19.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে এজন পিতাৰ পৰাই শুনিব লাগে আৰু শুনি লৈ আনকো শুনাব লাগে

প্ৰশ্ন:
পিতাই তোমালোক সন্তানসকলক কোনটো বুজনি দিছে, যিটো আনক শুনাব লাগে?

উত্তৰ:
বাবাই তোমালোকক বুজনি দিছে যে তোমালোক আত্মাসকল সকলো ভাই-ভাই। তোমালোক এজন পিতাৰ স্মৃতিত থাকিব লাগে। এইটো কথাই তোমালোকে সকলোকে শুনোৱা কিয়নো তোমালোকে গোটেই বিশ্বৰ ভাইসকলৰ কল্যাণ কৰিব লাগে। তোমালোকেই এই সেৱাৰ নিমিত্ত হোৱা।

ওঁম্শান্তি।
প্ৰায়েই ওঁম্ শান্তি বুলি কিয় কোৱা হয়? এয়া হৈছে পৰিচয় দিয়া - আত্মাৰ পৰিচয় আত্মাইহে দিয়ে। আত্মাইহে শৰীৰৰ দ্বাৰা বাৰ্তালাপ কৰে। আত্মা অবিহনেতো শৰীৰে একো কৰিব নোৱাৰে। গতিকে এয়া (ওঁম্ শান্তি বুলি কৈ) আত্মাই নিজৰ পৰিচয় দিয়ে। আমি আত্মাসকল পৰমপিতা পৰমাত্মাৰ সন্তান। তেওঁলোকেতো কৈ দিয়ে - আত্মাই পৰমাত্মা। তোমালোক সন্তানসকলক এই সকলোবোৰ কথা বুজোৱা হয়। পিতাইতো সন্তান-সন্তান বুলিয়েই নকব জানো। আত্মিক পিতাই কয় - হে আত্মিক সন্তানসকল, এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা তোমালোকে বুজি পোৱা। পিতাই বুজায় প্ৰথমতে জ্ঞান তাৰ পাছত ভক্তি। এনেকুৱা নহয় যে প্ৰথমতে ভক্তি, পাছত জ্ঞান। প্ৰথমতে হৈছে জ্ঞান দিন, ভক্তি হৈছে ৰাতি। আকৌ পাছত দিন কেতিয়া হব? যেতিয়া ভক্তিৰ প্ৰতি বৈৰাগ্য ওপজিব। তোমালোকৰ বুদ্ধিত এইটো থাকিব লাগে। জ্ঞান আৰু বিজ্ঞান আছে নহয় জানো। এতিয়া তোমালোকে জ্ঞানৰ পঢ়া পঢ়ি আছা। আকৌ সত্যযুগ-ত্ৰেতাত তোমালোকে জ্ঞানৰ প্ৰালব্ধ প্ৰাপ্ত কৰা। জ্ঞান বাবাই এতিয়া দিয়ে যাৰ প্ৰালব্ধ আকৌ সত্যযুগত হ'ব। এয়া হৈছে বুজিবলগীয়া কথা। এতিয়া পিতাই তোমালোকক জ্ঞান দি আছে। তোমালোকে জানা পুনৰ আমি জ্ঞানৰ সিপাৰে বিজ্ঞান অৰ্থাৎ নিজৰ ঘৰ শান্তিধামলৈ যাম। তাক জ্ঞান বুলিও কোৱা নহব আৰু ভক্তি বুলিও কোৱা নহব। তাক বিজ্ঞান বুলি কোৱা হয়। জ্ঞানৰ সিপাৰে শান্তিধামলৈ গুচি যায়। এই সকলো জ্ঞান বুদ্ধিত ৰাখিব লাগে। পিতাই জ্ঞান দিয়ে - ক'ৰ কাৰণে? ভৱিষ্যত নতুন সৃষ্টিৰ কাৰণে দিয়ে। নতুন সৃষ্টিলৈ যোৱাৰ আগতে তোমালোক প্ৰথমে নিজৰ ঘৰলৈ নিশ্চয় যাবা। মুক্তিধামলৈ যাব লাগে। আত্মাসকল য'ৰ নিবাসী হয় তালৈতো নিশ্চয় যাব। এই নতুন-নতুন কথাবোৰ তোমালোকেহে শুনা অন্য কোনেও বুজিব নোৱাৰে। তোমালোকে বুজি পোৱা আমি আত্মাসকল