20-11-2020 প্ৰাতঃমুৰলী ওঁম্ শান্তি! "বাপদাদা" মধুবন।


"মৰমৰ সন্তানসকল – তোমালোক এতিয়া একেবাৰে পাৰত (দাঁতিকাষত) থিয় হৈ আছা, তোমালোক এতিয়া ইটো পাৰৰ পৰা সিটো পাৰলৈ যাব লাগে, ঘৰলৈ যোৱাৰ প্ৰস্তুতি চলাব লাগে”

প্ৰশ্ন:

কোনটো এটা কথা স্মৃতিত ৰাখিলে অৱস্থা অচল-অটল হৈ যাব?

উত্তৰ:

অতীত অতীতেই। হৈ যোৱা কথাৰ চিন্তন কৰিব নালাগে, আগবাঢ়ি গৈ থাকিব লাগে। সদায় এজনৰ ফালেই চাই থাকা তেতিয়া অৱস্থা অচল-অটল হৈ যাব। তোমালোকে এতিয়া কলিযুগৰ হদক (সীমিত পৰিসৰক) এৰি দিছা, পুনৰ পিছফাললৈ কিয় চোৱা? সেইফালে বুদ্ধি যাতে অলপো নাযায় - এয়াই হৈছে সূক্ষ্ম পঢ়া।

