18.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল হদৰ সংসাৰৰ বাহ্যিক কথাত নিজৰ সময় নষ্ট কৰিব নালাগে, বুদ্ধিত সদায় ৰয়েল (ৰাজকীয়) চিন্তন চলি থাকিব লাগে

প্ৰশ্ন:
কেনেকুৱা সন্তানে পিতাৰ সকলো ডিৰেক্সন (নিৰ্দেশনা) বাস্তৱত ফলপ্ৰসূ কৰিব পাৰে?

উত্তৰ:
যিসকল অন্তৰ্মুখী হয়, নিজক যহাই নুফুৰে, আত্মিক নিচাত থাকে, তেওঁলোকেই পিতাৰ সকলো ডিৰেক্সন (নিৰ্দেশনা) বাস্তৱত ফলপ্ৰসূ কৰিব পাৰে। তোমালোকৰ মিছা অহংকাৰ কেতিয়াও আহিব নালাগে। আন্তৰিক স্বচ্ছতা থাকিব লাগে। আত্মা বহুত ভাল হব লাগে, এজন পিতাৰ প্ৰতি সঁচা স্নেহ থাকিব লাগে। কেতিয়াও লুণীয়া-পানী অৰ্থাৎ তিক্ত সংস্কাৰ থাকিব নালাগে, তেতিয়াহে পিতাৰ সকলো ডিৰেক্সন বাস্তৱত ফলপ্ৰসূ হব।

ওঁম্শান্তি।
সন্তানসকল কেৱল স্মৃতিৰ যাত্ৰাতে বহি থকা নাই। সন্তানসকলৰ এইটো নিচা আছে যে আমি শ্রীমতত নিজৰ পৰিস্থান (ফৰিস্তাৰ সৃষ্টি) স্থাপনা কৰি আছো। ইমান উৎসাহ, আনন্দ থকা উচিত। অদৰকাৰী সকলো বাহ্যিক কথা আঁতৰি যোৱা উচিত। বেহদৰ পিতাক দেখিলেই উল্লাসত আহিব লাগে। যিমানে তোমালোক স্মৃতিৰ যাত্ৰাত থাকিবা সিমানে ইমপ্ৰুভমেণ্ট (উন্নতি) হৈ গৈ থাকিব। পিতাই কয় - সন্তানসকলৰ কাৰণে আত্মিক বিশ্ব বিদ্যালয় থকা উচিত। তোমালোকৰতো হৈছেই ৱৰ্ল্ড স্প্ৰিৰিচুৱেল ইউনিভাৰচিটি (আধ্যাত্মিক বিশ্ব বিদ্যালয়)। গতিকে সেইখন বিশ্ব বিদ্যালয় ক'ত আছে? ইউনিভাৰচিটি তোমালোকৰ বাবে বিশেষ ভাৱে স্থাপন কৰা হয়। তাৰ লগতে ডাঙৰ ৰয়েল হোষ্টেল (অভিজাত বিদ্যাৰ্থী নিবাস)ৰ প্ৰয়োজন। তোমালোকৰ চিন্তন কিমান ৰয়েল হোৱা উচিত। পিতাৰতো দিনে-ৰাতিয়ে এইটোৱে চিন্তন চলে - কেনেকৈ সন্তানসকলক পঢ়াই উচ্চ পৰীক্ষাত পাছ কৰাওঁ? যাৰ দ্বাৰা তোমালোক এই বিশ্বৰ মালিক হবাগৈ। প্ৰকৃততে তোমালোক আত্মাসকল শুদ্ধ সতোপ্ৰধান আছিলা সেয়েহে শৰীৰো কিমান সতোপ্ৰধান সুন্দৰ আছিল। ৰাজ্যও কিমান উচ্চ আছিল। তোমালোকৰ হদৰ সংসাৰৰ অদৰকাৰী কথাত বহুত সময় নষ্ট হয়। তোমালোক বিদ্যাৰ্থীসকলৰ আৱৰ্জনা সদৃশ অদৰকাৰী চিন্তন চলা উচিত নহয়। কমিটি আদিতো বহুত ভাল-ভাল গঠন কৰে। কিন্তু যোগবল নাই। মিছা কথা বহুত কয় - আমি এইটো কৰিম, সেইটো কৰিম। মায়াইয়ো কয় - মই এওঁলোকৰ নাকে-কানে ধৰি লম। পিতাৰ প্ৰতি স্নেহেই নাই। এনেকৈ কোৱাও হয় - নৰই কিবা কৰিব বিচাৰে.. গতিকে মায়াইও একো কৰিব নিদিয়ে। মায়াই বহুত ঠগায়, কানেই কাটি দিয়ে। পিতাই সন্তানসকলক কিমান উচ্চ কৰি তোলে, ডিৰেক্সন দিয়ে - এইটো-এইটো কৰা। পিতাই বহুত ৰয়েল সন্তান পঠিয়াই দিয়ে। কোনোৱে কয় - বাবা মই ট্ৰেইনিঙ (প্ৰশিক্ষণ)ৰ বাবে যাওঁনে? তেতিয়া পিতাই কয় - সন্তানসকল, প্ৰথমতে তোমালোকে নিজৰ দুৰ্বলতাসমূহতো আঁতৰ কৰা। নিজকে চোৱা মোৰ মাজত কিমান অৱগুণ আছে? ভাল-ভাল মহাৰথীসকলকো মায়াই একেবাৰে লুণীয়া-পানী কৰি দিয়ে। এনেকুৱা লুণীয়া (তিক্ত সংস্কাৰৰ) সন্তান আছে যিয়ে পিতাক কেতিয়াও স্মৰণো নকৰে। জ্ঞানৰ "গ"টোও নাজানে। বাহ্যিক প্ৰদৰ্শন বহুত কৰে। ইয়াততো বহুত অন্তৰ্মুখী হৈ থাকিব লাগে, কিন্তু কিছুমানৰতো চলন এনেকুৱা যেনেকুৱা নিৰক্ষৰ জট (এটি কৃষিজীৱী সম্প্ৰদায়) সকল, অলপ পইচা হ'লেই নিচা বাঢ়ি যায়। এইটো বুজি নাপায় যে - মইতো কঙাল। মায়াই বুজিবলৈ নিদিয়ে। মায়া বহুত শক্তিশালী। বাবাই অলপ মহিমা কৰিলে তাতেই বহুত আনন্দিত হৈ যায়।

