17.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল পিতা আহিছে নির্বিকাৰী (ভাইচলেচ) সৃষ্টি ৰচিবলৈ, তোমালোকৰ চৰিত্ৰ (কেৰেক্টাৰ) শুধৰাবলৈ, তোমালোক ভাই ভাই হোৱা গতিকে তোমালোকৰ দৃষ্টি বহুত শুদ্ধ হোৱা উচিত

প্ৰশ্ন:
তোমালোক সন্তানসকল নিচিন্ত বাদশ্বাহ (সম্ৰাট) হোৱা তথাপি এটা মূল চিন্তা অৱশ্যে থকা উচিত - কোনটো ?

উত্তৰ:
আমি পতিতৰ পৰা পাৱন কেনেকৈ হওঁ - এইটো হ'ল মূল চিন্তা। এনেকুৱা হ'ব নালাগে যাতে পিতাৰ হৈ পুনৰ পিতাৰ আগত শাস্তি খাবলগীয়া হয়। শাস্তিৰ পৰা ৰেহাই পোৱাৰ চিন্তা থাকিব লাগে, নহ'লে সেই সময়ত বহুত লাজ লাগিব। বাকী তোমালোক নিচিন্ত বাদশ্বাহ হোৱা, সকলোকে পিতাৰ পৰিচয় দিব লাগে। কোনোবাই বুজিলে তেন্তে বেহদৰ (অসীমৰ) মালিক হ'ব, নুবুজিলে তেওঁৰ ভাগ্য। তোমালোকৰ চিন্তা নাই।

ওঁম্শান্তি।
আত্মিক পিতা যিজনৰ নাম শিৱ, তেওঁ বহি নিজৰ সন্তানসকলক বুজায়। আত্মিক পিতা সকলোৰে এজনেই। প্ৰথমতে এইটো কথা বুজাব লাগে তেতিয়া পাচলৈ বুজাব সহজ হ'ব। যদি পিতাৰ পৰিচয়ে পোৱা নাই তেন্তে প্ৰশ্ন সুধি থাকিব। প্ৰথমতে এইটো নিশ্চয় কৰাব লাগে। গোটেই জগতে এইটো নাজানে যে গীতাৰ ভগৱান কোন। তেওঁলোকে কৃষ্ণ বুলি কৈ দিয়ে, আমি কওঁ পৰমপিতা পৰমাত্মা শিৱ হৈছে গীতাৰ ভগৱান। তেৱেঁই জ্ঞানৰ সাগৰ হয়। মুখ্য হৈছে সৰ্বশাস্ত্ৰৰ শিৰোমণি গীতা। ভগৱানৰ কাৰণেই কয় - হে প্ৰভু তোমাৰ গতি মতি অনন্য। কৃষ্ণৰ ক্ষেত্ৰত এনেকৈ নকয়। পিতা যি সত্য হয় তেওঁ নিশ্চয় সত্যই শুনাব। সৃষ্টি প্ৰথমে নতুন সতোপ্ৰধান আছিল। এতিয়া সৃষ্টি পুৰণি তমোপ্ৰধান। সৃষ্টিক সলনি কৰোঁতা একমাত্ৰ পিতাই হয়। পিতাই কেনেকৈ সলনি কৰে সেয়াও বুজাব লাগে। আত্মা যেতিয়া সতোপ্ৰধান হব তেতিয়া সৃষ্টিও সতোপ্ৰধান স্থাপন হব। প্ৰথমতে তোমালোক সন্তানসকল অন্তৰ্মুখী হ'ব লাগে। বেছিকৈ কব নালাগে। যেতিয়া (সেৱাকেন্দ্ৰৰ) ভিতৰলৈ আহে তেতিয়া চিত্ৰ দেখি সুধিয়ে থাকে। প্ৰথমতে এটা কথাই বুজাব লাগে যাতে বেছি কথা সোধাৰ সুবিধা নাপায়। কোৱা, প্ৰথমেতো এটা কথাৰ ওপৰত নিশ্চয় কৰা তাৰপাচত পাচলৈ বুজাম তেতিয়া তোমালোকে 84 জন্মৰ চক্ৰৰ চিত্ৰখনলৈ লৈ আহিব পাৰা। পিতাই কয় - মই বহুত জন্মৰ অন্তিম জন্মত প্ৰৱেশ কৰোঁ। এওঁকে (ব্ৰহ্মাক) পিতাই কয় - তুমি নিজৰ জন্মৰ বিষয়ে নাজানা। পিতাই আমাক প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা বুজায়। প্ৰথমতে অল্‌ফৰ (পিতাৰ) ওপৰতে বুজায়। অল্‌ফক বুজিলে তেতিয়া কোনো সংশয় নাথাকিব। কোৱা যে পিতা সত্য, তেওঁ কেতিয়াও অসত্য নুশুনায়। বেহদৰ পিতাইহে ৰাজযোগ শিকায়। শিৱৰাত্ৰিৰ গায়ন কৰা হয় তেন্তে নিশ্চয় শিৱ ইয়ালৈ আহিছিল নহয় জানো। যিদৰে কৃষ্ণ জয়ন্তীও ইয়াত পালন কৰে। পিতাই কয় মই ব্ৰহ্মাৰ দ্বাৰা স্থাপন কৰোঁ। সেই এজন নিৰাকাৰ পিতাৰে সকলো সন্তান। তোমালোকো তেওঁৰ সন্তান আৰু প্ৰজাপিতা ব্ৰহ্মাৰো সন্তান হোৱা। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থপনা কৰিলে তেন্তে নিশ্চয় ব্ৰাহ্মণ-ব্ৰাহ্মণী হ'বা। ভাই-ভনী হৈ গ'লা, এইটো সম্বন্ধত পবিত্ৰতা থাকে। গৃহস্থ ব্যৱহাৰত থাকি পবিত্ৰ হৈ থকাৰ এয়া হ'ল ভেটি। ভাই-ভনী হোৱা গতিকে কেতিয়াও আসুৰিক দৃষ্টি যোৱা উচিত নহয়। 21 জন্মলৈ দৃষ্টি শুধৰণি হৈ যায়। পিতায়ে সন্তানসকলক শিক্ষা দিব নহয় জানো। চৰিত্ৰ শুধৰায়। এতিয়া গোটেই সৃষ্টিৰ চৰিত্ৰ শুধৰণি হব। এই পুৰণি পতিত সৃষ্টিত কোনো চৰিত্ৰ নাই। সকলোৰে বিকাৰ আছে। এইখন হয়েই পতিত বিকাৰী সৃষ্টি। আকৌ নির্বিকাৰী সৃষ্টি কেনেকৈ হ'ব? কেৱল পিতাৰ বাহিৰে কোনেও ৰচিব নোৱাৰে। এতিয়া পিতাই পবিত্ৰ কৰি আছে। এই সকলোবোৰ হৈছে গুপ্ত কথা। আমি আত্মা হওঁ, আত্মাই পৰমাত্মা পিতাক সাক্ষাৎ কৰিব লাগে। সকলোৱে ভগৱানক সাক্ষাৎ কৰিবৰ কাৰণেই পুৰুষাৰ্থ কৰে। ভগৱান এজন নিৰাকাৰ। মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলিও পৰমাত্মাকেই কোৱা হয়। অন্য ধৰ্মালম্বীসকলে মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলি নকয়। পৰমপিতা পৰমাত্মাহে আহি উদ্ধাৰ কৰে অৰ্থাৎ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলে। মাৰ্গ-দৰ্শনো কৰে গতিকে প্ৰথমতে এই এটা কথাই বুদ্ধিত ধাৰণ কৰোৱা। যদিহে বুজি নাপায় তেন্তে এৰি দিব লাগে। অল্‌ফক নুবুজিলে তেন্তে বে (বাদশ্বাহী) পৰা কি লাভ, লাগিলে গুচি যাওক। তোমালোক বিবুদ্ধিত নপৰিবা। তোমালোক নিচিন্ত বাদশ্বাহ হোৱা। অসুৰে বিঘিনি আনিবই। এয়া হয়েই ৰুদ্ৰ জ্ঞান যজ্ঞ। গতিকে প্ৰথমতে পিতাৰ পৰিচয় দিব লাগে। পিতাই কয় - মনমনাভৱ। যিমান পুৰুষাৰ্থ কৰিবা সেই অনুযায়ী পদ পাবা। আদি-সনাতন দেৱী-দেৱতাৰ ধৰ্মৰ ৰাজ্য স্থাপন হৈ আছে। এই লক্ষ্মী-নাৰায়ণৰ ৰাজবংশ আছে। অন্য ধৰ্মাৱলম্বীসকলে কোনো