19.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক এতিয়া বহুত সাধাৰণ হৈ থাকিব লাগে, চৌখিন দামী কাপোৰ পিন্ধিলেও দেহ-অভিমান আহে

প্ৰশ্ন:
ভাগ্যত উচ্চ পদ নাথাকিলে তেতিয়া কোনটো কথাত সন্তানসকলে এলাহ কৰে?

উত্তৰ:
বাবাই কয় - সন্তানসকল নিজক শুধৰাবৰ কাৰণে খতিয়ান ৰাখা। স্মৃতিৰ খতিয়ান ৰাখিলে বহুত লাভ হয়। টোকা বহী (নোটবুক) যাতে সদায় হাতত থাকে। পৰীক্ষা কৰা কিমান সময় পিতাক স্মৰণ কৰিলোঁ? মোৰ খতিয়ান (ৰেজিষ্টাৰ) কেনেকুৱা? চৰিত্ৰ দৈৱী হয়নে? কৰ্ম কৰোঁতেও বাবাৰ স্মৃতি থাকেনে? স্মৃতিৰ দ্বাৰাহে মামৰ আঁতৰিব, ভাগ্য উচ্চ হ'ব।

গীত:
ভোলেনাথ চে নিৰালা.. (ভোলানাথতকৈ অনন্য.........)

