20-07-2020 প্ৰাতঃমুৰলী ওঁম্ শান্তি! "বাপদাদা" মধুবন।


"মৰমৰ সন্তানসকল – বন্ধনমুক্ত হৈ সেৱাত তৎপৰ (ব্যস্ত) হৈ থাকা, কিয়নো এই সেৱাত বহুত উচ্চ উপাৰ্জন আছে, 21 জন্মৰ কাৰণে তোমালোক বৈকুণ্ঠৰ মালিক হৈ যোৱা”

প্ৰশ্ন:

প্ৰতিজন সন্তানে কি অভ্যাস কৰিব লাগে?

উত্তৰ:

মুৰুলীৰ যুক্তিৰ ওপৰত বুজোৱাৰ। ব্ৰাহ্মণী (শিক্ষক) যদি ক’ৰবাত গুচি যায় তেন্তে পৰস্পৰ লগ হৈ ক্লাছ আগবঢ়াই নিব লাগে। যদি মুৰুলীৰ সতে আগনাবাঢ়া তেন্তে (আনক) নিজৰ সমানকৈ কেনেকৈ গঢ়ি কৰি তুলিবা। ব্ৰাহ্মণীৰ অবিহনে নিস্তেজ (উৎসাহহীন) হ’ব নালাগে। পাঠ সৰল হয়। ক্লাছ আগবঢ়াই লৈ গৈ থাকিবা, এয়াও অভ্যাস কৰিব লাগে।

গীত:

মুখৰা দেখ লে প্ৰাণী জৰা দৰ্পন মে....... (দৰ্পনত নিজৰ মুখ চাই লোৱা প্ৰাণী.......)

