21.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল দেৱতাসকলতকৈও উচ্চ এয়া তোমালোকৰ ব্ৰাহ্মণ জীৱন কিয়নো এই সময়ত তোমালোকে তিনিও লোক আৰু তিনিও কালক জানা, তোমালোক ঈশ্বৰীয় সন্তান

প্ৰশ্ন:
তোমালোক সন্তানসকলে এতিয়া কোনটো উচ্চ শিখৰ আৰোহণ কৰা?

উত্তৰ:
মনুষ্যৰ পৰা দেৱতা হোৱা - এয়া উচ্চ শিখৰ হয়, য'ত তোমালোকে আৰোহণ কৰি আছা। এনেকৈ কয়ো যে আৰোহণ কৰিলে প্ৰেম ৰসৰ সোৱাদ লয়..... এয়া বহুত দীঘলীয়া আৰোহণ। কিন্তু আচৰিত কথা যে আৰোহণ এক চেকেণ্ডত কৰা, অৱৰোহণ কৰিবলৈ সময় লাগে।

প্ৰশ্ন:
পাপৰ কলহ ফুটিলেহে জয়জয়কাৰ হয়, ইয়াৰ কোনটো চিহ্ন ভক্তি মাৰ্গত আছে?

উত্তৰ:
দেখুৱায় কলহৰ পৰা সীতা ওলাল.... অৰ্থাৎ যেতিয়া পাপৰ কলহ ভৰপূৰ হৈ ফুটিল তেতিয়া সীতা আৰু ৰাধাৰ জন্ম হয়।

গীত:-
ইচ্ পাপ কী দুনিয়া চে (এই পাপৰ সৃষ্টিৰ পৰা...)

ওঁম্শান্তি।
মৰমৰ সন্তানসকলে ভক্তি মাৰ্গৰ গীতটি শুনিলে। আহ্বান জনায় যে এই পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ লৈ যাওক। অশান্তিৰ সৃষ্টিৰ পৰা শান্তিৰ সৃষ্টিলৈ লৈ যাওক। বুদ্ধিত আছে যে কোনোবা অন্য সৃষ্টি আছে, য'ত শান্তিও আছিল, সুখো আছিল। মহাৰজা, মহাৰাণী, লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, যিসকলৰ চিত্রও ইয়াত আছে। মনুষ্যই যি ইতিহাস-ভূগোল পঢ়ে সেয়াতো যেন আধা সৃষ্টিৰ। আধাকল্পৰো নহয়। সত্যযুগ ত্ৰেতাৰ বিষয়েতো কোনেও গম নাপায়। চকুৱেই বন্ধ হৈ আছে। যেন কণাহে। বিশ্বৰ ইতিহাস-ভূগোল কোনেও নাজানেই। বিশ্ব কিমান ডাঙৰ। কেতিয়া নতুন বিশ্ব আৰম্ভ হল আকৌ পুৰণি হয়, পুনৰ পুৰণিৰ পৰা কেতিয়া নতুন হয়, এয়া তোমালোক সন্তানসকলে এতিয়া জানা। হ'বতো নিশ্চয় নহয় জানো। সোণালী, ৰূপালী, তাম্ৰ, লৌহত আহিবই লাগে। কলিযুগৰ পাছত সত্যযুগ পুনৰ নিশ্চয় হ'ব। সংগমত সত্যযুগ স্থাপন কৰোঁতাজন আহিব। এইটো বুজাবৰ কাৰণে বহুত যুক্তি আছে। কলিযুগক সত্যযুগ কৰি তোলোঁতাজন পিতাই হয়। ইমান সহজ কথাবোৰো কাৰো বুদ্ধিত উদয় নহয় কিয়নো বুদ্ধিত মায়াৰ তলা লাগি আছে। পৰমপিতা পৰমাত্মাৰ মহিমাও গায়ন কৰে, হে পৰমপিতা পৰমাত্মা, আপুনি বুদ্ধিমানৰো বুদ্ধি। বুদ্ধিহীনসকলক আপুনি বুদ্ধি দিয়ক। অন্য সকলো আসুৰি মত দিওঁতা হয়, শ্ৰেষ্ঠ মত দিওঁতা এজনেই পিতা। মনুষ্যই গায়ন কৰে কিন্তু বুজি একোৱেই নাপায়।

