17.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক এই পুৰুষোত্তম সংগমযুগতেই উত্তমতকৈও উত্তম পুৰুষ হব লাগে, সকলোতকৈ উত্তম পুৰুষ হল এই লক্ষ্মী-নাৰায়ণ

প্ৰশ্ন:
তোমালোক সন্তানসকলে পিতাৰ সৈতে কোনটো এটা গুপ্ত কাৰ্য কৰি আছা?

উত্তৰ:
আদি সনাতন দেৱী-দেৱতা ধৰ্ম আৰু দৈৱী ৰাজধানীৰ স্থাপনা - তোমালোকে পিতাৰ সৈতে গুপ্ত ৰূপত এইটো কাৰ্য কৰি আছা। পিতা বাগিচাৰ গৰাকী হয় যিয়ে আহি কাঁইটৰ জংঘলক ফুলৰ বাগিচা কৰি গঢ়ি আছে। সেই বাগিচাত কোনো ভয়ানক দুখ দিয়া বস্তু নাথাকে।

গীত:
আখিৰ ৱহ দিন আয়া আজ.. (অৱশেষত সেই দিনটি আজি আহিল)

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। বুজাবতো নিশ্চয় শৰীৰৰ দ্বাৰা। আত্মাই শৰীৰ অবিহনে কোনো কাৰ্য কৰিব নোৱাৰে। আত্মিক পিতায়ো এবাৰেই পুৰুষোত্তম সংগমযুগত শৰীৰ লবলগীয়া হয়। এয়া সংগমযুগো হয়, ইয়াক পুৰুষোত্তম যুগ বুলিও কোৱা হব কিয়নো এই সংগমযুগৰ পাচত আকৌ সত্যযুগ আহে। সত্যযুগকো পুৰুষোত্তম যুগ বুলি কব। পিতা আহি স্থাপনাও পুৰুষোত্তম যুগৰে কৰে। সংগমযুগত আহে গতিকে নিশ্চয় সেয়াও পুৰুষোত্তম যুগ হল। ইয়াতেই সন্তানসকলক পুৰুষোত্তম কৰি গঢ়ি তোলে। পাচত তোমালোক পুৰুষোত্তম নতুন সৃষ্টিত নিবাস কৰা। পুৰুষোত্তম অৰ্থাৎ উত্তমতকৈও উত্তম পুৰুষ এই ৰাধা-কৃষ্ণ অথবা লক্ষ্মী-নাৰায়ণ। এই জ্ঞানো তোমালোকৰ আছে। অন্য ধৰ্মাৱলম্বীসকলেও মানিব যথাযথ এওঁলোক স্বৰ্গৰ মালিক হয়। ভাৰতৰ বহুত শ্ৰেষ্ঠ মহিমা আছে। কিন্তু ভাৰতবাসীয়ে নিজে নাজানে। কয়ো নহয়- অমুক স্বৰ্গবাসী হল কিন্তু স্বৰ্গ কি বস্তু, এইটো বুজি নাপায়। নিজেই সিদ্ধ কৰে স্বৰ্গলৈ গল, ইয়াৰ অৰ্থ নৰকত আছিল। স্বৰ্গলৈতো যেতিয়া পিতাই স্থাপন কৰিব তেতিয়াহে যাব। স্বৰ্গতো নতুন সৃষ্টিকে কোৱা হয়। দুটা বস্তু আছে নহয়- স্বৰ্গ আৰু নৰক। মনুষ্যইতো স্বৰ্গক লাখ লাখ বছৰ বুলি কৈ দিয়ে। তোমালোক সন্তানসকলে বুজি পোৱা কালি স্বৰ্গ আছিল, এওঁলোকৰ ৰাজত্ব আছিল আকৌ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা।

