17-07-2020 প্ৰাতঃমুৰলী ওঁম্ শান্তি! "বাপদাদা" মধুবন।


"মৰমৰ সন্তানসকল – তোমালোকৰ বুদ্ধিত এতিয়া গোটেই জ্ঞানৰ সাৰ আছে, সেইকাৰণে তোমালোকৰ চিত্ৰৰো প্ৰয়োজন নাই, তোমালোকে পিতাক স্মৰণ কৰা আৰু আনকো কৰোৱা”

প্ৰশ্ন:

অন্তিম সময়ত তোমালোক সন্তানসকলৰ বুদ্ধিত কোনটো জ্ঞান থাকিব?

উত্তৰ:

সেই সময়ত বুদ্ধিত এইটোৱে থাকিব যে এতিয়া আমি ঘৰলৈ উভতি যাওঁ। আকৌ তাৰ পৰা চক্ৰত আহিম। লাহে লাহে ছিৰি তললৈ নামিম আকৌ পিতা আহিব আৰোহণ কলাত লৈ যাবলৈ। এতিয়া তোমালোকে জানা যে প্ৰথমতে আমি সূৰ্যবংশী আছিলোঁ তাৰপাচত চন্দ্ৰবংশী হ’লোঁ... ইয়াত চিত্ৰৰ প্ৰয়োজন নাই।

