17.11.19    Avyakt Bapdada     Assame Murli     09.03.85     Om Shanti     Madhuban


পিতা আৰু সেৱাৰ প্ৰতি স্নেহ - এয়াই ব্ৰাহ্মণ জীৱনৰ জীৱনদান


আজি বাপদাদাই সকলো সন্তানৰে পুৰুষাৰ্থৰ লগন চাই আছিলহঁক। প্ৰত্যেক সন্তানে নিজৰ-নিজৰ উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি গৈ আছে। সকলোৰে সাহসো আছে আৰু উৎসাহ-উদ্দীপনাও আছে। প্ৰত্যেকৰে ভিতৰত এটি শ্ৰেষ্ঠ সংকল্পও আছে যে আমি বাপদাদাৰ সমীপৰ ৰত্ন, নয়নৰ ৰত্ন, অন্তৰাসনাধিকাৰী দিলাৰামৰ মৰমৰ হবই লাগিব। সকলোৰে লক্ষ্যও হৈছে সম্পন্ন হোৱা। সকলো সন্তানৰে অন্তৰৰ আৱাজ এটাই যে স্নেহৰ প্ৰতিদান হিচাপে আমি সমান আৰু সম্পন্ন হবই লাগিব আৰু এইটো লক্ষ্য অনুসৰি আগবাঢ়ি যোৱাত সফলো হৈ আছে। যাকেই সোধা কি বিচৰা? তেতিয়া সকলোৰে এটাই উৎসাহ ভৰা আৱাজ ওলায় যে সম্পূৰ্ণ আৰু সম্পন্ন হবই লাগিব। বাপদাদাই সকলোৰে এই উৎসাহ-উদ্দীপনা দেখি, শ্ৰেষ্ঠ লক্ষ্য দেখি হৰ্ষিত হয় আৰু সকলো সন্তানকে এনেকুৱা উৎসাহ-উদ্দীপনাৰ, একমতৰ ধন্যবাদ জ্ঞাপন কৰে যে কেনেকৈ এক পিতা, এক মত, এটিয়েই লক্ষ্য আৰু এটি ঘৰতে, এখন ৰাজ্যতে আগবাঢ়ি গৈ আছে বা উৰি আছে। এজন পিতা আৰু ইমান যোগ্য বা যোগী সন্তান, প্ৰত্যেকে ইজনে সিজনকৈ অধিক বিশেষত্বৰে বিশেষ ভাবে আগবাঢ়ি গৈ আছে। গোটেই কল্পত এনেকুৱা পিতাও নাথাকিব আৰু সন্তানো নাথাকিব যত কোনো এটি সন্তানৰো উৎসাহ-উদ্দীপনাৰ অভাৱ হব, বিশেষত্বৰে সম্পন্ন হব, এজনৰ লগনতে মগন হৈ থাকিব। এনেকুৱা কেতিয়াও হব নোৱাৰে, সেইবাবে বাপদাদাইও এনেকুৱা সন্তানসকলক লৈ গৰ্ব অনুভৱ কৰে আৰু সন্তানসকলে পিতাক লৈ গৰ্ব কৰে। যলৈকে চোৱা সকলোৰে অন্তৰত এটি বিশেষ আৱাজেই আছে - বাবা আৰু সেৱা! যিমানে পিতাৰ প্ৰতি স্নেহ আছে সিমানে সেৱাৰ প্ৰতিও স্নেহ আছে। এই দুই প্ৰকাৰৰ স্নেহ প্ৰত্যেকৰে ব্ৰাহ্মণ জীৱনৰ জীৱনদান হয়। ইয়াতেই সদায় ব্যস্ত হৈ থকাৰ আধাৰে মায়াজিৎ কৰি আছে।

