17.05.20    Avyakt Bapdada     Assame Murli     13.01.86     Om Shanti     Madhuban


*ব্ৰাহ্মণ জীৱন সদায় বেহদ (অসীম)ৰ আনন্দৰ জীৱন*


আজি বাপদাদাই নিজৰ হোলী (পবিত্ৰ) আৰু হেপী (সুখী) হংসসকলৰ সভা চাই আছেহঁক। সকলোৱে হোলীৰ লগতে সদায় হেপী হৈও থাকানে? হোলী অৰ্থাৎ পবিত্ৰতাৰ প্ৰত্যক্ষ চিন - হেপী অৰ্থাৎ আনন্দ সদায় প্ৰত্যক্ষ ৰূপত দেখা দিব। যদি আনন্দ নাথাকে তেন্তে অৱশ্যেই কোনো অপৱিত্ৰতা অৰ্থাৎ সংকল্প বা কৰ্ম যথাৰ্থ নহয় সেইবাবে আনন্দ নাথাকে। অপৱিত্ৰতা কেৱল 5 বিকাৰকে কোৱা নহয়। কিন্তু সম্পূৰ্ণ আত্মাসকলৰ বাবে, দেৱাত্মা হবলগীয়াসকলৰ বাবে অযথাৰ্থ, ব্যৰ্থ, সাধাৰণ সংকল্প, বাণী বা কৰ্মকো সম্পূৰ্ণ পবিত্ৰতা বুলি কোৱা নহব। সম্পূৰ্ণ ষ্টেজ (স্থিতি)ৰ সমীপত আহি আছা সেইবাবে বৰ্তমান সময় অনুযায়ী ব্যৰ্থ আৰু সাধাৰণ কৰ্ম যাতে নহয় এই ক্ষেত্ৰতো চেকিং (পৰীক্ষা) আৰু চেঞ্জ (পৰিৱৰ্তন) লাগে। যিমানে সমৰ্থ আৰু শ্ৰেষ্ঠ সংকল্প, বাণী আৰু কৰ্ম হব, সিমানে সদায় আনন্দৰ ৰেঙনি, সৌভাগ্যৰ দীপ্তি অনুভৱ হব আৰু অনুভৱ কৰাব। বাপদাদাই সকলো সন্তানৰে এই দুটি কথা চেক কৰি আছিল যে পবিত্ৰতা কলৈকে ধাৰণা কৰিছে! ব্যৰ্থ আৰু সাধাৰণতা এতিয়াও কিমানলৈকে আছে? আৰু আত্মিক আনন্দ, অবিনাশী আনন্দ আন্তৰিক আনন্দ কলৈকে থাকে! সকলো ব্ৰাহ্মণ সন্তানৰ ব্ৰাহ্মণ জীৱন ধাৰণ কৰাৰ লক্ষ্যই হৈছে সদায় আনন্দত থকা। আনন্দৰ জীৱন-যাপন কৰাৰ বাবেই ব্ৰাহ্মণ হৈছা নে পুৰুষাৰ্থৰ পৰিশ্ৰম বা কিবা নহয় কিবা বেমেজালিত পৰি থাকিবলৈ ব্ৰাহ্মণ হৈছা।

