20.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল যদি শিৱবাবাৰ প্ৰতি সন্মান আছে তেন্তে তেওঁৰ শ্ৰীমতত চলি থাকা, শ্ৰীমতত চলা মানে পিতাক সন্মান কৰা

প্ৰশ্ন:
সন্তানসকল পিতাতকৈও ডাঙৰ যাদুকৰ কেনেকৈ?

উত্তৰ:
উচ্চতকৈও উচ্চ পিতাক নিজৰ সন্তান কৰি লোৱা, তন-মন-ধনেৰে পিতাক উত্তৰাধিকাৰী কৰি বলিহাৰ হোৱা এয়া হৈছে সন্তানসকলৰ যাদুকৰী। যিসকলে এতিয়া ভগৱানক উত্তৰাধিকাৰী কৰে তেওঁলোকে 21 জন্মৰ বাবে সম্পত্তিৰ অধিকাৰী হৈ যায়।

প্ৰশ্ন:
ট্ৰিব্যুনল (বিচাৰ সভা) কোনসকলৰ সন্তানৰ কাৰণে বহে?

উত্তৰ:
যিসকলে দান দিয়া বস্তু উভতাই লোৱাৰ সংকল্প কৰে, মায়াৰ বশীভূত হৈ ডিছ্চাৰ্ভিছ (অহিত) কৰে তেওঁলোকৰ কাৰণে ট্ৰিব্যুনল বহে।

ওঁম্শান্তি।
আত্মিক বিচিত্ৰ পিতাই বহি বিচিত্ৰ সন্তানসকলক বুজায় অৰ্থাৎ দূৰৈৰ দেশৰ নিবাসী যাক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। বহুত দূৰৈৰ দেশৰ পৰা আহি এই শৰীৰৰ দ্বাৰা তোমালোকক পঢ়ায়। এতিয়া যিসকলে পঢ়ে তেওঁলোকৰ পঢ়াওঁতাজনৰ লগত যোগতো অটোমেটিকেলী (স্বতঃস্ফূৰ্তভাৱে) থাকে। কবলগীয়া নহয় যে হে সন্তানসকল, শিক্ষকৰ সৈতে যোগযুক্ত হোৱা বা তেওঁক স্মৰণ কৰা। নহয়, ইয়াত পিতাই কয় হে আত্মিক সন্তানসকল, এওঁ তোমালোকৰ পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়, এওঁৰ সৈতে যোগযুক্ত হৈ থাকা অৰ্থাৎ পিতাক স্মৰণ কৰা। এয়া হল বিচিত্ৰ বাবা। তোমালোকে এওঁক বাৰে-বাৰে পাহৰি যোৱা সেইবাবে কবলগীয়া হয়। পঢ়াওঁতাজনক স্মৰণ কৰিলে তোমালোকৰ পাপ ভস্ম হৈ যাব। বিধিয়ে এইটো নকয় যে শিক্ষকে কব - মোলৈ চোৱা, ইয়াততো বহুত লাভ হয়। পিতাই কয় কেৱল মোক স্মৰণ কৰা। এই স্মৃতিৰ বলৰ দ্বাৰাই তোমালোকৰ পাপ খণ্ডন হয়, ইয়াকে কোৱা হয় স্মৃতিৰ যাত্ৰা। এতিয়া আত্মিক বিচিত্ৰ পিতাই সন্তানসকলকৰ ফালে চায়। সন্তানসকলেও নিজকে আত্মা বুলি বুজি বিচিত্ৰ পিতাকহে স্মৰণ কৰে। তোমালোক বাৰে-বাৰে শৰীৰত আহা। মইতো গোটেই কল্প শৰীৰত নাহোঁ, কেৱল এই সংগমযুগতহে তোমালোকক পঢ়াবলৈ বহুত দূৰৈৰ দেশৰ পৰা আহোঁ। এইটো ভালদৰে স্মৃতিত ৰাখিব লাগে। বাবা আমাৰ পিতা, শিক্ষক আৰু সৎগুৰু