17.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল স্মৃতিত থাকি নিজৰ বিকৰ্ম প্ৰায়শ্চিত্ত কৰা তেতিয়া বিকৰ্মাজিৎ হৈ যাবা, পুৰণা সকলো হিচাপ-নিকাচ নিষ্পত্তি হৈ যাব

প্ৰশ্ন:
কোনসকল সন্তানে সহজে সকলো ত্যাগ কৰিব পাৰে?

উত্তৰ:
যিসকল সন্তানৰ অন্তৰৰ পৰা বৈৰাগ্য জন্মে - তেওঁলোকে প্ৰতিটো কথা সহজে ত্যাগ কৰে, তোমালোক সন্তানসকলৰ অন্তৰত এতিয়া এইবোৰ ইচ্ছা থাকিব নালাগে যে এইটো পিন্ধোঁ, এইটো খাওঁ, এইটো কৰোঁ.... দেহ সহিত গোটেই পুৰণি সৃষ্টিখনকেই ত্যাগ কৰিব লাগে। পিতা আহিছে তোমালোকৰ হাতত বৈকুণ্ঠ দিবলৈ গতিকে এই পুৰণি সৃষ্টিৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি যাব লাগে।

গীত:-
মাতা অ মাতা তুম্‌হী হো ভাগ্য বিধাতা... (হে মাতা তুমিয়ে ভাগ্য বিধাতা)

ওঁম্শান্তি।
সন্তানসকলে নিজৰ মাতাৰ মহিমা শুনিলা। সন্তানতো বহুত আছে বুজা যায় যথাযথ পিতা আছে যেতিয়া মাতাও নিশ্চয় আছে। ৰচনাৰ বাবে মাতা নিশ্চয় থাকে। ভাৰতত মাতাৰ বাবে বহুত ভাল মহিমা গায়ন কৰা হয়। জগদম্বাৰ ডাঙৰ মেলা অনুষ্ঠিত হয়, কিবা নহয় কিবা প্ৰকাৰে মাতাৰ পূজা হয়। পিতাৰো নিশ্চয় হয় চাগৈ। তেওঁ জগত অম্বা আকৌ তেওঁ জগত পিতা। জগত অম্বা সাকাৰত আছে গতিকে জগত পিতাও সাকাৰত আছে। এওঁলোক দুয়োগৰাকীক ৰচয়িতা বুলিয়েই কোৱা হব। এয়াতো সাকাৰ নহয় জানো। নিৰাকাৰকহে ঈশ্বৰ পিতা (গড্‌ ফাদাৰ) বুলি কোৱা হয়। মাতা পিতাৰ ৰহস্যতো বুজোৱা হৈছে। কনিষ্ঠ মাতাও আছে, জ্যেষ্ঠ মাতাও আছে। মহিমা কনিষ্ঠ মাতাৰহে, যদিওবা তুলি লয়, মাতাকো তুলি লৈছে, গতিকে এওঁ (ব্ৰহ্মা) জ্যেষ্ঠ মাতা হৈ গল। কিন্তু সকলো মহিমা কনিষ্ঠ মাতাৰহে।

এইটোও সন্তানসকলে জানে যে প্ৰত্যেকে নিজৰ কৰ্মভোগৰ হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে কিয়নো বিকৰ্মাজিৎ আছিল আকৌ ৰাৱণে বিকৰ্মী কৰি দিলে। বিক্ৰম শকাব্দও আছে সেইদৰে বিকৰ্মাজিৎ শকাব্দও আছে। প্ৰথম আধাকল্প বিকৰ্মাজিৎ বুলি কোৱা হব আকৌ পাছৰ আধাকল্পত বিক্ৰম শকাব্দ আৰম্ভ হয়। এতিয়া তোমালোক সন্তানসকলে বিকৰ্মৰ ওপৰত জয়ী হৈ বিকৰ্মাজিৎ হোৱা। যি পাপ আছে সেয়া যোগবলেৰে প্ৰায়শ্চিত্ত কৰে। প্ৰায়শ্চিত্ত হয়েই স্মৃতিৰ দ্বাৰা। পিতাই যি বুজায় যে সন্তানসকল, স্মৰণ কৰা তেতিয়া পাপৰ প্ৰায়শ্চিত্ত হৈ যাব অৰ্থাৎ মামৰ আঁতৰি যাব। শিৰত জন্ম-জন্মান্তৰৰ পাপৰ বহুত বোজা আছে। বুজোৱা হৈছে যে যি এক নম্বৰত পুণ্য আত্মা হয় তেৱেঁই আকৌ এক নম্বৰৰ পাপ আত্মাও হয়। তেওঁলোকে বহুত পৰিশ্ৰম কৰিব লাগিব কিয়নো শিকাবৰ বাবে শিক্ষক হয় সেয়েহে নিশ্চয় পৰিশ্ৰম কৰিব লাগিব। বেমাৰ আদি হলে সেয়া নিজৰেই কৰ্ম (ফল) বুলি কোৱা হয়। অনেক জন্ম বিকৰ্ম কৰিছে সেইকাৰণে কৰ্মভোগ ভুগিবলগীয়া হয় গতিকে কেতিয়াও ইয়ালৈ ভয় কৰিব নালাগে। আনন্দেৰে অতিক্ৰম কৰিব লাগে কিয়নো নিজৰেই কৃত কৰ্মৰ হিচাপ-নিকাচ। প্ৰায়শ্চিত্ত হবই লাগে, একমাত্ৰ পিতাৰ স্মৃতিৰে। যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে তোমালোক সন্তানসকলে জ্ঞান অমৃত পান কৰিব লাগে। যোগযুক্ত হৈ থাকিব লাগে, বিকৰ্ম আছে সেইবাবেতো কাঁহ আদি হয়। আনন্দিত হোৱা যায়, ইয়াতেই সকলো হিচাপ সমাপ্ত হৈ যাওক, থাকি গলে তেতিয়া সন্মানসহকাৰে উত্তীৰ্ণ হোৱা বুলি কোৱা নহব। শাস্তি খাই ধন প্ৰাপ্ত কৰাটোও অপমানজনক নহয় জানো। অনেক প্ৰকাৰৰ দুখৰ কৰ্মভোগ ভুগিবলগীয়া হয়। ইয়াত অনেক প্ৰকাৰৰ দুখৰ সীমা নাই, তাত সুখৰ সীমা নাথাকে। নামেই হৈছে স্বৰ্গ। খ্ৰীষ্টানসকলে হেভেন বুলি কয়। স্বৰ্গীয় ঈশ্বৰ পিতা (হেভেনলী গড্‌ ফাদাৰ), এই কথাবোৰ তোমালোকে জানা। নিবৃত্তি মাৰ্গৰ সন্নাসীসকলেতো কৈ দিয়ে যে এয়া সকলো কাউৰীৰ বিষ্ঠাৰ সমান সুখ। এইখন সৃষ্টিত যথাযথ এনেকুৱাই। লাগিলে কাৰোবাৰ যিমানেই সুখ নহওক কিন্তু সেয়া হৈছে অল্পকালৰ সুখ। স্থায়ী সুখতো মুঠেই নাই। বহি থাকোতেই বিপদ আহি যায়, হাৰ্টফেইল হৈ যায়। আত্মাই এটা শৰীৰ এৰি অন্য এটাত গৈ প্ৰৱেশ কৰে গতিকে শৰীৰ নিজেই মাটি হৈ যায়। জন্তুৰ শৰীৰ তথাপি কামত আহে, মনুষ্যৰ কামত নাহে। তমোপ্ৰধান পতিত শৰীৰ কোনো কামৰ নহয়, কড়ী সদৃশ। দেৱতাসকলৰ শৰীৰ হীৰাতুল্য। গতিকে চোৱা তেওঁলোকৰ কিমান পূজা হয়। এই জ্ঞান তোমালোক সন্তানসকলে এতিয়া পাইছা।