আত্মিক আন্তৰিক আনন্দ বা অতীন্দ্ৰিয় সুখ যিটো গোটেই কল্পতেই প্ৰাপ্ত নহয় সেইটো প্ৰাপ্ত কৰাৰ বাবে ব্ৰাহ্মণ হৈছা। কিন্তু চেক কৰা যে আনন্দ কোনো সাধনৰ আধাৰত, কোনো হদৰ (সীমিত) প্ৰাপ্তিৰ আধাৰত, নতুবা অলপ সময়ৰ সফলতাৰ আধাৰত, মান্যতা বা সুনামৰ আধাৰত, মনৰ হদৰ ইচ্ছবোৰৰ আধাৰত বা এইটোৱেই ভাল লাগে - ব্যক্তিয়ে হওঁক, স্থান বা বৈভৱেই হওঁক এনেকুৱা মনৰ পচন্দ অনুযায়ী আনন্দ প্ৰাপ্তিৰ আধাৰতো নহয়? এই আধাৰসমূহৰ দ্বাৰা আনন্দৰ প্ৰাপ্তি এয়া কোনো বাস্তৱিক আনন্দ নহয়। অবিনাশী আনন্দ নহয়। আধাৰ লৰচৰ হলে আনন্দও কম বেছি হয়। এনেকুৱা আনন্দ প্ৰাপ্তিৰ বাবে ব্ৰাহ্মণ হোৱা নাই। অল্পকালৰ প্ৰাপ্তিৰ দ্বাৰা আনন্দ এয়াতো জগতৰ লোকসকলৰো আছে। তেওঁলোকৰো শ্লোগান হৈছে - খোৱা পান কৰা আনন্দ কৰা। কিন্তু সেই অল্পকালৰ আধাৰ সমাপ্ত হলে আনন্দও সমাপ্ত হৈ যায়। এনেদৰে ব্ৰাহ্মণ জীৱনতো যদি এই আধাৰসমূহৰ দ্বাৰা আনন্দ প্ৰাপ্তি হয় তেন্তে পাৰ্থক্য কি থাকিল? আনন্দৰ সাগৰৰ সন্তান হৈছা গতিকে প্ৰতিটো সংকল্পত, প্ৰতিটো চেকেণ্ডত আনন্দৰ লহৰত ঢৌ খেলি থাকোঁতা হোৱা। সদায় আনন্দৰ ভঁৰালৰ হোৱা! ইয়াকে কোৱা হয় হোলী আৰু হেপ্পী হংস। বাপদাদাই চাই আছিল যে কোনো হদৰ আধাৰ অবিহনে সদায় আন্তৰিক আনন্দত থকাৰ যি লক্ষ্য আছে, সেই লক্ষ্যৰ পৰা সলনি হৈ হদৰ প্ৰাপ্তিৰ সৰু সৰু গলিবোৰত আৱদ্ধ হৈ যোৱাৰ কাৰণে বহুত সন্তানে লক্ষ্য অৰ্থাৎ গন্তব্য স্থানৰ পৰা দূৰ হৈ যায়। হাই-ৱে (মুখ্য ৰাস্তা) এৰি গলিবোৰত আৱদ্ধ হৈ যায়। নিজৰ লক্ষ্য, আনন্দক এৰি হদৰ প্ৰাপ্তিসমূহৰ পাচত লাগি যায়। আজি সুনাম হল বা কাম হল ইচ্ছা পূৰ্ণ হল তেন্তে আনন্দিত হয়। যদি মনৰ পচন্দৰ, সংকল্প পচন্দ প্ৰাপ্তি হয় তেন্তে বহুত আনন্দিত হয়। অলপো যদি কম হয় তেন্তে লক্ষ্য তাতেই ৰৈ যায়। লক্ষ্য হদৰ হৈ যায় সেইবাবে বেহদৰ অবিনাশী আনন্দৰ পৰা আঁতৰি আহে। গতিকে বাপদাদাই সন্তানসকলক সোধে যে ব্ৰাহ্মণ এইবাবেই হৈছা নেকি? এইবাবেই এই আত্মিক জীৱন আঁকোৱালি লৈছা নেকি? এয়াতো সাধাৰণ জীৱন হয়। ইয়াক শ্ৰেষ্ঠ জীৱন বুলি কোৱা নহয়।

