18.10.20    Avyakt Bapdada     Assame Murli     07.04.86     Om Shanti     Madhuban


*তপস্বীমূৰ্ত, ত্যাগমূৰ্ত, বিধাতাই হৈছে বিশ্ব-ৰাজ্য অধিকাৰী*


আজি আত্মিক বন্তিশিখাই নিজৰ আত্মিক চগাপোকসকলক চাই আছেহঁক। সকলো আত্মিক চগাপোকে বন্তিশিখাৰ লগত মিলন উদযাপন কৰিবলৈ চাৰিওফালৰ পৰা আহি উপস্থিত হৈছে। আত্মিক চগাপোকসকলৰ মৰম আত্মিক বন্তিশিখাই জানে আৰু চগাপোকসকলে জানে। বাপদাদাই জানে যে সকলো সন্তানৰ আন্তৰিক স্নেহে আকৰ্ষিত কৰি এই অলৌকিক মেলাত সকলোকে লৈ আনিছে। এই আলৌকিক মেলাৰ বিষয়ে অলৌকিক সন্তানসকলে জানে আৰু পিতাই জানে! জগতৰ বাবে এই মেলা গুপ্ত! যদি কাৰোবাক কোৱা যে আত্মিক মেলালৈ গৈ আছোঁ তেন্তে তেওঁ কি বুজিব? এই মেলা সদাকালৰ বাবে মালামাল কৰি তোলাৰ মেলা। এই পৰমাত্ম-মেলা সৰ্ব প্ৰাপ্তি স্বৰূপ কৰি তোলাৰ মেলা হয়। বাপদাদাই সকলো সন্তানৰে আন্তৰিক উৎসাহ-উদ্দীপনাক চাই আছেহঁক। প্ৰত্যেকৰ মনত স্নেহ সাগৰৰ ঢৌৱে ঢৌ খেলি আছে। এয়া বাপদাদাই দেখিও আছে আৰু জানেও যে নিষ্ঠাই বিঘ্ন বিনাশক কৰি মধুবন নিবাসী কৰি তুলিছে। সকলোৰে সকলো কথা স্নেহত সমাপ্ত হৈ গল। সদা প্ৰস্তুতৰ আখৰা (এভাৰেডিৰ ৰিহাৰ্চেল) কৰি দেখুৱালা। সদা প্ৰস্তুত হৈ গৈছা নহয়। এয়াও মিঠা নাটকৰ (ড্ৰামাৰ) মিঠা ভূমিকা দেখি বাপদাদা আৰু ব্ৰাহ্মণ সন্তানসকল হৰ্ষিত হৈ আছে। স্নেহ থাকিলে সকলো কথা সহজো লাগে আৰু ভালো লাগে। যি নাটক ৰচা হল সেই নাটক বাঃ! কিমান বাৰ এনেদৰে দৌৰি দৌৰি আহিছা। ট্ৰেইনত আহিছা নে পাখিৰে উৰি আহিছা? ইয়াক কোৱা হয় যত অন্তৰ আছে তত অসম্ভৱো সম্ভৱ হৈ যায়। স্নেহৰ স্বৰূপতো দেখুৱালা, এতিয়া আগলৈ কি কৰিবা? যি এতিয়ালৈকে হল সেয়া শ্ৰেষ্ঠ হল আৰু শ্ৰেষ্ঠ হৈ থাকিব।