ওঁম্শান্তি।
মৰমৰ সন্তানসকলৰ ওচৰত এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ ঘৰত নিশ্চয় থাকিব লাগে। এওঁলোক (লক্ষ্মী-নাৰায়ণ)ক দেখি বহুত আনন্দিত হ'ব লাগে কিয়নো তোমালোকৰ এয়া হৈছে পঢ়াৰ লক্ষ্য-উদ্দেশ্য। তোমালোকে জানা আমি বিদ্যাৰ্থী হওঁ আৰু ঈশ্বৰে পঢ়ায়। ঈশ্বৰীয় ষ্টুডেণ্ট বা বিদ্যাৰ্থী হওঁ, আমি এয়া পঢ়োঁ। সকলোৰে কাৰণে এয়া এটাই উদ্দেশ্য। তেওঁলোকক দেখি বহুত আনন্দিত হ'ব লাগে। গীতটিও সন্তানসকলে শুনিলে। বহুত ভোলানাথ আছে। কোনো কোনোৱে শংকৰক ভোলানাথ বুলি ভাবে আকৌ শিৱ আৰু শংকৰক একাকাৰ কৰি দিয়ে। এতিয়া তোমালোকে জানা তেওঁ শিৱ উচ্চতকৈও উচ্চ ভগৱান আৰু শংকৰ হৈছে দেৱতা তেন্তে দুয়ো একে কেনেকৈ হ'ব পাৰে। এইটোও গীতটিত শুনিলা যে ভক্তক ৰক্ষা কৰোঁতা, নিশ্চয় ভক্তসকলৰ ওপৰত কিবা আপদ আছে। 5 বিকাৰৰ আপদ সকলোৰে ওপৰত আছে। ভক্তও সকলোৱে হয়। জ্ঞানী বুলি কাকোৱেই কব নোৱাৰি। জ্ঞান আৰু ভক্তি একেবাৰে বেলেগ বস্তু। যেনেকৈ শিৱ আৰু শংকৰ বেলেগ হয়। যেতিয়া জ্ঞান পোৱা যায় তেতিয়া আকৌ ভক্তি নাথাকে। তোমালোক সুখধামৰ মালিক হোৱা। আধাকল্পৰ কাৰণে সৎগতি পাই যোৱা। এটি ইংগিততে তোমালোকে আধাকল্পৰ কাৰণে উত্তৰাধিকাৰ লৈ লোৱা। দেখিবলৈ পোৱা ভক্তসকলৰ কিমান দুখ-কষ্ট আছে। জ্ঞানৰ দ্বাৰা তোমালোক দেৱতা হৈ যোৱা পুনৰ যেতিয়া ভক্তসকল কঠিনতাৰ সন্মুখীন হয় অৰ্থাৎ দুখ হয় তেতিয়া পিতা আহে। পিতাই বুজায় নাটক (ড্ৰামা) অনুসৰি যি অতীত হৈ গ'ল সেয়া পুনৰ পুনৰাবৃত্তি হ'ব। পুনৰ ভক্তি আৰম্ভ হয় তেতিয়া বাম (বিকাৰী) মাৰ্গ আৰম্ভ হয় অৰ্থাৎ পতিত হোৱাৰ মাৰ্গ। তাৰ ভিতৰতো এক নম্বৰ হৈছে কাম, যাৰ বাবে কোৱা হয় কামৰ ওপৰত বিজয়ী হলে তোমালোক জগতজিৎ হ'বা। তেওঁলোকে জানো বিজয় প্ৰাপ্ত কৰে। ৰাৱণ ৰাজ্যত বিকাৰ অবিহনেতো কাৰো শৰীৰ জন্ম নহয়, সত্যযুগত ৰাৱণ ৰাজ্য নাথাকে। তাতো যদি ৰাৱণ থাকে তেন্তে বাকী ভগৱানে ৰামৰাজ্য স্থাপন কৰি কি কৰিলে? পিতাকৰ কিমান চিন্তা থাকে। মোৰ সন্তানসকল সুখত থাকক। ধন জমা কৰি সন্তানসকলক দি দিয়ে যে সুখত থাকক। কিন্তু ইয়াততো এনেকুৱা হ'ব নোৱাৰে। এয়া হৈছেই দুখৰ সৃষ্টি। এই বেহদৰ পিতাই কয় - তোমালোকে তাত জন্ম-জন্মান্তৰ সুখ ভোগ কৰিবা। প্ৰচুৰ ধন পোৱা যায়, 21 জন্ম তাত কোনো দুখ নাথাকিব। দেউলীয়া হ'বলগীয়া নহব। এই কথাবোৰ বুদ্ধিত ধাৰণ কৰি বহুত আন্তৰিক আনন্দত থাকিব লাগে। তোমালোকৰ জ্ঞান আৰু যোগ সকলোবোৰ গুপ্ত। স্থূল অস্ত্ৰ আদি একো নাই। পিতাই বুজায় - এয়া হৈছে জ্ঞান তৰোৱাল। তেওঁলোকে আকৌ স্থূল অস্ত্ৰৰ চিহ্ন দেৱীসকলক দি দিছে। শাস্ত্ৰ আদি যিসকলে পঢ়ে তেওঁলোকে কেতিয়াও এনেকৈ নকয় যে এয়া জ্ঞান তৰোৱাল হয়, এয়া জ্ঞান খড়গ (তৰোৱাল সদৃশ এবিধ অস্ত্ৰ) হয়। এওঁ বেহদৰ পিতাইহে বহি বুজায়। তেওঁলোকে ভাবে শক্তি সেনাই বিজয় প্ৰাপ্ত কৰিলে তেন্তে নিশ্চয় কিবা অস্ত্ৰ থাকিব। পিতা আহি এই সকলোবোৰ ভুল দেখুৱাই দিয়ে। এয়া তোমালোকৰ কথা বহুত মনুষ্যই শুনিব। বিদ্ধান আদিও এদিন আহিব। বেহদৰ পিতা হয় নহয় জানো। তোমালোক সন্তানসকল শ্ৰীমতত চলিলেই কল্যাণ হয় তেতিয়াহে দেহ-অভিমান আঁতৰিব, সেয়েহে চহকী লোকসকল নাহে। পিতাই কয় - দেহ-অহংকাৰ ত্যাগ কৰা। ভাল কাপোৰ আদিৰো নিচা থাকে। তোমালোক এতিয়া বনবাসত আছা নহয়। এতিয়া যাবা শহুৰৰ ঘৰলৈ। তাত তোমালোকক বহুত অলংকাৰ পিন্ধাব। ইয়াত উচ্চ (দামী) কাপোৰ পিন্ধিব নালাগে। পিতাই কয় - একেবাৰে সাধাৰণ হৈ থাকিব লাগে। যেনেকুৱা কৰ্ম মই কৰোঁ, সন্তানসকলেও সাধাৰণ হৈ থাকিব লাগে। নহ'লে দেহৰ অভিমান আহি যায়। সেইবোৰে বহুত লোকচান কৰি দিয়ে। তোমালোকে জানা আমি শহুৰৰ ঘৰলৈ যাওঁ। তাত আমি বহুত অলংকাৰ পাম। ইয়াত তোমালোকে অলংকাৰ আদি পৰিধান কৰিব নালাগে। আজিকালি চুৰি আদি কিমান হয়। ৰাস্তাতেই ডকাইতে লুটি লয়। দিনে-প্ৰতিদিনে এই হুলস্থুল আদি বহুত বৃদ্ধি হৈ গৈ থাকিব সেয়েহে পিতাই কয় - নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। দেহ-অভিমানত আহিলে পিতাক পাহৰি যাবা। এই পৰিশ্ৰম এতিয়াই কৰিবলগীয়া হয়। পুনৰ কেতিয়াও ভক্তি মাৰ্গত এই পৰিশ্ৰম কৰিবলগীয়া নহয়।