পিতাই কয়- মৰমৰ সন্তানসকল, তোমালোক আত্মা পতিত সেইকাৰণে নৰকতহে আছা। কয়ো এতিয়া কলিযুগৰ 40 হাজাৰ বছৰ বাকী আছে, তেন্তে নিশ্চয় কলিযুগবাসী বুলি কব নহয় জানো। পুৰণি সৃষ্টিতো আছে নহয়। মনুষ্য বেচেৰা ঘোৰ অন্ধকাৰত আছে। অন্তিমত যেতিয়া জুই লাগিব তেতিয়া এই সকলোবোৰ শেষ হৈ যাব। তোমালোকৰ প্ৰীত বুদ্ধি, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। যিমান প্ৰীত বুদ্ধি হব সিমান উচ্চ পদ পাব। ৰাতিপুৱা উঠি বহুত মৰমেৰে পিতাক স্মৰণ কৰিব লাগে। লাগিলে প্ৰেমৰ চকুপানীও ওলাওক কিয়নো বহুত সময়ৰ পাচত পিতা আহি মিলিত হৈছে। বাবা আপুনি আহি আমাক দুখৰ পৰা উদ্ধাৰ কৰে। আমি বিষয় সাগৰত ডুবি কিমান দুখী হৈ আহিছোঁ। এতিয়া এইখন হল ৰৌৰৱ নৰক। এতিয়া তোমালোকক বাবাই গোটেই চক্ৰৰ ৰহস্য বুজাইছে। মূলবতন কি - তাকো আহি কৈছে। আগতে তোমালোকে নাজানিছিলা, ইয়াক কোৱাই হয় কাঁইটৰ জংঘল। স্বৰ্গক কোৱা হয় আল্লাহৰ বাগিচা (গাৰ্ডেন অফ্‌ আল্লাহ), ফুলৰ বাগিচা। পিতাক বাগিচাৰ গৰাকী বুলিও কয় নহয়। তোমালোকক ফুলৰ পৰা আকৌ কাঁইট কোনে কৰি তোলে? ৰাৱণে। তোমালোক সন্তানসকলে বুজি পোৱা ভাৰত ফুলৰ বাগিচা আছিল, এতিয়া জংঘল। জংঘলত জন্তু, বৃশ্চিক আদি থাকে। সত্যযুগত কোনো ভয়ানক জন্তু আদি নাথাকে। শাস্ত্ৰততো বহুত কথা লিখি দিছে। কৃষ্ণক সাপে খুটিলে, এয়া হল। কৃষ্ণক আকৌ দ্বাপৰত লৈ গল। পিতাই বুজাইছে ভক্তি একেবাৰে বেলেগ বস্তু, জ্ঞান সাগৰ এজনেই পিতা। এনেকুৱা নহয় যে ব্ৰহ্মা-বিষ্ণু-শঙ্কৰ জ্ঞানৰ সাগৰ হয়। নহয় পতিত-পাৱন এজন জ্ঞান সাগৰকে কোৱা হব। জ্ঞানেৰেহে মনুষ্যৰ সৎগতি হয়। সৎগতিৰ স্থান দুখন - মুক্তিধাম আৰু জীৱনমুক্তিধাম। এতিয়া তোমালোক সন্তানসকলে জানা এয়া ৰাজধানী স্থাপন হৈ আছে, কিন্তু গুপ্ত। পিতাহে আহি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰে, তেতিয়া সকলো নিজৰ নিজৰ মনুষ্যৰ চোলাত আহে। পিতাৰ নিজৰ চোলাতো নাই, সেইকাৰণে এওঁক নিৰাকাৰ ঈশ্বৰ পিতা (গড্‌ ফাদাৰ) বুলি কোৱা হয়। বাকী সকলো হল সাকাৰী। এওঁক কোৱা হয় নিৰাকাৰ (ইনকৰপৰিয়েল) আত্মাসকলৰ নিৰাকাৰ ঈশ্বৰ পিতা (ইনকৰপৰিয়েল গড ফাদাৰ)। তোমালোক আত্মাসকলো তাত থাকা। পিতাও তাত থাকে। কিন্তু হয় গুপ্ত। পিতাহে আহি আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। মূলবতনত কোনো দুখ নাই। পিতাই কয় - তোমালোকৰ কল্যাণ এটা কথাতেই আছে - পিতাক স্মৰণ কৰা, মন্‌মনাভৱ। বচ, পিতাৰ সন্তান হল, সন্তানে উত্তৰাধিকাৰ পোৱাতো নিশ্চিত। অল্ফ্‌ক (পিতাক) স্মৰণ কৰিলে তেন্তে উত্তৰাধিকাৰ নিশ্চিত - সত্যযুগী নতুন সৃষ্টিৰ। এই পতিত সৃষ্টিৰ বিনাশো নিশ্চয় হবই। অমৰপুৰীলৈ যাবই