স্প্ৰিৰিচুৱেল (আধ্যাত্মিক, আত্মিক) পিতাৰ স্প্ৰিৰিচুৱেল সন্তান। আত্মিক সন্তানসকলক নিশ্চয় আত্মিক পিতা লাগে। আত্মিক পিতা আৰু আত্মিক সন্তান। আত্মিক সন্তানসকলৰ এজনেই আত্মিক পিতা। তেওঁ আহি জ্ঞান দিয়ে। পিতা কেনেকৈ আহে - সেয়াও বুজাইছে। পিতাই কয় - মইও প্ৰকৃতিক ধাৰণ কৰিবলগীয়া হয়। এতিয়া তোমালোকে পিতাৰ পৰা শুনা কথাবোৰেই শুনিব লাগে। পিতাৰ বাহিৰে অন্য কাৰো পৰা শুনিব নালাগে। সন্তানসকলে শুনি পিছত অন্য ভাইসকলক শুনায়। কিবা নহয় কিবা নিশ্চয় শুনায়। নিজক আত্মা বুলি ভাবা, পিতাক স্মৰণ কৰা কিয়নো তেওঁৱেই পতিত-পাৱন হয়। বুদ্ধি তালৈ গুচি যায়। সন্তানসকলক বুজালে বুজি পায় কিয়নো আগতে বোধ শক্তি নাছিল। ভক্তিমাৰ্গত বোধ শক্তি নথকা বাবে ৰাৱণৰ অধীনত আহিলে কি যে কৰে! কেনেকুৱা ছিঃ-ছিঃ হৈ যায়! মদ্যপান কৰাৰ কাৰণে কি হৈ যায়? মদে লেতেৰা আৰু বেছিকৈহে বিয়পাই দিয়ে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে বেহদৰ পিতাৰ পৰা আমি উত্তৰাধিকাৰ ল'ব লাগে। কল্পই-কল্পই লৈ আহিছা সেয়েহে দৈৱী গুণো নিশ্চয় ধাৰণ কৰিব লাগে। কৃষ্ণৰ দৈৱী গুণৰ কিমান মহিমা আছে। বৈকুণ্ঠৰ মালিক কিমান মিঠা। এতিয়া কৃষ্ণৰ ৰাজবংশ বুলি কোৱা নহয়। বিষ্ণুৰ অথবা লক্ষ্মী-নাৰায়ণৰ ৰাজবংশ বুলি কোৱা হব। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতাইহে সত্যযুগী ৰাজ্যৰ ৰাজবংশ স্থাপনা কৰে। এই চিত্ৰ আদি নাথাকিলেও বুজাব পাৰা। মন্দিৰতো বহুত নিৰ্মাণ কৰি থাকে, যাৰ জ্ঞান আছে তেওঁ অন্যৰো কল্যাণ কৰিবলৈ, নিজৰ সমান কৰি গঢ়ি তুলিবলৈ দৌৰি থাকিব। নিজকে চাব লাগে আমি কিমানক জ্ঞান শুনাইছোঁ! কিছুমানৰ তৎক্ষণাৎ জ্ঞানৰ বাণ লাগি যায়। ভীষ্ম-পিতমহ আদিয়েও কৈছে নহয় - আমাক কুমাৰীসকলে জ্ঞান বাণ মাৰিলে। এই সকলো হৈছে পবিত্ৰ কুমাৰ-কুমাৰী অৰ্থাৎ সন্তান হয়। তোমালোক সকলো সন্তান সেয়েহে এনেকৈ কোৱা যে আমি ব্ৰহ্মাৰ সন্তান কুমাৰ-কুমাৰী ভাই-ভনী হয়। এয়া হৈছে পবিত্ৰ সম্বন্ধ। সেয়াও তোলনীয়া সন্তান হয়। পিতাই তুলি লৈছে। শিৱবাবাই প্ৰজাপিতা ব্ৰক্ষ্মাৰ দ্বাৰা তুলি লৈছে। বাস্তৱত তোলনীয়া বুলিও কোৱা নহব। শিৱবাবাৰ সন্তানতো হয়েই। সকলোৱে মোক আহ্বান কৰে শিৱবাবা, শিৱবাবা আহক। কিন্তু একোৱে বুজি নাপায়। সকলো আত্মাই শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। তেনেহ'লে শিৱবাবাইও