16-11-2020 প্ৰাতঃমুৰলী ওঁম্ শান্তি! "বাপদাদা" মধুবন।


"মৰমৰ সন্তানসকল – তোমালোক এই আত্মিক বিশ্ব বিদ্যালয় (ইউনিভাৰ্চিটি)ৰ বিদ্যাৰ্থী, তোমালোকৰ কাম হৈছে গোটেই বিশ্বক পিতাৰ বাৰ্তা দিয়া”

প্ৰশ্ন:

এতিয়া তোমালোক সন্তানসকলে কোনটো কথা ঢোল পিটি প্ৰচাৰ কৰা আৰু কোনটো কথা বুজোৱা?

উত্তৰ:

তোমালোকে ঢোল পিটি প্ৰচাৰ কৰা যে এই নতুন দৈৱী ৰাজধানী পুনৰাই স্থাপন হৈ আছে। অনেক ধৰ্মৰ এতিয়া বিনাশ হ'ব। তোমালোকে সকলোকে বুজোৱা যে সকলোৱে নিচিন্ত হৈ থাকক, এইটো আন্তঃৰাষ্ট্ৰীয় সমস্যা। যুদ্ধ নিশ্চয় লাগিব, ইয়াৰ পাচত দৈৱী ৰাজধানী হ'ব।