যি কৰ্মই নকৰা, লাগিলে যিমানেই ডাঙৰ সেৱাৰ কাম নহওঁক কিন্তু যি সেৱাই আন্তৰিক আনন্দ, আত্মিক ফূৰ্তি আৰু বেহদৰ প্ৰাপ্তিৰ পৰা অৱনমিত কৰি দিয়ে অৰ্থাৎ হদ লৈ (সীমিত ভাৱত) আনে, আজি ফূৰ্তি কাইলৈ মূৰ্ছিত (মূছকঁছ যোৱা) অৱস্থা, আজি আনন্দ কাইলৈ খেলিমেলিত পেলাই দিয়ে, আনন্দৰ পৰা বঞ্চিত কৰি দিয়ে, এনেকুৱা সেৱা এৰি দিয়া কিন্তু আনন্দ নেৰিবা। সঁচা সেৱাই সদায় বেহদৰ স্থিতিৰ, বেহদৰ আনন্দৰ অনুভৱ কৰায়। যদি এনেকুৱা অনুভুতি নাই তেন্তে সেয়া মিক্স (সানমিহলি) সেৱা। সঁচা সেৱা নহয়। সদায় এইটো লক্ষ্য ৰাখিবা যে সেৱাৰ দ্বাৰা স্ব-উন্নতি, স্ব-প্ৰাপ্তি, সন্তুষ্টতা আৰু মহানতাৰ অনুভুতি হলনে? যত সন্তুষ্টতাৰ মহানতা থকিব তত অৱিনাশী প্ৰাপ্তিৰ অনুভুতি হব। সেৱা অৰ্থাৎ ফুলৰ বাগিছাক জাতিষ্কাৰ কৰি তোলা। সেৱা অৰ্থাৎ ফুলৰ বাগিছাৰ অনুভৱ কৰা কাঁইটৰ জংঘলত আৱদ্ধ হোৱা নহয়। খেলিমেলি, অপ্ৰাপ্তি, মনৰ নিষ্প্ৰভ অৱস্থা, এতিয়াই ফূৰ্তি, এতিয়াই নিষ্প্ৰভ, এয়া হল কাঁইট। এই কাঁইটবোৰৰ পৰা আঁতৰি অহা অৰ্থাৎ বেহদৰ আনন্দ অনুভৱ কৰা। যিয়েই হৈ নাযাওঁক হদৰ প্ৰাপ্তিক ত্যাগো যদি কৰিবলগীয়া হয়, কিবা কথাক যদি এৰিবলগীয়াও হয়, কথাবোৰ এৰা কিন্তু আনন্দক নেৰিবা। যাৰ বাবে আহিছা সেই লক্ষ্যৰ পৰা আঁতৰি নাযাবা। এইটো সূক্ষ্ম চেকিং কৰা। আনন্দিততো হোৱা কিন্তু অল্পকালৰ প্ৰাপ্তিৰ আধাৰত আনন্দিত হোৱা ইয়াকেইতো আনন্দ বুলি নাভাবা? চাইড্‌ চিনকে (পাৰ্শ্বদৃশ্য) লক্ষ্য বুলি ভাবি থকা নাইতো? কিয়নো চাইড্‌ চিনো আকৰ্ষণীয় হয়। কিন্তু লক্ষ্যত উপনীত হোৱা অৰ্থাৎ বেহদৰ ৰাজ্যৰ অধিকাৰী হোৱা। লক্ষ্যক কাষৰীয়া কৰোঁতাজনে বিশ্বৰ ৰাজ্য অধিকাৰী হব নোৱাৰে। ৰয়েল ফেমিলিতো (ৰাজকীয় পৰিয়ালতো) আহিব নোৱাৰে, সেইবাবে লক্ষ্যক, গন্তব্যস্থানক সদায় স্মৃতিত ৰাখিবা। নিজকে সোধা আগবাঢ়ি গৈ থাকোঁতে কৰবাত কোনো হদৰ গলিততো গৈ উপস্থিত হোৱা নাই! অল্পকালৰ প্ৰাপ্তিৰ আনন্দই, চিৰকালৰ সৌভাগ্যৰ পৰা বঞ্চিততো কৰি থকা নাই? অলপতে আনন্দিত হোৱা বিধৰতো নোহোৱা? নিজেই নিজক আনন্দিততো কৰি থকা নাই? যিয়েই হওঁ, যেনেকুৱাই হওঁ, ভালে আছোঁ, আনন্দিত হৈ আছোঁ। অবিনাশী আনন্দৰ চিন হৈছে - তেওঁলোকে অন্যৰ পৰাও সদায় আনন্দৰ আশীৰ্বাদ অৱশ্যেই প্ৰাপ্ত কৰিব। বাপদাদা আৰু নিমিত্ত জ্যেষ্ঠসকলৰ স্নেহৰ আশীৰ্বাদে ভিতৰত অলৌকিক আত্মিক আনন্দৰ সাগৰত নাচি-বাগি থকাৰ অনুভৱ কৰাব। অমনোযোগীতাৰ বাবে এনেকৈ নাভাবিবা যে মইতো ভালেই কিন্তু আনে মোক বুজি নাপায়। সূৰ্যৰ কিৰণ জানো লুকাই থাকিব পাৰে? সত্যতাৰ সুবাস কেতিয়াও নোহোৱা হৈ যাব নোৱাৰে। লুকাই থাকিব নোৱাৰে সেইবাবে কেতিয়াও প্ৰবঞ্চিত নহবা। এইটো পাঠেই দৃঢ় কৰিবা। প্ৰথমতে নিজৰ বেহদৰ অবিনাশী আনন্দ পাচত অন্য কথা। বেহদৰ আনন্দই সেৱাৰ বা সকলোৰে স্নেহৰ, সকলোৰে দ্বাৰা অবিনাশী সন্মান প্ৰাপ্ত কৰাৰ সৌভাগ্য অৰ্থাৎ শ্ৰেষ্ঠ ভাগ্য স্বতঃ অনুভূতি কৰাব। যি সদায় আনন্দিত হৈ থাকে তেওঁ সৌভাগ্যশালী হয়। পৰিশ্ৰমৰ অবিহনে, ইচ্ছা নকৰিলেও অথবা নকলেও সকলো প্ৰাপ্তি সহজে হব। এই পাঠটি দৃঢ় কৰিলানে?

