19.07.20    Avyakt Bapdada     Assame Murli     25.02.86     Om Shanti     Madhuban


*ডবল বিদেশী ভাতৃ-ভগ্নীসকলৰ সমৰ্পণ সমাৰোহত অব্যক্ত বাপদাদাৰ মহাবাক্য*


আজি বাপদাদাই বিশেষ শ্ৰেষ্ঠ দিনৰ বিশেষ স্নেহভৰা অভিনন্দন দি আছেহঁক। আজি কি সমাৰোহ উদযাপন কৰিলা? বাহিৰৰ দৃশ্যতো সুন্দৰ আছিলেই। কিন্তু সকলোৰে উৎসাহ-উদ্দীপনা আৰু দৃঢ় সংকল্পৰ, অন্তৰৰ আৱাজ দিলাৰাম পিতাৰ ওচৰ পালেগৈ। গতিকে আজিৰ দিনটোক বিশেষ উৎসাহ-উদ্দীপনা ভৰা দৃঢ় সংকল্প সমাৰোহ বুলি কোৱা হ'ব। যেতিয়াৰ পৰা পিতাৰ হৈছা তেতিয়াৰ পৰা সম্বন্ধ আছে আৰু থাকিব। কিন্তু এই বিশেষ দিনটি বিশেষ ৰূপত পালন কৰিলা ইয়াক দৃঢ় সংকল্প কৰা বুলি কোৱা হ'ব। যিয়েই নহওক লাগিলে মায়াৰ ধুমুহা আহক, লাগিলে মানুহৰ ভিন্ন ভিন্ন কথা আহক, লাগিলে প্রকৃতিৰ যিকোনো অস্থিৰতাৰ দৃশ্য হওঁক। লাগিলে লৌকিক বা অলৌকিক সম্বন্ধত যিকোনো প্রকাৰৰ পৰিস্থিতি হওঁক, মনৰ সংকল্পৰ বহুত তীব্রতাৰ ধুমুহাও হওঁক, তেতিয়াও এজন পিতা, দ্বিতীয় কোনো নাই। এক বল (শক্তি), এক ভৰসা এনেকুৱা দৃঢ় সংকল্প কৰিলা নে কেৱল ষ্টেজত বহিলা! ডবল ষ্টেজত বহিছিলা নে চিংগল ষ্টেজত? এক আছিল এই স্থূল ষ্টেজ, দ্বিতীয়তে আছিল দৃঢ় সংকল্পৰ ষ্টেজ, দৃঢ়তাৰ ষ্টেজ। গতিকে ডবল ষ্টেজত বহিছিলা নহয়? মালাও বহুত সুন্দৰ পিন্ধিলা। কেৱল এই মালা পিন্ধিলা নে সফলতাৰো মালা পিন্ধিলা? সফলতা ডিঙিৰ মালা হয়। এই দৃঢ়তাই সফলতাৰ আধাৰ হয়। এই স্থূল মালাৰ লগতে সফলতাৰ মালাও পিন্ধি আছিলা নহয়। বাপদাদাই ডবল দৃশ্য প্ৰত্যক্ষ কৰে। কেৱল সাকাৰ ৰূপৰ দৃশ্য প্ৰত্যক্ষ নকৰে। কিন্তু সাকাৰ দৃশ্যৰ লগতে আত্মিক ষ্টেজ মনৰ দৃঢ় সংকল্প আৰু সফলতাৰ শ্ৰেষ্ঠ মালা এই দুয়োটা প্ৰত্যক্ষ কৰি আছিল। ডবল মালা ডবল ষ্টেজ প্ৰত্যক্ষ কৰি আছিল। সকলোৱে দৃঢ় সংকল্প কৰিলে। বহুত ভাল। যি হৈ নাযাওক কিন্তু সম্বন্ধক বজাই ৰাখিব লাগিব। পৰমাত্ম প্রীতিৰ ৰীতি সদায় পালন কৰি সফলতা পাব লাগিব। নিশ্চিত হয় সফলতা ডিঙিৰ মালা হয়। এজন পিতা দ্বিতীয় কোনো নাই - এয়া হ'ল দৃঢ় সংকল্প। যিহেতু এজন গতিকে একৰস স্থিতি স্বতঃ আৰু সহজ হয়। সৰ্ব সম্বন্ধৰ অবিনাশী তাঁৰ (সূত্ৰ) সংযোগ কৰিলা নহয়। যদি এটাও সম্বন্ধ কম হয় তেন্তে অস্থিৰতা হ'ব সেয়েহে সৰ্ব সম্বন্ধৰ এনাজৰী বান্ধিলা। সংযোগ স্থাপন কৰিলা। সংকল্প কৰিলা। সৰ্ব সম্বন্ধ আছে নে কেৱল মুখ্য তিনিটা সম্বন্ধ আছে? যদি সৰ্ব সম্বন্ধ আছে তেন্তে সৰ্ব প্রাপ্তি আছে। যদি সৰ্ব সম্বন্ধ নাই তেন্তে কিবা নহয় কিবা প্রাপ্তিৰ অভাৱ থাকি যায়। সকলোৰে সমাৰোহ হ'ল নহয়। দৃঢ় সংকল্প কৰিলে আগলৈ পুৰুষাৰ্থতো বিশেষ ৰূপত লিফ্ট (উন্নতি) প্রাপ্ত হয়। এই বিধিয়েও বিশেষ উৎসাহ-উদ্দীপনা বঢ়ায়। বাপদাদায়ো সকলো সন্তানক দৃঢ় সংকল্প কৰাৰ সমাৰোহৰ অভিনন্দন জনায়। আৰু বৰদান দিয়ে সদায় অবিনাশী হোৱা। অমৰ হোৱা।

