19.06.22 Avyakt Bapdada
Assame
Murli
06.04.91 Om Shanti Madhuban
“*“কৰ্মাতীত স্থিতিৰ
লক্ষণসমূহ”*”
কৰ্মাতীত স্থিতিৰ
সমীপত আহি আছানে। কৰ্মও বৃদ্ধি প্ৰাপ্ত হৈ থাকে। কিন্তু কৰ্মাতীত অৰ্থাৎ কৰ্মৰ কোনো
বন্ধনৰ স্পৰ্শৰ (প্ৰভাৱৰ) পৰা উপৰাম। এনেকুৱাই অনুভৱ বাঢ়ি গৈ থাকক। যিদৰে মই
আত্মাই এই শৰীৰৰ দ্বাৰা কৰ্ম কৰিলোঁ, এনেকুৱা উপৰাম ভাৱ থাকক। কাৰ্যই যাতে স্পৰ্শ
নকৰে আৰু কাৰ্য কৰাৰ পাছত যি ফলাফল হ’ল - এই ফল প্ৰাপ্ত কৰাৰ ক্ষেত্ৰতো উপৰাম।
কৰ্মৰ ফল অৰ্থাৎ যি ফলাফল ওলায় সেই ফলেও যাতে স্পৰ্শ নকৰে, একেবাৰে উপৰাম ভাৱৰ
অনুভৱ হৈ থাকক। যেন আন কোনোবাই কৰালে আৰু মই কৰিলোঁ। কোনোবাই কৰালে আৰু মই নিমিত্ত
হ’লোঁ। কিন্তু নিমিত্ত হোৱাৰ ক্ষেত্ৰতো উপৰাম। এনেকৈ কৰ্মাতীত স্থিতি বাঢ়ি গৈ থাকে
- এনেকুৱা অনুভৱ হয়নে?
মহাৰথীসকলৰ স্থিতি
আনতকৈ অনন্য আৰু স্নেহী স্পষ্ট হৈ আছে নহয়। যিদৰে পিতা ব্ৰহ্মা স্পষ্ট আছিল, সেইদৰে
ক্ৰমানুসৰি তোমালোক নিমিত্ত আত্মাসকলো সাকাৰ স্বৰূপত স্পষ্ট হৈ গৈ থাকা। কৰ্মাতীত
অৰ্থাৎ উপৰাম আৰু স্নেহী। কৰ্ম আনেও কৰে আৰু তোমালোকেও কৰা কিন্তু তোমালোকৰ কৰ্ম
কৰাত পাৰ্থক্য আছে। স্থিতিৰ পাৰ্থক্য আছে। যি কিছু হৈ গ’ল তাৰপাছত উপৰাম হৈ গ’লা।
কৰ্ম কৰিলা আৰু কৰ্ম কৰাৰ পাছত এনেকুৱা অনুভৱ হ’ব যেন একো কৰাই নাই। কৰাওতাই কৰাই
ল’লে। এনেকুৱা স্থিতিৰ অনুভৱ কৰি থাকিবা। পাতল ভাৱ থাকিব। কৰ্ম কৰিও শৰীৰো পাতল,
মনৰ স্থিতিতো পাতল। কৰ্মৰ ফলাফলে মন আকৰ্ষিত কৰি লয়। এনেকুৱা স্থিতিনে? যিমানেই
কাৰ্য বাঢ়ি গৈ থাকিব সিমানেই পাতল ভাৱো বাঢ়ি গৈ থাকিব। কৰ্মই নিজৰ ফালে আকৰ্ষিত
নকৰিব কিন্তু মালিক হৈ কৰ্ম কৰাওতাই কৰাই আছে আৰু নিমিত্ত হওতাই নিমিত্ত হৈ কৰি আছে।
আত্মাৰ পাতল ভাৱৰ
লক্ষণ হ’ল – আমাৰ যি বিশেষ শক্তি আছে - মন, বুদ্ধি, সংস্কাৰ এই তিনিওটাই এনেকুৱা
পাতল হৈ যাব। সংকল্পয়ো বহুত পাতল স্থিতিৰ অনুভৱ কৰাব। বুদ্ধিৰ নিৰ্ণয় শক্তিয়েও