নিশ্চয় শৰীৰৰ দ্বাৰা ভূমিকা পালন নকৰিব জানো। শিৱবাবাই যদি ভূমিকা পালন নকৰে তেন্তে একো কামৰেই হৈ নাথাকিল। মূল্যই নাথাকিব। তেওঁৰ মূল্য তেতিয়াই হয় যেতিয়া গোটেই সৃষ্টিক সৎগতিলৈ পঠিয়ায় সেইবাবে ভক্তিমাৰ্গত তেওঁৰ মহিমা গাই থাকে। সৎগতি হৈ যোৱাৰ পাছততো পিতাক স্মৰণ কৰাৰ প্ৰয়োজনেই নাথাকে। তেওঁলোকে কেৱল গড্ ফাডাৰ বুলি কয় তেতিয়া আকৌ শিক্ষক লুপ্ত হৈ যায়। মাত্ৰ কোৱাতেই সীমিত হৈ যায় যে পৰমপিতা পৰমাত্মা পবিত্ৰ কৰি তোলোঁতা হয়। তেওঁলোকে সৎগতি কৰোঁতা বুলিও নকয়। যদিও গায়ন কৰা হয় - সকলোৰে সৎগতি দাতা এজনেই। কিন্তু অৰ্থ নুবুজাকৈয়ে কৈ দিয়ে।এতিয়া তোমালোকে যি কোৱা সেয়া অৰ্থসহিত কোৱা। বুজি পোৱা যে ভক্তিৰ ৰাত্ৰি বেলেগ, জ্ঞান দিন বেলেগ। দিনৰো সময় থাকে। ভক্তিৰো সময় থাকে। এয়া হৈছে বেহদৰ কথা। তোমালোক সন্তানসকলে বেহদৰ জ্ঞান প্ৰাপ্ত কৰিছা। আধাকল্প হৈছে দিন, আধাকল্প হৈছে ৰাতি। পিতাই কয় মইও আহোঁ ৰাতিক দিন কৰি তুলিবলৈ।

তোমালোকে জানা আধাকল্প হৈছে ৰাৱণৰ ৰাজ্য, তাত অনেক প্ৰকাৰৰ দুখ থাকে পুনৰ পিতাই নতুন সৃষ্টি স্থাপনা কৰে তেতিয়া তাত সুখেই সুখ পোৱা যায়। কোৱাও হয় এয়া সুখ আৰু দুখৰ খেল। সুখ মানে ৰাম, দুখ মানে ৰাৱণ। ৰাৱণৰ ওপৰত জয় লাভ কৰিলে আকৌ ৰামৰাজ্য আহে, পুনৰ আধাকল্পৰ পাছত ৰাৱণে ৰামৰাজ্যৰ ওপৰত বিজয়ী হৈ ৰাজ্য কৰে। তোমালোকে এতিয়া মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। প্ৰতিটো শব্দ তোমালোকে অৰ্থসহিত কোৱা। এয়া হৈছে তোমালোকৰ ঈশ্বৰীয় ভাষা। এয়া কোনোবাই বুজি পাব জানো। ঈশ্বৰে কেনেকৈ কথা কয়। তোমালোকে জানা এয়া গড্‌ ফাদাৰৰ ভাষা কিয়নো গড্‌ ফাদাৰ নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) হয়। গায়নো কৰা হয় তেওঁ জ্ঞানৰ সাগৰ জ্ঞানেৰে পৰিপূৰ্ণ হয়, তেন্তে নিশ্চয় কাৰোবাকতো জ্ঞান দিব। এতিয়া তোমালোকে বুজি পোৱা কেনেকৈ পিতাই জ্ঞান দিয়ে। নিজৰো পৰিচয় দিয়ে আৰু সৃষ্টি চক্ৰৰো জ্ঞান দিয়ে যি জ্ঞান ললে আমি চক্ৰৱৰ্তী ৰজা হৈ যাওঁ। স্ব-দর্শন চক্ৰ আছে নহয়। স্মৰণ কৰিলে আমাৰ পাপ কটা যায়। এয়া হৈছে তোমালোকৰ স্মৃতিৰ অহিংসক চক্ৰ। সেয়া হৈছে হিংসক চক্ৰ শিৰশ্ছেদ কৰাৰ। সেয়া অজ্ঞানী মনুষ্যই ইজনে সিজনৰ শিৰশ্ছেদ কৰি থাকে। তোমালোকে এই স্ব-দৰ্শন চক্ৰক জানিলে বাদশ্বাহী (সাম্ৰাজ্য) প্ৰাপ্ত কৰা। কাম