লাগিব। অমৰনাথে তোমালোক পাৰ্ৱতীসকলক অমৰকথা শুনাই আছে। তীৰ্থলৈ কিমান মনুষ্য যায়, অমৰনাথলৈ কিমান যায়। তাত একোৱেই নাই। সকলো হল ঠগ। সঁচাৰ ৰতি মাত্ৰও নাই। গোৱাও হয় মিছা কায়া মিছা মায়া ইয়াৰো অৰ্থ থকা উচিত। ইয়াত কেৱল মিছাই আছে। এয়াও জ্ঞানৰ কথা। এনেকুৱা নহয় যে গিলাচক গিলাচ বুলি কোৱাতো মিছা। বাকী পিতাৰ বিষয়ে যিবিলাক কয় সেয়া মিছা কয়। সঁচা কওঁতা এজনেই পিতা। এতিয়া তোমালোকে জানা যে বাবা আহি সঁচা সত্য নাৰায়ণৰ কথা শুনায়। নকল হীৰা-মুকুতাও থাকে নহয়। আজিকালি নকলৰ বহুত প্ৰদৰ্শন হয়। তাৰ শোভা এনেকুৱা যে আচলতকৈও ভাল। এই নকল পাথৰ আগতে নাছিল। পাচলৈ বিলাতৰ পৰা আহিছে। আচল-নকল একেলগে মিলাই দিয়ে, ধৰিবই নোৱাৰি। আকৌ এনেকুৱা বস্তুও ওলাল যাৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। মুকুতাও এনেকুৱা নকল ওলাল যে একেবাৰে ধৰিবই নোৱাৰি। এতিয়া তোমালোক সন্তানসকলৰ কোনো সংশয় নাথাকে। সংশয় থকাসকল আকৌ নাহেই। প্ৰদৰ্শনীত কিমান অনেক আহে। পিতাই কয় - এতিয়া ডাঙৰ ডাঙৰ দোকান খোলা, এই এখনেই তোমালোকৰ সঁচা দোকান। তোমালোকে সঁচা দোকান খোলা। ডাঙৰ ডাঙৰ সন্ন্যাসীসকলৰ ডাঙৰ ডাঙৰ দোকান থাকে, যলৈ ডাঙৰ ডাঙৰ মনুষ্য যায়। তোমালোকেও ডাঙৰ ডাঙৰ চেণ্টাৰ খোলা। ভক্তিমাৰ্গৰ সামগ্ৰী একেবাৰে বেলেগ। এনেকৈ নকয় যে ভক্তি আৰম্ভণিৰ পৰাই চলি আহিছে। নহয়। জ্ঞানৰ দ্বাৰা হয় সৎগতি অৰ্থাৎ দিন। তাত সম্পূৰ্ণ নিৰ্বিকাৰী বিশ্বৰ মালিক আছিল। মনুষ্যই এইটোও নাজানে যে এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল। সূৰ্যবংশী আৰু চন্দ্ৰবংশী, আৰু কোনো ধৰ্ম নাথাকে। সন্তানসকলে গীতটিও শুনিলা। তোমালোকে বুজি পোৱা অৱশেষত সেই দিনটি আজি আহিল সংগমৰ, যেতিয়া আমি আহি নিজৰ বেহদৰ পিতাৰ সৈতে মিলিত হলো। বেহদৰ উত্তৰাধিকাৰ পাবলৈ পুৰুষাৰ্থ কৰোঁ। সত্যযুগততো এনেকৈ নকব- অৱশেষত সেই দিনটি আজি আহিল। সেই লোকসকলে ভাবে - বহুত শস্য উৎপাদন হব, এনেকুৱা হব। ভাবে স্বৰ্গৰ স্থাপনা আমি কৰোঁ। ভাবে বিদ্যাৰ্থীসকলৰ নতুন তেজ, এওঁলোকে বহুত সহায় কৰিব সেইকাৰণে চৰকাৰে তেওঁলোকৰ কাৰণে বহুত মেহনত কৰে। আকৌ পাচত পাথৰ আদিও তেওঁলোকেই মাৰে। হুলস্হূলৰ সৃষ্টি কৰাত বিদ্যাৰ্থীসকল আগত থাকে। তেওঁলোক বৰ হুচিয়াৰ হয়। তেওঁলোকক নতুন তেজ (নিউ ব্লাড) বুলি কয়। এতিয়া নতুন তেজৰতো কথা নাই। তেওঁলোকৰ হল তেজৰ সম্পৰ্ক, এতিয়া তোমালোকৰ হল এয়া আত্মিক সম্পৰ্ক। এনেকৈ কয় নহয় যে বাবা মই আপোনাৰ দুমহীয়া সন্তান। বহুত সন্তানে আত্মিক জন্মদিন পালন কৰে। ঈশ্বৰীয় জন্মদিনহে পালন কৰিব লাগে। সেই পাৰ্থিৱ জন্মদিন নাকচ কৰি দিব লাগে। আমি ব্ৰাহ্মণসকলকহে হে