এনেকুৱা নিৰ্ণয় কৰিব যেন একো কৰাই নাই, আৰু কোনো সংস্কাৰে নিজৰ ফালে আকৰ্ষিত নকৰিব।
যিদৰে পিতাৰ সংস্কাৰে কাৰ্য কৰি আছে। এই মন-বুদ্ধি-সংস্কাৰ যি সূক্ষ্ম শক্তি আছে,
তিনিওতাতে পাতল অনুভৱ কৰিবা। স্বতঃ সকলোৰে অন্তৰৰ পৰা, মুখৰ পৰা এয়াই ওলাই থাকিব যে
যেনেকুৱা পিতা, তেনেকুৱাই সন্তানসকল উপৰাম আৰু স্নেহী। কিয়নো সময় অনুসৰি বাহিৰৰ
বাতাৱৰণ দিনে-প্ৰতিদিনে আৰুহে গধুৰ হৈ যাব। যিমানেই বাহিৰৰ বাতাৱৰণ গধুৰ হ’ব সিমানে
অনন্য সন্তানসকলৰ সংকল্প, কৰ্ম, সম্বন্ধ পাতল হৈ যাব আৰু এই পাতল ভাৱৰ বাবে সকলো
কাৰ্য পাতলভাৱে চলি থাকিব। বায়ুমণ্ডল তমোপ্ৰধান হোৱাৰ বাবে আৰু ভিন্ন ভিন্ন প্ৰকাৰে
গধুৰতা অনুভৱ কৰিবা। প্ৰকৃতিৰো গধুৰতা থাকিব। মনুষ্য আত্মাৰ বৃত্তিতো গধুৰতা থাকিব।
তাৰ বাবেও পাতল ভাৱে আনকো পাতল কৰিব। বাৰু, সকলো ঠিকে চলি আছে নহয়। কাৰবাৰৰ প্ৰভাৱ
তোমালোকৰ ওপৰত নপৰে। কিন্তু তোমালোকৰ প্ৰভাৱ কাৰবাৰৰ ওপৰত পৰে। যি কিছু কৰা, শুনা
তোমালোকৰ পাতল ভাৱৰ স্থিতিৰ প্ৰভাৱ কাৰ্যৰ ওপৰত পৰে। কাৰ্যৰ অস্থিৰতাৰ প্ৰভাৱ
তোমালোকৰ কাৰ্যৰ ওপৰত নপৰে। অবিচলিত স্থিতিয়ে কাৰ্যকো অবিচল কৰি দিয়ে। সকলো ৰীতিৰে
অসম্ভৱ কাৰ্য সম্ভৱ আৰু সহজ হৈ গৈ আছে আৰু হৈ গৈ থাকিব। বাৰু।
19-06-2022
প্ৰাতঃমুৰুলী ওঁম্ শান্তি “অব্যক্ত-বাপদাদা” ৰিভাইজ্ 10-04-1991 মধুবন
“*”অন্তৰ সিংহাসনত
অধিষ্ঠিত আৰু বিশ্ব সিংহাসনত অধিষ্ঠিত হ’বৰ বাবে সুখ দিয়া আৰু সুখ লোৱা”*”
আজি বিশ্বৰ মালিকে
নিজৰ বালক তথা মালিক সন্তানসকলক চাই আছেহঁক। সকলো সন্তান এই সময়ত নিজৰ মালিক আৰু
অনেক জন্মও বিশ্বৰ মালিক হয়। পৰমাত্ম বালক মালিক হৈ যায়। ব্ৰাহ্মণ আত্মাসকল অৰ্থাৎ
মালিক আত্মা। এই সময়ত সকলো কৰ্মেন্দ্ৰিয়ৰ মালিক হোৱা, অধীন আত্মা নোহোৱা। অধিকাৰী
অৰ্থাৎ মালিক হোৱা। কৰ্মেন্দ্ৰিয়ৰ বশীভূত নোহোৱা সেয়েহে বালক তথা মালিক হোৱা।