হৈছে মহাশত্ৰু যাৰ দ্বাৰা আদি, মধ্য, অন্ত দুখ পোৱা যায়। সেয়া হৈছে দুখৰ চক্ৰ। তোমালোকক পিতাই এই চক্ৰৰ জ্ঞান বুজায়। স্ব-দৰ্শন চক্ৰধাৰী কৰি তোলে। শাস্ত্ৰত কিমান কাহিনী ৰচি দিছে। তোমালোকে এতিয়া সেই সকলোবোৰ পাহৰিব লাগে। কেৱল এজন পিতাক স্মৰণ কৰিব লাগে কিয়নো পিতাৰ পৰাই স্বৰ্গৰ উত্তৰাধিকাৰ ল'বা। কিমান সহজ হয়। বেহদৰ পিতাই নতুন সৃষ্টি স্থাপনা কৰে গতিকে উত্তৰাধিকাৰ লবৰ বাবেই স্মৰণ কৰা। এয়া হল মনমানাভৱ, মধ্যাজী ভৱ। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰি সন্তানসকল সীমাহীন আনন্দত থাকিব লাগে। আমি বেহদৰ পিতাৰ সন্তান হওঁ। পিতাই স্বৰ্গৰ স্থাপনা কৰে, আমি মালিক আছিলো আকৌ নিশ্চয় হ'ম। আকৌ তোমালোকেই নৰকবাসী হ'লা। সতোপ্ৰধান আছিলা এতিয়া তমোপ্ৰধান হ'লা। ভক্তি মাৰ্গতো আমিয়েই আছিছো। অলৰাউণ্ড (আদিৰ পৰা অন্তলৈ) চক্ৰ লগালোঁ। আমিয়েই ভাৰতবাসী সূৰ্যবংশী আছিলো, আকৌ চন্দ্ৰবংশী, বৈশ্যবংশী... হৈ অধঃপতিত হলো। আমি ভাৰতবাসী দেৱী-দেৱতা আছিলো আমিয়েই অধঃপতিত হলো। তোমালোকে এতিয়া সকলোবোৰ জানিলা। বামমাৰ্গলৈ গলে কিমান ছিঃ-ছিঃ হৈ যোৱা। মন্দিৰতো এনেকুৱা ছিঃ-ছিঃ চিত্ৰ আছে। আগতে ঘড়ীবোৰো এনেকুৱা চিত্ৰৰে তৈয়াৰ কৰিছিল। এতিয়া তোমালোকে বুজি পাইছা যে আমি কিমান গুল-গুল (ফুলৰ দৰে) আছিলো আকৌ আমিয়েই পুনৰ্জন্ম লৈ-লৈ কিমান ছিঃ-ছিঃ হৈ যাওঁ। এওঁলোক সত্যযুগৰ মালিক আছিল তেতিয়া দৈৱীগুণ সম্পন্ন মনুষ্য আছিল। এতিয়া আসুৰী গুণৰহৈ গৈছে আৰু অন্য কোনো পাৰ্থক্য নাই। নেজ থকা বা শূৰ থকা কোনো মনুষ্য নাথাকে। এয়া কেৱল দেৱতাসকলৰ চিহ্নহে। বাকীতো স্বর্গ প্ৰায় লোপ হৈ গৈছে। কেৱল এই চিত্ৰবোৰ চিহ্ন স্বৰূপে আছে। চন্দ্ৰবংশীসকলৰো চিহ্ন আছে। এতিয়াতোমালোকে মায়াৰ ওপৰত জয় লাভ কৰিবলৈ যুদ্ধ কৰি আছা। যুদ্ধ কৰি-কৰি অনুত্তীৰ্ণ হৈ গলে তেতিয়া তেওঁলোকৰ চিহ্ন ধনু-কাঁড় হয়। ভাৰতবাসী বাস্তৱত হয়েই দেৱী-দেৱতা বংশৰ। নহলে কোনটো বংশৰ লেখত ধৰা হব। কিন্তু ভাৰতবাসীয়ে নিজৰ বংশৰ বিষয়ে নজনাৰ কাৰণে হিন্দু বুলি কৈ দিয়ে। আচলতে তোমালোক বাস্তৱত এটা বংশৰে হোৱা। ভাৰতত হৈছে সকলো দেৱতা বংশৰ, যিটো বেহদৰ পিতাই প্ৰতিষ্ঠা কৰে। শাস্ত্ৰও ভাৰতৰ এখনেই। দৈৱী ৰাজবংশৰ স্থাপনা হয়, পুনৰ তাৰ পৰা ভিন্ন-ভিন্ন শাখা ওলাই যায়। পিতাই দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। মুখ্য