21.05.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লবলৈ আহিছা, ইয়াত হদৰ (সীমিত) কোনো কথা নাই, তোমালোকে বৰ উৎসাহেৰে পিতাক স্মৰণ কৰিলে পুৰণি সৃষ্টি পাহৰি যাবা

প্ৰশ্ন:
কোনটো এটা কথা তোমালোকে নিজে বাৰে বাৰে মন্থণ কৰি দৃঢ় কৰিব লাগে?

উত্তৰ:
মই আত্মা হওঁ, মই পৰমাত্মা পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। আত্মাসকল হৈছে সন্তান, পৰমাত্মা হৈছে পিতা। এতিয়া সন্তান আৰু পিতাৰ মেলা হৈছে। এইটো কথা বাৰে বাৰে মন্থন কৰি দৃঢ় কৰা। যিমানে আত্মা-অভিমানী হৈ গৈ থাকিবা, দেহ-অভিমান আঁতৰি যাব।

গীত:
জো পিয়া কে সাথ হে... (যি প্ৰিয়তমৰ লগত আছে...)

ওঁম্শান্তি।
সন্তানসকলে জানে যে আমি বাবাৰ লগত বহি আছোঁ - এয়া হৈছে আটাইতকৈ জ্যেষ্ঠ বাবা, সকলোৰে বাবা। বাবাৰ আগমন হৈছে। পিতাৰ পৰা কি পোৱা যায়, এইটোতো প্ৰশ্নই নুঠে। পিতাৰ পৰা উত্তৰাধিকাৰেই পোৱা যায়। এওঁ হৈছে সকলোৰে বেহদৰ পিতা যাৰ পৰা বেহদৰ সুখ, বেহদৰ প্ৰপাৰ্টী (সম্পত্তি) পোৱা যায়। সেইবোৰ হৈছে হদৰ ধন-সম্পত্তি। কাৰোবাৰ লগত হাজাৰ, কাৰোবাৰ পাঁচ হাজাৰ থাকিব। কাৰোবাৰ লগত 10-20-50 কোটি, আৰব (এক লক্ষ কোটি) থাকিব। এতিয়া সেয়াতো সকলো হৈছে লৌকিক বাবা আৰু হদৰ (সীমিত; লৌকিকৰ) সন্তান। ইয়াত তোমালোক সন্তানসকলে বুজি পোৱা যে আমি বেহদৰ পিতাৰ ওচৰলৈ আহিছোঁ বেহদৰ প্ৰপাৰ্টী লবলৈ। অন্তৰত আশাতো থাকে নহয় জানো। স্কুলৰ বাহিৰে বাকী সৎসংগ আদিত কোনো আশা নাথাকে। কব যে শান্তি লাগে, সেয়াতো পাব নোৱাৰে। ইয়াত তোমালোক সন্তানসকলে বুজি পোৱা যে আমি আহিছোঁ বিশ্বৰ নতুন সৃষ্টিৰ মালিক হবলৈ। নহলে ইয়ালৈ কিয় আহিবা। সন্তানৰ সংখ্যা কিমান বৃদ্ধি হৈ গৈ থাকে! এনেকৈ কয় যে বাবা আমিতো বিশ্বৰ মালিক হবলৈ আহিছোঁ, হদৰ কোনো কথা নাই। বাবা আপোনাৰ পৰা আমি বেহদ স্বৰ্গৰ উত্তৰাধিকাৰ লবলৈ আহিছোঁ। কল্পই কল্পই আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ আকৌ মায়া মেকুৰীয়ে কাঢ়ি লয়, সেইকাৰণে ইয়াক হৰা-জিকাৰ খেল বুলি কোৱা হয়। পিতাই বহি সন্তানসকলক বুজায়। সন্তানসকলেও ক্ৰম অনুসৰি বুজে, এওঁ কোনো সাধু-সন্ত নহয়। যেনেকৈ তোমালোকে কাপোৰ (শৰীৰ) পাইছা তেনেকৈ এৱোঁ পাইছে। এওঁ বাবা নহয় জানো। কোনোৱে সুধিব - তোমালোক কাৰ ওচৰলৈ যোৱা? কবা যে বাপদাদাৰ ওচৰলৈ যাওঁ। এয়াতো ফেমিলী (পৰিয়াল) হৈ গল। কিয় যায়, কি লবলৈ যায়? এয়াতো আন কোনেও বুজিব নোৱাৰে। কব নোৱাৰে যে আমি বাপদাদাৰ ওচৰলৈ যাওঁ, উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা যায়। ককাকৰ সম্পত্তিৰ ওপৰত সকলোৰে অধিকাৰ আছে। শিৱবাবাৰ অবিনাশী সন্তানতো (আত্মাতো) হয়েই আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ হোৱা বাবে নাতি-নাতিনী হলা। এতিয়া তোমালোকে জানা যে আমি আত্মা। এইটো বহুত দৃঢ়তাৰে মন্থন কৰি থাকিব লাগে। আমি আত্মাসকলে পৰমাত্মা পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। আমি আত্মাসকল আহি পিতাৰ সৈতে মিলিত হৈছোঁ। আগতেতো দেহবোধ আছিল। অমুক অমুক নামধাৰীসকলেহে প্ৰপাৰ্টী পায়। এতিয়াতো হৈছে আত্মাসকলে পৰমাত্মাৰ পৰা উত্তৰাধিকাৰ লয়। আত্মাসকল হৈছে সন্তান, পৰমাত্মা হৈছে পিতা। সন্তান আৰু পিতাৰ বহুত সময়ৰ পাচত মেলা লাগে। এবাৰেই লাগে। ভক্তিমাৰ্গত আকৌ অনেক আৰ্টিফিচিয়েল (কৃত্ৰিম) মেলা লাগি থাকে। এয়া হৈছে সকলোতকৈ ৱাণ্ডাৰফুল (আচৰিত) মেলা। আত্মাসকল আৰু পৰমাত্মা বহু কাল আঁতৰি থাকিল... কোন? তোমালোক আত্মাসকল। এইটোও তোমালোকে বুজি পোৱা যে আমি আত্মাসকল নিজৰ শ্বুইট চাইলেন্স (মিঠা শান্তিৰ) ঘৰত থাকোঁ। এতিয়া ইয়াত ভূমিকা পালন কৰি কৰি ভাগৰি গৈছা। গতিকে সন্ন্যাসী গুৰু আদিৰ ওচৰত গৈ শান্তি বিচৰা। এনেকৈ ভাবে যে তেওঁলোকে ঘৰ-সংসাৰ এৰি জংঘললৈ যায়, তেওঁলোকৰ পৰা শান্তি পোৱা যাব। কিন্তু এনেকুৱা নহয়। এতিয়াতো সকলো (সন্ন্যাসীসকল) চহৰলৈ আহি গৈছে। জংঘলত গুহাবোৰ খালী হৈ আছে। গুৰু হৈ চহৰত বহি আছে। নহলেতো তেওঁলোকে নিবৃত্তি মাৰ্গৰ জ্ঞান দি পবিত্ৰতাৰ পাঠ শিকাব লাগে। আজি কালি চোৱা তেওঁলোকে বিবাহ আদিও কৰোৱাই থাকে।