হয়। বিচিত্ৰ হয়। তেওঁৰ নিজৰ শৰীৰ নাই, তেন্তে তেওঁ কেনেকৈ আহে? তেওঁ কয় মই প্ৰকৃতিৰ, মুখৰ আধাৰ লবলগীয়া হয়। মইতো বিচিত্ৰ হওঁ। তোমালোক সকলোৰে চিত্ৰ আছে। মোক ৰথৰতো নিশ্চয় প্ৰয়োজন নহয় জানো। ঘোঁৰা গাড়ীততো নাহো। পিতাই কয় মই এই শৰীৰত প্ৰৱেশ কৰোঁ, যিজন প্ৰথম নম্বৰৰ হয় তেৱেঁই আকৌ শেষৰ নম্বৰৰ হৈ যায়। যিসকল সতোপ্ৰধান আছিল তেওঁলোকেই তমোপ্ৰধান হয়। সেয়েহে তেওঁলোককে পুনৰ সতোপ্ৰধান কৰি তুলিবলৈ পিতাই পঢ়ায়। তেওঁ বুজায় এই ৰাৱণৰ ৰাজ্যত 5 বিকাৰৰ ওপৰত বিজয়ী হৈ তোমালোক সন্তানসকল জগতজিৎ হব লাগে। সন্তানসকলে এইটো স্মৃতিত ৰাখিব লাগে যে আমাক বিচিত্ৰ পিতাই পঢ়ায়। পিতাক স্মৰণ নকৰিলে তেতিয়া পাপ কেনেকৈ ভস্ম হব। এই কথাবোৰো এতিয়া সংগমযুগতে শুনা। এবাৰ যি হয় সেয়াই আকৌ কল্পৰ পাছত পুনৰাবৃত্তি হব। কিমান ভাল বুজনি, এই ক্ষেত্ৰত অতি বিশাল বুদ্ধিৰ প্ৰয়োজন। এয়া কোনো সাধু-সন্ত আদিৰ সৎসংগ নহয়। তেওঁক পিতা বুলিও কোৱা আৰু সন্তান বুলিও কোৱা। তোমালোকে জানা এয়া আমাৰ পিতাও হয়, সন্তানো হয়। আমি সকলোবোৰ এই সন্তানটিক উত্তৰাধিকাৰী কৰি দি দিওঁ আৰু পিতাৰ পৰা 21 জন্মৰ বাবে উত্তৰাধিকাৰ লওঁ। সকলো আৱৰ্জনা দি পিতাৰ পৰা আমি বিশ্বৰ বাদশ্বাহী (সাম্ৰাজ্য) লওঁ। সন্তানসকলে এনেকৈ কয় বাবা আমি ভক্তিমাৰ্গত কৈছিলো যে যেতিয়া আপুনি আহিব তেতিয়া আমি তন-মন-ধন সহিত আপোনৰ প্ৰতি বলিহাৰ হম। লৌকিক পিতাও সন্তানসকলৰ প্ৰতি বলিহাৰ নহয় জানো। গতিকে ইয়াত তোমালোকে এয়া কেনেকুৱা বিচিত্ৰ পিতাক পাইছা, তেওঁক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হব আৰু নিজৰ ঘৰলৈ গুচি যাবা। কিমান দীঘলীয়া যাত্ৰা। চোৱা, পিতা কৰপৰা আহে! পুৰণি ৰাৱণৰ ৰাজ্যলৈ। তেওঁ কয় মোৰ ভাগ্যত পাৱন শৰীৰ নাই। পতিতসকলক পাৱন কৰি তুলিবলৈ কেনেকৈ আহিম। মই পতিত সৃষ্টিতে আহি সকলোকে পাৱন কৰি তুলিবলগীয়া হয়। গতিকে এনেকুৱা শিক্ষকক মূল্য (সন্মান) দিয়া উচিত। বহুত আছে যিয়ে মূল্যই বুজি নাপায়। এয়াও নাটকত হবলগীয়াই আছে। ৰাজধানীততো ক্ৰমানুসৰি সকলোৰে প্ৰয়োজন নহয় জানো। গতিকে সকলো প্ৰকাৰৰ ইয়াতেই তৈয়াৰ হয়। কম পদ পাওঁতাসকলৰ এনেকুৱা অৱস্থা হব। নপঢ়িব, পিতাৰ স্মৃতিতো নাথাকিব। এওঁ হৈছে অতি বিচিত্ৰ পিতা, এওঁৰ চলনো অলৌকিক। এওঁৰ ভূমিকা আৰু কোনেও প্ৰাপ্ত কৰিব নোৱাৰে। এই পিতা আহি তোমালোকক কিমান উচ্চ পঢ়া পঢ়ায়, গতিকে তেওঁক মূল্যও দিয়া উচিত। তেওঁৰ শ্ৰীমতত চলা উচিত। কিন্তু মায়াই বাৰে-বাৰে পাহৰাই দিয়ে। মায়া ইমান শক্তিশালী যে ভাল-ভাল সন্তানসকলকো বগৰাই দিয়ে। পিতাই কিমান ধনৱান কৰি তোলে কিন্তু মায়াই একদম মাথা ঘূৰাই দিয়ে। মায়াৰ পৰা ৰক্ষা পাবলৈ হলে পিতাক নিশ্চয় স্মৰণ কৰিব লাগিব। বহুত ভাল সন্তান আছে যিসকল পিতাৰ হৈ আকৌ মায়াৰ হৈ যায়, তাৰ কথাই নুসুধিবা, দৃঢ়মনা বিশ্বাসঘাটক হৈ যায়। মায়াই একদম নাকত ধৰি লয়। এষাৰ কথাও আছে নহয় গজক (হাতীক) গ্ৰাহে (ঘঁৰিয়ালে) খালে। কিন্তু ইয়াৰ অৰ্থ কোনেও বুজি নাপায়। পিতাই প্ৰতিটো কথা ভালদৰে বুজায়। কিছুমান সন্তানে বুজেও কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। কিছুমানৰতো অলপো ধাৰণা নহয়। বহুত উচ্চ পঢ়া নহয় জানো। সেইকাৰণে সেয়া ধাৰণা কৰিব নোৱাৰে। পিতাই কব এওঁৰ ভাগ্যত ৰাজ্য-ভাগ্য নাই। কিছুমান অক ফুল, কিছুমান সুগন্ধি ফুল। বৈচিত্ৰময় বাগিচা নহয় জানো। এনেকুৱাতো লাগিব নহয় জানো। ৰাজধানীত তোমালোকৰ দাস-দাসী, চাকৰ আদিও থাকিব। নহলেনো দাস-দাসী কেনেকৈ পাবা। ৰাজ্য ইয়াতে স্থাপন হয়। দাস-দাসী, চাকৰ, চণ্ডাল আদি সকলো পাবা। এয়া ৰাজধানী স্থাপন হৈ আছে। এয়া আচৰিত কথা। পিতাই তোমালোকক ইমান উচ্চ কৰি তোলে গতিকে এনেকুৱা পিতাক স্মৰণ কৰি প্ৰেমৰ চকুলো বৈ যোৱা উচিত।

তোমালোক মালাৰ দানা নোহোৱা জানো। তোমালোকে কোৱা বাবা আপুনি কিমান বিচিত্ৰ। কেনেকৈ আহি আমাক পতিতসকলক পাৱন কৰি তুলিবলৈ পঢ়ায়। ভক্তি মাৰ্গত যদিও শিৱৰ পূজা কৰে কিন্তু এইটো জানো বুজি পায় যে এওঁ পতিত-পাৱন হয়, তথাপিও আহ্বান কৰি থাকে হে পতিত-পাৱন আহা, আহি আমাক গুল-গুল (ফুলৰ দৰে) দেৱী-দেৱতা কৰি তোলা। সন্তানসকলৰ আদেশ পিতাই পালন কৰে আৰু যেতিয়া আহে তেতিয়া কয় সন্তানসকল, পবিত্ৰ হোৱা। এই ক্ষেত্ৰতে হুলস্থুল হয়। পিতা বিস্ময়কৰ নহয় জানো। সন্তানসকলক