17.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে এজন এজনক পৰিস্তানী কৰি তুলিব লাগে, তোমালোক হ'লা সকলোৰে কল্যাণ কৰোঁতা, তোমালোকৰ কৰ্তব্য হৈছে গৰিবক চহকী কৰি তোলা
 

প্ৰশ্ন:
পিতাৰ কোনটো নাম যদিও সাধাৰণ কিন্তু কৰ্তব্য বহুত মহান হয়?

উত্তৰ:
পিতাক কোৱা হয় বাগিচাৰ মালিক-নাৱৰীয়া। এই নাম কিমান সাধাৰণ কিন্তু ডুবি যোৱাজনক পাৰলৈ লৈ যাওঁতা, এয়া কিমান মহান কৰ্তব্য। যিদৰে সাঁতোৰা ব্যক্তিয়ে ইজনে সিজনৰ হাতত ধৰি পাৰলৈ লৈ যায়, সেইদৰে পিতাৰ হাতত ধৰিলে তোমালোক স্বৰ্গবাসী হৈ যোৱা। এতিয়া তোমালোকো মাষ্টৰ নাৱৰীয়া হোৱা। তোমালোকে প্ৰত্যেকৰে নাওঁ পাৰলৈ লৈ যোৱাৰ ৰাস্তা দেখুওৱা।

ওঁম্শান্তি।
স্মৃতিততো সন্তানসকল বহিয়ে আছে। নিজকে আত্মা বুলি বুজিব লাগে, দেহো আছে। এনেকুৱা নহয় যে শৰীৰ অবিহনে বহি আছা। কিন্তু পিতাই কয় - দেহ-অভিমান এৰি দেহী-অভিমানী হৈ বহা। দেহী-অভিমান হৈছে শুদ্ধ, দেহ-অভিমান হৈছে অশুদ্ধ। তোমালোকে জানা দেহী-অভিমানী হোৱা বাবে আমি শুদ্ধ পবিত্ৰ হৈ আছোঁ। দেহ-অভিমানী হোৱা বাবে অশুদ্ধ, অপবিত্ৰ হৈ গৈছিলোঁ। আহ্বানো কৰে হে পতিত-পাৱন আহা। পাৱন সৃষ্টি আছিল। এতিয়া পতিত পুনৰ পাৱন সৃষ্টি নিশ্চয় হব। সৃষ্টিৰ চক্ৰ ঘূৰিব। যিয়ে এই সৃষ্টিৰ চক্ৰক জানে তেওঁক স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা হয়। তোমালোক প্ৰত্যেকে স্বদৰ্শন চক্ৰধাৰী হোৱা। স্ব আত্মাই সৃষ্টি চক্ৰৰ জ্ঞান পাইছে। জ্ঞান কোনে দিলে? নিশ্চয় তেৱোঁ স্বদৰ্শন চক্ৰধাৰী হব। পিতাৰ বাহিৰে আন কোনো মনুষ্যই শিকাব নোৱাৰে। পিতা পৰম আত্মায়ে সন্তানসকলক শিকায়। তেওঁ কয় সন্তানসকল, তোমালোক দেহী-অভিমানী হোৱা। সত্যযুগত এই জ্ঞান অথবা শিক্ষা দিয়াৰ প্ৰয়োজন নাথাকিব। তাত ভক্তিও নাই। জ্ঞানৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা যায়। পিতাই শ্রীমত দিয়ে এনেকৈ তোমালোক শ্রেষ্ঠ হবা। তোমালোকে জানা যে আমি কবৰস্থানী আছিলোঁ, এতিয়া পিতাই শ্ৰেষ্ঠ পৰিস্তানী কৰি তোলে। এই পুৰণি সৃষ্টি কবৰত সমাধিস্থ হব। মৃত্যুলোকক কবৰস্থান বুলিয়ে কব। পৰিস্তান বুলি নতুন সৃষ্টিক কোৱা হয়। পিতাই নাটকৰ (ড্ৰামাৰ) ৰহস্য বুজায়। এই গোটেই সৃষ্টিখনক খেৰৰ জুমুঠি বুলি কোৱা হয়।

