18.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল নিজক 21 জন্মৰ কাৰণে স্বৰাজ্যৰ তিলক দিব লাগে গতিকে দেহ সহিত দেহৰ সকলো বোধ পাহৰি একমাত্ৰ পিতাক স্মৰণ কৰা

প্ৰশ্ন:
গৰিব সন্তানসকলৰ কোনটো বুদ্ধিমত্তা দেখি পিতা আনন্দিত হয়, তেওঁলোকক কোনটো ৰায় দিয়ে?

উত্তৰ:
গৰিব সন্তান, যিসকলে নিজৰ লাম-লাকটু সকলো বাবাৰ সেৱাত সফল কৰি, ভৱিষ্যত 21 জন্মৰ বাবে নিজৰ ভাগ্য জমা কৰি লয়, বাবাও সেই সন্তানসকলৰ এই বুদ্ধিমত্তা দেখি বহুত আনন্দিত হয়। বাবাই আকৌ এনেকুৱা সন্তানসকলক অতি উত্তম ৰায় দিয়ে সন্তানসকল, তোমালোক নিমিত্ত হোৱা। নিজৰ বুলি নাভাবিবা। সন্তান আদিকো নিমিত্ত হৈ প্ৰতিপালন কৰা। জ্ঞানেৰে তোমালোকে নিজৰ জীৱন শুধৰণি কৰি ৰজাৰো ৰজা হোৱা।

গীত:-
তগদীৰ জগাকৰ আয়ী হু (ভাগ্য উদয় কৰি আহিছোঁ...)

ওঁম্শান্তি।
সন্তানসকলে দুটি শাৰী শুনিলা। সন্তানসকলে বুজি গৈছে যে আমি ইয়াত নতুন সৃষ্টিৰ বাবে ভাগ্য গঢ়িবলৈ আহিছোঁ। ভাগ্য গঢ়িবলৈ পুৰাষাৰ্থ কৰিব লাগে। সন্তানসকলে জানে ইয়াত শ্ৰীমত পোৱা যায়, মহামন্ত্ৰ পোৱা যায়, মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক; পৰমাত্মাক স্মৰণ কৰা)। শব্দটিতো আছে নহয়। এই মন্ত্ৰ কোনে দিয়ে? তেওঁ উচ্চতকৈও উচ্চ আৰু মত দিয়াৰো সাগৰ হয়। তেওঁৰ মত এবাৰেই পোৱা যায়। ড্ৰামাত এবাৰ যি হৈ গৈছে সেয়া আকৌ 5000 বছৰ পাছত হয়। এই এটি মহামন্ত্ৰৰে নাও পাৰ হৈ যায়। পতিত-পাৱন পিতা এবাৰেই আহি শ্ৰীমত দিয়ে। পতিত-পাৱন কোন? পৰমপিতা পৰমাত্মাইহে পতিতৰ পৰা পাৱন কৰি পাৱন সৃষ্টিলৈ লৈ যায়। তেওঁকেই পতিত-পাৱন, সৎগতি দাতা বুলি কোৱা হয়। তোমালোক তেওঁৰ সন্মুখত বহি আছা। জানা যে তেওঁ আমাৰ সৰ্বস্ব হয়। উচ্চতকৈও উচ্চ আমাৰ ভাগ্য গঢ়োঁতা হয়। তোমালোকৰ নিশ্চয় আছে, এই মহামন্ত্ৰ পোৱা যায় বেহদৰ পিতাৰ দ্বাৰা। তেওঁ পিতা নহয় জানো। এজন নিৰাকাৰ আৰু এজন হৈছে সাকাৰ। সন্তানসকলেও স্মৰণ কৰে, পিতায়ো স্মৰণ কৰে। কল্পই কল্পই নিজৰ সন্তানসকলকহে শুনায়। পিতাই কয় - সকলোৰে সৎগতিৰ কাৰণে মন্ত্ৰ এটাই আৰু এজনেই দিওঁতা। সৎগুৰুহে সত্য মন্ত্ৰ দিওঁতা হয়। তোমালোকে জানা আমি ইয়ালৈ নিজৰ সুখধামৰ কাৰণে ভাগ্য গঢ়িবলৈ আহিছোঁ। সুখধাম বুলি সত্যযুগক কোৱা হয়, এয়া হৈছে দুখধাম। যিসকল ব্ৰাহ্মণ হয় তেওঁলোককহে