তোমালোক সন্তানসকলেতো নিজৰ যোগবলেৰে নিজৰ কৰ্মেন্দ্ৰিয়সমূহক বশীভূত কৰা। কৰ্মেন্দ্ৰিয়সমূহ যোগবলেৰে শীতল হৈ যাব। কৰ্মেন্দ্ৰিয়সমূহত চঞ্চলতা আহে নহয় জানো। এতিয়া কৰ্মেন্দ্ৰিয়সমূহৰ ওপৰত বিজয়ী হব লাগে যাতে কোনো চঞ্চলতা নাহে। যোগবল অবিহনে কৰ্মেন্দ্ৰিয়সমূহ বশীভূত হোৱাতো ইমপচিবল (অসম্ভৱ)। পিতাই কয় - কৰ্মেন্দ্ৰিয়সমূহৰ চঞ্চলতা যোগবলেৰেহে নোহোৱা হব। যোগবলৰ শক্তিতো আছে নহয় জানো। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। আগলৈ গৈ কৰ্মেন্দ্ৰিয়সমূহৰ চঞ্চলতা নাথাকিব। সত্যযুগততো কোনো লেতেৰা বেমাৰ নাথাকে। ইয়াত তোমালোকে কৰ্মেন্দ্ৰিয়সমূহক বশীভূত কৰি যোৱা গতিকে তাত কোনোধৰণৰ লেতেৰা কথা নাথাকে। নামেই হৈছে স্বৰ্গ। সেয়া পাহৰি যোৱাৰ কাৰণে লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়ালৈকে মন্দিৰ নিৰ্মাণ কৰিয়েই আছে। যদি লাখ লাখ বছৰ হয় তেন্তে কথাবোৰেই স্মৃতিত নাথাকিব। এই মন্দিৰ আদি কিয় নিৰ্মাণ কৰে? কিয়নো তাত কৰ্মেন্দ্ৰিয়সমূহ শীতল হৈ থাকে কোনো চঞ্চলতা নাথাকে। শিৱবাবাৰতো কৰ্মেন্দ্ৰিয় নাই। বাকী আত্মাত জ্ঞানতো গোটেই আছে নহয় জানো। তেৱেঁই শান্তিৰ সাগৰ, সুখৰ সাগৰ। তেওঁলোকে কয় - কৰ্মেন্দ্ৰিয় বশ হব নোৱাৰে। পিতাই কয় - যোগবলেৰে তোমালোকে কৰ্মেন্দ্ৰিয়সমূহক বশ কৰিবা। পিতাৰ স্মৃতিত থাকিবা। কোনো নীতিবহিৰ্ভূত কাম কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰিব নালাগে। এনেকুৱা লাভলি (মৰমিয়াল) পিতাক স্মৰণ কৰোঁতে কৰোঁতে তেওঁৰ প্ৰেমত আনন্দৰ চকুলো বৈ যাব লাগে। আত্মা পৰমাত্মাত লীন হৈতো নাযায়। পিতা এবাৰেই মিলিত হয়, যেতিয়া শৰীৰ লোণত লয় তেন্তে এনেকুৱা পিতাৰ সৈতে কিমান মৰমেৰে চলিব লাগে। বাবা (ব্ৰহ্মাবাবা) জপিয়াই উঠিছিল নহয়। অহো! (শিৱ) বাবাই বিশ্বৰ মালিক কৰি তোলে তেন্তে এই ধন মাল (সামগ্ৰী) কি কৰিম, সকলোবোৰ ত্যাগ কৰি দিওঁ। যেনেকৈ পাগল লোক থাকে নহয়। সকলোৱে কবলৈ ধৰিলে - এওঁৰ বহি বহি কি হল। ব্যৱসায় আদি সকলো এৰি থৈ গুচি আহিল। আনন্দৰ সীমা বাঢ়ি গল। সাক্ষাৎকাৰ হবলৈ ধৰিলে। ৰাজ্য-ভাগ্য পোৱা যায় কিন্তু কেনেকৈ পাম, কি হব? এইবোৰ একোৱে নাজানিছিল। মাত্ৰ পোৱা যাব, সেইটো আনন্দতে সকলোবোৰ ত্যাগ কৰিলে। আকৌ লাহে লাহে জ্ঞান পাবলৈ ধৰিলে। তোমালোক সন্তানসকল ইয়াত স্কুললৈ আহিছা, এইম-অবজেক্ট (লক্ষ্য-উদ্দেশ্য) আছে নহয় জানো। এয়া হৈছে ৰাজযোগ। বেহদৰ পিতাৰ পৰা ৰাজ্য-ভাগ্য লবলৈ আহিছা। সন্তানসকলে জানে আমি তেওঁৰ পৰা পঢ়োঁ, যাক স্মৰণ কৰিছিলোঁ যে বাবা আহি আমাৰ দুখ হৰণ কৰক, সুখ দিয়ক। কন্যা সন্তানসকলে কয় আমি যাতে কৃষ্ণৰ দৰে সন্তান পাওঁ। হেৰ সেয়াতো বৈকুণ্ঠত পাবা। কৃষ্ণ বৈকুণ্ঠৰ হয়, তেওঁক তোমালোকে দোলোৱা, গতিকে তেওঁৰ নিচিনা সন্তান বৈকুণ্ঠতহে পাবা নহয় জানো। এতিয়া তোমালোক বৈকুণ্ঠৰ বাদশ্বাহী (সাম্ৰাজ্য) লবলৈ আহিছা। তাত নিশ্চয় প্ৰিন্স-প্ৰিন্সেজ (ৰাজকুমাৰ-ৰাজকুমাৰী) হে পাবাগৈ। পবিত্ৰ সন্তান লাভ কৰাৰ আশাও পূৰ্ণ হয়। হওতে প্ৰিন্স-প্ৰিন্সেজ ইয়াতো বহুত আছে কিন্তু নৰকবাসী। তোমালোকে বিচৰা স্বৰ্গবাসীক। পঢ়াতো বহুত সহজ। পিতাই কয় - তোমালোকে বহুত ভক্তি কৰিলা, হাবাথুৰি খালা। তোমালোক কিমান আনন্দেৰে তীৰ্থ আদিলৈ যোৱা। অমৰনাথলৈ যায়, এনেকৈ ভাবে যে তাত শঙ্কৰে পাৰ্বতীক অমৰকথা শুনালে। অমৰনাথৰ সত্য কথা এতিয়া তোমালোকে শুনা। এয়াতো পিতাই বহি তোমালোকক শুনায়। তোমালোক পিতাৰ ওচৰলৈ আহিছা। এইটো জানা যে এওঁ ভাগ্যশালী ৰথ, এওঁ এই ৰথ (ব্ৰহ্মাৰ শৰীৰ) লোণত লৈছে। আমি শিৱবাবাৰ ওচৰলৈ যাওঁ, তেওঁৰে শ্ৰীমতত চলিম। কিবা সুধিবলগীয়া হলে পিতাক সুধিব পাৰা। কোনোৱে কয় - বাবা মই জ্ঞান বুজাব নোৱাৰো। এয়াতো তোমালোকে পুৰুষাৰ্থ কৰা, এই ক্ষেত্ৰত পিতাই কি কৰিব পাৰে।