বাবাই বুজাইছে - গোটেই সৃষ্টিত এই সময়ত ৰাৱণৰ ৰাজ্য। দশহৰাও পালন কৰে, কিমান আনন্দিত হয়। পিতাই কয় - সকলো সন্তানক দুখৰ পৰা উদ্ধাৰ কৰিবলৈ ময়ো পুৰণি ৰাৱণৰ ৰাজ্যত আহিবলগীয়া হয়। এটা কাহিনী শুনায়। কোনোৱে সুধিলে - প্ৰথমে তোমাক সুখ লাগে নে দুখ? তেতিয়া কলে - সুখ লাগে। সুখত গলে তাত কোনো যমদূত আদি আহিব নোৱাৰিব। ইয়াৰ ওপৰতো এটা কাহিনী আছে। পিতাই কয়, সুখধামত কেতিয়াও কাল নাহে, অমৰপুৰী হৈ যায়। তোমালোকে মৃত্যুৰ ওপৰত বিজয়ী হোৱা। তোমালোক কিমান সৰ্বশক্তিমান হোৱা। তাত কেতিয়াও এনেকৈ নোকোৱা যে অমুক মৰিল, মৰাৰ নামেই নাই। এটা চোলা সলনি কৰি অন্য এটা ললে। সাপেও ছাল সলনি কৰে নহয় জানো। তোমালোকেও পুৰণি ছাল সলনি কৰি নতুন ছাল অৰ্থাৎ শৰীৰত আহিবা। তাত 5 তত্ত্বও সতোপ্ৰধান হৈ যায়। সকলো বস্তু সতোপ্ৰধান হৈ যায়। সকলো বস্তু ফল আদি অতি উত্তম হয়। সত্যযুগক কোৱাই হয় স্বর্গ। তাত বহুত ধনৱান আছিলা। এওঁলোকৰ দৰে সুখী বিশ্বৰ মালিক কোনো হব নোৱাৰে। এতিয়া তোমালোকে জানা যে আমিয়ে এয়া আছিলোঁ, তেন্তে কিমান আনন্দিত হোৱা উচিত। এজন এজনক পৰিস্তানী কৰি তুলিব লাগে, বহুতৰ কল্যাণ কৰিব লাগে। তোমালোক বহুত চহকী হৈ যোৱা। তেওঁলোক সকলো হৈছে গৰিব। যেতিয়ালৈকে তোমালোকৰ হাতত হাত নিমিলাই তেতিয়ালৈকে স্বর্গবাসী হব নোৱাৰে। পিতাৰ হাততো সকলোৱে নাপায়। পিতাৰ হাত তোমালোকে পোৱা। তোমালোকৰ হাত আকৌ আনে পায়। অন্যই আকৌ অন্যৰ পায়। যিদৰে সাঁতোৰা ব্যক্তিয়ে এজন এজনক সিপাৰলৈ লৈ যায়। তোমালোকো মাষ্টৰ নাৱৰীয়া হোৱা। অনেক নাৱৰীয়া হৈ আছে। তোমালোকৰ ধান্দাই এইটো। আমি প্ৰত্যেকৰে নাওঁ পাৰ কৰাৰ ৰাস্তা দেখুৱাও। নাৱৰীয়াৰ সন্তান নাৱৰীয়া হলোঁ। নাম কিমান সাধাৰণ বাগিচাৰ গৰাকী, নাৱৰীয়া। এতিয়া তোমালোকে বাস্তৱত দেখা পোৱা। তোমালোকে পৰিস্তান স্থাপন কৰি আছা। তোমালোকৰ স্মাৰক সন্মুখত থিয় হৈ আছে। তলত ৰাজযোগৰ তপস্যা, ওপৰত ৰাজ্য-ভাগ্য আছে। দেলৱাড়া নামো বহুত ভাল। পিতাই সকলোৰে অন্তৰ লয়। সকলোৰে সৎগতি কৰে। অন্তৰ লওঁতা কোন। এয়া জানো কোনোবাই জানে। ব্ৰহ্মাৰো পিতা হৈছে শিৱবাবা। সকলোৰে অন্তৰ লওঁতা বেহদৰ পিতাই হব। তত্ত্ব আদি সকলোৰে কল্যাণ কৰে, এইটোও সন্তানসকলক বুজোৱা হৈছে অন্য ধৰ্মাৱলম্বীসকলৰ শাস্ত্ৰ আদি বৰ্তি আছে। তোমালোকে জ্ঞান পোৱাই সংগমযুগত, পুনৰ বিনাশ হৈ যায় সেয়েহে কোনো শাস্ত্ৰ আদি নাথাকে। শাস্ত্ৰ হৈছে ভক্তি মাৰ্গৰ চিন। এয়া হৈছে জ্ঞান। পাৰ্থক্য দেখিলা নহয়। ভক্তি অনেক, দেৱী আদিৰ পূজাত কিমান ধন খৰচ কৰে। পিতাই কয় - ইয়াৰ পৰা অল্পকালৰ বাবে সুখ প্ৰাপ্ত হয়। যেনেকুৱা ভাৱনা ৰাখে সেয়া পূৰ্ণ হয়। দেৱীসকলক সজাওঁতে সজাওঁতে কাৰোবাৰ সাক্ষাৎকাৰ হৈ গল বচ্‌ বহুত আনন্দিত হৈ যায়। একোৱেই লাভ নহয়। মীৰাৰ নামো গায়ন কৰা হৈছে। ভক্ত মালা আছে নহয়। নাৰীৰ ভিতৰত মীৰা, পুৰুষৰ ভিতৰত নাৰদক ভক্ত শিৰোমণি বুলি মান্যতা দিয়ে। তোমালোক সন্তানসকলৰ মাজতো ক্ৰমানুসৰি আছে। মালাৰ দানাতো বহুত আছে। ওপৰত বাবা হৈছে ফুল, তাৰপাচত আছে যুগল মেৰু। ফুলক সকলোৱে নমস্কাৰ কৰে। এটি এটি দানাক নমস্কাৰ কৰে। ৰুদ্ৰ যজ্ঞ ৰচে তেতিয়া তাতো বেছিকৈ শিৱৰ পূজা কৰে। শালগ্ৰামসকলৰ ইমান নকৰে। সম্পূৰ্ণ মনোযোগ শিৱৰ ফালে থাকে কিয়নো শিৱবাবাৰ দ্বাৰাই শালগ্ৰামসকল এনেকুৱা তীক্ষ্ণ হৈছে, যেনেকৈ তোমালোক এতিয়া পাৱন হৈ আছা। পতিত-পাৱন পিতাৰ সন্তান তোমালোকো মাষ্টৰ পতিত-পাৱন হোৱা। যদি কাকোৱেই পথ নেদেখুওৱা তেন্তে পা-পইচাৰ পদ পাবা। তথাপিও পিতাৰ সৈতেতো মিলিত হলা নহয় জানো। সেয়াও জানো কোনো কম কথা। সকলোৰে পিতা তেওঁ এজনেই হয়। কৃষ্ণৰ কাৰণে জানো এনেকৈ কব। কৃষ্ণ কাৰ পিতা হব? কৃষ্ণ পিতা বুলি নকব। সন্তানক জানো পিতা বুলি কব পাৰে। পিতা বুলি তেতিয়া কোৱা হয় যেতিয়া যুগল হব, সন্তান জন্ম হব। তেতিয়া সেই সন্তানে পিতা বুলি কব। অন্য কোনেও কব নোৱাৰে। বাকীতো যিকোনো বয়োজেষ্ঠজনক বাপুজী বুলি কৈ দিয়ে। এওঁ (শিৱবাবাতো) সকলোৰে পিতা হয়। গায়নো কৰে ভ্ৰাতৃত্ববোধ (বাদাৰহুড)। ঈশ্বৰক সৰ্ৱব্যাপী বুলি কলে পিতৃত্ববোধ (ফাদাৰহুড) হৈ যায়।