বাবাৰ ৰাতিয়ে-দিনে এইটোৱে চিন্তন চলে যে ইউনিভাৰচিটি বহুত ফাৰ্ষ্টক্লাচ (উৎকৃষ্ট মানদণ্ডৰ) হব লাগে, য'ত সন্তানসকলে ভালদৰে পঢ়িব পাৰে। তোমালোকে জানা যে আমি স্বৰ্গলৈ যাম গতিকে আনন্দৰ সীমা থাকিব নালাগে। পিতাই ইয়াত অনেক প্ৰকাৰৰ ডোজ্‌ (জ্ঞানৰ পইণ্ট) দিয়ে, নিচা বঢ়াই থাকে। কোনোবা দেউলীয়াক মদ্য পান কৰাই দিলে তেতিয়া নিজকে বাদশ্বাহ বুলি ভাবিব। আকৌ যেতিয়া নিচা আঁতৰিব তেতিয়া যেনেকুৱা আছিল তেনেকুৱাই হৈ যায়। এতিয়া এয়াতো হৈছে আত্মিক নিচা। তোমালোকে জানা যে বেহদৰ পিতাই শিক্ষক হৈ আমাক পঢ়ায় আৰু ডিৰেক্সন দিয়ে - এনেকৈ-এনেকৈ কৰা। কোনো-কোনো সময়ত কাৰোবাৰ মিছা অহংকাৰো আহি যায়। মায়া আছে নহয় জানো। এনেকুৱা কথা ৰচি দিয়ে যে কথাই নুসুধিবা। বাবাই বুজি পায় যে এওঁ চলিব নোৱাৰিব। বহুত আন্তৰিক স্বচ্ছতা থকা উচিত। আত্মা বহুত ভাল হব লাগে। তোমালোকৰ লভ্‌ মেৰেজ (প্ৰেম বিবাহ) হৈছে নহয় জানো। লভ্‌ মেৰেজত কিমান মৰম থাকে, এওঁতো স্বামীসকলৰো স্বামী। তাকো আকৌ কিমানৰ লভ্‌ মেৰেজ হয়। কেৱল এজনৰ হয় জানো। সকলোৱে কয় - মোৰতো শিৱ বাবাৰ সৈতে লভ্‌ মেৰেজ হৈ গৈছে। মইতো স্বৰ্গত গৈ বহিম। আনন্দৰ কথা নহয় জানো। অন্তৰত উদয় হোৱা উচিত বাবাই আমাক কিমান শৃংগাৰ কৰে। শিৱ বাবাই শৃংগাৰ কৰে এওঁৰ (ব্ৰহ্মা বাবা) দ্বাৰা। তোমালোকৰ বুদ্ধিত আছে যে আমি পিতাক স্মৰণ কৰি-কৰি সতোপ্ৰধান হৈ যাম। এই জ্ঞানক আৰু অন্য কোনেও নাজানে। ইয়াত বহুত নিচা থাকে। এতিয়া যিমান নিচা হোৱা উচিত সিমান হোৱা নাই। সেয়া নিশ্চয় হবগৈ। গায়নো আছে অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপীসকলক সোধা। এতিয়া তোমালোক আত্মাসকল কিমান ছিঃ-ছিঃ হৈ গৈছা। যেন বহুত ছিঃ-ছিঃ আৱৰ্জনাৰ মাজত বহি আছা। সেই আত্মাসকলকে পিতা আহি চেঞ্জ (পৰিৱৰ্তন) কৰে, ৰিজ্যুভেনেট (পুনৰুজ্জীৱিত) কৰি তোলে। মনুষ্যই গ্লাণ্ডচ্‌ (গ্ৰন্থি) সলনি কৰিলে কিমান আনন্দিত হয়। তোমালোকেতো পিতাক পাইছা গতিকে নাওৱেই পাৰ হৈ গল। এতিয়া বুজিছা যে আমি বেহদৰ পিতাৰ হৈছো গতিকে নিজকে কিমান সোনকালে শুধৰণি কৰা উচিত। ৰাতিয়ে-দিনে এইটোৱে আনন্দ, এইটোৱে চিন্তন চলি থাকিব লাগে তোমালোকে চোৱা কাক মাৰ্শ্যল (সেনা নায়ক) হিচাপে পাইছা ! ৰাতিয়ে-দিনে এইটো চিন্তনতে থাকিব লাগে। যিসকলে ভালদৰে বুজি পায়, চিনি পায়, তেওঁলোকেতো উৰিবলৈ ধৰে।

