18.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এতিয়া তোমালোক সত্য পিতাৰ দ্বাৰা সত্য দেৱতা হৈ আছা, সেইকাৰণে সত্যযুগত সৎসঙ্গ কৰাৰ দৰকাৰ নাই

প্ৰশ্ন:
সত্যযুগত দেৱতাসকলৰ দ্বাৰা কোনো বিকৰ্ম হব নোৱাৰে কিয়?

উত্তৰ:
কিয়নো তেওঁলোকে সত্য পিতাৰ বৰদান প্ৰাপ্ত কৰিছে। বিকৰ্ম তেতিয়া হয় যেতিয়া ৰাৱণৰ অভিশাপ পাবলৈ ধৰে। সত্য-ত্ৰেতাত হয়েই সৎগতি, সেই সময়ত দুৰ্গতিৰ নাম নাথাকে। বিকাৰেই নাথাকে যাৰ বাবে বিকৰ্ম হব। দ্বাপৰ-কলিযুগত সকলোৰে দুৰ্গতি হৈ যায় সেইকাৰণে বিকৰ্ম হৈ থাকে। এইটোও বুজিবলগীয়া কথা।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি পিতাই বহি বুজায় - এওঁ পৰম পিতাও হয়, পৰম শিক্ষকো হয়, পৰম সৎগুৰুও হয়। পিতাৰ এনেকুৱা মহিমা কৰিলে আপোনাআপুনি সিদ্ধ হৈ যায় যে কৃষ্ণ কাৰো পিতা হব নোৱাৰে। তেওঁতো হৈছে সৰু শিশু, সত্যযুগৰ ৰাজকুমাৰ। তেওঁ শিক্ষকো হব নোৱাৰে। নিজেই বহি শিক্ষকৰ পৰা পঢ়ে। গুৰুতো তাত নাথাকে কিয়নো তাত সকলো সৎগতিত থাকে। আধাকল্প হৈছে সৎগতি, আধাকল্প হৈছে দুৰ্গতি। গতিকে তাত হৈছে সৎগতি সেইকাৰণে তাত জ্ঞানৰ প্ৰয়োজন নাথাকে। নামেই নাথাকে, কিয়নো জ্ঞানেৰে 21 জন্মৰ কাৰণে সৎগতি পোৱা যায় আকৌ দ্বাপৰৰ পৰা কলিযুগৰ অন্তলৈকে দুৰ্গতি হয়। তেন্তে কৃষ্ণ আকৌ দ্বাপৰত কেনেকৈ আহিব পাৰে। এইটোও কাৰো ধ্যানত (খেয়ালত) নাহে। এটা এটা কথাত বহুত গূঢ় ৰহস্য নিহিত হৈ আছে, যিবোৰ বুজোৱাতো বহুত জৰুৰী। তেওঁ হৈছে পৰমপিতা, পৰম শিক্ষক। ইংৰাজীত চুপ্ৰিম বুলিয়ে কোৱা হয়। ইংৰাজী শব্দ কিছুমান ভাল হয়। যেনে ড্ৰামা শব্দটি আছে। ড্ৰামাক নাটক বুলি কোৱা নহব, নাটকত সাল-সলনি হয়। এই সৃষ্টি চক্ৰ ঘূৰি থাকে - এনেকৈ কয়ো কিন্তু কেনেকৈ ঘূৰে, হুবহু ঘূৰে নে সলনি হয়, এইটো কোনেও নাজানে। কয়ো যে যিবোৰ নিৰ্ধাৰিত হৈ আছে সেয়াই চলি আছে... নিশ্চয় কিবা খেল হয় যি পুনৰাবৃত্তি হৈ থাকে। এই চক্ৰত মনুষ্যয়ে পৰিক্ৰমা লগাবলগীয়া হয়। বাৰু, এই চক্ৰৰ আয়ুস কিমান? কেনেকৈ পুনৰাবৃত্তি হয়? এই চক্ৰ ঘূৰিবলৈ কিমান সময় লাগে? এইটো কোনেও নাজানে। ইছলামী, বৌদ্ধি আদি সকলোবোৰ হল কুল (বংশ), যিসকলৰ নাটকত ভাও আছে।