ওঁম্‌ শান্তি। দিন সলনি হৈ গৈ থাকে, সময় অতিবাহিত হৈ গৈ থাকে। বিচাৰ কৰা, সত্যযুগৰ পৰা আৰম্ভ কৰি সময় অতিবাহিত হৈ হৈ এতিয়া আহি কলিযুগৰো দাঁতিকাষত থিয় হৈ আছা। এই সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগৰ চক্ৰও যেন আৰ্হি (মডেল) হয়। সৃষ্টিতো বহুত দীঘলীয়া। তাৰ আৰ্হি ৰূপক সন্তানসকলে বুজি পাইছে। আগতে এইটো গম পোৱা নাছিলা যে এতিয়া কলিযুগ পূৰ্ণ হয়। এতিয়া গম পাইছা - গতিকে সন্তানসকলেও বুদ্ধিৰে সত্যযুগৰ পৰা আৰম্ভ কৰি চক্ৰ পৰিক্ৰমা কৰি কলিযুগৰ অন্তত দাঁতিকাষত আহি থিয় হ'ব লাগে। বুজিব লাগে যে টিক্‌ টিক্‌ হৈ থাকে, নাটক (ড্ৰামা) চলি থাকে। বাকী কি হিচাপ থাকিল? অলপ থাকিল চাগে। আগতে গম পোৱা নাছিলা। এতিয়া পিতাই বুজাইছে – আৰু অলপ দাঁতিকাষ (অতিক্ৰম কৰিবলৈ) বাকী আছে। এইখন সৃষ্টিৰ পৰা সেইখন সৃষ্টিলৈ যাবলৈ এতিয়া অলপ সময় বাকী আছে। এই জ্ঞানো এতিয়া পাইছা। আমি সত্যযুগৰ পৰা আৰম্ভ কৰি চক্ৰ পৰিক্ৰমা কৰি কৰি এতিয়া কলিযুগৰ অন্তিমত আহি পালোহি। এতিয়া পুনৰ উভতি যাব লাগে। অহা আৰু যোৱাৰ দ্বাৰ (গেট) থাকে নহয়। এয়াও এনেকুৱা। সন্তানসকলক বুজাব লাগে – আৰু অলপ দাঁতিকাষ বাকী আছে। এয়া পুৰুষোত্তম সংগমযুগ হয় নহয় জানো। এতিয়া আমি দাঁতিকাষত আছোঁ। সময় বহুত কম। এতিয়া এই পুৰণি সৃষ্টিৰ প্ৰতি মমত্ব (আসক্তি) আঁতৰাই দিব লাগে। এতিয়াতো নতুন সৃষ্টিলৈ যাব লাগে। বুজনিতো বহুত সহজ পোৱা যায়। এইটো বুদ্ধিত ৰাখিব লাগে। বুদ্ধিত চক্ৰ ঘূৰি থাকিব লাগে। এতিয়া তোমালোক কলিযুগত নাই। তোমালোকে এই হদক (সীমিত পৰিসৰক) এৰি দিছা পুনৰ সেইফালৰ সকলক কিয় স্মৰণ কৰিব লাগে? যিহেতু পুৰণি সৃষ্টিক এৰি দিলা। আমি পুৰুষোত্তম সংগমযুগত আছোঁ আকৌ পাছলৈ চাওনো কিয়? বুদ্ধিযোগ বিকাৰী সৃষ্টিৰ প্ৰতি কিয় ৰাখোঁ? এইবোৰ অতি সূক্ষ্ম কথা। বাবাই জানে কোনো কোনোৱেতো এটকাৰ এক নয়াও বুজি নাপায়। শুনে আৰু পাহৰি যায়। তোমালোকে পাছলৈ চাব নালাগে। বুদ্ধিৰে কৰ্ম কৰিব লাগে নহয় জানো। আমি পাৰ পাই গ’লোঁ – আকৌ পাছলৈ চাওঁনো কিয়? অতীত অতীতেই। পিতাই কয় - কিমান সূক্ষ্ম কথা বুজাওঁ। তথাপিও সন্তানসকলৰ কান্ধ পাছফালে কিয় ওলমি থাকে। কলিযুগৰ ফালে ওলমি আছে। পিতাই কয় - কান্ধ এইফালে কৰি দিয়া। সেই পুৰণি সৃষ্টি তোমালোকৰ কামৰ নহয়। বাবাই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য আনি দিয়ে, নতুন সৃষ্টি সন্মুখত ঠিয় হৈ আছে, পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। বিচাৰ কৰা – আমাৰ অৱস্থা এনেকুৱা হয়নে? পিতাই কয় - অতীত অতীতেই। হৈ যোৱা কথাবোৰৰ চিন্তা নকৰিবা। পুৰণি সৃষ্টিৰ পৰা কোনো আশা নাৰাখিবা। এতিয়াতো এটাই উচ্চ আশা ৰাখিব লাগে – আমি সুখধামলৈ যাওঁ। বুদ্ধিত সুখধামৰেই স্মৃতি থাকিব লাগে। পাছলৈ কিয় উভতি চাব লাগে। কিন্তু বহুতৰে পিঠি ঘূৰি যায়। তোমালোক এতিয়া পুৰুষোত্তম সংগমযুগত আছা। পুৰণি সৃষ্টিৰ পৰা নিজকে একাষৰীয়া কৰি ল'লা। এয়া বুজিবলগীয়া কথা নহয় জানো। ক’তো ৰৈ যাব নালাগে। ক'লৈকো চাব নালাগে। হৈ যোৱাটোক স্মৰণ কৰিব নালাগে। পিতাই কয় - আগবাঢ়ি গৈ থাকা, পাছলৈ নাচাবা। এফালেই চাই থাকা তেতিয়াহে অচল, স্থিৰ, অটল অৱস্থা হৈ থাকিব পাৰিব। সেইফালে চাই থাকিলে তেতিয়া পুৰণি সৃষ্টিৰ মিত্ৰ-সম্বন্ধীয় আদিৰ স্মৃতি আহি থাকিব। ক্ৰমানুসৰিতো হয় নহয়। আজি যদি দেখা যে বহুত ভালদৰে চলি আছে, কালিলৈ বাগৰি পৰিল তেতিয়া অন্তৰ একেবাৰে আঁতৰি যায়। এনেকুৱা গ্ৰহচাৰী বহি যায় যে মুৰুলী শুনাৰ বাবেও ইচ্ছা নোহোৱা হৈ যায়। বিচাৰ কৰা - এনেকুৱা হয় নহয়?