তোমালোক সন্তানসকলৰ এতিয়া তিনিওলোকৰ জ্ঞান আছে। এনেকুৱা নহয় কেৱল বিশ্বৰ জ্ঞান আছে, বিশ্বতকৈও আগৰ বিষয়ে তোমালোকে জানা। মূলবতন, সূক্ষ্মবতন, স্থূলবতন এই তিনিওলোকৰ জ্ঞান বুদ্ধিত আছে। তোমালোক স্কুলত পঢ়া, গতিকে পঢ়া পূৰ্ণ ৰীতি বুদ্ধিত থাকিব লাগে। তিনিওকালৰ জ্ঞান তোমালোকৰ বুদ্ধিত আছে। তোমালোক ত্ৰিকালদৰ্শী হোৱা। তোমালোকক ত্ৰিলোকীনাথ বুলি কোৱা নহব। ত্ৰিলোকীনাথ কোনো নহয়। ত্ৰিকালদৰ্শী শব্দটি ঠিক। তিনিও লোক, তিনিও কালক তোমালোকে জানা। যথাযথ আমি মূলবতনত থাকোঁ। আমি আত্মাসকল তাত নিবাস কৰোঁ। এই জ্ঞান আন কাৰো বুদ্ধিত নাই। এইটো তোমালোকে জানা পৰমপিতা পৰমাত্মা ত্ৰিকালদৰ্শী হয়। আদি-মধ্য-অন্ত তিনিও কালক আৰু ত্ৰিলোকক জানে। লক্ষ্মী-নাৰায়ণক বৈকুণ্ঠৰ নাথ বুলি ক'ব পাৰি কিন্তু ত্ৰিলোকীনাথ নহয়। তেওঁলোক হেভেন বা স্বৰ্গৰ মালিক। পিতাক স্বৰ্গৰ মালিক বুলি কব নোৱাৰি। গতিকে এয়াও বুজিবলগীয়া কথা। পৰমাত্মাৰ নিচিনা কোনো মনুষ্য হ'ব নোৱাৰে। এনেকৈ কয়ো যে পৰমাত্মা সৰ্বজ্ঞ, জ্ঞানপূৰ্ণ হয়, কিন্তু অৰ্থ বুজি নাপায়। ভাবে সৰ্বজ্ঞ হয় গতিকে সকলোৰে অন্তৰৰ কথা জানে চাগৈ। সৰ্বব্যাপী বুলি কৈ গ্লানি কৰি দিয়ে।