আজি এছিয়াৰ গ্রুপ বহি আছে। এছিয়াৰ বিশেষত্ব কি? বিদেশ সেৱাৰ প্রথম গ্রুপ জাপানলৈ গ'ল, এয়া বিশেষত্ব হ'ল নহয় জানো। সাকাৰ পিতাৰ প্রেৰণা অনুসৰি বিশেষ বিদেশ সেৱাৰ নিমন্ত্রণ আৰু সেৱাৰ আৰম্ভ জাপানৰ পৰা হ'ল। তেন্তে এছিয়াৰ নম্বৰ স্থাপনাত আগত হ'ল নহয় জানো। বিদেশৰ প্ৰথম নিমন্ত্রণ আছিল। বাকী ধৰ্মাৱলম্বীসকলে নিমন্ত্রণ দি মতা ইয়াৰ আৰম্ভণি এছিয়াৰ পৰা হ'ল। তেন্তে এছিয়া কিমান লাকী (ভাগ্যৱান) হয়। আৰু দ্বিতীয় বিশেষত্ব - এছিয়া ভাৰতৰ সকলোতকৈ সমীপত আছে। যিসকল সমীপত থাকে তেওঁলোকক সিকীলধে (বহুকালৰ পাচত লগপোৱা অতি মৰমৰ) বুলি কোৱা হয়। সিকীলধে সন্তানসকল লুকাই আছে, প্ৰত্যেক স্থানত কিমান ভাল ভাল ৰত্ন ওলাইছে। সংখ্যাত কম হব পাৰে কিন্তু গুণ আছে। পৰিশ্ৰমৰ ফল ভাল হয়। এইদৰে ধীৰে ধীৰে এতিয়া সংখ্যা বাঢ়ি গৈ আছে। সকলো স্নেহী হয়। সকলো লভলী (প্ৰিয়) হয়। প্ৰত্যেকেই ইজনে সিজনতকৈ অধিক স্নেহী হয়। এয়াই ব্ৰাহ্মণ পৰিয়ালৰ বিশেষত্ব হয়। প্ৰত্যেকেই এয়া অনুভৱ কৰে যে মোৰ স্নেহ সকলোতকৈ অধিক আৰু পিতাৰো মোৰ প্ৰতি অধিক স্নেহ আছে। মোকেই বাপদাদাই আগবঢ়াই নিয়ে সেয়েহে ভক্তি মাৰ্গৰ সকলেও বহুত ভাল এখনি চিত্র অৰ্থ সহকাৰে বনাইছে। প্ৰত্যেক গোপীৰ লগত বল্লভ আছে। কেৱল মাথো ৰাধাৰ লগত বা মাথো আঠ পাটৰাণীৰ লগত নহয়। প্ৰত্যেক গোপীৰ লগত গোপীবল্লভ আছে। যিদৰে দিলৱালা মন্দিৰলৈ গলে তেতিয়া নোট কৰা নহয় যে এয়া মোৰ চিত্ৰ হয় অথবা মোৰ কোঠা হয়। তেন্তে এই ৰাসমণ্ডলতো তোমালোক সকলোৰে চিত্ৰ আছেনে? ইয়াক কোৱাই হয় মহাৰাস। এই মহাৰাসৰ বহুত অধিক গায়ন আছে। বাপদাদাৰ প্ৰত্যকেৰে প্ৰতি ইজনতকৈ সিজনৰ প্ৰতি অধিক স্নেহ আছে। বাপদাদাই প্ৰত্যেক সন্তানৰ শ্ৰেষ্ঠ ভাগ্য দেখি হৰ্ষিত হয়। যিয়েই নহওঁক কিন্তু কোটিৰ ভিতৰত কোনোবাহে হয়। পদমাপদম ভাগ্যৱান হয়। জগতৰ হিচাপত যদি চোৱা তেন্তে ইমান কোটিৰ ভিতৰত কোনোবা হোৱা নহয়। জাপানতো কিমান ডাঙৰ হয় কিন্তু পিতাৰ সন্তান কিমান আছে! তেন্তে কোটিৰ ভিতৰত কোনোবা হলা নহয়। বাপদাদাই প্ৰত্যেকৰ বিশেষত্ব, ভাগ্য প্ৰত্যক্ষ কৰে। কোটিৰ মাজত কোনোবা সিকীলধে হয়। পিতাৰ বাবে সকলো বিশেষ আত্মা হোৱা। পিতাই কাৰোবাক সাধাৰণ, কাৰোবাক বিশেষ হিচাপে প্ৰত্যক্ষ নকৰে। সকলোৱে বিশেষ হোৱা। এইফালে আৰু অধিক বৃদ্ধি হব লগা আছে কিয়নো এই পুৰাফালটোত (অংশত) ডবল সেৱা বিশেষ হয়। এক হল অনেক বিভিন্ন ধৰ্মৰ হয়। আৰু এইফালে সিন্ধু সভ্যতাৰ পৰা অহা আত্মাও বহুত আছে। তেওঁলোকৰ সেৱাও ভালকৈ কৰিব পাৰা। তেওঁলোকক সমীপলৈ আনিলে তেতিয়া তেওঁলোকৰ সহযোগত বাকী ধৰ্মাৱলম্বীসকলৰ সম্পৰ্কলৈও সহজে আহিব পাৰিবা। ডবল সেৱাৰে ডবল বৃদ্ধি কৰিব পাৰা। তেওঁলোকৰ মাজত কিবা নহয় কিবা ৰীতিৰে ওলোটা ৰূপেতে হওক বা চিধা ৰূপতে হওক বীজ পৰি আছে। পৰিচয় হোৱাৰ কাৰণে সহজে সম্বন্ধলৈ আহিব পাৰে। বহুত সেৱা কৰিব পাৰা কিয়নো সৰ্ব আত্মাৰ পৰিয়াল হয়। ব্ৰাহ্মণসকল সকলো ধৰ্মত বিয়পি গল। এনেকুৱা কোনো ধৰ্ম নাই যত ব্ৰাহ্মণ উপস্থিত নাই। এতিয়া সকলো ধৰ্মৰ পৰা ওলাই আহি আছে। আৰু যিসকল ব্ৰাহ্মণ পৰিয়ালৰ হয় তেওঁলোকৰ প্ৰতি আপোন ভাৱ জাগে নহয়। যিদৰে কোনোবা হিচাপৰ (পৰিয়ালৰ) বাহিৰ হৈ গল আৰু আকৌ নিজৰ পৰিয়ালত আহি উপস্থিত হল। কৰ কৰ পৰা আহি উপস্থিত হৈ নিজৰ সেৱাৰ ভাগ্য লোৱাৰ বাবে নিমিত্ত হৈ গল। এয়া কোনো কম ভাগ্য নহয়। বহুত শ্ৰেষ্ঠ ভাগ্য হয়। শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ পুণ্য আত্মা হৈ যায়। মহাদানী, মহান সেৱাধাৰীৰ তালিকাত আহি যায়। গতিকে নিমিত্ত হোৱাও এক বিশেষ উপহাৰ হয় আৰু ডবল বিদেশীসকলে এই উপহাৰ প্রাপ্ত কৰে। অলপেই অনুভৱ কৰিলে আৰু সেৱাকেন্দ্র স্থাপনৰ নিমিত্ত হৈ গল। গতিকে এয়াও লাষ্ট সেয়েহে ফাষ্টত যোৱাৰ (তীব্ৰতাৰে আগবঢ়াৰ) বিশেষ উপহাৰ হয়। সেৱা কৰাৰ বাবে বেছি সংখ্যকৰ এয়া স্মৃতিত থাকে যে যিদৰে আমি নিমিত্তসকলে কৰিম অথবা চলি দেখুৱাম, আমাক দেখি আনেও কৰিব। গতিকে এয়া ডবল মনোযোগ হৈ যায়। ডবল মনোযোগ থকাৰ বাবে ডবল লিফ্ট (উন্নতি) হৈ যায়। বুজিলা - ডবল বিদেশীসকলৰ ডবল লিফ্ট আছে। এতিয়া সকলোফালে ধৰণী ভাল হৈ গ'ল। হালবোৱাৰ পাচত ধৰণী ঠিক হৈ যায় নহয়। আৰু তাৰপাচত ফলো ভাল আৰু সহজে পোৱা যায়। বাৰু - এচিয়াৰ ডাঙৰ মাইকৰ আৱাজ ভাৰতত সোনকালে শুনিবলৈ পোৱা যাব সেয়েহে এনেকুৱা মাইক তৈয়াৰ কৰা। বাৰু!