বাপদাদাৰ ওচৰত সকলো সন্তানৰে সেৱাৰ উৎসাহ-উদ্দীপনাৰ প্লেনচ্‌ (পৰিকল্পনা) আহি থাকে। পৰিকল্পনা সকলোবোৰ ভালতকৈও ভাল হয়। ড্ৰামা অনুসৰি যিটো বিধিৰ দ্বাৰা উন্নতি প্ৰাপ্ত কৰি আহিছা সেয়া আদিৰ পৰা এতিয়ালৈকে ভালতকৈ ভাল বুলিয়ে কোৱা হব। এতিয়া সেৱাৰ বা ব্ৰাহ্মণসকলৰ বিজয়ী ৰত্ন হোৱাৰ বা সফলতাৰ বহুত বছৰ পাৰ হৈ গৈছে। এতিয়া আহি গল্ডেন জুবলী (সোণালী জয়ন্তী)ত উপস্থিত হৈছা। গল্ডেন জুবলী কিয় পালন কৰি আছা? কি জগতৰ হিচাপত পালন কৰি আছা নে সময় অনুসৰি বিশ্বক তীব্ৰগতিৰে বাতৰি দিয়াৰ উৎসাহেৰে পালন কৰি আছা? চাৰিওদিশে শক্তিশালী আৱাজৰ দ্বাৰা শুই থকা আত্মাসকলক জগোৱাৰ সাধন তৈয়াৰ কৰি আছা! যতেই শুনে, যিফালেই চায় তাত চাৰিওদিশে এইটো আৱাজেই মুখৰিত হওক যে সময় অনুসৰি এতিয়া হৈছে সোণালী যুগ মনোমোহা সময়, মনোমোহা যুগৰ আগমনৰ মধুৰ বাৰ্তাৰ দ্বাৰা শুভ সংবাদ পাই আছে। এই সোণালী জয়ন্তীৰ দ্বাৰা সোণালী যুগৰ আগমনৰ বিশেষ সূচনা বা বাৰ্তা দিয়াৰ বাবে প্ৰস্তুতি চলাই আছা। চাৰিওদিশে এনেকুৱা লহৰ বিয়পি যাওঁক যে এতিয়া মনোমোহা যুগ সমাগত। চাৰিওদিশে এনেকুৱা দৃশ্য দেখা দিয়ক যেনেকৈ ৰাতিপুৱাৰ সময়ত অন্ধকাৰৰ পাছত সূৰ্য উদয় হলে তেতিয়া সূৰ্য উদিত হোৱা আৰু পোহৰৰ শুভ সংবাদ চাৰিওদিশে বিয়পি পৰে। অন্ধকাৰক পাহৰি পোহৰলৈ আহি যায়। তেনেকৈ বিশ্বৰ আত্মাসকল যিসকলে দুখ-অশান্তিৰ বাতৰি শুনি-শুনি, বিনাশৰ ভয়ত ভয়ভীত হৈ, অন্তৰেৰে দুখী হৈ গৈছে, আশা হেৰুৱাই পেলাইছে এনেকুৱা বিশ্বৰ আত্মাসকলক এই সোণালী জয়ন্তীৰ দ্বাৰা শুভ আশাৰ সূৰ্য উদিত হোৱাৰ অনুভৱ কৰোৱা। যেনেকৈ বিনাশৰ লহৰ বিয়পি আছে তেনেকৈ সত্যযুগী সৃষ্টি স্থাপনাৰ শুভ সংবাদৰ লহৰ চাৰিওদিশে বিয়পাই দিয়া। সকলোৰে অন্তৰত এইটো আশাৰ তৰা জিলিকাই তোলা। কি হব, কি হবৰ সলনি যাতে এইটো বুজি পায় যে এতিয়া এয়া হব। এনেকুৱা লহৰ বিয়পাই দিয়া। গল্ডেন জুবলী (সোণালী জয়ন্তী) গল্ডেন এজ (সোণালী যুগ) অহাৰ শুভ সংবাদৰ সাধন। যেনেকৈ তোমালোক সন্তানসকলৰ দুখধাম দেখিও সদায় সুখধাম স্বতঃ স্মৃতিত থাকে আৰু সুখধামৰ স্মৃতিয়ে দুখধাম পাহৰাই দিয়ে। আৰু সুখধাম বা শান্তিধামলৈ যোৱাৰ প্ৰস্তুতিত মগ্ন হৈ থাকা। যাব লাগে আৰু সুখধামলৈ আহিব লাগে। যাব লাগে আৰু আহিব লাগে- এইটো স্মৃতিয়ে সমৰ্থও কৰি আছে আৰু আনন্দেৰে সেৱাৰ নিমিত্তও কৰি আছে। এতিয়া