এতিয়া সময় অনুসৰি সৰ্ব স্নেহী, সৰ্বশ্ৰেষ্ঠ সন্তানসকলৰ পৰা বাপদাদাই আৰু বিশেষ কি বিচাৰে বাৰু? এনেয়েতো গোটেই চিজনতে সময়ে সময়ে ইংগিত দিয়ে। এতিয়া সেই ইংগিতসমূহক প্ৰত্যক্ষ ৰূপত দেখাৰ সময় আহি আছে। স্নেহী আত্মা হোৱা, সহযোগী আত্মা হোৱা, সেৱাধাৰী আত্মাও হোৱা। এতিয়া মহাতপস্বী আত্মা হোৱা। নিজৰ সংগঠিত স্বৰূপৰ তপস্যাৰ আত্মিক জ্বালাৰে সকলো আত্মাক দুখ অশান্তিৰ পৰা মুক্ত কৰাৰ মহান কাৰ্য কৰাৰ সময়। যিদৰে এফালে অনাহকত তেজৰ খেলৰ লহৰ বাঢ়ি গৈ আছে, সকলো আত্মাই নিজক নিঃসহায় অনুভৱ কৰি আছে, এনেকুৱা সময়ত সকলো সহায়ৰ অনুভূতি কৰোৱাৰ নিমিত্ত তোমালোক মহাতপস্বী আত্মাসকল হোৱা। চাৰিওফালে এই তপস্বী স্বৰূপৰ দ্বাৰা আত্মাসকলক আত্মিক শান্তিৰ অনুভৱ কৰাব লাগে। গোটেই বিশ্বৰ আত্মাসকল প্ৰকৃতিৰ পৰা, বায়ুমণ্ডলৰ পৰা, মনুষ্য আত্মাসকলৰ পৰা, নিজৰ মনৰ দুৰ্বলতাসমূহৰ পৰা, শৰীৰৰ পৰা অস্থিৰ হৈ আছে। এনেকুৱা আত্মাসকলক সুখ-শান্তিৰ স্থিতিৰ এটা চেকেণ্ডো যদি অনুভৱ কৰোৱা তেন্তে অন্তৰেৰে বাৰে বাৰে তোমালোকক ধন্যবাদ জনাব। বৰ্তমান সময়ত সংগঠিত ৰূপত জ্বালা স্বৰূপৰ আৱশ্যকতা আছে। এতিয়া বিধাতাৰ সন্তান বিধাতা স্বৰূপত স্থিত হৈ থাকি সকলো সময়তে দি যোৱা। অখণ্ড মহান লংগৰ লগোৱা কিয়নো ৰাজকীয় ভিক্ষাৰী বহুত আছে। কেৱল ধনৰ ভিক্ষাৰী, ভিক্ষাৰী নহয় কিন্তু মনৰ ভিক্ষাৰী অনেক প্ৰকাৰৰ আছে। অপ্ৰাপ্ত আত্মাসকল প্ৰাপ্তিৰ এটি টোপালৰো বহুত তৃষ্ণাতুৰ হয় সেইবাবে এতিয়া সংগঠনত বিধাতা ভাৱৰ লহৰ বিয়পোৱা। যি সম্পত্তি জমা কৰিছা সেয়া যিমানে মাষ্টৰ বিধাতা হৈ দি যাবা সিমান ভৰপূৰ হৈ গৈ থাকিব। কিমান শুনিছা। এতিয়া কৰাৰ সময়। তপস্বী মূৰ্তৰ অৰ্থ হৈছে - তপস্যাৰ দ্বাৰা শান্তিৰ শক্তিৰ কিৰণ চাৰিওফালে বিয়পি থকাৰ অনুভৱ হওক। কেৱল নিজৰ প্ৰতি স্মৃতি স্বৰূপ হৈ শক্তি লোৱা বা মিলন উদযাপন কৰা সেয়া বেলেগ কথা। কিন্তু তপস্বী স্বৰূপ আনক দিয়াৰ স্বৰূপ হয়। যিদৰে সূৰ্যই বিশ্বক কিৰণৰ আৰু অনেক বিনাশী প্ৰাপ্তিৰ অনুভৱ কৰায়। এনেকুৱা মহান তপস্বী ৰূপৰ দ্বাৰা প্ৰাপ্তিৰ কিৰণৰ অনুভূতি কৰোৱা। তাৰ বাবে প্ৰথমতে জমাৰ হিচাপ বঢ়োৱা। এনেকুৱা নহয় যে স্মৃতিৰে বা জ্ঞানৰ মননৰ দ্বাৰা নিজক শ্ৰেষ্ঠ কৰি তুলিলা, মায়াজিৎ বিজয়ী কৰি তুলিলা, ইয়াতেই কেৱল আনন্দিত নহবা। কিন্তু সৰ্ব সম্পত্তিৰে গোটেই দিনটোত কিমানৰ প্ৰতি বিধাতা হলা। সকলো সম্পত্তিক নিতৌ কাৰ্যত লগাইছা নে কেৱল জমাক দেখি আনন্দিত হৈ আছা। এতিয়া এইটো খতিয়ান ৰাখা যে আনন্দৰ সম্পত্তি, শান্তিৰ সম্পত্তি, শক্তিসমূহৰ সম্পত্তি, জ্ঞানৰ সম্পত্তি, গুণৰ সম্পত্তি, সহযোগ দিয়াৰ সম্পত্তি কিমান বিলালা অৰ্থাৎ কিমান বঢ়ালা, ইয়াৰ দ্বাৰা সেয়া যি গতানুগতিক খতিয়ান ৰাখা সেয়া স্বতঃ শ্ৰেষ্ঠ হৈ যাব। পৰ-উপকাৰী হলে স্বতঃ স্ব-উপকাৰী হৈ যায়। বুজিলা - এতিয়া কোনবিধ খতিয়ান ৰাখিব লাগে? এয়া তপস্বী স্বৰূপৰ খতিয়ান - বিশ্বকল্যণকাৰী হোৱাৰ। গতিকে কিমানৰ কল্যাণ কৰিলা? নে কেৱল স্ব-কল্যাণতেই সময় গৈ আছে? স্ব-কল্যাণ কৰাৰ সময় বহুত অতিবাহিত হল। এতিয়া বিধাতা হোৱাৰ সময় আহি গৈছে সেইবাবে বাপদাদাই পুনৰাই সময়ৰ ইংগিত দি আছে। যদি এতিয়ালৈকে বিধাতা ভাৱৰ স্থিতিৰ অনুভৱ কৰা নাই তেন্তে অনেক জন্ম বিশ্বৰাজ্য অধিকাৰী হোৱাৰ পদমাপদম ভাগ্যক প্ৰাপ্ত কৰিব নোৱাৰিবা, কিয়নো বিশ্বৰাজন বিশ্বৰ মাতা-পিতা অৰ্থাৎ বিধাতা হয়। এতিয়াৰ বিধাতা ভাৱৰ সংস্কাৰে অনেক জন্মৰ প্ৰাপ্তি কৰাই থাকিব। যদি এতিয়ালৈকে লোৱাৰ সংস্কাৰ কোনো ৰূপত আছে, নাম সন্মান লওঁতা বা যিকোনো প্ৰকাৰৰ লওঁতাৰ সংস্কাৰে বিধাতা কৰি নুতুলিব।