ওঁম্‌ শান্তি। সন্তানসকল আত্মা-অভিমানী হৈ বহিছানে? 84ৰ চক্ৰ বুদ্ধিত আছে অৰ্থাৎ নিজৰ ভেৰাইটি (বিভিন্ন) জন্মৰ জ্ঞান আছে। বিৰাট ৰূপৰ চিত্ৰও আছে নহয় জানো। ইয়াৰ জ্ঞানো সন্তানসকলৰ আছে যে কেনেকৈ আমি 84 জন্ম লওঁ। মূলবতনৰ পৰা প্ৰথমে দেৱী-দেৱতা ধৰ্মত আহোঁ। এইটো জ্ঞান বুদ্ধিত আছে, এই ক্ষেত্ৰত চিত্ৰৰ কোনো প্ৰয়োজন নাই। আমি কোনো চিত্ৰ আদিক স্মৰণ কৰিব নালাগে। অন্তিমত কেৱল এইটোৱে স্মৃতি থাকিব যে আমি আত্মা হওঁ, মূলবতনৰ নিবাসী হওঁ, ইয়াত আমাৰ ভূমিকা আছে। এইটো পাহৰিব নালাগে। এয়া মনুষ্য সৃষ্টিৰ চক্ৰৰে কথা আৰু বহুত চিম্পুল (সৰল) হয়। ইয়াত চিত্ৰৰ একেবাৰে দৰকাৰ নাই কিয়নো এই চিত্ৰ আদি সকলো হৈছে ভক্তি মাৰ্গৰ বস্তু। জ্ঞান মাৰ্গত হৈছে পঢ়া। পঢ়াত চিত্ৰৰ দৰকাৰ নাই। এই চিত্ৰবিলাক কেৱল কাৰেক্ট (শুধৰণি) কৰা হৈছে। যিদৰে তেওঁলোকে কয় যে গীতাৰ ভগৱান শ্ৰীকৃষ্ণ, আমি কওঁ শিৱ। এইটোও বুদ্ধিৰে বুজিবলগীয়া কথা। বুদ্ধিত এইটো ন’লেজ (জ্ঞান) থাকে, আমি 84ৰ চক্ৰ পৰিক্ৰমা কৰিছোঁ। এতিয়া আমি পবিত্ৰ হ’ব লাগে। পবিত্ৰ হৈ পুনৰ নতুনকৈ চক্ৰ পৰিক্ৰমা কৰিম। এইটো হৈছে সাৰ যিটো বুদ্ধিত ৰাখিব লাগে। যিদৰে পিতাৰ বুদ্ধিত আছে ৱৰ্ল্ডৰ হিষ্টি-জিওগ্ৰাফী (বিশ্বৰ বুৰঞ্জী-ভূগোল) বা 84 জন্মৰ চক্ৰ কেনেকৈ ঘূৰে, সেইদৰে তোমালোকৰ বুদ্ধিত আছে প্ৰথমতে আমি সূৰ্যবংশী তাৰপাচত চন্দ্ৰবংশী হওঁ। চিত্ৰৰ দৰকাৰ নাই। কেৱল মনুষ্যক বুজাবৰ বাবে এইবোৰ তৈয়াৰ কৰা হৈছে। জ্ঞান মাৰ্গততো পিতাই কেৱল কয় - মনমনাভৱ। যিদৰে এই চতুৰ্ভুজৰ (বিষ্ণুৰ) চিত্র আছে, ৰাৱণৰ চিত্ৰ আছে, এই সকলোবোৰ বুজাবৰ বাবে দেখুৱাবলগীয়া হয়। তোমালোকৰ বুদ্ধিততো যথাৰ্থ জ্ঞান আছে। তোমালোকে চিত্ৰ অবিহনেও বুজাব পাৰা। তোমালোকৰ বুদ্ধিত 84 ৰ চক্ৰ আছে। চিত্ৰৰ দ্বাৰা কেৱল সহজ কৰি বুজোৱা হয়, এইবিলাকৰ দৰকাৰ নাই। বুদ্ধিত আছে যে প্ৰথমতে আমি সূৰ্যবংশী ৰাজবংশৰ আছিলোঁ তাৰ পাচত চন্দ্ৰবংশী ৰাজবংশৰ হলোঁ। তাত বহুত সুখ আছে, যাক স্বৰ্গ বুলি কোৱা হয়, এয়া চিত্ৰৰ দ্বাৰা বুজোৱা হয়। শেষৰ ফালেতো বুদ্ধিত এইটো জ্ঞান থাকিব। এতিয়া আমি যাওঁ, পুনৰাই চক্ৰ পৰিক্ৰমা কৰিম। ছিৰিৰ চিত্ৰৰ ওপৰত বুজোৱা হয়, যাতে মনুষ্যৰ বাবে সহজ হৈ যায়। তোমালোকৰ বুদ্ধিত এইটোও সম্পূৰ্ণ জ্ঞান আছে যে কেনেকৈ আমি ছিৰি তললৈ নামো। পুনৰ পিতাই আৰোহণ কলাত লৈ যায়। পিতাই কয় - মই তোমালোকক এই চিত্ৰবিলাকৰ সাৰ বুজাওঁ। যিদৰে সৃষ্টি চক্ৰ আছে তাৰ ওপৰত বুজাব পাৰা - এয়া 5 হাজাৰ বছৰৰ চক্ৰ হয়। যদি লাখ লাখ বছৰ হয় তেন্তে সংখ্যা কিমান বাঢ়ি যাব। খ্ৰীষ্টিয়ানসকলৰ 2 হাজাৰ বছৰ দেখুৱায়। এইখিনি সময়ত কিমান মনুষ্য হয়। 5 হাজাৰ বছৰত কিমান মনুষ্য হয়। এই গোটেই হিচাপ তোমালোকে কোৱা। সত্যযুগত পবিত্ৰ হোৱাৰ কাৰণে কম মনুষ্য হয়। এতিয়াতো কিমান অনেক আছে। লাখ লাখ বছৰৰ আয়ুস হ’লে তেতিয়া সংখ্যাও অগণন হৈ যাব। খ্ৰীষ্টিয়ানসকলৰ তুলনাত জনসংখ্যাৰ হিচাপতো উলিয়ায় নহয় জানো। হিন্দুসকলৰ জনসংখ্যা কমকৈ দেখুৱায়। খ্ৰীষ্টিয়ান বহুত হৈ গৈছে। যিসকল ভাল বিচাৰ বুদ্ধি সম্পন্ন সন্তান হয়, চিত্ৰ অবিহনেও বুজাব পাৰে। বিচাৰ কৰা এই সময়ত কিমান অনেক মনুষ্য আছে। নতুন সৃষ্টিত কিমান কম মনুষ্য থাকিব। এতিয়াতো পুৰণি সৃষ্টি, য’ত ইমান মনুষ্য আছে। পুনৰ নতুন সৃষ্টি কেনেকৈ স্থাপন হয়। কোনে স্থাপন কৰে, এয়া পিতাইহে বুজায়। তেৱেঁই জ্ঞানৰ সাগৰ হয়। তোমালোক সন্তানসকলে কেৱল এই 84ৰ চক্ৰহে বুদ্ধিত ৰাখিব লাগে। এতিয়া আমি নৰকৰ পৰা স্বৰ্গলৈ যাওঁ, গতিকে আন্তৰিক আনন্দ থাকিব নহয় জানো। সত্যযুগত দুখৰ কোনো কথা নাথাকে। এনেকুৱা কোনো অপ্ৰাপ্ত বস্তু নাথাকে যাক পাবলৈ পুৰুষাৰ্থ কৰিব লাগিব। ইয়াত পুৰুষাৰ্থ কৰিবলগীয়া হয়। এইটো মেচিন লাগে, এইটো লাগে..... তাততো সকলো সুখ উপলব্ধ হৈ থাকে। যিদৰে কোনোবা মহাৰজা হ’লে তেতিয়া তেওঁৰ ওচৰত সকলো সুখেই উপলব্ধ হৈ থাকে। দৰিদ্ৰৰ ওচৰততো সকলো সুখ উপলব্ধ নহয়। কিন্তু এয়াতো হৈছে কলিযুগ, সেইবাবে বেমাৰ আদি সকলো আছে। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰা নতুন সৃষ্টিত যাবৰ বাবে। স্বৰ্গ-নৰক ইয়াতেই হয়।

