21-07-2020 প্ৰাতঃমুৰলী ওঁম্ শান্তি! "বাপদাদা" মধুবন।


"মৰমৰ সন্তানসকল – পিতাই তোমালোকক পঢ়াই আছে সুন্দৰ দেৱী-দেৱতা হিচাপে গঢ়িবলৈ, সৌন্দৰ্য্যৰ আধাৰ হৈছে পৱিত্ৰতা”

প্ৰশ্ন:

আত্মিক চাকিৰ (শিৱবাবাৰ) প্ৰতি যি চগা (আত্মা) উৎসৰ্গিত হয়, তাৰ লক্ষণ কি?

উত্তৰ:

উৎসৰ্গিত হোৱা চগা: 1) চাকি (শিৱবাবা) যি হয়, যেনেকুৱা হয়, তাক যথাৰ্থ ৰীতিৰে জানে আৰু স্মৰণ কৰে। 2) উৎসৰ্গিত হোৱা মানে হৈছে পিতাৰ সমান হোৱা। 3) উৎসৰ্গিত হোৱা মানে হৈছে পিতাতকৈও উচ্চ ৰাজ্য-ভাগ্যৰ অধিকাৰী হোৱা।

গীত:

মেহফিল মে জ্বল উঠি শমা….. (ৰঙ্গ সভাত জ্বলি উঠিল চাকি…..)

ওঁম্‌ শান্তি। অতি মৰমৰ সন্তানসকলে এই গীতটিৰ শাৰীটি শুনিলে। এয়া কোনে বুজায়? আত্মিক পিতাই। তেওঁ চাকি (প্ৰকাশ, জ্যোতি)ও হয়। নাম অনেক ৰখা হৈছে। পিতাৰ স্তুতিও বহুত কৰে। এয়াওতো পৰমপিতা পৰমাত্মাৰ স্তুতি হয় নহয় জানো। পিতা চাকি (প্ৰকাশ, জ্যোতি) হৈ আহিছে চগাবোৰৰ কাৰণে। চগাই যেতিয়া চাকি (প্ৰকাশ, জ্যোতি) দেখে তেতিয়া তাৰ প্ৰতি আসক্ত হৈ শৰীৰ ত্যাগ কৰে। অনেক চগা আছে যি চাকিৰ ওচৰত প্ৰাণ আহুতি দিয়ে। তাতো বিশেষকৈ যেতিয়া দীপমালা হয় (শাৰী শাৰীকৈ চাকি বা দীপ প্ৰকাশিত হয়), অনেক পোহৰৰ শিখা উজ্বলি উঠিলে তেতিয়া ঢেৰ সৰু সৰু জীৱ ৰাতি মৰি যায়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমাৰ পিতা হৈছে পৰম আত্মা। তেওঁক হুছেইন বুলিও কোৱা হয়, বহুত সুন্দৰ হয় কাৰণ তেওঁ চিৰপবিত্ৰ হয়। আত্মা পবিত্ৰ হৈ গ'লে সেই আত্মাই শৰীৰো পবিত্ৰ আৰু প্ৰাকৃতিকভাৱে সুন্দৰ লাভ কৰে। শান্তিধামত আত্মা পবিত্ৰ হৈ থাকে, পাচত যেতিয়া ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে তেতিয়া সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোলৈ আহে। আকৌ সুন্দৰৰ পৰা শ্যাম অৰ্থাৎ ক'লা অপৱিত্ৰ হৈ যায়। আত্মা যেতিয়া পবিত্ৰ হৈ থাকে তেতিয়া সোণালী যুগৰ বুলি কোৱা হয়। তেওঁলোকে তেতিয়া শৰীৰো সোণালী যুগৰ লাভ কৰে। সৃষ্টিও পুৰণি আৰু নতুন হৈ থাকে। সেই সুন্দৰ পৰমপিতা পৰমাত্মা, যাক ভক্তিমাৰ্গত আহ্বান কৰি থাকে - হে শিৱবাবা, সেই নিৰাকাৰ পৰমপিতা পৰমাত্মা আহিছে। আত্মাসকলক অপৱিত্ৰতাৰ পৰা পবিত্ৰ কৰি সুন্দৰ কৰি গঢ়ি তুলিবলৈ। এনেকুৱা নহয় যে আজিকালি যি বহুত ধুনীয়া ব্যক্তি থাকে, তেওঁলোকৰ আত্মা পবিত্ৰ হয়। নহয়। যদিও শৰীৰ ধুনীয়া হয় কিন্তু আত্মাতো পতিত (অপৱিত্ৰ) হয় নহয় জানো। বিলাতত কিমান ধুনীয়া হৈ লয়। জানানে, এই লক্ষ্মী-নাৰায়ণ হৈছে সত্যযুগী সৌন্দৰ্য্য আৰু ইয়াত হৈছে নৰকৰ সৌন্দৰ্য্য। মনুষ্যই এই কথাবোৰ নাজানে। সন্তানসকলকেই বুজোৱা হয় যে এইবোৰ হৈছে নৰকৰ সৌন্দৰ্য্য। আমি এতিয়া স্বৰ্গৰ বাবে প্ৰাকৃতিকভাৱে সুন্দৰ হৈ আছোঁ। 