বাপদাদাই লক্ষ্য কৰে কিহৰ বাবে আহিছে, কলৈ যাব লাগে আৰু কলৈ গৈ আছে? হদক এৰি আকৌ যদি হদলৈকে যোৱা তেন্তে বেহদৰ অনুভব কেতিয়া কৰিবা! বাপদাদাৰো সন্তানসকলৰ প্ৰতি স্নেহ ওপজে। দয়া ওপজে বুলিতো কোৱা নহব কিয়নো ভিক্ষাৰী হোৱা জানো। দাতা, বিধাতাৰ সন্তান হোৱা, দুখীসকলক দয়া কৰা হয়। তোমালোকতো সুখ স্বৰূপ সুখদাতাৰ সন্তান হোৱা। এতিয়া বুজি পাইছা কি কৰিব লাগে? বাপদাদাই এই বছৰৰ বাবে বাৰে বাৰে ভিন্ন ভিন্ন কথাৰ প্ৰতি এটেন্‌শ্বন (মনোযোগ) আকৰ্ষণ কৰাই আছে। এই বছৰ বিশেষ নিজৰ প্ৰতি এটেন্‌শ্বন দিয়াৰ সময় দিয়া হৈছে। জগতৰ লোকসকলেতো কেৱল কয় - খোৱা পান কৰা ফূৰ্তি কৰা। কিন্তু বাপদাদাই কয় - খোৱা আৰু খুওৱা। ফূৰ্তিত থাকিবা আৰুআনকো ফূৰ্তিত লৈ আনিবা। বাৰু -

সদায় বেহদৰ অবিনাশী আনন্দত থাকোঁতা, প্ৰত্যেক কৰ্মতে সৌভাগ্যশালী অনুভৱ কৰোঁতা, সদায় সকলোকে আনন্দৰ খাজনা (সম্পত্তি) বিলাওঁতা, সদায় আনন্দৰ সুবাস বিয়পাই দিওঁতা, সদায় আনন্দৰ উৎসাহ-উদ্দীপনাৰ লহৰত নাচি-বাগি থাকোঁতা, এনেদৰে সদায় আনন্দৰ ৰেঙনি আৰু জেউতীত থাকোঁতা, শ্ৰেষ্ঠ লক্ষ্যক প্ৰাপ্ত কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক বাপদাদাৰ সদায় হোলী আৰু হেপী হৈ থকাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