শিৱবাবাই ব্ৰহ্মাৰ মুখেৰে মন্ত্ৰ দিয়ে। নিশ্চয় সাকাৰত আহিবলগীয়া হয়, নহলে কেনেকৈ দিব। তেওঁ কয় - কল্পই কল্পই তোমালোকক এইটো মহামন্ত্ৰ দিওঁ - মামেকম্‌। দেহৰ সকলো ধৰ্ম ত্যাগ কৰি, দেহ আৰু দেহৰ সকলো ধৰ্মক পাহৰি যোৱা। নিজক দেহ বুলি বুজিলে আকৌ দেহৰ সম্বন্ধীয় খুড়া, মামা, গুৰু-গোঁসাই আদি সকলো স্মৃতিলৈ আহি যায়। এনেকৈও কয় তুমি মৰি গলা মানে তোমাৰ বাবে গোটেই জগতখনেই মৰি গল। পিতাই কয় - মই তোমালোকক মন্ত্ৰই এনেকুৱা দিওঁ। নিজক আত্মা বুলি বুজি, অশৰীৰী হৈ যোৱা। শৰীৰৰ বোধ ত্যাগ কৰা। ইয়াত হৈছে দেহ-অভিমানী। সত্যযুগত হৈছে আত্মা-অভিমানী। এই সংগমত তোমালোক আত্মা-অভিমানীও হোৱা আৰু পৰমাত্মাক জানোঁতা আস্তিকো হোৱা। আস্তিক বুলি তেওঁক কোৱা হয় যিয়ে পৰমপিতা পৰমাত্মা আৰু তেওঁৰ ৰচনাক জানে। আস্তিক কলিযুগতো নহয়, সত্যযুগতো নহয়, সংগমতহে হয়। পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰি তেওঁলোকেই আকৌ সত্যযুগত ৰাজত্ব কৰে। ইয়াত নাস্তিক আৰু আস্তিকৰ কথা চলে, তাত নচলে। আস্তিক ব্ৰাহ্মণ হয়, যিসকল প্ৰথমে নাস্তিক আছিল। এই সময়ত গোটেই সৃষ্টিখনেই নাস্তিক। কোনেও পিতাক বা পিতাৰ ৰচনাক নাজানে। সৰ্বব্যাপী বুলি কৈ দিয়ে। তোমালোক সন্তানসকলৰ একমাত্ৰ বেহদ পিতাৰ লগতহে কাম আছে। তেওঁৰ শ্ৰীমত পোৱা যায় অথবা পুৰুষাৰ্থ কৰায়। তেওঁ কয় - সন্তানসকল দেহ সহিত দেহৰ বোধ পাহৰি যোৱা আৰু কাকোৱেই স্মৰণ নকৰিবা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ইয়াকেই মহামন্ত্ৰ বুলি কোৱা হয়, যাৰ দ্বাৰা তোমালোকৰ ভাগ্য গঢ়ি উঠে। তোমালোকে 21 জন্মৰ বাবে স্বৰাজ্য তিলক পোৱা। সেয়া হয়েই প্ৰালব্ধ। গীতা হয়েই নৰৰ পৰা নাৰায়ণ হোৱাৰ, মনুষ্যৰ পৰা দেৱতা হোৱাৰ।

তোমালোকে জানা এই সৃষ্টি সলনি হৈ আছে। নতুন সৃষ্টিৰ কাৰণে ভাগ্য গঢ়ি আছা। এয়া হৈছে মৃত্যুলোক। ইয়াত চোৱা মনুষ্যৰ ভাগ্য কেনেকুৱা। ইয়াৰ নামেই হৈছে দুখধাম। এনেকৈ কোনে কলে? আত্মাই। এতিয়া তোমালোক আত্মা-অভিমানী হৈছা। আত্মাই কয় - এইখন হৈছে দুখধাম। আমাৰ পৰমধাম সেইখন যত বাবাই নিবাস কৰে। এতিয়া পিতাই জ্ঞান শুনায় আৰু ভাগ্য গঢ়ে। পিতাই এটি মহামন্ত্ৰ দিয়ে - মোক স্মৰণ কৰা। লাগিলে কোনো দেহধাৰীৰ পৰাই শুনা, কিন্তু স্মৰণ মোক বিদেহীক কৰা। শুনিবতো নিশ্চয় দেহধাৰীৰ পৰাই লাগিব । ব্ৰহ্মাকুমাৰ-কুমাৰীয়েও মুখৰেই শুনাব যে পতিত- পাৱনক স্মৰণ কৰক। তোমালোকৰ শিৰত যি বিকৰ্মৰ বোজা আছে সেয়া স্মৃতিৰ বলেৰেহে ভস্ম কৰিব লাগে। নিৰোগী হব লাগে। তোমালোক সন্তানসকল পিতাৰ সন্মুখত বহি আছা। জানা বাবা ভাগ্য গঢ়িবলৈ আহিছে আৰু বহুত সহজ মাৰ্গ দেখুৱায়। সন্তানসকলে কয় বাবা, স্মৃতি পাহৰি যাওঁ। হেৰৌ লাজ নালাগে! লৌকিক পিতা যিয়ে তোমালোকক পতিত কৰি দিয়ে, তেওঁৰ স্মৃতি থাকে আৰু এয়া যিজন পাৰলৌকিক পিতাই তোমালোকক পাৱন কৰি তোলে, কয় মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হব, তেওঁৰ কাৰণে কোৱা - বাবা পাহৰি যাওঁ। পিতাই কয় - মই তোমালোকক মন্দিৰৰ লায়ক কৰি তুলিবলৈ আহিছোঁ। তোমালোকে জানা - ভাৰত শিৱালয় আছিল - আমি ৰাজত্ব কৰিছিলোঁ আকৌ আমাৰ জড় চিত্ৰক মন্দিৰত পূজা কৰি আহিছে। আমিয়ে দেৱতা আছিলোঁ, এইটো পাহৰি গৈছা। তোমালোকৰ মম্মা-বাবা যি পূজ্য দেৱী-দেৱতা আছিল আকৌ পূজাৰী হৈ গৈছে। এই জ্ঞান বুদ্ধিত আছে। বৃক্ষতো মুখ্য কথাবোৰ দেখুওৱা হৈছে। প্ৰথমে আধাৰ আদি সনাতন দেৱী-দেৱতা আছিল, এতিয়া নাই। 5 হাজাৰ বছৰ পূৰ্বে সত্যযুগ আছিল, এতিয়া কলিযুগ। কলিযুগৰ পাছত আকৌ সত্যযুগ আহিব। নিশ্চয় শ্রীমত দিওঁতাজন আহিব লাগে। সৃষ্টি পৰিৱৰ্তন নিশ্চয় হব। নাগাৰা বজাই (সকলোকে শুনাই) থাকা। বৃক্ষতো সোনকালে বৃদ্ধি নহয়। বিঘিনি আহে। ভিন্ন ভিন্ন নাম ৰূপত আবদ্ধ হৈ যায়। পিতাই কয় - আবদ্ধ নহবা। গৃহস্থ ব্যৱহাৰত লাগিলে থাকা, পিতাক স্মৰণ কৰা আৰু পৱিত্ৰ হৈ থাকা। ভগৱানুবাচ - কাম মহাশত্ৰু। আগতেও গীতাৰ ভগৱানে কৈছিল - এতিয়া আকৌ কয়। গীতাৰ ভগৱানে নিশ্চয় কামৰ ওপৰত জয় লাভ কৰাইছিল। এখন হৈছে ৰাৱণৰাজ্য আনখন হৈছে ৰামৰাজ্য। ৰামৰাজ্য দিন, ৰাৱণৰাজ্য ৰাতি। পিতাই কয় - এতিয়া এই ৰাৱণৰাজ্য নাশ হব, ইয়াৰ বাবে প্ৰস্তুতি চলি আছে। পিতাই পঢ়ুৱাই লৈ যাব আকৌ তোমালোকক ৰাজ্য লাগে। এই পতিত সৃষ্টিত জানো ৰাজ্য কৰিবা। শিৱবাবাৰতো ভৰি নাই যে ইয়াত পদাৰ্পণ কৰিব। দেৱতাসকলে এই পতিত সৃষ্টিত পদাৰ্পণ কৰিব নোৱাৰে। তোমালোকে জানা আমি দেৱতা হৈ আছোঁ। আকৌ ভাৰততে আহিম। কিন্তু সৃষ্টি পৰিৱৰ্তন হৈ কলিযুগৰ পৰা সত্যযুগ হৈ যাব। তোমালোক এতিয়া শ্ৰেষ্ঠ হৈ আছা। বহুত সন্তানে কয় - বাবা ধুমুহা আহে। পিতাই কয় - তোমালোকে পিতাক পাহৰি যোৱা। পিতাৰ মতত নচলা। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পিতাৰ মত পোৱা যায় - সন্তানসকল, ভ্রষ্টাচাৰী নহবা। তোমালোকক পঢ়াওঁতা এজনেই। তেওঁ কয় মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। এওঁৰ (ব্ৰহ্মাৰ) ৰথখনকো স্মৰণ নকৰিবা। ৰথী আৰু ৰথৰ মালিক (শিৱবাবা আৰু ব্ৰহ্মা বাবা। ঘোঁৰা গাড়ীৰতো কথা নহয়। তাত বহি জ্ঞান দিয় হয় জানো? আজিকালিতো এৰোপ্লেনত আৰোহণ কৰে। বিজ্ঞান একেবাৰে তীব্ৰ গতিত গৈ আছে। মায়াৰ পাম্প (জাকজমকতা) একেবাৰে তীব্রতৰ হৈ আছে। এই সময়ত ইজনে সিজনৰ কিমান সৎকাৰ কৰে। অমুক ঠাইৰ প্ৰধানমন্ত্ৰী আহিল, সন্মান পালে। 15 দিনৰ পাছত আকৌ সেই সন্মান কাঢ়ি নিয়ে। বাদশ্বাহসকলৰো সমস্যা হয়। ভীতিগ্ৰস্ত হৈ থাকে। তোমালোকে কিমান সহজ জ্ঞান পোৱা। তোমালোক কিমান গৰিব, কড়িও নাই। নিমিত্ত কৰা - বাবা এই সকলোবোৰ আপোনাৰ। বাবাই কয় - বাৰু তোমালোকো নিমিত্ত হৈ থাকা। যদিহে নিজৰ বুলি ভাবা তেন্তে ইয়াত তোমালোকৰ বুদ্ধিমত্তা নাথাকিল। শ্রীমতত চলিব লাগে। যিসকল নিমিত্ত হব তেওঁলোক শ্রীমতত চলিব। তোমালোক গৰিব, বুজি পোৱা যে এই লাম-লাকটু সকলো বাবাক দিওঁ। বাবাই আকৌ অতি উত্তম ৰায় দিয়ে। সন্তানৰ প্ৰতিপালনো কৰিব লাগে। তোমালোকে এই সময়ত জ্ঞান পোৱা, যাৰ দ্বাৰা তোমালোকৰ ভৱিষ্যত শুধৰণি হৈ যায় আৰু ৰজাৰো ৰজা হৈ যোৱাগৈ। আকৌ পিতাৰো কৰ্তব্য হৈছে ৰায় দিয়া। পিতাক স্মৰণ কৰা, দয়া উপজিব লাগে। কাৰোবাক গাঁতত পৰাৰ (অধোগতি হোৱাৰ) পৰা ৰক্ষা কৰিব লাগে। বহুত যুক্তিৰে চলিবলগীয়া হয়। শূৰ্পনখা, পুতনা, অজামিল, দুৰ্যোধন এয়া সকলো এতিয়াৰ নাম। এতিয়াৰ দৃশ্য আকৌ কল্পৰ পাছত হব। সেইজন পিতায়ে সন্মুখত আহি জ্ঞান শুনায়। মনুষ্যৰ পৰা দেৱতাৰ পদ প্ৰাপ্ত কৰায়। তোমালোক 5 হাজাৰ বছৰ পূৰ্বৰ দৰে উত্তৰাধিকাৰ লবলৈ আহিছা। আগতেও ভয়ানক যুদ্ধ হৈছিল। সেয়া ইয়াৰেই প্ৰাসংগিক। পিতাই ভালদৰে বুজাই মনুষ্যৰ পৰা দেৱতা পদ প্ৰাপ্ত কৰায়। তোমালোক পিতাৰ পৰা উত্তৰাধিকাৰ লবলৈ আহিছা, ব্ৰহ্মা বা জগত অম্বা অথবা বি.