তোমালোক সন্তানসকল এতিয়া সংগমত আছা। বাকী তেওঁলোকতো সকলো আৱৰ্জনাৰ মাজত পৰি আছে। যেনেকৈ আৱৰ্জনাৰ দাঁতিত ঘৰ সাজি বসবাস নকৰে জানো। কিমান যে জুপুৰি সাজি থোৱা থাকে। এয়া হৈছে বেহদৰ কথা। এতিয়া শিৱ বাবাই ইয়াৰ পৰা ওলাই যোৱাৰ বহুত সহজ যুক্তি শুনায়। মৰমৰ সন্তানসকল, তোমালোকে জানা নহয় যে এই সময়ত তোমালোক আত্মা আৰু তোমালোকৰ শৰীৰ দুয়ো পতিত। এতিয়া তোমালোক ওলাই আহিছা। যিসকল ওলাই আহিছে তেওঁলোক জ্ঞানেৰে আলোকিত হৈছে। তোমালোকে পিতাক পালা আৰু কি লাগে! এইটো নিচা যেতিয়া থাকিব তেতিয়া তোমালোকে যিকোনো লোককে বুজাব পাৰিবা। পিতাৰ আগমন হৈছে। পিতাই আমাক আত্মাসকলক পবিত্ৰ কৰি তোলে। আত্মা পবিত্ৰ হৈ গলে তেতিয়া শৰীৰো প্ৰথম শ্ৰেণীৰ পোৱা যায়। এতিয়া তোমালোক আত্মাসকল ক'ত বহি আছা? এই জুপুৰিত (শৰীৰত) বহি আছা। তমোপ্ৰধান সৃষ্টি নহয় জানো। আৱৰ্জনাৰ দাঁতিত আহি বহি থকা নাই জানো। বিচাৰ কৰা আমি কৰ পৰা ওলাই আহিলোঁ। পিতাই লেতেৰা নলাৰ পৰা উলিয়াই আনিলে। এতিয়া আমি আত্মাসকল স্বচ্ছ হৈ যাম। থাকিবলৈও প্ৰথম শ্ৰেণীৰ মহল নিৰ্মাণ কৰিব। আমাক আত্মাসকলক পিতাই শৃংগাৰ কৰি স্বৰ্গলৈ লৈ গৈ আছে। সন্তানসকলৰ ভিতৰি এনেকুৱা চিন্তন চলি থাকিব লাগে। পিতাই কিমান নিচা বঢ়াই থাকে। তোমালোক ইমান উচ্চ আছিলা আকৌ অৱনতি হৈ-হৈ তলত আহি পৰিলা। শিৱালয়ত থাকোতে আত্মা কিমান শুদ্ধ আছিল। গতিকে পৰস্পৰ লগ হৈ অতি সোনকালে শিৱালয়লৈ যোৱাৰ উপায় উলিয়াব লাগে।

পিতাতো আচম্বিত হয় - সন্তানসকলৰ সিমান মগজ নাই! বাবাই আমাক কৰ পৰা উলিয়াই আনে! পাণ্ডৱ গভাৰ্ণমেণ্ট (চৰকাৰ) স্থাপন কৰোঁতাজন হৈছে পিতা। ভাৰত যি স্বর্গ আছিল সেই ভাৰতে এতিয়া নৰক। আত্মাৰ কথা। আত্মাৰ ওপৰতে দয়া ওপজে। আত্মা একেবাৰে তমোপ্ৰধান সৃষ্টিত আহি পালে সেয়েহে পিতাক স্মৰণ কৰে - বাবা, আমাক তালৈ লৈ যোৱা। ইয়াত বহিও তোমালোকে এইটো চিন্তন কৰিব লাগে সেইবাবে পিতাই কয় - সন্তানসকলৰ বাবে ফাৰ্ষ্টক্লাচ ইউনিভাৰচিটি (প্ৰথম শ্রেণীৰ বিশ্ব বিদ্যালয়) গঢ়ি তোলা। কল্প-কল্পই গঢ়ি তোলা হয়। তোমালোকৰ চিন্তন অতি ৰাজকীয় হ'ব লাগে। এতিয়া সেই নিচা অহা নাই। নিচা থাকিলে কব নোৱাৰি কি কৰি দেখুওৱাব। সন্তানসকলে ইউনিভাৰচিটিৰ অৰ্থ বুজি নাপায়। সেইটো ৰয়েল্টিৰ (অভিজাত্যৰ) নিচাত নাথাকে। মায়াই দমন কৰি বহি আছে। পিতাই বুজায় - সন্তানসকল নিজৰ ওলোটা নিচাত নাথাকিবা। প্ৰত্যেকে নিজৰ-নিজৰ কোৱালিফিকেশ্বন (যোগ্যতা) চোৱা। আমি কেনেকৈ পঢ়োঁ, কি সহায় কৰো, কেৱল কথাৰ ফুলজাৰি মাৰিব নালাগে। যি কোৱা সেয়া কৰিব লাগে। মিছাকৈ কব নালাগে যে এইটো কৰিম, সেইটো কৰিম। আজি কয় এইটো কৰিম, কাইলৈ মৃত্যু আহিলে সমাপ্ত হৈ যাব। সত্যযুগততো এনেকৈ নকবা। তাত কেতিয়াও অকাল মৃত্যু নহয়। কাল আহিব নোৱাৰে। সেইখন হৈছেই সুখধাম। সুখধামত কাল অহাৰ হুকুম নাই। ৰাৱণ ৰাজ্য আৰু ৰাম ৰাজ্যৰ অৰ্থও বুজিব লাগে। এতিয়া তোমালোকৰ যুদ্ধ হৈছে ৰাৱণৰ সৈতে। দেহ-অভিমানেও চমৎকাৰ কৰে, একেবাৰে পতিত কৰি দিয়ে। দেহী-অভিমানী হ'লে আত্মা শুদ্ধ হৈ যায়। তোমালোকে বুজি নোপোৱা জানো যে তাত আমাৰ কেনেকুৱা মহল তৈয়াৰ হ'ব। এতিয়াতো তোমালোক সংগমত আহি পালা। ক্ৰমানুসৰি শুধৰণি হৈ আছা, লায়ক হৈ আছা। তোমালোক আত্মাসকল পতিত হোৱাৰ বাবে শৰীৰো পতিত পাইছা। এতিয়া মই আহিছো তোমালোকক স্বৰ্গবাসী কৰি তুলিবলৈ। স্মৰণৰ লগতে দৈৱীগুণো লাগে। এয়া মাহীৰ ঘৰ (ইমান সহজ) জানো। এনেকৈ ভাবে যে আমাক নৰৰ পৰা নাৰায়ণ কৰি তুলিবলৈ পিতা আহিছে কিন্তু মায়াৰ সৈতে অতি গুপ্ত যুদ্ধ চলে। তোমালোকৰ যুদ্ধ হৈছেই গুপ্ত সেয়েহে তোমালোকক আননন ৱাৰিয়ৰ (গুপ্ত যোদ্ধা) বুলি কোৱা হয়। গুপ্ত যোদ্ধা আৰু অন্য কোনো নাথাকে। তোমালোকৰেই নাম হৈছে যোদ্ধা। বাকীতো সকলোৰে নাম ৰেজিষ্টাৰত আছেই। তোমালোক গুপ্ত যোদ্ধাসকলৰ চিহ্ন তেওঁলোকে লৈছে। তোমালোক কিমান গুপ্ত, কোনেও নাজানে। তোমালোকে মায়াক বশ কৰাৰ কাৰণে বিশ্বৰ ওপৰত বিজয় প্ৰাপ্ত কৰি আছা। তোমালোকে পিতাক স্মৰণ কৰা তথাপি মায়াই পাহৰাই দিয়ে। তোমালোকে কল্পই-কল্পই নিজৰ ৰাজ্য স্থাপন কৰি লোৱা। গতিকে গুপ্ত যোদ্ধা তোমালোকহে যিয়ে কেৱল পিতাক স্মৰণ কৰে। ইয়াত হাত-ভৰি একো চলাব নালাগে। স্মৰণৰ কাৰণে পিতাই যুক্তিও বহুত ভাল শুনায়। তোমালোকে চলোঁতে-ফুৰোঁতে স্মৃতিৰ যাত্ৰা কৰা, পঢ়া-শুনাও কৰা। এতিয়া তোমালোকে বুজিছা আমি কি আছিলো, এতিয়া কি হৈ গলো। পুনৰ পিতাই আমাক কি কৰি তোলে। কিমান সহজ যুক্তি শুনায়। য'তেই নাথাকা কিয় স্মৰণ কৰিলে মামৰ আঁতৰি যাব। কল্পই-কল্পই এয়াই যুক্তি দি থাকে। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা, অন্য কোনো বন্ধন নাই। বাথৰুমত (স্নানাগাৰ) গ'লেও নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে আত্মাৰ মলিনতা আঁতৰি যাব। আত্মাত কোনো টিলক লগাবলগীয়া নহয়, এয়া সকলো ভক্তি মাৰ্গৰ চিন। এই জ্ঞান মাৰ্গত কোনো প্ৰয়োজন নাই, পাই-পইচাৰো খৰছ নাই। ঘৰত থাকিয়ে স্মৰণ কৰি থাকা। কিমান সহজ। সেই বাবা আমাৰ পিতাও হয়, শিক্ষকো আৰু সৎগুৰুও হয়।