পিতাই কয় - তোমালোক এতিয়া সংগমত ঠিয় হৈ আছা গতিকে মুখ (চেহেৰা) আগৰফালে কৰি ৰাখিব লাগে। আগত আছে নতুন সৃষ্টি, তেতিয়াহে আনন্দিত হ’বা। বাকী এতিয়া নাতিদূৰত (বহুত সমীপত, দাঁতিকাষত) ঠিয় হৈ আছা। কয় নহয় - এতিয়াতো নিজৰ দেশৰ গছ-গছনি দেখা পোৱা যায়। মাতিলে তেতিয়া তৎক্ষণাৎ তেওঁলোকে শুনিব। নাতিদূৰত অৰ্থাৎ একেবাৰে সন্মুখত আছে। তোমালোকে স্মৰণ কৰা আৰু দেৱতাসকল আহি যায়। আগতে জানো আহিছিল। সূক্ষ্মবতনত শহুৰৰ ঘৰৰসকল আহিছিল জানো? এতিয়াতো পিতাৰ ঘৰ আৰু শহুৰৰ ঘৰৰসকল গৈ লগ কৰে। তথাপিও সন্তানসকল আগবাঢ়ি গৈ গৈ পাহৰি যায়। বুদ্ধিযোগ পাছলৈ আঁতৰি যায়। পিতাই কয় - তোমালোক সকলোৰে এয়া অন্তিম জন্ম। তোমালোক পাছলৈ আঁতৰি যাব নালাগে। এতিয়া পাৰ হ'ব লাগে। এইফালৰ পৰা সেইফাললৈ যাব লাগে। মৃত্যুও সমীপত আহি থাকে। বাকী কেৱল খোজ আগুৱাব লাগে, নাওঁ পাৰলৈ আহিলে তেতিয়া সেইফাললৈ খোজ আগুৱাবলগীয়া হয় নহয় জানো। তোমালোক সন্তানসকল দাঁতিকাষত ঠিয় হ'ব লাগে। তোমালোকৰ বুদ্ধিত আছে যে আত্মাসকল নিজৰ মিঠা ঘৰলৈ যায়। এইটো স্মৃতিত থাকিলেই আনন্দই তোমালোকক অচল-অটল কৰি তুলিব। এইটোৱেই বিচাৰ সাগৰ মন্থন কৰি থাকিব লাগে। এয়া হৈছে বুদ্ধিৰ কথা। আমি আত্মাসকল গৈ আছোঁ। বাকী এতিয়া নাতিদূৰত আছোঁ। অলপ সময় বাকী আছে। ইয়াকেই স্মৃতিৰ যাত্ৰা বুলি কোৱা হয়। এইটোও পাহৰি যায়। খতিয়ান লিখিবলৈও পাহৰি যায়। নিজৰ অন্তৰত হাত ৰাখি চোৱা - বাবাই যি কয় যে নিজক এনেকৈ বুজা – আমি সমীপত নাতিদূৰত থিয় হৈ আছোঁ, এনেকুৱা অৱস্থা আমাৰ হয়নে? বুদ্ধিত এজন বাবাৰহে স্মৃতি থাকক। বাবাই স্মৃতিৰ যাত্ৰা ভিন্ন ভিন্ন প্ৰকাৰে শিকাই থাকে। এই স্মৃতিৰ যাত্ৰাতেই মতলীয়া হৈ থাকিব লাগে। বচ, আমি এতিয়া যাব লাগে। ইয়াত হৈছে সকলো মিছা সম্বন্ধ। সত্যযুগৰ সম্বন্ধ সঁচা। নিজক চোৱা মই ক'ত থিয় হৈ আছোঁ? সত্যযুগৰ পৰা আৰম্ভ কৰি বুদ্ধিত এই চক্ৰ স্মৰণ কৰা। তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা নহয় জানো। সত্যযুগৰ পৰা আৰম্ভ কৰি চক্ৰ পৰিক্ৰমা কৰি আহি দাঁতিকাষত থিয় হৈছাহি। নাতিদূৰত নহ'ল জানো। বহুতেতো নিজৰ সময় বহুত অবাৱতে নষ্ট কৰি থাকে। 5-10 মিনিটো কোনোমতেহে স্মৃতিত থাকে চাগে। স্বদৰ্শন চক্ৰধাৰীতো গোটেই দিন হৈ থাকিব লাগে। এনেকুৱাতো নোহোৱা। বাবাই ভিন্ন ভিন্ন প্ৰকাৰে বুজায়। আত্মাৰেই কথা। তোমালোকৰ বুদ্ধিত চক্ৰ ঘূৰি থাকে। বুদ্ধিত এইটো স্মৃতি কিয় থাকিব নালাগে। এতিয়া আমি দাঁতিকাষৰত থিয় হৈ আছোঁ‌। এই দাঁতিৰ স্মৃতি বুদ্ধিত কিয় নাথাকে, যিহেতু জানা যে আমি পুৰুষোত্তম হৈ আছোঁ গতিকে গৈ দাঁতিকাষত থিয় হোৱা। ওকনি সদৃশ আগবাঢ়িয়েই থাকা। কিয়নো বাৰু এইটো অভ্যাস নকৰা? কিয়নো বাৰু চক্ৰ বুদ্ধিত নাহে? এয়া স্বদৰ্শন চক্ৰ নহয় জানো। বাবাই আৰম্ভণিৰ পৰা ধৰি গোটেই চক্ৰ বুজাই থাকে। তোমালোকৰ বুদ্ধি গোটেই চক্ৰ পৰিক্ৰমা কৰি আহি দাঁতিকাষত থিয় হৈ যাব লাগে আৰু কোনো ধৰণৰ বাহিৰৰ বাতাৱৰণৰ জঞ্জাল যাতে নাথাকে। দিনে-প্ৰতিদিনে তোমালোক সন্তানসকল শান্তিতহে যাব লাগে। সময় নষ্ট কৰিব নালাগে। পুৰণি সৃষ্টিক এৰি নতুন সম্বন্ধৰ সৈতে নিজৰ বুদ্ধিৰ যোগসূত্ৰ গঢ়া। যোগসূত্ৰ নগঢ়িলে তেন্তে পাপ কেনেকৈ খণ্ডন হ’ব? তোমালোকে জানা এই সৃষ্টিয়েই শেষ হ'ব, ইয়াৰ আৰ্হি (মডেল) কিমান সৰু। 