তোমালোক সন্তানসকলে ডাঙৰ ডাঙৰ সভাত বুজাবলগীয়া হব। সদায় কৰবাত ভাষণ দিবলৈ গলে তেতিয়া যিটো বিষয়ৰ ওপৰত ভাষণ দিব লাগে তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি লিখিব লাগে। পিতাইতো বিচাৰ সাগৰ মন্থন কৰিব নলাগে। কল্পৰ আগতে যি শুনাইছিল সেয়া শুনাই যাব। তোমালোকেতো বিষয়ৰ ওপৰত বুজাব লাগে। প্ৰথমে লিখি তাৰপাচত পঢ়িব লাগে। ভাষণ দিয়াৰ পাচত স্মৃতিত আহে - এইটো এইটো কথা (পইণ্টচ) শুনোৱা নহল। এইটো বুজোৱাহেঁতেন ভাল আছিল। এনেকুৱা হয়, কিবা নহয় কিবা কথা পাহৰি যায়। প্ৰথমেতো কব লাগে ভাই-ভনীসকল আত্মা-অভিমানী হৈ বহা। এইটোতো কেতিয়াও পাহৰিব নালাগে। এনেকৈ কোনেও খবৰ নিলিখে। প্ৰথমে সকলোকে কব লাগে আত্মা-অভিমানী হৈ বহা। তোমালোক আত্মা অবিনাশী হোৱা। এতিয়া পিতা আহি জ্ঞান দি আছে। পিতাই কয় - মোক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হব। কোনো দেহধাৰীক স্মৰণ নকৰিবা। নিজক আত্মা বুলি বুজা, আমি তাৰ নিবাসী হওঁ। আমাৰ বাবা কল্যাণকাৰী শিৱ হয়, আমি আত্মাসকল তেওঁৰ সন্তান। পিতাই কয় আত্মা-অভিমানী হোৱা। মই আত্মা হওঁ। পিতাৰ স্মৃতিৰে বিকৰ্ম বিনাশ হব। গংগা স্নান অদিৰে বিকৰ্ম বিনাশ নহব। পিতাৰ নিৰ্দেশনা হৈছে তোমালোকে মোক স্মৰণ কৰা। তেওঁলোকে গীতা পঢ়ে যদা যদাহি ধৰ্মস্য কয় কিন্তু অৰ্থ একোৱেই নাজানে। সেয়েহে বাবাই সেৱাৰ ৰায় দিয়ে- শিৱবাবাই কয় - নিজকে আত্মা বুলি বুজি শিৱবাবাক স্মৰণ কৰা। তেওঁলোকে ভাবে কৃষ্ণই কলে, তোমালোকে কবা শিৱবাবাই আমাক সন্তানসকলক কয় - মোক স্মৰণ কৰা। যিমানে মোক স্মৰণ কৰিবা সিমানে সতোপ্ৰধান হৈ উচ্চ পদ পাবা। লক্ষ্য-উদ্দেশ্যও সন্মুখত আছে। পুৰুষাৰ্থৰে উচ্চ পদ প্ৰাপ্ত কৰিব লাগে। সেইফালৰ সকলে নিজৰ ধৰ্মত উচ্চ পদ পাব, আমি অন্য ধৰ্মলৈ নাযাওঁ। তেওঁলোকতো আহেই পাচত। তেওঁলোকেও জানে যে আমাৰ আগত স্বৰ্গ (পেৰাডাইজ) আছিল। ভাৰত সকলোতকৈ প্ৰাচীন। কিন্তু কেতিয়া আছিল, সেয়া কোনেও নাজানে। তেওঁলোকক ভগৱান-ভগৱতী বুলিও কয় কিন্তু পিতাই কয় - ভগৱান-ভগৱতী বুলি কব নোৱাৰি। ভগৱানতো মই এজনেই হওঁ। আমি ব্ৰাহ্মণ হওঁ। পিতাকতো ব্ৰাহ্মণ বুলি কোৱা নহব। তেওঁ হৈছে উচ্চতকৈও উচ্চ ভগৱান, তেওঁৰ শৰীৰৰ নাম নাই। তোমালোকৰ সকলোৰে শৰীৰৰ নাম আছে। আত্মাতো আত্মাই হয়। তেৱোঁ পৰম আত্মা হয়। সেই আত্মাটিৰ নাম হৈছে শিৱ, তেওঁ হৈছে নিৰাকাৰ। সূক্ষ্ম শৰীৰো নাই, স্থূল শৰীৰো নাই। এনেকুৱা নহয় যে তেওঁৰ আকাৰ নাই। যাৰ নাম আছে, আকাৰো নিশ্চয় আছে। নাম-ৰূপ বিহীন কোনো বস্তু নাই। পৰমাত্মা পিতাক নাম-ৰূপৰ পৰা উপৰাম বুলি কোৱাতো কিমান ডাঙৰ অজ্ঞানতা। পিতাও নাম-ৰূপৰ পৰা উপৰাম, সন্তানো নাম-ৰূপৰ পৰা উপৰাম তেতিয়াতো কোনো সৃষ্টিয়ে নাথাকিব। তোমালোকে এতিয়া ভালদৰে বুজাব পাৰা। গুৰু লোকসকলে শেষৰ ফালে বুজিব। এতিয়া তেওঁলোকৰ বাদশ্বাহী।