ওঁম্‌ শান্তি। এইখন হৈছে আত্মিক বিশ্ব বিদ্যালয়। গোটেই বিশ্ব (ইউনিভাৰ্চ)ৰ যিমান আত্মা আছে, বিশ্ব বিদ্যালয়ত আত্মাসকলেহে পঢ়ে। ইউনিভাৰ্চ অৰ্থাৎ বিশ্ব। এতিয়া নিয়ম অনুসৰি বিশ্ব বিদ্যালয় শব্দটি তোমালোক সন্তানসকলৰ। এইখন হৈছে আত্মিক বিশ্ব বিদ্যালয়। পাৰ্থিব বিশ্ব বিদ্যালয় নাথাকেই। এইখন এখনেই ঈশ্বৰীয় (গড ফাদাৰলী) বিশ্ব বিদ্যালয়। সকলো আত্মাই পাঠ শিকিবলৈ (জ্ঞান) পায়। তোমালোকৰ এই বাৰ্তা কিবা নহয় কিবা প্ৰকাৰে সকলোৱে নিশ্চয় পাব লাগে, বাৰ্তা দিব লাগে নহয় জানো আৰু এই বাৰ্তা একেবাৰেই সাধাৰণ। সন্তানসকলে জানে তেওঁ আমাৰ বেহদৰ পিতা, যাক সকলোৱে স্মৰণ কৰে। এনেকৈও কয় তেওঁ আমাৰ বেহদৰ প্ৰিয়তম, বিশ্বত যিমান জীৱ আত্মা আছে প্ৰত্যেকেই সেই প্ৰিয়তমক স্মৰণ নিশ্চয় কৰে। এই কথাবিলাক (পইন্টচ্) ভালদৰে ধাৰণ কৰিব লাগে। যি নিকা (ফ্ৰেছ) বুদ্ধিৰ হ'ব তেওঁ ভালদৰে ধাৰণ কৰিব পাৰিব। বিশ্বত যিমান আত্মা আছে সেই সকলোৰে পিতা এজনেই। বিশ্ব বিদ্যালয়ততো মনুষ্যইহে পঢ়িব নহয় জানো। এতিয়া তোমালোক সন্তানসকলে এয়াও জানা - আমিয়েই 84 জন্ম লওঁ। 84 লাখৰতো কথাই নাই। বিশ্বত যিমান আত্মা আছে, এই সময়ত সকলো পতিত। এইখন হয়েই ছিঃ ছিঃ সৃষ্টি, দুখধাম। ইয়াক সুখধামলৈ লৈ যাওঁতা এজনেই পিতা আছে, তেওঁক মুক্তিদাতা (লিবাৰেটৰ) বুলিও কয়। তোমালোক গোটেই ইউনিভাৰ্চ বা বিশ্বৰ মালিক হোৱা নহয় জানো। পিতাই সকলোৰে বাবে কয় এই বাৰ্তা দি আহা। পিতাক সকলোৱে স্মৰণ কৰে, তেওঁক মাৰ্গ-দৰ্শক (গাইড), মুক্তিদাতা (লিবাৰেটৰ), কৰুণাময় বুলিও কয়। অনেক ভাষা নাই জানো। সকলো আত্মাই এজনকে মিনতি কৰে গতিকে সেই এজনেই গোটেই বিশ্বৰ শিক্ষকো নহ'ল জানো। পিতাতো হয়েই কিন্তু এইটো কোনেও নাজানে যে তেওঁ আমাৰ সকলো আত্মাৰ শিক্ষকো হয়, গুৰুও হয়। সকলোকে মাৰ্গ-দৰ্শনো কৰে। এই বেহদৰ মাৰ্গ-দৰ্শকজনক কেৱল তোমালোক সন্তানসকলেহে জানা। তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে অন্য কোনেও নাজানে। আত্মাকো তোমালোকে জানিছা যে আত্মানো কি বস্তু। জগতততো এজনো মনুষ্য নাই, বিশেষকৈ ভাৰত সাধাৰণভাবে বিশ্বত কোনেও নাজানে যে আত্মা কি বস্তু হয়। যদিও কয় ভ্ৰুকুটীৰ মাজত চিকমিকাই থাকে আশ্চৰ্যকৰ তৰা। কিন্তু একোৱে বুজি নাপায়। এতিয়া তোমালোকে জানা আত্মাতো অবিনাশী হয়। আত্মা কেতিয়াও ডাঙৰ বা সৰু নহয়। যেনেকুৱা তোমালোক আত্মা, পিতাও তেনেকুৱাই বিন্দু। ডাঙৰ সৰু নহয়। তেৱোঁ আত্মাই হয় কেৱল পৰম আত্মা, সৰ্বোচ্চ (চুপ্ৰীম) হয়। যথাযথ সকলো আত্মাই পৰমধাম নিবাসী। ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। পুনৰাই নিজৰ পৰমধামলৈ যাবলৈ যত্ন কৰে। পৰমপিতা পৰমাত্মাক সকলোৱে স্মৰণ কৰে কিয়নো আত্মাসকলক পৰমপিতাইহে মুক্তিত পঠাইছিল সেয়েহে তেওঁকেই স্মৰণ কৰে। আত্মাই তমোপ্ৰধান হৈছে। স্মৰণ কিয় কৰে? সেয়াও নাজানে। যেনেকৈ সৰু ল'ৰা-ছোৱালীয়ে ক’ব - "বাবা", বচ্ । সিহঁতে একো নাজানেই। তোমালোকেও বাবা মম্মা বুলি কোৱা, একোৱেই নাজানা। ভাৰতত এক জাতীয়তা (নেচনেলিটি) আছিল, তাক দৈৱী জাতীয়তা (ডেইটি নেচনেলিটি) বুলি কোৱা হয়। পুনৰ পাচত তাত আৰু যোগ হ'ল। এতিয়া কিমান অনেক হৈ গ'ল, সেইবাবে ইমান কাজিয়া আদি হয়। য'ত য'ত বেছিকৈ সোমাই গৈছে, তেওঁলোকক তাৰ পৰা উলিয়াবলৈ চেষ্টা কৰি থাকে। বহুত কাজিয়া হৈ গৈছে। অন্ধকাৰো বহুত হৈ গৈছে। কিছুতো সীমাও (লিমিটো) থাকিব লাগে নহয় জানো। ভাৱৰীয়াসকলৰ (এক্টৰ্চ) সীমা থাকে। এয়াও ৰচি থোৱা খেল। ইয়াত যিমান ভাৱৰীয়া আছে, তাত কম বেছি হ'ব নোৱাৰে। যেতিয়া সকলো ভাৱৰীয়া মঞ্চলৈ আহি যায় তেতিয়া তেওঁলোক উভতিও যাব লাগে। যিসকল ভাৱৰীয়া থাকি যাব, আহি থাকিব। লাগিলে যিমান নিয়ন্ত্ৰণ (কন্ট্ৰ’ল) আদি কৰিবলৈ মগজ খটুৱাই নাথাকক কিয়, কিন্তু কৰিব নোৱাৰে। কোৱা, আমি ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলে এনেকুৱা জন্ম নিয়ন্ত্ৰণ (বাৰ্থ কন্ট্ৰ’ল) কৰি দিওঁ যে কেৱল 9 লাখহে থাকিবগৈ। তেতিয়া গোটেই জনসংখ্যাই কম হৈ যাব। আমি আপোনালোকক সঁ‌চা কথা কওঁ, এতিয়া স্থাপনা কৰি আছে। নতুন সৃষ্টি, নতুন বৃক্ষ নিশ্চয় সৰুয়েই হ'ব। ইয়াততো এইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিব কিয়নো তমোপ্ৰধান আৰুহে হৈ গৈ থাকে। বৃদ্ধি হৈ গৈ থাকে। যিসকল ভাৱৰীয়া আহিবলগীয়া আছে, ইয়াতেই আহি শৰীৰ ধাৰণ কৰিব। এই কথাবিলাক কোনেও বুজি নাপায়। চতুৰ বুদ্ধিৰসকলে বুজি পায় ৰাজধানীততো সকলো প্ৰকাৰৰে ভূমিকা পালন কৰোঁতা থাকে। সত্যযুগত যি ৰাজধানী আছিল সেয়া পুনৰাই স্থাপন হৈ আছে। স্থানান্তৰ (ট্ৰেন্সফাৰ) হৈ যাব। তোমালোক এতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান শ্ৰেণী (ক্লাচ)লৈ স্থানান্তৰ (ট্ৰেন্সফাৰ) হোৱা। পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ যোৱা। তোমালোকৰ পঢ়া এইখন সৃষ্টিৰ বাবে নহয়। এনেকুৱা বিশ্ব বিদ্যালয় আৰু কোনো হ'ব নোৱাৰে। ঈশ্বৰ পিতায়েই কয় - মই তোমালোকক অমৰ লোকৰ বাবে পঢ়াওঁ। এই মৃত্যুলোক নাশ হৈ যাব। সত্যযুগত এই লক্ষ্মী-নাৰায়ণৰ ৰাজধানী আছিল। এয়া স্থাপন কেনেকৈ হ'ল, এইটো কোনেও নাজানে।