খুৱাম। এইটোহে পালন কৰিব লাগে। সেয়া হল আসুৰি জন্ম, এয়া ঈশ্বৰীয় জন্ম। ৰাতি-দিনৰ পাৰ্থক্য আছে, কিন্তু যেতিয়া নিশ্চয় হয় তেতিয়াহে। এনেকুৱা নহয় যে ঈশ্বৰীয় জন্মদিন পালন কৰি আকৌ গৈ আসুৰি জন্ম ধৰিবাগৈ। এনেকুৱাও হয়। ঈশ্বৰীয় জন্ম পালন কৰি কৰি আকৌ নাইকিয়া হৈ যায়। আজিকালিতো বিবাহ বাৰ্ষিকিও পালন কৰে, বিয়াক যেন ভাল শুভ কাৰ্য বুলি ভাবে। জহন্নামে যোৱাৰ দিনো পালন কৰে। আচৰিত নহয়নে। পিতাই বহি এই সকলোবোৰ কথা বুজায়। এতিয়া তোমালোকেতো ঈশ্বৰীয় জন্মদিন ব্ৰাহ্মণসকলৰ সৈতেহে পালন কৰিব লাগে। আমি শিৱবাবাৰ সন্তান, আমি জন্মদিন পালন কৰিলে তেতিয়া শিৱবাবাহে স্মৃতিত থাকিব। যিসকল সন্তান নিশ্চয় বুদ্ধিৰ তেওঁলোকে জন্মদিন পালন কৰিব লাগে। সেই আসুৰি জন্মৰ কথাই যাতে পাহৰি যায়। এয়াও বাবাই ৰায় দিয়ে। যদি দৃঢ় নিশ্চয় বুদ্ধিৰ হয় তেতিয়াহে। বচ, মইতো বাবাৰ হৈ গলোঁ, অন্য কোনো নাই তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। পিতাৰ স্মৃতিত মৰিলে পৰৱৰ্তী জন্মও এনেকুৱাই পাব। নহলেতো অন্ত কালত যিয়ে স্ত্ৰীক স্মৰণ কৰে.. এয়াও গ্ৰন্থত আছে। ইয়াত আকৌ কয় অন্তিম সময়ত গঙ্গাৰ পাৰত হওক। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ কথা। তোমালোকক পিতাই কয় শৰীৰ এৰাৰ সময়তো স্বদৰ্শন চক্ৰধাৰী হৈ থাকিব লাগে। বুদ্ধিত পিতা আৰু চক্ৰৰ স্মৃতি থাকিব লাগে। সেয়াও যেতিয়া পুৰুষাৰ্থ কৰি থাকিব তেতিয়াহে অন্তকালত স্মৃতিত আহিব। নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা কিয়নো তোমালোক সন্তানসকল এতিয়া অশৰীৰী হৈ উভতি যাব লাগে। ইয়াত ভূমিকা পালন কৰি কৰি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গলা। এতিয়া আকৌ সতোপ্ৰধান হব লাগে। এই সময়ত আত্মাই অপবিত্ৰ তেন্তে আকৌ পবিত্ৰ শৰীৰ কেনেকৈ পাব পাৰে? বাবাই বহুত দৃষ্টান্ত বুজাইছে তথাপিও সোণাৰী নহয় জানো। খাদ (অশুদ্ধি) অলংকাৰত নহয়, সোণত পৰে। 24 কেৰেটৰ পৰা 22 কেৰেট বনাবলৈ হলে তেতিয়া ৰূপ মিহলাব। এতিয়াতো সোণ নায়েই। সকলোৰে পৰা লৈ থাকে। আজিকালিৰ নোট চোৱা কেনেকৈ বনায়। কাগজো নহয়। সন্তানসকলে বুজি পায় কল্পই কল্পই এনেকুৱা হৈ আহিছে। পূৰা হিচাপ ৰাখে। দেৰাজ (লকাৰ্চ) আদি খোলে। যেনেকৈ কাৰোবাৰ তালাচী আদি লোৱা হয় নহয়। গায়নো আছে- কাৰোবাৰ ধূলিত মিলি যাব. জুইও জোৰেৰে লাগিব। তোমালোক সন্তানসকলে জানা এই সকলোবোৰ হব সেইকাৰণে টালি-টোপোলা তোমালোকে ভৱিষ্যতৰ কাৰণে তৈয়াৰ কৰি আছা। আৰু কোনেও গম নাপায়, তোমালোকেহে উত্তৰাধিকাৰ পোৱা 21 জন্মৰ কাৰণে। তোমালোকৰ পইচাৰেই ভাৰতক স্বৰ্গ কৰি গঢ়ি আছে, যত আকৌ তোমালোকেই নিবাস কৰিবা।

