20.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল দেহ সহিত এই দুচকুৰে যি কিছু দেখিবলৈ পোৱা সেয়া পাহৰি একমাত্ৰ পিতাক স্মৰণ কৰা কিয়নো এতিয়া এয়া সকলো নাশ হব

প্ৰশ্ন:
সত্যযুগত ৰাজ্য পদৰ লটাৰি জিকিবলৈ কোনটো পুৰুষাৰ্থ কৰিব লাগে?

উত্তৰ:
সত্যযুগত ৰাজ্য পদ লবলৈ হলে 1) নিজৰ ওপৰত পূৰা নজৰ ৰাখা। ভিতৰত যাতে কোনো ভূত নাথাকে। যদি কোনোবা এটি ভূতো থাকে তেন্তে লক্ষ্মীক বৰণ কৰিব নোৱাৰিবা। ৰজা হবলৈ প্ৰজাও তৈয়াৰ কৰিব লাগিব। 2) ইয়াতেই ক্ৰন্দন মুক্ত হব লাগে। যদি কোনো দেহধাৰীৰ স্মৃতিত বিচলিত হলা আৰু শৰীৰ এৰিলা তেন্তে পদ ভ্ৰষ্ট হৈ যাব সেইবাবে পিতাৰ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে।

গীত:-
আজ নহী তো কল (আজি নহলে কালিলৈ)

ওঁম্শান্তি।
শিৱবাবাই কয় ওঁম্‌ শান্তি আকৌ এওঁৰ আত্মায়ো কব ওঁম্‌ শান্তি। সেইজন হল পৰমাত্মা, এইজন হল প্ৰজাপিতা। এওঁৰ আত্মাই কয় ওঁম্‌ শান্তি। সন্তানসকলেও কয় ওঁম্‌ শান্তি। নিজৰ স্বধৰ্মক জানিব লাগে। মনুষ্যইতো নিজৰ স্বধৰ্মকো নাজানে। ওঁম্‌ শান্তি অৰ্থাৎ মই আত্মা শান্ত স্বৰূপ। আত্মা মন বুদ্ধিৰ সহিত হয়। এয়া পাহৰি মনৰ নাম লৈ লয়। যদি কয় আত্মাই শান্তি কেনেকৈ পাব তেতিয়া কবা, বাঃ! এইটোও প্ৰশ্ন হলনে? আত্মাতো নিজেই শান্ত স্বৰূপ, শান্তিধামত নিবাস কৰোঁতা হয়। শান্তিতো তাত পাবা নহয়। আত্মাই শৰীৰ এৰি গুচি যাব, তেতিয়া শান্তিত থাকিব। এয়াতো গোটেইখন সৃষ্টি, ইয়াত আত্মাসকলে ভূমিকা পালন কৰিব লাগে। শান্ত হৈ কেনেকৈ থাকিব। কাম কৰিব লাগে। মনুষ্যই শান্তিৰ বাবে কিমান হাবাথুৰি খায়। তেওঁলোকে এইটো গম নাপায় যে আমাৰ অৰ্থাৎ আত্মাসকলৰ স্বধৰ্ম হৈছে শান্ত। এতিয়া তোমালোকে আত্মাৰ ধৰ্মৰ বিষয়ে গম পোৱা। আত্মা বিন্দুৰ নিচিনা। পিতাই বুজাইছে - সকলোৱে কয় নিৰাকাৰ পৰমাত্মায়ে নমঃ। পৰমপিতা বুলি তেওঁকেই কোৱা হয়। তেওঁতো হল নিৰাকাৰ। তেওঁক শিৱ পৰমাত্মায়ে নমঃ বুলি কোৱা হয়। এতিয়া তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ সেইফালে আছে। মনুষ্যতো সকলো দেহ-অভিমানী। তেওঁলোকৰ যোগসূত্ৰ পিতাৰ ফালে নাই। তোমালোক সন্তানসকলক সকলো কথা বুজোৱা হয়। গায়নো কৰে ব্ৰহ্মা দেৱতায়ে নমঃ, ব্ৰহ্মাৰ নাম লৈ কেতিয়াও এনেকৈ নকয় ব্ৰহ্মা পৰমাত্মায়ে নমঃ। এজনকেই পৰমাত্মা বুলি কোৱা হয়। তেওঁ হল ৰচয়িতা। তোমালোকে জানা যে আমি শিৱবাবাৰ সন্তান। তেওঁ আমাক ব্ৰহ্মাৰ দ্বাৰা ৰচনা কৰিছে, নিজৰ কৰি লৈছে। ব্ৰহ্মাৰ আত্মাকো নিজৰ কৰি লৈছে, উত্তৰাধিকাৰ দিবৰ কাৰণে। ব্ৰহ্মাৰ আত্মাকো কয় - মোক স্মৰণ কৰা। বি.কে.সকলকো কয় - মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। দেহৰ অভিমান এৰা। এয়া জ্ঞানৰ কথা। 84 জন্ম লৈ লৈ এই শৰীৰ জৰ্জৰিত হৈ গৈছে। বেমাৰী ৰোগী হৈ গৈছে। তোমালোক সন্তানসকল কিমান নিৰোগী আছিলা, সত্যযুগত কোনো ৰোগ নাছিল। সৰ্বদা স্বাস্থ্যৱান আছিলা। কেতিয়াও দেউলীয়া নহৈছিলা। এতিয়াৰ পৰাই নিজৰ উত্তৰাধিকাৰ 21 জন্মৰ কাৰণে লৈ লোৱা, সেইকাৰণে দেউলীয়া হব নোৱাৰা। ইয়াততো দেউলীয়া হৈ গৈয়েই থাকে। সন্তানসকলক বুজালে গায়নো কৰে পৰমপিতা পৰমাত্মা শিৱায়ে নমঃ, ব্ৰহ্মাক পৰমাত্মা বুলি নকয়। তেওঁক প্ৰজাপিতা বুলি কোৱা হয়। দেৱতাসকল সূক্ষ্মবতনত আছে। এইটো কোনেও গম নাপায় যে এই প্ৰজাপিতাই আকৌ গৈ ফৰিস্তা হব লাগে। সূক্ষ্মবতনবাসী হয় অৰ্থাৎ সূক্ষ্ম দেহধাৰী। এতিয়া সন্তানসকলক পিতাই বুজাইছে - মামেকম্‌ স্মৰণ কৰা। তোমালোকো নিৰাকাৰ, ময়ো নিৰাকাৰ। মামেকম্‌ স্মৰণ কৰিব লাগে আৰু যিসকল দেহধাৰী আছে তেওঁলোকৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাব লাগে। দেহ সহিত যিবোৰ দেখিবলৈ পোৱা সকলো এতিয়া নাশ হব। আকৌ তোমালোক শান্তিধাম হৈ সুখধামলৈ যাব লাগে। সেই সুখধাম অথবা কৃষ্ণপুৰীৰেই তোমালোকৰ ইচ্ছা থাকে। গতিকে পিতাই কয় - শান্তিধাম সুখধামক স্মৰণ কৰা। যদিওবা সত্যযুগতো পৱিত্ৰতা সুখ শান্তি থাকে, কিন্তু সেইখনক শান্তিধাম বুলি কোৱা নহব। কৰ্মতো সকলোৱে কৰিব লাগে। ৰাজত্ব কৰিব লাগে। সত্যযুগতো কৰ্ম কৰে কিন্তু সেয়া বিকৰ্ম নহয় কিয়নো তাত মায়াই নাই। এয়াতো সহজে বুজিবলগীয়া কথা। ব্ৰহ্মাৰ দিন, দিনত ঠেকা-খুন্দা নাখায়। ৰাতি আন্ধাৰত ঠেকা-খুন্দা খায়। গতিকে আধাকল্প ভক্তি, ব্ৰহ্মাৰ ৰাত্ৰি। আধাকল্প ব্ৰহ্মাৰ দিন। বাবাই কৈছে এটা স্থানত 6 মাহ দিন, 6 মাহ ৰাতি হয়। কিন্তু সেইটো কথা কোনো শাস্ত্ৰত উল্লেখ কৰা নহয়। এই ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাত্ৰি শাস্ত্ৰবিলাকত উল্লেখ কৰা হৈছে। এতিয়া বিষ্ণুৰ ৰাত্ৰি বুলি কিয় নকয়! তাত তেওঁলোকৰ এই জ্ঞানেই নাথাকে। ব্ৰাহ্মণসকলে