5 হাজাৰ বছৰৰ সৃষ্টি। আজমেৰত স্বৰ্গৰ আৰ্হি আছে কিন্তু কাৰোবাৰ স্বৰ্গৰ স্মৃতি আহিব জানো? তেওঁলোকে কি জানিব স্বৰ্গৰ বিষয়ে। ভাবে যে স্বৰ্গতো 40 হাজাৰ বছৰৰ পাছত আহিব। পিতাই তোমালোক সন্তানসকলক বহি বুজায় এই জগতত কাম-কাজ কৰি বুদ্ধিত এইটো স্মৃতি ৰাখা যে এইখন সৃষ্টিতো শেষ হৈ যাব। এতিয়া যাব লাগে, আমি পাছত থিয় হৈ আছোঁ। ওকনি সদৃশ খোজ দি থাকে। লক্ষ্য কিমান উচ্চ। পিতাইতো লক্ষ্যক জানে নহয় জানো। পিতাৰ লগত দাদাও একেলগে আছে। তেওঁ বুজায়, তেন্তে জানো এওঁ বুজাব নোৱাৰে। এৱোঁ শুনেতো, নহয় জানো। এওঁ জানো এনেকুৱা এনেকুৱা বিচাৰ সাগৰ মন্থন নকৰে? পিতাই তোমালোকক বিচাৰ সাগৰ মন্থন কৰিবলৈ সাৰ কথা (পইণ্টচ) শুনাই থাকে। এনেকুৱা নহয় যে বাবা বহুত পাছত আছে। হেৰ’, এওঁতো মোৰ পাচতে নেগুৰৰ দৰে ওলমি আছে আকৌ পাছত কেনেকৈ হ'ব। এই সকলোবোৰ গূঢ় কথা ধাৰণ কৰিব লাগে। গাফিলতি এৰি দিব লাগে। বাবাৰ ওচৰলৈ 2-2 বছৰৰ পাছত আহে। এইটো জানো স্মৃতিত থাকিব যে আমি সমীপত দাঁতিকাষত থিয় হৈ আছোঁ? এতিয়া যাব লাগে। এনেকুৱা অৱস্থা হৈ গ’লে তেন্তে বাকী কি লাগে? বাবাই এইটোও বুজাইছে - দ্বৈত মুকুটধাৰী...... এয়া কেৱল নামহে, বাকী একো জ্যোতিৰ (লাইটৰ) মুকুট তাত নাথাকে। এয়াতো পবিত্ৰতাৰ চিহ্ন। যিসকল ধৰ্ম প্ৰতিষ্ঠাপক আছে, তেওঁলোকৰ চিত্ৰবোৰত জ্যোতি নিশ্চয় দেখুৱায় কিয়নো তেওঁলোক নিৰ্বিকাৰী সতোপ্ৰধান হয় পুনৰ ৰজো তমোলৈ আহে। তোমালোক সন্তানসকলে জ্ঞান পোৱা, তাত মতলীয়া হৈ থাকিব লাগে। যদিওবা তোমালোক এই সৃষ্টিত আছা কিন্তু বুদ্ধিৰ যোগসূত্ৰ তাত লাগি থাকিব লাগে। এওঁৰ সৈতেও সম্বন্ধতো বজাই ৰাখিব লাগে, যিসকল এই কুলৰ হ'ব তেওঁলোক ওলাই আহিব। পুলি ৰোপণ কৰিব লাগে। যিসকল আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হ'ব তেওঁলোক নিশ্চয় আগে-পিছে আহিব। পাছত অহাসকলো আগত অহাসকলতকৈ তীব্ৰতাৰে আগবাঢ়িব। এয়া অন্তিমলৈকে হৈ থাকিব। তেওঁলোকে পুৰণিসকলতকৈ বেগাই খোজ আগবঢ়াব। গোটেই পৰীক্ষা হৈছে স্মৃতিৰ যাত্ৰাৰ। যদিও দেৰিকৈ আহিছে, স্মৃতিৰ যাত্ৰাত লাগি যায় আৰু সকলোবোৰ কাম-কাজ এৰি এইটো যাত্ৰাত বহি যায়, ভোজনতো কৰিবই লাগিব। ভালদৰে স্মৃতিত থাকিলে তেন্তে এই আনন্দৰ নিচিনা পথ্য নাই। এইটোৱেই চিন্তন চলি থাকিব - এতিয়া আমি যামগৈ। 