বালকবোধৰো ঈশ্বৰীয় নিচা অনুভৱ কৰা আৰু স্ব-ৰাজ্যৰ মালিকবোধৰ নিচাও অনুভৱ কৰা। ডবল
নিচা। নিচাৰ চিন হ’ল অবিনাশী আত্মিক আনন্দ। সদায় নিজক বিশ্বৰ ভিতৰতে সৌভাগ্যশালী
আত্মা বুলি ভাবানে? বাঃ! মোৰ শ্ৰেষ্ঠ ভাগ্য অৰ্থাৎ শ্ৰেষ্ঠ কপাল! সৌভাগ্যশালীও হোৱা
আৰু সদায় আনন্দৰ খোৰাক খাই থাকা আৰু আনকো খুৱাই থাকা। লগতে সদায় আনন্দৰ দোলনাত দুলি
থাকা। আনকো আনন্দৰ মহাদান দি সৌভাগ্যশালী কৰি তোলা। এনেকুৱা অমূল্য হীৰাতুল্য জীৱন
গঢ়োঁতা হোৱা। হৈ গ’লা নে এতিয়া হ’বা? ব্ৰাহ্মণ জীৱনৰ অৰ্থই হৈছে – আনন্দিত হৈ থকা,
আনন্দৰ খোৰাক খোৱা আৰু আনন্দৰ দোলনাত দুলি থকা। এনেকুৱা ব্ৰাহ্মণ হোৱা নহয়? আনন্দ
অবিহনে জীৱনেই বা কি! জীৱনেই আনন্দময়। যদি আনন্দ নাই তেন্তে সেয়া ব্ৰাহ্মণ জীৱন নহয়।
আনন্দিত হৈ থকা মানেই জীয়াই থকা।
আজি বাপদাদাই সকলো
সন্তানৰ পুণ্যৰ হিচাপ চাই আছিল কিয়নো তোমালোক সকলো পুণ্য আত্মা হোৱা। পুণ্যৰ হিচাপ
অনেক জন্মৰ বাবে জমা কৰি আছা। গোটেই দিনটোত পুণ্য কিমান জমা কৰিলা? এয়া নিজেও
পৰীক্ষা কৰিব পাৰা নহয়। এটা হ’ল দান কৰা, আনটো হ’ল পুণ্য কৰা। দানতকৈও পুণ্যৰ মহত্ব
বেছি। পুণ্য কৰ্ম হৈছে নিস্বাৰ্থ সেৱা ভাৱৰ কৰ্ম। পুণ্য কৰ্ম দেখুৱাবৰ বাবে কৰা নহয়,
কিন্তু অন্তৰেৰে কৰা হয়। দান দেখুওৱাব কাৰণেও কৰে, অন্তৰেৰেও কৰে। পুণ্য কৰ্ম অৰ্থাৎ
আৱশ্যকতাৰ সময়ত কোনোবা আত্মাৰ সহযোগী হোৱা অৰ্থাৎ কামত অহা। পুণ্য কৰ্ম কৰোঁতা
আত্মাসকলৰ অনেক আত্মাৰ অন্তৰৰ আশীৰ্বাদ প্ৰাপ্ত হয়। কেৱল মুখেৰে ধন্যবাদ বা
‘থেঙ্কচ’ বুলি নকয় কিন্তু অন্তৰৰ আশীৰ্বাদ গুপ্ত প্ৰাপ্তি জমা হৈ যায়। পুণ্য আত্মাই,
পৰমাত্ম আশীৰ্বাদ, আত্মাসকলৰ আশীৰ্বাদ- এই প্ৰাপ্ত হোৱা প্ৰত্যক্ষফলেৰে ভৰপূৰ হয়।
পুণ্য আত্মাৰ বৃত্তি, দৃষ্টিয়ে আনকো আশীৰ্বাদৰ অনুভৱ কৰায়। পুণ্য আত্মাৰ চেহেৰাত
সদায় প্ৰসন্নতা, সন্তুষ্টিৰ ৰেঙনি দেখা যায়। পুণ্য আত্মাই সদায় প্ৰাপ্ত কৰা ফলৰ বাবে