গম পায় ব্ৰহ্মা আৰু ব্ৰহ্মাকুমাৰ কুমাৰীসকলৰ কাৰণে এয়া বেহদৰ দিন আৰু ৰাতি। শিৱবাবাৰ দিন আৰু ৰাতি বুলি কোৱা নহয়। সন্তানসকলে জানে আমাৰ আধাকল্প দিন আকৌ আধাকল্প ৰাতি। খেলখনেই এনেকুৱা, প্ৰবৃত্তি মাৰ্গৰসকলৰ বিষয়ে সন্ন্যাসীয়ে নাজানে। তেওঁলোকতো নিবৃত্তি মাৰ্গৰ। তেওঁলোকে স্বৰ্গ আৰু নৰকৰ কথা নাজানে। তেওঁলোকেতো কয় - স্বৰ্গ কৰ পৰা আহিল কিয়নো শাস্ত্ৰবিলাকত সত্যযুগকো নৰক কৰি দিছে। এতিয়া পিতাই বহুত মিঠা মিঠা কথা শুনায়। কয় - সন্তানসকল মই নিৰাকাৰ জ্ঞানৰ সাগৰ হওঁ। মোৰ জ্ঞান দিয়াৰ ভূমিকা এই সময়ত প্ৰকট হয়। পিতাই নিজৰ পৰিচয় দিয়ে। ভক্তি মাৰ্গত মোৰ জ্ঞান প্ৰকট নহয়। সেই সময়ত সকলো ভক্তিমাৰ্গৰ ৰীতি-প্ৰথা চলে। নাটক অনুসৰি যিগৰাকী ভক্তই যিটো ভাৱনাৰে পূজা কৰে তেওঁক সাক্ষাৎকাৰ কৰোৱাৰ বাবে নিমিত্ত হৈ আছোঁ। সেই সময়ত মোৰ জ্ঞানৰ ভূমিকা প্ৰকট নহয়। সেয়া এতিয়া প্ৰকট হৈছে। যেনেকৈ তোমালোকৰ 84 জন্মৰ ৰীল ভৰি আছে। মোৰো যি যি ভূমিকা নাটকত নিৰ্ধাৰিত হৈ আছে, সেয়া সেই সময়ত পালন কৰোঁ। ইয়াত সংশয়ৰ কথা নাই। যদি মোৰ মাজত জ্ঞান প্ৰকট হলহেঁতেন তেন্তে ভক্তি মাৰ্গতো কাৰোবাক শুনালোঁহেঁতেন। লক্ষ্মী-নাৰায়ণৰ তাত এই জ্ঞান নাথাকেই। নাটকত নিৰ্ধাৰিত হৈ থকাই নাই। মনুষ্য মাত্ৰক যদি কোনোবাই কয় যে মোক অমুক গুৰুৱে সৎগতি দিয়ে। কিন্তু গুৰু লোকে সৎগতি কেনেকৈ দিব? তেওঁলোকৰোতো ভূমিকা আছে আৰু কোনোবাই কয় যথাযথ সৃষ্টি পুনৰাবৃত্তি হৈ থাকে। এই চক্ৰ ঘূৰি থাকে। তেওঁলোকে আকৌ যঁতৰ ৰাখি দিছে। সৃষ্টিৰ চক্ৰ হয়। বিস্ময় চোৱা, যঁতৰ ঘূৰালে পেট পূজা হয়। ইয়াত এই সৃষ্টি চক্ৰক জানিলে 21 জন্মৰ কাৰণে তোমালোকে প্ৰালব্ধ পোৱা। বাবাই বহি যথাৰ্থ ৰীতিৰে অৰ্থ শুনায়। বাকী সকলোৱে অযথাৰ্থ কথা শুনায়। তোমালোকৰ বুদ্ধিৰ তলা খুলিছে। উচ্চতকৈও উচ্চ ভগৱান তাৰপাছত ব্ৰহ্মা, বিষ্ণু, শঙ্কৰ হল সূক্ষ্মবতনবাসী। আকৌ স্থূলবতনত প্ৰথমে লক্ষ্মী-নাৰায়ণ তাৰপাছত জগত অম্বা, জগত পিতা। তেওঁলোক সংগমৰ। হয়তো মনুষ্যই। অতিৰিক্ত হাত আদি একো নাই। ব্ৰহ্মাৰো দুখনেই হাত। ভক্তি মাৰ্গৰ চিত্ৰবোৰত কিমান হাত দেখুৱায়। যদি কাৰোবাৰ আঠখন হাত থাকে তেন্তে আঠখন ভৰিও থকা উচিত। এনেকুৱাতো নহয়। ৰাৱণৰ দহটা মূৰ দেখুৱায় তেন্তে ভৰিও 20 খন দিব লাগে। এয়া সকলো হৈছে