21 জন্মৰ বাবে এনেকুৱা সুন্দৰ হ'ম। ইয়াৰ সৌন্দৰ্য্যতো এটা জন্মৰ বাবে হয়। ইয়ালৈ বাবা আহিছে, গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰই নহয় সৃষ্টিখনকো সুন্দৰ কৰি গঢ়ি তোলে। সত্যযুগ নতুন সৃষ্টিত আছিলেই সুন্দৰ দেৱী-দেৱতাসকল। সেই (দেৱী-দেৱতা) হ'বৰ বাবে তোমালোকে এতিয়া পঢ়া। পিতাক চাকি বুলিও কোৱা হয় কিন্তু হয় পৰম আত্মা। যেনেকৈ তোমালোকক আত্মা বুলি কয় তেনেকৈ তেওঁক পৰমাত্মা বুলি কয়। তোমালোক সন্তানসকলে পিতাৰ মহিমাৰ গায়ন কৰা, পিতাই আকৌ সন্তানসকলৰ মহিমা কৰে, তোমালোকক এনেকুৱা কৰি গঢ়ি তোলোঁ যাতে মোতকৈও তোমালোকৰ পদ উচ্চ হয়। মই যি হওঁ, যেনেকুৱা হওঁ, যেনেকৈ মই ভূমিকা পালন কৰোঁ এয়া আৰু আন কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা যে কেনেকৈ আমি আত্মাসকলে ভূমিকা পালন কৰিবৰ বাবে পৰমধামৰ পৰা আহোঁ। আমি শূদ্ৰ কুলত আছিলোঁ এতিয়া আকৌ ব্ৰাহ্মণ কুললৈ আহিছোঁ। এইটোও (ব্ৰাহ্মণ বৰ্ণ) তোমালোকৰ বৰ্ণ হয় আৰু আন কোনো ধৰ্মাৱলম্বীৰ বাবে এইটো বৰ্ণ নহয়। তেওঁলোকৰ বৰ্ণ নাথাকে। তেওঁলোকৰতো এটাই বৰ্ণ, খ্ৰীষ্টিয়ান বুলিয়েই চলি আহিছে। হয়, তেওঁলোকো সতো-ৰজো-তমোত আহে। বাকী এই বৰ্ণ তোমালোকৰ বাবে। সৃষ্টিও সতো-ৰজো-তমোত আহে। এই সৃষ্টি চক্ৰ বেহদৰ (অসীমৰ) পিতাই বহি বুজাইছে। যি পিতা জ্ঞানৰ সাগৰ হয়, পবিত্ৰতাৰ সাগৰ হয়, তেওঁ নিজেই কয় যে মই পুনৰ্জন্ম নলওঁ। যদিও শিৱজয়ন্তী পালন কৰে কিন্তু মনুষ্যই এইটো নাজানে যে তেওঁ কেতিয়া আহে। তেওঁৰ জীৱন কাহিনীকো নাজানে। পিতাই কয় যে মই যি হওঁ, যেনেকুৱা হওঁ, মোৰ কি ভূমিকা আছে, সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে - এই কথাবোৰ মই তোমালোক সন্তানসকলক কল্পই কল্পই বুজাওঁ। তোমালোকে জানা যে আমি ছিৰি নামি নামি (অৱনমিত হৈ) তমোপ্ৰধান হৈছোঁ। 84 জন্মও তোমালোকে লোৱা। পাচলৈ যিসকল আহে তেওঁলোকো সতো-ৰজো-তমোত আহিবই লাগিব। তোমালোক তমোপ্ৰধান হোৱাৰ লগে লগে গোটেই সৃষ্টি তমোপ্ৰধান হৈ যায়। পুনৰ তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান নিশ্চয় হ'ব লাগিব। এই সৃষ্টি চক্ৰ ঘূৰি থাকে। এতিয়া হৈছে কলিযুগ, ইয়াৰ পাচত আকৌ সত্যযুগ আহিব। কলিযুগৰ আয়ুস সম্পূৰ্ণ হ'ল। পিতাই কয় যে মই সাধাৰণ শৰীৰত হুবহু কল্পৰ আগৰদৰে প্ৰৱেশ কৰিছোঁ পুনৰবাৰৰ বাবে তোমালোকক ৰাজযোগ শিকাবলৈ। যোগতো আজিকালি বহুত আছে। বেৰিষ্টাৰী যোগ, ইঞ্জিনিয়াৰিং যোগ........। বেৰিষ্টাৰী পঢ়িবৰ বাবে বেৰিষ্টাৰৰ লগত বুদ্ধিৰ যোগসূত্ৰ স্থাপন কৰিবলগীয়া হয়। আমি বেৰিষ্টাৰ হ'বলৈ গৈ আছোঁ গতিকে বেৰিষ্টাৰী পঢ়োৱাসকলক স্মৰণ কৰোঁ। তেওঁলোকৰতো নিজৰ পিতা বেলেগ হয়, গুৰুও যদি হয় তেওঁকো স্মৰণ কৰিব। তেতিয়াও বেৰিষ্টাৰৰ লগত বুদ্ধিৰ সংযোগ থাকে। আত্মাইহে পঢ়ে। আত্মাহে শৰীৰৰ দ্বাৰা জ’জ বেৰিষ্টাৰ আদি হয়।

