18.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক ডবল অহিংসক আত্মিক সেনা হোৱা, তোমালোকে শ্ৰীমতত নিজৰ দৈৱী ৰাজধানী স্থাপন কৰিব লাগে

প্ৰশ্ন:
তোমালোক আত্মিক সেৱাধাৰী সন্তানসকলে সকলোকে কোনটো কথাত সাৱধান কৰি দিয়া?

উত্তৰ:
তোমালোকে সকলোকে সাৱধান কৰি দিয়া যে এয়া সেয়াই মহাভাৰতৰ যুদ্ধৰ সময়, এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ হব, পিতাই নতুন সৃষ্টিৰ স্থাপনা কৰাই আছে। বিনাশৰ পাচত আকৌ জয়জয়কাৰ হব। তোমালোকে পৰস্পৰ মিলি উপায় উলিয়াব লাগে যে বিনাশৰ আগতে সকলোৱে পিতাৰ পৰিচয় কেনেকৈ পায়।
 

গীত:
তুনে ৰাত গঁৱাই চো কে .. (তুমি ৰাতি শুই কটালা..)

ওঁম্শান্তি।
পিতাই বুজাই আছে উচ্চতকৈ উচ্চ হৈছে ভগৱান আকৌ তেওঁক উচ্চতকৈ উচ্চ কামাণ্ডাৰ ইন চিফ আদিও কোৱা কিয়নো তোমালোক সেনা নোহোৱা জানো। তোমালোকৰ চুপ্ৰীম কামাণ্ডাৰ কোন? এইটোও জানা যে দুবিধ সেনা আছে - তেওঁলোক হল শাৰীৰিক, তোমালোক হলা আত্মিক। তেওঁলোক হদৰ (সীমিত), তোমালোক বেহদৰ (অসীমৰ)। তোমালোকৰ ভিতৰত কামাণ্ডাৰো আছে, জেনেৰেলও আছে, লেফটিনেণ্টও আছে। সন্তানসকলে জানে আমি শ্ৰীমত অনুসৰি ৰাজধানী স্থাপন কৰি আছোঁ। যুদ্ধ আদিৰতো কোনো কথা নাই। আমি গোটেই বিশ্বত পুনৰ শ্ৰীমত অনুসৰি দৈৱী ৰাজ্য স্থাপন কৰি আছোঁ। কল্পই-কল্পই আমাৰ এই ভূমিকা চলি থাকে। এই সকলোবোৰ হল বেহদৰ কথা। সেই যুদ্ধসমূহত এইবোৰ কথা নাই। উচ্চতকৈ উচ্চ হল পিতা। তেওঁক যাদুকৰ, ৰত্নাকৰ, জ্ঞানৰ সাগৰ বুলিও কয়। পিতাৰ মহিমা অপৰম-অপাৰ। তোমালোকে বুদ্ধিৰে কেৱল পিতাক স্মৰণ কৰিব লাগে। মায়াই স্মৃতি পাহৰাই দিয়ে। তোমালোক হলা ডবল অহিংসক আত্মিক সেনা। তোমালোকৰ এইটোৱেই খেয়াল (চিন্তা) যে আমি নিজৰ ৰাজ্য কেনেকৈ স্থাপন কৰোঁ। ড্ৰামাই নিশ্চয় কৰাব। পুৰুষাৰ্থতো কৰিবলগীয়া হয় নহয় জানো। যিসকল ভাল ভাল সন্তান আছে, নিজৰ ভিতৰতে ৰায় কৰিব (উপায় উলিয়াব) লাগে। মায়াৰ সৈতে যুদ্ধতো অন্তলৈকে তোমালোকৰ চলি থাকিব। এইটোও জানা যে মহাভাৰতৰ যুদ্ধ নিশ্চয় হব। নহলে পুৰণি সৃষ্টিৰ বিনাশ কেনেকৈ হব। বাবাই আমাক শ্ৰীমত দি আছে। আমি সন্তানসকলে পুনৰ নিজৰ ৰাজ্য-ভাগ্য স্থাপন কৰিব লাগে। এই পুৰণি সৃষ্টিৰ বিনাশ হৈ আকৌ ভাৰতত জয়জয়কাৰ হৈ যাব যাৰ কাৰণে তোমালোক নিমিত্ত হৈছা। সেয়েহে পৰস্পৰ লগ হব লাগে। কি কি ধৰণে আমি সেৱা কৰিব পাৰোঁ। সকলোকে পিতাৰ বাৰ্তা শুনাও যে এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ হব। পিতাই নতুন সৃষ্টিৰ স্থাপনা কৰি আছে। লৌকিক পিতায়ো নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া সন্তানসকল আনন্দিত হয়। সেয়া হল হদৰ কথা, এয়া হল গোটেই বিশ্বৰ কথা। নতুন সৃষ্টিক সত্যযুগ, পুৰণি সৃষ্টিক কলিযুগ বুলি কোৱা হয়। এতিয়া পুৰণি সৃষ্টি গতিকে এইটো জানিব লাগে - পিতা কেতিয়া আৰু কেনেকৈ আহি নতুন সৃষ্টিৰ স্থাপন কৰে। তোমালোকৰ ভিতৰত পুৰুষাৰ্থৰ ক্ৰমানুসৰি জানে। জেষ্ঠতকৈ জেষ্ঠ হৈছে পিতা, তাৰপাচত ক্ৰমানুসৰি মহাৰথী, অশ্বাৰোহী, পদাতিক আছে। কামাণ্ডাৰ, কেপ্টেইন এইবিলাক মাত্ৰ দৃষ্টান্ত দি বুজোৱা হয়। গতিকে সন্তানসকল পৰস্পৰ লগ হৈ উপায় উলিয়াব লাগে যে সকলোকে পিতাৰ পৰিচয় কেনেকৈ দিওঁ, এয়া হল আত্মিক সেৱা। আমি নিজৰ ভাই-ভনীক সাৱধান কেনেকৈ কৰোঁ যে পিতা নতুন সৃষ্টি স্থাপন কৰিবলৈ আহিছে। পুৰণি সৃষ্টিৰ বিনাশো সন্মুখত ঠিয় হৈ আছে। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ হয়। মনুষ্যইতো এইটোও বুজি নাপায় যে মহাভাৰতৰ যুদ্ধৰ পাচত আকৌ কি হল।