এতিয়া তোমালোকতো ঈশ্বৰীয় বংশাৱলী হোৱা পুনৰ দৈৱিক বংশাৱলী হ'বাগৈ। ঈশ্বৰ শ্ৰেষ্ঠ নে সত্যযুগৰ দেৱতাসকল শ্ৰেষ্ঠ? সেইসকল দেৱতাতকৈও শ্ৰেষ্ঠ হৈছে সূক্ষ্মবতনবাসী দেৱতাসকল। সূক্ষ্মবতনবাসী ব্ৰহ্মাক শ্ৰেষ্ঠ বুলি কবা নহয়! তেওঁ হয়েই অব্যক্ত। এওঁতো ব্যক্ত হয় নহয় জানো। এওঁ যেতিয়া পাৱন ফৰিস্তা হয় তেতিয়া মহিমা হয়। ব্ৰাহ্মণসকলক যদি এতিয়া অলংকাৰ দিয়া হয় তেন্তে সেই অস্ত্ৰ-শস্ত্ৰ শোভা নাপাব সেয়েহে বিষ্ণুৰ হাতত স্বদৰ্শন চক্ৰ দেখুৱায়। শংখ, চক্ৰ, গদা, পদ্ম এতিয়া ইয়াৰ অৰ্থও তোমালোকে বুজি গ'লা। সত্যযুগত লক্ষ্মী-নাৰায়ণকতো অস্ত্ৰ-শস্ত্ৰ নিদিব। এয়া এতিয়াৰ কথা। বাস্তৱত এয়া জ্ঞানৰ অস্ত্ৰ-শস্ত্ৰ। স্থূল অস্ত্ৰ-শস্ত্ৰৰ কথাই নাই। শাস্ত্ৰততো স্থূল অস্ত্ৰ-শস্ত্ৰ আদি আছে। পাণ্ডৱ আৰু কৌৰৱৰ সেনা দেখুৱাইছে, কিন্তু তাত মহিলাক দেখুওৱা নাই। পাণ্ডৱ সেনাত পুৰুষ দেখুৱায়। বাকী শক্তি সেনা ক'লৈ গ'ল । এয়া হৈছে গুপ্ত। কোনেও গম নাপায় যে এই শিৱ শক্তি সেনা ক'লৈ গ'ল। ইয়াৰ বৃতান্ত একোৱেই নেদেখুৱায়। শক্তিসকলে কেনেকৈ যুদ্ধ কৰিলে! সেনাতো দেখুৱায় নহয় জানো। কোনেও বুজি নাপায়, যিয়েই যি ক'লে তাকে লিখি দিলে। যথাৰ্থ ৰীতি এতিয়া তোমালোকে জানা। আমি সকলো ভাৱৰীয়া। প্ৰত্যেক আত্মাই নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। বাবা যাক ৰচয়িতা, নিৰ্দেশক, মুখ্য ভাৱৰীয়া বুলি কোৱা হয় তেওঁৰ দ্বাৰা তোমালোকে গোটেই নাটকৰ ৰহস্যক জানা। ইয়াত 4টা যুগ আছে অথবা 4টা ভাগ আছে, যাক যুগ বুলি কোৱা হয়। বাস্তৱত হয় 5টা, পঞ্চমটো হৈছে এইটো কল্যাণকাৰী যুগ। সত্যযুগ আৰু ত্ৰেতাৰ সংগমক কল্যাণকাৰী বুলি কোৱা নহয় কিয়নো অৱৰোহণ হৈ গৈ থাকে। সতোপ্ৰধান, সতো, ৰজো, তমো এয়া হৈছে ছিৰি। গতিকে ছিৰি অৱনমিত হবলগীয়াই হয়। জ্ঞানত তোমালোকে এবাৰেই ঘাটি পূৰণ কৰা তাৰপাছত ওপৰলৈ উঠা ছিৰি অৱনমিত হৈয়েই যোৱা। ছিৰি নামিবলৈ বহুত সহজ হয়। আৰোহণ কৰিবলৈ বহুত কঠিন হয়। তোমালোকে কিমান পৰিশ্ৰম কৰা। মনুষ্যৰ পৰা দেৱতা হোৱা উচ্চ আৰোহণ নহয় জানো। এনেকৈ কয় নহয় যে আৰোহণ কৰিলে প্ৰেম ৰসৰ সোৱাদ লয়.....। জানা যে এতিয়া আমি আৰোহণ কৰি আছোঁ। আকৌ অৱনমিত হলে তেতিয়া একদম হাড়মূৰ ভাঙি-ছিঙি যায়। কিমান সময় লাগে! এয়া বহুত দীঘলীয়া আৰোহণ। তোমালোকে জানা এতিয়া আমি আৰোহণ কৰি আছোঁ আকৌ অৱনমিত হম। আৰোহণ কৰিবলৈ এক চেকেণ্ড লাগে, পাছৰ ফালে অহাসকলে এক চেকেণ্ডত আৰোহণ কৰিব পাৰে। অবলাসকলৰ, মাতাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়। কন্যাসকলে মিনতি কৰে বাবা নগ্ন হোৱাৰ পৰা ৰক্ষা কৰক। অবলাসকলৰ ওপৰত অত্যাচাৰ বহুত হয়, মাৰে গতিকে তেওঁলোকৰ পাপৰ কলহ ভৰি যায়, যিটো ভৰপূৰ হৈ ফুটি যায়। দেখুৱায় নহয় - কলহৰ পৰা সীতা ওলাল। এতিয়া তোমালোক সঁচা সীতাসকল ওলাই আছা। ৰাধাও ওলাল সেইদৰে সীতাও ওলাল। ৰঘুপতি ৰাঘৱ ৰাজা ৰাম বুলি লিখা বাবে সীতাৰ নাম দি দিলে। জগত অম্বা, জগত পিতাহে পুনৰ ৰাজ-ৰাজেশ্বৰ, ৰাজ-ৰাজেশ্বৰী হয়। এওঁলোকেই লক্ষ্মী-নাৰায়ণ আছিল, আকৌ অন্তিমত চোৱা কি হৈ যায়! সত্যযুগত কোনো ইমান 33 কোটি মনুষ্য নাছিল। তাততো বহুত কমসংখ্যক থাকে। পাছলৈ বৃদ্ধি হৈ গৈ থাকে। দৈৱিক সম্প্ৰদায়েই পুনৰ্জন্ম লৈ লৈ আকৌ আসুৰি সম্প্ৰদায় হৈ যায়। এতিয়া আসুৰি সম্প্ৰদায়ক পুনৰ দৈৱিক সম্প্ৰদায় কৰি আছে। কল্পই কল্পই কৰি তোলে। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আহি গৈছে। তোমালোকেই ত্ৰিকালদৰ্শী হোৱা। তিনিও লোকৰো জ্ঞান প্ৰাপ্ত কৰিছা। তোমালোকে ক'বা আমি পূজ্য বৈকুণ্ঠৰ নাথ আছিলোঁ, এতিয়া পূজাৰী নৰকৰ নাথ হ'লোঁ। আমিয়ে সেয়াৰ অৰ্থ নজনাৰ কাৰণেই আত্মাই পৰমাত্মা বুলি কৈ দিয়ে। কিমান পাৰ্থক্যৰ সৃষ্টি কৰি দিলে। এতিয়া তোমালোকক বুজোৱা হৈছে, এয়া বিশ্বৰ ইতিহাস-ভূগোল। তোমালোকে এই বেহদৰ চক্ৰকো জানি গ'লা। তিনিও লোক, তিনিও কালকো তোমালোকে জানা।