এতিয়া তোমালোক সন্তানসকলে আত্মা-অভিমানী হোৱাৰ সংস্কাৰ নিজৰ মাজত ধাৰণ কৰি লোৱা। আধাকল্প দেহ-অভিমানী হৈ আছিলা। এতিয়া পিতাই কয় দেহী-অভিমানী হোৱা। আত্মাতেই পঢ়াৰ সংস্কাৰ আছে। মনুষ্য আত্মাহে জ’জ (বিচাৰপতি) হয়, এতিয়া আমি বিশ্বৰ মালিক দেৱতা হৈ আছোঁ, পঢ়াওঁতা হৈছে শিৱবাবা, পৰম আত্মা। তেৱেঁই জ্ঞানৰ সাগৰ, শান্তি, সম্পত্তিৰ সাগৰ হয়। এয়াও দেখুওৱা হয় সাগৰৰ পৰা ৰত্নৰ থাল ওলায়। এইবোৰ হৈছে ভক্তি মাৰ্গৰ কথা। পিতাই ৰেফাৰ (প্ৰসংগ উল্লেখ) কৰিবলগীয়া হয়। পিতাই বুজায় এয়া হৈছে অবিনাশী জ্ঞান ৰত্ন। এই জ্ঞান ৰত্নেৰে তোমালোক বহুত চহকী হোৱা আৰু পুনৰ হীৰা মণি-মুকুতাও তোমালোকে বহুত পোৱা। এই এটি এটি ৰত্ন লাখ টকা মূল্যৰ হয় যিয়ে তোমালোকক ইমান চহকী কৰি তোলে। তোমালোকে জানা যে ভাৰতেই পবিত্ৰ (বিকাৰৰহিত) সৃষ্টি আছিল। তাত পবিত্ৰ দেৱতাসকল আছিল। এতিয়া শ্যামবৰণীয়া অপৱিত্ৰ হৈ গ’ল। আত্মাসকলৰ আৰু পৰমাত্মাৰ মেলা (সভা) হয়। আত্মাই শৰীৰত থাকিলেহে শুনিব পাৰে। পৰমাত্মাও শৰীৰত আহে। আত্মাসকলৰ আৰু পৰমাত্মাৰ ঘৰ হৈছে শান্তিধাম। তাত কোনো ধৰণৰ কথপোকথন নহয়। ইয়াত পৰমাত্মা পিতা আহি সন্তানসকলৰ সৈতে মিলিত হয়। শৰীৰ সহিত মিলিত হয়। তাততো ঘৰ আছে, তাত বিশ্ৰাম কৰে। এতিয়া তোমালোক সন্তানসকল পুৰুষোত্তম সংগমযুগত আছা। বাকী জগতৰসকল কলিযুগত আছে। পিতাই বহি বুজায় যে ভক্তি মাৰ্গত খৰচ বহুত কৰে, চিত্ৰও বহুত তৈয়াৰ কৰে। বৃহৎ বৃহৎ মন্দিৰ নিৰ্মাণ কৰে। নহ’লেতো কৃষ্ণৰ চিত্ৰ ঘৰতো ৰাখিব পাৰে। বহুত সস্তীয়া চিত্ৰ থাকে পুনৰ ইমান দূৰ-দূৰণিলৈ মন্দিৰলৈ কিয় যাব লাগে। এয়া হৈছে ভক্তি মাৰ্গ। সত্যযুগত এই মন্দিৰ আদি নাথাকে। তাত হয়েই পূজ্য। কলিযুগত হৈছে পূজাৰী। তোমালোক এতিয়া সংগমযুগত পূজ্য দেৱতা হৈ আছা। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা। এই সময়ত তোমালোকৰ এই অন্তিম পুৰুষাৰ্থী শৰীৰ অতি মূল্যৱান। ইয়াৰ দ্বাৰা তোমালোকে বহুত উপাৰ্জন কৰা। বেহদৰ পিতাৰ লগত তোমালোকে খোৱা-বোৱা কৰা। আহ্বানো তেওঁকেই কৰা। এনেকুৱা নহয় যে কৃষ্ণৰ পৰা খাওঁ। পিতাক স্মৰণ কৰে - তুমি মাতা-পিতা… বালকেতো পিতাৰ লগত খেলা-ধূলা কৰি থাকে। কৃষ্ণৰ আমি সকলো বালক হওঁ, এনেকৈ কোৱা নক’ব। সকলো আত্মাই পৰমপিতা পৰমাত্মাৰ সন্তান হয়। আত্মাই শৰীৰৰ দ্বাৰা কয় - আপুনি আহিলে তেতিয়া আমি আপোনাৰ লগত খেলিম, খোৱা-বোৱা আদি সকলো কৰিম। তোমালোকে কোৱাই বাপদাদা। সেয়েহে যেন এখন ঘৰৰ হৈ গ’ল। বাপদাদা আৰু সন্তানসকল। এই ব্ৰহ্মা