ওঁম্‌ শান্তি। সন্তানসকলে যেতিয়া শুনা তেতিয়া নিজকে আত্মা নিশ্চয় কৰি বহা আৰু এইটো নিশ্চয় কৰা যে পিতা পৰমাত্মাই আমাক শুনাই আছে। এই নিৰ্দেশনা অথবা মত এজন পিতাইহে দিয়ে। তাকেই শ্ৰীমত বুলি কোৱা হয়। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ। তেওঁ হৈছে বেহদৰ পিতা, যাক উচ্চতকৈ উচ্চ ভগৱান বুলি কোৱা হয়। বহুত মনুষ্য আছে যিয়ে সেই প্ৰেমেৰে পৰামাত্মাক পিতা বুলি জ্ঞানো নকৰে। যদিও শিৱৰ ভক্তি কৰে, বহুত স্নেহেৰে স্মৰণ কৰে কিন্তু মনুষ্যই কৈ দিছে যে সকলোতে পৰমাত্মা আছে, গতিকে সেই প্ৰেম কাৰ প্ৰতি ৰাখিব সেইকাৰণে পিতাৰ প্ৰতি বিপৰীত বুদ্ধিৰ হৈ গৈছে। ভক্তিত যেতিয়া কিবা দুখ বা ৰোগ আদি হয় তেতিয়া প্ৰীতি দেখুৱায়। কয় - ভগৱান ৰক্ষা কৰা। সন্তানসকলে জানে যে গীতা হৈছে শ্ৰীমত ভগৱানৰ মুখেৰে গায়ন কৰা। আৰু অন্য কোনো এনেকুৱা শাস্ত্ৰ নাই য’ত ভগৱানে ৰাজযোগ শিকায় বা শ্ৰীমত দিয়ে। এখনেই ভাৰতৰ গীতা, যাৰ প্ৰভাৱো বহুত। এখন গীতাহে ভগৱানে গায়ন কৰিছে, ভগৱান বুলি ক’লে এজন নিৰাকাৰৰ ফালেহে দৃষ্টি যায়। আঙুলিৰ দ্বাৰা ওপৰলৈ ইংগিত কৰিব। কৃষ্ণৰ কাৰণে এনেকৈ কেতিয়াও কোৱা নহ’ব কিয়নো তেওঁতো দেহধাৰী হয় নহয় জানো। তোমালোকে এতিয়া তেওঁৰ লগত সম্বন্ধৰ কথা জানিছা সেইকাৰণে কোৱা হয় পিতাক স্মৰণ কৰা, তেওঁৰ লগত স্নেহ (প্ৰীতি) ৰাখা। আত্মাই নিজৰ পিতাক স্মৰণ কৰে। এতিয়া সেই ভগৱানে সন্তানসকলক পঢ়াই আছে। গতিকে সেই নিচা বহুত বাঢ়ি থাকিব লাগে। আৰু নিচাও স্থায়ী হ’ব লাগে। এনেকৈ নহয় ব্ৰাহ্মণী সন্মুখত থাকিলে তেতিয়া নিচা থাকিব, ব্ৰাহ্মণী নাথাকিলে নিচা উৰি যাব (নোহোৱা হ’ব)। বচ, ব্ৰাহ্মণী নহ’লে আমি ক্লাছ আগবঢ়াই নিব নোৱাৰো। কোনোবা কোনোবা চেন্টাৰৰ (সেৱাকেন্দ্ৰৰ) কাৰণে বাবাই বুজায় – কোনোবাতো চেন্টাৰৰ পৰা 5-6 মাহৰ বাবেও ব্ৰাহ্মণী ওলায় যায় তেতিয়া পৰস্পৰে চেণ্টাৰৰ তত্তাৱধান লয় কিয়নো পঢ়াতো (পাঠতো) সৰল হয়। কোনোবাতো ব্ৰাহ্মণীৰ অবিহনে অন্ধ লেঙুৰা হৈ যায়। ব্ৰাহ্মণী ওলায় গ’ল তেতিয়া চেণ্টাৰলৈ অহা এৰি দিব। হেৰ’, বহুত বহি আছা, পাঠদান আগবঢ়াই নিব নোৱাৰা নেকি। গুৰু বাহিৰলৈ গুচি গ’লে শিষ্যই পাচলৈ সম্ভালে (তত্তাৱধান লয়) নহয় জানো। সন্তানসকলে সেৱা কৰিব লাগে। শিক্ষাৰ্থী সকলৰ ভিতৰত ক্ৰম অনুসৰি থাকেই। বাপদাদাই জানে প্ৰথম শ্ৰেণীৰসকলক ক’লৈ পঠিয়াব লাগে। সন্তানসকলে ইমান বছৰে শিকি আছে, কিবাতো ধাৰণা হ’ব যে পৰস্পৰ ল’গ হৈ চেন্টাৰৰ তত্তাৱধান ল’ব। মুৰুলীতো পোৱাই যায়। পইণ্টচৰ আধাৰতে বুজোৱা হয়। শুনাৰ অভ্যাস হৈ গ’ল পুনৰ শুনোৱাৰ অভ্যাস নহয়। স্মৃতিত থাকিলেতো ধাৰণাও হ’ব। চেণ্টাৰত এনে কোনো থাকিব লাগে যিয়ে ক’ব, বাৰু - ব্ৰাহ্মণী ক’ৰবালৈ গৈছে, মই সেৱা কেন্দ্ৰৰ সম্ভাল কৰিম (তত্তাৱধান ল’ম)। বাবাই ব্ৰাহ্মণীক ক’ৰবালৈ ভাল সেৱাকেন্দ্ৰত পঠিয়াইছে সেৱাৰ কাৰণে। ব্ৰাহ্মণী নাথাকিলে মূৰ্ছিত (উৎসাহহীন) হোৱা উচিত নহয়। ব্ৰাহ্মণীৰ দৰে নহ’লে অন্যক নিজৰ সমানকৈ কেনেকৈ গঢ়ি তুলিবা, প্ৰজা কেনেকৈ তৈয়াৰ কৰিবা। মুৰলীতো সকলোৱে পায়। সন্তানসকল আনন্দিত হ’ব লাগে আমি গাদীত বহি বুজাওঁ। অভ্যাস কৰিলে সেৱাৰ যোগ্য হ’ব পৰা যায়। বাবাই সোধে - সেৱা কৰিব পৰা হৈছানে? তেতিয়া কোনোৱে ওলাই নাহে। সেৱাৰ কাৰণে ছুটী লৈ ল’ব লাগে। য’ৰ পৰাই সেৱাৰ কাৰণে নিমন্ত্ৰণ আহে তালৈ ছুটী লৈ গুচি যাব লাগে। যিসকল বন্ধনমুক্ত সন্তান আছে তেওঁলোকে এনেকুৱা সেৱা কৰিব পাৰে। সেই চৰকাৰখনতকৈতো এইখন চৰকাৰৰ উপাৰ্জন বহুত উচ্চ। ভগৱানে পঢ়ায়, যাৰ দ্বাৰা তোমালোক 21 জন্মৰ কাৰণে বৈকুণ্ঠৰ মালিক হৈ পৰা। কিমান শ্ৰেষ্ঠ আমদানী (উপাৰ্জন), সেই উপাৰ্জনৰ পৰা কি পাবা? অলপ সময়ৰ বাবে সুখ। ইয়াততো বিশ্বৰ মালিক হৈ পৰা। যাৰ দৃঢ় নিশ্চয় আছে তেওঁলোকেতো ক’ব আমি এই সেৱাত লাগি যাওঁ। কিন্তু সম্পুৰ্ণ নিচা থাকিব লাগিব। চাব লাগে যে আমি কাক বুজাব পাৰো! বহুত সহজ হয়। কলিযুগৰ অন্তত ইমান কোটি মানুহ, সত্যযুগত নিশ্চয় কম হ’ব। তাৰ (সত্যযুগৰ) স্থাপনাৰ কাৰণে নিশ্চয় পিতা সংগমতেই আহিব। পুৰণি সৃষ্টিৰ বিনাশ হ’ব। মহাভাৰত যুদ্ধও প্ৰখ্যাত। এই যুদ্ধ তেতিয়াহে হয় যেতিয়া ভগৱান আহি সত্যযুগৰ কাৰণে ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি তোলে। কৰ্মাতীত অৱস্থাক প্ৰাপ্ত কৰায়। তেওঁ কয় – দেহ সহিত দেহৰ সকলো সম্বন্ধ এৰি মামেকম্ (মনেৰে কেৱল মোক) স্মৰণ কৰিলে পাপ খণ্ডন হৈ গৈ থাকিব। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰা - এইয়াই পৰিশ্ৰম। যোগৰ অৰ্থ এজনো মনুষ্যই নাজানে।