কে. ৰ পৰা উত্তৰাধিকাৰ পোৱা নাযায়। এওঁলোকেও উত্তৰাধিকাৰ পিতাৰ পৰাই লয়। অন্যকো বুজায়। তোমালোকেও জগত পিতাৰ সন্তান হৈ তেওঁৰ পৰা উত্তৰাধিকাৰ লোৱা। সকলোকে ভিন্ন ভিন্ন ধৰণে কয়, সন্তানসকল, মোক স্মৰণ কৰা। এয়া পোনপটীয়াকৈ বাণ নিক্ষেপ কৰে। পিতাই কয় সন্তানসকল, তোমালোকে উত্তৰাধিকাৰ মোৰ পৰা লব লাগে। কোনো মিত্ৰ-সম্বন্ধীয় আদি মৰি যাওক, উত্তৰাধিকাৰ তোমালোকে পিতাৰ পৰা লব লাগে। এইক্ষেত্ৰত বহুত আনন্দিত হৈ থাকিব লাগে। হেৰৌ ভাগ্য গঢ়িবলৈ আহিছা, জানা যে পিতাই এতিয়া পুনৰ আমাক স্বৰ্গৰ মালিক কৰি তোলে। গতিকে তেনেকুৱা আচৰণ ধাৰণ কৰিব লাগে। বিকাৰৰ পৰা হাত সাৰি থাকিব লাগে। আমি পাৱন নিৰ্বিকাৰী হৈ আছোঁ। নাটক আৰু বৃক্ষক বুজিব লাগে অন্য কোনো কষ্ট নাই, সৰলতকৈও সৰল। তথাপি কয় - বাবা পাহৰি গলোঁ। ভূত আহি গল। বাবাই কয় - এই ভূতবোৰক খেদা। অন্তৰ দৰ্পণত চোৱা - মই যোগ্য হৈছোঁনে! নৰৰ পৰা নাৰায়ণ হব লাগে। পিতাই বহি বুজায় - অতি মৰমৰ সৌভাগ্যশালী সন্তানসকল, তোমালোক সৌভাগ্যশালী হবৰ বাবে আহিছা। এতিয়াতো সকলো দুৰ্ভাগ্যশালী নহয় জানো। ভাৰতবাসীয়েই সৌভাগ্যশালী আছিল, কিমান চহকী আছিল। ভাৰতৰ কথা। পিতাই কয় - তোমালোকে নিজক আত্মা বুলি বুজা - কিয়নো তোমালোক মোৰ ওচৰলৈ আহিব লাগে তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। এতিয়া নাটক পূৰা হয়, আমি এতিয়া যাবলৈ ওলাইছোঁ। উপায়ো শুনায়। সকলো পাপৰ পৰা মুক্ত হৈ, পুণ্য আত্মা হৈ যাবা। পুণ্য আত্মাৰ সৃষ্টি আছিল যিখন পুনৰাই স্থাপন হৈ আছে। পুৰণি সৃষ্টি পৰিৱৰ্তিত হৈ নতুন হব। বুজি পায় - ভাৰত প্ৰাচীন আছিল, স্বৰ্গ আছিল। স্বৰ্গীয় ঈশ্বৰ পিতাই স্বৰ্গ স্থাপন কৰিলে। তেওঁ কেতিয়া আহিল? এই সময়তে আহে। ইয়াক কল্যাণকাৰী পিতাৰ আগমনৰ সময় বুলি কোৱা হয়। এয়াতো ৰাৱণৰ সম্প্ৰদায় কিমান অধিক। ৰামৰ সম্প্ৰদায় কিমান কমসংখ্যক আছে। ইয়াত বৃদ্ধি হৈ গৈ থাকে। সন্তানসকল পুনৰাই পিতাৰ পৰা উত্তৰাধিকাৰ লবলৈ আহি থাকিব। প্ৰদৰ্শনী বা প্ৰজেক্টৰৰ দ্বাৰা বুজাই থাকা। এতিয়াতো বহুত সেৱা কৰিবলৈ আছে। পিতাই কৈ থাকে মৰমৰ সন্তানসকল - এইখন ড্ৰামা। কিন্তু এই সময়লৈকে যি হল সেয়া যথাযথ ড্ৰামা বুলিয়েই কোৱা হব। ড্ৰামাত যি নিৰ্ধাৰিত হৈ আছে সেই ক্ষেত্ৰত পিতাই কয় - ময়ো তাত আছোঁ। সন্তানসকল, পতিত সৃষ্টিলৈ ময়ো আহিবলগীয়া হয়। চোৱা পৰমধাম এৰি মই সন্তানসকলৰ বাবে কেনেকৈ ইয়ালৈ আহোঁ। প্লেগ বেমাৰলৈ ভয় কৰি চিকিৎসকসকল দূৰলৈ আঁ‌তৰি নাযায়। তেওঁলোকতো আহিবই লাগে। গায়নো কৰে পতিত-পাৱন আহক, আহি পাঁ‌চ বিকাৰৰ পৰা উদ্ধাৰ কৰি পাৱন কৰি তোলক অৰ্থাৎ মুক্ত কৰক। দুখধামৰ পৰা সুখধামলৈ লৈ বলক। ভগৱান হৈছে মুক্তিদাতা (গড্ ইজ্ লিবাৰেটৰ্)। তেওঁ সকলোৰে মুক্তিদাতাও হয় আৰু মাৰ্গ-দৰ্শক হৈ উভতাই লৈ যায় আকৌ ক্ৰমানুসৰি আহে। সুৰ্যবংশী তাৰপাছত চন্দ্ৰবংশী, তাৰপাছত দ্বাপৰ আৰম্ভ হয় তেতিয়া তোমালোক পূজাৰী হৈ যোৱা। গায়নো কৰা হয় - দেৱতাসকল বাম (বিকাৰী) মাৰ্গত গুচি গল। বাম মাৰ্গৰ চিত্ৰও দেখুৱায়। এতিয়া তোমালোকে বাস্তৱত বুজি পোৱা - আমিয়েই দেৱতা আছিলোঁ, বুজিবলৈ কিমান সহজ কথা। এয়াতো ভালদৰে বুদ্ধিত ধাৰণ হব লাগে।

এতিয়া তোমালোক সন্তানসকল নিজৰ ভাগ্য গঢ়িবলৈ আহিছা। ইয়াত পিতা সন্মুখত বহি আছে। বাকী শিক্ষকসকল ক্ৰমানুসৰি। ইয়াত প্ৰজাপিতা ব্ৰহ্মাৰ মুখেৰে ভগৱানে সকলো বেদ শাস্ত্ৰৰ সাৰ শুনাইছে। প্ৰথমেতো ব্ৰহ্মাই শুনিব নহয় জানো। ব্ৰহ্মা, বিষ্ণু, শংকৰক সূক্ষ্মলোকত দেখুৱাইছে। এতিয়া বিষ্ণুতো হৈছে সত্যযুগৰ মালিক আৰু ব্ৰহ্মা হৈছে সংগমযুগৰ। ব্ৰহ্মাতো ইয়াত থাকিব লাগে, যিহেতু ব্ৰাহ্মণ আকৌ দেৱতা হয়। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। আগতেও যজ্ঞ ৰচিছিল, ইয়াতেই গোটেই সৃষ্টি স্বাহা হৈ যাব, সকলো নাশ হৈ যাব। তোমালোক সন্তানসকল পুনৰ ইয়ালৈ আহি নতুন সৃষ্টিত ৰাজত্ব কৰিবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভিতৰৰ পৰা ভূতবোৰ খেদি নৰৰ পৰা নাৰায়ণ হোৱাৰ যোগ্য হব লাগে, অন্তৰ দৰ্পণত চাব লাগে, মই কিমানলৈকে যোগ্য হৈছোঁ।

(2) নিজক আত্মা বুলি বুজি অশৰীৰী হৈ পিতাক স্মৰণ কৰিব লাগে। শৰীৰৰ বোধ যাতে নাথাকে - ইয়াৰ অভ্যাস কৰিব লাগে।

বৰদান:
পৱিত্ৰতাৰ আভিজাত্যৰ (ৰয়েল্টীৰ) দ্বাৰা সদায় হৰ্ষিত হৈ থাকোঁতা হৰ্ষিত অন্তৰৰ, হৰ্ষিতমুখৰ হোৱা

পৱিত্ৰতাৰ আভিজাত্য অৰ্থাৎ সত্যতাত স্থিত আত্মাসকল সদায় আনন্দত নাচি থাকে। তেওঁলোকৰ আনন্দ কেতিয়াবা কম, কেতিয়াবা বেছি নহয়। দিনে-প্ৰতিদিনে সকলো সময়ত আনন্দ আৰুহে বাঢ়ি থাকিব, তেওঁলোকৰ ভিতৰত এটা বাহিৰত অন্য এটা নহব। বৃত্তি, দৃষ্টি, বাণী আৰু চলন সকলো সত্য হব। এনেকুৱা সত্যতাত স্থিত অভিজাত আত্মাসকলে অন্তৰেৰেও আৰু নয়ন আৰু ব্যৱহাৰতো সদায় হৰ্ষিত হৈ থাকিব। অবিনাশী হৰ্ষিত অন্তৰৰ, হৰ্ষিতমুখৰ হব।

স্লোগান:
সংসাৰত সৰ্বশ্ৰেষ্ঠ বল হৈছে পৱিত্ৰতাৰ বল।