হৈছে বেহদৰ সৃষ্টিকৰ্তা। পিতাই এওঁৰ (ব্ৰহ্মাবাবাৰ) শৰীৰত প্ৰৱেশ কৰি এওঁক এড’প্ট কৰে (তুলি লয়)। এওঁক কয় তুমি মোৰ হোৱা। এয়া হৈছে মুখ বংশাৱলী। যেনেদৰে স্ত্ৰীকো তুলি লয় নহয় জানো। সেয়াও মুখ বংশাৱলী হ’ল। কয় - তুমি মোৰ হোৱা। পুনৰ তেওঁৰ পৰা কোষ বংশাৱলী সন্তানৰ জন্ম হয়। এই নিয়ম ক’ৰ পৰা চলি আহিছে? পিতাই কয় - মই এওঁক (ব্ৰহ্মাবাবাক) এড’প্ট কৰিলোঁ নহয় জানো। এওঁৰ দ্বাৰা তোমালোকক এড’প্ট কৰোঁ। তোমালোক মোৰ সন্তান হোৱা। কিন্তু এওঁ হৈছে পুৰুষ। তোমালোক সকলোৰে তত্ত্বাৱধান ল’বলৈ পুনৰ সৰস্বতীকো এড’প্ট কৰিলোঁ। তেওঁৰ মাতাৰ উপাধি প্ৰাপ্ত হ’ল। সৰস্বতী নদী। এই নদী মাতৃ হ’ল নহয় জানো। পিতা হৈছে সাগৰ। এৱোঁ সাগৰৰ পৰাই ওলাইছে। ব্ৰহ্মপুত্ৰ নদী আৰু সাগৰৰ বহুত বৃহৎ মেলা হয়। এনে মেলা অন্য ক’তো নহয়। সেয়া হৈছে নদীবোৰৰ মেলা। এয়া হৈছে আত্মাসকল আৰু পৰমাত্মাৰ মেলা। সেই মেলাও (সভাও) তেতিয়াহে হয় যেতিয়া শৰীৰত আহে। পিতাই কয় - মই হুচেইন হওঁ। মই এওঁৰ (ব্ৰহ্মাবাবাৰ) শৰীৰত কল্পই-কল্পই প্ৰৱেশ কৰোঁ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোকৰ বুদ্ধিত গোটেই সৃষ্টিৰ চক্ৰ আছে, ইয়াৰ আয়ুস 5 হাজাৰ বছৰ। এই বেহদৰ চিনেমাৰ পৰা আকৌ হদৰ চিনেমা তৈয়াৰ কৰে। যি অতীত হৈ গ’ল সেয়া আকৌ বৰ্তমান হ’ব। বৰ্তমান পুনৰ ভৱিষ্যত হ’ব। যাক পুনৰ অতীত বুলি কোৱা হ’ব। অতীত হ’বলৈ কিমান সময় লাগি গ’ল। নতুন সৃষ্টিত অহাৰ কিমান সময় পাৰ হ’ল? 5 হাজাৰ বছৰ। এতিয়া তোমালোক প্ৰত্যেকেই স্বদৰ্শন চক্ৰধাৰী হোৱা। তোমালোকে বুজি পোৱা যে আমি প্ৰথমে ব্ৰাহ্মণ আছিলোঁ পাচত দেৱতা হলোঁ। তোমালোক সন্তানসকলে এতিয়া পিতাৰ দ্বাৰা শান্তিধাম সুখধামৰ উত্তৰাধিকাৰ পোৱা। পিতা আহি তিনিটা ধৰ্ম একেলগে স্থাপনা কৰে। বাকী সকলোৰে বিনাশ কৰাই দিয়ে। উভতাই লৈ যাওঁতা পিতা সৎগুৰু তোমালোকে পাইছা। আহ্বানো কৰা আমাক সৎগতিলৈ লৈ যোৱা। শৰীৰক নাশ কৰাই দিয়া। এনেকুৱা যুক্তি (উপায়) শুনোৱা যে আমি শৰীৰ ত্যাগ কৰি শান্তিধামলৈ গুচি যাওঁ। গুৰুৰ ওচৰলৈও মনুষ্যই এইকাৰণে যায়। কিন্তু সেই গুৰুৱেতো শৰীৰৰ পৰা মুক্ত কৰি লগত লৈ যাব নোৱাৰে। পতিত-পাৱন হয়েই এজন পিতা। সেয়েহে তেওঁ যেতিয়া আহে তেতিয়া নিশ্চয় পবিত্ৰ হ’ব লাগিব। পিতাকেই কোৱা হয় কালৰো কাল, মহাকাল। সকলোকে শৰীৰৰ পৰা মুক্ত কৰি লগত লৈ যায়। এওঁ হৈছে চুপ্ৰীম গাইড। সকলো আত্মাকে উভতাই লৈ যায়। এইটো ছিঃ ছিঃ শৰীৰ হয়, ইয়াৰ বন্ধনৰ পৰা মুক্ত হ’ব বিচাৰে। কেতিয়া শৰীৰ এৰিব আৰু