21 জন্মৰ ৰাজ্য-ভাগ্য পোৱা যায়। লটাৰি পোৱাসকলৰ আনন্দৰ সীমা বাঢ়ি যায় নহয়। তোমালোকে বহুত পৰিশ্ৰম কৰিব লাগে। ইয়াকেই অন্তিম অমূল্য জীৱন বুলি কোৱা হয়। স্মৃতিত বহুত আনন্দ আছে। হনুমানেও পুৰুষাৰ্থ কৰি কৰি স্থিৰ হৈ গ’ল নহয় জানো। খেৰৰ জুমুঠিত জুই লাগিল, ৰাৱণৰ ৰাজ্য জ্বলি গ'ল। এয়া এটা কাহিনী ৰচি দিলে। পিতাই যথাৰ্থ কথা বহি বুজায়। ৰাৱণ ৰাজ্য নাশ হৈ যাব। স্থিৰ বুদ্ধি ইয়াক কোৱা হয়। বচ, এতিয়া নাতিদূৰত, আমি গৈ আছোঁ। এই স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰা তেতিয়া আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব, আয়ুসো যোগবলেৰে বাঢ়ে। তোমালোকে এতিয়া দৈৱীগুণ ধাৰণ কৰা পুনৰ সেয়া আধাকল্প চলে। এই এটা জন্মত তোমালোকে ইমান পুৰুষাৰ্থ কৰা যে তোমালোক এনেকুৱা লক্ষ্মী-নাৰায়ণ হোৱাগৈ। গতিকে কিমান পুৰুষাৰ্থ কৰিব লাগে। এই ক্ষেত্ৰত গাফিলতি বা সময় নষ্ট কৰিব নালাগে, যিয়ে কৰিব তেৱেঁই পাব। পিতাই শিক্ষা দি থাকে। তোমালোকে বুজি পোৱা – কল্পই কল্পই আমি বিশ্বৰ মালিক হওঁ, ইমান কম সময়ত চমৎকাৰ কৰি দিয়ে। গোটেই সৃষ্টিক সলনি কৰি দিয়ে। পিতাৰ কাৰণে কোনো ডাঙৰ কথা নহয়। কল্পই কল্পই কৰে। পিতাই বুজায় - চলোঁতে-ফুৰোঁতে, খোৱা-লোৱা কৰোঁতে নিজৰ বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে ৰাখা। এইটো গুপ্ত কথা পিতাইহে সন্তানসকলক বহি বুজায়। নিজৰ অৱস্থাক ভালদৰে গঢ়ি গৈ থাকা। নহ'লে উচ্চ পদ নাপাবা। তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পৰিশ্ৰম কৰা। বুজি পোৱা যে এতিয়াতো আমি দাঁতিকাষত থিয় হৈ আছোঁ। পুনৰ পাছলৈ আমি কি চাওঁ? আগলৈ খোজ আগবঢ়াই থাকে। ইয়াত অন্তৰ্মুখতা (আত্মমন্থন) বহুত লাগে, সেয়েহে কাছৰো উদাহৰণ আছে। এই উদাহৰণ আদি সকলোবোৰ তোমালোকৰ কাৰণে। সন্যাসীসকলতো হৈছেই হঠযোগী, তেওঁলোকেতো ৰাজযোগ শিকাব নোৱাৰে। তেওঁলোকে শুনিলে তেতিয়া ভাবে যে এওঁলোকে আমাক অপমান কৰে সেয়েহে এইটোও যুক্তিৰে লিখিব লাগে। পিতাৰ অবিহনে ৰাজযোগ কোনেও শিকাব নোৱাৰে। আওপকীয়াকৈ কোৱা হয় – যাতে খেয়াল নকৰে (বিতুষ্ট নহয়)। যুক্তিৰে চলিবলগীয়া হয় নহয় জানো, যে সাপো মৰক লাঠিও নাভাঙক। কুটুম্ব-পৰিয়াল আদি সকলোৰে প্ৰতি প্ৰীতি ৰাখা কিন্তু বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে গঢ়ি তুলিব লাগে। তোমালোকে জানা আমি এতিয়া এজনৰ মতত আছোঁ। এয়া হৈছে দেৱতা হোৱাৰ মত, ইয়াকেই অদ্বৈত (এক) মত বুলি কোৱা হয়। সন্তানসকল দেৱতা হ'ব লাগে। কিমানবাৰ তোমালোক হৈছা? অনেকবাৰ। এতিয়া তোমালোক সংগমযুগত থিয় হৈ আছা। এইটো অন্তিম জন্ম হয়। এতিয়াতো যাব লাগে। পাচলৈ কি চাব লাগে। দেখিও নিজৰ অটল স্থিতিত তোমালোক থিয় হৈ থাকা। লক্ষ্যক পাহৰিব নালাগে। তোমালোকেই মহাবীৰ হোৱা যিসকল মায়াৰ ওপৰত বিজয়ী হয়। এতিয়া তোমালোকে বুজি পোৱা - পৰাজয় আৰু জয়ৰ এই চক্ৰ ঘূৰি থাকে। বাবাৰ কিমান আশ্চৰ্যকৰ জ্ঞান। এইটো জানিছিলা জানো যে নিজক বিন্দু বুলি বুজিব লাগে, ইমান সূক্ষ্ম বিন্দুত গোটেই ভূমিকা নিহিত হৈ আছে যে চক্ৰ ঘূৰি থাকে। বহুত আশ্চৰ্যকৰ। আশ্চৰ্য বুলি কৈ এৰিবলগীয়াই হয়। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) পাছলৈ ঘূৰি চাব নালাগে। কোনোধৰণৰ কথাত থমকি ৰৈ যাব নালাগে। এজন পিতাৰ ফালে চাই থাকি নিজৰ অৱস্থা একৰস কৰি ৰাখিব লাগে।