পুতলাৰ খেল। একোৱে বুজি নাপায়। ৰামায়ণ যেতিয়া শুনায় তেতিয়া বহুত কান্দে। পিতাই বুজায় এয়া সকলো হৈছে ভক্তিমাৰ্গ, যেতিয়াৰ পৰা তোমালোক বাম (বিকাৰী) মাৰ্গত গলা তেতিয়াৰ পৰা কাম চিতাত বহি তোমালোক কলা হৈ গৈছা। এতিয়া এটা জন্মত জ্ঞান চিতাৰ বন্ধনত বান্ধ খালে 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পোৱা যায়। তাত আত্মা-অভিমানী হৈ থাকে। এটা পুৰণা শৰীৰ এৰি আন এটা নতুন লৈ লয়। কন্দা আদিৰ কথা নাথাকে। ইয়াত সন্তান জন্ম হলে অভিনন্দন জনাব। ধুমধামেৰে পালন কৰিব। কালিলৈ সন্তান মৰি গলে তেতিয়া ৰাউচি জুৰিব। দুখধাম নহয় জানো। জানা ভাৰতক লৈয়ে গোটেই খেলখন। ভাৰত অবিনাশী খণ্ড। তাতেই সুখ-দুখ, নৰক-স্বৰ্গৰ উত্তৰাধিকাৰ থাকে। স্বৰ্গীয় ঈশ্বৰ পিতাইহে নিশ্চয় স্বৰ্গ স্থাপন কৰিছিল চাগৈ। লাখ লাখ বছৰৰ কথা হলে তেতিয়া কাৰোবাৰ স্মৃতিওনো কেনেকৈ আহিব। কোনেও গম নাপায় স্বৰ্গ আকৌ কেতিয়া হব! কৈ দিয়ে কলিযুগৰ আয়ুস এতিয়া চল্লিছ হাজাৰ বছৰ বাকী আছে। যিস্থলত পাঁচ হাজাৰ বছৰত 84 জন্ম হয় এতিয়া চল্লিছ হাজাৰ বছৰত কিমান জন্ম লবলগীয়া হব! এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা। তোমালোক আলোকত আছা। বাকী যাৰ জ্ঞান নাই, তেওঁলোক অজ্ঞান নিদ্ৰাত শুই আছে। অজ্ঞানতাৰ অন্ধকাৰৰ ৰাতি অৰ্থাৎ সৃষ্টি চক্ৰৰ জ্ঞান নাই। আমি ভাৱৰীয়া, এই সৃষ্টি চক্ৰৰ চাৰিটা ভাগ আছে। এই কথাবোৰ মনুষ্যইহে জানিব। এতিয়া তোমালোক সন্তানসকলে জানা, পিতা জ্ঞানপূৰ্ণ হয়। তেওঁৰ যিবোৰ বিশেষত্ব আছে, সেয়া তোমালোকক দান দিয়ে। জ্ঞানৰ সাগৰৰ পৰা তোমালোকে উত্তৰাধিকাৰ লোৱা। বাবাই সদায় কয় - দেহধাৰীক স্মৰণ নকৰিবা। যদিও ময়ো দেহৰ দ্বাৰা শুনাওঁ, কিন্তু স্মৰণ তোমালোকে মোক নিৰাকাৰকহে কৰিবা। স্মৰণ কৰি থাকিলে তেতিয়া ধাৰণাও হব, বুদ্ধিৰ তলাও খুলিব। 15 মিনিট বা আধাঘণ্টাৰ পৰা আৰম্ভ কৰা পাছত বঢ়াই গৈ থাকা। অন্তিম সময়ত একমাত্ৰ পিতাৰ বাহিৰে অন্য কাৰো স্মৃতি যাতে নাথাকে সেইকাৰণে সন্ন্যাসীসকলে সকলোবোৰ ত্যাগ কৰে। তপস্যাত বহি যায়, যেতিয়া শৰীৰ এৰে সেই সময়ত চৌপাশৰ বায়ুমণ্ডলো শান্ত হৈ যায়। যেন কোনোবা চহৰত কোনো মহাপুৰুষে শৰীৰ এৰিলে। তোমালোকৰতো এতিয়া জ্ঞান আছে। আত্মা অবিনাশী, আত্মা লীন হব নোৱাৰে। তেওঁলোকৰতো এই জ্ঞান নাই।