অভিমান আৰু অপমানৰ পৰা দূৰৈত থাকে কিয়নো তেওঁলোক হৈছে ভৰপূৰ বাদশ্বাহ। অভিমান আৰু
অপমানৰ পৰা নিচিন্ত বাদশ্বাহ হয়। পুণ্য আত্মা পুণ্যৰ শক্তিৰে নিজৰ প্ৰতিটো সংকল্প,
সকলো সময়ৰ অস্থিৰতাক, প্ৰতিটো কৰ্ম সফল কৰোঁতা হয়। পুণ্যৰ হিচাপ জমা হয়। জমাৰ চিন
হ’ল - ব্যৰ্থৰ সমাপ্তি। এনেকুৱা পুণ্য আত্মা বিশ্ব ৰাজ্যৰ সিংহাসনৰ অধিকাৰী হয়।
গতিকে নিজৰ হিচাপ পৰীক্ষা কৰা যে এনেকুৱা পুণ্য আত্মা কিমানলৈকে হৈছোঁ? যদি সোধো যে
সকলো পুণ্য আত্মা হোৱানে? তেতিয়া সকলোৱে ‘হয়’ বুলি ক’বা নহয়। হয়ো সকলো পুণ্য আত্মা।
কিন্তু ক্ৰমানুসৰি হোৱা নে সকলো এক নম্বৰ হোৱা? ক্ৰমানুসৰি হোৱা নহয়।
সত্যযুগ-ত্ৰেতাৰ বিশ্ব সিংহাসনত কিমান বহিবা? সকলোৱে একেলগে বহিবানে? তেন্তে
ক্ৰমানুসৰি হোৱা নহয়। ক্ৰম নম্বৰ কিয় হয় - কাৰণ? সন্তানসকলৰ এটা বিশেষ কথা বাপদাদাই
পৰীক্ষা কৰিলে। আৰু সেইটো কথাই এক নম্বৰ হোৱাত বাধা দিয়ে। এতিয়া তপস্যা বৰ্ষত সকলোৰে
লক্ষ্য সম্পূৰ্ণ হোৱাৰ নে ক্ৰমানুসৰি হোৱাৰ? সম্পূৰ্ণ হ’ব লাগে নহয়। তোমালোক সকলোৱে
এটা শ্লোগান উচ্চাৰণো কৰা আৰু লিখি আঁৰিও থোৱা। সেইটো হ’ল - সুখ দিয়া আৰু সুখ লোৱা।
দুখ নিদিবা, দুখ নল’বা। এইটো শ্লোগান দৃঢ় হয়। তেন্তে ফলাফলত কি দেখিলে? দুখ নিদিবা
– ইয়াৰ প্ৰতিতো গৰিষ্ঠ সংখ্যকৰে মনোযোগ আছে। কিন্তু আধা শ্লোগান ঠিক হয়। দিয়াৰ
ক্ষেত্ৰত ভাবে, দিব নালাগে। কিন্তু লোৱাৰ ক্ষেত্ৰত কয় যে তেওঁ দিলে সেইবাবে হ'ল। এওঁ
এনেকৈ কলে, এওঁ এইটো ক'লে, সেয়েহে এয়া হ'ল। এনেকুৱা ৰায় দিয়া নহয়। নিজৰেই উকীল হৈ
মোকৰ্দমাত এয়াই কোৱা। তেন্তে আধা শ্লোগানৰ প্ৰতি মনোযোগ ঠিক আছে আৰু বিশেষ মনোযোগ
থাকিব লাগে। তথাপিও আধা শ্লোগানৰ প্ৰতি মনোযোগ আছে কিন্তু আৰু যি আধা শ্লোগান আছে
তাৰ প্ৰতি নামমাত্ৰ মনোযোগ আছে। তেওঁ দিলে কিন্তু তুমি ল'লা কিয়? কোনে ক'লে যে তুমি
লোৱা? দুখ লোৱাতো পিতাৰ শ্ৰীমত হয় জানো। দুখেৰে জোলোঙা ভৰোৱা। গতিকে দুখ নিদিবা,