এই সূক্ষ্মবতনৰ যি ৰং-ধেমালি আছে, এয়াও সময় অতিবাহিত কৰিবৰ বাবে। যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয় টাইম পাচ (সময় অতিবাহিত) কৰিবৰ বাবে এয়া খেল-ধেমালি। কৰ্মাতীত অৱস্থা আহি যাব, বচ। তোমালোকৰ এইটোৱে স্মৃতি থাকিব যে আমি আত্মাই 84 জন্ম সম্পূৰ্ণ কৰিলোঁ, এতিয়া আমি ঘৰলৈ যাওঁ। পুনৰ আহি সতোপ্ৰধান সৃষ্টিত সতোপ্ৰধান ভূমিকা পালন কৰিম। এই জ্ঞান বুদ্ধিত ধাৰণ কৰা হৈছে, এই ক্ষেত্ৰত চিত্ৰ আদিৰ দৰকাৰ নাই। যিদৰে বেৰিষ্টাৰে কিমান পঢ়ে, বেৰিষ্টাৰ হৈ গ’ল, বচ যি পাঠ পঢ়িলে সেয়া শেষ। প্ৰালব্ধৰ ৰিজাল্ট (ফলাফল) ওলাল। তোমালোকেও পঢ়ি আকৌ ৰাজত্ব কৰিবা। তাত ন’লেজৰ দৰকাৰ নাই। এই চিত্ৰবিলাকতো ৰং-ৰাইট (শুদ্ধ-অশুদ্ধ) কি, এয়া এতিয়া তোমালোকৰ বুদ্ধিত আছে। পিতাই বহি বুজায়, লক্ষ্মী-নাৰায়ণ কোন হয়? এওঁ বিষ্ণু কোন হয়? বিষ্ণুৰ চিত্ৰক লৈ মনুষ্য বিবুদ্ধিত হৈ পৰে। নুবুজাকৈ কৰা পূজাও যেন ফাল্টু (নিৰৰ্থক) হৈ যায়, একোৱেই নুবুজে। যেনেকৈ বিষ্ণুক বুজি নাপায়, লক্ষ্মী-নাৰায়ণকো বুজি নাপায়। ব্ৰহ্মা-বিষ্ণু-শংকৰকো নুবুজে। ব্ৰহ্মাতো ইয়াত আছে, এওঁ পবিত্ৰ হৈ শৰীৰ ত্যাগ কৰি গুচি যাব। এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মে। ইয়াৰ কৰ্মবন্ধন দুখ দিওঁতা হয়। এতিয়া পিতাই কয় - নিজৰ ঘৰলৈ বলা। তাত দুখৰ নাম চিহ্নই নাথাকিব। প্ৰথমতে তোমালোক নিজৰ ঘৰত আছিলা পুনৰ ৰাজধানীত আহিলা, এতিয়া পিতা পুনৰ পবিত্ৰ কৰি তুলিবলৈ আহিছে। এই সময়ত মনুষ্যৰ খোৱা-বোৱা আদি কিমান লেতেৰা। কি কি বস্তু খাই থাকে। তাত দেৱতাসকলে জানো এনেকুৱা লেতেৰা বস্তু খায়। ভক্তি মাৰ্গত চোৱা কেনেকুৱা, মনুষ্যকো বলি দিয়ে। পিতাই কয় - এয়াও ড্ৰামা ৰচি থোৱা আছে। পুৰণি সৃষ্টিৰ পৰা নতুন নিশ্চয় হ’ব। এতিয়া তোমালোকে জানা যে আমি সতোপ্ৰধান হৈ আছোঁ। এইটোতো বুদ্ধিয়ে বুজি পায় নহয় জানো, ইয়াতো চিত্ৰ নহ’লে আৰুহে বেছি ভাল। নহ’লেতো মনুষ্যই বহুত প্ৰশ্ন সোধে। পিতাই 84 জন্মৰ চক্ৰৰ বিষয়ে বুজাইছে। আমি এনেকুৱা সূৰ্যবংশী, চন্দ্ৰবংশী, বৈশ্য বংশী হওঁ, ইমান জন্ম লওঁ। এইটো বুদ্ধিত ৰাখিব লাগে। তোমালোক সন্তানসকলে সূক্ষ্মবতনৰ ৰহস্যও বুজি পোৱা, ধ্যানত সূক্ষ্মবতনলৈ যোৱা, কিন্তু ইয়াত যোগো নাই, জ্ঞানো নাই। এয়া কেৱল এটা নিয়ম। বুজোৱা হয়, কেনেকৈ আত্মাক আহ্বান কৰা হয় আকৌ যেতিয়া আহে তেতিয়া কান্দে, অনুতাপ হয়, মই বাবাৰ কথা নামানিলো। এই সকলোবোৰ হৈছে সন্তানসকলক বুজাবৰ কাৰণে যাতে পুৰুষাৰ্থত লাগি যায়, গাফিলতি নকৰে। সন্তানসকলে সদায় এইটো এটেনশ্বন দিব লাগে যে আমি নিজৰ সময় সফল কৰিব লাগে, ৱেষ্ট (নষ্ট) কৰিব নালাগে তেতিয়া মায়াই গাফিলতি কৰাব নোৱাৰিব। বাবায়ো বুজাই থাকে – সন্তানসকল, টাইম ৱেষ্ট (সময় নষ্ট) নকৰিবা। বহুতক মাৰ্গ-দৰ্শন কৰোৱাৰ পুৰুষাৰ্থ কৰা। মহাদানী হোৱা। পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। যিয়েই আহে তেওঁলোকক এইটো বুজোৱা আৰু 84ৰ চক্ৰৰ বিষয়ে কোৱা। ৱৰ্ল্ডৰ হিষ্ট্ৰী-জিওগ্ৰাফী কেনেকৈ ৰিপিট (পুনৰাবৃত্তি) হয়, সাৰত গোটেই চক্ৰ বুদ্ধিত থাকিব লাগে।