তোমালোকে এতিয়া অনুভৱ কৰা যে এতিয়া আমি সংগমত পুৰুষোত্তম হৈ আছোঁ। এতিয়া পিতা আহিছে পুৰুষোত্তম কৰি গঢ়ি তুলিবলৈ। ইয়াত যুদ্ধ আদিৰ কোনো কথাই নাই। পিতাই বুজায় - সন্তানসকল, পতিত সৃষ্টিত এজনো পাৱন থাকিব নোৱাৰে আৰু পাৱন সৃষ্টিত আকৌ এজনো পতিত থাকিব নোৱাৰে। ইমান সৰু কথাটিও কোনেও বুজি নাপায়। তোমালোক সন্তানসকলক সকলো চিত্ৰ আদিৰ সাৰ বুজোৱা হয়। ভক্তি মাৰ্গত মনুষ্যই জপ-তপ, দান-পুণ্য আদি যিবোৰ কৰে, তাৰ দ্বাৰা অল্পকালৰ বাবে কাগ বিষ্ঠাৰ সমান (একেবাৰে নগন্য) সুখৰ প্ৰাপ্তি হয়। কিন্তু যেতিয়া কোনোবাই ইয়ালৈ আহি বুজিব তেতিয়া এই কথাবোৰ বুদ্ধিত ধাৰণ হব। এইখন হৈছেই ভক্তিৰ ৰাজ্য। জ্ঞান লেখমাত্ৰও নাই। যেনেকৈ পতিত সৃষ্টিত পাৱন এজনো নাই, তেনেকৈ জ্ঞানো এজনৰ বাহিৰে আৰু অন্য কাৰোৱেই নাই। বেদ-শাস্ত্ৰ আদি সকলো ভক্তি মাৰ্গৰ। ছিৰি নামিবই (অৱনতি হবই) লাগিব। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা, ইয়াত ক্ৰমানুসৰি সেনা আছে। মুখ্য মুখ্য যিসকল কামাণ্ডাৰ, কেপ্টেইন, জেনেৰেল আদি আছে, তেওঁলোকে পৰস্পৰ লগ হৈ উপায় উলিয়াব লাগে, আমি বাবাৰ বাৰ্তা কেনেকৈ দিওঁ। সন্তানসকলক বুজোৱা হৈছে মেচেঞ্জাৰ (বাৰ্তাবাহক), পয়গম্বৰ (ধৰ্ম ও নীতিপ্ৰচাৰক) অথবা গুৰু এজনেই। বাকী সকলো হল ভক্তি মাৰ্গৰ। সংগমযুগী কেৱল তোমালোকহে। এই লক্ষ্মী-নাৰায়ণ লক্ষ্য উদ্দেশ্য একেবাৰে সঠিক। ভক্তি মাৰ্গত সত্যনাৰায়ণৰ কথা (আখ্যান), তিজৰীৰ (তৃতীয় নেত্ৰৰ) কথা, অমৰ কথা বহি শুনায়। এতিয়া পিতাই তোমালোকক সঁচা সত্যনাৰায়ণৰ কথা শুনাই আছে। ভক্তিমাৰ্গত হৈছে অতীতৰ কথা, যিসকল আহি গুচি যায় তেওঁলোকৰ পাচত আকৌ মন্দিৰ আদি নিৰ্মাণ কৰে। যেনেকৈ শিৱবাবাই এতিয়া তোমালোকক পঢ়াই আছে পুনৰ ভক্তিমাৰ্গত স্মাৰক নিৰ্মাণ কৰিব। সত্যযুগত শিৱ বা লক্ষ্মী-নাৰায়ণ আদি কাৰোৰে চিত্ৰ নাথাকে। জ্ঞান একেবাৰে বেলেগ, ভক্তি বেলেগ। এয়াও তোমালোকে জানা সেয়েহে পিতাই কৈছে বেয়া নুশুনিবা, বেয়া নকবা.।