এতিয়া তোমালোক দ্বৈত অহিংসক হোৱা। অহিংসা পৰম দেৱী-দেৱতা ধৰ্ম দ্বৈত অহিংসক বুলি গায়ন কৰা হৈছে। কাৰোবাক হাত লগোৱা, দুখ দিয়া সেয়াও হিংসা হৈ গল। পিতাই নিতৌ বুজায় মন-বাণী-কৰ্মৰে কাকো দুখ দিব নালাগে। মনলৈ নিশ্চয় আহিব। সত্যযুগত মনলৈও নাহে। ইয়াততো মন-বাণী- কৰ্মত আহে। এই কথা তোমালোকে তাত শুনিবলৈও নোপোৱা। তাত কোনো সৎসংগ আদিও নাথাকে। সৎসংগ হয়েই সত্যৰ দ্বাৰা, সত্য হবলৈ। সত্য এজনেই পিতা হয়। পিতাই বহি নৰৰ পৰা নাৰায়ণ হোৱাৰ কাহিনী শুনায়, যাৰ দ্বাৰা তোমালোক নাৰায়ণ হৈ যোৱা। পুনৰ ভক্তি মাৰ্গত সত্য নাৰায়ণৰ কথা অতি মৰমেৰে শুনে। তোমালোকৰ স্মাৰক দেলৱাড়া মন্দিৰ চোৱা কিমান সুন্দৰ। নিশ্চয় সংগমযুগত অন্তৰ লৈছিল। আদি দেৱ আৰু দেৱী, সন্তানসকল বহি আছে। এয়া হৈছে প্ৰকৃত স্মাৰক। তেওঁলোকৰ ইতিহাস-ভূগোল তোমালোকৰ বাহিৰে কোনেও নাজানে। তোমালোকৰেই স্মাৰক আছে। এয়াও আচৰিত। লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গলে তোমালোকে কবা আমি এয়া হৈ আছোঁ। যীশুখ্ৰীষ্টও ইয়াত আছে। বহুতে কয় যীশুখ্ৰীষ্টও ভিকহু ৰূপত আছে। তমোপ্ৰধান অৰ্থাৎ ভিকহু নহল জানো। পুনৰ্জন্মতো নিশ্চয় লব নহয় জানো। শ্ৰীকৃষ্ণ প্ৰিন্স এতিয়া ভিকহু। বগা আৰু শ্যাম। তোমালোকেও জানা ভাৰত কি আছিল, এতিয়া কি হল। পিতাতো হয়েই গৰিবৰ কল্যাণ কৰোঁতা। মনুষ্যই দান পুণ্যও গৰিবক কৰে ঈশ্বৰৰ অৰ্থে। বহুতে খাদ্য নাপায়। আগলৈ গৈ তোমালোকে দেখিবা যে ডাঙৰ ডাঙৰ চহকীসকলেও খাদ্য নাপাব। গাওঁবিলাকতো চহকীলোক থাকে নহয় জানো, যিসকলক আকৌ ডকাইত আদিয়ে লুটি লৈ যায়। পদবীত পাৰ্থক্যতো থাকে নহয় জানো। পিতাই কয় - পুৰুষাৰ্থ এনেকুৱা কৰা যাতে এক নম্বৰত যোৱা। শিক্ষকৰ কাম হৈছে সাৱধান কৰা। সন্মান সহকাৰে উত্তীৰ্ণ হব লাগে। এইখন হৈছে বেহদৰ পাঠশালা। এয়া হয়েই ৰাজ্য স্থাপনাৰ কাৰণে ৰাজযোগ। তথাপিও পুৰণি সৃষ্টিৰ বিনাশ হব লাগিব। নহলে ৰাজত্ব কাৰ ওপৰত কৰিবা। এইখনতো হৈছেই পতিত ধৰণী।