হৈছে 4টা ধৰ্ম। দেৱী-দেৱতা ধৰ্মই হৈছে আধাৰ। নিবাসীসকল সকলো মুক্তিধামৰ। পুনৰ তোমালোক নিজৰ দেৱতা শাখালৈ গুচি যাবাগৈ। ভাৰতৰ সীমা এটাই আন কোনো ধৰ্মৰ নহয়। এয়া হল আচল দেৱতা ধৰ্মৰ। পুনৰ ড্ৰামাৰ পৰিকল্পনা অনুসৰি তাৰ পৰা অন্যান্য ধৰ্ম ওলাইছে। ভাৰতৰ আচল ধৰ্ম হয়েই দেৱী-দেৱতা যিটোৰ প্ৰতিষ্ঠা কৰোঁতাজন হৈছে পিতা। পুনৰ নতুন-নতুন পাত ওলায়। এয়া সকলো ঈশ্বৰীয় বৃক্ষৰ। পিতাই কয় - মই এই বৃক্ষৰ জোপাৰ বীজৰূপ হওঁ। এয়া হৈছে আধাৰ আকৌ তাৰ পৰা ঠাল-ঠেঙুলি ওলায়। মুখ্য কথাটো হল আমি সকলো আত্মা ভাই-ভাই হওঁ। সকলো আত্মাৰ পিতা এজনেই, সকলোৱে তেওঁক স্মৰণ কৰে। এতিয়া পিতাই কয় - এই দুচকুৰে তোমালোকে যি দেখিবলৈ পোৱা সেয়া পাহৰি যোৱা। এয়া হল বেহদৰ বৈৰাগ্য, তেওঁলোকৰ হল হদৰ। কেৱল ঘৰ-সংসাৰৰ প্ৰতি বৈৰাগ্য আহি যায়। তোমালোকৰতো এই গোটেই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। ভক্তিৰ পাছত হৈছে বৈৰাগ্য পুৰণি সৃষ্টিৰ প্ৰতি। তাৰ পাছত আমি শান্তিধাম হৈ নতুন সৃষ্টিলৈ যাম। পিতাইও কয় এই পুৰণি সৃষ্টি ভস্ম হৈ যাব। এই পুৰণি সৃষ্টিৰ প্ৰতি এতিয়া অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। যেতিয়ালৈকে যোগ্য নোহোৱা ইয়াতেই থাকিব লাগিব। হিচাপ-নিকাচ সকলো নিষ্পত্তি কৰিব লাগে।

তোমালোকে আধাকল্পৰ কাৰণে সুখ জমা কৰা। তাৰ নামেই হল শান্তিধাম, সুখধাম। প্ৰথমতে সুখ হয়, পিছত দুখ। পিতাই বুজাইছে, যিসকল নতুন আত্মা ওপৰৰ পৰা আহে, যেনেকৈ যীশুখ্ৰীষ্টৰ আত্মা আহিল, তেওঁৰ প্ৰথমতে দুখ নহয়। খেলখনেই হল প্ৰথমতে সুখ, পিছত দুখ। নতুন-নতুন যিসকল আহে তেওঁলোক হৈছে সতোপ্ৰধান। যেনেকৈ তোমালোকৰ সুখৰ অনুভৱ বেছি তেনেকৈ সকলোৰে দুখৰ অনুভৱ বেছি। এয়া সকলো বুদ্ধিৰে বুজিব লাগে। পিতাই আত্মাসকলক বহি বুজাই আছে। সেই আত্মাসকলে আকৌ অন্য আত্মাসকলক বুজায়। পিতাই কয় - মই এই শৰীৰ (ব্ৰহ্মাৰ) ধাৰণা কৰিছো। বহুত জন্মৰ অন্তিমত অৰ্থাৎ তমোপ্ৰধান শৰীৰত মই প্ৰৱেশ কৰোঁ। আকৌ এওঁৱেই প্ৰথম নম্বৰত যাব লাগে। প্ৰথমৰ জনেই এতিয়া শেষত, আকৌ এই শেষৰ জনেই প্ৰথমত যাব। এইটোও বুজাবলগীয়া হয়। প্ৰথমজনৰ পিছত আকৌ কোন? মম্মা। তেওঁৰ ভূমিকা থকা উচিত। তেওঁ বহুতকে শিক্ষা দিছে। তাৰ পিছত তোমালোক সন্তানসকল ক্ৰমানুসৰি হোৱা যিয়ে বহুতক শিক্ষা দিয়ে, পঢ়ায়। আকৌ সেই পঢ়োতাসকলেও এনেকৈ চেষ্টা