19-11-2020 প্ৰাতঃমুৰলী ওঁম্ শান্তি! "বাপদাদা" মধুবন।


"মৰমৰ সন্তানসকল – এই গোটেই জগতখন ৰোগীসকলৰ ডাঙৰ চিকিৎসালয় হয়, বাবা আহিছে গোটেই জগতক নিৰোগী কৰি তুলিবলৈ”

প্ৰশ্ন:

কোনটো স্মৃতি থাকিলে কেতিয়াও বিষণ্ণতা বা দুখৰ ঢৌ আহিব নোৱাৰে?

উত্তৰ:

এতিয়া আমি এই পুৰণি সৃষ্টি, পুৰণা শৰীৰ এৰি ঘৰলৈ যাম, পুনৰ নতুন সৃষ্টিত পুনৰ্জন্ম ল’ম। আমি এতিয়া ৰাজযোগ শিকি আছোঁ- ৰাজ্যলৈ যাবৰ কাৰণে। পিতাই আমাৰ সন্তানসকলৰ কাৰণে আত্মিক ৰাজস্থান স্থাপন কৰি আছে, এইটো স্মৃতি থাকিলে দুখৰ ঢৌ আহিব নোৱাৰে

গীত:

তুম্হী হো মাতা, পিতা তুম্হী হো.... (তুমিয়েই মাতা, পিতাও তুমিয়েই....)