জ্যেষ্ঠ দাদীসকলৰ প্রতি:- তোমালোকৰ মহিমাও কি কৰিম! যিদৰে পিতাৰ বাবে কোৱা হয় নহয় - সাগৰক চিঞাহী কৰি লোৱা, ধৰণীক কাগজ কৰি লোৱা..... সেইদৰেই তোমালোক দাদীসকলৰো মহিমা আছে। যদি মহিমা গোৱা আৰম্ভ কৰোঁ তেন্তে পুৰা ৰাতি-দিনৰ এক সপ্তাহৰ ক'ৰ্চ হৈ যাব। ভাল হয়, সকলোৰে ৰাস ভাল হয়। সকলোৰে ৰাশি মিলে আৰু সকলোৱে ৰাস ভালদৰে কৰেও। হাতত হাত মিলোৱা অৰ্থাৎ বিচাৰ মিলোৱা এয়াই ৰাস হয়। গতিকে বাপদাদাই দাদীসকলৰ এয়াই ৰাস প্ৰত্যক্ষ কৰি থাকে। অষ্ট (আঠ) ৰত্নৰ এয়াই ৰাস হয়।

তোমালোক দাদীসকল পৰিয়ালৰ বিশেষ শোভা হোৱা। যদি শোভা নাথাকে তেন্তে সৌন্দৰ্য্য নাথাকে। গতিকে সকলোৱে সেই স্নেহেৰেই প্ৰত্যক্ষ কৰে।

বৃজইন্দ্রা দাদীৰ প্রতি:- শৈশৱৰ পৰা লৌকিকত, অলৌকিকত অলংকৰণ কৰি থাকিলা গতিকে অলংকৰণ কৰি কৰি অলংকৃত হৈ গলা। এনেকুৱা হয় নহয়! বাপদাদাই মহাবীৰ মহাৰথী সন্তানসকলক সদায় কেৱল স্মৰণেই নকৰে কিন্তু সমাহিত হৈ থাকে। যি সমাহিত হৈ থাকে তেওঁক স্মৰণ কৰাৰো প্ৰয়োজন নাই। বাপদাদাই সদায়েই প্ৰত্যেক বিশেষ ৰত্নক বিশ্বৰ আগত প্ৰত্যক্ষ কৰায়। গতিকে বিশ্বৰ আগত প্ৰত্যক্ষ হওঁতা বিশেষ আত্মা হোৱা। সকলোৰে এক্সট্ৰা (অতিৰিক্ত) আনন্দৰ সহায় আছে। তোমালোকৰ আনন্দ দেখি সকলোৱে আনন্দৰ পথ্য পাই যায় সেয়েহে তোমালোক সকলোৰে আয়ুস বাঢ়ি আছে কিয়নো সকলোৰে স্নেহৰ আশীৰ্বাদ পাই থাকা। এতিয়াতো বহুত কাৰ্য কৰিবলৈ আছে, সেয়েহে পৰিয়ালৰ শোভা হোৱা। সকলোৱে কিমান স্নেহেৰে প্ৰত্যক্ষ কৰে। যেনেকৈ কাৰোবাৰ ছত্ৰ (আচ্ছাদন, পাগুৰি) আঁতৰি গলে মূৰ কেনেকুৱা লাগিব। ছত্ৰ পিন্ধোতাই যদি ছত্ৰ নিপিন্ধে তেতিয়া কেনেকুৱা লাগিব। গতিকে তোমালোক সকলো পৰিয়ালৰ ছত্ৰ হোৱা।