এয়া গুপ্ত কথা পিতাই পঢ়ায়। কোনেও গম নাপায় - গীতাত জানো এনেকুৱা কথাবোৰ আছে। এই জ্ঞান যাৰ আছে তেওঁহে শিকাব। আকৌ নিজৰ ভূমিকা সেই সময়ত পুনৰাবৃত্তি কৰিব। যীশুখ্ৰীষ্টই নিজৰ ভূমিকা নিজৰ সময়ত পুনৰাবৃত্তি কৰিব। তোমালোকে জানা আমি সূৰ্যবংশী, চন্দ্ৰবংশী, বৈশ্য, শূদ্ৰ হওঁ। চক্ৰ ঘূৰি থাকে, ইছলামী, বৌদ্ধীয়ে আকৌ নিজৰ ভূমিকা পুনৰাবৃত্তি কৰিব। যেতিয়া এটা দেৱী-দেৱতা ধৰ্ম থাকে তেতিয়া অন্য কোনো ধৰ্ম নাথাকে। বিশ্বতো এখনেই। পিতাই ৰচয়িতা আৰু ৰচনাৰ ৰহস্য বুজাইছে, প্ৰতিগৰাকী মনুষ্যই হদৰ ব্ৰহ্মা। সন্তানক ৰচনা কৰে আকৌ সিহঁতৰ প্ৰতিপালন কৰে। ৰচনাই ৰচয়িতা পিতাকৰ পৰা উত্তৰাধিকাৰ পায়। ভায়ে, ভায়েকক উত্তৰাধিকাৰ দিয়ে এনেকুৱা কথা কেতিয়াবা শুনিছানে? সন্তানসকলে বুজি পায় এজনতো হৈছে হদৰ পিতা, সেইটোতো সকলোৱে গম পায়। হদৰ পিতাৰ পৰা হদৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। লৌকিক শিক্ষকে পঢ়ায়, পঢ়ালে জানো কোনোবা গোটেই সৃষ্টিৰ মালিক হয়, এয়া বেহদৰ কথা। হদৰ সকলোৱে সেইজন বেহদৰ পিতাক স্মৰণ কৰে। তেওঁক বাবা, শিৱবাবা বুলিয়ে কয়। ৰচয়িতাক বাবা বুলি ক'ব নহয় জানো। কেৱল বাবা নামটি লঘু সেয়েহে শিৱবাবা বুলি কয়। তেওঁ হয়েই নিৰাকাৰ। সোধা হয় - শিৱবাবাৰ লগত আপোনাৰ কি সম্বন্ধ আছে? কয় নহয় - শিৱবাবা জোলোঙা ভৰাই দিয়ক। বাবাৰ শিৱ নামটি একেবাৰে সঠিক। শংকৰৰ চিত্র বেলেগ। শিৱ আৰু শংকৰ দুয়োকে মিলাই শিৱ-শংকৰ বুলি কোৱা, এইটোতো ভীষণ ভুল। উচ্চতকৈ উচ্চ পিতাক পাহৰি গ'ল। চিত্ৰসমূহ বহুত ভাল। ব্ৰহ্মাৰ দ্বাৰা এতিয়া স্থাপনা হৈ আছে। জ্ঞানো এতিয়া পাবা। তোমালোক এতিয়া ব্ৰাহ্মণ হৈছা। ব্ৰাহ্মণ ক'ৰপৰা আহিল? তেওঁলোকক তুলি লওঁ। ব্ৰহ্মাকো তুলি লৈছোঁ। ব্ৰহ্মাৰ পৰা ব্ৰাহ্মণ জন্ম হল। তোমালোকে জানা এতিয়া আমি প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী হওঁ। প্ৰজাপিতা শব্দটি নিশ্চয় লিখিব লাগে। কেৱল ব্ৰহ্মা বুলি কৈ দিলে ব্ৰহ্মা নামতো বহুতৰে