পিতাই বুজায় ভক্তি মাৰ্গৰো ড্ৰামাত নিৰ্ধাৰিত আছে। ভক্তি মাৰ্গ চলিত হ’বই। খেলখন ৰচনা কৰি থোৱা আছে - জ্ঞান, ভক্তি, বৈৰাগ্য। বৈৰাগ্যও দুই প্ৰকাৰৰ হয়। এক হদৰ বৈৰাগ্য, অন্যটি হৈছে এই বেহদৰ বৈৰাগ্য। এতিয়া তোমালোক সন্তানসকলে গোটেই পুৰণি সৃষ্টিখনক পাহৰি যাবৰ বাবে পুৰুষাৰ্থ কৰা কিয়নো তোমালোকে জানা যে আমি এতিয়া শিৱালয়, পবিত্ৰ সৃষ্টিলৈ গৈ আছোঁ। তোমালোক সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী ভাই ভনী হোৱা। বিকাৰী দৃষ্টি পৰিব নোৱাৰে। আজিকালিটো সকলোৰে দৃষ্টি কু-দৃষ্টি হৈ গ'ল। তমোপ্ৰধান হ'ল নহয় জানো। ইয়াৰ নামেই হৈছে নৰক কিন্তু নিজকে জানো নৰকবাসী বুলি বুজে। স্বয়ংৰ (নিজৰ) পৰিচয় নাই সেয়েহে কৈ দিয়ে স্বৰ্গ-নৰক ইয়াতেই আছে। যাৰ মনত যি আহে সেয়াই কৈ দিয়ে। ইয়াততো কোনো স্বৰ্গ নাই। স্বৰ্গততো ৰাজধানী আছিল। ধাৰ্মিক, পবিত্ৰ (ৰাইটিয়স) আছিল। কিমান শক্তি আছিল। এতিয়া পুনৰ তোমালোকে পুৰুষাৰ্থ কৰি আছা। বিশ্বৰ মালিক হৈ যাবা। ইয়ালৈ তোমালোক আহাই বিশ্বৰ মালিক হ’বলৈ। হেভেনলী গড ফাদাৰ (স্বৰ্গীয় ঈশ্বৰ পিতা) যাক শিৱ পৰমাত্মা বুলি কোৱা হয়, তেওঁ তোমালোকক পঢ়ায়। সন্তানসকলৰ কিমান নিচা থকা উচিত। একেবাৰে সহজ জ্ঞান হয়। তোমালোক সন্তানসকলৰ মাজত যিবোৰ পুৰণি অভ্যাস আছে সেইবোৰ ত্যাগ কৰি দিব লাগে। ঈৰ্ষাৰ অভ্যাসেও বহুত লোকচান কৰি দিয়ে। তোমালোকৰ সকলো নিৰ্ভৰ কৰে মুৰুলীৰ ওপৰত, তোমালোকে যাকে হ'লেও মুৰুলীৰ দ্বাৰা বুজাব পাৰা। কিন্তু অন্তৰত ঈৰ্ষা থাকে - এওঁ জানো কোনো ব্ৰাহ্মণী হয়, এওঁ কি জানে। বচ, অন্য দিনা নাহেই। এনেকুৱা পুৰণি অভ্যাসবোৰ আছেই, যাৰ কাৰণে অহিত সেৱাও হয়। জ্ঞানতো একেবাৰে সহজ। কুমাৰীসকলৰতো কোনো ধান্দা আদিও নাই। তেওঁলোকক সোধা হয় সেই পঢ়া ভাল নে এই পঢ়া ভাল? তেতিয়া কয় এইয়া বহুত ভাল। বাবা - এতিয়া আমি সেই পঢ়া নপঢ়োঁ। মন নালাগে (মনপুত নহয়)। লৌকিক পিতাৰ জ্ঞান নাথাকিলেতো মাৰ খাব। আকৌ কোনো কোনো কন্যা (কুমাৰী) দুৰ্বলো হয়। বুজাব লাগে নহয় যে এই পঢ়াৰ দ্বাৰা মই মহাৰাণী হ’মগৈ। সেই পঢ়াৰ দ্বাৰা কি পা-পইচাৰ চাকৰি কৰিম। এই পঢ়ায়তো ভৱিষ্যত 21 জন্মৰ কাৰণে স্বৰ্গৰ মালিক কৰি তোলে। প্ৰজাও স্বৰ্গবাসীতো হ’ব নহয় জানো। এতিয়া সকলো হৈছে নৰকবাসী।