তোমালোক ব্ৰাহ্মণসকলৰ ৰাজবংশ নাই, এয়া হৈছে ব্ৰাহ্মণ কুল। সৰ্বোত্তম ব্ৰাহ্মণ কুল বুলি কোৱা হয়। দেৱী-দেৱতাসকলৰো কুল আছে। এয়াতো বুজাবলৈ বহুত সহজ। সূক্ষ্মবতনত ফৰিস্তাসকল থাকে। তাত হাড়-মঙহ নাথাকে। দেৱতাসকলৰতো হাড়-মঙহ আছে নহয় জানো। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা। বিষ্ণুৰ নাভি-কমলৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হোৱা কিয় দেখুৱাইছে। সূক্ষ্মবতনততো এই কথাবোৰ নাথাকে। অলংকাৰ আদিও নাথাকে সেইকাৰণে ব্ৰহ্মাক শুভ্ৰ বস্ত্ৰধাৰী ব্ৰাহ্মণ দেখুৱাইছে। ব্ৰহ্মা সাধাৰণ মনুষ্য বহুত জন্মৰ অন্তত দৰিদ্ৰ হৈছে নহয় জানো। এই সময় হয়েই খাদী কাপোৰৰ। তেওঁলোক বেচেৰাসকলে বুজি নাপায় সূক্ষ্ম শৰীৰনো কি হয়। তোমালোকক পিতাই বুজায় - তাত থাকেই ফৰিস্তাসকল, যিসকলৰ হাড়-মঙহ নাথাকে। সূক্ষ্মবতনততো এই অলংকাৰ আদি থাকিব নালাগে। কিন্তু চিত্ৰত দেখুৱাইছে গতিকে পিতাই তাৰেই সাক্ষাৎকাৰ কৰায় আকৌ অৰ্থ বুজায়। উদাহৰণ স্বৰূপে হনুমানৰ সাক্ষাৎকাৰ কৰায়। এতিয়া হনুমানৰ নিচিনা কোনো মনুষ্য নাথাকে। ভক্তিমাৰ্গত অনেক প্ৰকাৰৰ চিত্ৰ তৈয়াৰ কৰিছে, যিবোৰৰ বিশ্বাস দৃঢ় হৈ গৈছে তেওঁলোকক এনেকুৱা কিবা কলে বিতুষ্ট হৈ যায়। দেৱী আদিৰ কিমান পূজা কৰে, আকৌ ডুবাই দিয়ে। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ। ভক্তি মাৰ্গৰ পিটনিত ডিঙিলৈকে পোত খাই আছে তেন্তে আকৌ ওলাব কেনেকৈ পাৰে। উলিওৱাটোৱে কঠিন হৈ যায়। কোনো কোনোৱেতো অন্যক উদ্ধাৰ কৰাৰ নিমিত্ত হৈ নিজেই ডুবি যায়। স্বয়ং ডিঙিলৈকে পিটনিত আৱদ্ধ হৈ যায় অৰ্থাৎ কাম বিকাৰত অধঃপতিত হৈ যায়। এয়া হৈছে সকলোতকৈ ডাঙৰ পিটনি। সত্যযুগত এই কথাবোৰ নাথাকে। এতিয়া তোমালোকে সত্য পিতাৰ দ্বাৰা সত্য দেৱতা হৈ আছা। আকৌ তাত সৎসঙ্গ নাথাকে। সৎসঙ্গ ইয়াত ভক্তিমাৰ্গত কৰি থাকে, এনেকৈ ভাবে যে সকলো ঈশ্বৰৰ ৰূপ। একোৱেই নুবুজে। পিতাই বহি বুজায় - কলিযুগত সকলো পাপী আত্মা, সত্যযুগত থাকে পুণ্য আত্মা। ৰাতি-দিনৰ পাৰ্থক্য আছে। তোমালোক এতিয়া সংগমত আছা। কলিযুগ আৰু সত্যযুগ দুয়োটাকে জানা। মূল কথা হৈছে ইপাৰৰ পৰা সিপাৰলৈ যোৱা। ক্ষীৰ সাগৰ আৰু বিষয় (বিকাৰ) সাগৰৰ গায়নো আছে কিন্তু অৰ্থ একোৱে নুবুজে। এতিয়া পিতাই বহি কৰ্ম-অকৰ্মৰ ৰহস্য বুজাইছে। কৰ্মতো মনুষ্যই কৰেই, আকৌ কোনোবাটো কৰ্ম অকৰ্ম আৰু কোনোবাটো কৰ্ম বিকৰ্ম হয়। ৰাৱণ ৰাজ্যত সকলো কৰ্মই বিকৰ্ম হৈ যায়, সত্যযুগত বিকৰ্ম নহয় কিয়নো তাত হৈছে ৰাম ৰাজ্য। পিতাৰ পৰা বৰদান প্ৰাপ্ত কৰিছে। ৰাৱণে অভিশাপ দিয়ে। এইখন সুখ আৰু দুখৰ খেল নহয় জানো। দুখত সকলোৱে পিতাক স্মৰণ কৰে। সুখত কোনেও স্মৰণ নকৰে। তাত বিকাৰ নাথাকে। সন্তানসকলক বুজোৱা হৈছে পুলি ৰোপণ কৰে। এই পুলি ৰোপণ কৰাৰ প্ৰথাও এতিয়া চলিছে। পিতাই পুলি ৰোপণ কৰা আৰম্ভ কৰিছে। পূৰ্বে যেতিয়া ইংৰাজ চৰকাৰ আছিল তেতিয়া কেতিয়াও বাতৰি কাকতত প্ৰকাশ হোৱা নাছিল যে বৃক্ষৰ পুলি ৰোপণ কৰে। এতিয়া পিতাই বহি দেৱী-দেৱতা ধৰ্মৰ পুলি ৰোপণ কৰে আৰু কোনেও পুলি ৰোপণ নকৰে। বহুত ধৰ্ম আছে, দেৱী-দেৱতা ধৰ্ম প্ৰায় লুপ্ত হৈ গৈছে। ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হোৱাৰ কাৰণে নামেই ওলট-পালট ৰাখি দিছে। যিসকল দেৱতা ধৰ্মৰ তেওঁলোক আকৌ সেই দেৱী-দেৱতা ধৰ্মত আহিব লাগিব। প্ৰত্যেকে নিজৰ ধৰ্মলৈকে যাব লাগিব। খ্ৰীষ্টান ধৰ্মৰ পৰা ওলাই আকৌ দেৱী-দেৱতা ধৰ্মলৈ আহিব নোৱাৰে। মুক্তিতো পাব নোৱাৰে। অৱশ্যে হয়, কোনোবা দেৱী-দেৱতা ধৰ্মৰ যদি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গুচি গৈছে, তেওঁ পুনৰ নিজৰ দেৱী-দেৱতা ধৰ্মলৈ উভতি আহি যাব। তেওঁলোকে এই জ্ঞান আৰু যোগ বৰ ভাল পাব, ইয়াৰ পৰা সিদ্ধ হয় যে এওঁলোক আমাৰ ধৰ্মৰ হয়। এই ক্ষেত্ৰত বুজিব আৰু বুজাবলৈ বহুত বিশাল বুদ্ধিৰ প্ৰয়োজন। ধাৰণা কৰিব লাগে কিতাপ পঢ়ি শুনাব নালাগে। যেনেকৈ কোনোবাই গীতা শুনায় - মনুষ্যই বহি শুনে। কোনোৱেতো গীতাৰ শ্লোক একেবাৰে মুখস্থ কৰি লয়। বাকীতো এইবোৰৰ প্ৰত্যেকেই বহি নিজৰ নিজৰ অৰ্থ উলিয়ায়। গোটেই শ্লোকবোৰ সংস্কৃতত আছে। ইয়াততো গায়ন আছে যে সাগৰক চিয়াঁহী কৰি লোৱা, গোটেই জংঘলক কলম কৰি লোৱা তথাপিও জ্ঞানৰ অন্ত নহয়। গীতাখনতো তেনেই চুটি। 