কয় মোক স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হব। পিতাই জানে যে তেওঁ আত্মাসকলৰ সৈতে কথা পাতে। সকলো আত্মাইহে কৰে, বিকৰ্ম আত্মায়ে কৰে। আত্মায়ে শৰীৰৰ দ্বাৰা ভোগ কৰে। তোমালোকৰ বাবেতো ট্ৰিব্যুনেল (বিচাৰ সভা) বহিব। বিশেষকৈ সেইসকল সন্তানৰ কাৰণে যিসকল সেৱাৰ লায়ক হৈ আকৌ বিশ্বাসঘাটক হৈ যায়। এয়াতো পিতাইহে জানে, কেনেকৈ মায়াই গিলি পেলায়। বাবা মই হাৰি গলো, মুখ কলা কৰি দিলো এতিয়া ক্ষমা কৰা। বাগৰি পৰিলা (অধঃপতিত হলা) আৰু মায়াৰ হৈ গলা এতিয়া আকৌ ক্ষমা কিহৰ। তেওঁলোকেতো বহুত মেহনত কৰিব লাগিব। বহুত আছে যিসকলে মায়াৰ লগত হাৰি যায়। পিতাই কয় ইয়াত পিতাৰ ওচৰত দান দি যোৱা পুনৰ উভতাই নলবা। নহলে শেষ হৈ যাবা। হৰিশ্চন্দ্ৰ উদাহৰণ আছে নহয় জানো। দান দি উঠি বহুত সাৱধান হৈ থাকিব লাগে। পুনৰ লৈ ললে এশ গুণ দণ্ড হৈ যায়। পাছত বহুত কম পদ পাবা। সন্তানসকলে জানে যে এয়া ৰাজধানী স্থাপন হৈ আছে। আন যিবোৰ ধৰ্ম প্ৰতিষ্ঠা কৰে, তেওঁলোকৰ প্ৰথমৰে পৰা ৰাজত্ব নচলে। ৰাজত্বতো তেতিয়া হয় যেতিয়া 50-60 কৌটি হব, তেতিয়া সৈন্য হব। আৰম্ভণিততো এজন-দুজনহে আহে, পুনৰ বৃদ্ধি হয়। তোমালোকে জানা যীশুখ্ৰীষ্টও কিবা ভেশত আহিব। প্ৰথম নম্বৰৰ জন নিশ্চয় আকৌ শেষৰ নম্বৰত ভিকহু ৰূপত হব। খ্ৰীষ্টানসকলে তৎক্ষণাৎ কব যথাযথ যীশুখ্ৰীষ্ট এই সময়ত ভিকহু ৰূপত আছে। তেওঁলোকে বুজি পায় যে পুনৰ্জন্মতো লবই লাগিব। তমোপ্ৰধানতো নিশ্চয় সকলোৱে হব লাগিব। এই সময়ত গোটেই সৃষ্টিৰ তমোপ্ৰধান জৰাজীৰ্ণ অৱস্থা। এই পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হব। খ্ৰীষ্টান লোকসকলেও কয় যীশুখ্ৰীষ্টৰ 3000 বছৰ আগতে স্বৰ্গ আছিল এতিয়া আকৌ নিশ্চয় হব। কিন্তু এই কথাবোৰ কোনে বুজাব। পিতাই কয় এতিয়া সন্তানসকলৰ সেই অৱস্থা কত! বাৰে-বাৰে লিখে আমি যোগত থাকিব নোৱাৰো। সন্তানসকলৰ এক্টিভিটি (কৰ্মকাণ্ড)ৰ পৰা বুজি পায়। বাবাক বা-বাতৰি দিবলৈও ভয় কৰে। পিতাইতো সন্তানসকলক কিমান মৰম কৰে। মৰমেৰে নমস্কাৰ জনায়। সন্তানসকলৰতো অহংকাৰ থাকে। ভাল-ভাল সন্তানসকলকো মায়াই পাহৰাই দিয়ে। বাবাই বুজিব