পাৰ্টিবোৰৰ লগত:-

1)প্ৰবৃত্তিত থাকি সদায় উপৰাম আৰু পিতাৰ মৰমৰ হোৱা নহয়নে! কেতিয়াবা প্ৰবৃত্তিৰ প্ৰতি আসক্তিতো উৎপন্ন হৈ নাযায়? যদি কৰবাত কাৰোবাৰ প্ৰতি এটাচমেণ্ট (আসক্তি) আছে তেন্তে সেয়া সদাকালৰ বাবে নিজৰ জীৱন বাটত বিঘ্নৰ ৰূপ হৈ যায় সেইবাবে সদায় নিৰ্বিঘ্ন হৈ আগবাঢ়ি গৈ থাকিবা। কল্পৰ আগৰ নিচিনাকৈ অংগদ হৈ অচল-অটল হৈ থাকিবা। অংগদৰ কি বিশেষত্ব দেখুৱাইছে? এনেকুৱা নিশ্চয় বুদ্ধিৰ যে কোনেও ভৰিও লৰচৰ কৰিব নোৱাৰে। মায়াই নিশ্চয় ৰূপী ভৰিক অস্থিৰ কৰাবৰ বাবে ভিন্ন ভিন্ন প্ৰকাৰেৰে আহে। কিন্তু মায়া অস্থিৰ হৈ যাওঁক তোমালোকৰ নিশ্চয় ৰূপী ভৰি যাতে লৰচৰ নকৰে। মায়াই নিজে সমৰ্পিত হয়! তোমালোকতো (মায়াৰ আগত) সমৰ্পিত নোহোৱা নহয় জানো! পিতাৰ আগত সমৰ্পিত হবা, মায়াৰ আগত নহয়, এনেকুৱা নিশ্চয় বুদ্ধিৰসকল সদায় নিচিন্ত হৈ থাকে। যদি অলপো কিবা চিন্তা আছে তেন্তে নিশ্চয়ৰ অভাৱ আছে। কেতিয়াবা কোনো কথাৰ বাবে অলপো যদি চিন্তা হৈ যায় - তাৰ কাৰণ কি হয়, নিশ্চয় কিবা নহয় কিবা কথাত নিশ্চয়ৰ অভাৱ আছে। হয়তো ড্ৰামাৰ প্ৰতি নিশ্চয়ৰ অভাৱ, নাইবা নিজৰ প্ৰতি নিশ্চয়ৰ অভাৱ, অথবা পিতাৰ প্ৰতি নিশ্চয়ৰ অভাৱ। তিনিওটি প্ৰকাৰৰ নিশ্চয়ত যদি অলপো নিশ্চয়ৰ অভাৱ আছে তেন্তে নিচিন্ত হৈ থাকিব নোৱাৰা। সকলোতকৈ ডাঙৰ বেমাৰ হৈছে চিন্তা। চিন্তাৰ বেমাৰৰ ঔষধ ডাক্তৰৰ ওচৰতো নাই। টেম্পৰাৰী (অলপ সময়ৰ বাবে) টোপনি অহাৰ ঔষধ দিব কিন্তু সদাকালৰ বাবে চিন্তা আঁতৰ কৰিব নোৱাৰে। চিন্তাত থকাসকলে যিমানেই প্ৰাপ্তিৰ পিচত দৌৰে সিমানেই প্ৰাপ্তি আগলৈ দৌৰ মাৰে সেইবাবে সদায় নিশ্চয়ৰ ভৰি যাতে অচল হৈ থাকে। সদায় একবল এক ভৰসা এয়াই ভৰি। নিশ্চয় বুলিয়ে কোৱা, ভৰসা বুলিয়ে কোৱা কথা একেটাই। এনেকুৱা নিশ্চয় বুদ্ধিৰ সন্তানসকলৰ বিজয় নিশ্চিত।

2) সদায় পিতাৰ প্ৰতি উৎসৰ্গিত হওঁতা হোৱানে? ভক্তিত যি প্ৰতিশ্ৰুতি দিছিলা - সেয়া পালন কৰোঁতা হোৱানে? কি প্ৰতিশ্ৰুতি দিছিলা? সদায় আপোনাৰ প্ৰতি উৎসৰ্গিত হম। উৎসৰ্গিত অৰ্থাৎ সদায় সমৰ্পিত হৈ বলবান হওঁতা। তেন্তে উৎসৰ্গিত হৈ গলা নে হবলৈ গৈ আছা? উৎসৰ্গিত হোৱা মানে মোৰ একো নাই। মোৰ ভাৱ সমাপ্ত। মোৰ শৰীৰো নহয়। তেন্তে কেতিয়াবা দেহ-অভিমানত আহানে? মোৰ ভাৱ আছে সেইবাবে দেহ বোধ জাগে। ইয়াৰো সিপাৰে থাকোঁতা - ইয়াকে উৎসৰ্গিত হোৱা বুলি কোৱা হয়। গতিকে মোৰ ভাৱ সদাকালৰ বাবে সমাপ্ত কৰি যোৱা। সকলো তোমাৰ এয়াই অনুভৱ কৰি গৈ থাকিবা। যিমানেই বেছি অনুভৱী সিমানেই অথৰিটি (হৰ্তা-কৰ্তা) স্বৰূপ। তেওঁলোকে কেতিয়াও প্ৰবঞ্চিত হব নোৱাৰে। দুখৰ লহৰত আহিব নোৱাৰে। গতিকে সদায় অনুভৱৰ কাহিনী সকলোকে শুনাই থাকিবা। অনুভৱী আত্মাই অলপ সময়তে বেছিকৈ সফলতা প্ৰাপ্ত কৰে। বাৰু।

বিদায়ৰ সময়ত - 14 জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ স্নেহপূৰ্ণ স্মৰণ

আজিৰ দিনটিৰ মহত্ত্বই সদায় খোৱা আৰু খুওৱাক মহত্ত্বপূৰ্ণ কৰি দিলে। কিবা খায় আৰু কিবা খুৱায়। তেওঁলোকে তিল দান কৰে অথবা খায়। তিল অৰ্থাৎ অতি ক্ষুদ্ৰ বিন্দু, কিবা কথাৰ উদয় হলে কথা অতি সৰু হলে তেতিয়া কয় এয়া তিলৰ সমান আৰু ডাঙৰ হলে পাহাৰৰ সমান বুলি কোৱা হয়। গতিকে পাহাৰ আৰু তিল বহুত পাৰ্থক্য আহি যায় নহয়নে। তিলৰ মহত্ত্ব এইবাবেই আছে কিয়নো অতি সূক্ষ্ম বিন্দু হৈ যোৱা। যেতিয়া বিন্দু ৰূপ হৈ যোৱা তেতিয়াহে উৰন্ত কলাৰ চিলা হৈ যোৱা। গতিকে তিলৰো মহত্ত্ব আছে। আৰু তিলৰ সৈতে সদায় মিঠা মিশ্ৰিত কৰি সংগঠিত ৰূপত অনা হয়, এনেয়ে তিল নাখায়। গতিকে তিল মধুৰতা অৰ্থাৎ স্নেহেৰে সংগঠিত ৰূপত অনাৰ চিন। যিদৰে তিলত মিঠা মিশ্ৰিত কৰিলে তেতিয়া ভাল লাগে, এনেয়ে যদি তিল খোৱা তেন্তে তিতা লাগিব কিন্তু মিঠা মিশ্ৰিত হলে বহুত ভাল লাগে। গতিকে তোমালোক আত্মাসকলেও যেতিয়া মধুৰতাৰ সৈতে সম্বন্ধত আহি যোৱা, স্নেহত আহি যোৱা তেতিয়া শ্ৰেষ্ঠ হৈ যোৱা। গতিকে এয়া সংগঠিত মধুৰতাৰ স্মাৰক। ইয়াৰো চিন আছে। গতিকে সদায় নিজক মধুৰতাৰ আধাৰত সংগঠনৰ শক্তিত অনা, বিন্দু ৰূপ হোৱা আৰু চিলা হৈ উৰন্ত কলাত উৰা, এয়া হল আজিৰ দিনটিৰ মহত্ত্ব। গতিকে পালন কৰা অৰ্থাৎ তেনেকুৱা হোৱা। গতিকে তোমালোক তেনেকুৱা স্বৰূপৰ হৈ উঠা আৰু তেওঁলোকে কেৱল অলপ সময়ৰ বাবে পালন কৰে। ইয়াত দান দিয়া অৰ্থাৎ যি কিছু দুৰ্বলতা আছে তাক দান দি দিয়া। সৰু কথা বুলি ভাবি দি দিয়া। তিল বুলি ভাবি দি দিয়া। ডাঙৰ কথা বুলি নাভাবিবা - এৰিব লাগিব, দিব লাগিব, নহয়। তিলৰ সমান সৰু কথাক দান দিয়া, আনন্দেৰে সৰু কথা বুলি ভাবি আনন্দেৰে দি দিয়া। এয়া হৈছে দানৰ মহত্ত্ব। বুজি পালা।