তপস্যা স্বৰূপ অৰ্থাৎ লওঁতাৰ ত্যাগমূৰ্ত। এই হদৰ লওঁতাই, ত্যাগমূৰ্ত, তপস্বীমূৰ্ত হবলৈ নিদিব সেইবাবে তপস্বীমূৰ্ত অৰ্থাৎ হদৰ ইচ্ছাৰ বিষয়ে অজ্ঞ ৰূপ। যিয়ে লোৱাৰ সংকল্প কৰে তেওঁ অল্পকালৰ বাবে লয় কিন্তু সদাকালৰ বাবে হেৰুৱায় সেইবাবে বাপদাদাই বাৰে বাৰে এইটো কথাৰ ইংগিত দি আছে। তপস্বী ৰূপত বিশেষ বিঘ্ন ৰূপ এই অল্পকালৰ ইচ্ছাই হয় সেইবাবে এতিয়া বিশেষ তপস্যাৰ অভ্যাস কৰিব লাগে। সমান হোৱাৰ এই প্ৰমাণ দিব লাগে। স্নেহৰ প্ৰমাণ দিলা সেয়াতো আনন্দৰ কথা। এতিয়া তপস্বী মূৰ্ত হোৱাৰ প্ৰমাণ দিয়া। বুজিলা। ভিন্ন সংস্কাৰ হোৱাৰ সত্ত্বেও বিধাতাভাৱৰ সংস্কাৰে অন্য সংস্কাৰবোৰক তল পেলাই দিব। গতিকে এতিয়া এই সংস্কাৰক জাগ্ৰত কৰা। বুজিলা। যিদৰে মধুবনত দৌৰি আহি উপস্থিত হলা সেইদৰে তপস্বী স্থিতিৰ লক্ষ্যৰ ফালে দৌৰা। বাৰু আহিলা ভাল কৰিলা। সকলোৱে এনেদৰে দৌৰিছা যেন এতিয়াই বিনাশ হব। যি কৰিলা, যি হল বাপদাদাৰ প্ৰিয় হয়, কিয়নো সন্তান প্ৰিয়। প্ৰত্যেকেই এয়া ভাবিছা যে আমি গৈ আছোঁ। কিন্তু অন্যসকলো আহি আছে, এইটো নাভাবিলা। সঁচা কুম্ভমেলাতো ইয়াত হৈছে। সকলোৱে অন্তিম মিলন, অন্তিম ডুব মাৰিবলৈ আহিছে। এইটো ভাবিছা যে ইমানবিলাক গৈ আছোঁ তেন্তে মিলনৰ বিধি কেনেকুৱা হব! এইটো চেতনাৰ পৰাও উপৰাম হৈ গলা! স্থানো নাচালা ৰিজাৰ্ভেচনো নাচালা। এতিয়া কেতিয়াও এইটো অজুহাত দেখুৱাব নোৱাৰিবা যে ৰিজাৰ্ভেচন পোৱা নাযায়। নাটকত এয়াও এক আখৰা হৈ গল। সংগমযুগত নিজৰ ৰাজ্য নাই। স্বৰাজ্য আছে কিন্তু ধৰণীৰ ৰাজ্যতো নাই, বাপদাদাৰ নিজৰ ৰথো নাই বেলেগৰ ৰাজ্য, বেলেগৰ শৰীৰ সেইবাবে সময় অনুযায়ী নতুন বিধি আৰম্ভ কৰাৰ বাবে এইটো চিজন হৈ গল। ইয়াততো পানীৰ বাবেও ভাবিব লগা হয়, তাত নিজৰাত স্নান কৰিবা। যিয়ে যিমান সংখ্যক আহিছা, বাপদাদাই স্নেহৰ সঁহাৰিত স্নেহেৰে স্বাগত কৰিছে।