ওঁম্‌ শান্তি। গীত তোমালোক সন্তানসকলৰ কাৰণে নহয়, নতুনসকলক বুজাবৰ কাৰণে। এনেকুৱাও নহয় যে ইয়াত সকলো বুদ্ধিমানেই আছে। নহয়, বুদ্ধিহীনসকলক (অবোধ) বুদ্ধিমান কৰি তোলা হয়। সন্তানসকলে বুজি পায় যে আমি কিমান বুদ্ধিহীন হৈ গৈছিলোঁ, এতিয়া বাবাই আমাক বুদ্ধিমান কৰি তোলে। যেনেকৈ স্কুলত পঢ়ি সন্তান কিমান বুদ্ধিয়ক হৈ যায়। প্ৰত্যেকে নিজৰ নিজৰ বোধশক্তিৰে বেৰিষ্টাৰ, ইঞ্জিনীয়াৰ আদি হয়। ইয়াত আত্মাক বুদ্ধিমান কৰি তুলিব লাগে। পঢ়েও আত্মাই শৰীৰৰ দ্বাৰা। কিন্তু বাহিৰত যি শিক্ষা পোৱা যায় সেয়া অল্পকালৰ কাৰণে শৰীৰ নিৰ্বাহৰ অৰ্থে। যদিও কোনোবাই ধৰ্মান্তৰিতও কৰে, হিন্দুক খ্ৰীষ্টান কৰি দিয়ে- কিহৰ বাবে? অলপ সুখ পাবৰ কাৰণে। পইচা চাকৰি আদি সহজে পাবৰ কাৰণে, অজীৱিকাৰ কাৰণে। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি পোন-প্ৰথমেতো আত্ম-অভিমানী হ’ব লাগে। এইটো হৈছে মুখ্য কথা কিয়নো এইখন হয়েই ৰোগী জগত। এনেকুৱা কোনো মনুষ্য নাই যি ৰোগী নহয়। কিবা নহয় কিবা নিশ্চয় হয়। এই গোটেই জগতখন বহুত ডাঙৰ চিকিৎসালয় হয়, য’ত সকলো মনুষ্য পতিত ৰোগী হয়। আয়ুসো বহুত কম হয়। অকস্মাৎ মৃত্যু হৈ যায়। কালৰ হাতোৰাত আহি যায়। এইটোও তোমালোক সন্তানসকলে জানা। তোমালোক সন্তানসকলে কেৱল ভাৰতৰে নহয় গোটেই বিশ্বৰ গুপ্ত ভাৱে সেৱা কৰা। মূল কথা হৈছে পিতাক কোনেও নাজানে। মনুষ্য হৈ পাৰলৌকিক পিতাক নাজানে, তেওঁৰ প্ৰতি স্নেহ নাৰাখে। এতিয়া পিতাই কয় - মোৰ প্ৰতি স্নেহ ৰাখা। মোৰ প্ৰতি স্নেহ ৰাখি ৰাখি তোমালোক মোৰ লগতেই উভতি যাব লাগিব। যেতিয়ালৈকে উভতি নোযোৱা তেতিয়ালৈকে এই ছিঃ ছিঃ জগতত থাকিবলগীয়া হয়। প্ৰথমতেতো দেহ-অভিমানৰ পৰা দেহী-অভিমানী হোৱা তেতিয়াহে তোমালোকে ধাৰণ কৰিব পাৰিবা আৰু পিতাক স্মৰণ কৰিব পাৰিবা। যদি দেহী-অভিমানী নোহোৱা তেন্তে কোনো কামৰ নোহোৱা। দেহ-অভিমানীতো সকলোৱে হয়। তোমালোকে বুজিও পোৱা যে মই আত্মা-অভিমানী হোৱা নাই, পিতাক স্মৰণ নকৰোঁ গতিকে মই তেনেকুৱাই হৈ আছোঁ যেনেকুৱা প্ৰথমে আছিলোঁ। মূল কথাই হৈছে দেহী-অভিমানী হোৱাৰ। ৰচনাক জনাতো নহয়। গায়নো কৰা হয় ৰচয়িতা ৰচনাৰ জ্ঞান। এনেকুৱা নহয় যে প্ৰথমতে ৰচনা পাচত ৰচয়িতাৰ জ্ঞান বুলি কোৱা হ’ব। নহয়, প্ৰথমতে ৰচয়িতা, সেইজন পিতাই হয়। কোৱাও হয় – "হে গড ফাদাৰ”। তেওঁ আহি তোমালোক সন্তানসকলক নিজৰ সমান কৰি তোলে। পিতাতো সদায় আত্মা-অভিমানী হয়েই সেইবাবে তেওঁ সৰ্বোচ্চ (চুপ্ৰীম) হয়। পিতাই কয় - মইতো আত্মা-অভিমানী হওঁ। যাৰ শৰীৰত প্ৰৱেশ কৰিছোঁ তেওঁকো আত্মা-অভিমানী কৰি তোলোঁ। এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ এওঁক সলনি কৰিবৰ বাবে কিয়নো এৱোঁ দেহ-অভিমানী আছিল, এওঁকো কওঁ নিজক আত্মা বুলি বুজি মোক যথাৰ্থ ৰীতিৰে স্মৰণ কৰা। এনেকুৱা বহুত মনুষ্য আছে যিসকলে ভাবে আত্মা বেলেগ হয়, জীৱ বেলেগ হয়। আত্মা দেহৰ পৰা ওলাই যায় তেন্তে দুটা বস্তু নহ’ল জানো। পিতাই বুজায় - তোমালোক আত্মা হোৱা। আত্মাইহে পুনৰ্জন্ম লয়। আত্মাইহে শৰীৰ লৈ ভূমিকা পালন কৰে। বাবাই বাৰে বাৰে বুজায় নিজক আত্মা বুলি বুজা, এইক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিব লাগে। যেনেকৈ বিদ্যাৰ্থীয়ে পঢ়িবৰ বাবে একান্তত, বাগিচা আদিত গৈ পঢ়ে। পাদুৰী (খ্ৰীষ্টিয়ান ধৰ্ম যাজক) সকলেও ফুৰিবলৈ গ’লে একেবাৰে শান্ত হৈ থাকে। তেওঁলোক কোনো আত্মা-অভিমানী হৈ নাথাকে। যীশুখ্ৰীষ্টৰ স্মৃতিত থাকে। ঘৰত থাকিও স্মৰণতো কৰিব পাৰে কিন্তু বিশেষকৈ একান্তত যায় যীশুখ্ৰীষ্টক স্মৰণ কৰিবলৈ আন কোনো ফালে নাচায়েই। যিসকল ভাল হয়, তেওঁলোকে ভাবে যে আমি যীশুখ্ৰীষ্টক স্মৰণ কৰি কৰি তেওঁৰ ওচৰলৈ গুচি যাম। যীশুখ্ৰীষ্ট স্বৰ্গত বহি আছে, আমিও স্বৰ্গলৈ গুচি যাম। এনেকৈও ভাবে যে যীশুখ্ৰীষ্ট স্বৰ্গীয় ঈশ্বৰ পিতাৰ ওচৰলৈ গ’ল। আমিও স্মৰণ কৰি কৰি তেওঁৰ ওচৰলৈ যাম। সকলো খ্ৰীষ্টিয়ান সেই এজনৰ সন্তান হ’ল। তেওঁলোকৰ কোনো কোনো জ্ঞান ঠিক হয়। কিন্তু তোমালোকে ক’বা যে তেওঁলোকে তেনেকৈ ভবাটোও ভুল কিয়নো যীশুখ্ৰীষ্টৰ আত্মাতো ওপৰলৈ যোৱাই নাই। যীশুখ্ৰীষ্ট নামতো শৰীৰৰ হয়, যাক ফাঁচীকাঠত ওলমালে। আত্মাতো ফাঁচীকাঠত নুঠে। এতিয়া যীশুখ্ৰীষ্টৰ আত্মা ঈশ্বৰ পিতাৰ ওচৰলৈ গ’ল - এনেকৈ কোৱাটোও ভুল হৈ যায়। কোনোবা উভতি কেনেকৈ যাব? প্ৰত্যেকেই স্থাপনা তাৰপাচত প্ৰতিপালন নিশ্চয় কৰিবলগীয়া হয়। ঘৰত ৰং আদি কৰা হয়, এয়াও প্ৰতিপালন কৰা হয় নহয় জানো।