এতিয়া পিতাই কয় - তোমালোক সৰ্বগুণ সম্পন্ন আছিলা। এতিয়া তোমালোকেই কিমান তমোপ্ৰধান হৈ পৰিছা। চিৰি তললৈ (অৱনতি হৈ) নামি আহিছা। ভাৰত যাক সোণৰ চৰাই বুলি কোৱা হৈছিল, এতিয়াতো পাথৰৰো বুলি নকয়। ভাৰত 100 শতাংশ চালভেণ্ট (চহকী) আছিল। এতিয়া 100 শতাংশ ইনচালভেণ্ট (দৰিদ্ৰ) হৈ পৰিল। তোমালোকে জানা যে আমি বিশ্বৰ মালিক পাৰসনাথ আছিলো। পুনৰ 84 জন্ম লৈ লৈ এতিয়া পাথৰনাথ হৈ পৰিলোঁ। হওঁতেতো মনুষ্যই হয় কিন্তু পাৰসনাথ আৰু পাথৰনাথ বুলি কোৱা হয়। গীতো শুনিলা - নিজৰ অন্তৰখনক চোৱা আমি ক’লৈকে যোগ্য হৈছো। নাৰদৰ উদাহৰণ আছে নহয় জানো। দিনে-প্ৰতিদিনে তললৈ নামি আহে (অৱনমিত হয়)। তললৈ নামি নামি একেবাৰে দলনিত ডিঙিলৈকে ফঁচি যায়। এতিয়া তোমালোক ব্ৰাহ্মণসকলে সকলোৰে টিকনিত ধৰি দলনিৰ পৰা বাহিৰলৈ উলিয়াই আনা। অন্য কোনো ঠাইয়েই নাই ধৰিবলৈ। সেয়েহে টিকটিত ধৰিবলৈ সহজ হয়। দলনিৰ পৰা বাহিৰ কৰিবলৈ টিকনিত ধৰিবলগীয়া হয়। দলনিত এনেকৈ ফঁচি আছে যে কথায় নুসুধিবা। ভক্তিৰ ৰাজ্য নহয় জানো। এতিয়া তোমালোকে কোৱা যে বাবা - আমি কল্পৰ আগতেও আপোনাৰ ওচৰলৈ আহিছিলো – ৰাজ্য-ভাগ্য ল’বলৈ। লক্ষ্মী- নাৰায়ণৰ মন্দিৰ যদিও নিৰ্মাণ কৰি থাকে কিন্তু তেওঁলোকে এইটো নাজানে যে এওঁলোক (লক্ষ্মী-নাৰায়ণ) বিশ্বৰ মালিক কেনেকৈ হ’ল। এতিয়া তোমালোক কিমান বিচাৰ-বুদ্ধি সম্পন্ন হৈছা। তোমালোকে জানা যে এওঁলোকে (লক্ষ্মী-নাৰায়ণে) ৰাজ্য-ভাগ্য কেনেকৈ প্ৰাপ্ত কৰিলে। পুনৰ 84 জন্ম কেনেকৈ ল’লে। বিৰলাই (চহকী ব্যক্তি গৰাকীয়ে) কিমান মন্দিৰ নিৰ্মাণ কৰে। যেনেদৰে পুতলা সাজে। সেইয়া হৈছে সৰু সৰু পুতলা এইয়া আকৌ বৃহৎ পুতলা নিৰ্মাণ কৰে। চিত্ৰ অংকন কৰি পূজা কৰে। তেওঁলোকৰ (দেৱী-দেৱতাৰ) বৃত্তিক (ধৰ্মক) নাজানিলেতো সেয়া পুতলাৰ পূজা হৈ গ’ল নহয় জানো। এতিয়া তোমালোকে জানা পিতাই আমাক কিমান চহকী কৰি তুলিছিল, এতিয়া কিমান দৰিদ্ৰ হৈ গ’ল। যিসকল পূজ্য আছিল, সেইসকল এতিয়া পূজাৰী হৈ গ’ল। ভক্তসকলে ভগৱানৰ কাৰণে কৈ দিয়ে - তেওঁৱেই পূজ্য তেওঁৱেই পূজাৰী। আপুনিয়েই সুখ দিয়ে, আপুনিয়েই দুখ দিয়ে। সকলোবোৰ আপুনিয়েই কৰি থাকে। বচ, ইয়াতেই মগ্ন হৈ যায়, কয় - আত্মা নিৰ্লেপ, যিহকে পোৱা খোৱা-বোৱা আনন্দ কৰা, শৰীৰৰ ওপৰত লেপ (বিকাৰৰ চামনি) পৰে, সেইয়া গংগাত স্নান কৰিলেই শুদ্ধ হৈ (আতঁৰি) যাব। যি বিচৰা তাকে খোৱা (উপভোগ কৰা)। কি কি ফেশ্বন। বচ, যিয়ে যি ৰীতি-নীতি অভ্যাস কৰিলে সেইয়াই প্ৰচলিত হৈ যায়। এতিয়া পিতাই বুজায় - বিষয় সাগৰৰ পৰা ওলাই শিৱালয়লৈ ব’লা। সত্যযুগক ক্ষীৰসাগৰ বুলি কোৱা হয়। এইখন হৈছে বিষয় সাগৰ। তোমালোকে জানা যে আমি 84 জন্ম লৈ পতিত হৈ পৰিলোঁ, সেইবাবেহে পতিত-পাৱন পিতাক আহ্বান কৰা। চিত্ৰৰ ওপৰত বুজালে তেতিয়া মনুষ্যই সহজে বুজি পায়। চিৰিৰ চিত্ৰত সম্পূৰ্ণভাৱে 84 জন্মৰ কাহিনী আছে। ইমান সহজ কথাও কাৰোবাক বুজাব নোৱাৰিলে তেতিয়া বাবাই বুজিব যে পূৰাকৈ নপঢ়ে। উন্নতি নকৰে।

তোমালোক ব্ৰাহ্মণসকলৰ কৰ্তব্য হৈছে - ভোমোৰাৰ দৰে পোক-পতংগক ভূ ভূ কৰি (আনক নিজৰ প্ৰতি আকৰ্ষিত কৰি) নিজৰ সমান কৰি গঢ়ি তোলা। আৰু তোমালোকৰ পুৰুষাৰ্থ হ’ল - সাপৰ দৰে পুৰণি ছাল (মোট) এৰি নতুন লোৱাৰ। তোমালোকে জানা যে এয়া পুৰণি পচি যোৱা শৰীৰ হয়, ইয়াক এৰিব লাগিব। এই সৃষ্টিও পুৰণি। শৰীৰো পুৰণি। এয়া এৰি এতিয়া নতুন সৃষ্টিলৈ যাব লাগিব। তোমালোকৰ এই পঢ়া হৈছেই নতুন সৃষ্টি স্বৰ্গৰ কাৰণে। এই পুৰণি সৃষ্টিৰ বিনাশ হ’ব। সাগৰৰ এটা ঢৌতে সকলো তচনচ হৈ যাব। বিনাশতো হ’বই নহয় জানো। প্ৰাকৃতিক দুৰ্যোগৰ পৰা কোনেও ৰক্ষা পাব নোৱাৰে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) মনৰ ভিতৰত যি ঈৰ্ষা আদিৰ পুৰণি অভ্যাস আছে, সেইবোৰ এৰি পৰস্পৰ অতি স্নেহেৰে একগোট হৈ থাকিব লাগে। ঈৰ্ষাৰ বাবে পঢ়া এৰিব নালাগে।