পাৰে, তেওঁ কয় মই নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) হওঁ। সৰ্বজ্ঞৰ অৰ্থ এইটো নহয় যে মই সকলোৰে অন্তৰৰ কথা জানো। মই আহিছোৱেই পঢ়াবলৈ, ৰীড কৰিবলৈ (অন্তৰৰ কথা জানিবলৈ) নহয়। মই কাকো ৰীড নকৰো গতিকে এই সাকাৰেও (ব্ৰহ্মাইও) ৰীড নকৰে। এওঁতো সকলো পাহৰিব লাগে। তেন্তে কি ৰীড কৰিব। তোমালোকে ইয়ালৈ পঢ়িবলৈয়ে আহিছা। ভক্তি মাৰ্গেই বেলেগ। অৱনতি হোৱাৰো উপায়ৰ দৰকাৰ নহয় জানো। এই কথাবোৰৰ দ্বাৰাই তোমালোকৰ অৱনতি হয়। এয়া নাটকৰ খেল নিৰ্ধাৰিত হৈ আছে। ভক্তিমাৰ্গৰ শাস্ত্ৰ পঢ়ি-পঢ়ি তোমালোক অধঃপতিত হৈ তমোপ্ৰধান হৈ যোৱা। এতিয়া তোমালোক এই ছিঃ-ছিঃ জগতত একেবাৰে থাকিব নালাগে। কলিযুগৰ পৰা পুনৰ সত্যযুগলৈ আহিব লাগে। এতিয়া এয়া হল সংগমযুগ। এই সকলোবোৰ কথা ধাৰণ কৰিব লাগে। পিতাইহে বুজায়, বাকীতো গোটেই জগতৰ বুদ্ধিত গডৰেজৰ তলা লাগি আছে। তোমালোকে বুজিছা এওঁলোক দৈৱী গুণ সম্পন্ন আছিল, তেওঁলোকেই আকৌ আসুৰী গুণৰ হৈ গল। পিতাই বুজাইছে - এতিয়া ভক্তি মাৰ্গৰ সকলো কথা পাহৰি যোৱা। এতিয়া মই যি শুনাওঁ সেয়া শুনা, বেয়া নুশুনিবা এতিয়া কেৱল মোৰ কথা শুনা। এতিয়া মই তোমালোকক তৰাবলৈ (উদ্ধাৰ কৰিবলৈ) আহিছো।

তোমালোক হৈছা ঈশ্বৰীয় সম্প্ৰদায়ৰ। প্ৰজাপিতা ব্ৰহ্মাৰ মুখ কমলৰ দ্বাৰা তোমালোকৰ জন্ম হৈছে, ইমানবিলাক এডাপ্টেড (তোলনীয়া) সন্তান আছে। তেওঁক আদি দেৱ বুলি কোৱা হয়। মহাবীৰ বুলিও কোৱা হয়। তোমালোক সন্তানসকল মহাবীৰ নহয় জানো যিসকলে যোগবলৰ দ্বাৰা মায়াৰ ওপৰত বিজয়ী হোৱা। পিতাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। জ্ঞানৰ সাগৰ পিতাই তোমালোকক অবিনাশী জ্ঞান ৰত্নেৰে থালি ভৰাই দিয়ে। তোমালোকক মালামাল কৰি দিয়ে। যিসকলে জ্ঞান ধাৰণ কৰে তেওঁলোকে উচ্চ পদ পায়, যিসকলে ধাৰণ নকৰে তেন্তে নিশ্চয় কম পদ পাব। পিতাৰ পৰা তোমালোকে অসীম সম্পত্তি পোৱা। আল্লা আল্লাউদ্দিনৰ কাহিনীও আছে নহয় জানো। তোমালোকে জানা যে তাত আমাৰ কোনো অপ্ৰাপ্ত বস্তু নাথাকে। 