19.05.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক এতিয়া শান্তিধাম, সুখধামলৈ যাবলৈ ঈশ্বৰীয় ধামত বহি আছা, এয়া হৈছে সত্যৰ সংগ, যত তোমালোক পুৰুষোত্তম হৈ আছা

প্ৰশ্ন:
তোমালোক সন্তানসকল পিতাতকৈও উচ্চ, নীচ নহয় - কেনেকৈ?

উত্তৰ:
বাবাই কয় - সন্তানসকল, মই বিশ্বৰ মালিক নহওঁ, তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ লগতে ব্ৰহ্মাণ্ডৰো মালিক কৰি তোলোঁ। মই উচ্চতকৈও উচ্চ পিতাই তোমালোক সন্তানসকলক নমস্কাৰ জনাওঁ, সেইকাৰণে তোমালোক মোতকৈও উচ্চ, মই তোমালোক মালিকসকলক চালাম (নমস্কাৰ) কৰোঁ। তোমালোকে আকৌ এনেকুৱাকৈ গঢ়ি তোলা পিতাক চালাম (নমস্কাৰ) কৰা।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলক নমস্কাৰ। ৰেচপণ্ডো নকৰা (সঁহাৰিও নজনোৱা) - বাবা নমস্কাৰ, কিয়নো সন্তানসকলে জানে বাবাই আমাক ব্ৰহ্মাণ্ডৰ মালিক কৰি তোলে আৰু বিশ্বৰো মালিক কৰি তোলে। পিতাতো কেৱল ব্ৰহ্মাণ্ডৰ মালিক হয়, বিশ্বৰ মালিক নহয়। সন্তানসকলক ব্ৰহ্মাণ্ড আৰু বিশ্ব দুয়োটাৰে মালিক কৰি তোলে তেন্তে কোৱাচোন ডাঙৰ কোন হল? সন্তানসকল ডাঙৰ নহল জানো সেইকাৰণে সন্তানসকলে আকৌ নমস্কাৰ কৰে। বাবা আপুনিয়েই আমাক ব্ৰহ্মাণ্ড আৰু বিশ্বৰ মালিক কৰি তোলে সেইকাৰণে আপোনাক নমস্কাৰ। মুছলমানসকলেও মালেকম্‌ চালাম, চালাম মালেকম্‌ বুলি নকয় জানো। তোমালোক সন্তানসকলৰ এইটো আনন্দ আছে। যিসকলৰ নিশ্চয় আছে, নিশ্চয় নহলেতো কোনো ইয়ালৈ আহিবও নোৱাৰে। ইয়ালৈ যিসকল আহে তেওঁলোকে জানে আমি কোনো মনুষ্য গুৰুৰ ওচৰলৈ নাযাওঁ। মনুষ্য পিতাৰ ওচৰলৈ, শিক্ষকৰ ওচৰলৈ বা মনুষ্য গুৰুৰ ওচৰলৈ নাযাওঁ। তোমালোক আত্মিক পিতা, আত্মিক শিক্ষক, আত্মিক সৎগুৰুৰ ওচৰলৈ আহা। সেই মনুষ্যতো অনেক আছে। এয়া হৈছে এজনেই। এইটো পৰিচয় কাৰো নাছিল। ভক্তি মাৰ্গৰ শাস্ত্ৰতো আছে যে ৰচয়িতা আৰু ৰচনাক কোনেও নাজানে। নজনাৰ কাৰণে তেওঁলোকক অফেন (মাউৰা) বুলি কয়। যিসকল ভাল পঢ়া-শুনা কৰা তেওঁলোকে বুজিব পাৰে, আমাৰ; সকলো আত্মাৰ পিতা এজনেই নিৰাকাৰ। তেওঁ আহি পিতা, শিক্ষক সৎগুৰুও হয়। গীতাত কৃষ্ণৰ নাম বিখ্যাত। গীতা হল সৰ্ব শাস্ত্ৰৰ ভিতৰত শিৰোমণি, সকলোতকৈ উত্তম। গীতাকেই মাতা-পিতা বুলি কোৱা হয় আৰু বাকী যিবোৰ শাস্ত্ৰ আছে সেইবোৰক মাতা-পিতা বুলি কোৱা নহব। শ্ৰীমদ্ভাগৱত গীতা মাতা বুলি গায়ন কৰা হয়। ভগৱানৰ মুখ কমলেৰে উচ্চাৰিত গীতাৰ জ্ঞান। উচ্চতকৈও উচ্চ পিতা গতিকে নিশ্চয় উচ্চতকৈও