বাবাই সদায় কয় - য'ত তোমালোকে ভাষণ দিয়া এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ অৱশ্যেই ৰাখিবা। তাত তাৰিখো নিশ্চয় লিখা থাকিব লাগে। তোমালোকে বুজাব পাৰা যে নতুন বিশ্বৰ আৰম্ভণিৰ পৰা 1250 বছৰলৈকে এই বংশাৱলীৰ ৰাজত্ব আছিল। উদাহৰণ স্বৰূপে কোৱা নহয় যে খ্ৰীষ্টীয়ান বংশাৱলীৰ ৰাজত্ব আছিল। এটা আনটোৰ পিচত আহি থাকে। সেয়েহে যেতিয়া এই দেৱতা বংশাৱলী আছিল তেতিয়া অন্য কোনো নাছিল। এতিয়া পুনৰাই এই ৰাজবংশ প্ৰতিষ্ঠা হৈ আছে। বাকী সকলোৰে বিনাশ হ'ব। যুদ্ধও সন্মুখত থিয় হৈ আছে। ভাগৱত আদিত ইয়াৰ ওপৰতো কাহিনী লিখি দিছে। সৰুতে এই কাহিনী আদি শুনি আছিলা। এতিয়া তোমালোকে জানা যে এই ৰাজ্য কিদৰে স্থাপন হয়। নিশ্চয় পিতাইহে ৰাজযোগ শিকাইছে। যিসকল কৃতকাৰ্য হয় তেওঁলোক বিজয় মালাৰ মণি হয় অন্য কোনেও এই মালাক নাজানে। তোমালোকেহে জানা। তোমালোকৰ হৈছে প্ৰবৃত্তি মাৰ্গ। ওপৰত বাবা বিৰাজমান হৈ আছে, তেওঁৰ নিজৰ শৰীৰ নাই। আকৌ ব্ৰহ্মা সৰস্বতী তথা লক্ষ্মী-নাৰায়ণ। প্ৰথমে আৱশ্যক হয় পিতাৰ তাৰপাচত যুগল। ৰুদ্ৰাক্ষৰ মণি নাথাকে জানো। নেপালত এজোপা বৃক্ষ আছে, য'ৰ পৰা এই ৰুদ্ৰাক্ষৰ মণিবিলাক আহে। তাৰ ভিতৰত সঁ‌চাও থাকে। যিমানেই সৰু সিমানেই দাম বেছি। এতিয়া তোমালোকে অৰ্থ বুজি পালা। এয়া বিষ্ণুৰ বিজয় মালা বা ৰুণ্ড মালা তৈয়াৰ হয়। তেওঁলোকেতো কেৱল মালা ঘূৰাই ঘূৰাই ৰাম ৰাম কৰি থাকিব, অৰ্থ একোৱে নাই। মালাৰ জপ কৰে। ইয়াততো পিতাই কয় - মোক স্মৰণ কৰা। এয়া হৈছে অজপাজপ। মুখেৰে একো ক'ব নালাগে। গীতো স্থূল হৈ যায়। সন্তানসকলেতো কেৱল পিতাক স্মৰণ কৰিব লাগে। নহ'লেতো আকৌ গীত আদি স্মৃতিলৈ আহি থাকিব। ইয়াত মুখ্য কথা হৈছেই স্মৃতিত থকাতো। তোমালোক শব্দ (আৱাজ)ৰ উৰ্দ্ধত যাব লাগে। পিতাৰ নিৰ্দেশনাই হ'ল মনমনাভৱ। পিতাই এনেকৈ কয় জানো যে গীত গোৱা, চিয়ঁৰা। মোৰ মহিমা গায়ন কৰাৰো দৰকাৰ নাই। এয়াতো তোমালোকে জানা তেওঁ জ্ঞানৰ সাগৰ হয়, সুখ-শান্তিৰ সাগৰ হয়। মনুষ্যই নাজানে। এনেয়ে নাম ৰাখি দিছে। তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। পিতাহে আহি নিজৰ নাম ৰূপ আদিৰ বিষয়ে ক’লে - মই কেনেকুৱা হওঁ, তোমালোক আত্মাসকল কেনেকুৱা! তোমালোকে ভূমিকা পালন কৰাৰ ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰা। আধাকল্প ভক্তিৰ, মইতো এনেকুৱা ভূমিকাত নাহোঁ। মই দুখ সুখৰ পৰা উপৰাম হওঁ। তোমালোকে দুখ ভোগ কৰা আকৌ তোমালোকেই সুখ ভোগ কৰা - সত্যযুগত। তোমালোকৰ ভূমিকা মোতকৈও উচ্চ। মইতো আধাকল্প তাতেই (পৰমধামত) আৰামেৰে বানপ্ৰস্থ অৱস্থাত বহি থাকোঁ। তোমালোকে মোক আহ্বান কৰি আহিছা। এনেকুৱা নহয় যে মই তাত বহি তোমালোকৰ আহ্বান শুনোঁ। মোৰ ভূমিকাই হৈছে এই সময়ৰ। নাটক (ড্ৰামা)ৰ ভূমিকা (পাৰ্ট)ৰ বিষয়ে মই জ্ঞাত। এতিয়া নাটক সম্পূৰ্ণ হৈছে, মই গৈ পতিতসকলক পাৱন কৰি তোলাৰ ভূমিকা পালন কৰিব লাগে অন্য কোনো কথা নাই। মনুষ্যই ভাবে পৰমাত্মা সৰ্ব শক্তিমান হয়, অন্তৰ্যামী হয়, সকলোৰে অন্তৰত কি কি চলি আছে, তেওঁ জানে। পিতাই কয় - এনেকুৱা নহয়। তোমালোক যেতিয়া একেবাৰে তমোপ্ৰধান হৈ যোৱা - তেতিয়া সঠিক (এক্যুৰেট) সময়ত মই আহিবলগীয়া হয়। সাধাৰণ শৰীৰতে আহোঁ। তোমালোক সন্তানসকলক আহি দুখৰ পৰা মুক্ত কৰোঁ। এক ধৰ্মৰ প্ৰতিষ্ঠা ব্ৰহ্মাৰ দ্বাৰা, অনেক ধৰ্মৰ বিনাশ শংকৰৰ দ্বাৰা.... হাহাকাৰৰ পাচত জয়জয়কাৰ হৈ যাব। কিমান হাহাকাৰ হ'ব। দুৰ্যোগত মৰি থাকিব। প্ৰাকৃতিক দুৰ্যোগ (নেচাৰেল কেলেমেটিজ)ৰো বহুত সহযোগ থাকে। অন্যথা মনুষ্য বহুত ৰোগী, দুখী হৈ যাব। পিতাই কয় - সন্তানসকল যাতে দুখত পৰি নাথাকে সেয়েহে প্ৰাকৃতিক দুৰ্যোগো এনেকুৱা জোৰেৰে আহে যে সকলোকে নাশ কৰি দিয়ে। বোমাতো একোৱেই নহয়, প্ৰাকৃতিক দুৰ্যোগে বহুত সহায় কৰে। ভূমিকম্প (আৰ্থকোৱেক)ত বহুত নাশ হৈ যায়। পানীৰ এটা দুটা ঢৌ আহিলেই এয়া শেষ। সাগৰো নিশ্চয় ওফন্দি উঠিব। ভূপৃষ্ঠক গ্ৰাস কৰিব, 100 ফুট উচ্চতাৰ পানীৰ জোৱাৰ আহিলে কি কৰি দিব। এয়া হৈছে হাহাকাৰৰ দৃশ্যপট। এনেকুৱা দৃশ্য চাবৰ বাবে সাহস লাগে। যত্নও কৰিব লাগে, নিৰ্ভয়ও হ'ব লাগে। তোমালোক সন্তানসকলৰ অহংকাৰ একেবাৰেই থাকিব নালাগে। আত্মা-অভিমানী হোৱা। আত্মা-অভিমানী হৈ থকাসকল বৰ মধুৰ হয়। পিতাই কয় - মইতো নিৰাকাৰ আৰু বিচিত্ৰ। ইয়ালৈ আহোঁ - সেৱা (চাৰ্ভিচ্) কৰিবলৈ। মোৰ শ্ৰেষ্ঠতা কিমান কৰে চোৱা। জ্ঞানৰ সাগৰ... হয় বাবা আকৌ কয় পতিত (অপৱিত্ৰ) সৃষ্টিলৈ আহা। তোমালোকে নিমন্ত্ৰণতো বৰ ভালকৈ দিয়া। এনেকৈও নোকোৱা যে স্বৰ্গলৈ আহি সুখতো চাওক। কয় যে - হে পতিত-পাৱন আমি পতিত, আমাক পাৱন কৰি তুলিবলৈ আহক। নিমন্ত্ৰণ চোৱা কেনেকুৱা। একেবাৰেই তমোপ্ৰধান পতিত সৃষ্টি তাতে আকৌ পতিত শৰীৰত মাতে। বৰ ভাল নিমন্ত্ৰণ দিয়ে ভাৰতবাসীয়ে। নাটকত ৰহস্যই এনেকুৱা। এৱোঁ (ব্ৰহ্মাই) জানো জানিছিল যে এয়া মোৰ বহুত জন্মৰ অন্তৰ জন্ম। বাবা (শিৱ)ই প্ৰৱেশ কৰিলে তেতিয়া কয়। বাবাই প্ৰতিটো কথাৰ ৰহস্য বুজাইছে। ব্ৰহ্মাই পত্নী হ'বলগীয়া হয়। বাবাই নিজেই কয় - মোৰ এওঁ পত্নী হয়। মই এওঁ‌ৰ শৰীৰত প্ৰৱেশ কৰি এওঁ‌ৰ দ্বাৰা তোমালোকক নিজৰ কৰি লওঁ। এওঁ‌ প্ৰকৃত ‘বৰ মা’ হৈ গ’ল আৰু তেওঁ তুলি লোৱা (এডাপ্টেড্) মা হ'ল। মা পিতা বুলি তোমালোকে তেওঁলোকক ক'ব পাৰা। শিৱবাবাক কেৱল পিতা বুলিয়েই কোৱা হ'ব। এওঁ হৈছে ব্ৰহ্মাবাবা। মম্মা গুপ্ত। ব্ৰহ্মা হ'ল মা কিন্তু শৰীৰ পুৰুষৰ। এওঁ‌তো তত্ত্বাৱধান ল’ব নোৱাৰিব সেয়েহে কন্যাক তুলি লোৱা হৈছে। নাম ৰখা হ'ল মাতেশ্বৰী। মুখ্য (হেড) হৈ গ'ল। নাটক অনুসৰি এগৰাকীয়ে সৰস্বতী হয়। বাকী দূৰ্গা, কালী আদি সকলো অনেক নাম আছে। মা পিতাতো এগৰাকীয়ে হয় নহয় জানো। তোমালোক সকলো সন্তান। গায়নো আছে ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱা নহয় জানো। তোমালোকৰ নাম বহুত আছে। এই সকলোবোৰ কথা তোমালোকৰ মাজতো ক্ৰমানুসৰি বুজিব। পঢ়াতো ক্ৰম অনুসৰিতো হয়েই নহয় জানো। এজন আনজনৰ লগত নিমিলে। এয়া ৰাজধানী স্থাপন হৈ আছে। এইখন পূৰ্ব-নিৰ্ধাৰিত নাটক। ইয়াক বিস্তৃতভাৱে বুজিব লাগে। অনেক সাৰ কথা (পইন্টচ্) আছে। ওকালতি (বেৰিষ্টাৰী) পঢ়ে আকৌ তাতো ক্ৰমানুসৰি থাকে। কোনোবা উকিলেতো 2-3 লাখ উপাৰ্জন কৰে। কোনোৱে চোৱা কাপোৰো ফটা-চিটা পিন্ধে। ইয়াতো এনেকুৱাই।