21 জন্মৰ বাবে পিতাই উত্তৰাধিকাৰ দি দিয়ে। বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিয়ে। হদৰ উত্তৰাধিকাৰ পায়ো বেহদৰ পিতাক নিশ্চয় স্মৰণ কৰে হে পৰমাত্মা দয়া কৰা, কৃপা কৰা। এইটো জানো কোনোবাই জানে যে তেওঁ কি দিয়ে। এতিয়া তোমালোকে বুজিছা বাবাইতো আমাক বিশ্বৰ মালিক কৰি তোলে। চিত্ৰতো আছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, ব্ৰহ্মা সাধাৰণভাৱে সন্মুখত বহি আছে। স্থাপনা কৰিলে তেতিয়া নিশ্চয় তেওঁকে মাধ্যম কৰি নলব জানো। পিতাই কিমান ভালদৰে বুজায়। তোমালোকে সম্পূৰ্ণকৈ বুজাব নোৱাৰা। ভক্তিমাৰ্গত শংকৰৰ আগত কয় আঁচল ভৰাই দিয়া। আত্মাই কয় মই কঙাল। মোৰ আঁচল ভৰোৱা, মোক এনেকুৱা কৰি তোলা। এতিয়া তোমালোক আঁচল ভৰাবলৈ আহিছা। তোমালোকে কোৱা আমিতো নৰৰ পৰা নাৰায়ণ হব বিচাৰো। এই পঢ়াই হৈছে নৰৰ পৰা নাৰায়ণ হোৱাৰ। পুৰণি সৃষ্টিত আহিবলৈ কাৰ অন্তৰে বিচাৰিব! কিন্তু নতুন সৃষ্টিলৈতো সকলোৱে নাহে। কোনোবা 25 শতাংশ পুৰণি সৃষ্টিলৈ আহিব। কিবা কমতো হবই নহয় জানো। কাৰোবাক অকণমানো বাৰ্তা দিলে তেতিয়া তোমালোক স্বৰ্গৰ মালিক নিশ্চয় হবা। এতিয়া সকলোৱে নৰকৰ মালিক নহয় জানো। ৰজা, ৰাণী, প্ৰজা সকলোৱে নৰকৰ মালিক। তেওঁলোক দ্বৈত মুকুটধাৰী আছিল। এতিয়া সেয়া নাই। আজিকালিতো ধৰ্ম আদিক কোনেও নামানেই। দেৱী-দেৱতা ধৰ্মই সমাপ্ত হৈ গৈছে। গোৱা হয় ৰিলীজন ইজ মাইট (ধৰ্মই শক্তি), ধৰ্মক নমনা বাবে শক্তি নাই। পিতাই বুজায় মৰমৰ সন্তানসকল, তোমালোকেই পূজ্যৰ পৰা পূজাৰী হোৱা। 84 জন্ম লোৱা নহয় জানো। আমিয়ে ব্ৰাহ্মণ তাৰ পাছত দেৱতা, আকৌ আমিয়ে ক্ষত্ৰিয় বুদ্ধিত এই গোটেই চক্ৰ আহি যায় নহয় জানো। এই 84ৰ চক্ৰ আমি পৰিক্ৰমা কৰিয়ে থাকো, এতিয়া পুনৰ ঘৰলৈ উভতি যাব লাগে। পতিত কোনেও যাব নোৱাৰে। আত্মাহে পতিত অথবা পাৱন হয়। সোণত খাদ নপৰে জানো। অলংকাৰত নপৰে, এয়া হল জ্ঞান অগ্নি যাৰ দ্বাৰা গোটেই খাদ আঁতৰি তোমালোক সঁচা সোণ হৈ যাবা পাছত অলংকাৰো তোমালোকে ভাল পাবা। এতিয়া আত্মা পতিত সেয়েহে পাৱনৰ আগত গৈ নমন কৰে। সকলোতো আত্মায়ে কৰে নহয় জানো। এতিয়া পিতাই বুজায় সন্তানসকল, কেৱল মামেকম্‌ (মাত্ৰ মোক) স্মৰণ কৰা তেতিয়া নাও পাৰ হৈ যাব। পবিত্ৰ হৈ পবিত্ৰ জগতলৈ গুচি যাবা। এতিয়া