ৰাজবংশ প্ৰতিষ্ঠা নকৰে। পিতাতো আহি সকলোকে মুক্ত কৰে। আকৌ নিজৰ নিজৰ সময়ত অন্য ধৰ্ম প্ৰতিষ্ঠাপসকল আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰি লাগে। বৃদ্ধি হ'ব। পতিত হবই লাগিব। পতিতৰ পৰা পাৱন কৰি তোলা এইটোতো পিতাৰ কাম। তেওঁলোকতো আহি কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰিব। তাত মহিমা কৰাৰ কোনো কথাই নাই। মহিমা এজনৰেই। তেওঁলোকেতো যীশুখ্ৰীষ্টৰ কাৰণে কিমান কৰে। তেওঁলোককো বুজাব লাগে মুক্তিদাতা মাৰ্গ-দৰ্শকতো ঈশ্বৰ পিতাই হয়। বাকী যীশুখ্ৰীষ্টই কি কৰিলে? তেওঁৰ পাচত খ্ৰীষ্টান ধৰ্মৰ আত্মাসকল আহি থাকে, তললৈ নামি থাকে। দুখৰ পৰা মুক্ত কৰোঁতাতো একমাত্ৰ পিতাই হয়। এই সকলোবোৰ সাৰ কথা (পইণ্ট) বুদ্ধিত ভালদৰে ধাৰণ কৰিব লাগে। একমাত্ৰ ঈশ্বৰকে দয়ালু বুলি কোৱা হয়। যীশুখ্ৰীষ্টই কোনো দয়া নকৰে। এজনো মনুষ্যই কাৰো ওপৰত দয়া নকৰে। দয়া কৰা হয় বেহদৰ। একমাত্ৰ পিতায়ে সকলোৰে ওপৰত দয়া কৰে। সত্যযুগত সকলো সুখ-শান্তিত থাকে। দুখৰ কোনো কথাই নাই। সন্তানসকলে এটা কথা এজন অল্‌ফৰ ওপৰত নিশ্চয় নকৰায়, অন্য কথাত গুচি যায় তেতিয়া কয় ডিঙিয়ে বেয়া হৈ গ'ল। প্ৰথমতে পিতাৰ পৰিচয় দিব লাগে। তোমালোকে আৰু অন্য কথাত নাযাবাই। কোৱা, পিতাইতো সত্যই কব নহয় জানো। আমাক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলক পিতাইহে শুনায়। এই সকলো চিত্ৰ তেওঁ তৈয়াৰ কৰাইছে, এই ক্ষেত্ৰত সংশয় আনিব নালাগে। সংশয় বুদ্ধি বিনশন্তী (বিনাশ কৰায়)। প্ৰথমতে তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। অন্য কোনো উপায় নাই। পতিত-পাৱনতো এজনেই নহয় জানো। পিতাই কয় - দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি মামেকম্‌ (মনেৰে কেৱল মোক) স্মৰণ কৰা। পিতাই যাৰ শৰীৰত প্ৰৱেশ কৰে, তেৱোঁ আকৌ পুৰুষাৰ্থ কৰি সতোপ্ৰধান হ'ব লাগে। হব পুৰুষাৰ্থৰ দ্বাৰাই আকৌ ব্ৰহ্মা আৰু বিষ্ণুৰ সম্পৰ্কৰ কথাও কয়। পিতাই তোমালোক ব্ৰাহ্মণসকলক ৰাজযোগ শিকায় গতিকে তোমালোক বিষ্ণুপুৰীৰ মালিক হোৱা। আকৌ তোমালোকেই 84 জন্ম লৈ অন্তিমত শূদ্ৰ হোৱা। তেতিয়া পিতা আহি শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। এনেকৈ আৰু অন্য কোনেও শুনাব নোৱাৰে। প্ৰথম কথা হ'ল পিতাৰ পৰিচয় দিয়া। পিতাই কয় - ময়েই পতিতসকলক পাৱন কৰি তুলিবলৈ ইয়াত