মনুষ্যই কয় গংগা পতিত-পাৱনী। পিতাই কয় - এই সময়ত 5 তত্ত্ব সকলো তমোপ্ৰধান পতিত হয়। গোটেই লেতেৰা আৱৰ্জনা আদি তাত গৈ পৰে। মাছ আদিও তাত থাকে। পানীৰো যেন এখন জগত আছে। পানীত কিমান জীৱ থাকে। ডাঙৰ ডাঙৰ সাগৰৰ পৰাও কিমান ভোজন পোৱা যায়। তেন্তে গাওঁ হৈ নগল জানো। গাওঁক আকৌ পতিত-পাৱন বুলি কেনেকৈ কবা। পিতাই বুজায় - মৰমৰ সন্তানসকল, পতিত-পাৱন একমাত্ৰ পিতা হয়। তোমালোক আত্মা আৰু শৰীৰ পতিত হৈ গলা, এতিয়া মোক স্মৰণ কৰা তেতিয়া পাৱন হৈ যাবা। তোমালোক বিশ্বৰ মালিক, সুন্দৰ হৈ যোৱা। তাত অন্য কোনো খণ্ড নাথাকে। ভাৰতৰেই আদিৰ পৰা অন্তলৈকে (অলৰাউণ্ড) ভূমিকা আছে। তোমালোক সকলো আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা হোৱা। নাটকত ভাৱৰীয়াসকল ক্ৰমানুসৰি অহা-যোৱা কৰি থাকে। এয়াও এনেকুৱা। বাবাই কয় - তোমালোকে বুজিবা যে আমাক ভগৱানে পঢ়ায়। আমি পতিত-পাৱন ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী, ইয়াত সকলো আহি গল। পতিত-পাৱনো হৈ গল, গুৰু শিক্ষকো হৈ গল। পিতাও হৈ গল। সেয়াও নিৰাকাৰ। এইখন হৈছে নিৰাকাৰ ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয় (ইনকৰপৰিয়েল গড ফাদাৰলী ৱৰ্ল্ড ইউনিভাৰ্চিটি)। কিমান ভাল নাম। ঈশ্বৰৰ কিমান মহিমা কৰে। যেতিয়া বিন্দু বুলি শুনে তেতিয়া আচৰিত হৈ যায়। ঈশ্বৰৰ মহিমা ইমান কৰে, আৰু কি বস্তু হয়! বিন্দু। তাতেই কিমান ভূমিকা নিহিত হৈ আছে। এতিয়া পিতাই কয় - দেহ থকা সত্ত্বেও, গৃহস্থ ব্যৱহাৰত থাকিও মামেকম্‌ স্মৰণ কৰা। ভক্তি মাৰ্গত যি ঐকান্তিক ভক্তি কৰে, তাক কোৱা হয় - সতোপ্ৰধান ঐকান্তিক ভক্তি। কিমান তীব্ৰ ভক্তি। এতিয়া আকৌ স্মৃতিৰ গতি তীব্ৰ হব লাগে। তীব্ৰ স্মৰণ কৰা সকলৰে নাম উচ্চ হব। বিজয় মালাৰ দানা হব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নৰৰ পৰা নাৰায়ণ হবলৈ নিতৌ সত্য পিতাৰ পৰা শুনিব লাগে। সৎ সংগ লব লাগে। কেতিয়াও মন-বাণী-কৰ্মৰে কাকো দুখ দিব নালাগে।