আছে। প্ৰজাপিতা ব্ৰহ্মা নামতো কাৰো নাই। এওঁতো মনুষ্য হয় নহয় জানো। ৰুদ্ৰ শিৱবাবাই এই জ্ঞান যজ্ঞ ৰচনা কৰিছে। নিশ্চয় ব্ৰাহ্মণ লাগে। তোমালোকে জানা ব্ৰাহ্মণ কেনেকৈ হয়! যজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা ৰচা হয়। তোমালোক ব্ৰাহ্মণ হোৱা পুনৰ তোমালোকেই দেৱতা হ'ব লাগে। আহিব আকৌ এইখন সৃষ্টিতেই লাগিব তেতিয়া এওঁলোক সকলো ক'লৈ যাব? এই ৰুদ্ৰ জ্ঞান যজ্ঞত সকলোবোৰ স্বাহা হৈ যায়। এই ৰুদ্ৰ জ্ঞান যজ্ঞত পুৰণি সৃষ্টিৰ আহুতি হৈ যায়। এই ৰুদ্ৰ জ্ঞান যজ্ঞৰ পৰাই বিনাশৰ জুই প্ৰজ্বলিত হৈছে। শংকৰৰ দ্বাৰা বিনাশ বুলি গায়ন কৰা হৈছে। লক্ষণসমূহো যথাযথ দেখিবলৈ পোৱা যায়। এয়া হুবহু সেয়াই সময়। গায়ন কৰা হৈছে ইউৰোপবাসী যাদৱ, কৌৰৱ আৰু পাণ্ডৱ। ভাৰতবাসীয়ে নিজৰ ধৰ্মকেই পাহৰি গৈছে। চিত্ৰও আছে কিন্তু কোনেও গম নাপায়। দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল কিন্তু তেওঁলোকক এই ৰাজ্য কোনে দিলে? দেৱী-দেৱতাসকলৰ ধৰ্ম প্ৰতিষ্ঠা কেনেকৈ হল? এয়া একেবাৰেই নাজানে। যিয়ে ধৰ্ম প্ৰতিষ্ঠা কৰে তেৱেঁই বুজায়। আন কোনেও বিশ্বৰ ইতিহাস-বুৰঞ্জী বুজাব নোৱাৰে। তিনিও লোকৰ জ্ঞান কোনেও দিব নোৱাৰে। সকলোৰে ভূমিকাক তোমালোকে বুজি গ'লা। এওঁলোক সকলোৱে পুনৰ নিজৰ সময়ত ভূমিকা পালন কৰিবলৈ আহিব। আগলৈ গৈ তোমালোকৰ মহিমাও বৃদ্ধি হৈ গৈ থাকিব। বৃদ্ধি সোনকালে হ'ব। গতিকে কিমান ডাঙৰ ঘৰ সাজিব লাগিব। নাটকত ভূমিকা আছে। বুজি পোৱা কিমান সন্তান আহিব। বৃদ্ধি হৈ গৈয়েই থাকে। আহিবও শিক্ষা ল'বৰ কাৰণে। বাকীতো এনেয়ে ফুৰিবলৈ বহুত আহে। ধৰি লোৱা কোনোবা শিক্ষা মন্ত্ৰী আদি আহে গতিকে তেওঁলোককো জ্ঞান বুজাব লাগে। আমাৰ হৈছে বিশ্বৰ ইতিহাস-ভূগোল। গোটেই কল্পৰ চক্ৰক কোনেও নাজানে। তোমালোক এতিয়া জ্ঞান সাগৰৰ দ্বাৰা মাষ্টৰ জ্ঞান সাগৰ হৈ আছা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বেহদৰ ইতিহাস-ভূগোল পঢ়িব আৰু পঢ়াব লাগে। সৰ্ব অলংকাৰ ধাৰণ কৰিবৰ কাৰণে পাৱন ফৰিস্তা হ'ব লাগে।