মানুহে এনেকুৱা দুখৰ খবৰ বহুত শুনিলে। এতিয়া এইটো শুভ সংবাদৰ দ্বাৰা দুখধামৰ পৰা সুখধামলৈ যাবৰ বাবে আনন্দেৰে প্ৰস্তুতি চলোৱা, তেওঁলোকৰ মাজতো যাতে এইটো লহৰ বিয়পি যায় যে আমিও যাব লাগিব। আশাহীনসকলৰ মাজত আশা জগাই তোলা। নিৰাশ হৈ আন্তৰিক দুখত থকা আত্মাসকলক শুভ সংবাদ শুনোৱা। এনেকুৱা পৰিকল্পনা কৰা যাতে যিবিলাক বিশেষ বাতৰি কাকত বা আৱাজ বিয়পোৱাৰ সাধন আছে - একে সময়তে একেই শুভ সংবাদ বা বাৰ্তা যাতে চাৰিওদিশে সকলোৱে পায়। যৰ পৰাই কোনোবাই আহে এই একেটি কথাই যাতে সকলোৱে গম পায়। এনেকুৱা বিধিৰ দ্বাৰা চাৰিওদিশে এটিয়েই আৱাজ হওঁক। নবীনতাও আনিব লাগে। নিজৰ নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) স্বৰূপক প্ৰত্যক্ষ কৰাব লাগে। এতিয়া শান্ত স্বৰূপ আত্মা বুলি ভাবে। শান্তিৰ সহজ মাৰ্গ-দৰ্শন কৰোঁতা। এইটো স্বৰূপ প্ৰত্যক্ষ হৈছেও আৰু হৈও আছে। কিন্তু নলেজফুল পিতাৰ নলেজতো এয়াই হয়। এতিয়া এইটো আৱাজ হওঁক। যেনেকৈ এতিয়া কয় যে শান্তিৰ স্থান যদি আছে সেয়া এয়াই। এইদৰে সকলোৰে মুখৰপৰা এইটো আৱাজ ওলাওক যে সত্য জ্ঞান যদি আছে সেয়া এয়াই হয়। যেনেকৈ শান্তি আৰু স্নেহৰ শক্তি অনুভৱ কৰে তেনেকৈ সত্যতা সিদ্ধ হওঁক, তেন্তে বাকী সকলোবোৰ কি, সেয়া সিদ্ধ হৈয়ে যাব। কোৱাৰ আৱশ্যকতা নাথাকিব। এতিয়া সেই সত্যতাৰ শক্তি কিদৰে প্ৰত্যক্ষ কৰাবা, সেইটো কি বিধি অবলম্বন কৰিবা যাতে তোমালোকে কবলগীয়া নহয়। কিন্তু তেওঁলোকে নিজেই কওক যে ইয়াৰ দ্বাৰা এইটো সিদ্ধ হয় যে সত্য জ্ঞান, পৰমাত্ম জ্ঞান, শক্তিশালী জ্ঞান যদি আছে সেয়া এয়াই হয়। ইয়াৰ বাবে বিধি পিছত শুনাম। তোমালোকেও এই বিষয়ে ভাবিবা। এই বিষয়ে পিছলৈ শুনাম। স্নেহ আৰু শান্তিৰ ধৰণীতো তৈয়াৰ হৈ গৈছে নহয় জানো। এতিয়া জ্ঞানৰ বীজ চটিয়াব লাগে তেতিয়াহে জ্ঞানৰ বীজৰ ফল স্বৰ্গৰ সম্পত্তিৰ অধিকাৰী হবগৈ।