তোমালোক সন্তানসকল এতিয়া কিমান আনন্দিত হোৱা, নতুন সৃষ্টি স্থাপন হৈ আছে। সুখধামৰ স্থাপনাৰ অৰ্থে বাবাই আমাক পুনৰ ডায়ৰেক্সন (নিৰ্দেশনা) দি আছে, তাৰ ভিতৰতো নাম্বাৰ ৱান ডায়ৰেক্সন দিয়ে পবিত্ৰ হোৱা। পতিততো সকলো হয় নহয় জানো। গতিকে যিসকল ভাল ভাল সন্তান আছে তেওঁলোকে পৰস্পৰ লগ হৈ ৰায় দিব (উপায় উলিয়াব) লাগে যে সেৱাৰ বৃদ্ধি কেনেকৈ কৰোঁ, দুখীয়াসকলক কেনেকৈ বাৰ্তা দিওঁ, পিতাতো কল্পৰ আগৰ দৰে আহিছে। তেওঁ কয় - নিজকে আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। ৰাজধানী নিশ্চয় স্থাপন হব লাগিব। নিশ্চয় বুজিব। যিসকল দেৱী-দেৱতা ধৰ্মৰ নহয় তেওঁলোকে নুবুজিব। বিনাশ কালত ঈশ্বৰৰ প্ৰতি বিপৰীত বুদ্ধিৰ হয় নহয় জানো। তোমালোক সন্তানসকলে জানা যে আমাৰ গৰাকী আছে সেয়েহে তোমালোক বিকাৰতো যাব নালাগে, কাজিয়া-পেচালো কৰিব নালাগে। তোমালোকৰ ব্ৰাহ্মণ ধৰ্ম বহুত উচ্চ হয়। তেওঁলোক শূদ্ৰ ধৰ্মৰ, তোমালোক ব্ৰাহ্মণ ধৰ্মৰ। তোমালোক টিকনি (উচ্চ), তেওঁলোক ভৰি (নিম্ন)। টিকনিৰ (উচ্চৰ) ওপৰত হৈছে উচ্চতকৈ উচ্চ ভগৱান নিৰাকাৰ। এই দুচকুৰে নেদেখাৰ কাৰণে বিৰাট ৰূপত টিকনি (ব্ৰাহ্মণ) আৰু শিৱবাবাক নেদেখুৱায়। কেৱল কয় দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। যিসকল দেৱতা হয় তেওঁলোকেই আকৌ পুনৰ্জন্ম লৈ ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হয়গৈ। বিৰাট ৰূপৰো অৰ্থ কোনেও নাজানে। এতিয়া তোমালোকে বুজি পাইছা গতিকে কাৰেক্ট (শুদ্ধ) চিত্ৰ অংকন কৰিব লাগে। শিৱবাবাকো দেখুওৱা হৈছে আৰু ব্ৰাহ্মণসকলকো দেখুওৱা হৈছে, তোমালোকে এতিয়া সকলোকে এই বাৰ্তা প্ৰেৰণ কৰিব লাগে যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। তোমালোকৰ কাম হৈছে মেছেজ (বাৰ্তা) দিয়া। যেনেকৈ পিতাৰ মহিমা অপৰমঅপাৰ, তেনেকৈ ভাৰতৰো বহুত মহিমা আছে। এয়াও 7 দিন কোনোৱে যদি শুনে তেতিয়া বুদ্ধিত ধাৰণ হব। কয় যে আজৰি নাই। হেৰ আধা কল্প আহ্বান কৰি আহিছা, এতিয়া তেওঁ প্ৰেক্টিকেলত আহিছে। পিতা আহিবই লাগে অন্তিমত। এয়াও তোমালোক ব্ৰাহ্মণসকলেহে পুৰুষাৰ্থৰ ক্ৰমানুসৰি জানা। পঢ়া আৰম্ভ কৰিলা আৰু নিশ্চয় হল। প্ৰেমিক (পিতা) আহিছে, যাক আমি আহ্বান কৰিছিলোঁ, নিশ্চয় কোনো শৰীৰত আহিছে। তেওঁৰ (পিতাৰ) নিজৰ শৰীৰতো নাই। পিতাই কয় - মই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰি তোমালোক সন্তানসকলক সৃষ্টি চক্ৰৰ, ৰচয়িতা আৰু ৰচনাৰ জ্ঞান দিওঁ। এয়া আৰু কোনেও নাজানে। এয়া হৈছে পঢ়া। বহুত সহজ কৰি বুজায়। বাবাই কয় - মই তোমালোকক কিমান চহকী কৰি তোলোঁ। কল্পই কল্পই তোমালোকৰ নিচিনা পবিত্ৰ আৰু সুখী কোনো নাই। তোমালোক সন্তানসকলে এই সময়ত সকলোকে জ্ঞান দিয়া। পিতাই তোমালোকক ৰত্নৰ দান দিয়ে, তোমালোকে সেয়া আনক দিয়া। ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলা। তোমালোকে নিজৰেই তন-মন-ধনেৰে শ্ৰীমতত ভাৰতক স্বৰ্গ কৰি গঢ়ি আছা। কিমান উত্তম কাৰ্য হয়। তোমালোক গুপ্ত সেনানী, কোনেও গম নাপায়। তোমালোকে জানা যে আমি বিশ্বৰ বাদশ্বাহী (সাম্ৰাজ্য) লৈ আছোঁ, শ্ৰীমতৰ দ্বাৰা শ্ৰেষ্ঠ হওঁ। এতিয়া পিতাই কয় - মামেকম্‌ (মনেৰে কেৱল মোক) স্মৰণ কৰা। কৃষ্ণইতো কব নোৱাৰে, তেওঁতো ৰাজকুমাৰ আছিল। তোমালোক প্ৰিন্স (ৰাজকুমাৰ) হোৱাগৈ নহয় জানো। সত্যযুগ-ত্ৰেতাত পবিত্ৰ প্ৰবৃত্তি মাৰ্গ হয়। অপবিত্ৰ ৰজাসকলে পবিত্ৰ ৰজা-ৰাণী লক্ষ্মী-নাৰায়ণৰ পূজা কৰে। পবিত্ৰ প্ৰবৃত্তি মাৰ্গৰসকলৰ ৰাজত্ব চলে পুনৰ হয় অপবিত্ৰ প্ৰবৃত্তি মাৰ্গ। আধা আধা হয় নহয় জানো। দিন আৰু ৰাতি। লাখ-লাখ বছৰৰ কথা হয় যদি আধা-আধাতো হব নোৱাৰিব। লাখ-লাখ বছৰ হয় যদি তেতিয়া আকৌ হিন্দু যিসকল বাস্তৱত দেৱতা ধৰ্মৰ হয় তেওঁলোকৰ সংখ্যা বহুত বেছি হব লাগে। অগণন হব লাগে। এতিয়াতো গণনা কৰে নহয়। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, পুনৰ হব। মৃত্যু সন্মুখত ঠিয় হৈ আছে। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ হয়। গতিকে পৰস্পৰ লগ হৈ সেৱাৰ প্লেন ৰচনা কৰিব লাগে। সেৱা কৰিও থাকে। নতুন নতুন চিত্ৰ ওলায়, প্ৰদৰ্শনীও কৰে। বাৰু, আৰু কি কৰা যাব? ভাল আত্মিক সংগ্ৰহালয় নিৰ্মাণ কৰা। নিজে চাই যাব তেতিয়া গৈ আনকো পঠিয়াব। দুখীয়া অথবা চহকী দানতো কৰে নহয় জানো। চহকীসকলে বেছিকৈ কৰিব, ইয়াতো এনেকুৱাই। কোনোৱে এহাজাৰ দিব, কোনোৱে কম। কোনোৱেতো দুটকাও পঠিয়াই দিয়ে। কয়, যে এটকাৰ ইটা লগাই দিব। এটকা 21 জন্মৰ কাৰণে জমা কৰে। এয়া হৈছে গুপ্ত। দুখীয়াৰ এটকা, চহকীৰ এক হাজাৰ, সমান হৈ যায়। দুখীয়াৰ ওচৰত আছেই অলপ গতিকে কি কৰিব পাৰিব। হিচাপ আছে নহয়। বেপাৰীসকলে দান-পুণ্য কৰে, এতিয়া কি কৰিব লাগে। পিতাক সহায় আগবঢ়াব লাগে। পিতাই আকৌ ৰিটাৰ্ন (প্ৰতিদান) হিচাপে 21 জন্মৰ কাৰণে দিয়ে। পিতা আহি দুখীয়াসকলক সহায় কৰে। এতিয়াতো এই সৃষ্টিখনেই নাথাকিব। সকলোবোৰ মাটিত মিলি যাব। এইটোও জানা যে স্থাপনা নিশ্চয় হব কল্পৰ আগৰ দৰেই। নিৰাকাৰ পিতাই কয় - সন্তানসকল, দেহৰ সকলো ধৰ্ম ত্যাগ কৰি এজন পিতাক স্মৰণ কৰা। এই ব্ৰহ্মাও ৰচনা হয় নহয় জানো। ব্ৰহ্মা কাৰ সন্তান, কোনে ৰচনা কৰিলে। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰক কেনেকৈ ৰচনা কৰে, এয়াও কোনেও নাজানে। পিতা আহি সত্য কথা বুজায়। ব্ৰহ্মাও নিশ্চয় মনুষ্য সৃষ্টিতে আছে। ব্ৰহ্মাৰ বংশাৱলী বুলি গায়ন কৰা হৈছে। ভগৱানে মনুষ্য সৃষ্টিৰ ৰচনা কেনেকৈ ৰচে, এয়া কোনেও নাজানে। ব্ৰহ্মাতো ইয়াত থাকিব লাগে নহয় জানো। পিতাই কয় - যি শৰীৰত মই প্ৰৱেশ কৰিছোঁ, এয়াও বহুত জন্মৰ অন্তিমৰটো। এওঁ পুৰা 84 জন্ম লৈছে। ব্ৰহ্মা কোনো ৰচয়িতা নহয়। এজন নিৰাকাৰহে ৰচয়িতা হয়। আত্মাসকলো নিৰাকাৰ। তেওঁতো অনাদি। কোনেও ৰচনা কৰা নাই তেন্তে ব্ৰহ্মা কৰ পৰা আহিল। পিতাই কয় - মই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰি নাম সলনি কৰিছোঁ। তোমালোক ব্ৰাহ্মণসকলৰো নাম সলনি কৰিছোঁ। তোমালোক হলা ৰাজঋষি, আৰম্ভণিতে সন্ন্যাস কৰি (ত্যাগী হৈ) লগত থাকিবলৈ লোৱাৰ কাৰণে নাম সলনি কৰি দিয়া হল। পাচত দেখা পালে যে মায়াই খাই পেলাই (প্ৰভাৱিত কৰে) তেতিয়া মালা তৈয়াৰ কৰিবলৈ, নাম ৰাখিবলৈ এৰি দিলে।