দুখ নল’বা তেতিয়াহে পুণ্য আত্মা হ'বা, তপস্বী হ'বা। তপস্বী অৰ্থাৎ পৰিৱৰ্তন, গতিকে
তেওঁৰ দুখকো তোমালোকে সুখৰ ৰূপত স্বীকাৰ কৰা। পৰিৱৰ্তন কৰা তেতিয়া তপস্বী বুলি কোৱা
হ'ব। গ্লানিক প্ৰশংসা বুলি লোৱা, তেতিয়া পুণ্য আত্মা বুলি কোৱা হ'ব। জগত অম্বা
‘মা’য়ে সদায় সকলো সন্তানক এইটোৱে পাঠ দৃঢ় কৰালে যে গালি দিওতা বা দুখ দিওতা আত্মাকো
নিজৰ দয়ালু স্বৰূপেৰে, দয়াৰ দৃষ্টিৰে চোৱা। গ্লানিৰ দৃষ্টিৰে নহয়। তেওঁ গালি দিব,
তোমালোকে ফুল অৰ্পণ কৰা। তেতিয়া পুণ্য আত্মা বুলি কোৱা হ'ব। গ্লানি কৰোঁতাজনক
অন্তৰেৰে আকোৱালি লোৱা। বাহ্যিকভাৱে আকোৱালি নল’বা। কিন্তু মনেৰে। গতিকে পুণ্যৰ
হিচাপ জমা হোৱাত এইটো কথাই বিঘিনি ৰূপ হয়। মই দুখ ল’বও নালাগে। দিবতো নালাগেই কিন্তু
ল’বও নালাগে। যিহেতু ভাল বস্তু নহয় তেন্তে আকৌ আৱৰ্জনা লৈ জমা কিয় কৰা? য'ত দুখ ল'লা
ত’ত আৱৰ্জনা জমা হ'ল, তেন্তে আৱৰ্জনা পৰা কি ওলাব? পাপৰ অংশৰূপী বীজাণু। এতিয়া ডাঙৰ
পাপতো নকৰা নহয়। এতিয়া পাপৰ অংশ থাকি গৈছে। কিন্তু অংশও থাকিব নালাগে। বহুত সন্তানে
বৰ মিঠা কথা শুনায়। বাৰ্তালাপতো সকলোৱে কৰা নহয় জানো? এটা শ্লোগানতো সকলোৰে দৃঢ় হৈ
গ'ল - "বিচৰা নাছিলোঁ কিন্তু হৈ গ'ল...!" যেতিয়া তোমালোকে নিবিচৰা তেন্তে আন কোনে
বিচাৰে? যাৰ বাবে কোৱা - হৈ গ'ল। আৰু কোনো আত্মা আছে নেকি, হ'ব নালাগিছিল, কিন্তু
হয় - এয়া কোনে কয়? অন্য কোনো আত্মাই কয় নে তুমি কোৱা? গতিকে তপস্যা এই কথাবোৰৰ বাবে
সিদ্ধ কৰিব নোৱাৰিবা। যিটো হ'ব নালাগে, যিটো কৰিব নালাগিছিল, সেইটো নোহোৱা,
নকৰাটোৱেই পুণ্য আত্মাৰ লক্ষণ। বাপদাদাৰ ওচৰত নিতৌ সন্তানসকলৰ এনেকুৱা অনেক কাহিনী
আহে। কওঁতে ইমান আমোদজনক কাহিনী ৰচি কয় যে শুনিয়েই থাকা। কিছুমানৰ দীঘলীয়া কাহিনী
ৰচা অভ্যাস, কিছুমানে চুটিকৈ ৰচে। কিন্তু কাহিনী বহুত ৰচে। আজি এইটো বছৰৰ মিলনৰ
অন্তিম ডুব নহয় জানো। সকলো ডুব মাৰিবলৈ আহিছা নহয়। যেতিয়া ভক্তিমাৰ্গতো ডুব মাৰে