নিৰ্মলশান্তা দাদীৰ প্ৰতি:- নিজৰ স্মাৰক সদায়েই মধুবনত দেখি থাকা। স্মাৰক স্মৰণ কৰিবৰ বাবে থাকে। কিন্তু তোমাৰ স্মৃতিয়ে স্মাৰক বনাই দিয়ে। চলোঁতে-ফুৰোঁতে সকলোৰে পৰিয়ালৰ নিমিত্ত হোৱা আধাৰমূৰ্তসকল স্মৃতিলৈ আহি থাকে। গতিকে আধাৰমূৰ্ত হোৱা। স্থাপনাৰ কাৰ্যৰ আধাৰমূৰ্ত শক্তিশালী হোৱাৰ বাবে এই বৃদ্ধিৰ, উন্নতিৰ বিল্ডিং কিমান শক্তিশালী হৈ আছে। ইয়াৰ কাৰণ? আধাৰ শক্তিশালী হয়। বাৰু!

ডবল লাইট হোৱা (অব্যক্ত মুৰুলীৰ পৰা নিৰ্বাচিত অমূল্য ৰত্ন)
ডবল লাইট অৰ্থাৎ আত্মিক স্বৰূপত স্থিত হ'লে পাতলভাৱ (বোজামুক্ত অৱস্থা) স্বতঃ আহি যায়। এনেকুৱা ডবল লাইটকে ফৰিস্তা বুলি কোৱা হয়। ফৰিস্তা কেতিয়াও কোনো বন্ধনত বান্ধ নাখায়। এই পুৰণি সৃষ্টিৰ, পুৰণা দেহৰ আকৰ্ষণত নাহে কিয়নো হয়েই ডবল লাইট।

ডবল লাইট অৰ্থাৎ সদায় উৰন্ত কলাৰ অনুভৱ কৰোঁতা কিয়নো যি পাতল হয় তেওঁ সদায় উচ্চত উৰে, বোজাধাৰী তললৈ যায়। গতিকে ডবল লাইট আত্মাসকল অৰ্থাৎ যাতে কোনো বোজা নাথাকে কিয়নো যদি কোনো বোজা থাকে তেন্তে উচ্চ স্থিতিত উৰিবলৈ নিদিব। ডবল দায়িত্ব থকা স্বত্তেও ডবল লাইট হৈ থাকিলে লৌকিক দায়িত্বই কেতিয়াও ক্লান্ত নকৰিব কিয়নো ট্ৰাষ্টী (নিমিত্ত) হোৱা। ট্রাষ্টীৰ কি ভাগৰ। নিজৰ গৃহস্থী, নিজৰ প্রবৃত্তি বুলি ভাবিলে তেন্তে বোজা হয়। নিজৰ নহয়েই তেন্তে বোজা কিহৰ। একেবাৰে উপৰাম (অনাসক্ত) আৰু স্নেহী। বালক তথা মালিক।

সদায় নিজক পিতাক অৰ্পণ কৰি দিয়া তেন্তে সদায় পাতল হৈ থাকিবা। নিজৰ দ্বায়িত্ব পিতাক দি দিয়া অৰ্থাৎ নিজৰ বোজা পিতাক দি দিয়া। দিলে তেন্তে স্বয়ং পাতল হৈ যাবা। বুদ্ধিৰে চাৰেণ্ডাৰ (সমৰ্পিত) হৈ যোৱা। যদি বুদ্ধিৰে চাৰেণ্ডাৰ হৈ যোৱা তেন্তে কোনো কথা বুদ্ধিলৈ নাহিব। বচ সকলো পিতাৰ, সকলো পিতাৰ মাজতে আছে তেন্তে আৰু একো বাকীয়েই নাথাকিল। ডবল লাইট অৰ্থাৎ সংস্কাৰ স্বভাৱৰো বোজা নাই, ব্যৰ্থ সংকল্পৰো বোজা নাই - ইয়াকেই কোৱা হয় পাতল। যিমান পাতল হবা সিমান সহজে উৰন্ত কলাৰ অনুভৱ কৰিবা। যদি যোগত অলপো পৰিশ্ৰম কৰিবলগীয়া হয় তেন্তে নিশ্চয় কিবা বোজা আছে। তেন্তে বাবা বাবাৰ আধাৰ লৈ উৰি থাকা।