18টা অধ্যায় আছে। ইমান সৰু গীতা ছপাই ডিঙিত পিন্ধে। বহুত সৰু সৰু আখৰৰ হয়। ডিঙিত পিন্ধাও অভ্যাস থাকে। কিমান সৰু লকেট তৈয়াৰ কৰে। বাস্তৱততো চেকেণ্ডৰ কথা। পিতাৰ হল মানে বিশ্বৰ মালিক হল। বাবা মই আপোনাৰ এদিনীয়া সন্তান, এনেকৈও লিখা আৰম্ভ কৰিব। এদিনতে নিশ্চয় হৈ গল আৰু তৎক্ষণাৎ চিঠি লিখিব। সন্তান হল গতিকে বিশ্বৰ মালিক হল। এইটোও কাৰোবাৰ বুদ্ধিত কাচিৎহে ধাৰণ হয়। তোমালোক বিশ্বৰ মালিক নোহোৱা জানো। তাত আন কোনো খণ্ড নাথাকে। নাম-চিহ্ন নোহোৱা হৈ যায়। কোনেও নাজানিব যে এইটো খণ্ড আছিল। যদি আছিল তেন্তে নিশ্চয় তাৰ ইতিহাস-ভূগোল থকা উচিত। তাত এইবোৰ নাথাকেই সেইকাৰণে কোৱা হয় - তোমালোক বিশ্বৰ মালিক হবলৈ ওলাইছা। পিতাই বুজাইছে - মই তোমালোকৰ পিতাও হওঁ, জ্ঞানৰ সাগৰো হওঁ। এয়াতো অতিকৈ উচ্চৰো উচ্চ জ্ঞান যাৰ দ্বাৰা আমি বিশ্বৰ মালিক হওঁ। আমাৰ পিতা হৈছে সৰ্বশ্ৰেষ্ঠ, সত্য পিতা, সত্য শিক্ষক হয়, সত্য শুনায়। বেহদৰ (অসীমৰ) শিক্ষা দিয়ে। বেহদৰ গুৰু হয়, সকলোৰে সৎগতি কৰে। এজনৰ মহিমা কৰিলে সেই মহিমা আকৌ দ্বিতীয়জনৰ হব নোৱাৰে। আকৌ যদি তেওঁ নিজৰ সমান কৰি তোলে তেন্তে হব পাৰে। গতিকে তোমালোকো পতিত-পাৱন হলা। সত্য নাম লিখে। পতিত-পাৱনী গঙ্গা হৈছে এই মাতাসকল। শিৱশক্তি বুলি কোৱা বা শিৱবংশী বুলি কোৱা। শিৱবংশী ব্ৰহ্মাকুমাৰ-কুমাৰী। শিৱবংশীতো সকলো হয়। বাকী ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচে সেইকাৰণে সংগমযুগতহে ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী থাকে। ব্ৰহ্মাৰ দ্বাৰা তুলি লয়। পোন-প্ৰথমে হয় ব্ৰহ্মাকুমাৰ-কুমাৰী। কোনোবাই কিবা আপত্তি কৰিলে তেওঁলোকক কোৱা, এওঁ প্ৰজাপিতা হয়, এওঁৰ শৰীৰত প্ৰৱেশ কৰে। পিতাই কয় - বহুত জন্মৰ অন্তত মই প্ৰৱেশ কৰোঁ। দেখুৱায় যে বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হল। বাৰু, বিষ্ণুৰ আকৌ কাৰ নাভিৰ পৰা আবিৰ্ভাৱ হল? তাত কাঁড় চিহ্ন দিব পাৰা যে দুয়োৰে ওতঃপ্ৰোত সমন্ধ আছে। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা। এওঁৰ তেওঁৰ পৰা, তেওঁৰ এওঁৰ পৰা জন্ম হৈছে। এওঁৰ (ব্ৰহ্মাৰ) সময় লাগে এক চেকেণ্ড আৰু তেওঁৰ (বিষ্ণুৰ) সময় লাগে 5 হাজাৰ বছৰ। এইবোৰ আচৰিত কথা নহয়নে। তোমালোকে বহি বুজাবা। পিতাই কয় - লক্ষ্মী-নাৰায়ণে 84 জন্ম লয় আকৌ তেওঁৰেই বহুত জন্মৰ অন্তত মই প্ৰৱেশ কৰি এনেকুৱা কৰি তোলোঁ। বুজিবলগীয়া কথা নহয়নে। বহা তেতিয়া বুজাম যে এওঁক কিয় ব্ৰহ্মা বুলি কয়। গোটেই জগতক দেখুৱাবৰ কাৰণে এই চিত্ৰ তৈয়াৰ কৰা হৈছে। আমি বুজাব পাৰোঁ, বুজোঁতাজনেহে বুজিব। নুবুজাসকলৰ কাৰণে কোৱা হব এওঁলোক আমাৰ কুলৰ নহয়। বেচেৰাসকল যদিও আহিব কিন্তু প্ৰজাৰ শাৰীত। মোৰ বাবেতো সকলো বেচেৰা হয় নহয় জানো - দৰিদ্ৰক বেচেৰা বুলি কোৱা হয়। কিমান সাৰ কথা (পইণ্টচ) সন্তানসকলে ধাৰণ কৰিব লাগে। বিষয় বস্তুৰ (টপিক্‌চৰ) ওপৰত ভাষণ দিবলগীয়া হয়। এইটো বিষয় জানো কিবা কম। প্ৰজাপিতা ব্ৰহ্মা আৰু সৰস্বতীৰ 4 খন ভুজা দেখুৱায়। গতিকে দুখন ভুজা জীয়ৰীৰ হয়, যুগলতো নহয়। যুগলতো আচলতে বিষ্ণুৱেই হয়। ব্ৰহ্মাৰ জীয়ৰী হৈছে সৰস্বতী। শঙ্কৰৰো যুগল নাই, সেইকাৰণে শিৱ-শঙ্কৰ বুলি কৈ দিয়ে। এতিয়া শঙ্কৰে কি কৰে? বিনাশতো আনৱিক বোমাৰে হয়। পিতাই বহি কেনেকৈ সন্তানসকলৰ মৃত্যু ঘটাব, এইটোতো পাপ হৈ যাব। পিতাইতো বৰঞ্চ সকলোকে শান্তিধামলৈ উভতাই লৈ যায়, পৰিশ্ৰম নকৰাকৈয়ে। হিচাপ-নিকাচ নিষ্পত্তি কৰি সকলো ঘৰলৈ যায় কিয়নো হিচাপ-নিকাচ নিষ্পত্তিৰ সময় হয়। পিতা আহেই সেৱাত। সকলোকে সৎগতি দি দিয়ে। তোমালোকেও প্ৰথমে গতিলৈ আকৌ সৎগতিলৈ আহিবা। এইবোৰ কথা বুজিবলগীয়া। এই কথাবোৰ কোনেও কিঞ্চিত মানো নাজানে। তোমালোকে দেখিবলৈ পোৱা - কিছুমানেতো মগজ নষ্ট কৰি দিয়ে, মুঠেই নুবুজে। যিসকল ভালদৰে বুজোঁতা হব, তেওঁলোকে আহি বুজিব। কোৱা এটা এটা কথাৰ ওপৰত যদি বুজাব লাগে তেন্তে সময় দিয়ক। ইয়াততো কেৱল হুকুম দিয়া আছে যে সকলোকে পিতাৰ পৰিচয় দিয়া। এয়া হৈছে কাঁইটৰ জংঘল কিয়নো এজনে আনজনক দুখ দি থাকে, ইয়াক দুখধাম বুলি কোৱা হয়। সত্যযুগ হৈছে সুখধাম। দুখধামৰ পৰা সুখধাম কেনেকৈ হয় এয়া আপোনালোকক বুজাম। লক্ষ্মী-নাৰায়ণ সুখধামত আছিল পুনৰ এওলোকে 84 জন্ম লৈ দুখধামলৈ আহে। এই ব্ৰহ্মাৰ নামটিও কেনেকৈ ৰাখিলে। পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি বেহদৰ সন্ন্যাস কৰাওঁ। তৎক্ষণাৎ সন্ন্যাস কৰাই দিয়ে