এতিয়া সময় দিছে বিশেষ চূড়ান্ত পৰীক্ষাৰ আগতে তৈয়াৰী কৰিবৰ বাবে। চূড়ান্ত কাকতৰ আগত সময় দিয়া হয়। ছুটী দিয়ে নহয় জানো। গতিকে বাপদাদাই অনেক ৰহস্যৰে এই বিশেষ সময় দি আছে। কিছুমান ৰহস্য গুপ্ত কিছুমান ৰহস্য প্ৰত্যক্ষ। কিন্তু বিশেষকৈ প্ৰত্যেকে ইমানখিনি মনোযোগ দিবা যে সদায় বিন্দু লগাব লাগে অৰ্থাৎ যি হৈ গল সেয়া হৈ গল তাত বিন্দু লগাব লাগে। আৰু বিন্দু স্থিতিত স্থিত হৈ স্বৰাজ্য অধিকাৰী হৈ কাৰ্য কৰিব লাগে। সকলো সম্পত্তিৰ বিন্দু সকলোৰে প্ৰতি বিধাতা হৈ সিন্ধু হৈ সকলোকে ভৰপূৰ কৰিব লাগে। গতিকে বিন্দু আৰু সিন্ধু এই দুটা কথা বিশেষ স্মৃতিত ৰাখি শ্ৰেষ্ঠ প্ৰমাণপত্ৰ (চাৰ্টিফিকেট) লব লাগে। সদায় শ্ৰেষ্ঠ সংকল্পৰ সফলতাৰে আগবাঢ়ি গৈ থাকিবা। গতিকে বিন্দু হোৱা, সিন্ধু হোৱা এয়াই সকলো সন্তানৰ প্ৰতি বৰদাতাৰ বৰদান। বৰদান লবৰ বাবেই দৌৰিছা নহয় জানো। বৰদাতাৰ এইটোৱে বৰদান সদায় স্মৃতিত ৰাখিবা। ভাল বাৰু!