নিয়ম অনুসৰি প্ৰথমে পিতাক, তাৰপিছত শিক্ষকক আৰু তাৰপিছত গুৰুক স্মৰণ কৰিব লাগে। শিক্ষককতো নিশ্চয় স্মৰণ কৰিব, তেওঁৰ পৰা পঢ়াৰ উত্তৰাধিকাৰ পোৱা যায় আকৌ বানপ্ৰস্থ অৱস্থাত গুৰুক পোৱা যায়। এই পিতাইতো সকলো হ'লছেলত (সমূহীয়াভাৱে) দি দিয়ে। তোমালোকক 21 জন্মৰ কাৰণে ৰাজ্য হ'লছেলত দি দিয়ে। বিয়াত কন্যাক যৌতুক গুপ্তভাৱে নিদিয়ে জানো। প্ৰদৰ্শন কৰাৰ প্ৰয়োজন নাই। কোৱা হয় - গুপ্ত দান। শিৱবাবাও গুপ্ত নহয় জানো, ইয়াত অহংকাৰৰ কোনো কথা নাই। কোনো-কোনোৰ অহংকাৰ থাকে যে সকলোৱে দেখক। এয়া হৈছে সকলো গুপ্ত। পিতাই তোমালোকক বিশ্বৰ বাদশ্বাহী (সাম্ৰাজ্য) যৌতুকত দিয়ে। কিমান গুপ্ত ৰীতিৰে তোমালোকৰ শৃংগাৰ হৈ আছে। কিমান ডাঙৰ যৌতুক পোৱা যায়। পিতাই কেনেকৈ যুক্তিৰে দিয়ে, কোনেও জানিব নোৱাৰে। ইয়াত তোমালোক হৈছা ভিকহু, পৰৱৰ্তী জন্মত গল্ডেন স্পুন ইন মাউথ (মুখত সোণৰ চামুচ) হব। তোমালোকে গল্ডেন (স্বৰ্ণিম) সৃষ্টিলৈ নোযোৱা জানো। তাত সকলো সোণৰ হব। চহকীসকলৰ মহল ভাল ৰত্ন জড়িত হব। পার্থক্যতো নিশ্চয় থাকিব। এয়াও তোমালোকে এতিয়া বুজি পোৱা - মায়াই সকলোকে ওলোটাকৈ ওলোমাই দিয়ে। এতিয়া পিতা আহিছে গতিকে সন্তানসকলৰ কিমান উৎসাহ থকা উচিত। কিন্তু মায়াই পাহৰাই দিয়ে - পিতাৰ ডিৰেক্সন নে ব্ৰহ্মাৰ? ভাইৰ নে পিতাৰ? ইয়াতেই বহুত বিবুদ্ধিত হৈ যায়। পিতাই কয় - ভালেই বা বেয়াই হওঁক - তোমালোকে পিতাৰ ডিৰেক্সন বুলিয়ে বুজিবা। সেই মতে চলিব লাগে। এওঁৰ (ব্ৰহ্মা বাবা) কিবা ভুল হলেও সেয়া ক্ৰুটি মুক্ত কৰি দিব। তেওঁৰ শক্তিতো আছে নহয় জানো। তোমালোকে দেখিবলৈ পোৱা এওঁ কেনেকৈ চলে, এওঁ শিৰত কোন বহি আছে। একেবাৰে কাষত বহি আছে। গুৰু লোকসকলে একেবাৰে কাষত বহুৱাই নিশিকাই জানো। তথাপি এওঁ (ব্ৰহ্মা) পৰিশ্ৰম কৰিবলগীয়া হয়। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হওঁতে পুৰুষাৰ্থ কৰিবলগীয়া হয়।