কিয়নো পিতাই সেৱা কৰাব লাগে, তেৱেঁই কৰায়। এওঁৰ পাচত অনেক ওলাল যিসকলৰ নাম ৰাখিলোঁ। তেওঁলোকে আকৌ মেকুৰী পোৱালিৰ কথা দেখুৱায়। এই সকলোবোৰ হৈছে মনে সজা (মিছা) কথা। মেকুৰীৰ পোৱালি কেনেকৈ হব পাৰে। মেকুৰীয়ে জানো বহি জ্ঞান শুনিব। বাবাই বহুত যুক্তি শুনাই থাকে। কোনো কথা কোনোবাই নুবুজিলে তেতিয়া তেওঁক কোৱা - যেতিয়ালৈকে অল্‌ফক (পিতাক) বুজি নোপোৱা তেতিয়ালৈকে অন্য একোৱেই বুজিব নোৱাৰিবা। এটা কথা নিশ্চয় কৰা আৰু লিখা, নহলে পাহৰি যাবা। মায়াই পাহৰাই দিব। মুখ্য কথা হৈছে পিতাৰ পৰিচয়ৰ। আমাৰ পিতা পৰম পিতা, পৰম শিক্ষক হয় যিয়ে গোটেই বিশ্বৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়, যাৰ বিষয়ে কোনেও গম নাপায়। এয়া বুজাবলৈ সময় লাগে। যেতিয়ালৈকে পিতাক বুজি নাপায় তেতিয়ালৈকে প্ৰশ্ন উদয় হৈয়ে থাকিব। অল্‌ফক নুবুজিলে তেন্তে বেক (বাদশ্বাহীক) একোৱে নুবুজিব। অকাৰণতে সন্দেশ কৰি থাকিব - এনেকৈ কিয়, শাস্ত্ৰততো এনেকৈ কয় সেইকাৰণে প্ৰথমতে সকলোকে পিতাৰ পৰিচয় দিয়া। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ গূঢ় গতিক বুদ্ধিত ৰাখি এতিয়া কোনো বিকৰ্ম কৰিব নালাগে, জ্ঞান আৰু যোগৰ ধাৰণা কৰি আনক শুনাব লাগে।

(2) সত্য পিতাৰ সত্য জ্ঞান দি মনুষ্যক দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে। বিকাৰৰ পিটনিৰ পৰা সকলোকে উদ্ধাৰ কৰিব লাগে।

বৰদান:
নিজৰ শক্তিশালী স্থিতিৰ দ্বাৰা মনৰ সেৱাৰ প্ৰমাণ পত্ৰ প্ৰাপ্ত কৰোঁতা স্ব-অভ্যাসী হোৱা

বিশ্বক প্ৰকাশ আৰু শক্তিৰ বৰদান দিবৰ বাবে অমৃতবেলা স্মৃতিৰ স্ব-অভ্যাসৰ দ্বাৰা শক্তিশালী বায়ুমণ্ডল গঢ়ি তোলা তেতিয়া মনৰ সেৱাৰ দ্বাৰাৰ প্ৰমাণ পত্ৰ প্ৰাপ্ত হব। অন্তিম সময়ত মনৰ দ্বাৰাই দৃষ্টিৰে ভৰপূৰ কৰাৰ, নিজৰ বৃত্তিৰ দ্বাৰা তেওঁলোকৰ বৃত্তিক সলনি কৰাৰ সেৱা কৰিব লাগিব। নিজৰ শ্ৰেষ্ঠ স্মৃতিৰে সকলোকে সমৰ্থ কৰি তুলিব লাগে। যেতিয়া এনেকুৱা প্ৰকাশ আৰু শক্তি দিয়াৰ অভ্যাস হব তেতিয়া নিৰ্বিঘ্ন বায়ুমণ্ডল গঢ়ি উঠিব আৰু এই দুৰ্গ শক্তিশালী হব।

স্লোগান:
বুদ্ধিমান তেওঁ হয় যিয়ে মনৰ-বাণীৰ-কৰ্মৰ তিনিওটা সেৱা একেলগে কৰে।