তোমালোক সন্তানসকল আনন্দিত হৈ থকা উচিত যে এতিয়া আমি এই লেতেৰা সৃষ্টিৰ পৰা মুক্তি পাওঁ। মনুষ্যই ভাবে স্বৰ্গ-নৰ্ক ইয়াতেই আছে। যাৰ বহুত ধন আছে তেওঁলোকে ভাবে আমি স্বৰ্গত আছোঁ। ভাল কৰ্ম কৰিছোঁ সেই কাৰণে সুখ পাইছোঁ। এতিয়া তোমালোকে বহুত ভাল কৰ্ম কৰা যে 21 জন্মৰ কাৰণে তোমালোকে সুখ প্ৰাপ্ত কৰা। তেওঁলোকেতো এটা জন্মৰ বাবে ভাবে যে আমি স্বৰ্গত আছোঁ। পিতাই কয় - সেয়া হৈছে অল্পকালৰ সুখ, তোমালোকৰ হৈছে 21 জন্মৰ কাৰণে। যাৰ বাবে পিতাই কয় - সকলোকে মাৰ্গ-দৰ্শন কৰাই গৈ থাকা। পিতাৰ স্মৃতিৰ দ্বাৰাহে নিৰোগী হ’বাগৈ আৰু স্বৰ্গৰ মালিক হৈ যাবা। স্বৰ্গত হৈছে ৰাজত্ব। সেয়াও স্মৰণ কৰা। ৰাজত্ব আছিল, এতিয়া নাই। ভাৰতৰেই কথা। বাকী হৈছে বাইপ্লট (আনুষংগিক দৃশ্য)। অন্তিমত সকলো গুচি যাব আকৌ আমি নতুন সৃষ্টিলৈ আহিম। এতিয়া এয়া বুজাবলৈ জানো চিত্ৰৰ দৰকাৰ হয়। এয়া কেৱল বুজাবৰ বাবে মুলবতন, সূক্ষ্মবতন দেখুওৱা হয়। বুজোৱা হয় যে বাকী এয়াতো ভক্তি মাৰ্গৰ লোকসকলে চিত্ৰ আদি তৈয়াৰ কৰিছে। গতিকে আমিও পুনৰ কাৰেক্ট (শুধৰণি) কৰি তৈয়াৰ কৰিবলগীয়া হয়। নহ’লেতো ক’ব আপোনালোকতো নাস্তিক হোৱা সেই কাৰণে কাৰেক্ট কৰি তৈয়াৰ কৰিছোঁ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ… বাস্তৱত এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। কোনোবাই জানো কিবা কৰে। বৈজ্ঞানিকসকলেও নিজৰ বুদ্ধিৰে এই সকলোবোৰ প্ৰস্তুত কৰে। কোনোবাই যিমানেই নকওঁক যে বোমা তৈয়াৰ নকৰিবা কিন্তু যাৰ ওচৰত অধিক আছে তেওঁলোকে সাগৰত পেলাই দিলে তেতিয়া অন্য কোনেও তৈয়াৰ নকৰিব। তেওঁলোকে ৰাখিছে গতিকে নিশ্চয় আৰু তৈয়াৰ কৰিব। এতিয়া তোমালোক সন্তানসকলে জানা যে সৃষ্টিৰ বিনাশতো নিশ্চয় হ’ব। যুদ্ধও নিশ্চয় লাগিব। বিনাশ হ’ব, পুনৰ তোমালোকে নিজৰ ৰাজ্য লোৱা। এতিয়া পিতাই কয় – সন্তানসকল, সকলোৰে কল্যাণকাৰী হোৱা।