এতিয়া তোমালোক সংগমত আছা। তোমালোকে জানা পিতা আহেই পুৰুষোত্তম সংগমযুগত। যুদ্ধও নিশ্চয় হ'ব। আনৱিক বোমা (এট'মিক ব'ম) আদি বহুত বনাই থাকে। যিমানেই মগজ নখটুওৱা যে এয়া বন্ধ হৈ যাওঁক কিন্তু এনেকুৱা হব নোৱাৰে। নাটকত নিৰ্ধাৰিত হৈ আছে। বুজালেও নুবুজিব। মৃত্যু হবই তেন্তে বন্ধ কেনেকৈ হব। বুজি পালেও বন্ধ নকৰিব। নাটকত নিৰ্ধাৰিত হৈ আছে। যাদব আৰু কৌৰৱৰ নাশ হবই। যাদৱ হৈছে ইউৰোপবাসী। তেওঁলোকৰ হৈছে বিজ্ঞানৰ অহংকাৰ, যাৰ দ্বাৰা বিনাশ হয়। আকৌ জয় হয় শান্তিৰ অহংকাৰৰ। তোমালোকক শান্তিৰ অহংকাৰত (শান্ত স্বৰূপ হৈ) থাকিবলৈ শিকোৱা হয়। পিতাক স্মৰণ কৰা গভীৰ শান্ত অৱস্থা (ডেড্‌ চাইলেন্স)। মই আত্মা শৰীৰৰ পৰা পৃথক। যেন শৰীৰ ত্যাগ কৰিবলৈ আমি পুৰুষাৰ্থ কৰোঁ, এনেকৈ কেতিয়াবা কোনোবাই শৰীৰ ত্যাগ কৰিবলৈ পুৰুষাৰ্থ কৰে জানো? গোটেই সৃষ্টিত বিচাৰি আহা - কোনোবা আছেনে যিয়ে কব হে আত্মাসকল তোমালোকে এতিয়া শৰীৰ ত্যাগ কৰি যাব লাগিব। পবিত্ৰ হোৱা। নহলে আকৌ শাস্তি ভুগিবলগীয়া হব। শাস্তি কোনে ভোগে? আত্মাই। সেই সময়ত সাক্ষাৎকাৰ হয়। তুমি এইটো এইটো পাপ কৰিছা, শাস্তি ভোগা। সেই সময়ত অনুভৱ হয়। জন্ম-জন্মান্তৰ শাস্তি পোৱা যায়। যদি ইমান দুখ ভুগিব লাগে, তেন্তে সুখৰ কি সমতা থাকিল। পিতাই কয় - এতিয়া কোনো পাপ নকৰিবা। নিজৰ খতিয়ান (ৰেজিষ্টাৰ) ৰাখিবা। প্ৰত্যেক স্কুলত চাল-চলনৰ খতিয়ান ৰাখে নহয় জানো। শিক্ষা মন্ত্ৰীয়েও কব ভাৰতৰ চৰিত্ৰ ঠিক নহয়। কোৱা, আমি এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) দৰে চৰিত্ৰ গঢ়ি তোলোঁ। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰতো সদায় লগত ৰখা উচিত। এয়া হৈছে লক্ষ্য-উদ্দেশ্য। আমি এনেকুৱা হমগৈ। এই আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আমি প্ৰতিষ্ঠা কৰি আছোঁ শ্ৰীমত অনুসৰি। ইয়াত চাল-চলন শুধৰোৱা হয়। তোমালোকৰ ইয়াত আদালতো বহে। সকলো সেৱাকেন্দ্ৰত সন্তানসকলে আদালত বহুৱাব লাগে। নিতৌ কোৱা খতিয়ান ৰাখা তেতিয়া শুধৰণি হব। কাৰোবাৰ যদি ভাগ্যত নাই তেন্তে এলাহ কৰে। খতিয়ান ৰখাতো বহুত ভাল।