আহিবলগীয়া হয়। এনেকুৱা নহয় যে ওপৰৰ পৰা প্ৰেৰণা দিওঁ। এওঁৰেই নাম ভাগীৰথ। তেন্তে নিশ্চয় এওঁৰ শৰীৰতে প্ৰৱেশ কৰিব। এয়া হয়ো বহুত জন্মৰ অন্তিম জন্ম। পুনৰ সতোপ্ৰধান হয়। ইয়াৰ কাৰণে পিতাই যুক্তি (উপায়) শুনায় যে নিজক আত্মা বুলি বুজি মামেকম্‌ স্মৰণ কৰা। মইহে সৰ্বশক্তিমান হওঁ। মোক স্মৰণ কৰিলে তোমালোকৰ শক্তি আহৰণ হব। তোমালোক বিশ্বৰ মালিক হবা। এই লক্ষ্মী-নাৰায়ণৰ উত্তৰাধিকাৰ এওঁলোকে পিতাৰ পৰা পাইছে। কেনেকৈ পালে সেয়া বুজায়। প্ৰদৰ্শনী, সংগ্ৰহালয় আদিত তোমালোকে কৈ দিয়া যে প্ৰথমতে এটা কথা বুজা, তাৰপাচত অন্য কথাত যাবা। এইটো বুজাতো বহুত জৰুৰী। নহলে আপুনি দুখৰ পৰা পৰিত্ৰাণ নাপাব। প্ৰথমতে, যেতিয়ালৈকে নিশ্চয় নহব তেন্তে আপুনি একো বুজিব নোৱাৰিব। এই সময়ত হয়েই ভ্ৰষ্টাচাৰী সৃষ্টি। দেৱী-দেৱতাসকলৰ সৃষ্টি শ্রেষ্ঠাচাৰী আছিল। এনেকৈ বুজাব লাগে। মনুষ্যৰ নাড়ীৰ স্পন্দনো চাব লাগে - কিবা বুজি পাইছে নে গৰম তাৱা (গৰম তাৱাত যিদৰে পানী নাথাকে সেইদৰে বুদ্ধিত একো ধাৰণ নোহোৱা, অবুজ)? যদিহে গৰম তাৱা তেন্তে এৰি দিব লাগে। সময় নষ্ট কৰিব নালাগে। তৃষ্ণাতুৰ পাত্ৰক চিনি পোৱাৰো বুদ্ধি থাকিব লাগে। যিসকল বুজোঁতা হব তেওঁলোকৰ চেহেৰাই সলনি হৈ যাব। প্ৰথমতেতো আনন্দৰ কথা শুনাব লাগে। বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায় নহয় জানো। বাবাই জানে স্মৃতিৰ যাত্ৰাত সন্তানসকল বহুত ঢিলা। পিতাক স্মৰণ কৰোঁতে পৰিশ্ৰম হয়। সেই ক্ষেত্ৰতে মায়াই বহুত বিঘিনি আনে। এয়াও খেল ৰচি থোৱা আছে। পিতাই বহি বুজায় - কেনেকৈ এই খেল ৰচি থোৱা আছে। জগতৰ মনুষ্যই কিঞ্চিৎ মাত্ৰও নাজানে।

পিতাৰ স্মৃতিত থাকিলে তোমালোকে কাৰোবাক বুজাওঁতেও একৰস হৈ থাকিবা। নহলে কিবা নহয় কিবা খুঁত উলিয়াই থাকিব। বাবাই কয় - তোমালোকে বেছি কষ্টত যাব নালাগে। স্থাপনাতো নিশ্চয় হ'বই। নাটকত হবলগীয়াটোক কোনেও বাধা দি ৰাখিব নোৱাৰে। উল্লাসিত হৈ থাকিব লাগে। পিতাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ। পিতাই কয় মামেকম্‌ স্মৰণ কৰা। বহুত প্ৰেমেৰে বহি বুজাব লাগে। পিতাক স্মৰণ কৰি প্ৰেমৰ চকুলো ওলাই আহিব লাগে। বাকীতো সকলো সম্বন্ধ হৈছে কলিযুগী। এয়া হৈছে আত্মিক পিতাৰ সম্বন্ধ। তোমালোকৰ এই চকুলোও বিজয় মালাৰ মণি হৈ যায়। বহুত কমসংখ্যক আছে - যিয়ে এনেকুৱা