সদায় এইটোৱে লক্ষ্য স্মৃতিত থাকক যে আমি পিতাৰ সমান হ'ব লাগে তেন্তে যিদৰে পিতা লাইট সেইদৰে ডবল লাইট। আনক চোৱা তেতিয়া দুৰ্বল হৈ যোৱা, চি ফাদাৰ (পিতাক চোৱা), ফল ফাদাৰ (পিতাক অনুসৰণ কৰা)। উৰন্ত কলাৰ শ্ৰেষ্ঠ সাধন কেৱল এটা শব্দ - "সকলো তোমাৰ"। মোৰ শব্দৰ সলনি কৰি তোমাৰ কৰি দিয়া। তোমাৰ হওঁ, তেন্তে আত্মা লাইট হয়। আৰু যেতিয়া সকলো তোমাৰ তেন্তে লাইট (পাতল) হৈ গ'লা। যিদৰে আৰম্ভণিতে অভ্যাস কৰিছিলা চলি আছোঁ কিন্তু স্থিতি এনেকুৱা যাতে আনে ভাবে যে এয়া কিবা লাইট গৈ আছে। তেওঁলোকে শৰীৰ দেখা পোৱা নাছিল, এইটো অভ্যাসেৰে সকলো প্ৰকাৰৰ পেপাৰত (পৰিস্থিতিত) পাছ (উত্তীৰ্ণ) হ'লা। তেন্তে এতিয়া যিহেতু সময় বহুত বেয়া আহি আছে গতিকে ডবল লাইট হৈ থকাৰ অভ্যাস বঢ়োৱা। আনে যাতে নিজৰ লাইট ৰূপ দেখা পায় এয়াই চেফ্‌টী (নিৰাপত্তা) হয়। ভিতৰলৈ আহক আৰু লাইটৰ দূৰ্গ প্ৰত্যক্ষ কৰক।

যিদৰে লাইটৰ কানেকশ্বনত (সংযোগত) ডাঙৰ ডাঙৰ মেচিনেৰী (যন্ত্ৰ-পাতি) চলে। তোমালোক সকলোৱে সকলো কৰ্ম কৰি কানেকশ্বনৰ আধাৰত নিজেও ডবল লাইট হৈ চলি থাকা। যত ডবল লাইট স্থিতি আছে তত পৰিশ্ৰম আৰু কঠিন শব্দ সমাপ্ত হৈ যায়। মোৰ ভাৱ সমাপ্ত কৰি ট্ৰাষ্ট্ৰীভাৱ আৰু ঈশ্বৰীয় সেৱাৰ ভাৱনা হওঁক তেতিয়া ডবল লাইট হৈ যাবা। যিয়েই তোমালোকৰ সমীপ সম্পৰ্কত আহে তেতিয়া অনুভব কৰক যে এওঁলোক আত্মিক হয়, অলৌকিক হয়। তেওঁলোকে যাতে তোমালোকৰ ফৰিস্তা ৰূপ দেখা পায়। ফৰিস্তা সদায় উচ্চত থাকে। ফৰিস্তাক চিত্ৰৰ ৰূপতো যদি দেখুৱায় তেন্তে পাখি দেখুৱাব কিয়নো উৰন্ত পখী হয়।

সদায় আনন্দত দুলি থাকোঁতা, সকলোৰে বিঘ্নহৰ্তা বা সকলোৰে কঠিনতাক সহজ কৰোঁতা তেতিয়া হবা যেতিয়া সংকল্পত দৃঢ়তা থাকিব আৰু স্থিতি ডবল লাইট হব। মোৰ একো নাই, সকলো পিতাৰ হয়। যেতিয়া বোজা নিজৰ ওপৰত ৰাখা তেতিয়া সকলো প্ৰকাৰৰ বিঘ্ন আহে। মোৰ নহয় তেন্তে নিবিঘ্ন। সদায় নিজক ডবল লাইট বুলি ভাবি সেৱা কৰি যোৱা। যিমান সেৱাত পাতলভাৱ থাকিব সিমান সহজে উৰিবা উৰুৱাবা। ডবল লাইট হৈ সেৱা কৰা, স্মৃতিত থাকি সেৱা কৰা এয়াই সফলতাৰ আধাৰ।