তোমালোকে জানা যে আমি এই 84ৰ চক্ৰক জানিলেই চক্ৰৱৰ্তী ৰজা হৈ যাওঁ। কিমান সহজ আকৌ পবিত্ৰও হব লাগে। স্মৃতিৰ যাত্ৰাৰ খতিয়ান ৰাখা, ইয়াৰ পৰা তোমালোকৰ বহুত লাভ হব। টোকা বহী নুলিয়ালে তেতিয়া বুজিবা - বাবাক স্মৰণ কৰা নাই। টোকা বহি সদায় লগত ৰাখিবা। নিজৰ খতিয়ান চোৱা - কিমান সময় পিতাক স্মৰণ কৰিলোঁ। স্মৃতি অবিহনে মামৰ আঁতৰ হব নোৱাৰে। মামৰ আঁতৰাবলৈ যি কোনো বস্তুক কেৰাচিনত দিয়া হয় নহয় জানো। কৰ্ম কৰি থাকিও পিতাক স্মৰণ কৰিব লাগে তেতিয়া পুৰুষাৰ্থৰ ফল পাই যাবা। পৰিশ্ৰম হয় নহয় জানো। এনেয়ে জানো শিৰত মুকুট ৰাখি দিব। বাবাই ইমান উচ্চ পদ দিয়ে, কিবাতো পৰিশ্ৰম কৰিব লাগিব। ইয়াত হাত-ভৰি আদি একোৱেই চলাব নালাগে। পঢ়াতো একেবাৰেই সহজ। বুদ্ধিত আছে যে শিৱবাবাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা আমি এয়া হৈ আছোঁ। কৰবালৈ গলে বেজ পৰিধান কৰিব লাগে। কোৱা, বাস্তৱত কুলৰ প্ৰতীক চিহ্ন (কোট অফ্‌ আৰ্মচ) এইটো হয়। বুজাওঁতে বহুত মাৰ্জিত হব লাগে। বহুত মধুৰতাৰে বুজাব লাগে। কুলৰ প্ৰতীক চিহ্নৰ ওপৰতো বুজাব লাগে। প্ৰীত বুদ্ধি আৰু অপ্ৰীতিকৰ বুদ্ধি কাক কোৱা হয়? তোমালোকে পিতাক জানানে? লৌকিক পিতাকতো ভগৱান বুলি কোৱা নহয়। সেই বেহদৰ পিতাই পতিত-পাৱন, সুখৰ সাগৰ হয়। তেওঁৰ পৰাই অপাৰ সুখ পোৱা যায়। অজ্ঞান কালত ভাবে মাতা-পিতাই সুখ দিয়ে। শহুৰৰ ঘৰলৈ পঠিয়াই দিয়ে। এতিয়া তোমালোকৰ হৈছে বেহদৰ শহুৰৰ ঘৰ। সেয়া হৈছে হদৰ। সেই মাতা-পিতাই অতি বেছি 5-7 লাখ, কোটি দিব। তোমালোকৰতো পিতাই নাম ৰাখিছে পদমা পদমপতি হওঁতা সন্তান। তাততো পইচাৰ কথাই নাই। সকলোবোৰ প্ৰাপ্ত হৈ যায়। বহুত ভাল ভাল মহল থাকে। জন্ম-জন্মান্তৰৰ বাবে তোমালোকে মহল পোৱা। সুদামাৰ দৃষ্টান্ত আছে নহয় জানো। চাউল মুঠি বুলি শুনিছা গতিকে ইয়াত সেয়াও লৈ আহে। এতিয়া চাউল শুকানে খাব জানো। সেয়েহে তাৰ লগত কিবা মচলা আদিও লৈ আহে। কিমান প্ৰেমেৰে লৈ আহে। বাবাইতো আমাক জন্ম-জন্মান্তৰৰ কাৰণে দিব সেই কাৰণে কোৱা হয় দাতা। ভক্তি মাৰ্গত তোমালোকে ঈশ্বৰৰ অৰ্থে দিয়া তেতিয়া অল্পকালৰ কাৰণে পৰৱৰ্তী জন্মত পাই যায়। কোনোবাই গৰিবক দিয়ে, কলেজ প্ৰতিষ্ঠা কৰে তেতিয়া পৰৱৰ্তী জন্মত পঢ়াৰ দান পায়। ধৰ্মশালা নিৰ্মাণ কৰিলে ভৱন পায় কিয়নো ধৰ্মশালাত বহুতে আহি সুখ পায়। এয়াতো জন্ম-জন্মান্তৰৰ কথা। তোমালোকে জানা শিৱবাবাক যি দিয়া হয় সেই সকলোবোৰ আমাৰেই কামত খটুৱায়। শিৱবাবাইতো নিজৰ লগত নাৰাখে। এওঁকো (ব্ৰহ্মাক) কলে সকলোবোৰ দি দিয়া তেতিয়া বিশ্বৰ মালিক হৈ যাবা। বিনাশৰ সাক্ষাৎকাৰো কৰালে, ৰাজত্বৰ সাক্ষাৎকাৰো কৰালে। বচ্‌ নিচা বাঢ়ি গল। বাবাই মোক বিশ্বৰ মালিক কৰি তোলে। গীতাতো আছে নহয় অৰ্জুনক সাক্ষাৎকাৰ কৰালে। মোক স্মৰণ কৰা তেতিয়া তুমি এয়া হৈ যাবা। বিনাশ আৰু স্থাপনাৰ সাক্ষাৎকাৰ কৰালে। গতিকে এওঁৰো আৰম্ভণিতে আনন্দৰ পাৰা (সীমা) বাঢ়ি গৈছিল। নাটকত এয়া ভূমিকা আছিল। ভাগীৰথকো জানো কোনোবাই জানে। সেয়েহে তোমালোক সন্তানসকলে এই লক্ষ্য-উদ্দেশ্য বুদ্ধিত ৰাখিব লাগে। মই এয়া হমগৈ। যিমানে পুৰুষাৰ্থ কৰিবা সিমানে উচ্চ পদ পাবা। গায়ন কৰা হয় পিতাক অনুসৰণ কৰা (ফল ফাদাৰ)। এই সময়ৰে কথা। বেহদৰ পিতাই কয় - মই যি ৰায় দিওঁ সেয়া অনুসৰণ কৰা। এওঁ কি কৰিলে সেয়াও কয়। তেওঁক সদাগৰ, ৰত্নাগৰ, যাদুকৰ বুলি কয় নহয় জানো। বাবাই হঠাতে সকলোবোৰ এৰি দিলে। প্ৰথমতে সেই ৰত্ন বেপাৰী আছিল, এতিয়া অবিনাশী জ্ঞান ৰত্নৰ বেপাৰী হল। নৰকক স্বৰ্গ কৰি তোলাতো কিমান ডাঙৰ যাদু হয়। আকৌ সদাগৰো হয়। সন্তানসকলৰ সৈতে কিমান ভাল চুক্তি কৰে। তুচ্ছ চাউল মুঠি লৈ মহল দি দিয়ে। কিমান ভাল উপাৰ্জন কৰাওঁতা হয়। ৰত্নৰ বেপাৰতো এনেকুৱা হয়। কোনোবা আমেৰিকাৰ গ্ৰাহক আহিলে তেতিয়া 100 টকাৰ বস্তু 500, হাজাৰো লৈ লব। তেওঁলোকৰ পৰাতো বহুত পইচা লৈ লয়। তোমালোকৰ ওচৰততো সকলোতকৈ পুৰণা বস্তু হৈছে প্ৰাচীন যোগ।