এয়া হৈছে বেহদৰ পিতা, যিজন অতিকৈ মৰমৰ, যাক আকৌ আধাকল্প স্মৰণ কৰিছা। যিসকল ব্ৰাহ্মণ হয় তেওঁলোকেই পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰী হয়। সঁচা ব্ৰাহ্মণ বহুত পৱিত্ৰ হব লাগে। সঁচা গীতা পাঠকসকল পৱিত্ৰ হৈতো থাকিবই লাগে। সেই মিছা গীতা পাঠকসকল পৱিত্ৰ হৈ নাথাকে। এতিয়া গীতাততো লিখা আছে যে কাম মহাশত্ৰু হয়। আকৌ গীতা শুনাওঁতাসকল নিজে কত পৱিত্ৰ হৈ থাকে। গীতা হৈছে সৰ্ব শাস্ত্ৰৰ শিৰোমণি, যাৰ দ্বাৰা পিতাই কড়ীৰ পৰা হীৰাতুল্য কৰি তুলিছে। এয়াও তোমালোকে বুজা, গীতা পাঠকসকলে নুবুজে। তেওঁলোকেতো ভাটৌৰ দৰে পঢ়ি থাকে। সকলো মহিমা হয়েই এজনৰ অন্য কোনো বস্তুৰ মহিমা নাই। ব্ৰহ্মা, বিষ্ণু, শংকৰৰো নাই। তোমালোকে তেওঁলোকৰ আগত যিমানে মূৰ নোদোওৱা, তেওঁলোকৰ প্ৰতি উৎসৰ্গিত হৈ নোযোৱা তথাপিও উত্তৰাধিকাৰ নোপোৱা। কাশীত গৈ আত্মঘাতী হয় নহয়। এতিয়া চৰকাৰে বন্ধ কৰি দিলে। নহ'লে বহুতে কাশীত গৈ আত্মঘাতী হৈছিল। কুঁৱাত গৈ জপিয়াই দিছিল। কোনোবা দেৱীৰ প্ৰতি উৎসৰ্গিত হৈছিল, কোনোবা শিৱৰ প্ৰতি। দেৱতাসকলৰ প্ৰতি উৎসৰ্গিত হলে কোনো লাভ নহয়। কাশীত গৈ আত্মঘাতী হয়, কালীক কিমান ক'লা বৰণীয়া কৰি দিছে। এতিয়াতো সকলো হৈছে লৌহযুগী, যিসকল প্ৰথমে সোণালীযুগী আছিল। অম্বা বুলি এগৰাকীকে কোৱা হয়। পিতাক কেতিয়াও অম্বা বুলি কোৱা নহয়। এতিয়া এইটো কোনেও নাজানে যে জগত অম্বা সৰস্বতী ব্ৰহ্মাৰ জীয়ৰী হয়। ব্ৰহ্মা নিশ্চয় প্ৰজাপিতাই হ'ব। সূক্ষ্মবতনততো নথাকিব। বুজিও পায় সৰস্বতী ব্ৰহ্মাৰ জীয়ৰী। ব্ৰহ্মাৰ স্ত্ৰী বুলিতো নকয়। পিতাই বুজায়, মই এই ব্ৰহ্মাৰ দ্বাৰা জীয়ৰী সৰস্বতীক তুলি লৈছোঁ। জীয়ৰীয়েও বুজে যে পিতাই তুলি লয়। ব্ৰহ্মাকো তুলি লৈছে। এয়া বহুত গূঢ় কথা, যিটো কাৰো বুদ্ধিত নাই। পিতাই বহি তোমালোকক নিজৰো অন্ত (পৰিচয়) শুনায়, সেয়াতো নিশ্চয় সন্মুখতেই শুনাব নহয় জানো। প্ৰেৰণাৰে জানো দিব। ভগৱানুবাচ (ভগৱানে কয়) হে সন্তানসকল তেন্তে নিশ্চয় সাকাৰত আহিব সেইবাবেতো ক'ব নহয়, নিৰাকাৰ পিতাই বহি এওঁৰ দ্বাৰা পঢ়ায়, ব্ৰহ্মাই নপঢ়ায়। ব্ৰহ্মাক জ্ঞান সাগৰ বুলি কোৱা নহয়, একমাত্ৰ পিতাকেই কোৱা হয়। আত্মাই বুজে এয়া লৌকিক পিতাই নপঢ়ায়, পাৰলৌকিক পিতাই বহি পঢ়ায়, যাৰ পৰা উত্তৰাধিকাৰ লৈ আছে। বৈকুণ্ঠক পৰলোক বুলি কোৱা নহয়। সেয়া হ'ল অমৰলোক, এয়া হ'ল মৃত্যুলোক। পৰলোক অৰ্থাৎ য'ত আমি আত্মাসকল থাকোঁ, এয়া পৰলোক নহয়। আমি আত্মাসকল এই লোকলৈ আহোঁ। পৰলোক হৈছে আমাৰ অৰ্থাৎ আত্মাসকলৰ লোক। তোমালোকে ৰাজ্য এই ভাৰতত কৰিছা, পৰলোকত নহয়। পৰলোকৰ ৰজা বুলি কোৱা নহব। এনেকৈ কয় - ইহলোক পৰলোক সুখময় হওঁক। এয়া হল স্থূললোক তাৰপাছত আকৌ পৰলোক সুখময় হৈ যায়। সেইখনেই ভাৰত বৈকুণ্ঠ আছিল পুনৰ হব। এয়া হল মৃত্যুলোক, লোকত মনুষ্য থাকে। এনেকৈ কয় যে বৈকুণ্ঠ লোকলৈ যাওঁ। দেলবাড়া মন্দিৰতো তলত তপস্যাত বহি আছে। ওপৰত বৈকুণ্ঠৰ চিত্ৰ তৈয়াৰ কৰিছে। ভাবে অমুক বৈকুণ্ঠলৈ গল। কিন্তু বৈকুণ্ঠ ইয়াতেই হয়, ওপৰত নহয়। এতিয়া এইখন যি পতিত লোক সেইখন আকৌ পাৱন লোক হৈ যাব। পাৱন লোক আছিল এতিয়া অতীত হৈ গল, সেইবাবে পৰলোক বুলি কোৱা হয়। দূৰৈৰ হৈ গল নহয়। ভাৰত স্বৰ্গ আছিল, এতিয়া নৰক সেয়েহে স্বৰ্গ এতিয়া দূৰৈৰ হৈ গল নহয় জানো। পুনৰ ড্ৰামা অনুসৰি বাম (বিকাৰী) মাৰ্গত যায় সেয়েহে স্বৰ্গ দূৰৈৰ হৈ যায় সেইকাৰণে পৰলোক বুলি কয়।