বাপদাদাই সন্তানসকলে কি-কি আন্তৰিক আলাপ কৰি থাকে সেয়া সকলো দেখি-শুনি থাকে। সন্তানসকল বহুত স্নেহেৰে বহে, ভাবে। মগজ বহুত ভালকৈ খটুৱাই আছে। মাখন খাবলৈ মন্থনতো কৰি আছে। এতিয়া সোণালী জয়ন্তীৰ মন্থন কৰি আছে। শক্তিশালী মাখনেই ওলাব। সকলোৰে অন্তৰৰ লহৰ বহুত ভাল। আৰু এই অন্তৰৰ উদ্দীপনাৰ লহৰেই বায়ুমণ্ডল গঢ়ি তোলে। বায়ুমণ্ডল গঢ়ি উঠিলে আত্মাসকলৰ সমীপত অহাৰ আকৰ্ষণ বাঢ়ি যায়। এতিয়া যাব লাগে, চাব লাগে যে এই লহৰ বিয়পি গৈ আছেনে। প্ৰথমতে আছিল যে গম নাপাও কি হয়। এতিয়া হৈছে বৰ ভাল, যাব লাগে। চাব লাগে। পাছত অৱশেষত কব যে এয়াই হয়। এতিয়া তোমালোকৰ অন্তৰৰ উৎসাহ-উদ্দীপনাই তেওঁলোকৰ মাজতো উদ্দীপনা জগাই আছে। এতিয়া তোমালোকৰ অন্তৰে নাচে আৰু তেওঁলোকৰ ভৰি চলিবলৈ আৰম্ভ কৰে। যিদৰে ইয়াত কোনোবাই বৰ ভালকৈ নাচিলে দূৰৈত বহি থকা সকলৰো ভৰি চলিবলৈ আৰম্ভ হৈ যায়। এনেকুৱা উৎসাহ-উদ্দীপনাৰ বাতাৱৰণৰ বাবে অনেকৰ ভৰি চলিবলৈ আৰম্ভ হৈছে। অচ্ছা-

সদায় নিজক সোণালী সৃষ্টিৰ অধিকাৰী বুলি অনুভৱ কৰোঁতা, সদায় নিজৰ সোণালী যুগৰ স্থিতি গঢ়ি তোলাৰ উৎসাহ-উদ্দীপনাত থাকোঁতা, সদায় দয়াশীল হৈ সকলো আত্মাক সোণালী যুগৰ মাৰ্গ-দৰ্শন কৰোৱাৰ লগনত থাকোঁতা, সদায় পিতাৰ প্ৰতিটো সোণালী মহাবাক্যক জীৱনত ধাৰণ কৰোঁতা, এনেকুৱা সদায় বাপদাদাৰ অন্তৰাসনাধিকাৰী, সদায় স্নেহত সমাহিত হৈ থাকোঁতা বিজয়ী ৰত্নসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৃজইন্দ্ৰা দাদীৰ লগত অব্যক্ত বাপদাদাৰ সাক্ষাৎ
চলাওঁতাই চলাই আছে নহয় জানো। প্ৰতিটো চেকেণ্ডত কৰাৱনহাৰে নিমিত্ত কৰি কৰাই আছে। কৰাৱনহাৰৰ হাতত চাবিকাঠি আছে। সেই চাবিকাঠিৰ দ্বাৰাই চলি আছা। অটোমেটিক চাবি পাই যোৱা আৰু চলোঁতে-ফুৰোঁতে কিমান উপৰাম আৰু মৰমৰ অনুভৱ হয়। লাগিলে কৰ্মৰ হিচাপ-নিকাচে নিষ্পত্তি কৰি আছা কিন্তু কৰ্মৰ হিচাপো সাক্ষী হৈ চাই, সংগীৰ সৈতে আনন্দেৰে থাকা। এনেকুৱা নহয় জানো! তোমালোকতো সংগীৰ সৈতে আনন্দত আছা বাকী এই হিচাপ-নিকাচ সাক্ষী হৈ কেনেকৈ নিষ্পত্তি কৰি আছা, সেয়া দেখিও আনন্দত থকাৰ কাৰণে কোনো অনুভৱেই নহয় কিয়নো যিসকল আদিৰ পৰা স্থাপনাৰ নিমিত্ত হৈছে তেওঁলোক যেতিয়ালৈকে আছে তেতিয়ালৈকে বহি আছে বা চলি আছে, ষ্টেজত আছে বা ঘৰত আছে কিন্তু মহাবীৰ সন্তানসকল সদায় নিজৰ শ্ৰেষ্ঠ স্থিতিত থকাৰ কাৰণে সেৱাৰ মঞ্চত আছে। ডবল ষ্টেজত আছে। এটা হৈছে নিজৰ শ্ৰেষ্ঠ ষ্টেজত আছে আৰু দ্বিতীয়তে সেৱাৰ ষ্টেজত আছে। গতিকে গোটেই দিন কত থাকা? ঘৰত নে ষ্টেজত? বিচনাত বহা, চোফাত বহা নে ষ্টেজত থাকা? যতেই নাথাকা কিন্তু সেৱাৰ ষ্টেজত আছা। ডবল ষ্টেজ হয়। এনেকুৱাই অনুভৱ নহয় জানো! নিজৰ হিচাপকো তুমি সাক্ষী হৈ চোৱা। এই শৰীৰৰ দ্বাৰা কৰা পূৰ্বৰ যি হিচাপ আছে তাক কেনেকৈ নিষ্পত্তি কৰি আছা, সেয়া সাক্ষী হৈ চোৱা। ইয়াক কৰ্মভোগ বুলি কোৱা নহব। ভুগিলে দুখ হয়। গতিকে ভুগিলা বুলি কোৱা নহব কিয়নো দুখ-বেদনাৰ অনুভূতি নহয়। তোমালোকৰ বাবে কৰ্মভোগ নহয়, এই কৰ্মভোগৰ শক্তিৰ দ্বাৰা সেৱাৰ সাধন তৈয়াৰ কৰি থোৱা আছে। এয়া কৰ্মভোগ নহয়, সেৱাৰ যোজনাহে। ভোগ কৰাটোও সেৱাৰ যোজনালৈ সলনি হৈ গল। এনেকুৱা নহয় জানো! সেইবাবে সদায় সান্নিধ্যৰ আনন্দত থাকোঁতা। জন্মৰ পৰাই এইটো আশা আছিল - লগত থকাৰ। এই আশা ভক্তিৰ ৰূপত পূৰ্ণ হল, জ্ঞানতো পূৰ্ণ হল, সাকাৰ ৰূপতো পূৰ্ণ হল আৰু এতিয়া অব্যক্ত ৰূপতো পূৰ্ণ হৈ আছে। গতিকে জন্মৰ এই আশা বৰদানৰ ৰূপ হৈ গল। অচ্ছা! এওঁৰ যিমান সাকাৰ বাবাৰ লগত থকাৰ অনুভৱ আছে সিমান আন কাৰোৱেই নাই। লগত থকাৰ বিশেষ ভূমিকা প্ৰাপ্ত কৰিলা, এয়া জানো কম কথা! প্ৰত্যেকৰে ভাগ্য নিজৰ-নিজৰ। তুমিও কোৱা - বাহ মই!

আদি ৰত্নসকল সদায় চান শ্বজ ফাদাৰ (সন্তানে পিতাক প্ৰত্যক্ষ কৰা)ৰ নিমিত্ত হয়। প্ৰতিটো কৰ্মৰে পিতাৰ চৰিত্ৰক প্ৰত্যক্ষ কৰাৰ দিব্য দৰ্পণ হয়। দৰ্পণৰ কিমান আৱশ্যক হয়। নিজক দৰ্শন বা অন্যক দৰ্শন কৰাৰ বাবে। গতিকে তোমালোক সকলো পিতাক সাক্ষাৎকাৰ কৰোৱাৰ দৰ্পণ হোৱা। যিসকল বিশেষ আত্মা নিমিত্ত হয় তেওঁলোকক দেখি সকলোৰে স্মৃতিলৈ কি আহে? বাপদাদা স্মৃতিলৈ আহি যায়। পিতাই কি কৰিছিল, কেনেকৈ চলিছিল..এয়া স্মৃতিলৈ নাহে জানো। গতিকে পিতাক প্ৰত্যক্ষ কৰোৱাৰ দৰ্পন হোৱা। বাপদাদাই এনেকুৱা বিশেষ সন্তানসকলক সদায় নিজতকৈও আগবঢ়াই দিয়ে। শিৰৰ মুকুট বনাই দিয়ে। শিৰৰ মুকুটৰ জিলিকি থকা মণি হোৱা। অচ্ছা-