চাৰিওফালৰ সৰ্বস্নেহী, সহযোগী সন্তানসকলক, সদায় পিতাৰ আজ্ঞা পালন কৰোঁতা আজ্ঞাকাৰী সন্তানসকলক, সদায় উদাৰ অন্তৰেৰে, বিশাল অন্তৰেৰে সকলোকে সকলো সম্পত্তি বিলাই দিওঁতা, মহান পুণ্য আত্মা সন্তানসকলক, সদায় পিতাৰ সমান হোৱাৰ উৎসাহ-উদ্দীপনাৰে উৰন্ত কলাত উৰোঁতা সন্তানসকলক বিধাতা, বৰদাতা সকলো সম্পত্তিৰ সিন্ধু বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

অব্যক্ত বাপদাদাৰ লগত দলসমূহৰ সাক্ষাৎ

(1) নিজক পদমাপদম ভাগ্যৱান বুলি অনুভৱ কৰানে! কিয়নো দিওঁতা পিতাই ইমান দিয়ে যে এটা জন্মতো ভাগ্যৱান হোৱাই কিন্তু অনেক জন্মলৈ এই অবিনাশী ভাগ্য চলি থাকিব। এনেকুৱা অবিনাশী ভাগ্য কেতিয়াবা সপোনতো ভাবিছিলানে! অসম্ভৱ যেন লাগিছিল নহয়নে? কিন্তু আজি সম্ভৱ হৈ গল। গতিকে এনেকুৱা শ্ৰেষ্ঠ আত্মা হোৱা - এইটো আনন্দ থাকেনে? কেতিয়াবা কোনো পৰিস্থিতিত আনন্দ হেৰাইতো নাযায়! কিয়নো পিতাৰ দ্বাৰা আনন্দৰ সম্পত্তি নিতৌ পাই থাকা, গতিকে যিটো বস্তু নিতৌ পোৱা সেইটো বাঢ়িব নহয় জানো। কেতিয়াও আনন্দ কম হব নোৱাৰে কিয়নো আনন্দৰ সাগৰৰ দ্বাৰা প্ৰাপ্ত হৈয়েই থাকে, অক্ষয় হয়। কেতিয়াও কোনো কথাৰ চিন্তাত থাকোঁতা নহয়। সম্পত্তিৰ কি হব, পৰিয়ালৰ কি হব? এইটোও চিন্তা নাই, নিচিন্ত! পুৰণি জগতৰ কি হব! পৰিৱৰ্তনেই হব নহয় জানো। পুৰণি জগতত যিমানেই শ্ৰেষ্ঠ নহওক কিন্তু সকলো পুৰণিয়েই হয় সেইবাবে নিচিন্ত হৈ গলা। কব নোৱাৰোঁ আজি আছোঁ কাইলৈ থাকিম নে নাথাকিম - এইটোও চিন্তা নাই। যি হব ভালেই হব। ব্ৰাহ্মণৰ বাবে সকলো ভাল। একোৱেই বেয়া নহয়। তোমালোকতো আগতেও বাদশ্বাহ (সম্ৰাট) আছিলা, এতিয়াও বাদশ্বাহ, ভৱিষ্যতেও বাদশ্বাহ। যিহেতু সদাকালৰ বাদশ্বাহ হৈ গলা গতিকে নিচিন্ত হৈ গলা। এনেকুৱা বাদশ্বাহী যাক কোনেও কাঢ়ি নিব নোৱাৰে। কোনেও বন্দুকেৰে বাদশ্বাহী উৰুৱাই দিব নোৱাৰে। এইটোৱে আনন্দ যাতে সদায় থাকে আৰু আনকো দি যোৱা। আনকো নিচিন্ত বাদশ্বাহ কৰি তোলা। বাৰু!