বাবাই বুজায় - আত্মা কেতিয়াও বিনাশ নহয়। তাত যি জ্ঞান আছে সেয়াও কেতিয়াও বিনাশ নহয়। অবিনাশী নাটক। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ এই চক্ৰ ঘূৰি থাকে। তোমালোক আকৌ লক্ষ্মী-নাৰায়ণ হোৱা তাৰপাছত ক্ৰমানুসৰি অন্য ধৰ্মাৱলম্বীও আহে। ঈশ্বৰ পিতা এজন। সত্যযুগৰ পৰা আৰম্ভ কৰি কলিযুগলৈকে বৃদ্ধি হৈ গৈ থাকে, অন্য বৃক্ষ হব নোৱাৰে। চক্ৰও এটাই। স্মৰণো এজনকেই কৰে। গুৰুনানকক স্মৰণ কৰে কিন্তু তেওঁ আকৌ নিজৰ সময়ত আহিবলগীয়া হয়। জন্ম-মৃত্যুততো সকলো আহিব লাগে। মনুষ্যই ভাবে কৃষ্ণ বিৰাজমান হৈ আছে। কোনোবাই কাৰোবাক মানে, কোনোবাই আন কাৰোবাক। বাবাই বুজায় সন্তানসকল যুক্তিৰে বুজোৱা ঈশ্বৰ সকলোৰে এজন নিৰাকাৰ। গীতাত আছে ভগৱানুবাচ। গতিকে গীতা হল সকলোৰে মাতা-পিতা কিয়নো গীতাৰেই সকলোৱে সৎগতি পায়। পিতা সকলোৰে দুখ হৰ্তা, সুখ কৰ্তা হয়। ভাৰত সকলোৰে তীৰ্থস্থান। সৎগতি পিতাৰ দ্বাৰাহে পোৱা যায়। এয়া তেওঁৰ জন্মভূমি, সকলোৱে তেওঁক স্মৰণ কৰে। পিতাহে আহি সকলোকে ৰাৱণৰ ৰাজ্যৰ পৰা মুক্ত কৰে। এতিয়া এইখন ৰৌৰৱ নৰক।

এতিয়া পিতাই কয় - হে দেহধাৰী আত্মাসকল, এতিয়া উভতি যাব লাগে, কেৱল মোক স্মৰণ কৰা। কেতিয়াবা যদি দেহধাৰীত ওলোমা (দেহধাৰীৰ প্ৰতি আসক্ত হোৱা) তেন্তে কান্দিব লাগিব। এজনক স্মৰণ কৰিব লাগে, তালৈ যাব লাগে। তোমালোকৰ ক্ৰন্দন 21 জন্মৰ কাৰণে বন্ধ হৈ যায়। কোনোবা যদি মৰে আৰু তোমালোকে কান্দিবলৈ ধৰা তেনেহলে ক্ৰন্দন মুক্ততো নহলা। কাৰোবাৰ স্মৃতিত বিচলিত হৈ গলা আৰু মৰি গলা তেতিয়া দুৰ্গতি হৈ যাব। তোমালোকে স্মৰণতো শিৱবাবাক কৰিব লাগে নহয় জানো। হাৰ্টফেইলো হৈ যায়। তোমালোকেতো উঠোঁতে-বহোঁতে একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে। এইটোও বুদ্ধিত ধাৰণ কৰোৱা হয় কিয়নো গোটেই দিনটো স্মৰণ নকৰে সেইবাবে সংগঠনত বহুওৱা হয়। সকলো একত্ৰিত হৈ বহিলে বল পোৱা যায়। যদি অন্য কাৰোবাৰ স্মৃতি বুদ্ধিত থাকে তেন্তে আকৌ জন্ম লবলগীয়া হব। যিয়েই নহওক স্থিৰ হৈ থাকিব লাগে। দেহৰ বোধ যাতে নাথাকে। যিমান পিতাক স্মৰণ কৰা, সেই স্মৃতি ৰেকৰ্ডত সন্নিৱিষ্ট হৈ যায়। তোমালোক বহুত আনন্দিতও হৈ থাকিবা। আমি সোনাকালে গুচি যাম। গৈ সিংহাসনত বহিম, পিতাই সদায় কয় সন্তানসকল, তোমালোকে কেতিয়াও কান্দিব নালাগে, যদি কান্দা তেন্তে