকো প্ৰাকৃতিক দুৰ্ঘটনা বুলি কোৱা হব। মৃত্যু সমাগত। বুজিও পায় যে সোনকালে আণৱিক বোমাৰ যুদ্ধ আৰম্ভ হৈ যাব। এনেকুৱা ভয়ংকৰ কাম কৰে। উত্তেজিত কৰি তুলিলে তেতিয়া যুদ্ধও আৰম্ভ হৈ যাব। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ঈশ্বৰীয় নিচাত থাকি নিজকে স্বতন্ত্ৰ কৰিব লাগে। কোনো বন্ধনত বান্ধ খাব নালাগে। মায়া ৰূপী নিগনিৰ পৰা বহুত চম্ভালিব লাগে, সাৱধান হৈ থাকিব লাগে। অন্তৰত যাতে কেতিয়াও চয়তানীখেয়াল উদয় নহয়।

(2) পিতাৰ দ্বাৰা যি অন্তহীন জ্ঞান ধন পোৱা যায়, তাৰ আনন্দত থাকিব লাগে। এই উপাৰ্জনত কেতিয়াও সংশয় বুদ্ধিৰ হৈ ভাগৰি যাব নালাগে। ষ্টুডেণ্ট লাইফ্‌ ইজ্‌ দ্য বেষ্ট্‌ লাইফ্‌ (বিদ্যাৰ্থী জীৱন শ্ৰেষ্ঠ জীৱন) সেয়েহে পঢ়াৰ প্ৰতি পুৰা-পুৰা ধ্যান দিব লাগে।

বৰদান:
সৰ্বপ্ৰাপ্তিৰ খাজনাক স্মৃতি স্বৰূপ হৈ কাৰ্যত উপযোগ কৰোঁতা সদায় সন্তুষ্ট আত্মা হোৱা

সংগম যুগৰ বিশেষ বৰদান হৈছে সন্তুষ্টতা আৰু সন্তুষ্টতাৰ বীজ হৈছে সৰ্ব প্ৰাপ্তি। অসন্তুষ্টতাৰ বীজ হৈছে স্থূল বা সূক্ষ্ম অপ্ৰাপ্তি। ব্ৰাহ্মণৰ গায়ন আছে যে ব্ৰাহ্মণৰ খাজানাত কোনো বস্তুৰ অপ্ৰাপ্তি নাই। সকলো সন্তানে এজনৰ দ্বাৰা একেই অবিনাশী খাজনা লাভ কৰে। মাত্ৰ সেই প্ৰাপ্ত হোৱা খাজনাক সকলো সময়তে কাৰ্যত উপযোগ কৰা অৰ্থাৎ স্মৃতি স্বৰূপ হোৱা। বেহদৰ প্ৰাপ্তিসমূহক হদলৈ পৰিৱৰ্তন নকৰিবা তেতিয়া সদায় সন্তুষ্ট হৈ থাকিবা।
 

স্লোগান:
যত নিশ্চয় আছে তত বিজয়ৰ ভাগ্যৰ ৰেখা মস্তকত আছেই।