দ্বায়িত্বতো পালন কৰা এইটোও আৱশ্যক কিন্তু যিমান গধুৰ দ্বায়িত্ব সিমানেই ডবল লাইট। দ্বায়িত্ব পালন কৰি দ্বায়িত্বৰ বোজাৰ পৰা উপৰাম হৈ থকা ইয়াক পিতাৰ স্নেহী বুলি কোৱা হয়। ভয় নাখাবা কি কৰোঁ, বহুত দ্বায়িত্ব আছে। এইটো কৰোঁ, নে নকৰোঁ. এইটোতো বহুত কঠিন হয়। এনেকৈ উপলব্ধি কৰা অৰ্থাৎ বোজা! ডবল লাইট অৰ্থাৎ ইয়াৰ পৰাও উপৰাম। কোনো দায়িত্বৰ কৰ্মৰ বেমেজালিৰ বোজা যাতে নাথাকে। সদায় ডবল লাইট স্থিতিত থকাসকল নিশ্চয় বুদ্ধিৰ, নিচিন্ত হ'ব। উৰন্ত কলাত থাকিব। উৰন্ত কলা অৰ্থাৎ উচ্চতকৈও উচ্চ স্থিতি। তেওঁলোকৰ বুদ্ধিৰূপী ভৰি ধৰণীত নাথাকিব। ধৰণী অৰ্থাৎ দেহভাৱৰ পৰা ওপৰত। যিসকল দেহভাৱৰ ধৰণীৰ ওপৰত থাকে তেওঁলোক সদায় ফৰিস্তা হয়।

এতিয়া ডবল লাইট হৈ দিব্য বুদ্ধি ৰূপী বিমানৰ দ্বাৰা সকলোতকৈ উচ্চ শিখৰৰ স্থিতিত স্থিত হৈ বিশ্বৰ সকলো আত্মাৰ প্রতি লাইট আৰু মাইটৰ শুভ ভাৱনা আৰু শ্ৰেষ্ঠ কামনাৰ সহযোগৰ লহৰ বিয়পোৱা। এই বিমানত বাপদাদাৰ ৰিফাইন (পৰিশোধিত) শ্ৰেষ্ঠ মতৰ সাধন থাকক। তাত অলপো মন-মত, পৰমতৰ আৱৰ্জনা নাথাকক।

বৰদান:
প্ৰতিটো ছেকেণ্ড প্রতিটো সংকল্পৰ মহত্ত্বক জানি পুণ্যৰ পুঁজি জমা কৰোঁতা পদমাপদমপতি হোৱা

তোমালোক পুণ্য আত্মাসকলৰ সংকল্পত ইমান বিশেষ শক্তি আছে যি শক্তিৰ দ্বাৰা অসম্ভৱক সম্ভৱ কৰিব পাৰা। যিদৰে আজিকালি যন্ত্রৰ দ্বাৰা মৰুভূমিক সেউজবুলীয়া কৰি তোলে, পাহাৰত ফুল উৎপন্ন কৰাই দিয়ে সেইদৰে তোমালোকে নিজৰ শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা নিৰাশ হৈ যোৱাসকলক আশাবাদী কৰি তুলিব পাৰা। কেৱল প্ৰতিটো ছেকেণ্ড, প্রতিটো সংকল্পৰ ভেল্যু (মূল্য) জানি, সংকল্প আৰু ছেকেণ্ডক ইউজ (ব্যৱহাৰ) কৰি পুণ্যৰ পুঁজি জমা কৰা। তোমালোকৰ সংকল্পৰ শক্তি ইমান শ্ৰেষ্ঠ হয় যে এটা সংকল্পয়ো পদমাপদমপতি বনাই দিয়ে।

স্লোগান:
প্ৰতিটো কৰ্ম অধিকাৰী ভাৱৰ নিশ্চয় আৰু নিচাত কৰা তেতিয়া পৰিশ্ৰম সমাপ্ত হৈ যাব।


সূচনা:- আজিৰ মাহৰ তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাতৃ-ভগ্নীসকলে যাতে সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈকে বিশেষ যোগ অভ্যাসৰ সময়ত ভক্তসকলৰ কাতৰোক্তি শুনে আৰু নিজৰ ইষ্ট দেৱ দয়াশীল দাতা স্বৰূপত স্থিত হৈ সকলোৰে মনোকামনা পূৰ্ণ কৰাৰ সেৱা কৰে।