বিধৱা। তোমালোক সৰ্বগুণ সম্পন্ন ইয়াতেই হব লাগে, যি আকৌ অবিনাশী হৈ যায়। পৰিশ্ৰম কৰিব লাগে। নিজৰ ওপৰত নজৰ ৰাখিব লাগে, কোনোবা এটি ভূতো যদি থাকে তেন্তে উচ্চ পদ পাব নোৱাৰিবা। নাৰদ ভক্ত আছিল লক্ষ্মীক বৰণ কৰিব বিচাৰিছিল, কিন্তু আইনাত যেতিয়া মুখ চালে তেতিয়া দেখিলে বান্দৰৰ নিচিনা। তোমালোকে পুৰুষাৰ্থ কৰি আছা লক্ষ্মীক বৰণ কৰিবলৈ, যাৰ 5 ভূত থাকিব তেওঁ কেনেকৈ বৰণ কৰিব পাৰিব। বহুত পৰিশ্ৰম কৰিব লাগে। বহুত উচ্চ লটাৰি জিকা। মই ৰজা নিশ্চয় হম গতিকে প্ৰজাও হব। হাজাৰ হাজাৰ লাখ লাখ বৃদ্ধি হৈ থাকিব। পোন প্ৰথমে কোনোবা আহিলে তেতিয়া তেওঁক পিতাৰ পৰিচয় দিয়া। পতিত-পাৱন পৰমপিতা পৰমাত্মাৰ সৈতে আপোনাৰ কি সম্বন্ধ! নিশ্চয় কবলগীয়া হব যে তেওঁ পিতা হয়। ঠিক আছে লিখক। এজনেই পতিত-পাৱন, সকলোকে পাৱন কৰি তোলোঁতা। লিখোৱাই ললে তেতিয়া কোনেও তৰ্ক নকৰিব। কোৱা, আপুনি ইয়াত শুনিবলৈ আহিছা নে শুনাবলৈ? সকলোৰে সৎগতি দাতাতো এজন নিৰাকাৰ হয় নহয় জানো। তেওঁ কেতিয়াও আকাৰ সাকাৰত নাহে। বাৰু আকৌ প্ৰজাপিতাৰ সৈতে কি সম্বন্ধ? তেওঁ হল সাকাৰী, তেওঁ হল নিৰাকাৰী বাবা। আমি এজন পিতাক স্মৰণ কৰোঁ আমাৰ লক্ষ্য-উদ্দেশ্য এয়া। এওঁৰ দ্বাৰা আমি বাদশ্বাহী পাম। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো দেহধাৰীত নিজৰ বুদ্ধি ওলোমাই ৰাখিব (দেহধাৰীৰ প্ৰতি আসক্ত হব) নালাগে। স্মৃতিৰ খতিয়ান (ৰেকৰ্ড) ঠিকে ৰাখিব লাগে। কেতিয়াও কান্দিব নালাগে।

(2) নিজৰ শান্তি স্বধৰ্মত স্থিত হৈ থাকিব লাগে। শান্তিৰ বাবে হাবাথুৰি খাব নালাগে। সকলোকে এই হাবাথুৰি খোৱাৰ পৰা মুক্ত কৰিব লাগে। শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে।

বৰদান:
নম্ৰতাৰ দ্বাৰা নৱ-নিৰ্মাণ কৰোঁতা নিৰাশা আৰু অভিমানৰ পৰা মুক্ত হোৱা

কেতিয়াও পুৰুষাৰ্থত নিৰাশ নহবা। কৰিবই লাগিব, হবই লাগিব, বিজয় মালা মোৰেই স্মাৰক, এইটো স্মৃতিৰে বিজয়ী হোৱা। এক চেকেণ্ড বা মিনিটৰ বাবেও নিৰাশাক নিজৰ ভিতৰত স্থান নিদিবা। অভিমান আৰু নিৰাশা এই দুয়োটাই মহাবলৱান হবলৈ নিদিয়ে। অভিমানীসকলৰ অপমানৰ অনুভূতি বহুত হয়, সেইকাৰণে এই দুটা কথাৰ পৰা মুক্ত হৈ নম্ৰ হোৱা তেতিয়া নৱ-নিৰ্মাণৰ কাৰ্য হৈ থাকিব।

স্লোগান:
বিশ্ব সেৱাৰ আসনাধিকাৰী হোৱা তেতিয়া ৰাজ্য সিংহাসনৰ অধিকাৰী হৈ যাবা।