উচ্চজনে উচ্চাৰণ কৰা গীতা হৈ হল ক্ৰিয়েটৰ (স্ৰষ্টা; ৰচয়িতা)। বাকী সকলো শাস্ত্ৰ হল তাৰ পাত, ক্ৰিয়েচন (ৰচনা)। ৰচনাৰ পৰা কেতিয়াও উত্তৰাধিকাৰ পাব নোৱাৰি। যদি পায়ো তেন্তে সেয়া অল্পকালৰ কাৰণে। অন্য ইমান বিলাক শাস্ত্ৰ আছে, যিবোৰ পঢ়িলে এটা জন্মৰ কাৰণে অল্পকালৰ সুখ পোৱা যায়। যিবোৰ (শাস্ত্ৰ) মনুষ্যই মনুষ্যক পঢ়ায়। সকলো প্ৰকাৰৰ যি পঢ়া আছে সেয়া অল্পকালৰ কাৰণে মনুষ্যই মনুষ্যক পঢ়ায়। অল্পকালৰ সুখ পায় আকৌ পৰৱৰ্তী জন্মত বেলেগ পঢ়া পঢ়িবলগীয়া হয়। ইয়াততো এজন নিৰাকাৰ পিতাই আছে যিয়ে 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দিয়ে। কোনো মনুষ্যইতো দিব নোৱাৰে। তেওঁলোকেতো ৱৰ্থ নট এ পেনী (একেবাৰে মূল্যহীন) কৰি দিয়ে। পিতাই পাউণ্ড (মূল্যৱান) কৰি তোলে। এতিয়া পিতাই বহি সন্তানসকলক বুজায়। তোমালোক সকলো ঈশ্বৰৰ সন্তান নোহোৱা জানো। সৰ্বব্যাপী বুলি কলে অৰ্থ একো নুবুজে। সকলোতে পৰমাত্মা থাকিলে তেতিয়া আকৌ ফাদাৰহুড হৈ যাব। ফাদাৰেই ফাদাৰ (পিতাই পিতা) তেতিয়াহলে উত্তৰাধিকাৰ কৰ পৰা পাব! কাৰ দুখ কোনে হৰিব! পিতাকেই দুখহৰ্তা, সুখকৰ্তা বুলি কোৱা হয়। ফাদাৰেই ফাদাৰ - ইয়াৰতো কোনো অৰ্থ নোলায়। পিতাই বহি বুজায় - এইখন হৈছেই ৰাৱণ ৰাজ্য। এইটোও ড্ৰামাত (নাটকত) নিৰ্ধাৰিত হৈ আছে সেইকাৰণে চিত্ৰবোৰতো ক্লীয়াৰ (স্পষ্ট) কৈ দেখুৱাইছে।

তোমালোক সন্তানসকলৰ বুদ্ধিত আছে - আমি পুৰুষোত্তম সংগমযুগত আছোঁ। পিতা পুৰুষোত্তম কৰি তুলিবলৈ আহিছে। যেনেকৈ বেৰিষ্টাৰ, ডাক্টৰি আদি পঢ়ে যাৰ দ্বাৰা পদৱী পায়। এইটো জানে যে এই পঢ়াৰ দ্বাৰা আমি এয়া হমগৈ। ইয়াত তোমালোক সত্যৰ সংগত বহি আছা, যাৰ দ্বাৰা তোমালোক সুখধামলৈ যোৱা। সত্য ধামো দুখন - এখন সুখধাম, আনখন শান্তিধাম। এইখন হল ঈশ্বৰৰ ধাম। পিতা ৰচয়িতা নহয় জানো। যিসকলে পিতাৰ দ্বাৰা বুজি বিচাৰ বুদ্ধি সম্পন্ন হৈ যায় তেওঁলোকৰ কৰ্তব্য হল ছাৰ্ভিচ (সেৱা) কৰা। পিতাই কব - তোমালোকে এতিয়া বুজি লৈ বিচাৰ বুদ্ধি সম্পন্ন হৈছা গতিকে শিৱৰ মন্দিৰলৈ গৈ বুজোৱা, তেওঁলোকক কোৱা এওঁক ফল, ফুল, মাখন, ঘীউ, আকন ফুল, গোলাপ ফুল ভেৰাইটি (অনেক প্ৰকাৰৰ সামগ্ৰী) কিয় অৰ্পণ কৰে? কৃষ্ণৰ মন্দিৰত আকন ফুল অৰ্পণ নকৰে। তালৈ বহুত ভাল সুগন্ধি ফুল লৈ যায়। শিৱৰ আগততো অক ফুলো অৰ্পণ কৰে গোলাপ ফুলো অৰ্পণ কৰে। অৰ্থতো কোনেও নাজানে। এই সময়ত তোমালোক সন্তানসকলক পিতাই পঢ়ায়, কোনো মনুষ্যই নপঢ়ায়। বাকী গোটেই জগতত মনুষ্যই মনুষ্যক পঢ়ায়। তোমালোকক ভগৱানে পঢ়ায়। কোনো মনুষ্যক কেতিয়াও ভগৱান বুলি কোৱা নহয়। লক্ষ্মী-নাৰায়ণকো ভগৱান বুলি নকয়, তেওঁলোকক দেৱী-দেৱতা বুলি কোৱা হয়। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰকো দেৱতা বুলি কোৱা হব। ভগৱান এজন পিতাই হয়, তেওঁ হল সকলো আত্মাৰ পিতা। সকলোৱে কয়ো - হে পৰমপিতা পৰমাত্মা। তেওঁৰ প্ৰকৃত নাম হল শিৱ আৰু তোমালোক সন্তানসকল হৈছা শালগ্ৰাম। পণ্ডিতসকলে যেতিয়া ৰুদ্ৰ যজ্ঞ পাতে তেতিয়া শিৱৰ বহুত ডাঙৰ লিঙ্গ সাজে আৰু সৰু সৰু শালগ্ৰাম সাজে। শালগ্ৰাম বুলি আত্মাসকলক কোৱা হয়। শিৱ বুলি কোৱা হয় পৰমাত্মাক। তেওঁ সকলোৰে পিতা, আমি সকলো ভাই ভাই, ব্ৰাদাৰহুড (ভ্ৰাতৃত্ববোধ) বুলি কয়ো। পিতাৰ সন্তান আমি ভাই ভাই হওঁ। আকৌ ভাই-ভনী কেনেকৈ হলা? প্ৰজাপিতা ব্ৰহ্মাৰ মুখেৰে প্ৰজা ৰচনা কৰা হয়। তেওঁলোক হল ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী। আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান সেইকাৰণে বি. কে. বুলি কওঁ। বাৰু, ব্ৰহ্মাক কোনে জন্ম দিলে? ভগৱানে। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰ.. এওঁলোক সকলো হৈছে ৰচনা। সূক্ষ্মবতনৰো ৰচনা হৈ গল। ব্ৰহ্মা মুখ কমলেৰে তোমালোক সন্তানসকল জন্ম হৈছা। ব্ৰাহ্মণ-ব্ৰাহ্মণী বুলি কোৱা। তোমালোক ব্ৰহ্মা মুখ বংশাৱলী এডপ্টেড (তোলনীয়া) হোৱা। প্ৰজাপিতা ব্ৰহ্মাই সন্তান কেনেকৈ জন্ম দিব, নিশ্চয় এডপ্ট কৰিব। যেনেকৈ গুৰুৰ ফলৱাৰ্চ (অনুগামী) এডপ্ট হয়, তেওঁলোকক শিষ্য বুলি কোৱা হব। তেন্তে প্ৰজাপিতা ব্ৰহ্মা গোটেই জগতৰ পিতা হৈ গল। তেওঁক কোৱা হয় গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। প্ৰজাপিতা ব্ৰহ্মাতো ইয়াতে থাকিব লাগে। সূক্ষ্মবতনতো ব্ৰহ্মা আছে। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰৰ নাম গায়ন কৰা হৈছে কিন্তু সূক্ষ্মবতনততো প্ৰজা নাথাকে। প্ৰজাপিতা ব্ৰহ্মা কোন হয়, এই সকলোবোৰ পিতাই বহি বুজায়। সেই ব্ৰাহ্মণসকলেও নিজক ব্ৰহ্মাৰ সন্তান বুলি কয়। এতিয়া ব্ৰহ্মা কত আছে? তোমালোকে কবা এয়া বহি আছে, তেওঁলোকে কব হৈ (আহি) গল। তেওঁলোকে আকৌ নিজক পূজাৰী ব্ৰাহ্মণ বুলি কয়। এতিয়া তোমালোকতো প্ৰেক্টিকেলত (বাস্তৱত) হোৱা। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান পৰস্পৰ ভাই-ভনী হৈ গলা। ব্ৰহ্মাক শিৱবাবাই এডপ্ট কৰিছে। শিৱবাবাই কয় - মই এই বৃদ্ধ শৰীৰত প্ৰৱেশ কৰি তোমালোকক ৰাজযোগ শিকাওঁ। মনুষ্যক দেৱতা কৰি তোলা - এইটো কোনো মনুষ্যৰ কাম নহয়। পিতাকহে ৰচয়িতা বুলি কোৱা হয়। ভাৰতবাসীয়ে জানে শিৱ জয়ন্তীও পালন কৰে। শিৱ হল পিতা। মনুষ্যই এইটোও নাজানে যে দেৱী-দেৱতাসকলক এই ৰাজ্য-ভাগ্য কোনে দিলে? স্বৰ্গৰ ৰচয়িতা হয়েই পৰম আত্মা, যাক পতিত-পাৱন বুলি কোৱা হয়। আত্মা প্ৰকৃততে পবিত্ৰ হয়, আকৌ সতো-ৰজো-তমো অৱস্থাত আহে। এই সময়ত কলিযুগত সকলো তমোপ্ৰধান, সত্যযুগত সতোপ্ৰধান আছিল। আজিৰ পৰা 5 হাজাৰ বছৰৰ আগতে এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। 2500 বছৰ দেৱতাসকলৰ ডায়নেষ্টি (ৰাজবংশ) চলিল। তেওঁলোকৰ সন্তানসকলেও ৰাজ্য কৰিলে নহয় জানো। লক্ষ্মী-নাৰায়ণ দ্যা ফাৰ্ষ্ট, দ্যা ছেকেণ্ড এনেকৈ চলি আহে। মনুষ্যই এই কথাবোৰ একোৱে নাজানে। এই সময়ত সকলো তমোপ্ৰধান, পতিত। ইয়াত এজনো মনুষ্য পাৱন থাকিবই নোৱাৰে। সকলোৱে আহ্বান কৰে - হে পতিত-পাৱন আহা। তেন্তে এইখন পতিত সৃষ্টি নহল জানো। ইয়াকেই কলিযুগ নৰক বুলি কোৱা হয়। নতুন সৃষ্টিক স্বৰ্গ, পাৱন সৃষ্টি বুলি কোৱা হয়। আকৌ পতিত কেনেকৈ হল, এইটো কোনেও নাজানে। ভাৰতত এজনো মনুষ্য নাই যিয়ে নিজৰ 84 জন্মক জানে। মনুষ্যই মেক্সিমাম (সৰ্বাধিক) 84 জন্ম লয়, মিনিমাম (অতিকমেও) এটা জন্ম।

ভাৰতক অবিনাশী খণ্ড বুলি মান্যতা দিয়া হৈছে কিয়নো ইয়াতেই শিৱবাবাৰ অৱতৰণ হয়। ভাৰত খণ্ড কেতিয়াও বিনাশ হব নোৱাৰে। বাকী যি অনেক খণ্ড আছে সেই সকলোবোৰ বিনাশ হৈ যাব। এই সময়ত আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গল। কোনেও নিজক দেৱতা বুলি নকয় কিয়নো দেৱতাসকল সতোপ্ৰধান পাৱন আছিল। এতিয়াতো সকলো পতিত পূজাৰী হৈ গল। এইটোও পিতাই বহি বুজায়, ভগৱানুবাচ নহয় জানো। ভগৱান সকলোৰে পিতা, তেওঁ এবাৰেই ভাৰতলৈ আহে। কেতিয়া আহে? পুৰুষোত্তম সংগমযুগত। এই সংগমযুগকেই পুৰুষোত্তম বুলি কোৱা হয়। এই সংগমযুগ হৈছে কলিযুগৰ পৰা সত্যযুগ, পতিতৰ পৰা পাৱন হোৱাৰ যুগ। কলিযুগত পতিত মনুষ্য থাকে, সত্যযুগত পাৱন দেৱতাসকল থাকে সেইকাৰণে ইয়াক পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয়, যেতিয়া পিতা আহি পতিতৰ পৰা পাৱন কৰি তোলে। তোমালোক আহিছাই মনুষ্যৰ পৰা দেৱতা পুৰুষোত্তম হবলৈ। মনুষ্যইতো এইটোও নাজানে যে আমি আত্মাসকল নিৰ্বাণধামত থাকো। তাৰ পৰা ভূমিকা পালন কৰিবলৈ আহোঁ। এই নাটকৰ আয়ুস 5 হাজাৰ বছৰ। আমি এই বেহদৰ (অসীমৰ) নাটকত ভূমিকা পালন কৰোঁ। ইমানবোৰ মনুষ্য ভূমিকা পালন কৰোঁতা হয়। এই ড্ৰামাৰ চক্ৰ ঘূৰিয়েই থাকে। কেতিয়াও বন্ধ হবলগীয়া নাই। পোন প্ৰথমে এই নাটকত সত্যযুগত দেৱী-দেৱতাসকল ভূমিকা পালন কৰিবলৈ আহে। তাৰ পাচত ত্ৰেতাত ক্ষত্ৰিয়সকল। এই নাটকখনকো জনা উচিত নহয় জানো। এইখন হৈছেই কাঁইটৰ জংঘল। সকলো মনুষ্য দুখী। কলিযুগৰ পাচত আকৌ সত্যযুগ আহে। কলিযুগত অনেক মনুষ্য, সত্যযুগত কিমান হব? বহুত কম। আদি সনাতন সূৰ্যবংশী দেৱী-দেৱতাসকলহে থাকিব। এই পুৰণি সৃষ্টিৰ এতিয়া পৰিৱৰ্তন হব। মনুষ্য সৃষ্টিৰ পৰা আকৌ দেৱতাসকলৰ সৃষ্টি হব। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। কিন্তু এতিয়া নিজক দেৱতা বুলি নকয়। নিজৰ ধৰ্মকেই পাহৰি গল। এয়া কেৱল ভাৰতবাসীয়েই হয় যিয়ে নিজৰ ধৰ্মক পাহৰি গল, হিন্দুস্তানত থকাৰ কাৰণে হিন্দু ধৰ্ম বুলি কৈ দিয়ে। দেৱতাসকলতো পাৱন আছিল, এওঁলোক হৈছে পতিত সেইকাৰণে নিজক দেৱতা বুলি কব নোৱাৰে। দেৱতাসকলৰ পূজা কৰি থাকে। নিজক পাপী নীচ বুলি কয়। এতিয়া পিতাই বুজায় - তোমালোকেই পূজ্য আছিলা আকৌ তোমালোকেই পূজাৰী পতিত হলা। হম চ ৰ (আমিয়েই সেয়া) অৰ্থও বুজাইছে। তেওঁলোকে কৈ দিয়ে আত্মা চ পৰমাত্মা (আত্মাই পৰমাত্মা)। এয়া হৈছে মিছা অৰ্থ, মিছা কায়া (শৰীৰ), মিছা মায়া.. সত্যযুগত এনেকৈ নকব। সত্যখণ্ডৰ স্থাপনা পিতাই কৰে, অসত্য খণ্ড আকৌ ৰাৱণে গঢ়ে। এইটোও পিতা আহি বুজায় - আত্মা কি হয়, পৰমাত্মা কি হয়। এইটোও কোনেও নাজানে। পিতাই কয় - তোমালোক আত্মা বিন্দু, তোমালোকৰ মাজত 84 জন্মৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। আমি আত্মা কেনেকুৱা - এইটো কোনেও নাজানে। মই বেৰিষ্টাৰ হওঁ, অমুক হওঁ - এইটো জানে, বাকী আত্মাক এজনেও নাজানে। পিতাহে আহি পৰিচয় দিয়ে। তোমালোক আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা নিৰ্ধাৰিত হৈ আছে, যিটো কেতিয়াও বিনাশ হব নোৱাৰে। এই ভাৰতেই গাৰ্ডেন অফ্‌ ফ্লাৱৰ (ফুলৰ বাগিচা) আছিল। সুখেই সুখ আছিল, এতিয়া দুখেই দুখ। এই পিতাই জ্ঞান দিয়ে।

তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা নতুন নতুন কথা শুনা। সকলোতকৈ নতুন কথা হল - তোমালোক মনুষ্যৰ পৰা দেৱতা হব লাগে। তোমালোকে জানা মনুষ্যৰ পৰা দেৱতা হোৱাৰ পঢ়া কোনো মনুষ্যই নপঢ়ায়, ভগৱানে পঢ়ায়। সেই ভগৱানক সৰ্বব্যাপী কোৱা এয়াতো গালি দিয়া হয়। এতিয়া পিতাই বুজায় - মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাচত আহি ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলোঁ। ৰাৱণে নৰক কৰি তোলে। এই কথাবোৰ জগতত আৰু কোনেও নাজানে। পিতাহে আহি তোমালোকক মনুষ্যৰ পৰা দেৱতা কৰি তোলে। গায়নো আছে ঈশ্বৰে মলিন কাপোৰ পৰিস্কাৰ কৰে (আত্মাৰ বিকাৰ ৰূপী মলিনতা আঁতৰ কৰে)..। তাত (স্বৰ্গত) বিকাৰ নাথাকে। সেইখন হৈছেই সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি। এতিয়া হল বিকাৰী ৱৰ্ল্ড (সৃষ্টি)। আহ্বানো কৰে পতিত-পাৱন আহা। আমাক ৰাৱণে পতিত কৰি পেলালে কিন্তু এইটো নাজানে যে ৰাৱণ কেতিয়া আহিল, কি হল! ৰাৱণে কিমান কঙাল কৰি দিলে। ভাৰত 5 হাজাৰ বছৰৰ আগতে কিমান চহকী আছিল। সোণ, হীৰা মুকুতা খচিত মহল (অট্টালিকা) আছিল। কিমান ধন আছিল। এতিয়া কি অৱস্থা হল! সেয়াও পিতাৰ বাহিৰে কোনেও মুকুটধাৰী কৰি তুলিব নোৱাৰে। এতিয়া তোমালোকে কোৱা - শিৱবাবাই ভাৰতক হেভেন (স্বৰ্গ) কৰি গঢ়ি তোলে। এতিয়া পিতাই কয় মৃত্যু সন্মুখত ঠিয় হৈ আছে। তোমালোক বানপ্ৰস্থী। এতিয়া উভতি যাব লাগে সেইকাৰণে নিজক আত্মা বুলি বুজা, মামেকম্ (মনে মনে কেৱল মোক) স্মৰণ কৰা তেতিয়া পাপ ভস্ম হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ, স্বয়ং ভগৱানে আমাক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তোলাৰ পাঠ পঢ়াই আছে, এইটো নিচা আৰু আনন্দত থাকিব লাগে। পুৰুষোত্তম সংগমযুগত পুৰুষোত্তম হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।

(2) এতিয়া আমাৰ বানপ্ৰস্থ অৱস্থা, মৃত্যু সন্মুখত ঠিয় হৈ আছে, ঘৰলৈ উভতি যাব লাগে.. সেইকাৰণে পিতাৰ স্মৃতিৰে সকলো পাপ ভস্ম কৰিব লাগে।

বৰদান:
আত্মিক যাত্ৰী হওঁ - এইটো স্মৃতিৰে সদায় উপৰাম, অনাসক্ত আৰু নিৰ্মোহী হোৱা

আত্মিক যাত্ৰী সদায় স্মৃতিৰ যাত্ৰাত আগবাঢ়ি গৈ থাকে, এই যাত্ৰা সদায় সুখদায়ী। যিসকল আত্মিক যাত্ৰাত তৎপৰ হৈ থাকে, তেওঁলোকে অন্য যাত্ৰা কৰাৰ আৱশ্যকতা নাথাকে। এই আত্মিক যাত্ৰাত সকলো যাত্ৰা সমাহিত হৈ আছে। মন বা তনেৰে (শৰীৰেৰে) দিগভ্ৰান্ত হৈ ঘূৰি ফুৰাতো বন্ধ হৈ যায়। গতিকে সদায় যাতে এইটোৱে স্মৃতি থাকে যে মই আত্মিক যাত্ৰী, যাত্ৰীৰ কাৰো প্ৰতি মোহ নাথাকে। তেওঁলোকৰ সহজে উপৰাম, অনাসক্ত আৰু নিৰ্মোহী হোৱাৰ বৰদান প্ৰাপ্ত হৈ যায়।

স্লোগান:
সদায় বাহ! বাবা, বাহ! ভাগ্য আৰু বাহ! মিঠা পৰিবাৰ - এইটোৱে গীত গাই থাকিবা।