যিয়ে যিমান পুৰুষাৰ্থ কৰিব। সকলোকে এইটোৱে পৰিচয় দি থাকা। সেয়া হল হদৰ পিতা, এয়া হল বেহদৰ পিতা। সংগমতে পিতা আহে স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ। গতিকে এনেকুৱা পিতাক স্মৰণ কৰিব নালাগে জানো। শিক্ষকক কেতিয়াবা বিদ্যাৰ্থীয়ে পাহৰে জানো! কিন্তু ইয়াত মায়াই পাহৰাই থাকিব। বহুত সাৱধান হৈ থাকিব লাগে। যুদ্ধক্ষেত্ৰ হয়। পিতাই কয় এতিয়া বিকাৰলৈ নাযাবা, লেতেৰা নহবা। এতিয়াতো স্বৰ্গলৈ যাব লাগে। পবিত্ৰ হৈহে পবিত্ৰ নতুন জগতৰ মালিক হবাগৈ। তোমালোকক বিশ্বৰ বাদশ্বাহী দিওঁ। এয়া জানো কম কথা? কেৱল এই এটা জন্ম পবিত্ৰ হোৱা। এতিয়া পবিত্ৰ নহলে তেতিয়া অধঃপতিত হৈ যাবা। প্ৰলোভন বহুত আছে। কামৰ ওপৰত বিজয়ী হলে তোমালোক জগতৰ মালিক হবাগৈ। তোমালোকে স্পষ্টকৈ কব পাৰা পৰমপিতা পৰমাত্মাই জগতগুৰু হয় যিজনে গোটেই জগতকে সৎগতি দিয়ে। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অবিনাশী জ্ঞান ৰত্নৰে বুদ্ধিৰূপী আঁচল ভৰাই মালামাল হব লাগে। কোনো প্ৰকাৰৰ অহংকাৰ দেখুৱাব নালাগে।

(2) সেৱাৰ লায়ক হৈ আকৌ কেতিয়াও বিশ্বাসঘাটক হৈ ডিছ্‌চাৰ্ভিছ (অহিত) কৰিব নালাগে। দান দিয়াৰ পাছত বহুত-বহুত খবৰদাৰ হৈ থাকিব লাগে, কেতিয়াও উভতাই লোৱাৰ খেয়াল যাতে নাহে।

বৰদান:
ব্ৰাহ্মণ জীৱনত একব্ৰত্ৰাৰ পাঠৰ দ্বাৰা আত্মিক ৰয়েল্টি (আভিজাত্য)ত থাকোঁতা সম্পূৰ্ণ পবিত্ৰ হোৱা


এই ব্ৰাহ্মণ জীৱনত একব্ৰতাৰ পাঠ দৃঢ় কৰি প্যুৰিটি (পবিত্ৰতা)ৰ ৰয়েল্টি (আভিজাত্য) ধাৰণ কৰি লোৱা তেতিয়া গোটেই কল্পতে এই আত্মিক ৰয়েল্টি চলি থাকিব। তোমালোকৰ আত্মিক ৰয়েল্টি আৰু প্যুৰিটিৰ চমকনি পৰমধামৰ সকলো আত্মাতকৈ শ্ৰেষ্ঠ হয়। আদিকালত দেৱতা স্বৰূপতো এই পাৰ্চনেলিটি (ব্যক্তিত্ব) বিশেষ হৈ থাকিল, আকৌ মধ্যকালতো তোমালোকৰ চিত্ৰৰ বিধিপূৰ্বক পূজা হয়। এই সংগমযুগত ব্ৰাহ্মণ জীৱনৰ আধাৰ হৈছে প্যুৰিটিৰ ৰয়েল্টি সেইবাবে যেতিয়ালৈকে ব্ৰাহ্মণ জীৱনত জীয়াই থাকিবা তেতিয়ালৈকে সম্পূৰ্ণ পবিত্ৰ হৈ থাকিবই লাগিব।
 

স্লোগান:
তোমালোক সহনশীলতাৰ দেৱ আৰু দেৱী হৈ যোৱা তেতিয়া গালি দিওঁতাসকলেও আঁকোৱালি লব।