সন্তানসকলক নিজৰ উচ্চ ভাগ্য গঢ়িবলৈ পিতাই শ্ৰীমত দিয়ে - মৰমৰ সন্তানসকল, নিজৰ সকলো প্ৰভুৰ নামত সফল কৰি লোৱা। কাৰোবাৰ ধুলিত মিলি যাব, কাৰোবাৰ ৰজাই লৈ যাব…। প্ৰভুৱে (পিতাই) নিজেই কয় - সন্তানসকল, ইয়াত খৰচ কৰা, এই আত্মিক হস্পিতাল (চিকিৎসালয়), ইউনিভাৰচিটি (বিশ্ব বিদ্যালয়) খোলা তেতিয়া অনেকৰ কল্যাণ হৈ যাব। প্ৰভুৰ নামত তোমালোকে খৰচ কৰা যাৰ ফল আকৌ 21 জন্মৰ কাৰণে তোমালোকে ৰিটাৰ্ন (ঘূৰাই) পোৱা। এই সৃষ্টিখনেই নাশ হৈ যাব সেই কাৰণে প্ৰভুৰ নামত যিমান পাৰা সফল কৰা। প্ৰভু শিৱবাবা নহয় জানো। ভক্তি মাৰ্গতো প্ৰভুৰ নামত কৰিছিলা। এতিয়াতো হৈছে ডায়ৰেক্ট (পোনপটীয়া)। প্ৰভুৰ নামত ডাঙৰ ডাঙৰ ইউনিভাৰচিটি খুলি গৈ থাকা তেতিয়া বহুতৰে কল্যাণ হৈ যাব। 21 জন্মৰ কাৰণে ৰাজ্য-ভাগ্য পাই যাবা। নহ’লেতো এই ধন-সম্পত্তি আদি সকলোবোৰ নাশ হৈ যাব। ভক্তি মাৰ্গত নাশ নহয়। এতিয়াতো নাশ হ’ব। তোমালোকে খৰচ কৰা, আকৌ তোমালোকেই ৰিটাৰ্ন পাবা। প্ৰভুৰ নামত সকলোৰে কল্যাণ কৰা তেতিয়া 21 জন্মৰ উত্তৰাধিকাৰ পাবা। কিমান ভালকৈ বুজায় আকৌ যাৰ ভাগ্যত আছে তেওঁলোকে খৰচ কৰি থাকে। নিজৰ ঘৰ-সংসাৰৰো তত্ত্বাৱধান ল’ব লাগে। এওঁৰ (ব্ৰহ্মা বাবাৰ) ভূমিকাই এনেকুৱা আছিল। একদম জোৰেৰে নিচা লাগি গ’ল। বাবাই (শিৱবাবাই) বাদশ্বাহী (সাম্ৰাজ্য) দিয়ে তেন্তে এই গাদী কি কৰিম। তোমালোক সকলোৱে বাদশ্বাহী ল’বৰ বাবে বহি আছা গতিকে ফল’ (অনুসৰণ) কৰা। এইটো জানা যে এওঁ কেনেকৈ সকলোবোৰ এৰি দিলে। নিচা বাঢ়ি গ'ল, অহো! ৰাজ্য-ভাগ্য পোৱা যায়, প্ৰথম জনাই (ব্ৰহ্মাই) আল্লাক (পৰমপিতাক) পালে আৰু তেওঁ অংশীদাৰসকলক গোটেই ব্যৱসায় গটাই দিলে [ব্ৰহ্মাবাবাৰ মহাবিনাশৰ সাক্ষাৎকাৰ হোৱাৰ পাচত বিনাশী ধন-সম্পত্তিৰ প্ৰতি বৈৰাগ্য জন্মিছিল তেতিয়া তেওঁ সমস্ত ব্যৱসায় অংশীদাৰসকলৰ মাজত ভগাই দিছিল]। ডাঙৰ ব্যৱসায় আছিল, সেয়া কোনো কম নাছিল। ভাল ফাৰ্টাইল (সাৰুৱা, সমৃদ্ধিশালী) ব্যৱসায় আছিল। এতিয়া তোমালোকে এয়া ৰাজ্য-ভাগ্য পাই আছা, সেয়েহে বহুতৰে কল্যাণ কৰা। প্ৰথমে ভাটি তৈয়াৰ হ'ল তাৰপাচত কোনোবা পৰিপক্ক হৈ ওলাল, কোনোবা অপৰিপক্ক হৈয়ে থাকি গ'ল। গভাৰ্ণমেন্টে নোট (টকা) তৈয়াৰ কৰে আকৌ যদি ভাল নহয় তেন্তে গভাৰ্ণমেন্টে জ্বলাই দিবলগীয়া হয়। আগতেতো ৰূপৰ মুদ্ৰা প্ৰচলিত হৈছিল। সোণ আৰু ৰূপ বহুত আছিল। এতিয়াতো কি হৈ আছে। কাৰোবাৰ ৰজাই লৈ যায়, কাৰোবাৰ ডকাইতে লৈ যায়, ডকাইতিও চোৱা কিমান হয়। ফেমিনো (দুৰ্ভিক্ষও) হ’ব। এইখন হয়েই ৰাৱণৰ ৰাজ্য। ৰাম ৰাজ্য সত্যযুগক কোৱা হয়। পিতাই কয় - তোমালোকক ইমান উচ্চ কৰি তুলিলোঁ আকৌ কঙাল কেনেকৈ হ’লা! এতিয়া তোমালোক সন্তানসকলে ইমান ন’লেজ পাইছা গতিকে আনন্দিত হোৱা উচিত। দিনে-প্ৰতিদিনে আনন্দ বাঢ়ি যাব। যিমানে যাত্ৰাৰ সমীপত আহিবা সিমানে আনন্দিত হ’বা। তোমালোকে জানা শান্তিধাম-সুখধাম সন্মুখত আছে। বৈকুণ্ঠৰ বৃক্ষ দেখিবলৈ পোৱা গৈছে। বচ, এতিয়া গৈ পালোৱেই। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) নিজৰ সময় সফল কৰাৰ প্ৰতি এটেনশ্বন (ধ্যান) দিব লাগে। মায়াই যাতে গাফিলতি কৰাব নোৱাৰে তাৰ বাবে মহাদানী হৈ বহুতকে মাৰ্গ-দৰ্শন কৰোৱাত বিজী (ব্যস্ত) হৈ থাকিব লাগে।