তোমালোক সন্তানসকলে নিজৰেই পুৰুষাৰ্থৰে নিজেই ৰাজতিলক লোৱা। গৰিবৰ কল্যাণ কৰোঁতা বাবা স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছে কিন্তু হবতো নিজৰ পঢ়াৰ দ্বাৰা। কৃপা বা আশীৰ্বাদেৰে নহয়। শিক্ষকৰতো পঢ়োৱাতো ধৰ্ম। কৃপাৰ কথা নাই। শিক্ষকে চৰকাৰৰ পৰা দৰমহা পায়। গতিকে নিশ্চয় পঢ়াব। ইমান ডাঙৰ পুৰস্কাৰ পোৱা। পদমাপদমপতি হোৱা। কৃষ্ণৰ চৰণত পদুমৰ চিহ্ন দিয়ে। তোমালোক ইয়ালৈ আহিছা ভৱিষ্যতে পদমপতি হবলৈ। তোমালোক বহুত সুখী, চহকী, অমৰ হোৱা। কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। এই কথাবোৰ মনুষ্যই বুজিব নোৱাৰে। তোমালোকৰ আয়ুস পূৰা হৈ যায়, অমৰ হৈ যোৱা। এওঁলোকে আকৌ পাণ্ডৱৰ চিত্ৰ ওখ-পাখকৈ তৈয়াৰ কৰি দিছে। এনেকৈ ভাবে যে পাণ্ডৱ ইমান ওখ আছিল। এতিয়া পাণ্ডৱতো তোমালোক হোৱা। কিমান ৰাতি-দিনৰ পাৰ্থক্য। মনুষ্যতো ইমান বেছি ওখ নহয়। 6 ফুটেই হয়। ভক্তি মাৰ্গত পোন প্ৰথমে শিৱবাবাৰ ভক্তি হয়। শিৱকতো ডাঙৰকৈ নাসাজে। প্ৰথমে শিৱবাবাৰ অব্যভিচাৰী ভক্তি চলে। পাচত দেৱতাসকলৰ মূৰ্তি তৈয়াৰ কৰে। তেওঁলোকৰ আকৌ ডাঙৰ ডাঙৰ চিত্ৰ তৈয়াৰ কৰে। আকৌ পাণ্ডৱসকলৰ ডাঙৰ ডাঙৰ চিত্ৰ তৈয়াৰ কৰে। এই সকলোবোৰ পূজাৰ কাৰণে চিত্ৰ তৈয়াৰ কৰে। লক্ষ্মীৰ পূজা 12 মাহত এবাৰ কৰে। জগত অম্বাৰ পূজা নিতৌ কৰি থাকে। এইটোও বাবাই বুজাইছে তোমালোকৰ দ্বৈত (ডবল) পূজা হয়। মোৰতো মাত্ৰ আত্মা অৰ্থাৎ লিঙ্গৰহে পূজা হয়। তোমালোকৰ শালগ্ৰামৰ ৰূপতো পূজা হয় আৰু দেৱতাৰ ৰূপতো পূজা হয়। ৰুদ্ৰ যজ্ঞ ৰচিলে তেতিয়া কিমান শালগ্ৰাম সাজে তেন্তে ডাঙৰ কোন হল? সেইবাবে বাবাই সন্তানসকলক নমস্কাৰ কৰে। কিমান উচ্চ পদ প্ৰাপ্ত কৰায়।