তোমালোকে এতিয়া ভোলানাথ পিতাক পাইছা। কিমান ভোলা হয়। তোমালোকক কি কৰি তোলে। তুচ্ছ বস্তুৰ সলনি তোমালোকক 21 জন্মৰ বাবে কি কৰি তোলে। মনুষ্যই একোৱেই গম নাপায়। কেতিয়াবা কব ভোলানাথে এয়া দিলে, কেতিয়াবা কব অম্বাই দিলে, গুৰুৱে দিলে। ইয়াততো হৈছে পঢ়াৰ কথা। তোমালোক ঈশ্বৰীয় পাঠশালাত বহি আছা। ঈশ্বৰীয় পাঠশালা বুলি কোৱা হব গীতাক। গীতাত আছে ভগৱানুবাচ। কিন্তু এইটোও কোনেও নাজানে যে ভগৱান কাক কোৱা হয়। যিকোনো লোককে সোধা - পৰমপিতা পৰমাত্মাক জানেনে? পিতা হৈছে বাগিচাৰ গৰাকী। তোমালোকক কাঁইটৰ পৰা ফুল কৰি আছে। তেওঁক আল্লাৰ বাগিচা (গাৰ্ডেন অফ্‌ আল্লাহ) বুলি কোৱা হয়। ইউৰোপৰ লোকসকলেও কয় পেৰাডাইজ। যথাযথ ভাৰত পৰিস্তান আছিল, এতিয়া কবৰস্থান। এতিয়া পুনৰ তোমালোক পৰিস্তানৰ মালিক হোৱা। পিতা আহি শুই থকাসকলক জগায়। এইটোও তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। যি নিজে জাগি উঠে তেওঁ আনকো জগায়। যদি নজগায় তাৰমানে নিজেই জাগি উঠা নাই। গতিকে পিতাই বুজায় - এই গীত আদিও নাটকত নিৰ্ধাৰিত হৈ আছে। কিছুমান গীত বহুত ভাল। যেতিয়া তোমালোক দুখী হৈ যোৱা তেতিয়া এই গীত বজালে আনন্দিত হৈ যাবা। নিশাৰ পথিক ভাগৰি নাযাবা - এইটোও ভাল হয়। এতিয়া ৰাতি পুৰা হব। মনুষ্যই ভাবে যিমান ভক্তি কৰিম সিমান সোনকালে ভগৱানক পাম। হনুমান আদিৰ সাক্ষাৎকাৰ হলে ভাবে ভগৱানক পালোঁ। পিতাই কয় - এই সাক্ষাৎকাৰ আদি সকলো নাটকত নিৰ্ধাৰিত হৈ আছে। যি ভাৱনা ৰাখে তাৰ সাক্ষাৎকাৰ হৈ যায়। বাকী এনেকুৱা কোনো হৈ নাযায়। পিতাই কৈছে - এই বেজতো সদায় লগাই ৰাখিব লাগে। ভিন্ন ভিন্ন প্ৰকাৰৰ তৈয়াৰ কৰি থকা হয়। এয়া বুজাবৰ কাৰণে বহুত ভাল।