প্ৰেমেৰে পিতাক স্মৰণ কৰে। চেষ্টা কৰি যিমান সম্ভৱ নিজৰ সময় উলিয়াই নিজৰ ভৱিষ্যত উচ্চ কৰিব লাগে। প্ৰদৰ্শনীত ইমান সংখ্যক সন্তান থাকিব নালাগে। ইমানবোৰ চিত্ৰৰো প্ৰয়োজন নাই। প্ৰথম নম্বৰৰ চিত্ৰ হ'ল গীতাৰ ভগৱান কোন? তাৰ কাষত লক্ষ্মী-নাৰায়ণ, চিৰিৰ চিত্ৰ। বচ্‌। বাকী ইমানবোৰ চিত্ৰৰ কোনো প্ৰয়োজন নাই। তোমালোক সন্তানসকলে যিমান সম্ভৱ স্মৃতিৰ যাত্রা বঢ়াব লাগে। মূল চিন্তা এইটোৱে হব লাগে যে পতিতৰ পৰা পাৱন কেনেকৈ হওঁ! বাবাৰ হৈ আকৌ পাচত বাবাৰ আগত গৈ শাস্তি খালে এইটোতো বহুত দুৰ্গতিৰ কথা। যদিহে এতিয়া স্মৃতিৰ যাত্রাত নাথাকা তেন্তে আকৌ বাবাৰ আগত শাস্তি খোৱাৰ সময়ত বহুত লাজ লাগিব। শাস্তি যাতে খাবলগীয়া নহয়, এইটো চিন্তাই বেছিকৈ থাকিব লাগে। তোমালোক জ্ঞানীও হোৱা, যোগীও হোৱা। বাবায়ো কয় - মই জ্ঞানীও হওঁ, যোগীও হওঁ। সূক্ষ্ম বিন্দু হওঁ আকৌ জ্ঞানৰ সাগৰো হওঁ। তোমালোক আত্মাত সকলো জ্ঞান ধাৰণ কৰায়। 84 জন্মৰ গোটেই ৰহস্য তোমালোকৰ বুদ্ধিত আছে। তোমালোক জ্ঞানৰ স্বৰূপ হৈ জ্ঞান বৰষা। জ্ঞানৰ এটি এটি ৰত্ন কিমান মূল্যবান, কোনেও ইয়াৰ মূল্য নিৰূপণ কৰিব নোৱাৰে সেইবাবে বাবাই কয় - পদমাপদম ভাগ্যশালী। তোমালোকৰ চৰণত পদুমৰ চিহ্নও দেখুওৱা হয়, ইয়াক কোনেও বুজিব নোৱাৰে। মনুষ্যই পদমপতি নাম ৰাখে। ভাবে এওঁৰ ওচৰত বহুত ধন আছে। পদমপতিৰ এটা উপাধিও ৰাখে। পিতাই সকলো কথা বুজায়। আকৌ কয় - মূল কথা হৈছে যে পিতাক আৰু 84ৰ চক্ৰক স্মৰণ কৰা। এই জ্ঞান ভাৰতবাসীৰ কাৰণেহে। তোমালোকেহে 84 জন্ম লোৱা। এয়াও বোধশক্তিৰ কথা নহয় জানো। অন্য কোনো সন্ন্যাসী আদিক স্বদৰ্শন চক্ৰধাৰী বুলিও কোৱা নহব। দেৱতাসকলকো কোৱা নহব। দেৱতাসকলৰ জ্ঞান নাথাকেই। তোমালোকে কবা আমাৰ সকলো জ্ঞান আছে, এই লক্ষ্মী-নাৰায়ণৰ নাই। পিতাইতো যথাৰ্থ কথা বুজায় নহয় জানো।

এই জ্ঞান বহুত আচৰিত। তোমালোক কিমান গুপ্ত বিদ্যাৰ্থী। তোমালোকে কবা আমি পাঠশালালৈ যাওঁ, ভগৱানে আমাক পঢ়ায়। লক্ষ্য-উদ্দেশ্য কি? আমি এয়া (লক্ষ্মী-নাৰায়ণ) হমগৈ। মনুষ্যই শুনি আচম্বিত হব। আমি আমাৰ মুখ্য কাৰ্যালয়লৈ যাওঁ। কি পঢ়া? মনুষ্যৰ পৰা দেৱতা, ভিকহুৰ পৰা ৰাজকুমাৰ হোৱাৰ পঢ়া পঢ়ি আছোঁ। তোমালোকৰ চিত্ৰও অতি উত্তম। ধন দানো সদায় পাত্ৰকহে দিয়া হয়। তোমালোকে পাত্ৰ ক'ত পাবা? শিৱৰ, লক্ষ্মী-নাৰায়ণৰ, ৰাম-সীতাৰ মন্দিৰত। তোমালোক তালৈ গৈ তেওঁলোকৰ সেৱা কৰা। নিজৰ সময় অপচয় নকৰিবা। গঙ্গা নদীতো গৈ তোমালোকে বুজোৱা - পতিত-পাৱন গঙ্গা নে পৰমপিতা পৰমাত্মা? সকলোৰে সৎগতি এই পানীয়ে কৰিব নে বেহদৰ পিতাই কৰিব? তোমালোকে ইয়াৰ ওপৰত ভালদৰে বুজাব পাৰা। বিশ্বৰ মালিক হোৱাৰ ৰাস্তা দেখুৱাই দিয়া। দান কৰা, কড়িতুল্য মনুষ্যক হীৰাতুল্য বিশ্বৰ মালিক কৰি তোলা। ভাৰত বিশ্বৰ মালিক আছিল নহয় জানো। তোমালোক ব্ৰাহ্মণসকলৰ কুল দেৱতাসকলতকৈও উচ্চ। এই বাবাইতো (ব্ৰহ্মাই) বুজায় - মই পিতাৰ একমাত্ৰ অতি মৰমৰ সন্তান হওঁ। বাবাই মোৰ এই শৰীৰ ঋণত লৈছে। তোমালোকৰ বাহিৰে আন কোনেও এই কথাবোৰ বুজিব নোৱাৰে। বাবা মোৰ শৰীৰত আৰোহী হৈ আছে। মই বাবাক কান্ধত বহুৱাইছোঁ অৰ্থাৎ সেৱা কৰাৰ কাৰণে শৰীৰ দিছোঁ। ইয়াৰ পৰিৱৰ্তে আকৌ তেওঁ কিমান দিয়ে। মোক সকলোতকৈ উচ্চ কান্ধত বহুৱায়। এক নম্বৰৰ কৰি তোলে। পিতাৰ সন্তানসকল প্ৰিয় হয়, গতিকে তেওঁলোকক কান্ধত বহুৱায় নহয় জানো। মাকে কেৱল সন্তানক কোলাত লয় পিতাই কান্ধত বহুৱায়। পাঠশালাক কেতিয়াও কল্পনা বুলি কোৱা নহয়। স্কুলত ইতিহাস-ভূগোল পঢ়ে তেন্তে সেয়া জানো কল্পনা হ'ল? এয়াও বিশ্বৰ ইতিহাস-ভূগোল নহয় জানো। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বহুত প্ৰেমেৰে বহি আত্মিক পিতাক স্মৰণ কৰিব লাগে। স্মৃতিত প্ৰেমৰ চকুলো ওলালে তেন্তে সেই চকুলো বিজয় মালাৰ মণি হৈ যাব। নিজৰ সময় ভৱিষ্যত প্ৰলব্ধ গঢ়াত সফল কৰিব লাগে।

(2) অন্তৰ্মুখী হৈ সকলোকে অল্‌ফৰ (পিতাৰ) পৰিচয় দিব লাগে, বেছিকৈ কব নালাগে। এটাই চিন্তা থাকিব লাগে যাতে এনেকুৱা কোনো কৰ্তব্য নহয় যাৰ বাবে শাস্তি খাবলগীয়া হয়।

বৰদান:
শুভ ভাৱনাৰে সেৱা কৰোঁতা পিতাৰ সমান অপকাৰীসকলৰ প্ৰতিও উপকাৰী হোৱা

যিদৰে পিতাই অপকাৰীসকলকো উপকাৰ কৰে সেইদৰে তোমালোকৰ সন্মুখত যেনেকুৱাই আত্মা নাহক কিয় কিন্তু নিজৰ দয়াৰ বৃত্তিৰে, শুভ ভাৱনাৰে তেওঁক পৰিৱৰ্তন কৰি দিয়া এয়াই হৈছে সঁচা সেৱা। যিদৰে বিজ্ঞানীসকলে মৰভূমিতো শস্য উৎপাদন কৰি দিয়ে সেইদৰে শান্তিৰ শক্তিৰে দয়াশীল হৈ অপকাৰীসকলকো উপকাৰ কৰি ধৰণিক পৰিৱৰ্তন কৰা। স্ব-পৰিৱৰ্তনেৰে, শুভ ভাৱনাৰে যেনেকুৱা ধৰণৰে আত্মা নহওঁক পৰিৱৰ্তন হৈ যাব কিয়নো শুভ ভাৱনাই সফলতা অৱশ্যে প্ৰাপ্ত কৰায়।

স্লোগান:
জ্ঞানৰ স্মৰণ কৰাটোৱে সদায় হৰ্ষিত হৈ থকাৰ আধাৰ।