(2) বিজয় মালাৰ দানা হবলৈ বা সন্মান সহকাৰে উত্তীৰ্ণ হবলৈ স্মৃতিৰ গতিক তীব্ৰ কৰিব লাগে। মাষ্টৰ পতিত-পাৱন হৈ সকলোকে পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে।

বৰদান:
জীৱন্তে মৃত জন্মৰ স্মৃতিৰে সকলো কৰ্মবন্ধনক সমাপ্ত কৰোঁতা কৰ্মযোগী হোৱা

এই জীৱন্তে মৃত দিব্য জন্ম কৰ্মবন্ধনী জন্ম নহয়, এয়া কৰ্মযোগী জন্ম হয়। এই অলৌকিক দিব্য জন্মত ব্ৰাহ্মণ আত্মা স্বতন্ত্ৰ হয়, পৰতন্ত্ৰ নহয়। এই দেহ লোণত প্ৰাপ্ত হৈছে, গোটেই বিশ্বৰ সেৱাৰ কাৰণে পুৰণা শৰীৰত পিতাই শক্তি দি চলাই আছে, দ্বায়িত্ব পিতাৰ, তোমালোকৰ নহয়। পিতাই নিৰ্দেশনা দিছে যে কৰ্ম কৰা, তোমালোক স্বতন্ত্ৰ হোৱা, চলাওঁতাই চলাই আছে। এইটো বিশেষ ধাৰণাৰে কৰ্মবন্ধনক সমাপ্ত কৰি কৰ্মযোগী হোৱা।

স্লোগান:
সময়ৰ সমীপতাৰ আধাৰ হৈছে - বেহদৰ বৈৰাগ্য বৃত্তি।