এতিয়া তোমালোকে কোৱা আমি ইয়ালৈ আহি নতুন সৃষ্টিত পুনৰ নিজৰ ৰাজ্য-ভাগ্য লম। প্ৰত্যেকে নিজৰ কাৰণে পুৰুষাৰ্থ কৰে। যিয়ে কৰিব তেৱেঁই পাব। সকলোৱেতো নকৰিব। যিসকলে লিখা-পঢ়া কৰিব তেওঁলোক বৈকুণ্ঠৰ নবাব হব অৰ্থাৎ মালিক হবগৈ। তোমালোকে এই সৃষ্টিক সোণৰ কৰি তোলা। এনেকৈ কয় নহয় যে দ্বাৰকা সোণৰ আছিল আকৌ সমুদ্ৰৰ তলত গুচি গল। কোনো বহিতো থকা নাই যে উলিয়াই আনিব। ভাৰত স্বৰ্গ আছিল, দেৱতাসকলে ৰাজত্ব কৰিছিল। এতিয়াতো একো নাই। পুনৰ সকলোবোৰ সোণেৰে সাজিব লাগিব। এনেকুৱা নহয় যে তাত সোণৰ মহল উলিয়ালে ওলাই আহিব, সকলোবোৰ সাজিব লাগিব। নিচা থাকিব লাগে আমি ৰাজকুমাৰ-ৰাজকুমাৰী হৈ আছোঁ। এয়া ৰাজকুমাৰ-ৰাজকুমাৰী হোৱাৰ কলেজ। সেয়া হল ৰাজকুমাৰ-ৰাজকুমাৰীয়ে পঢ়া কলেজ। তোমালোকে বাদশ্বাহী লবলৈ পঢ়ি আছা। তেওঁলোকে পূৰ্বৰ জন্মত দান পুণ্য কৰাৰ কাৰণে ৰজাৰ ঘৰত জন্ম লৈ ৰাজকুমাৰ হৈছে। সেই কলেজ কিমান ভাল হব। কিমান ভাল প্ৰশিক্ষক আদি থাকিব। শিক্ষকৰ কাৰণেও ভাল প্ৰশিক্ষক থাকিব। সত্যযুগ ত্ৰেতাত যিসকল ৰাজকুমাৰ-ৰাজকুমাৰী হব তেওঁলোকৰ কলেজ কিমান ভাল হব। কলেজলৈতো যাব নহয় জানো। ভাষাতো শিকিব নহয়। সেই সত্যযুগী ৰাজকুমাৰ-ৰাজকুমাৰীৰ কলেজ আৰু দ্বাপৰৰ বিকাৰী ৰাজকুমাৰ-ৰাজকুমাৰীৰ কলেজ চোৱা আৰু তোমালোক ৰাজকুমাৰ-ৰাজকুমাৰী হবলগীয়াসকলৰ কলেজ চোৱা, কিমান সাধাৰণ। তিনিপদ ভূমিও পোৱা নাযায়। তোমালোকে জানা তাত ৰাজকুমাৰসকল কলেজলৈ কেনেকৈ যায়। তাত খোজকাঢ়িবলগীয়াও নহয়। মহলৰ পৰা ওলাল আৰু এৰোপ্লেন উৰিল। তাত কিমান ভাল কলেজ হব। কিমান সুন্দৰ বাগিচা মহল আদি হব। তাৰ প্ৰতিটো বস্তু নতুন সবাতোকৈ শ্ৰেষ্ঠ প্ৰথম নম্বৰৰ হব। 5 তত্বই সতোপ্ৰধান হৈ যায়। তোমালোকৰ সেৱা কোনে কৰিব? এই 5 তত্বই ভালতকৈও ভাল বস্তু তোমালোকৰ কাৰণে উৎপন্ন কৰিব। যেতিয়া কৰবাত বহুত ভাল ফল ওলায় তেতিয়া সেয়া ৰজা-ৰাণীলৈ উপহাৰ হিচাপে পঠিয়ায়। ইয়াততো তোমালোকৰ পিতা শিৱবাবা হৈছে সকলোতকৈ উচ্চ, তেওঁক তোমালোকে কি খুৱাবা! এওঁ কোনো বস্তুৰ ইচ্ছা নাৰাখে, এইটো পিন্ধোঁ, এইটো খাওঁ, এইটো কৰোঁ, তোমালোক সন্তানসকলৰো এইবোৰ ইচ্ছা থাকিব নালাগে। যদি ইয়াত এই সকলোবোৰ কৰা তেন্তে তাত কম হৈ যাব। এতিয়াতো গোটেই সৃষ্টিখনকে ত্যাগ কৰিব লাগে। দেহ সহিত সকলোৰে ত্যাগ। বৈৰাগ্য জন্মিলে ত্যাগ হৈ যায়।