(2) নিজৰ উচ্চ ভাগ্য গঢ়িবলৈ প্ৰভুৰ নামত সকলো সফল কৰিব লাগে। আত্মিক ইউনিভাৰচিটি (বিশ্ব বিদ্যালয়) খুলিব লাগে।

বৰদান:

কঠোৰ নিয়ম আৰু দৃঢ় সংকল্পৰ দ্বাৰা অমনোযোগীতাক সমাপ্ত কৰোঁতা ব্ৰহ্মা পিতাৰ সমান অথক হোৱা

ব্ৰহ্মা পিতাৰ সমান অথক হ’বলৈ অমনোযোগীতাক সমাপ্ত কৰা। তাৰ বাবে কোনো কঠোৰ নিয়ম বনোৱা। দৃঢ় সংকল্প কৰা, এটেনশ্বন ৰূপী চকীদাৰ যাতে সদায় এলাৰ্ট (সজাগ) হৈ থাকে তেতিয়া অমনোযোগীতা সমাপ্ত হৈ যাব। প্ৰথমে নিজৰ প্ৰতি পৰিশ্ৰম কৰা তাৰপাচত সেৱাত, তেতিয়া ধৰণী পৰিৱৰ্তন হ’ব। এতিয়া মাত্ৰ "কৰি ল’ম, হৈ যাব" এই আৰামৰ সংকল্পৰ ডানলপ ত্যাগ কৰা। কৰিবই লাগিব, এইটো শ্লোগানৰ স্মৃতি মস্তকত থাকিলে পৰিৱৰ্তন হৈ যাব।

শ্লোগান:

সমৰ্থ বাণীৰ চিন হ’ল - যি বাণীত আত্মিক ভাৱ আৰু শুভ ভাৱনা থাকে।

!! ওঁম্ শান্তি !!