(2) সদায় নিজকে পিতাৰ স্মৃতিৰ চত্ৰছায়াত থাকোঁতা শ্ৰেষ্ঠ আত্মা বুলি অনুভৱ কৰানে? এই স্মৃতিৰ চত্ৰছায়াই সকলো বিঘ্নৰ পৰা সুৰক্ষিত কৰি দিয়ে। যিকোনো প্ৰকাৰৰ বিঘ্ন চত্ৰছায়াত থাকোঁতাসকলৰ ওচৰত আহিব নোৱাৰে। চত্ৰছায়াত থাকোঁতাসকল নিশ্চিত বিজয়ী হয়েই। গতিকে এনেকুৱা হৈছানে? চত্ৰছায়াৰ পৰা যদি সংকল্প ৰূপী ভৰিও ওলাই যায় তেন্তে মায়াই প্ৰহাৰ কৰি দিব। যি পৰিস্থিতিয়েই নাহক চত্ৰছায়াত থাকোঁতাসকলৰ কাৰণে কঠিনতকৈও কঠিন কথা সহজ হৈ যাব। পাহাৰৰ সমান কথা তুলাৰ নিচিনা অনুভৱ হব। এনেকুৱা চত্ৰছায়াৰ চমৎকাৰ। যেতিয়া এনেকুৱা চত্ৰছায়া পালা তেন্তে কি কৰিব লাগে। অল্পকালৰ যদি কোনো আকৰ্ষণো আছে কিন্তু যদি বহিৰলৈ ওলোৱা তেন্তে গলা সেইবাবে অল্পকালৰ আকৰ্ষণকো জানি গলা। এই আকৰ্ষণৰ পৰা সদায় আঁতৰত থাকিবা। হদৰ (সীমিত) প্ৰাপ্তিতো এই এটা জন্মত সমাপ্ত হৈ যাব। বেহদৰ (অসীমিত) প্ৰাপ্তি সদায় লগত থাকিব। গতিকে বেহদৰ প্ৰাপ্তি কৰোঁতা অৰ্থাৎ চত্ৰছায়াত থাকোঁতা বিশেষ আত্মা হোৱা, সাধাৰণ নহয়। এইটো স্মৃতিয়ে সদাকালৰ বাবে শক্তিশালী কৰি দিব।

বহুকালৰ পাচত মিলিত হোৱা অতি মৰমৰ যিসকল হয় তেওঁলোক সদায় চত্ৰছায়াৰ ভিতৰত থাকে। স্মৃতিয়েই চত্ৰছায়া হয়। এই চত্ৰছায়াৰ পৰা সংকল্প ৰূপী ভৰিও যদি বাহিৰলৈ ওলায় তেন্তে মায়া আহি যাব। এই চত্ৰছায়াই মায়াক সন্মুখত আহিব নিদিয়ে। চত্ৰছায়াৰ ভিতৰত আহিবলৈ মায়াৰ শক্তি নাই। তেওঁলোক সদায় মায়াৰ ওপৰত বিজয়ী হৈ যায়। সন্তান হোৱা অৰ্থাৎ চত্ৰছায়াত থকা। এয়াও পিতাৰ মৰম যে সদায় সন্তানসকলক চত্ৰছায়াৰ ভিতৰত ৰাখে। গতিকে এইটোৱে বিশেষ বৰদান স্মৃতিত ৰাখিবা যে অতিকৈ মৰমৰ হৈ গলোঁ, চত্ৰছায়া পাই গলোঁ। এইটো বৰদানে সদায় আগবঢ়াই লৈ গৈ থাকিব।