পিতাই কয় - মোক স্মৰণ কৰি ভোজন তৈয়াৰ কৰা। শিৱবাবাৰ স্মৃতিত তৈয়াৰ কৰা ভোজন অন্য কোনেও পাব নোৱাৰে। এতিয়াৰ ভোজনৰেই গায়ন আছে। সেই ব্ৰাহ্মণ লোকসকলে যদিও স্তুতি কৰে কিন্তু অৰ্থ একোৱে বুজি নাপায়। যি মহিমা কৰে তাৰ অৰ্থ একোৱে বুজি নাপায়। ইমানখিনি বুজি পোৱা যায় যে এওঁলোক ধাৰ্মিক কিয়নো পূজাৰী হয়। তাততো ধৰ্মনিষ্ঠতাৰ কথা নাই, তাত ভক্তি নাথাকে। এইটোও কোনেও নাজানে - ভক্তি কি বস্তু হয়। কোৱাও হয় জ্ঞান, ভক্তি, বৈৰাগ্য। কিমান সুন্দৰ শব্দ। জ্ঞান হৈছে দিন, ভক্তি হৈছে ৰাতি। পিছত ৰাতিৰ পৰা বৈৰাগ্য তেতিয়া দিনলৈ যায়। কিমান স্পষ্ট। এতিয়া তোমালোকে বুজিছা গতিকে হাবাথুৰি খাবলগীয়া নহয়।