তোমালোক আত্মিক সেনা হোৱা নহয় জানো। সেনাৰ সদায় প্ৰতীক চিহ্ন লগোৱা থাকে। তোমালোক সন্তানসকলৰো এইটো থাকিলে নিচা থাকিব - আমি এয়া হৈ আছোঁ। আমি বিদ্যাৰ্থী হওঁ। বাবাই আমাক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি আছে। মনুষ্যই দেৱতাসকলৰ পূজা কৰে। দেৱতাসকলেতো দেৱতাৰ পূজা নকৰিব। ইয়াত মনুষ্যই দেৱতাসকলৰ পূজা কৰে কিয়নো তেওঁলোক শ্ৰেষ্ঠ হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিত সদায় নিজৰ লক্ষ্য-উদ্দেশ্যৰ স্মৃতি ৰাখিব লাগে। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ সদায় লগত ৰাখিব লাগে, এইটো আনন্দত থাকা যে আমি এনেকুৱা হবৰ কাৰণে পঢ়ি আছোঁ, এতিয়া আমি ঈশ্বৰীয় বিদ্যাৰ্থী হওঁ।

(2) নিজৰ পুৰণা তুচ্ছ চাউল মুঠি দি মহল লব লাগে। পিতা ব্ৰহ্মাক অনুসৰণ কৰি অবিনাশী জ্ঞান ৰত্নৰ বেপাৰী হব লাগে।

বৰদান:
অশৰীৰী বোধৰ ইঞ্জেকচনৰ দ্বাৰা মনক নিয়ন্ত্ৰণ (কন্ট্ৰল) কৰোঁতা একাগ্রচিত হোৱা

যেনেকৈ আজিকালি কোনোবা যদি নিয়ন্ত্ৰণত নাহে, বহুত অশান্তিৰ সৃষ্টি কৰে, জঁপিয়াই থাকে বা পগলা হৈ যায় তেন্তে তেওঁক এনেকুৱা ইঞ্জেকচন দিয়ে যাৰ দ্বাৰা তেওঁ শান্ত হৈ যায়। এনেদৰে যদি সংকল্প শক্তি তোমালোকৰ নিয়ন্ত্ৰণত নাহে তেন্তে অশৰীৰী বোধৰ ইঞ্জেকচন লগাই দিয়া। তেতিয়া সংকল্প শক্তি ব্যৰ্থত জপিয়াই নুঠিব। সহজে একাগ্রচিত হৈ যাব। কিন্তু যদি বুদ্ধিৰ লেকাম পিতাক দি পুনৰ লৈ লোৱা তেন্তে মনে ব্যৰ্থৰ পৰিশ্ৰমত আনি দিয়ে। এতিয়া ব্যৰ্থৰ পৰিশ্ৰমৰ পৰা মুক্ত হৈ যোৱা।

স্লোগান:
নিজৰ পূৰ্বজ স্বৰূপক স্মৃতিত ৰাখি সকলো আত্মাৰ ওপৰত ৰহম (দয়া) কৰা।