আজিকালি সংসাৰত প্ৰত্যেক কথাতে ঠগবাজি বহুত। গাখীৰতো ঠগবাজি। শুদ্ধ বস্তুতো পোৱাই নাযায়। পিতাৰ প্ৰতিও ঠগবাজি। নিজকেই ভগৱান বুলি কবলৈ লয়। এতিয়া তোমালোক সন্তানসকলে জানা যে আত্মা কি, পৰমাত্মা কি। তোমালোকৰ মজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আছে। পিতাই জানে যে কোনে কেনেকৈ পঢ়ে আকৌ আনক পঢ়ায়, কি পদ পাব। নিশ্চয় আছে যে আমি পিতাৰ দ্বাৰা ৱৰ্ল্ডৰ ক্ৰাউন প্ৰিন্স (বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ) হৈ আছোঁ। গতিকে এনেকুৱা পুৰুষাৰ্থ কৰি দেখুৱাব লাগে। আমি ক্ৰাউন প্ৰিন্স হওঁ। আকৌ 84ৰ চক্ৰ পৰিক্ৰমা কৰিলোঁ এতিয়া পুনৰ হওঁ। এয়া হৈছে নৰক, ইয়াত একোৱেই নাই। পুনৰ পিতা আহি ভঁৰাল ভৰপূৰ কৰি দুখ-কষ্ট দূৰ কৰি দিয়ে। তোমালোকে সকলোকে সোধা - ইয়ালৈ ভঁৰাল ভৰপূৰ কৰিবলৈ আহিছা নহয়। অমৰপুৰীত কাল আহিব নোৱাৰে। পিতা আহেই ভঁৰাল ভৰপূৰ কৰি দুখ-কষ্ট দূৰ কৰিবলৈ। সেইখন হল অমৰলোক, এইখন হল মৃত্যুলোক। এনেকুৱা মিঠা-মিঠা কথা শুনি আৰু শুনাব লাগে। অদৰকাৰী কথা নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই বিশ্বৰ মালিক হোৱাৰ পাঠ পঢ়াবলৈ আহিছে সেইবাবে কেতিয়াও এনেকৈ কব নালাগে যে আমাৰ সময় নাই। শ্ৰীমতত তন-মন-ধনেৰে ভাৰতক স্বৰ্গকৰি তোলাৰ সেৱা কৰিব লাগে।