তেতিয়া কিবা নহয় কিবা সংকল্প নিশ্চয় কৰে, কিবা স্বাহা কৰে, কিবা স্বাৰ্থ ৰাখে।
দুয়োটাৰে সংকল্প কৰে। গতিকে তপস্যা বৰ্ষত এইটো সংকল্প কৰা যে গোটেই দিন সংকল্পৰ
দ্বাৰা, বাণীৰ দ্বাৰা, কৰ্মৰ দ্বাৰা পুণ্য আত্মা হৈ পুণ্য কৰিম, আৰু পূণ্যৰ চিন
শুনালোঁ যে পুণ্যৰ প্ৰত্যক্ষ ফল হৈছে প্ৰত্যেক আত্মাৰ আশীৰ্বাদ। প্ৰতিটো সংকল্পত
পুণ্য জমা হওঁক। বাণীত আশীৰ্বাদ জমা হওঁক। সম্বন্ধ-সম্পৰ্কত অন্তৰেৰে সহযোগৰ
ধন্যবাদ উচ্চাৰিত হওক - ইয়াক কোৱা হয় তপস্যা। এনেকুৱা তপস্যা বিশ্ব পৰিৱৰ্তনৰ আধাৰ
হ’ব। এনেকুৱা ফলাফল হ’লে পুৰস্কাৰ পাবা। আকৌ কাহিনী নুশুনাবা যে এনেকুৱা হৈ গল…।
এনেয়ে প্ৰথম নম্বৰৰ পুৰস্কাৰ সকলো শিক্ষকে ল’ব লাগে আৰু লগতে মধুবন নিবাসীসকলে ল’ব
লাগে কিয়নো মধুবনৰ লহৰ, নিমিত্ত শিক্ষকসকলৰ লহৰ প্ৰবৃত্তিত থকাসকলৰ ওচৰলৈ, ঈশ্বৰীয়
বিদ্যাৰ্থীসকলৰ ওচৰলৈ সহজে গৈ পায়। গতিকে তোমালোক সকলোৰে স্থান আগত হৈয়েই যাব। এতিয়া
চাম যে কাৰ কাৰ নাম পুৰস্কাৰ পোৱাৰ তালিকাত আহে? শিক্ষকসকলৰ আহে নে মধুবন নিবাসীৰ
নে ঈশ্বৰীয় বিদ্যাৰ্থীৰ আহে? ডবল বিদেশীসকলেও তীব্ৰ পুৰুষাৰ্থ কৰি আছে। বাপদাদাৰ
ওচৰত পুৰস্কাৰ বহুত আছে, যিমান বিচৰা সিমান ল’ব পাৰা। পুৰস্কাৰৰ অভাৱ নাই। ভাণ্ডাৰ
ভৰপূৰ হৈ আছে। ভাল বাৰু!
সকলো মেলাত আহি
উপস্থিত হৈ গ’লা। মেলা ভাল লাগিল নে অসুবিধা হ’ল? বৰষুণেও স্বাগতম জনালে, প্ৰকৃতিৰো
তোমালোকৰ প্ৰতি স্নেহ আছে। ভয়তো খোৱা নাই নহয়? ব্ৰহ্মাভোজনতো ভাল পালা নহয়। 63 জন্ম
ঠেলা-গঁতা খালা। এতিয়াতো আৰুৱেই ঠিকনা পালা নহয়। তিনিখোজ ভূমিতো পালা নহয়। ইমান
ডাঙৰ যি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে গতিকে প্ৰেক্ষাগৃহৰো শোভা বঢ়ালা নহয়।
প্ৰেক্ষাগৃহটি সফল কৰিলা নহয়। কাৰো অসুবিধাতো হোৱা নাই নহয়। কিন্তু এনেকৈ মেলা কৰি
নাথাকিবা। ৰচনাৰ লগতে সাধনো আহে। ভাল বাৰু!