(2) বুদ্ধিত স্মৃতি ৰাখিব লাগে যে এতিয়া আমি দাঁতিকাষত থিয় হৈ আছোঁ। ঘৰলৈ যাব লাগে, গাফিলতি এৰি দিব লাগে। নিজৰ অৱস্থা গঢ়ি তুলিবলৈ গুপ্ত পৰিশ্ৰম কৰিব লাগে।

বৰদান:

বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ) সেৱাৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ কাৰ্য সম্পন্ন কৰোঁতা সঁচা সেৱাধাৰী হোৱা

বিহংগ মাৰ্গৰ সেৱা কৰিবলৈ সংগঠিত ৰূপত "জ্ঞানী আৰু যোগী" এই দুয়োটা কথাৰ সন্তুলনৰ আৱশ্যক। যিদৰে যোগী ৰূপৰ দ্বাৰা একে সময়ত অনেক আত্মাক বাৰ্তা দিয়াৰ কাৰ্য কৰা সেইদৰে জ্ঞানী অৰ্থাৎ স্মৃতিৰ শক্তিৰ দ্বাৰা, শ্ৰেষ্ঠ সংকল্পৰ শক্তিৰ দ্বাৰা বিহংগ মাৰ্গৰ সেৱা কৰা। ইয়াৰো আৱিস্কাৰ (উপায়) উলিওৱা। লগতে সংগঠিত ৰূপত দৃঢ় সংকল্পৰে পুৰণা সংস্কাৰ, স্বভাৱ বা পুৰণা চলনৰ তিল বা যৱ যজ্ঞত আহুতি দিয়া তেতিয়া বিশ্ব পৰিৱৰ্তনৰ কাৰ্য সম্পন্ন হ'ব অথবা যজ্ঞৰ সমাপ্তি হ'ব।

শ্লোগান:

বালক আৰু মালিকভাৱৰ সন্তুলনৰ দ্বাৰা পৰিকল্পনাক বাস্তৱায়িত কৰা।

!! ওঁম্ শান্তি !!

ওঁম্ শান্তি!!