গতিকে সন্তানসকলক বুজোৱা হৈছে যে এয়া আন্তঃৰাষ্ট্ৰীয় সমস্যা। এতিয়া তোমালোকে বুজোৱা যে সকলো নিচিন্ত হৈ থাকা। যুদ্ধতো নিশ্চয় লাগিবই। তোমালোকে ঢোল পিটি প্ৰচাৰ কৰা যে নতুন দৈৱী ৰাজধানী পুনৰাই স্থাপন হৈ আছে। অনেক ধৰ্মৰ বিনাশ হ'ব। কিমান স্পষ্ট। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা এই প্ৰজা ৰচনা কৰা হয়। কয় যে এয়া মোৰ মুখ বংশাৱলী। তোমালোক মুখ বংশাৱলী ব্ৰাহ্মণ হোৱা। তেওঁলোক কোষ বংশাৱলী ব্ৰাহ্মণ। তেওঁলোক পূজাৰী, তোমালোক এতিয়া পূজ্য হৈ আছা। তোমালোকে জানা যে আমিয়েই দেৱতা পূজ্য হৈ আছোঁ। তোমালোকৰ শিৰত এতিয়া জ্যোতি (লাইট)ৰ মুকুট নাই। তোমালোক আত্মা যেতিয়া পবিত্ৰ হ'বা তেতিয়া এই শৰীৰ ত্যাগ কৰিবা। এই শৰীৰত তোমালোকক জ্যোতিৰ মুকুট দিব নোৱাৰে, শোভা নাপাব। এই সময়ত তোমালোক গায়ন যোগ্য হোৱা। এই সময়ত কোনোটো আত্মাই পবিত্ৰ নহয়, সেয়েহে কাৰোৰে শিৰত এতিয়া জ্যোতি থাকিব নালাগে। জ্যোতি সত্যযুগত থাকে। যাৰ দুই কলা কম তেওঁলোককো এই জ্যোতি দিব নালাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) নিজৰ স্থিতি এনেকুৱা অচল আৰু নিৰ্ভয় কৰিব লাগে যাতে অন্তিম বিনাশৰ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰে। দেহী-অভিমানী হোৱাৰ বাবে যত্ন কৰিব লাগে।