বাবাই কয় - মই তোমালোক সন্তানসকলৰ হাতত বৈকুণ্ঠ দিবলৈ আহিছোঁ। তোমালোকে জানা বাবা আমাৰ, তেন্তে নিশ্চয় তেওঁক স্মৰণ কৰিব লাগে। যেনেকৈ কন্যাৰ বাগদান হয় বা প্ৰেম জাগি উঠে তেতিয়া কেতিয়াও নকব যে মই পতিক স্মৰণ নকৰোঁ, কিয়নো সেয়া যুটীয়া জীৱন হৈ যায়, সেইদৰে পিতা আৰু সন্তানৰো যুটীয়া জীৱন হৈ যায়। কিন্তু মায়াই পাহৰাই দিয়ে। পিতাই কয় - মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, ইয়াত মুক্তি, জীৱনমুক্তি আহি যায়। আকৌ তোমালোকে এয়া কিয় পাহৰি যোৱা! ইয়াত হৈছে বুদ্ধিৰ কাম, মুখেৰেও একো কবলগীয়া নহয় আৰু নিশ্চয় কৰিব লাগে। আমি জানো, পৱিত্ৰ হৈ থাকি পৱিত্ৰ সৃষ্টিৰ উত্তৰাধিকাৰ লম। ইয়াত হৈছে বুজাৰ কথা, কোৱাৰ কথা নাই। আমি বাবাৰ হৈছোঁ। শিৱবাবা হৈছে পতিতসকলক পাৱন কৰি তোলোঁতা। তেওঁ কয় - মোক স্মৰণ কৰি থাকা। ইয়াৰ অৰ্থই হৈছে মনমনাভৱ। তেওঁলোকে আকৌ কৃষ্ণ ভগৱানুবাচ বুলি লিখি দিছে। পতিত-পাৱনতো এজনেই। সকলোৰে সৎগতি দাতা এজন, এজনকেই স্মৰণ কৰিব লাগে। কয় - মোক এজন পিতাক পাহৰাৰ কাৰণে কিমানক স্মৰণ কৰি থাকা। এতিয়া তোমালোকে মোক স্মৰণ কৰা তেতিয়া বিকৰ্মাজিৎ ৰজা হৈ যাবা। বিকৰ্মাজিৎ ৰজা আৰু বিকৰ্মী ৰজাৰ পাৰ্থক্যও শুনালোঁ নহয়। পূজ্যৰ পৰা পূজাৰী হৈ যায়। অৱনমিত হবই লাগে। বৈশ্য বংশ, তাৰপাছত শূদ্ৰ বংশ। বৈশ্য বংশী হোৱা মানে বাম (বিকাৰী) মাৰ্গত অহা। ইতিহাস-ভূগোলতো সকলো বুদ্ধিত আছে, ইয়াৰ ওপৰত কাহিনীও বহুত আছে। তাত মোহৰো কোনো কথা নাথাকে। সন্তান আদি বহুত আনন্দত থাকে, আপোনাআপুনি ভালদৰে প্ৰতিপালিত হয়। দাস-দাসীতো আগে আগে থাকেই। সেয়েহে নিজৰ ভাগ্যক চোৱা যে আমি কেনেকুৱা কলেজত বহি আছোঁ যৰ পৰা আমি ভৱিষ্যতে ৰাজকুমাৰ-ৰাজকুমাৰী হওঁ। পাৰ্থক্যতো জানা নহয়। সেয়া কলিযুগী ৰাজকুমাৰ-ৰাজকুমাৰী সেয়া মহাৰাণী মহাৰজা, সেয়া ৰজা-ৰাণী। বহুতৰে নামো আছে লক্ষ্মী-নাৰায়ণ, ৰাধা-কৃষ্ণ, আকৌ সেই লক্ষ্মী-নাৰায়ণ আৰু ৰাধা-কৃষ্ণৰ পূজা কিয় কৰে! নামতো একেই নহয়। অৱশ্যে হয় তেওঁলোক স্বৰ্গৰ মালিক আছিল। এতিয়া তোমালোকে জানা এই জ্ঞান শাস্ত্ৰত নাই। এতিয়া তোমালোকে বুজি গৈছা যে যজ্ঞ, তপ, দান, পুণ্য আদিত কোনো সাৰ নাই। ড্ৰামা অনুসৰি সৃষ্টি পুৰণা হ'বই লাগে। মনুষ্য মাত্ৰেই তমোপ্ৰধান হ'বই লাগে। প্ৰত্যেক কথাত তমোপ্ৰধান, ক্ৰোধ, লোভ সকলোতে তমোপ্ৰধানতা। আমাৰ খণ্ডত তেওঁলোকৰ দখল কিয়, গুলি মাৰা। কিমান মাৰামাৰি কৰে, পৰস্পৰ কিমান যুঁজ-বাগৰ কৰে। এজনে আনজনক হত্যা কৰিবলৈও পলম নকৰে। সন্তানে ভাবে পিতাৰ মৃত্যু হওক যাতে সম্পত্তি পাওঁ...। এনেকুৱা তমোপ্ৰধান সৃষ্টিৰ এতিয়া বিনাশ হ'বই। পুনৰ সতোপ্ৰধান সৃষ্টি আহিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুণ্য আত্মা হ'বৰ বাবে স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে। সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰি সন্মান সহকাৰে উত্তীৰ্ণ হৈ যাব লাগে সেয়েহে কৰ্মভোগলৈ ভয় কৰিব নালাগে, আনন্দেৰে নিষ্পত্তি কৰিব লাগে।