এতিয়া বেহদৰ (অসীমৰ) পিতাক তোমালোকে স্মৰণ কৰা। এই জ্ঞান বেহদৰ পিতাৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। নিজৰে কল্যাণ কৰিব লাগে। ৰোগীৰ পৰা নিৰোগী হ’ব লাগে। এইখন ৰোগীসকলৰ ডাঙৰ চিকিৎসালয়। গোটেই বিশ্ব ৰোগীসকলৰ চিকিৎসালয়। ৰোগী নিশ্চয় সোনকালে মৰি যাব, পিতা আহি এই গোটেই বিশ্বক নিৰোগী কৰি তোলে। এনেকুৱা নহয় যে ইয়াতেই নিৰোগী হৈ যাব। পিতাই কয় - নিৰোগী হয়েই নতুন সৃষ্টিত। পুৰণি সৃষ্টিত নিৰোগী হ’ব নোৱাৰে। এই লক্ষ্মী-নাৰায়ণ নিৰোগী, সৰ্বদা স্বাস্থ্যৱান। তাত আয়ুসো দীঘলীয়া হ’ব, ৰোগী বিকাৰী হয়। নিৰ্বিকাৰীসকল ৰোগী নহয়। সেয়া হয়েই সম্পূৰ্ণ নিৰ্বিকাৰী। পিতাই নিজেই কয় - এই সময়ত গোটেই বিশ্ব, বিশেষকৈ ভাৰত ৰোগী হয়। তোমালোক সন্তানসকল পোন প্ৰথমে নিৰোগী সৃষ্টিলৈ আহা, নিৰোগী হোৱা স্মৃতিৰ যাত্ৰাৰে। স্মৃতিৰে তোমালোক নিজৰ মিঠা (মৰমৰ) ঘৰলৈ গুচি যাবা। এয়াও একপ্ৰকাৰৰ যাত্ৰা হয়। আত্মাৰ যাত্ৰা, পিতা পৰমাত্মাৰ সমীপলৈ যোৱাৰ। মূল কথা হৈছে এইটো, বুজোৱাটোও বহুত সহজ। কিন্তু বুজাব তেওঁহে যি নিজেও আত্মিক যাত্ৰাত থাকিব। নিজে যদি নহয় তেন্তে আনক ক’লে তীৰ নালাগিব (জ্ঞানে প্ৰভাৱ নেপেলাব)। সত্যতাৰ ধাৰ (শক্তি) লাগে। আমি বাবাক ইমান স্মৰণ কৰোঁ! বচ। স্ত্ৰীয়ে স্বামীক কিমান স্মৰণ কৰে। এওঁ হৈছে স্বামীসকলৰো স্বামী, পিতাসকলৰো পিতা, গুৰুসকলৰো গুৰু। গুৰুসকলেও সেইজন পিতাকে স্মৰণ কৰে। যীশুখ্ৰীষ্টইও পিতাক স্মৰণ কৰিছিল। কিন্তু তেওঁক কোনেও নাজানে। পিতা যেতিয়া আহিব তেতিয়া আহি নিজৰ পৰিচয় দিব। ভাৰতবাসীৰে পিতাৰ পৰিচয় নাই তেন্তে অন্যই ক’ৰপৰা পাব। বিদেশৰ পৰাও ইয়ালৈ আহে, যোগ শিকিবলৈ। এনেকৈ বুজে যে প্ৰাচীন যোগ ভগৱানে শিকাইছিল। এয়া হৈছে ভাৱনা। পিতাই বুজায় - সঁচা সঁচা যোগতো মইহে কল্পই কল্পই আহি শিকাওঁ, এবাৰেই। মুখ্য কথা হৈছে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, ইয়াকে আত্মিক যোগ বুলি কোৱা হয়। বাকী সকলোৰে হৈছে পাৰ্থিৱ যোগ। ব্ৰহ্মৰ লগত যোগ ৰাখে। সেয়াতো পিতা নহয়। সেয়াতো হৈছে মহাতত্ব, নিবাস কৰা স্থান। গতিকে সত্য একমাত্ৰ পিতাই হয়। একমাত্ৰ পিতাকেই সত্য বুলি কোৱা হয়। এইটোও ভাৰতবাসীয়ে নাজানে যে পিতাই কেনেকৈ সত্য হয়। তেৱেঁই সত্য খণ্ডৰ স্থাপনা কৰে। সঁচা খণ্ড আৰু মিছা খণ্ড। তোমালোক যেতিয়া সঁচা খণ্ডত থাকা তেতিয়া তাত ৰাৱণ ৰাজ্য নাথাকে। আধাকল্পৰ পাচত ৰাৱণ ৰাজ্য, মিছা খণ্ড আৰম্ভ হয়। সঁচা খণ্ড পূৰা সত্যযুগক কোৱা হ’ব। আকৌ কলিযুগৰ অন্ত হৈছে পূৰা মিছা খণ্ড। এতিয়া তোমালোক সংগমত বহি আছা। ইফালৰো নোহোৱা, সিফালৰো নোহোৱা। তোমালোকে যাত্ৰা কৰি আছা। আত্মাই যাত্ৰা কৰি আছে, শৰীৰে নহয়। পিতাই আহি যাত্ৰা কৰিবলৈ শিকায়। ইয়াৰ পৰা তালৈ যাব লাগে। তোমালোকক এয়া শিকায়। সেই লোকসকলে আকৌ তৰা, চন্দ্ৰ আদিলৈ যাবলৈ যাত্ৰা কৰে। এতিয়া তোমালোকে জানা যে তাত কোনো লাভ নাই। এই বস্তুবোৰৰ দ্বাৰাই গোটেই বিনাশ হ’ব। বাকী যি ইমান পৰিশ্ৰম কৰে সকলো ব্যৰ্থ। তোমালোকে জানা এই সকলোবোৰ বস্তু যি বিজ্ঞানৰ দ্বাৰা তৈয়াৰ হয় সেয়া ভৱিষ্যতে তোমালোকৰে কামত আহিব। এই নাটক (ড্ৰামা) ৰচি থোৱা আছে। বেহদৰ পিতা আহি পঢ়ায় তেন্তে কিমান সন্মান দিব লাগে। শিক্ষকক এনেয়েও বহুত সন্মান দিয়ে। শিক্ষকে আদেশ দিয়ে - ভালদৰে পঢ়ি উত্তীৰ্ণ হৈ যোৱা। যদি আদেশ পালন নকৰা তেন্তে অনুতীৰ্ণ হৈ যাবা। পিতায়ো কয় তোমালোকক পঢ়াওঁ বিশ্বৰ মালিক কৰি তুলিবলৈ। এই লক্ষ্মী-নাৰায়ণ মালিক হয়। যদিও প্ৰজাও মালিক হয়, কিন্তু পদতো বহুত আছে নহয় জানো। ভাৰতবাসীয়েও সকলোৱে কয় - আমি মালিক হওঁ। গৰিবেও নিজক ভাৰতৰ মালিক বুলি বুজে। কিন্তু ৰজা আৰু তেওঁলোকৰ মাজত কিমান পাৰ্থক্য আছে। জ্ঞানেৰে পদৰ পাৰ্থক্য হৈ যায়। জ্ঞানতো বুদ্ধিমান হোৱা উচিত। পবিত্ৰতাও জৰুৰী আৰু স্বাস্থ্য-সম্পত্তিও লাগে। স্বৰ্গত সকলো আছে নহয় জানো। পিতাই লক্ষ্য-উদ্দেশ্য বুজায়। সৃষ্টিত আন কাৰো বুদ্ধিত এই লক্ষ্য-উদ্দেশ্য নাথাকিব। তোমালোকে তৎক্ষণাৎ কবা আমি এয়া হ’মগৈ। গোটেই বিশ্বত আমাৰ ৰাজধানী হ’ব। এয়াতো এতিয়া পঞ্চায়তী (পাঁচ বিকাৰৰ) ৰাজ্য। প্ৰথমে আছিল দ্বৈত মুকুটধাৰী তাৰপাচত একক মুকুটধাৰী এতিয়াতো মুকুটেই নাই। বাবাই মুৰুলীত কৈছিল - ইয়াৰো চিত্ৰ থাকিব লাগে - দ্বৈত মুকুটধাৰী ৰজাসকলৰ আগত একক মুকুটধাৰীসকলে মূৰ দোৱায়। এতিয়া পিতাই কয় - মই তোমালোকক ৰজাৰো ৰজা দ্বৈত মুকুটধাৰী কৰি তোলোঁ। সেয়া হৈছে অল্পকালৰ কাৰণে, এয়া হৈছে 21 জন্মৰ কথা। প্ৰথম মুখ্য কথা হৈছে পবিত্ৰ হোৱাৰ। আহ্বানো কৰে যে আহি পতিতৰ পৰা পবিত্ৰ কৰি তোলা। এনেকৈ নকয় যে ৰজাৰো ৰজা কৰি তোলা। এতিয়া তোমালোক সন্তানসকলৰ হৈছে বেহদৰ সন্ন্যাস। এই সৃষ্টিৰ পৰাই গুচি যাম নিজৰ ঘৰলৈ। পুনৰ স্বৰ্গলৈ (হেভেনলৈ) আহিম। ভিতৰি আনন্দিত হৈ থাকিব লাগে যিহেতু বুজি পোৱা যে আমি ঘৰলৈ যাম পুনৰ ৰাজ্যলৈ আহিম তেতিয়া বিষণ্ণতা দুখ আদি এই সকলোবোৰ কিয় থাকিব লাগে। আমি আত্মা ঘৰলৈ যাম আকৌ নতুন পুনৰ্জন্ম নতুন সৃষ্টিত ল’ম। সন্তানসকলৰ স্থায়ী আনন্দ কিয় নাথাকে? মায়াৰ বিৰুদ্ধাচৰণ বহুত সেয়েহে আনন্দ কম হৈ যায়। পতিত-পাৱনে নিজেই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যাব। তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা। এইটো জানা যে আমি পুনৰ নিজৰ ৰাজস্থানলৈ গুচি যাম। ইয়াত ভিন্ন ভিন্ন প্ৰকাৰ ৰজা হৈছে, এতিয়া পুনৰ আত্মিক ৰাজস্থান হ’ব। স্বৰ্গৰ মালিক হৈ যাবা। খ্ৰীষ্টানলোকে ‘হেভেন’ৰ অৰ্থ বুজি নাপায়। তেওঁলোকে মুক্তিধামকে ‘হেভেন’ বুলি কৈ দিয়ে। এনেকুৱা নহয় যে স্বৰ্গীয় ঈশ্বৰ পিতা (হেভেনলী গড ফাদাৰ) কোনো স্বৰ্গত থাকে। তেওঁতো থাকেই শান্তিধামত। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰা স্বৰ্গলৈ যাবলৈ। এইটো পাৰ্থক্য শুনাব লাগে। ঈশ্বৰ পিতা হৈছে মুক্তিধামত থাকোঁতা। ‘হেভেন’ নতুন সৃষ্টিক কোৱা হয়। তাততো খ্ৰীষ্টিয়ান নাথাকে। পিতাই আহি ‘পেৰাডাইজ’ স্থাপন কৰে। তোমালোকে যাক শান্তিধাম বুলি কোৱা তেওঁলোকে তাক হেভেন বুলি বুজি লয়। এই সকলোবোৰ বুজিবলগীয়া কথা।