পিতাই তোমালোক সন্তানসকলক শ্ৰেষ্ঠ হোৱাৰ সহজ ৰাস্তা দেখুৱায় - এটা হৈছে কৰ্মেন্দ্ৰিয়সমূহক বশীভূত কৰা, দ্বিতীয়টো হৈছে দৈৱী গুণ ধাৰণ কৰা। কোনোবাই ক্ৰোধ আদি কৰিলে নুশুনিবা। এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিবা। যিবোৰ ইভিল (বেয়া) কথা পছন্দ নহয়, সেইবোৰ নুশুনিবাই। চোৱা, পতিয়ে ক্ৰোধ কৰে, মাৰপিত কৰে তেতিয়া কি কৰা উচিত? যেতিয়া দেখিবা পতিয়ে ক্ৰোধ কৰিছে তেতিয়া তেওঁৰ ওপৰত ফুল চটিয়াবা (মধুৰতাৰে কবা)। হাঁহি থাকিবা। যুক্তিতো (উপায়তো) বহুত আছে। কামাতুৰ, ক্ৰোধী থাকে নহয় জানো। অবলাসকলে (দুৰ্বলা নাৰীসকলে) মিনতি কৰে। এগৰাকী দ্ৰৌপদী নহয়, সকলোৱে দ্ৰৌপদী। এতিয়া পিতা আহিছে নগ্ন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ। পিতাই কয় - এই মৃত্যুলোকত এয়া তোমালোকৰ অন্তিম জন্ম। মই তোমালোক সন্তানসকলক শান্তিধামলৈ লৈ যাবলৈ আহিছোঁ। তালৈ পতিত আত্মাতো যাব নোৱাৰে, সেই কাৰণে মই আহি সকলোকে পবিত্ৰ কৰি তোলো। যিয়ে যি ভূমিকা পাইছে সেয়া সম্পূৰ্ণ কৰি এতিয়া ঘৰলৈ উভতিব লাগে। গোটেই বৃক্ষৰ (কল্পবৃক্ষৰ) ৰহস্য বুদ্ধিত আছে। বাকী বৃক্ষৰ পাতবোৰ কোনোবাই গণিব পাৰিব জানো। গতিকে পিতায়ো মূল কথা বুজায় বীজ আৰু বৃক্ষ। বাকী মনুষ্যতো বহুত আছে। বাবাই জানো এজন এজনৰ অন্তৰৰ কথাৰ বুজ লব। মনুষ্যই ভাবে - ভগৱানতো অন্তৰ্যামী হয়, প্ৰত্যকৰে অন্তৰৰ কথা জানে। এই সকলোবোৰ হৈছে অন্ধশ্ৰদ্ধা।