(2) বুদ্ধিমানৰ বুদ্ধি হৈছে একমাত্ৰ পিতা, তেওঁৰহে শ্ৰীমতত চলি বুদ্ধিমান হ'ব লাগে। এই ব্ৰাহ্মণ জীৱন অমূল্য হয় - এইটো নিচাত থাকিব লাগে।

বৰদান:
ৰং আৰু ৰূপৰ লগতে সম্পূৰ্ণ পৱিত্ৰতাৰ সুবাস ধাৰণ কৰোঁতা আকৰ্ষণমূৰ্ত হোৱা

ব্ৰাহ্মণ হোৱাৰ লগে লগে সকলোৰে মাজত ৰঙো আহি গ'ল আৰু ৰূপো পৰিৱৰ্তন হৈ গ'ল কিন্তু সুবাস ক্ৰমানুসৰি আছে। আকৰ্ষণমূৰ্ত হ'বৰ কাৰণে ৰং আৰু ৰূপৰ লগতে সম্পূৰ্ণ পৱিত্ৰতাৰ সুবাস থাকিব লাগে। পৱিত্ৰতা অৰ্থাৎ কেৱল ব্ৰহ্মচাৰী নহয় কিন্তু দেহৰ আকৰ্ষণৰ পৰাও উপৰাম। মন পিতাৰ বাহিৰে আৰু কোনো প্ৰকাৰৰ আকৰ্ষণত যাতে নাযায়। শৰীৰেৰেও ব্ৰহ্মচাৰী, সম্বন্ধতো ব্ৰহ্মচাৰী আৰু সংস্কাৰতো ব্ৰহ্মচাৰী - এনেকুৱা সুবাসধাৰী আত্মিক গোলাপহে আকৰ্ষণমূৰ্ত হয়।

স্লোগান:
যথাৰ্থ সত্যক চিনাক্ত কৰি লোৱা তেতিয়া অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰা সহজ হৈ যাব।