(2) নতুন ৰাজধানীত উচ্চ পদবী প্ৰাপ্ত কৰিবলৈ পঢ়াৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে। কৃতকাৰ্য (পাছ) হৈ বিজয় মালাৰ মণি হ'ব লাগে।

বৰদান:

নিৰ্বল, নিৰাশ, অসমৰ্থ আত্মাক অতিৰিক্ত বল দিওঁতা আত্মিক দয়াশীল হোৱা

যিসকল আত্মিক দয়াশীল সন্তান তেওঁলোক মহাদানী হৈ একেবাৰেই নিৰাশাজনক স্থিতিতো আশাৰ সঞ্চাৰ কৰি দিয়ে। নিৰ্বলীক বলৱান কৰি দিয়ে। দান সদায় গৰিবক, নিঃসহায়জনক দিয়া হয়। সেয়েহে যি নিৰ্বল নিৰাশ, অসমৰ্থ প্ৰজা পৰ্যায়ৰ (কোৱালিটি)ৰ আত্মা আছে তেওঁলোকৰ প্ৰতি আত্মিক দয়াশীল হৈ মহাদানী হোৱা। পৰস্পৰ ইজন সিজনৰ প্ৰতি মহাদানী নহয়। তেওঁলোকতো সহযোগী সংগী হওঁ‌ক, ভাই ভাই হওঁ‌ক, সহপাঠী পুৰুষাৰ্থী হওঁ‌ক, সহযোগ দিয়া দান নহয়।

শ্লোগান:

সদায় এজন পিতাৰ শ্ৰেষ্ঠ সংগত থাকা তেতিয়া অন্য কোনো সংগৰ ৰঙে প্ৰভাৱিত কৰিব নোৱাৰিব।

!! ওঁম্ শান্তি !!

ওঁম্ শান্তি!!