পিতাই কয় - জ্ঞানতো বহুত সহজ। এয়া হৈছে পবিত্ৰ হোৱাৰ জ্ঞান, মুক্তি-জীৱনমুক্তিত যোৱাৰ জ্ঞান, যিটো পিতাইহে দিব পাৰে। যেতিয়া কাৰোবাক ফাঁচি দিয়া হয় তেতিয়া অন্তৰত এইটোৱে থাকে যে মই ভগৱানৰ ওচৰলৈ যাম। ফাঁচি দিওঁতাজনেও কয় ঈশ্বৰক স্মৰণ কৰা। ঈশ্বৰক দুয়োজনেই নাজানে। তেওঁলোকৰতো সেই সময়ত মিত্ৰ-সম্বন্ধীয় আদি স্মৃতিলৈ আহে। গায়নো আছে যিয়ে অন্তকালত স্ত্ৰীক স্মৰণ কৰে… কোনোবা নহয় কোনোবা নিশ্চয় স্মৃতিলৈ আহে। সত্যযুগতহে মোহজিৎ হৈ থাকে। তাত এইটো জানে যে এখন ছাল এৰি অন্য এখন লৈ ল’ম। তাত স্মৰণ কৰাৰ দৰকাৰ নাই সেইকাৰণে কয় - দুখত স্মৰণ সকলোৱে কৰে…. ইয়াত দুখ আছে সেইকাৰণে স্মৰণ কৰে যাতে ভগৱানৰ পৰা কিবা পায়। তাততো সকলো প্ৰাপ্ত হৈয়ে থাকে। তোমালোকে ক’ব পাৰা যে আমাৰ উদ্দেশ্য হৈছে মনুষ্যক আস্তিক কৰি তোলা, প্ৰভুৰ (গৰাকীৰ) কৰি তোলা। এতিয়া সকলো মাউৰা (গৰাকী বিহীন)। আমি প্ৰভুৰ হওঁ। সুখ, শান্তি, সম্পত্তিৰ উত্তৰাধিকাৰ দিওঁতা পিতাহে হয়। এই লক্ষ্মী-নাৰায়ণ কিমান দীৰ্ঘায়ু আছিল। এয়াও জানে ভাৰতবাসী প্ৰথমতে দীৰ্ঘায়ু আছিল। এতিয়া কম। কিয় কম হৈ গ’ল - এয়া কোনেও নাজানে। তোমালোকৰ কাৰণেতো অতি সহজ হৈ গ’ল বুজিবলৈ আৰু বুজাবলৈ। সেয়াও ক্ৰমানুসৰি। প্ৰত্যেকৰে বুজনি নিজা নিজা, যিয়ে যেনেকৈ ধাৰণ কৰে তেনেকৈ বুজায়। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) যেনেকৈ পিতা সদায় আত্মা-অভিমানী, তেনেকৈ আত্মা-অভিমানী হৈ থকাৰ পূৰা পূৰা পুৰুষাৰ্থ কৰিব লাগে। এজন পিতাক অন্তৰেৰে স্নেহ কৰি কৰি পিতাৰ লগত ঘৰলৈ যাব লাগে।