(2) এই পুৰণি পচা শৰীৰৰ বোধ এৰি দিব লাগে। ভোমোৰাৰ দৰে জ্ঞানৰ ভোঁ-ভোঁ কৰি কীটবোৰক নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। এইটো আত্মিক ব্যৱসায়ত লাগি যাব লাগে।

বৰদান:

অলমাইটি (সৰ্বশক্তিমান) সত্বাৰ আধাৰত আত্মাক মালামাল কৰি তোলোঁতা পুণ্য আত্মা হোৱা

যিদৰে দান পুণ্যৰ সত্বা থকা সকামী ৰজাসকলৰ তেওঁলোকৰ ৰাজত্বত সম্পূৰ্ণ ক্ষমতা আছিল, যি ক্ষমতাৰ আধাৰত যাকেই যি বিচাৰে কৰি দিব পাৰে, তেনেদৰে তোমালোক মহাদানী পুণ্য আত্মাসকলৰ পিতাৰ পৰা পোনপটীয়াকৈ প্ৰকৃতিজিৎ, মায়াজিতৰ বিশেষ সত্তা প্রাপ্ত হৈছে। তোমালোকে নিজৰ শুদ্ধ সংকল্পৰ আধাৰেৰে যিকোনো আত্মাকেই পিতাৰ সৈতে সম্বন্ধ স্থাপন কৰোৱাই মালামাল কৰি তুলিব পাৰা। মাত্ৰ এই সত্বাক যথাৰ্থ ৰীতিৰে প্ৰয়োগ কৰা।

শ্লোগান:

যেতিয়া তোমালোকে সম্পূৰ্ণতাৰ আনন্দোৎসৱ পালন কৰিবা তেতিয়া সময়, প্ৰকৃতি আৰু মায়াই বিদায় ল’ব।

!! ওঁম্ শান্তি !!