বিদায়ৰ সময়ত

সকলোৱে জাগৰণ কৰিলা! তোমালোকৰ ভক্তই জাগৰণ কৰে গতিকে ভক্তসকলক শিকাওঁতাতো ইষ্ট দেৱসকলেই হয়, যেতিয়া ইয়াত ইষ্ট দেৱসকলে জাগৰণ কৰিব তেতিয়াহে ভক্তই নকল কৰিব। গতিকে সকলোৱে জাগৰণ কৰিলা অৰ্থাৎ নিজৰ বহীত উপাৰ্জন জমা কৰিলা। গতিকে আজিৰ ৰাতিতো উপাৰ্জন কৰাৰ চিজনৰ (বতৰৰ) ৰাতি হৈ গল। যিদৰে উপাৰ্জনৰ চিজন হয় তেতিয়া চিজনত জাগিবই লাগে। সেয়েহে এয়া উপাৰ্জনৰ চিজন গতিকে জাগি থকা অৰ্থাৎ উপাৰ্জন কৰা। গতিকে প্ৰত্যেকেই নিজৰ যথাশক্তি অনুযায়ী জমা কৰিলা আৰু এই জমা কৰাখিনি মহাদানী হৈ আনকো দি থাকিবা আৰু নিজেও অনেক জন্ম ভোগ কৰি থাকিবা। এতিয়া সকলো সন্তানকে পৰমাত্ম মেলাৰ সোণালী সুযোগৰ সোণালী প্ৰভাত (গল্ডেন চান্সৰ গল্ডেন মৰ্ণিং) দি আছোঁ। এনেয়েতো সোণালীতকৈও হীৰক প্ৰভাত (গল্ডেনতকৈও ডায়মণ্ড মৰ্ণিং) হয়। নিজেও হীৰা হোৱা আৰু প্ৰভাতো হীৰা আৰু জমাও হীৰাই কৰা গতিকে সকলো হীৰাই হীৰা সেইবাবে হীৰক প্ৰভাত কৰি আছা। ভাল বাৰু।
 

বৰদান:
সংকল্পকো পৰীক্ষা কৰি ব্যৰ্থৰ হিচাপ সমাপ্ত কৰোঁতা শ্ৰেষ্ঠ সেৱাধাৰী হোৱা

শ্ৰেষ্ঠ সেৱাধাৰী তেওঁ হয় যাৰ প্ৰতিটো সংকল্পই শক্তিশালী হয়। এটি সংকল্পও কতো ব্যৰ্থত নাযাওক কিয়নো সেৱাধাৰী অৰ্থাৎ বিশ্বৰ মঞ্চত ভূমিকা পালন কৰোঁতা। গোটেই বিশ্বই তোমালোকক নকল কৰে, যদি তোমালোকে এটিও ব্যৰ্থ সংকল্প কৰিলা তেন্তে কেৱল নিজৰ প্ৰতিয়ে নহয় কিন্তু অনেকৰ নিমিত্ত হৈ গলা, সেইবাবে এতিয়া ব্যৰ্থৰ হিচাপ সমাপ্ত কৰি শ্ৰেষ্ঠ সেৱাধাৰী হোৱা।

স্লোগান:
সেৱাৰ বায়ুমণ্ডলৰ লগতে বেহদৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল গঢ়ি তোলা।


সূচনা:-
আজি মাহৰ তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাই-ভনীয়ে সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈ বিশেষ যোগ অভ্যাসৰ সময়ত মাষ্টৰ সৰ্বশক্তিমানৰ শক্তিশালী স্বৰূপত স্থিত হৈ প্ৰকৃতি সহিত সকলো আত্মাক পবিত্ৰতাৰ কিৰণ দিয়া, সতোপ্ৰধান কৰি তোলাৰ সেৱা কৰা।