জগদীশ ভাইৰ প্ৰতি :- পিতাৰ পৰা বৰদানত যি বিশেষত্ব প্ৰাপ্ত কৰিছা, সেই বিশেষত্ববোৰক কাৰ্যত ফলপ্ৰসূ কৰি সদায় উন্নতি প্ৰাপ্ত কৰি আছা, বহুত ভাল। সঞ্জয়ে কি কৰিছিল? সকলোকে দৃষ্টি দিছিল নহয় জানো! গতিকে এয়া জ্ঞানৰ দৃষ্টি দি আছা। এয়াই হৈছে দিব্য দৃষ্টি, জ্ঞানেই দিব্য নহয় জানো। জ্ঞানৰ দৃষ্টি সকলোতকৈ শক্তিশালী, এয়াও বৰদান। নহ'লেনো ইমান ডাঙৰ বিশ্ব বিদ্যালয়ত কি জ্ঞান দিয়া হয়, তাৰ বিষয়ে কেনেকৈ জানিলেহেঁতেন? বহুত কম সংখ্যকেহে শুনে। সাহিত্যৰ দ্বাৰা স্পষ্ট হৈ যায়। এয়াও এক বৰদান পাইছা। এয়াও এক বিশেষ আত্মাৰ বিশেষত্ব। প্ৰত্যেক সংস্থাৰে সকলো সাধনৰ দ্বাৰাই বিশেষত্ব প্ৰসিদ্ধ হয়। যিদৰে ভাষণৰ দ্বাৰা, সন্মিলনৰ দ্বাৰা, তেনেকৈ সাহিত্য, চিত্ৰ যিয়েই সাধন আছে, এয়াও সংস্থা বা বিশ্ব বিদ্যালয়ৰ বিশেষত্ব প্ৰসিদ্ধ কৰাৰ এক সাধন হয়। এয়াও কাঁড় হয় যিদৰে কাঁড়ে চৰাইক (আঘাত কৰি) লৈ আহে তেনেকৈ এয়াও একপ্ৰকাৰ কাঁড় যিয়ে আত্মাসকলক সমীপলৈ লৈ আহে। এয়াও ড্ৰামাত ভূমিকা আছে। মানুহৰ প্ৰশ্নতো বহুত উদয় হয়, যিবোৰ প্ৰশ্ন উদয় হয় - তাৰ স্পষ্টীকৰণৰ বাবে সাধন নিশ্চয় লাগে। যিদৰে সন্মুখতো শুনায় কিন্তু এই সাহিত্যও ভাল সাধন। এয়াও জৰুৰী। আৰম্ভণিৰে পৰা চোৱা ব্ৰহ্মাবাবাই কিমান ৰুচিৰে এই সাধন তৈয়াৰ কৰিলে। দিনে-ৰাতিয়ে নিজে বহি লিখিছিল নহয় জানো। কাৰ্ড বনাই তোমালোক দিছিল। তোমালোকে তাত ৰত্ন খোদিত কৰি থাকিলা। গতিকে এয়াও কৰি দেখুৱালা নহয় জানো। সেয়েহে এই সাধনটিও ভাল। সন্মিলনৰ পিছত পৰৱৰ্তী কাৰ্য হিচাপে যি চাৰ্টাৰ (চনদ) আদি উলিওৱা সেয়াও জৰুৰী। পৰৱৰ্তী কাৰ্যৰ বাবে কিবা সাধন নিশ্চয় লাগে। প্ৰথমৰ এয়া, দ্বিতীয়ৰ এয়া, তৃতীয়ৰ এয়া। ইয়াৰ দ্বাৰাই তেওঁলোকেও বুজি পায় যে এই বিশ্ব বিদ্যালয় বা ইউনিভাৰ্চিটিখন বহুত সুপৰিকল্পিত। গতিকে এয়া বহুত ভাল সাধন। পৰিশ্ৰম কৰিলে বল পোৱা যায়। এতিয়া সোণালী জয়ন্তীৰ পৰিকল্পনা কৰিবা তাৰ পাছত উদযাপন কৰিবা। যিমানেই পৰিকল্পনা কৰিবা সিমানেই বল ভৰি গৈ থাকিব। সকলোৰে সহযোগত, সকলোৰে উৎসাহ-উদ্দীপনাৰ সংকল্পৰে সফলতাতো নিশ্চিত হৈয়ে আছে। কেৱল পুনৰাবৃত্তি কৰিব লাগে। এতিয়াতো সোণালী জয়ন্তীৰ বাবে বহুত ভাবি আছা নহয় জানো। প্ৰথমতে বহুত ডাঙৰ যেন লাগে পাছত বহুত সহজ হৈ যায়। গতিকে সহজ সফলতা আছেই। সফলতা প্ৰত্যেকৰে মস্তকত লিখা আছেই।