সদায় স্নেহী হবা, সদায় সংগঠিত ৰূপত চলিবা আৰু সদায় ডাঙৰ কথাক সৰু বুলি ভাবি সমাপ্ত কৰি দিবা। জুইত জ্বলাই দিবা, এয়া হৈছে মহত্ত্ব। গতিকে পালন কৰিলা নহয়। দৃঢ় সংকল্প ৰূপী জুই প্ৰজ্বলিত কৰি দিলা। এই দিনটিত জুই জ্বলায় নহয় জানো। গতিকে সংস্কাৰ পৰিৱৰ্তনৰ দিৱস, তেওঁলোকে সংক্ৰান্তি বুলি কয়, তোমালোকে সংস্কাৰ পৰিৱৰ্তন বুলি কবা। বাৰু - সকলোকে স্নেহ আৰু সংগঠনৰ শক্তিত সদায় সফল হৈ থকাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুড মৰ্ণিং (সুপ্ৰভাত)।

বৰদান:
সদায় ভগৱান আৰু ভাগ্যৰ স্মৃতিত থাকোঁতা সৰ্বশ্ৰেষ্ঠ ভাগ্যৱান হোৱা

সংগমযুগত চৈতন্য স্বৰূপত ভগৱানে সন্তানসকলৰ সেৱা কৰি আছে। ভক্তি মাৰ্গত সকলোৱে ভগৱানৰ সেৱা কৰে কিন্তু ইয়াত চৈতন্য ঠাকুৰসকলৰ সেৱা স্বয়ং ভগৱানে কৰে। অমৃতবেলা উঠায়, ভোগ আগবঢ়ায়, শুৱায়। ৰেকৰ্ড শুনি (বাণীবদ্ধ গীত) নিদ্ৰাৰত হোৱা আৰু ৰিগাৰ্ডেৰে (সন্মানেৰে; স্বয়ং ভগৱানে উঠাই দিয়ে) উঠোঁতা, আমি এনেকুৱা অতি মৰমৰ বা সৰ্বশ্ৰেষ্ঠ ভাগ্যৱান ব্ৰাহ্মণ আত্মা হওঁ - এইটো ভাগ্যৰ আনন্দেৰে সদায় দুলি থাকিবা। কেৱল পিতাৰ মৰমৰ হবা মায়াৰ নহয়। যিসকল মায়াৰ মৰমৰ হয় তেওঁলোকে বহুত শিশুসুলভ খেল দেখুৱায়।

স্লোগান:
নিজৰ হৰ্ষিতমুখৰ চেহেৰাৰ দ্বাৰা সৰ্ব প্ৰাপ্তিৰ অনুভুতি কৰোৱাটোৱে প্ৰকৃত সেৱা।


সূচনা:-
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, তৃতীয় ৰবিবাৰ, সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈ সকলো ভাই-ভনীয়ে যেন সংগঠিত ৰূপত একত্ৰিত হৈ প্ৰভূ প্ৰেমত সমাহিত হোৱাৰ অনুভৱ কৰে। সদায় এইটো স্বমানত বহিবা যে মই আত্মা সৰ্বপ্ৰাপ্তিৰে সম্পন্ন সৰ্বশ্ৰেষ্ঠ ভাগ্যৱান আত্মা হওঁ। প্ৰেমৰ সাগৰ পিতাৰ পৰা প্ৰেমৰ কিৰণ ওলাই মোৰ মাজত (আত্মাত) সমাহিত হৈ গৈ আছে। সেই প্ৰেমৰ ভায়ব্ৰেচন (প্ৰকম্পন) চাৰিওফালে বাতাৱৰণত বিয়পি গৈ আছে।