পিতাই কয় - তোমালোকে মোক আহ্বান কৰা যে আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক, ৰাজযোগ শিকাওঁক। এতিয়া তোমালোকে ৰাজযোগ শিকি আছা। পিতাই কয় - মোক স্মৰণ কৰা। পিতাই এইটো মত দিয়ে নহয় জানো। পিতাৰ শ্ৰীমত আৰু গতি সকলোতকৈ অনন্য। মত অৰ্থাৎ ৰায় যাৰ দ্বাৰা আমাৰ সৎগতি হয়। সেই এজন পিতাই হৈছে আমাৰ সৎগতি কৰোঁতা, দ্বিতীয় কোনো নাই। এই সময়তে আহ্বান কৰে। সত্যযুগততো আহ্বান নকৰে। এতিয়াহে কয় - সকলোৰে সৎগতি দাতা এজন ৰাম। যেতিয়া মালা ঘূৰাই থাকে তেতিয়া ঘূৰাওঁতে ঘুৰাওঁতে যেতিয়া ফুল আহি পায় তেতিয়া তেওঁক ৰাম বুলি কৈ চকুত লগায়। জপিব লাগে একমাত্ৰ ফুলক। বাকীবোৰ হৈছে তেওঁৰ পবিত্ৰ ৰচনা। মালাৰ বিষয়ে তোমালোকে ভালদৰে জানি গৈছা। যিসকলে পিতাৰ সৈতে ছাৰ্ভিচ (সেৱা) কৰে এইডাল তেওঁলোকৰ মালা। শিৱবাবাক ৰচয়িতা বুলি কোৱা নহব। ৰচয়িতা বুলি কলে প্ৰশ্ন উঠিব যে কেতিয়া ৰচনা কৰিলে? প্ৰজাপিতা ব্ৰহ্মাই এতিয়া সংগমতে ব্ৰাহ্মণসকলক ৰচনা কৰে নহয় জানো। শিৱবাবাৰ ৰচনাতো অনাদি আছেই। কেৱল পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতা আহে। এতিয়াতো হৈছে পুৰণি সৃষ্টি। নতুন সৃষ্টিত থাকে দেৱতাসকল। এতিয়া শূদ্ৰসকলক কোনে দেৱতা কৰি তুলিব। এতিয়া তোমালোক পুনৰাই হোৱা। এইটো জানা যে পিতাই আমাক শূদ্ৰৰ পৰা ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা দেৱতা কৰি তোলে। এতিয়া তোমালোক দেৱতা হবৰ কাৰণে ব্ৰাহ্মণ হৈছা। মনুষ্য সৃষ্টি ৰচোঁতা হৈছে ব্ৰহ্মা যিজন মনুষ্য সৃষ্টিৰ হেড (মুখ্য) হয়। বাকী আত্মাসকলৰ অবিনাশী পিতাতো শিৱ হয়েই। এই সকলোবোৰ নতুন কথা তোমালোকে শুনা। যিসকল বুদ্ধিমান তেওঁলোকে ভালদৰে ধাৰণ কৰে। লাহে লাহে তোমালোকৰো বৃদ্ধি হৈ যাব। এতিয়া তোমালোক সন্তানসকলৰ স্মৃতি জাগ্ৰত হৈছে, আমিয়ে আচলতে দেৱতা আছিলোঁ আকৌ 84 জন্ম কেনেকৈ লওঁ। তোমালোকে সকলো ৰহস্য জানা। অধিক কথালৈ যোৱাৰ দৰকাৰেই নাই।

পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লবৰ কাৰণে মুখ্য কথা পিতাই কয় এটা হৈছে মোক স্মৰণ কৰা, দ্বিতীয়তে পবিত্ৰ হোৱা। স্বদৰ্শন চক্ৰধাৰী হোৱাআৰু নিজৰ সমান কৰি তোলা। কিমান সহজ। কেৱল স্মৃতি স্থায়ী হৈ নাথাকে। নলেজ (জ্ঞান)তো বহুত সহজ। এতিয়া পুৰণি সৃষ্টি নাশ হব। আকৌ সত্যযুগত নতুন সৃষ্টিত দেৱী-দেৱতাসকলে ৰাজত্ব কৰিব। এইখন সৃষ্টিত আটাইতকৈ পুৰণি হৈছে এই দেৱতাসকলৰ চিত্ৰবোৰ বা তেওঁলোকৰ মহল আদি। তোমালোকে কবা - আটাইতকৈ পুৰণি আমি বিশ্বৰ মহাৰজা-মহাৰাণী আছিলোঁ। শৰীৰতো শেষ হৈ যায়। বাকী চিত্ৰ তৈয়াৰ কৰি থাকে। এতিয়া এইটো কোনোবাই জানে জানো, এই লক্ষ্মী-নাৰায়ণ যিয়ে ৰাজত্ব কৰিছিল তেওঁলোক কলৈ গল? ৰাজ্য কেনেকৈ ললে? বিৰলাই (এজন উদ্যোগপতি) ইমানবোৰ মন্দিৰ নিৰ্মাণ কৰিছে, কিন্তু নাজানে। ধন পাই থাকে আৰু নিৰ্মাণ কৰি গৈ থাকে। এনেকৈ ভাবে যে এয়া দেৱতাসকলৰ কৃপা। এজন শিৱৰ পূজা কৰাতো হৈছে অব্যভিচাৰী ভক্তি। জ্ঞান দিওঁতাতো জ্ঞান সাগৰ এজনেই, বাকী হৈছে ভক্তি মাৰ্গ। জ্ঞানেৰে আধাকল্প সৎগতি হয় তেতিয়া ভক্তিৰ দৰকাৰ নাথাকে। জ্ঞান, ভক্তি, বৈৰাগ্য। এতিয়া ভক্তিৰ প্ৰতি, পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। পুৰণি সকলো এতিয়া নাশ হৈ যাব, ইয়াৰ প্ৰতি কি আসক্তি ৰাখিবা। এতিয়াতো নাটক সম্পূৰ্ণ হয়, আমি ঘৰলৈ যাওঁ। সেইটো আনন্দ থাকে। কোনোৱে ভাবে মোক্ষ পোৱাতো ভাল কথা তেতিয়া আৰু ইয়ালৈ নাহিমেই। আত্মা বুৰবুৰণিৰ দৰে যি সাগৰত মিলি যায়। এই সকলোবোৰ মিছা কথা। এক্টৰেতো (ভাৱৰীয়াই) এক্ট (কৰ্মকাণ্ড) নিশ্চয় কৰিবই। যি ঘৰত বহি থাকে তেওঁ জানো এক্টৰ হল। মোক্ষ নাপায়। এইখন ড্ৰামা অনাদি ৰচি থোৱা আছে। ইয়াত তোমালোকে কিমান নলেজ পোৱা। মনুষ্যৰ বুদ্ধিততো একোৱে নাই। তোমালোকৰ ভূমিকাই হৈছে - পিতাৰ পৰা জ্ঞান লোৱা, উত্তৰাধিকাৰ লোৱা। তোমালোক ড্ৰামাৰ বান্ধোনত বান্ধ খাই আছা। পুৰুষাৰ্থ নিশ্চয় কৰিবা। এনেকুৱা নহয় যে ড্ৰামাত থাকিলে পাম। তেনেহলে বহি থাকা। কিন্তু কৰ্মৰ অবিহনে কোনেও থাকিব নোৱাৰে। কৰ্ম সন্ন্যাস হবই নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগবলৰ শক্তিৰে নিজৰ কৰ্মেন্দ্ৰিয়সমূহক শীতল কৰিব লাগে। অধীনত ৰাখিব লাগে। ইভিল (বেয়া) কথা শুনিবও নালাগে আৰু শুনাবও নালাগে। যিবোৰ কথা পছন্দ নহয় সেয়া এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিব লাগে।