পিতাই কয় - মোক স্মৰণ কৰা, মই তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ। মই তোমালোকৰ বেহদৰ পিতা, সৃষ্টি চক্ৰক জনাটোও কিমান সহজ। বীজ আৰু বৃক্ষক স্মৰণ কৰা। এতিয়া হৈছে কলিযুগৰ অন্ত আকৌ সত্যযুগ আহিব। এতিয়া তোমালোক সংগমযুগত গুল-গুল (ফুল) হৈ যোৱা। আত্মা সতোপ্ৰধান হৈ গ'লে তেতিয়া থাকিবলৈও সতোপ্ৰধান মহল পাবা। সৃষ্টিখনেই নতুন হৈ যায়। গতিকে সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় নিচা থাকিব লাগে যে আমি শ্ৰীমতত আমাৰ পৰিস্থান স্থাপনা কৰি আছো। বাহ্যিক অদৰকাৰী কথা এৰি বহুত উল্লাসত থাকিব লাগে।

(2) নিজৰ চিন্তন সদায় ৰাজকীয় হব লাগে। বহুত ভাল ৰয়েল ইউনিভাৰচিটি (ৰাজকীয় বিশ্ব বিদ্যালয়) আৰু হোষ্টেল খোলাৰ প্ৰবন্ধ কৰিব লাগে। পিতাৰ গুপ্ত সহায়কাৰী হব লাগে, নিজক যহাই ফুৰিব নালাগে।

বৰদান:
জ্ঞান সম্পন্ন দাতা হৈ সকলো আত্মাৰ প্ৰতি শুভচিন্তক হওঁতা শ্ৰেষ্ঠ সেৱাধাৰী হোৱা

শুভ-চিন্তক হোৱাৰ বিশেষ আধাৰ হ'ল শুভ-চিন্তন। যিয়ে ব্যৰ্থ চিন্তন বা পৰচিন্তন কৰে তেওঁ শুভচিন্তক হব নোৱাৰে। শুভচিন্তক মণিসকলৰ ওচৰত শুভ-চিন্তনৰ শক্তিশালী খাজনা সদায় ভৰপূৰ হৈ থাকিব। ভৰপূৰ হৈ থকা কাৰণে অন্যৰ প্ৰতি শুভচিন্তক হব পাৰে। শুভচিন্তক অৰ্থাৎ সকলো জ্ঞান ৰত্নৰে ভৰপূৰ, এনেকুৱা জ্ঞান সম্পন্ন দাতাই চলোঁতে-ফুৰোঁতে প্ৰত্যেকৰে সেৱা কৰি শ্রেষ্ঠ সেৱাধাৰী হৈ যায়।
 

স্লোগান:
বিশ্ব ৰাজ্য অধিকাৰী হ'বলৈ হ'লে বিশ্ব পৰিৱৰ্তনৰ কাৰ্যত নিমিত্ত হোৱা।