বাবাই কিমান গূঢ় গূঢ় কথা শুনায়, তেন্তে সন্তানসকল কিমান আনন্দিত হব লাগে। আমাক ভগৱানে পঢ়ায় ভগৱান-ভগৱতী কৰি তুলিবৰ কাৰণে। কিমান কৃতজ্ঞ হব লাগে। পিতাৰ স্মৃতিত থাকিলে সপোনো ভাল দেখিবা। সাক্ষাৎকাৰো হব। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ ঈশ্বৰীয় আত্মিক জন্মদিন পালন কৰিব লাগে, আত্মিক সম্পৰ্ক ৰাখিব লাগে, তেজৰ সম্পৰ্ক নহয়। আসুৰিক পাৰ্থিৱ জন্মদিনো নাকচ। সেয়া যাতে স্মৃতিতো নাহে।

(2) নিজৰ টালি-টোপোলা ভৱিষ্যতৰ কাৰণে তৈয়াৰ কৰিব লাগে। নিজৰ পইচা ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ সেৱাত সফল কৰিব লাগে। নিজৰ পুৰুষাৰ্থৰে নিজক ৰাজতিলক দিব লাগে।

বৰদান:
স্মৃতিৰ শ্বুইট্চ অন কৰি চেকেণ্ডত অশৰীৰী স্থিতিৰ অনুভৱ কৰোঁতা প্ৰীত বুদ্ধিৰ হোৱা

যত প্ৰভূ প্ৰীত আছে তত অশৰীৰী হোৱাতো এক চেকেণ্ডৰ খেলৰ সমান। যেনেকৈ শ্বুইট্‌চ অন কৰিলেই অন্ধকাৰ সমাপ্ত হৈ যায় তেনেকৈ প্ৰীত বুদ্ধিৰ হৈ স্মৃতিৰ শ্বুইট্‌চ অন কৰা তেতিয়া দেহ আৰু দেহৰ জগতৰ স্মৃতিৰ শ্বুইট্‌চ অফ্‌ হৈ যাব। এইটো চেকেণ্ডৰ খেল। মুখেৰে বাবা বুলি কবলৈও সময় লাগে কিন্তু স্মৃতিত আনিবলৈ সময় নালাগে। এই বাবা শব্দই পুৰণি সৃষ্টিক পাহৰাৰ আত্মিক বোমা হয়।

স্লোগান:
দেহ ভাৱৰ মাটিৰ বোজাৰ পৰা উপৰাম হৈ থাকা তেতিয়া ডবল লাইট ফৰিস্তা হৈ যাবা।