সকলো বালক তথা মালিক
শ্ৰেষ্ঠ আত্মাসকলক, সদায় প্ৰতিটো খোজত পুণ্যৰ হিচাপ জমা কৰোঁতা পুণ্য আত্মাসকলক,
সদায় অন্তৰাসনধাৰী আৰু বিশ্বৰ সিংহানৰ অধিকাৰী বিশেষ আত্মাসকলক, সদায় সুখ দিওতা আৰু
সুখ লওতা মাষ্টৰ সুখৰ সাগৰ আত্মাসকলক, সদায় আনন্দত থাকোঁতা আৰু আনন্দ দিওঁতা মাষ্টৰ
দাতা সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
দাদীসকলৰ প্ৰতি :-
বাপদাদাই দেখিলে যে
সকলো মহাৰথীয়ে অন্তৰেৰে সকলোকে শক্তিশালী কৰাৰ সেৱা বহুত ভালকৈ কৰিলে। ইয়াৰ বাবে কি
বুলি ধন্যবাদ জনাওঁ কিন্তু হিচাপ বহুত জমা হ’ল। বহুত ডাঙৰ হিচাপ জমা হ’ল। বাপদাদাই
মহাবীৰ সন্তানসকলৰ সাহস আৰু উৎসাহ-উদ্দীপনা দেখি পদমগুণতকৈও বেছি হৰ্ষিত হয়। সাহস
কৰিছে। সংগঠন সদায় স্নেহৰ সূত্ৰত আছে সেয়েহে ইয়াৰ সফলতা আছে। সংগঠন শক্তিশালী হয়
নহয়! সৰু মালা মজবুত হয়। খাৰুতো তৈয়াৰ হৈছে। মালাতো তৈয়াৰ হোৱা নাই, খাৰুতো আছে নহয়
সেয়েহে সৰু মালাকো পূজা কৰা হয়। ডাঙৰ মালা তৈয়াৰ হৈ আছে, সেয়াও হৈ যাব, হ’বই।
শুনাইছিলোঁ নহয় – ডাঙৰ মালাৰ মণি তৈয়াৰ হৈ আছে কিন্তু মণিৰ লগত মণি একে সমান হোৱাত
অলপ বাকী আছে। সৰু মালা ভালকৈ তৈয়াৰ হৈছে, এই মালাৰ বাবেই সফলতা সহজে হয় আৰু সফলতা
সদায় মালাৰ মণিসকলৰ ডিঙিত ওলমি আছে। বিজয়ৰ তিলক লাগি আছে। বাপদাদা আনন্দিত হয়,
পদমগুণ অভিনন্দন। নিমিত্ততো তোমালোক হোৱা নহয়, পিতাতো কৰাৱনহাৰ হয়। কৰোঁতা কোন?
কৰাৰ বাবে তোমালোক নিমিত্ত হোৱা, পিতাতো ৰাজহাড় হয়, সেয়েহে বহুত ভালকৈ প্ৰীতিৰ
ৰীতিও পালন কৰিলে আৰু প্ৰতিপালনৰ ৰীতিও ভালদৰে পালন কৰিলে। ভাল বাৰু।
বৰদান:
উত্তম সংকল্প
ৰূপী বীজৰ দ্বাৰা উত্তম ফল প্ৰাপ্ত কৰোঁতা সিদ্ধি স্বৰূপ আত্মা হোৱা
সিদ্ধি স্বৰূপ
আত্মাসকলৰ প্ৰতিটো সংকল্প নিজৰ প্ৰতি আৰু আনৰ প্ৰতি সিদ্ধ হওঁতা হয়। তেওঁলোকৰ
প্ৰতিটো কৰ্মত সিদ্ধি প্ৰাপ্ত হয়। তেওঁলোকে যি কথা কয় সেয়া সিদ্ধ হৈ যায় সেয়েহে
সত্য বচন বুলি কোৱা হয়। সিদ্ধি স্বৰূপ আত্মাৰ প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম সিদ্ধি
প্ৰাপ্ত হয়, ব্যৰ্থ নহয়। যদি সংকল্প ৰূপী বীজ বহুত ভাল হয় কিন্তু ফল ভাল নহয় তেন্তে
দৃঢ় ধাৰণা ৰূপী ধৰণী ভাল নহয় নতুবা মনোযোগ দিয়াৰ ক্ষেত্ৰত সংযমৰ অভাৱ আছে।
স্লোগান:
দুখৰ লহৰৰ পৰা
মুক্ত হ’বলৈ হ’লে কৰ্মযোগী হৈ সকলো কৰ্ম কৰা।
সূচনা:- আজি মাহৰ
তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাতৃ-ভগ্নীয়ে সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈকে
বিশেষ যোগ অভ্যাসৰ সময়ত নিজৰ আকাৰী ফৰিস্তা স্বৰূপত স্থিত হৈ, বিশ্ব পৰিক্ৰমা কৰি
প্ৰকৃতি সহিত সকলো আত্মাক ‘লাইট-মাইট’ দিয়াৰ সেৱা কৰে যেন।