কৰে যে তোমালোকতকৈও আগত গুচি যায়। বহুত চেণ্টাৰত এনেকুৱা আছে যে পঢ়ুওৱা শিক্ষকতকৈও আগত গুচি যায়। প্ৰত্যেককে লক্ষ্য কৰা হয়। সকলোৰে চলনৰ পৰা জনা যায়। কিছুমানকতো মায়াই এনেকৈ নাকত ধৰি লয় যে একেবাৰে শেষ কৰি দিয়ে। বিকাৰত বাগৰি পৰে। আগলৈ তোমালোকে বহুতৰ কথা শুনি থাকিবা। আচম্বিত হৈ যাবা, এওঁতো মোক জ্ঞান দিছিল, তেওঁ আকৌ কেনেকৈ গুচি গল। মোক পবিত্ৰ হবলৈ কৈছিল আৰু নিজেই ছিঃ-ছিঃ হৈ গল। নিশ্চয় বুজি পাবা নহয় জানো। বহুত ছিঃ-ছিঃ হৈ যায়। বাবাই কৈছে ডাঙৰ-ডাঙৰ মহাৰথীসকলকো মায়াই জোৰেৰে ওফৰাই পেলাব। যেনেকৈ তোমালোকে মায়াক ওফৰাই বিজয়ী হোৱা, মায়াইও তেনেকুৱা কৰিব। পিতাই কিমান ভাল-ভাল ফাষ্টক্লাচ (সৰ্বোত্তম), ৰমনীয় নামো ৰাখিছিল। কিন্তু অহো মায়া, আশ্চৰ্যজনকভাৱে শুনিলে, কলে, আকৌ আঁতৰি গুচি গল.. বাগৰি পৰিল। মায়া কিমান শক্তিশালী সেয়েহে সন্তানসকল বহুত সাৱধানে থাকিব লাগে। যুদ্ধক্ষেত্ৰ নহয় জানো। মায়াৰ সৈতে তোমালোকৰ কিমান ডাঙৰ যুদ্ধ হয়। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ইয়াতেই সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰি আধাকল্পৰ কাৰণে সুখ জমা কৰিব লাগে। এই পুৰণি সৃষ্টিৰ প্ৰতি এতিয়া অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। এই দুচকুৰে যি দেখিবলৈ পোৱা যায়, সেয়া পাহৰি যাব লাগে।

(2) মায়া বৰ শক্তিশালী হয়, মায়াৰ পৰা সাৱধান হৈ থাকিব লাগে। পঢ়াত উন্নতি কৰি আগবাঢ়ি যাব লাগে। এজন পিতাৰ পৰাই শুনিব আৰু তেওঁৰ পৰা শুনাবোৰ অন্যক শুনাব লাগে।

বৰদান:
সদায় একৰস মনোস্থিতিৰ দ্বাৰা সকলো আত্মাক সুখ-শান্তি-প্ৰেমৰ অঞ্জলী দিওঁতা মহাদানী হোৱা

তোমালোক সন্তানসকলৰ মনোস্থিতি সদায় আনন্দিত একৰস হৈ থাকিব লাগে, কেতিয়াবা মনোস্থিতি বেয়া, কেতিয়াবা মনোস্থিতি বহুত আনন্দিত.. এনেকুৱা নহয়। সদায় মহাদানী হবলগীয়াসকলৰ মনোস্থিতি কেতিয়াও সলনি নহয়। দেৱতা হওঁতা মানে দিওঁতা। তোমালোকক কোনোবাই যিয়েই নিদিয়ক কিন্তু তোমালোক মহাদানী সন্তানে সকলোকে সুখৰ অঞ্জলী, শান্তিৰ অঞ্জলী, প্ৰেমৰ অঞ্জলী দিয়া। শৰীৰৰ দ্বাৰা সেৱা কৰাৰ লগতে মনেৰে এনেকুৱা সেৱাত ব্যস্ত হৈ থাকা তেতিয়া ডবল পুণ্য জমা হৈ যাব।
 

স্লোগান:
তোমালোকৰ বিশেষত্ববোৰ হৈছে প্ৰভূ প্ৰসাদ, ইয়াক কেৱল নিজৰ প্ৰতি ব্যৱহাৰ নকৰিবা, ভগোৱা আৰু বঢ়োৱা।