(2) বেহদৰ পিতাক পূৰা পূৰা সন্মান (ৰিগাৰ্দ) দিব লাগে অৰ্থাৎ পিতাৰ আদেশ অনুসৰি চলিব লাগে। পিতাৰ প্ৰথম আদেশ হৈছে - সন্তানসকল ভালদৰে পঢ়ি উত্তীৰ্ণ হৈ যোৱা। এইটো আদেশ পালন কৰিব লাগে।

বৰদান:

‘চেন্স’ (বোধশক্তি) আৰু ‘ইচেন্স’ৰ (সাৰমৰ্ম) সন্তুলনৰ (বেলেন্সৰ) দ্বাৰা নিজস্বতাক স্বাহা কৰোঁতা বিশ্ব পৰিৱৰ্তক হোৱা

‘চেন্স’ অৰ্থাৎ জ্ঞানৰ পইণ্টচ্‌, বোধশক্তি আৰু ‘ইচেন্স’ অৰ্থাৎ সৰ্ব শক্তি স্বৰূপ স্মৃতি আৰু সমৰ্থ স্বৰূপ। এই দুয়োটাৰ সন্তুলন থাকিলে নিজস্বতা অথবা পুৰণি ভাৱধাৰা স্বাহা হৈ যাব। প্ৰতিটো ছেকেণ্ড, প্ৰতিটো সংকল্প, প্ৰতিটো কথা আৰু প্ৰতিটো কৰ্ম বিশ্ব পৰিৱৰ্তনৰ সেৱাৰ প্ৰতি স্বাহা হ’লে বিশ্ব পৰিৱৰ্তক স্বতঃ হৈ যাবা। যি নিজৰ দেহৰ স্মৃতি সহিত স্বাহা হৈ যায় তেওঁলোকৰ শ্ৰেষ্ঠ প্ৰকম্পনৰ দ্বাৰা বায়ুমণ্ডলৰ পৰিৱৰ্তন সহজে হৈ যায়।

শ্লোগান:

প্ৰাপ্তিসমূহক স্মৃতিলৈ আনা তেতিয়া দুখ আৰু দুশ্চিন্তাৰ কথাবোৰ পাহৰি যাবা।

!! ওঁম্ শান্তি !!

ওঁম্ শান্তি!!