(2) সদায় এইটো নিচাত থাকিব লাগে যে আমি ভৱিষ্যতে ৰাজকুমাৰ-ৰাজকুমাৰী হবলৈ হৈ আছোঁ। এয়া হৈছে ৰাজকুমাৰ-ৰাজকুমাৰী হোৱাৰ কলেজ।

বৰদান:
অবিচলিত স্থিতিৰ দ্বাৰা মাষ্টৰ দাতা হওঁতা বিশ্ব কল্যাণকাৰী হোৱা

যিসকল অবিচলিত স্থিতিত থাকোঁতা হয় তেওঁলোকৰ ভিতৰত এইটোৱে শুভ ভাৱনা, শুভ কামনা উদয় হয় যে এৱোঁ অবিচলিত হৈ যাওঁক। অবিচলিত স্থিতিত থাকোঁতাসকলৰ বিশেষ গুণ হৈছে - দয়াশীলতা। প্ৰত্যেক আত্মাৰ প্ৰতি সদায় দাতাৰ ভাৱনা থাকিব। তেওঁলোকৰ বিশেষ উপাধিয়েই হৈছে বিশ্ব কল্যাণকাৰী। তেওঁলোকৰ ভিতৰত কোনো আত্মাৰ প্ৰতি ঘৃণাৰ ভাৱ, দ্বেষ ভাৱ, ঈৰ্ষাৰ ভাৱ বা গ্লানিৰ ভাৱ উদয় হ'ব নোৱাৰে। সদায়েই কল্যাণৰ ভাৱ থাকিব।

স্লোগান:
শান্তিৰ শক্তিয়েই আনৰ ক্ৰোধৰ অগ্নি প্ৰশমিত কৰাৰ সাধন।