কেতিয়া বন্ধনমুক্ত হ’ব। এতিয়া তোমালোকক এই সকলো আসুৰিক বন্ধনৰ পৰা মুক্ত কৰি সুখৰ দৈৱী সম্বন্ধলৈ লৈ যায়। তোমালোকে জানা যে আমি শান্তিধাম হৈ সুখধামলৈ আহিম। পুনৰ দুখধামলৈ কেনেকৈ আহা এয়াও তোমালোকে জানা। বাবা আহেই শ্যামবৰণীয়াৰ পৰা সুন্দৰ কৰি গঢ়ি তুলিবলৈ। পিতাই কয় - মই তোমালোকৰ অবিডিয়েণ্ট (আজ্ঞাকাৰী) সঁচা পিতাও হওঁ। পিতা সদায় অবিডিয়েণ্ট হয়। সেৱা বহুত কৰে। খৰচ কৰি পঢ়ুৱাই পুনৰ ধন সম্পত্তি সকলো সন্তানসকলক দি নিজে সাধুসকলৰ সংগত থাকিবলৈ লয়। নিজতকৈও সন্তানসকলক উচ্চ কৰি তোলে। এই পিতায়ো কয়, মই তোমালোকক ডবল মালিক কৰি তোলোঁ। তোমালোক বিশ্বৰো মালিক আৰু এই ব্ৰহ্মাণ্ডৰো মালিক হোৱা। তোমালোকৰ পূজাও ডবল (দুবাৰ) হয়। আত্মাৰো পূজা হয়। দেৱতা বৰ্ণতো পুজা হয়। মোৰতো একমাত্ৰ শিৱলিংগৰ ৰূপৰ পূজা হয়। মই ৰজাতো নহওঁ। তোমালোকৰ কিমান সেৱা কৰোঁ। এনেকুৱা পিতাক আকৌ তোমালোকে কিয় পাহৰি যোৱা। হে আত্মাসকল - নিজকে আত্মা বুলি বুজি মোক স্মৰণ কৰিলে তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। তোমালোক কাৰ ওচৰলৈ আহিছা? প্ৰথমে পিতা তাৰপাচত দাদা। এতিয়া ফাদাৰ (পিতা) তাৰপাচত গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাডাৰ (প্ৰপিতামহ) আদি দেৱ আদম, কিয়নো বহুত প্ৰজন্মৰ সৃষ্টি হয় নহয় জানো। শিৱবাবাক গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ বুলি ক’ব জানো? প্ৰতিটো কথাতেই তোমালোকক বহুত উচ্চ কৰি গঢ়ি তোলে। এনেকুৱা বাবাক পোৱা আকৌ তোমালোকে তেওঁক কিয় পাহৰি যোৱা? পাহৰিলে পবিত্ৰ কেনেকৈ হ’বা। পিতাই পবিত্ৰ হোৱাৰ উপায় শুনায়। এই স্মৃতিৰ দ্বাৰাহে লেপ (বিকাৰৰ লেপ) আতঁৰিব। পিতায় কয় - অতি মৰমৰ কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকল, দেহ-অভিমান ত্যাগ কৰি আত্মা-অভিমানী হ’ব লাগে, পবিত্ৰও হ’ব লাগে। কাম মহাশত্ৰু। এই এটা জন্ম মোৰ কাৰণে পবিত্ৰ হোৱা। লৌকিক পিতায়ো কয় নহয় - কোনো বেয়া কাম নকৰিবা। মোৰ মান-সন্মান বজাই ৰাখিবা। পাৰলৌকিক পিতায়ো কয় - মই পবিত্ৰ কৰি তুলিবলৈ আহিছোঁ, এতিয়া মুখ ক’লা নকৰিবা (বিকাৰত নাযাবা)। নহ’লে সন্মান হানি হ’ব। সকলো ব্ৰাহ্মণৰ আৰু পিতাৰো সন্মান হানি কৰি দিবা। লিখে – বাবা, মই অধঃপতিত হৈ গলোঁ। মুখ ক’লা কৰি পেলালোঁ। বাবাই কয় - মই তোমালোকক সুন্দৰ কৰি গঢ়ি তুলিবলৈ আহিছোঁ, তোমালোকে আকৌ মুখ ক’লা কৰি লোৱা। তোমালোকেতো সদাকালৰ বাবে সুন্দৰ হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