(2) পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লবলৈ স্বদৰ্শন চক্ৰধাৰী হব লাগে, পবিত্ৰ হৈ নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে।

বৰদান:
শক্তিশালী সেৱাৰ দ্বাৰা নিৰ্বলীক বল দিওঁতা সঁচা সেৱাধাৰী হোৱা

সঁচা সেৱাধাৰীৰ বাস্তৱিক বিশেষত্ব হৈছে - নিৰ্বলীক বল দিয়াৰ নিমিত্ত হোৱা। সেৱাতো সকলোৱে কৰে কিন্তু সফলতাত যি অন্তৰ দেখা যায় তাৰ কাৰণ হৈছে সেৱাৰ সাধনসমূহত শক্তিৰ অভাৱ। যিদৰে তৰোৱালত ধাৰ নাথাকিলে সি তৰোৱালৰ কাম নকৰে, সেইদৰে সেৱাৰ সাধনসমূহত যদি স্মৃতি ৰূপী শক্তিৰ ধাৰ নাথাকে তেতিয়া সফলতা পোৱা নাযায় সেইকাৰণে শক্তিশালী সেৱাধাৰী হোৱা, নিৰ্বলীক বল দি কোৱালিটি (গুণ) সম্পন্ন আত্মা তৈয়াৰ কৰা তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হব।

স্লোগান:
সকলো পৰিস্থিতিকে উৰন্ত কলাৰ সাধন বুলি বুজি সদায় উৰি থাকা।