পাৰ্টিৰ লগত :- সদায় ডবল লাইট হৈ থাকানে? কোনো কথাতে নিজকে কেতিয়াও গধুৰ নকৰিবা। সদায় ডবল লাইট হৈ থাকিলে সংগমযুগৰ সুখৰ দিন, আত্মিক আনন্দৰ দিনবোৰ সফল হ'ব। যদি অলপো বোজা ধাৰণ কৰা তেন্তে কি হ'ব বাৰু? মূৰ্ছিত হ'বা নে আনন্দিত হবা? বোজা থাকিলে মুৰ্ছিত হবা। বোজামুক্ত হলে আনন্দ আছে। সংগমযুগৰ এটি-এটি দিন কিমান মূল্যবান, কিমান মহান, কিমান উপাৰ্জন কৰাৰ সময়, এনেকুৱা উপাৰ্জন কৰাৰ সময়ক সফল কৰি চলা। ৰাজযুক্ত (ৰহস্যযুক্ত) আৰু যোগযুক্ত আত্মাসকলে সদায় উৰন্ত কলাৰ অনুভৱ কৰে। গতিকে খুব স্মৃতিত থাকা, পঢ়াত, সেৱাত আগবাঢ়ি যোৱা। ৰৈ থকা বিধৰ নহবা। পঢ়া আৰু পঢ়াওঁতাজন যাতে সদায় লগত থাকে। ৰাজযুক্ত আৰু যোগযুক্ত আত্মা সদায় আগত থাকে। পিতাৰ যিয়েই ইংগিত পোৱা তাত সংগঠিত ৰূপত আগুৱাই গৈ থাকা। যিসকল নিমিত্ত হোৱা বিশেষ আত্মা আছে তেওঁলোকৰ বিশেষত্বক, ধাৰণাক উপলব্ধি কৰি, তেওঁলোকক অনুকৰণ কৰি আগবাঢ়ি গৈ থাকা। যিমানেই পিতাৰ সমীপ সিমানেই পৰিয়ালৰ সমীপ। যদি পৰিয়ালৰ সমীপত নাথাকা তেন্তে মালাত আহিব নোৱাৰিবা। অচ্ছা!

বৰদান:
এই অন্তিম জন্মত প্ৰাপ্ত কৰা সকলো শক্তিক ব্যৱহাৰ কৰোঁতা উইল পাৱাৰ (ইচ্ছা শক্তি) সম্পন্ন হোৱা

এই মিঠা ড্ৰামাখন বহুত ভালকৈ ৰচি থোৱা আছে, ইয়াক কোনেও সলনি কৰিব নোৱাৰে। কিন্তু ড্ৰামাত এই শ্ৰেষ্ঠ ব্ৰাহ্মণ জন্মৰ বহুত শক্তি প্ৰাপ্ত হৈছে। পিতাই উইল (ইচ্ছা-পত্ৰ) কৰিছে সেইবাবে উইল পাৱৰ (ইচ্ছা শক্তি) আছে। এই শক্তিক ব্যৱহাৰ কৰা, যেতিয়াই বিচৰা এই শৰীৰৰ বন্ধনৰ পৰা উপৰাম কৰ্মাতীত স্থিতিত স্থিত হৈ যোৱা। উপৰাম হওঁ, মালিক হওঁ, পিতাৰ দ্বাৰা নিমিত্ত আত্মা হওঁ - এইটো স্মৃতিৰে মন বুদ্ধিক একাগ্ৰ কৰি লোৱা তেতিয়া উইল পাৱৰ সম্পন্ন বুলি কোৱা হব ।

স্লোগান:
অন্তৰেৰে সেৱা কৰা তেতিয়া আশীৰ্বাদৰ দুৱাৰ খুলি যাব।
 


সূচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ, সকলোৱে সংগঠিত ৰূপত সন্ধিয়া 6.30 পৰা 7.30 লৈকে আন্তৰাষ্ট্ৰীয় যোগত সন্মিলিত হৈ, সাক্ষাৎকাৰ মূৰ্ত হৈ নিজৰ দিব্য স্বৰূপৰ অনুভৱ কৰা আৰু অন্য সকলোকে কৰোৱা।