*ধাৰণাৰ বাবে মুখ্য সাৰ:-**

(1) এই অন্তিম পুৰুষাৰ্থী শৰীৰ বহুত মূল্যৱান। ইয়াৰ দ্বাৰা বহুত উপাৰ্জন কৰিব লাগে। বেহদৰ পিতাৰ সৈতে খোৱা, বোৱা কৰি...... সৰ্বসম্বন্ধৰ অনুভূতি কৰিব লাগে।

(2) এনে কোনো কাম কৰিব নালাগে যাৰ দ্বাৰা ব্ৰাহ্মণ পৰিয়ালৰ বা পিতাৰ সন্মান হানি হয়। আত্মা-অভিমানী হৈ সম্পূৰ্ণ পবিত্ৰ হ’ব লাগে। স্মৃতিৰ দ্বাৰা পুৰণি লেপ আঁতৰাব লাগে।

বৰদান:

কলিযুগী সৃষ্টিৰ দুখ অশান্তিৰ দৃশ্য দেখিও সদায় সাক্ষী আৰু বেহদৰ বৈৰাগী হোৱা

এই কলিযুগী সৃষ্টিত যিয়েই নহওক কিয় কিন্তু তোমালোকৰ সদায় আৰোহণ কলা হয়। জগতখনৰ কাৰণে হাহাকাৰ হয় আৰু তোমালোকৰ কাৰণে জয়জয়কাৰ হয়। তোমালোক কোনো পৰিস্থিতিতে ভয়ভীত নোহোৱা কিয়নো তোমালোকে পূৰ্বৰে পৰাই সাজু হৈ আঁছাহক। সাক্ষী হৈ সকলো প্ৰকাৰৰ খেল (কাৰ্য্য) প্ৰত্যক্ষ কৰি আছা। কোনোবাই কান্দে, চিঞৰ-বাখৰ কৰে, সাক্ষী হৈ প্ৰত্যক্ষ কৰিলে মজা পোৱা যায়। যিসকলে কলিযুগী সৃষ্টিৰ দুখ অশান্তিৰ দৃশ্য সাক্ষী হৈ প্ৰত্যক্ষ কৰে তেওঁলোক সহজেই বেহদৰ বৈৰাগী হৈ যায়।

শ্লোগান:

যেনেকুৱাই ধৰণী প্ৰস্তুত কৰিবলৈ বিচৰা তাৰবাবে বাণীৰ লগতে বৃত্তিৰে সেৱা কৰা।

!! ওঁম্ শান্তি !!