(2) পৰস্পৰ অতি মিঠা মিঠা জ্ঞানৰ কথা শুনিব আৰু শুনাব লাগে। পিতাৰ এইটো ডায়ৰেক্সন (নিৰ্দেশনা) যাতে সদায় স্মৃতিত থাকে - হিয়েৰ ন ইভিল, টক ন ইভিল (বেয়া নুশুনিবা, বেয়া নকবা.)।
 

বৰদান:
পুৰুষাৰ্থৰ সূক্ষ্ম আলস্যকো ত্যাগ কৰোঁতা অলৰাউণ্ডাৰ (সকলো দিশতে আগৰণুৱা) এলাৰ্ট (সজাগ) হোৱা

পুৰুষাৰ্থত ভাগৰি পৰাতো আলস্যৰ চিন। আলস্যসকল সোনকালে ভাগৰি পৰে, উদ্দীপনাত থকাসকল অথক হয়। যিসকল পুৰুষাৰ্থত নিৰাশ হয় তেওঁলোকৰহে আলস্য ভাৱ আহে, তেওঁলোকে ভাবে কি কৰোঁ ইমানখিনিহে হব পাৰে, বেছি হব নোৱাৰে। সাহস নাই, চলিতো আছোঁ, কৰিতো আছোঁ - এতিয়া এই সূক্ষ্ম আলস্যৰো নাম-চিহ্ন থাকিব নালাগে ইয়াৰ কাৰণে সদায় এলাৰ্ট (সজাগ), এভাৰৰেডি (সদা প্ৰস্তুত) আৰু অলৰাউণ্ডাৰ (সকলো দিশতে আগৰণুৱা) হোৱা।

স্লোগান:
সময়ৰ মহত্বক সন্মুখত ৰাখি সকলো প্ৰাপ্তিৰ হিচাপ সম্পূৰ্ণকৈ জমা কৰা।